ত্ৰিপিটক

বৌদ্ধ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ

ত্ৰিপিটক বৌদ্ধ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ। এইখন গৌতম বুদ্ধৰ দৰ্শন আৰু উপদেশৰ সংকলন। পালি ভাষাৰ তি-পিটক ৰ পৰা অসমীয়া ত্ৰিপিটক শব্দৰ প্ৰচলন। তিনি পিটকৰ সমন্বিত সমাহাৰক ত্ৰিপিটক বোলা হৈছে। এই পিটক তিনিটা হল বিনয় পিটক, সূত্ৰ পিটক আৰু অভিধৰ্ম পিটক

ত্ৰিপিটক

বৌদ্ধ ধৰ্ম

DharmaWheelGIF.gif

ইতিহাস

বৌদ্ধ ধৰ্মৰ সন্মিলন

মুখ্য চৰিত্ৰবোৰ

গৌতম বুদ্ধ
শিষ্যগণ

বিশ্বাস আৰু অনুশীলন

চতুৰাৰ্থ সত্য
অষ্টাঙ্গিক মাৰ্গ
প্ৰতীত্যসমুৎপাদ
সংসাৰপৰিনিৰ্বাণ
স্কন্ধ
কৰ্মজন্মান্তৰ

ধৰ্মচৰ্চা আৰু বোধিলাভ

দেশানুসাৰে বৌদ্ধধৰ্ম আৰু অঞ্চলসমূহ

বৌদ্ধধৰ্মৰ শাখাসমূহ

থেৰবাদমহাযান
বজ্ৰযান

ধৰ্মগ্ৰন্থ

ত্ৰিপিটকজাতক

অন্যান্য বিষয়সমূহ

তুলনামূলক পাঠ
সাংস্কৃতিক উপাদান

পিটক শব্দৰ পালি ভাষাত অৰ্থ হল - পাত্ৰ, বাকচ বা পেৰা , যত কিবা সংৰক্ষণ কৰা হয়।[1] বৌদ্ধসকলৰ মূল ধৰ্মীয় গ্ৰন্থ। খ্ৰীষ্ট পূৰ্ব ৩য় শতিকাত সম্ৰাট অশোকৰ ৰাজত্বকালত ত্ৰিপিটক পূৰ্ণাংগ গ্ৰন্থ হিচাপে স্বীকৃতি পায়। এই গ্ৰন্থৰ উৎপত্তি হৈছিল গৌতম বুদ্ধৰ পৰিনিৰ্বানৰ তিনি মাহ পিছত অৰ্থাৎ খ্ৰীষ্ট পূৰ্ব ৫৪৩ আৰু সমাপ্তি ঘটে খ্ৰীষ্ট পূৰ্ব প্ৰায় ২৩৬ত। প্ৰায় তিনশ বছৰত তিনিওটা সংঘায়নৰ মাজেৰে ইয়াৰ গ্ৰন্থায়নৰ কাম শেষ হয়।[2]

ভাগসম্পাদনা কৰক

ত্ৰিপিটকক তিনিটা ভাগত ভাগ কৰা যায়:

ত্ৰিপিটকৰ ধৰ্মস্কন্দৰ বিন্যাসসম্পাদনা কৰক

ধৰ্মস্কন্দ অৰ্থ হল ধৰ্ম পৰিচ্ছেদ বা বিষয় বিভাগ। অৰ্থাৎ ত্ৰিপিটকত বৰ্ণিত ক্ষুদ্ৰ আৰু বৃহৎ প্ৰত্যেক বিষয়ৰ প্ৰতিটোকে স্কন্দ্ব বোলা হয়। ত্ৰিপিটকত এনেকুৱা চৌৰাশী হাজাৰ (৮৪০০০) ধৰ্মস্কন্দ্ব আছে। তাৰে ভিতৰত বিনয় পিটকত একৈশ হাজাৰ (২১০০০), সূত্ৰ পিটকত একৈশ হাজাৰ (২১০০০) আৰু অভিধৰ্ম পিটকত বিয়াল্লিশ হাজাৰ (৪২০০০)টা স্কন্দ্ব আছে। এই চৌৰাশী হাজাৰ বুদ্ধ বচন বা বুদ্ধ উল্লিখিত বিষয় বা শাস্ত্ৰবাক্য এই ত্ৰিপিটকত বিদ্যমান।

ত্ৰিপিটকৰ ভাষাসম্পাদনা কৰক

খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ পৰা খ্ৰীষ্টাব্দ পঞ্চম শতিকালৈ পালি ভাষা আৰু এই ভাষত ৰচিত সাহিত্য সমূহ ক্ৰমবিকাশৰ পথত অগ্ৰসৰ হৈছিল। গৌতম বুদ্ধৰ ব্যৱহৃত ভাষা হিচাপে এই ভাষাৰ ইতিহাসে সৰ্বাধিক গুৰুত্ব লাভ কৰে। বুদ্ধয়ে তেওঁৰ ধৰ্ম আৰু আদৰ্শৰ প্ৰচাৰৰ বাবে সমগ্ৰ উত্তৰ ভাৰত পৰিভ্ৰমণ কৰিছিল। ভাৰতৰ বিভিন্ন অঞ্চলৰ সাধাৰণ মানুহে বুজিব পৰাকৈ তেওঁ পালি ভাষাৰ প্ৰসাৰ ঘটাইছিল। ক্ৰমে বৌদ্ধ ভিক্ষু মণ্ডলীয়ে ধৰ্মালোচনাৰ মাধ্যম হিচাপে এই ভাষাতেই দক্ষতা অৰ্জন কৰে। বুদ্ধয়ে নিজে এই ভাষাতেই প্ৰবচন দিছিল। সেয়ে পিছলৈ এই ভাষাতেই( পালি) মুল ত্ৰিপিটক গ্ৰন্থ ৰচিত আৰু সংৰক্ষিত হয়।[3]

