একাধিক মুছলমান ঐতিহাসিকৰ উপৰিও বিদেশী পৰ্যটক বৰ্ণিয়াৰ চাহাবে অসমীয়া মানুহে খাৰ খোৱাৰ কথা উল্লেখ কৰাটোেৱে অসমত খাৰৰ প্ৰাচীনতাৰ কথা সূচায়। খাৰ দুবিধ - কলাখাৰ আৰু উখৰা (উত্তৰ কামৰূপ, বৰপেটা আদি জিলাত ডখলা আৰু মধ্য অসমত সৎখাৰৰূপে জনাজাত) খাৰ।

প্ৰস্তুত প্ৰণালীসম্পাদনা কৰক

আঘোণ-কাতিমাহত পানী মেটেকা অথবা দলনিত গজা শাক ৰ'দত শুকুৱাই জুইত পুৰি তাৰ ছাই কলাখাৰৰ দৰে সৰাই সেই জুলীয়া খাৰ পানী মাটি চৰুত পাই পগাই ঘন হলে মাটিৰ কলহত ভৰাই থ'ব লাগে। কেইদিনমানৰ পাছত সি গোট মাৰে বাবে সোই খাৰক ডখৰা খাৰ কোৱা হয়। আগৰ দিনত নিমখৰ নাটনিত বহুতে এই খাৰ ব্যৱহাৰ কৰিছিল।

গুণাগুণসম্পাদনা কৰক

অভোকত এই খাৰ পানীত গুলি খালে ভোক লাগে আৰু গৰুৰ পেট ফুলিলে এই খাৰ পানীৰে মিহলাই খুৱালে গৰুৰো পেট জামৰে। [1]

লগতে চাওকসম্পাদনা কৰক

তথ্যসূত্ৰসম্পাদনা কৰক

  1. অসমৰ সংস্কৃিত কোষ, সম্পাদক- ড॰ নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী, অসমীয়া বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, জ্যোতি প্ৰকাশন, ২০১৪, পৃষ্ঠা-২৭৫