ধনু যাত্ৰা (ওড়িয়া: ଧନୁଯାତ୍ରା; ইংৰাজী: Dhanu Jatra) উৰিষ্যাৰ বৰগড়ত অনুষ্ঠিত হোৱা মুক্তাঙ্গনত পৰিবেশিত নাট্যানুষ্ঠান। বৰগড়ৰ ৮ কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ পৌৰ অঞ্চলত বিয়পি থকা ই পৃথিৱীৰ সৰ্ববৃহৎ মুক্তাঙ্গন থিয়েটাৰ আৰু ই গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে।[1][2][3][4][5][6][7]শ্ৰীকৃষ্ণ (স্থানীয়ভাবে ক্ৰুষ্ণা বুলি জনাজাত) আৰু তেওঁৰ মোমায়েক কংসৰ পৌৰাণিক কাহিনী আধাৰিত। বৰগড়ত উদ্ভৱ হোৱা এই যাত্ৰা বা নাট বৰ্তমান পশ্চিম উৰিষ্যাৰ বিভিন্ন ঠাইত পৰিবেশিত হয় যদিও বৰগড়ৰখনেই মুখ্য যাত্ৰা।[8] ইয়াত কৃষ্ণ আৰু বলোৰামে তেওঁলোকৰ মোমায়েক কংসই মথুৰাত অনুষ্ঠিত কৰা ধনু যাত্ৰা চাবলৈ যোৱাৰ কাহিনী বৰ্ণিত হৈছে। ধনু যাত্ৰাৰ কাহিনী কংসৰ ভনীয়েক দৈৱকী আৰু বসুদেৱৰ বিবাহ তথা ৰজা উগ্ৰসেনক ৰাজকুমাৰ কংসই সিংহাসনৰ পৰা নমাই নিজে ৰাজপাট দখল কৰাৰ ঘটনাৰে আৰম্ভ হৈ কংসৰ মৃত্যু আৰু ৰজা উগ্ৰসেন পুনৰ ৰাজপাটত বহাত শেষ হৈছে। ইয়াত কোনো লিখিত নাট্যৰূপ ব্যৱহাৰ কৰা নহয়। উৎসৱ চলি থকা অৱস্থাত কংসই ৰাইজক কোনো ভুলৰ বাবে শাস্তি স্বৰূপে জৰিমনা বিহিব পাৰে। এবাৰ উৰিষ্যাৰ পূৰ্বৰ মুখ্যমন্ত্ৰী বিজু পাটনায়ক আৰু তেওঁৰ মন্ত্ৰীসভাকো জৰিমনা বিহা হৈছিল।[7] ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে ২০১৪ৰ নবেম্বৰত ধনু যাত্ৰাক ৰাষ্ট্ৰীয় উৎসৱৰ মৰ্যাদা দিছে।[9]

ধনু যাত্ৰা
ধনু যাত্ৰা
বৰগড় ধনু যাত্ৰাত কংস
অন্য নাম পৃথিৱীৰ সৰ্ববৃহৎ মুক্তাঙ্গন থিয়েটাৰ
পালন কৰে বৰগড় আৰু অম্বাপলিৰ বাসিন্দাসকলে
প্ৰকাৰ হিন্দু
আৰম্ভ হয় পুহ মাহৰ শুক্লা চতুৰ্থী
শেষ হয় পুহ মাহৰ পূৰ্ণিমা
সম্পৰ্কিত শ্ৰীকৃষ্ণ, কংস

ইতিহাস সম্পাদনা কৰক

 
কৃষ্ণই কংসক বধ কৰিছে। উৰিষ্যাৰ বলঙ্গীৰ জিলাৰ বঙ্গমুন্দাত অনুষ্ঠিত ধনুযাত্ৰা

কিছুমান বয়োজ্যেষ্ঠ লোকে কয় যে ভাৰতে নতুনকৈ লাভ কৰা স্বাধীনতাৰ আনন্দত শ্ৰমিক শ্ৰেণীৰ মানুহে এই উৎসৱৰ আৰম্ভণি কৰিছিল। কংসৰ মৃত্যু উপনিবেশিক শাসনৰ অন্ত পৰাৰ প্ৰতীকী ৰূপ আছিল।[10]

