দাপ'ৰিজ' উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন চহৰ। এই চহৰ অৰুণাচল প্ৰদেশৰ উজনি সোৱনশিৰি জিলাৰ সদৰ ঠাই। চহৰখনৰ নামৰ Dapo-ৰ অৰ্থ প্ৰতিৰক্ষা আৰু Rijo-ৰ অৰ্থ উপত্যকা- অৰ্থাৎ অপশক্তিৰ পৰা প্ৰতিৰক্ষিত উপত্যকা অঞ্চল।

দাপ'ৰিজ'
—  নগৰ  —
দাপ'ৰিজ'
দাপ'ৰিজ'ৰ অৱস্থান
অৰুণাচল প্ৰদেশ আৰু ভাৰত
স্থানাঙ্ক 27°59′10″N 94°23′25″E / 27.98611°N 94.39028°E / 27.98611; 94.39028
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
জিলা উজনি সোৱণশিৰি
প্ৰতিষ্ঠা ১৯ জুন ১৯৯১ (1991-06-19)
জনসংখ্যা 15,468 (2001)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

উচ্চতা


600 m (1,969 ft)

ক'ড
  • • যান-বাহনৰ নম্বৰ • AR

ভৌগোলিক অৱস্থান সম্পাদনা কৰক

দাপ'ৰিজ' সোৱণশিৰি নৈৰ পাৰত সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৬০০ মিটাৰ উচ্চতাত অৱস্থিত। দাপ'ৰিজ' উপত্যকা পাহাৰেৰে আগুৰি আছে। এই চহৰৰ উল্লেখযোগ্য ঠাইসমূহ হৈছে মেংগা (Menga) মন্দিৰ, চিপি (Sippi) ইত্যাদি।

জনসংখ্যা সম্পাদনা কৰক

২০০১ চনৰ লোকপিয়ল অনুসৰি দাপ'ৰিজ'ৰ জনসংখ্যা ১৫,৪৬৮ জন। ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা। দাপ'ৰিজ'ৰ গড় সাক্ষৰতাৰ হাৰ ৫৯%; পুৰুষৰ ৬৬% আৰু মহিলাৰ ৫১%। দাপ'ৰিজ'ৰ মুঠ জনসংখ্যাৰ ১৯% ছবছৰ বয়সৰ অনূৰ্ধ্বৰ।[1]

দাপ'ৰিজ'ত বসবাস কৰা সংখ্যাগিৰষ্ঠ লোক টাগিন (Tagin), গাল’ (Galo) আৰু নিচি (Nyishi) জনাজতিৰ।

উৎসৱ সম্পাদনা কৰক

এই চহৰত ছি-দঞি উৎসৱ, মোপিন উত্‍সৱ, bori yullo, ন্যোকুম আদি উৎসৱ উদযাপন কৰা হয়।

তথ্যসূত্ৰ সম্পাদনা কৰক