দীপক শৰ্মা

ভাৰতৰ সঙ্গীত পৰিচালক, বাঁহীবাদক


দীপক শৰ্মা ভাৰতৰ এগৰাকী প্ৰসিদ্ধ বাঁহী বাদক[2][3]। তেখেতে ২০১৩ চনলৈ ৩ খন অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰাৰ লগতে জি টিভি ত সম্প্ৰচাৰিত হোৱা কৰ্ম এণ্ড ৱাজিৰৰ সংগীত পৰিচালনা কৰিছিল।

দীপক শৰ্মা
Dipak Sarma
প্ৰাথমিক তথ্য
জন্ম ২৩ আগষ্ট, ১৯৬৮ [1]
পানীগাঁও, নলবাৰী জিলা, অসম, ভাৰত
সংগীতৰ প্ৰকাৰ শাস্ত্ৰীয় সংগীত
পেচা বাঁহী বাদক
বাদ্যযন্ত্ৰ বাঁহী
কাৰ্যকাল ১৯৮৭-বৰ্তমান
ৱেবছাইট http://dipaksarma.com

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

অসমৰ অবিভক্ত কামৰূপ জিলাৰ পানীগাঁৱত (বৰ্তমান নলবাৰী জিলাৰ অন্তৰ্গত) দীপক শৰ্মাৰ জন্ম হয়। পিতৃ প্ৰয়াত প্ৰমোদ শৰ্মা। অসমৰ গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা তেখেতে বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে।

সংগীত শিক্ষা

  • ইনষ্ট্ৰুমেন্টেল মিউজিক (বাঁহী) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ, (ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়, কলিকতা)
  • সংগীত বিশাৰদ, ভাটখাণ্ডে সংগীত বিদ্যাপীঠ, লক্ষ্ণৌ
  • পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়াৰ তত্বাৱধানত সংগীত শিক্ষা (১৯৯২ চনৰ পৰা)
  • অল ইণ্ডিয়া ৰেডিঅ', গুৱাহাটীৰ বি. হাই গ্ৰেডেড আৰ্টিষ্ট (বাঁহী বাদন)

কৰ্মৰাজি সম্পাদনা কৰক

সংগীত পৰিচালনা

বাঁহী বাদন, শিল্পী দীপক শৰ্মা, গ্ৰীচ

সংগীতপঞ্জী

  • ষ্টৰী অৱ ল'ভ (ৰাগ এণ্ড ৰক্স ইন্টাৰনেশ্যনেল কো. লি.)
  • বিয়ন্ড দা হ'ৰাইজন

দূৰদৰ্শন

  • জি টিভি ত সম্প্ৰচাৰিত হোৱা কৰ্ম এণ্ড ৱাজিৰৰ সংগীত পৰিচালনা
  • ষ্টাৰ প্লাচ যোগে সম্প্ৰচাৰিত হোৱা কেলেইদোস্কোপৰ আৱহ সংগীতৰ মুখ্য বাঁহী বাদক[4]

সন্মান আৰু স্বীকৃতি সম্পাদনা কৰক

  • বছৰটোৰ শ্ৰেষ্ঠ সংগীতকাৰ, ২০০৬ চন (এন ই টিভি প্ৰাইভেট চেনেল)
  • সংগীত প্ৰভ বঁটা, ২০০৭ চন
  • আসাম স্পোৰ্টচ কালচাৰেল জুৰী এৱাৰ্ড, ২০০৭ চন
  • জেমচ অৱ আসাম, ২০০৮ চন
  • আজিম হাজৰিকা বঁটা (শিৱসাগৰ প্ৰেচ ক্লাব)

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক