দেউৰী ভাষা[3] হৈছে উত্তৰ পূব ভাৰতঅসম আৰু অৰুণাচল প্ৰদেশৰ অধিবাসী দেউৰী জনগোষ্ঠীৰ লোকসকলৰ দ্বাৰা ব্যৱহৃত চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত এটা মান-তিব্বতীয় ভাষা।[4] দেউৰী জনগোষ্ঠীৰ অন্তৰ্ভুক্ত তিনিটা প্ৰধান বংশৰ ভিতৰত কেৱল দিবংগ্যা (Dibongya) নামৰ ঠালটোয়েহে দেউৰী ভাষা বৰ্তাই ৰাখিছে। অন্য দুটা ঠাল ক্ৰমে টেঙাপনীয়া (Tengaponia) আৰু বৰগঞা (Borgoyan)-ই অসমীয়া ভাষা গ্ৰহণ কৰিছে। ইয়াৰ বিপৰীতে দিবংগ্যাসকলৰ মাজত দেউৰী ভাষাৰ প্ৰভাৱ সৰ্বাত্মক। অতীজতে উজনি আৰু উত্তৰ অসমত দেউৰী ভাষাই মূল ভাষা আছিল।[5] ভাৰতৰ ভাষাগত সমীক্ষা (১৮৯৮-১৯২৮)-ৰ তথ্য অনুসৰি, দেউৰী ভাষা (চুতীয়া ভাষা হিচাপে চিহ্নিত) হৈছে বড়ো-কছাৰী ভাষাগোষ্ঠীৰ প্ৰত্নতাত্ত্বিকভাৱে সৰ্বপ্ৰাচীন ৰূপ। ডিমাছা ভাষাৰ সৈতে দেউৰী ভাষাৰ এক নিকট সম্পৰ্ক আছে, কিন্তু বৈয়াকৰণিক পদ্ধতিৰ ফালৰ পৰা দেউৰী ভাষা নিশ্চিতভাৱে অধিক আদিকালীন।[6]

দেউৰী
চুতীয়া, দেউৰী-চুতীয়া
দেউৰী
থলুৱা অঞ্চল ভাৰত
অঞ্চল অসম, অৰুণাচল প্ৰদেশ
জাতীয়তা দেউৰী
স্থানীয় ভাষিক
[1]
ভাষা পৰিয়াল
লিখন প্ৰণালী অসমীয়া লিপি
ভাষা সংকেত
ISO 639-3 der
গ্লোটোলগ deor1238[2]

পি. আৰ. টি. গৰ্ডন (১৯০৩)-ৰ মত অনুসৰি, দেউৰী-চুতীয়া ভাষাৰ অসমৰ মৰাণ ভাষাৰ সৈতে সাদৃশ্য আছে। বহুক্ষেত্ৰত এইভাৱেও কোৱা হয়, মৰাণ ভাষাটো প্ৰকৃতপক্ষে দেউৰী আৰু অসমীয়া ভাষাৰ মাজত সাঁকো হিচাপে কাম কৰা এক অনূদিত ভাষাহে।

ভাৰতৰ ভাষাগত সমীক্ষা(১৯০৩)-ৰ তথ্য অনুসাৰে উজনি অসম আৰু উত্তৰ অসমত দেউৰী-চুতীয়া ভাষাৰ বিস্তৃতি বিন্যাস
ভাৰতৰ ভাষাগত সমীক্ষা(১৯০৩)-ৰ তথ্য অনুসাৰে উজনি অসম আৰু উত্তৰ অসমত দেউৰী-চুতীয়া ভাষাৰ বিস্তৃতি বিন্যাস

দেউৰী ভাষা অৰুণাচল প্ৰদেশলোহিত জিলা আৰু অসমলখিমপুৰ জিলা, ধেমাজি জিলা, তিনিচুকীয়া জিলা, যোৰহাট জিলা আৰু মাজুলী জিলাৰ দেউৰী অধিবাসীসকলে ব্যৱহাৰ কৰে। প্ৰাচীন কালত দেউৰী ভাষাই উজনি আৰু উত্তৰ অসমৰ মৌলিক ভাষা আছিল।

দেউৰী অসমৰ প্ৰভাৱশালী ভাষাসমূহৰ অন্যতম আৰু উজনি অসমত অসমীয়া ভাষাৰ বিকাশত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

