ডাউক (ইংৰাজী: "White-breasted waterhen" আৰু বৈজ্ঞানিক নাম: "Amaurornis Phoenicurus") চৰাই, দক্ষিণ তথা দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ জলচৰ পক্ষী।

ডাউক (White-breasted Waterhen)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Gruiformes
পৰিয়াল: Rallidae
গণ: Amaurornis
প্ৰজাতি: A. phoenicurus
বৈজ্ঞানিক নাম
Amaurornis phoenicurus
Pennant, 1769
ডাউক চৰাইৰ গোলকীয় বিতৰণ
সমাৰ্থক

Erythra phoenicura

দৈহিক গঠন সম্পাদনা কৰক

পূৰ্ণবয়স্ক ডাউক চৰাইৰ দেহৰ তলৰ অংশ গাঢ় ছাই বৰণৰ আৰু মুখ, ডিঙি তথা বুকু অংশ বগা বৰণৰ হয়। পেট আৰু নেজৰ তলৰ অংশ মটীয়া ৰঙৰ হোৱা দেখা যায়। ডাউক চৰাইৰ ঠেঙৰ আঙুলি দীঘল, নেজ চুটি আৰু ঠোট তথা ঠেং হালধীয়া ৰঙৰ। মতা-মাইকী উভয়ৰ আকৃতিগত পাৰ্থক্য নাই যদিও মাইকী চৰাইৰ আকাৰ কিছু সৰু হয়। অপৈণত চৰাইৰ গাৰ বৰণ পূৰ্ণবয়স্ক চৰাইতকৈ ধূসৰ হয়। পোৱালিৰ গাৰ বৰণ প্ৰথমে ক’লা হয়।

বসতি স্থান সম্পাদনা কৰক

ভাৰত, পাকিস্তান, শ্ৰীলংকাৰ পৰা চীন, ইণ্ডোনেছিয়া লৈকে সমগ্ৰ দক্ষিণ এছিয়া ডাউক চৰাইৰ আৱাসস্থলী। সাধাৰণতে সমতল ভূমিত পোৱা যায় যদিও ওখ পৰ্বতীয়া অঞ্চল যেনে নাইনিতাল (১৩০০ মি) আৰু কেৰালাৰ পৰ্বতভূমি ( ১৫০০ মি)তো এই চৰাই বিধ দেখা যায়।[1][2] এই চৰাইবিধে চমু দূৰত্ব অতিক্ৰম কৰি নতুন আৱাসস্থলী অধিকাৰ কৰি লয়। সচৰাচৰ জলাশয় বা মিঠা অথবা লুণীয়া পানীৰ উৎসৰ আশে-পাশে ডাউক চৰাই পোৱা যায়।

আচৰণ সম্পাদনা কৰক

ডাউক চৰাই সাধাৰণতে অকলশৰে নাইবাযোৰ পাতি বাস কৰে। জলাশয়ৰ পাৰৰ বোকাত বা অগভীৰ পানীত খাদ্যৰ সন্ধান কৰে। খোজকঢ়াৰ সময়ত নেজডাল পিছফালে থিয় হৈ থাকে। ডাউক চৰায়ে প্ৰধানত: পোক-পৰুৱা, সৰু মাছ, বিভিন্ন জলচৰ অমেৰুদণ্ডী প্ৰাণী, উদ্ভিদৰ গুটি আদি খাই জীয়াই থাকে।[3]

সাধাৰণতে জুন মাহৰ পৰা অক্টোবৰৰ ভিতৰত বাহ সাজি পোৱালি দিয়ে। অৱশ্যে ঠাই বিশেষে বাহ সজাৰ আৰু পোৱালি জগোৱাৰ সময়ো ভিন্ন হয়। বাহ জলাহ অঞ্চলৰ উদ্ভিদেৰে শুকান ঠাইত সাজে। এবাৰত ৬-৭ টাকৈ কণী পাৰে। প্ৰায় ১৯ দিনৰ ভিতৰত কণীৰ পৰা পোৱালি জগে।[4] মতা-মাইকী উভয়ে ওমনি দিয়ে আৰু পোৱালিৰ যত্ন লয়।

স্থিতি তথা সংৰক্ষণ সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Robertson,Andrew (1990). "Some altitudinal records of birds from the High Range, Kerala". J. Bombay Nat. Hist. Soc. খণ্ড 87 (3): 456. 
  2. Smetacek, Victor (1974). "On the increasing occurrence of typically plains-birds in the Kumaon hills". J. Bombay Nat. Hist. Soc. খণ্ড 71 (2): 299–302. 
  3. Relton,A; Moses,A Alagappa; Wesley,H Daniel (1991). "Addition to the dietary of Whitebreasted Waterhen Amaurornis phoenicurus (Pennant)". J. Bombay Nat. Hist. Soc. খণ্ড 88 (2): 282. 
  4. Dhindsa,Manjit S; Sandhu,PS; Toor,HS (1983). "Some observations on the breeding of the Chinese Whitebreasted Waterhen Amaurornis phoenicurus chinensis (Boddaert)". J. Bombay Nat. Hist. Soc. খণ্ড 80 (1): 213–214. 

বহিঃসংযোগ সম্পাদনা কৰক