তামুলপুৰ মহকুমা

অসমৰ মহকুমা
(তামুলপুৰৰ পৰা পুনঃনিৰ্দেশিত)


তামুলপুৰ অসমৰ বাক্সা জিলাৰ এটা মহকুমা। চৈধ্যটা জাতি-জনগোষ্ঠীৰে পৰিপূৰ্ণ তামুলপুৰ মহকুমাটি ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত। বাক্সা জিলাৰ সদৰ মুছলপুৰৰ পৰা তামুলপুৰৰ দূৰত্ব ৭৩ কিলোমিটাৰ।[1]

তামুলপুৰ
—  মহকুমা  —
তামুলপুৰ is located in Assam
তামুলপুৰ
ভাৰতঅসমত তামুলপুৰৰ অৱস্থান
ভৌগোলিক স্থানাংক: 26°24′N 91°20′E / 26.40°N 91.34°E / 26.40; 91.34স্থানাংক: 26°24′N 91°20′E / 26.40°N 91.34°E / 26.40; 91.34
Country  ভাৰত
ৰাজ্য অসম
জিলা বাক্সা
সময় অঞ্চল IST (গ্ৰী.মা.স.+৫:৩০)
পিন ৭৮১৩৬৭
দূৰভাষ ক'ড ০৩৬২৪ XXXXXX
যানবাহনৰ নম্বৰ AS-28
ৱেবছাইট baksa.gov.in

ইতিহাস সম্পাদনা কৰক

২০০৩ চনৰ ফেব্ৰুৱাৰীত স্বাক্ষৰিত বি টি চি চুক্তিমতে অসমত চাৰিখন জিলা- কোকৰাঝাৰ, বাক্সা, চিৰাং আৰু ওদালগুৰিৰে বড়োলেণ্ড স্বায়ত্ত্ব শাসিত অঞ্চল স্থাপিত হয়। বৰপেটা, নলবাৰী, কামৰূপ আৰু দৰং জিলাৰ অংশৰে বাক্সা জিলাৰ সৃষ্টি কৰা হয়।[2] আৰু তামুলপুৰক সদৰ হিচাপে লৈ তামুলপুৰ আৰু গোৰেশ্বৰ ৰাজহ চক্ৰ সামৰি তামুলপুৰ মহকুমা গঠন কৰা হয়।[3]

নাম উৎপত্তি সম্পাদনা কৰক

তামুলপুৰ নামৰ উৎপত্তি সন্দৰ্ভত এডৱাৰ্ড গেইটৰ বৰ্ণনাত ১৮৬৪-৬৬ চনত ইংৰাজ আৰু ভূটীয়া সকলৰ মাজত হোৱা ৰণৰ বৰ্ণনা আছে। গেইটৰ মতে সেই সময়ত দেৱানগিৰি অঞ্চলত ভয়ংকৰ অভিযান চলিছিল আৰু গুৱাহাটীৰ পৰা কৰ্ণেল কেম্বল ছাহাবে ছটা কোম্পানী লৈ আগুৱাই আহি নামনিৰ সমতল ভূমিত তম্বু তৰি ছাউনী পাতিছিল। কিন্তু ভূটীয়াসকলে নিশাৰ শিবিৰ আক্ৰমণ কৰি ইংৰাজৰ তম্বুবোৰ পুৰি পেলাইছিল। তম্বু পুৰি দিয়া বাবে ঠাইখিনি তম্বুপোৰা-তাম্বোলপুৰ-তামুলপুৰ হোৱা বুলি মত পোষণ কৰা হয়।[3]

ভৌগোলিক অৱস্থিতি সম্পাদনা কৰক

তামুলপুৰ হিমালয়ৰ পাদদেশত অৱস্থিত ভাৰত-ভূটান সীমান্তৱৰ্তী এক অঞ্চল। ভূটানৰ পৰা বৈ অহা মটঙা আদি নদী তামুলপুৰ মাজমজিয়াৰে বৈ গৈ নামনিত নোনা নাম লৈ বৰলীয়া নদীত মিলিত হৈ ব্ৰহ্মপুত্ৰত বিলীন হৈছে।[3]

জন গাঁথনি সম্পাদনা কৰক

তামুলপুৰ মহকুমাটো অসমীয়া, বড়ো, ৰাভা, আদিবাসী , বঙালী, নেপালী অদিকে ধৰি প্ৰায় চৈধ্যটা জাতি-জনজাতিৰে পৰিপূৰ্ণ। এই মহকুমাটোৰ ভিতৰত সৰ্বমুঠ ২৮৬খন গাঁও আছে।[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 "Baksa district". http://baksa.gov.in/district_administration.html. 
  2. Law, Gwillim (2011-09-25). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11. 
  3. 3.0 3.1 3.2 উৎপল ডেকা (১ মাৰ্চ, ২০১৯). "তামুলপুৰ এতিয়াও সমস্যাৰে ভৰপূৰ". দৈনিক অসম. পৃষ্ঠা ১৩. http://www.assamtribune.com/scripts/spd.asp?id=2019/mar0119/BigPage13.jpg। আহৰণ কৰা হৈছে: 10 April 2020. [সংযোগবিহীন উৎস]

বহিঃ সংযোগ সম্পাদনা কৰক