গ্ৰন্থায়নৰ পূৰ্বৰ অৱস্থাসম্পাদনা কৰক

বুদ্ধদেৱৰ সমকালীন বৌদ্ধ ভিক্ষুগণ ধ্যানে-জ্ঞ্যানে অত্যন্ত উচ্চ মাৰ্গৰ চেতনা সম্পন্ন আছিল। তেওঁলোকে যি বিষয়ে সাধনা কৰিছিল সেই বিষয়ে অত্যধিক উন্নতি সাধন কৰিবলৈ পাৰিছিল। সেই সময়ত ভিক্ষুবিলাকৰ মাজত সূত্ৰধৰ, বিনয়ধৰ আৰু মাতিকাধৰ নামৰ তিনি ধাৰাৰ সাধনাকাৰী ভিক্ষু আছিল।[4] এই তিনি শ্ৰেণীৰ ভিক্ষুগণৰ সকলোৱে স্মৃতিধৰ আছিল।

স্মৃতিধৰ এই ভিক্ষুগণে শ্ৰুতিৰ পৰা স্মৃতিত বুদ্ধৰ বাণীক সংৰক্ষণ কৰিছিল। নিৰন্তৰ অধ্যৱসায়েৰে ভিক্ষুগণে তেওঁলোকৰ শিষ্য পৰম্পৰাত এই ৰীতি চলাই গৈছিল। বুদ্ধৰ শিষ্যসকলৰ মাজত প্ৰায় প্ৰত্যেকে এই শ্ৰুতি আৰু স্মৃতিৰ ক্ষমতা আছিল। সেয়ে ত্ৰিপিটক গ্ৰন্থায়ানৰ পূৰ্বে সূত্ৰধৰ সকলে সূত্ৰ, বিনয়ধৰ সকলে বিনয় আৰু মাতিকা ধৰ সকলে অভিধৰ্ম পিটক স্মৃতিত ৰাখিছিল।

ত্ৰিপিটকৰ অভ্যন্তৰীণ গ্ৰন্থৰ পৰিচয়সম্পাদনা কৰক

১) বিনয় পিটক

  • পাৰাজিকা
  • পচিত্তিয়া
  • চুলবগগ্
  • মহাবগগ্
  • পৰিবাৰ পাঠো

২) সূ্ত্ৰ পিটক

  • দীৰ্ঘ নিকায় (৩ খণ্ডত সমাপ্ত)
  • মজ্ ঝিম নিকায় (৩ খণ্ডত সমাপ্ত)
  • সংযুক্ত নিকায় (৩ খণ্ডত সমাপ্ত)
  • অংগুত্তৰ নিকায় (৩ খণ্ডত সমাপ্ত)
  • খুদ্দক নিকায় (১৬টা স্বতন্ত্ৰ গ্ৰন্থ আছে)
    • খুদ্দক পাঠো
    • ধম্মপদ
    • উদান
    • ইতিবুত্তক
    • সত্তনিপাত
    • বিমান বুত্থু
    • পেত বুত্থু
    • থেৰ গাথা
    • থেৰী গাথা
    • জাতক (৫ খণ্ড )
    • মহানিদ্দেশ
    • চুল নিদ্দেশ
    • পটিসম্ভিদা নিদ্দেশ
    • অপদান
    • বুদ্ধ বংশ
    • চৰিয পিটক

৩) অভিধৰ্ম পিটক

  • ধম্মসংগনি
  • বিভংগ
  • ধাতুকথা
  • পুগ্ গল পঞ্ঞত্তি
  • কথবত্থু
  • যমক
  • পটঠান[5]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. DR. Shukomal Barua and Suman Kanti Barua - ত্ৰিপিটক পৰিচিতি , Page 1-3, Bangla Academy December 2000
  2. DR. Shukomal Barua and Suman Kanti Barua - ত্ৰিপিটক পৰিচিতি , Page 14, Chapter - Tripitok History. Bangla Academy December 2000.
  3. Wilhelm Geiger: The Mahavamsa, Introduction - p. XXVI.
  4. মহাপৰিনিৰ্বাণ সূ্ত্ৰ, দীৰ্ঘ নিকায়, সুত্ত পিটক। page : 56
  5. DR. Shukomal Barua and Suman Kanti Barua - ত্ৰিপিটক পৰিচিতি , Page 25, Chapter - Tripitok's Subject. Bangla Academy December 2000.