মূল মেনু খোলক

ডাক টিকট হৈছে এবিধ বিশেষ প্ৰকাৰৰ মুদ্ৰীত কাগজৰ টুকুৰা যাক ডাক সেৱাৰ মাছুল পৰিষোধ কৰাৰ প্ৰমাণ হিছাপে ব্যৱহাৰ কৰা হয়। নানা বৰণৰ এই ডাকটিকেট সমূহত দেশৰ ইতিহাস ঐতিহ্য, সংস্কৃতি, বৰেন্য ব্যক্তিত্ব, ইত্যাদি বিষয় ফুটি উঠে। প্ৰায় প্ৰতিখন দেশৰ ডাক ব্যৱস্থাত ডাকটিকেটৰ ব্যৱহাৰ কৰা হয়। প্ৰতি বছৰ প্ৰচুৰ পৰিমান ডাকটিকেট প্ৰকাশ পায়। বিশেষ বিশেষ দিনক স্মৰণ কৰি ৰখাৰ বাবে ডাক বিভাগসমূহে ডাকটিকিট প্ৰকাশ কৰে থাকে। ডাকটিকেট সমূহ সাধাৰনত চাৰিকোনীয়া বা বৰ্গাকৃতিৰ হয়। কেতিয়াবা ত্ৰিকোনাকাৰ,গোলাকাৰ, তৰা আকৃতিৰ আদি বিভিন্ন আকৃতিৰ ডাকটিকেট পোৱা যায়। ডাকটিকেট সমূহ সাধাৰনত কাগজৰ দ্বাৰা তৈয়াৰ কৰা হয়। কিন্তু কাঠৰ ফাইবাৰ, চিণ্ঠেটিক কাপোৰ ইত্যাদিৰ ডাকটিকেটো পোৱা যায়।

ডাকটিকেটৰ প্ৰধান অংশ:
১. ছবি
২. টিকেটৰ ছিদ্ৰ
৩. নাম
৪. দেশৰ নাম

সূচী

ইতিহাসসম্পাদনা কৰক

 
পেনী ব্লেক - বিশ্বৰ সৰ্বপ্ৰথম ডাক টিকট

বিশ্বৰ প্ৰথমটো ডাক টিকট "পেনী ব্লেক"ৰ প্ৰচলন ১৮৪০ চনত বৃটেইনত আৰম্ভ হয় । ব্ৰাজিল হৈছে ডাকটিকট প্ৰকাশ কৰা বিশ্বৰ দ্বিতীয়খন দেশ (১৮৪৩) । সেই একে বছৰতে জুৰিক আৰু জেনেভাৰ কেন্টনে নিজা ডাকটিকট উলিয়ায় আৰু তাৰ পাছত ১৮৪৫ চনত উলিয়ায় বেচেলৰ কেন্টনে । মাৰ্কিন যুক্তৰাষ্ট্ৰ, ত্ৰিনিডাড আৰু মৰিছাছে ১৮৪৭ চনত তেওলোকৰ নিজা ডাকটিকট প্ৰকাশ কৰে । ফ্ৰান্স, বেভেৰিয়া আৰু বেলজিয়ামে ১৮৪৯ চনত তেওঁলোকৰ নিজৰ নিজৰ ডাকটিকট উলিয়ায় । ১৮৫০ চনৰ পৰা অসংখ্য দেশে নিজৰ নিজৰ ডাকটিকট প্ৰকাশ কৰাৰ সন্মানৰ অধিকাৰী হোৱা দেশসমূহৰ তালিকাভুক্ত হ'বলৈ ধৰিলে ।[1]

ডাকটিকেটৰ শ্ৰেণীবিভাজনসম্পাদনা কৰক

  • সাধাৰন ডাকটিকেট
  • স্মাৰক ডাকটিকেট
  • চৰকাৰী ডাকটিকেট

ভাৰতত প্ৰথম ডাক টিকটৰ প্ৰচলনসম্পাদনা কৰক



লগতে চাওকসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. ডাক টিকটৰ সাধু, লেখক- এছ. পি. চেটাৰ্জী, অনুবাদ- নচিউৰ ৰহমান, পৃষ্ঠা নং ১৬,১৭, প্ৰকাশক- নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া