দক্ষিণ কামৰূপ মহাবিদ্যালয়

অসমৰ শিক্ষানুষ্ঠান

দক্ষিণ কামৰূপ মহাবিদ্যালয় (ইংৰাজী: Dakshin Kamrup College) হ'ল কামৰূপ জিলাৰ অন্তৰ্গত মিৰ্জাৰ এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ।[1]

দক্ষিণ কামৰূপ মহাবিদ্যালয়
মূলমন্ত্ৰ তমসো মা জ্যোতিৰ্গময়
স্থাপিত ১৯৬১
ধৰণ মহাবিদ্যালয়
অধ্যক্ষ ড° নৱজ্যোতি দাস
স্থান মিৰ্জা, অসম, ভাৰত ভাৰত
ৱেবছাইট dkcollegeonline.in

ইতিহাস সম্পাদনা কৰক

১৯৬১ চনত দক্ষিণ কামৰূপ মহাবিদ্যালয় স্থাপন কৰা হৈছিল। ২০০৫ চনত মহাবিদ্যালয়খন প্ৰাদেশীকৃত হয়।[1]

অৱস্থিতি সম্পাদনা কৰক

দক্ষিণ কামৰূপ মহাবিদ্যালয় কামৰূপ জিলাৰ মিৰ্জাত অৱস্থিত। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা মাত্ৰ ৬ কিঃমিঃ পশ্চিমে অৱস্থিত মালিয়াটা পাহাৰৰ সমীপত মহাবিদ্যালয়খনৰ অৱস্থিতি।[1]

পাঠ্যক্ৰম সম্পাদনা কৰক

দক্ষিণ কামৰূপ মহাবিদ্যালয়ত নিম্নোক্ত পাঠ্যক্ৰমসমূহৰ শিক্ষা প্ৰদান কৰা হয়। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ।[1]

  • উচ্চতৰ মাধ্যমিক (কলা আৰু বিজ্ঞান)
  • স্নাতক (কলা আৰু বিজ্ঞান)
  • স্নাতকোত্তৰ (অসমীয়া)
  • BMC
  • B.VOC

বিভাগসমূহ সম্পাদনা কৰক

কলা:

  • ইংৰাজী বিভাগ
  • অসমীয়া বিভাগ
  • শিক্ষা বিভাগ
  • অৰ্থনীতি বিভাগ
  • ইতিহাস বিভাগ
  • ৰাজনীতি বিজ্ঞান বিভাগ
  • দৰ্শন বিভাগ
  • ভূগোল বিভাগ

বিজ্ঞান:

  • ৰসায়ণ বিজ্ঞান বিভাগ
  • পদাৰ্থ বিজ্ঞান বিভাগ
  • গণিত বিভাগ
  • উদ্ভিদ বিজ্ঞান বিভাগ
  • প্ৰাণী বিজ্ঞান বিভাগ
  • কম্পিউটাৰ বিজ্ঞান বিভাগ


তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 DK College, Prospectus: 2016-17. প্ৰকাশক Mirza. 2016. 

বাহ্যিক সংযোগ সম্পাদনা কৰক