টেঙামৰা

এবিধ গুল্মজাতীয় উদ্ভিদ

টেঙামৰা বা মেচকা টেঙা (ইংৰাজী: Roselle) (বৈজ্ঞানিক নাম: Hibiscus sabdariffa) হৈছে পশ্চিম আফ্ৰিকান মূলৰ[1] এবিধ গুল্মজাতীয় উদ্ভিদ। টেঙামৰাৰ গছ প্ৰায় ২-২.৫ চেমি পৰ্যন্ত ওখ হয়। ইয়াৰ পাতসমূহ তিনিটা মূৰযুক্ত আৰু ই ৮-১৫ চেমি দীঘল হয়।

টেঙামৰা
ফলৰে সৈতে টেঙামৰা গছ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Malvales
পৰিয়াল: Malvaceae
গণ: হিবিচকাছ
প্ৰজাতি: H. sabdariffa
বৈজ্ঞানিক নাম
Hibiscus sabdariffa
L.

টেঙামৰাৰ ফুলবোৰৰ ৰঙ বগা নাইবা পাতল হালধীয়া আৰু প্ৰতিটো পাহিৰ গুৰি অংশত গাঢ় ৰঙা ৰঙৰ ফুট থাকে। ইয়াৰ ব্যাসাৰ্ধ ৮-১০ চেমি। ফুলপাহৰ গুৰিত থকা উজ্জ্বল ৰঙা ৰঙৰ ফলবোৰ বহলে ১-২ চেমি আৰু ই পূৰঠ হ’লে মঙহাল হৈ ৩-৩.৫ চেমি হয়গৈ।

টেঙামৰা ফল, পশ্চিমবঙ্গ, ভাৰত
টেঙামৰা গছৰ পাত

ইয়াৰ ফল আৰু পাতবোৰ সামান্য টেঙা সোৱাদযুক্ত হয়।

ব্যৱহাৰ সম্পাদনা কৰক

অসমকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্য আৰু অন্যান্য দেশসমূহত টেঙামৰাৰ পাত আৰু পূৰঠ ফল খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। বাৰ্মাৰ ৰন্ধন প্ৰকৰণত টেঙামৰাৰ বহুল ব্যৱহাৰ হয়।[2] টেঙামৰাৰ শুকুৱাই ৰখা ফলৰ পৰা ঔষধি পানীয় প্ৰস্তুত কৰা হয়। ই হিবিচকাছ চাহ ৰূপে জনাজাত।[3] এই পানীয়ই উচ্চ ৰক্তচাপ কমোৱাত সহায় কৰে বুলি প্ৰমাণ পোৱা গৈছে।[4] টেঙামৰা ফলৰ পৰা জাম, জেলী আৰু খাদ্যত ব্যৱহাৰ কৰা ৰঙ প্ৰস্তুত কৰা হয়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Roselle" Encyclopædia Britannica
  2. Hansen, Barbara (1993-10-07). "Uncommon Herbs : In a Burmese Garden". Los Angeles Times. http://articles.latimes.com/1993-10-07/food/fo-42908_1_chin-baung. 
  3. Swanson, Heidi (6 June 2005). "The Jamaica Flower Iced Tea Recipe". 101 Cookbooks. http://www.101cookbooks.com/archives/000172.html। আহৰণ কৰা হৈছে: 11 December 2015. 
  4. "Hibiscus Tea Lowers Blood Pressure". http://www.youtube.com/watch?v=Wts2HHW1AdM। আহৰণ কৰা হৈছে: 11 December 2015.