দেউৰী-চুতীয়া ভাষাৰ লগতে আন আন কছাৰী ভাষাত "দি" ("Di/Dji") শব্দৰ অৰ্থ হৈছে পানী। উল্লেখ্য যে, উজনি অসম আৰু উত্তৰ অসমৰ বেছিসংখ্যক মুখ্য নৈৰ নামৰ আদ্যাক্ষৰ "দি"। দিবাং, দিচাং, দিখৌ, ডিক্ৰং, ডিকৰাই, দিহিং, দিগাৰু, ডিফলু, ডিমৌ, দিচৈৰ দৰে নৈৰ নামসমূহৰ পৰা এই কথা অনুমান কৰা হয় যে, এই গোষ্ঠীৰ অন্তৰ্ভুক্ত লোকসকল এই সমগ্ৰ অঞ্চলত প্ৰভাৱশালী আৰু কৰ্তৃত্বপূৰ্ণ আছিল। ইতিহাসৰ তথ্য অনুসৰি চুতীয়া জনগোষ্ঠীৰ ৰাজনৈতিক শক্তি আৰু সভ্যতাৰ প্ৰাচীনতম পীঠ আছিল শদিয়া৷[7] অৱশ্যে, দেউৰী ভাষা অন্তৰ্ভুক্ত হৈ থকা চীনা-তিব্বতীয় ভাষাগোষ্ঠীৰ শাল শাখাৰ আন কেইবাটাও ভাষাতো পানী বুজাবলৈ "দি" শব্দ ব্যৱহাৰ কৰা হয়। গতিকে, দেউৰীসকলেই এই অঞ্চলৰ সৰ্বপ্ৰথম অধিবাসী হিচাপে প্ৰতীয়মান কৰিবলৈ এয়া অকাট্য সাক্ষ্য নহয়।[8]

দেউৰী ভাষা আৰু অসমীয়া ভাষাত সদৃশ কেইটামান শব্দ হৈছে:

দেউৰী শব্দ অসমীয়া শব্দ ইংৰাজী অৰ্থ
খাং খং Anger
আৰ্চিং আৰ্চি Mirror
আওঁজা আওঁজা Rest
আটিৰু আটি Highland
পুলুঙা পুলুঙা Straight
লাকিয়া লেখিয়া Similar
জোং জোং Spear
মিজিমা মিহি Smooth
অঁ অঁ Yes
নুমই নুমলী Little girl
নৰানি নৰা Straw
দোং দোং Irrigation Channel
ডেকাগু ডেকা Young man
কলাহাচ কলাখাৰ Alkaline prepared from banana stem
খৰিচা খৰিচা Bamboo Shoot
বিচু বিহু Folk Festival of Assam
এনালি Troubles
টাংগোন টাঙোন Beating Stick
বৌতৰ বতৰ Weather
হাঁফলু হাঁফলু Out Hill
জখলা জখলা Ladder
হোজা হোজা Simple
জীয়ৰী জীয়ৰী Girl
উয়ুং উঁই Termite
ডোখৰ ডোখৰ Piece of cut off
মেনা মেনা Crooked
হেবাং হেবাং Silly
বোন্দা বোন্দা Male cat
চাং চাং Platform
সেও সেও Habit
মেলি মেলি Open
লফা লফা A type of green-leafy vegatable
খাউফি উফি Dandruff
আপা আপা Boys
মেদালি মাদলি A type of Assamese Jewellery
জাকৈ জাকৈ Fishing tool
খালৈ খালৈ Basket
দাঁতি দাঁতি Border
দলং দলং Bridge
কেটেঙা কেটেঙা Thin/Feeble
চুটুগা চুটি Short
হিচৰি হুঁচৰি Bihu Carol/Husori
ঢেকী ঢেঁকী Grinding tool
হাটা হেটা Spatula
হাজিয়া হাজিৰা Labor
আগু আঁঠু Knee
কা কাই Brother
জিকু জেকা Wet
গিলা ঘিলা Knee cap
এৰী এৰী Eri silk
গাৰু গাৰু Pillow
গুমৰুৱা গুবৰুৱা Beetle
হাঁচু হাঁচি Sneeze
হামি হামি Yawn
সুগৰা সুগৰী, সোগোৰা A Deer species
কেৰা কেৰা Displaced eye
কেতুৰী কেতুৰী A kind of turmeric
কেকোঁৰা কেকোঁৰা Crooked
ককিৰি কেকোঁৰা Crab
মাগুৰ মাগুৰ Cat fish
চগুণ শগুণ Vulture
সৰু সৰু Small
টেমী টেমী Container
চুণ চুণ Lime
বৰলা বৰলা Widower
বেচনী বিচনী Handfan
জেং জেং Bush
পেই পেহী Aunty
জাবৰ জাবৰ Waste
কুচীয়া কুচীয়া Eel
কেৰ্কেটুৱা কেৰ্কেটুৱা Squirrel
ফচলা পচলা Banana stem
ঘৰালি গৰাল Cage
গচক গচক Step
উশাহ উশাহ Breath
ঢেকীয়া ঢেকীয়া Fern
আমটু আমঠু Heart
গুৱা গুৱা Areca nut
হিলৈ হিলৈ Gun
চুৰুকা চুৰুকা Clean
সেৰেকা সেৰেকা Tasteless
কুদুনা খুন্দনা Grind
টাকোন টোকোন Stick
জ'বুৰা Vegetable curry
খাৰলি খাৰলি Mustard paste
লিকটা লিকটা Sticky
শাও শাও Curse
উমনি উমনি Incubate
উবিৰিবা উবুৰি হোৱা Lying chest down
চেৰেং-চেৰেং চেৰেং-চেৰেং Excessive heat of sun
ৰ'বজু ৰ'ব/ৰ'বা Wait

