ত্ৰিপুৰা বুৰঞ্জী (গ্ৰন্থ)

গ্ৰন্থ

ত্ৰিপুৰা বুৰঞ্জী (ইংৰাজী: Tripura Buranji) হৈছে সূৰ্য্যকুমাৰ ভূঞাই সম্পাদনা কৰা এখন বুৰঞ্জীমূলক গ্ৰন্থ৷ ১৯৩৮ চনত প্ৰকাশিত এই গ্ৰন্থখনৰ মূল লেখক হ’ল ৰত্নকন্দলী আৰু অজুৰ্ন দাস কটকী৷ সূৰ্যকুমাৰ ভূঞাই পাতনিত উল্লেখ কৰিছে যে গ্ৰন্থখনৰ সাঁচিপাতৰ পাণ্ডুলিপিটোৰ ফটোষ্টেট কপি এটা ব্ৰিটিছ মিউজিয়ামৰপৰা ১৯৩৬ চনত লাভ কৰিছিল। তেখেতে এই কপিটো লাভ কৰিছিল Dr. Lionel D.Barnett -ৰ পৰা৷ পৰৱৰ্তী সময়ত ১৯৩৮ চনত এই ত্ৰিপুৰা বুৰঞ্জীখন কিতাপ আকাৰে তেওঁ প্ৰকাশ কৰে৷ এই সাঁচিপতীয়া পাণ্ডুলিপিটো ব্ৰিটিছ মিউজিয়ামে সংগ্ৰহ কৰিছিল ১৮৪২ চনত৷ সাঁচিপাতৰ পাণ্ডুলিপিটোৰ নাম আছিল– ‘ত্ৰিপুৰা দেশৰ কথাৰ লিখা৷[টোকা 1] পাণ্ডুলিপিটোত সৰ্বমুঠ ১৪৬ খন সাঁচিপাত আছে৷ গ্ৰন্থখনৰ ১০৮ নম্বৰৰ ফলিখন সংগ্ৰহ কৰিবপৰা নগ’ল৷ অন্যহাতে সাঁচিপাতৰ মূল পাণ্ডুলিপিটো লিখা হৈছিল ১৭২৪ চনত (১৬৪৬ শক) ৷ [1] মহাৰাজ ৰুদ্ৰ সিংহই (১৬৯৬-১৭১৪) লীলা গগৈয়ে এই সন্দৰ্ভত লিখিছে– স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ দিনত অসমৰপৰা দুজন কটকী, ৰত্ন কন্দলী আৰু অজুৰ্ন দাস ত্ৰিপুৰালৈ গৈছিল আৰু ৰামেশ্বৰ ন্যায়¸-অলঙ্কাৰ ভট্টাচাৰ্য আৰু উদয়নাৰায়ণ বিশ্বাস নামেৰে দুজন ত্ৰিপুৰাৰ কটকীৰ যোগেদি স্থাপন হোৱা কূটনৈতিক সম্পৰ্কৰ উপৰি তেওঁবিলাকৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ বিৱৰণী আছে৷ তদুপৰি ৰত্ন কন্দলী আৰু অজুৰ্ন দাসে বিশ্বাসযোগ্য ব্যক্তিৰ মুখে শুনিও বহুতো কথা ইয়াত সন্নিৱিষ্ট কৰিছে৷[2]

ত্ৰিপুৰা বুৰঞ্জী  
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ বুৰঞ্জী
মিডিয়া প্ৰকাৰ মুদ্ৰণ

বিৱৰণ সম্পাদনা কৰক

গ্ৰন্থখনত আহোম ৰজা ৰুদ্ৰ সিংহ আৰু ত্ৰিপুৰাৰ ৰজা মহামানিক্যৰ মাজত যোগাযোগ হোৱা এছোৱা সময় (১৭০৯-১৭১৫)ৰ বুৰঞ্জী লিপিবদ্ধ হৈ আছে৷ ত্ৰিপুৰাৰ কটকীদ্বয়ে ত্ৰিপুৰা দেশলৈ বাট-পথৰ বিৱৰণ, ত্ৰিপুৰা দেশৰ সমাজ-সংস্কৃতি-ৰাজনীতিৰ বিৱৰণ সম্বলিত বহুতো টোকা এই গ্ৰন্থত উল্লেখ কৰিছে৷ গ্ৰন্থখনৰ বিভিন্ন অধ্যায়ত, বিভিন্ন প্ৰসংগত ৰজা, মহাৰজাসকলে আদান-প্ৰদান কৰা চিঠি-পত্ৰসমূহৰ উদাহৰণ দিয়া হৈছে৷ চতুৰ্থ অধ্যায়টোত এখন চিঠিৰ গদ্যৰ উল্লেখ কৰা হৈছে– ‘স্বস্তি সকলগুনচয়-সমুদ্দে্যাতিত-কলেবৰ নানা দান-প্ৰমোদীকৃত-মাৰ্গাগণন-প্ৰতাপ-তপন-বিগলিত-ৰিপুনিকৰানুকাৰ-শ্ৰীযুত-সুৰতসিংহ বৰুৱা-বিমলশীলেষু৷ প্ৰেমসম্পাদকো লেখবৃত্তান্তএষঃ৷ শ্ৰীৰত্নকন্দলী, শ্ৰীঅজ্জুৰ্নদাস-প্ৰমুখ্যাৎ ত্বদীয়াং সৰ্ব্বান্বত্তিন্বিজ্ঞায় পৰমানন্দযুতোহং৷ অতএব ভবদধিপং সমীড়ে, পত্ৰী প্ৰহীয়তে সভ্যাবাপ্তাবপি দ্বৌ, কিন্বহুনা তদুক্তিবশতঃ সৰ্ব্বন্বিজ্ঞাতব্যমিতি৷ যুগৰামৰ্ত্তু-শীতাংশুগণিতে শক-বৎসৰে৷ পঞ্চম্যাং ধৱলে পক্ষে পত্ৰীচৈষা প্ৰহীয়তে৷৷ [3]

টোকা সম্পাদনা কৰক

  1. "Tripura Buranji popularly known as Tripura Desar Kathar Lekha, the name by which the original manuscript is known bears testimony about the history of the region of a crucial period. We are fortunate that there is a Tripura Buranji written by Ratna Kandali and Arjundas Kataki." (Sarkar 2016:5)

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. ত্ৰিপুৰা বুৰঞ্জী, তৃতীয় প্ৰকাশ, ১৯৯০, Introduction
  2. লীলা গগৈ ৰচনাৱলী, প্ৰথম খণ্ড পৃষ্ঠা-২০
  3. ত্ৰিপুৰা বুৰঞ্জী, প্ৰথম প্ৰকাশ, পৃষ্ঠা- ৮