অধিক তথ্যৰ বাবে পঢ়ক সম্পাদনা কৰক

  • Acharyya, Prarthana & Shakuntala Mahanta. 2019. Language vitality assessment of Deori: An endangered language. Language Documentation & Conservation 13: 514-544.
  • Acharyya, Prarthana & Shakuntala Mahanta. (2018). Production and perception of lexical tone in Deori. Sixth International Symposium on Tonal Aspects of Languages (TAL), June 18–20, 2018, Berlin, Germany. 93–97. doi:10.21437/TAL.2018-19 Archived 2021-08-02 at the Wayback Machine.
  • Goswami, Upendranath. (1994). An introduction to the Deori language. Guwahati: Anundoram Borooah Institute of Language, Art, and Culture.
  • Jacquesson, François. (2005). Le Deuri: Langue Tibéto-Birmane d’Assam. Leuven: Peeters Publishers.
  • Mahanta, Shakuntala, Indranil Dutta, & Prarthana Acharyya. (2017). Lexical tone in Deori: loss, contrast, and word-based alignment. In Honeybone, Patrick, Julian Bradfield, Josef Fruehwald, Pavel Losad, Benjamin Ress Molin- eaux, & Michael Ramsammy (eds.), Papers in Historical Phonology 2. 51–87. doi:10.2218/pihph.2.2017.1906.
  • Nath, Arup Kumar. (2010). A lexico semantic study of Tiwa and Deori: Two endangered languages of the Tibeto Burman Family. New Delhi: Jawaharlal Nehru University (Doctoral dissertation). http://hdl.handle.net/10603/31796.
  • Saikia, Sangeeta. (2012). A socio-linguistic survey of Deori speech community. Gauhati: Gauhati University (Doctoral dissertation).
  • Saikia, Sangeeta. (2013). Deuri Asomar Bhasha. In Devy, Ganesh Narayandas (ed.), Peoples Linguistic Survey of India 5(2). 3-15. India: Orient Blackswan Private Limited.

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Statement 1: Abstract of speakers' strength of languages and mother tongues – 2011". Office of the Registrar General & Census Commissioner, Indiawww.censusindia.gov.in. http://www.censusindia.gov.in/2011Census/Language_MTs.html। আহৰণ কৰা হৈছে: 7 July 2018. 
  2. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Deori". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/deor1238. 
  3. [1]
  4. Acharyya, Prarthana; Mahanta, Shakuntala (2019-09-01). "Language vitality assessment of Deori: An endangered language" (en-US ভাষাত). Language Documentation & Conservation খণ্ড 13: 514–544. ISSN 1934-5275. http://scholarspace.manoa.hawaii.edu/handle/10125/24853. 
  5. Brown, William Barclays (2015). An Outline grammar of the Deori Chutiya language spoken in Upper Assam. প্ৰকাশক Shillong. 
  6. Grierson, George, Linguistic Survey of India(Volume 3-2), p. 118.
  7. Endle 1911.
  8. Coupe, Alexander R.; Kratochvíl, František (2020), "Asia before English" (en ভাষাত), The Handbook of Asian Englishes (John Wiley & Sons, Ltd): pp. 13–48, doi:10.1002/9781118791882.ch2, ISBN 978-1-118-79188-2, https://onlinelibrary.wiley.com/doi/abs/10.1002/9781118791882.ch2, আহৰণ কৰা হৈছে: 2021-01-12