মঞ্চ সম্পাদনা কৰক

বৰগড়ৰ মূল পৌৰ অঞ্চলটো মথুৰা নগৰীলৈ ৰূপান্তৰিত হয়। জীৰা নৈখন হয় গৈ যমুনা। বৰ্তমান বৰগড় নগৰৰ এটা ৱাৰ্ড অম্বাপলি গাঁও গোপপুৰৰ, অম্বাপলিৰ গাঁৱৰ মাজৰ এটা পুখুৰী কালিন্দী হ্ৰদৰ আৰু গোবিন্দপল্লীক আশ্ৰমৰ, নিশামণি স্কুলৰ চোতালক ৰংমহলৰ দৃশ্যপট হিচাপে ব্যৱহাৰ কৰা হৈ আহিছে।

তথ্য উৎস সম্পাদনা কৰক

  1. Dash, Prakash. "Dhanu Yatra World's biggest open-air theatre". News on Air: All India RadioNewsonair.com. Archived from the original on 3 March 2016. https://web.archive.org/web/20160303100806/http://newsonair.com/Dhanu-Yatra-of-Bargarh-Odisha%E2%80%93World-biggest-open-air-theater.asp। আহৰণ কৰা হৈছে: 14 January 2016. 
  2. "Dhanu Jatra". Festivalsofindia.in. http://www.festivalsofindia.in/Dhanu-Jatra/। আহৰণ কৰা হৈছে: 14 January 2016. 
  3. Mohapatra, Prabhukalayan (2005). "Dhanuyatra of Bargarh : World's Biggest Open-Air-Theatre". Orissa Review. http://odisha.gov.in/e-magazine/Orissareview/dec2005/engpdf/dhanuyatra_of_bargarh_worlds_biggest_open_air_theatre.pdf। আহৰণ কৰা হৈছে: 14 January 2016. 
  4. Mishra, Biranchi. "Dhanu Yatra: Largest Open Air Ethnic Theatre". ISKCON News. Archived from the original on 19 March 2015. https://web.archive.org/web/20150319105140/http://iskconnews.org/dhanu-yatra-largest-open-air-ethnic-theatre,888/। আহৰণ কৰা হৈছে: 14 January 2016. 
  5. "The Hindu : Other States / Orissa News : Bargarh gears up for Dhanu Yatra". hindu.com. 2008. Archived from the original on 16 February 2013. https://archive.today/20130216053506/http://www.hindu.com/2008/12/23/stories/2008122350850200.htm। আহৰণ কৰা হৈছে: 18 January 2013. "The 11-day cultural extravaganza is globally known as world’s largest open-air theatre." 
  6. "All of Bargarh's a stage for Dhanu Yatra - Times Of India". indiatimes.com. 2011. Archived from the original on 2013-02-16. https://archive.today/20130216063212/http://articles.timesofindia.indiatimes.com/2011-01-12/bhubaneswar/28352109_1_gopapur-hrusikesh-bhoi-bargarh-dhanu-yatra। আহৰণ কৰা হৈছে: 18 January 2013. "It is also referred to as the world's biggest open-air theatre" 
  7. 7.0 7.1 Dehury, Chinmaya (27 December 2015). "Odisha town turns into Mathura for world's biggest open air theatre". Sify. IANS (Sify News). http://www.sify.com/news/odisha-town-turns-into-mathura-for-world-s-biggest-open-air-theatre-news-others-pm1sEjaghachf.html। আহৰণ কৰা হৈছে: 14 January 2016. 
  8. Koshal Discussion and Development Forum
  9. "National fest tag to Bargarh Dhanu Yatra". The Times Of India. https://m.timesofindia.com/city/bhubaneswar/National-fest-tag-to-Bargarh-Dhanu-Yatra/articleshow/45010373.cms. 
  10. Bargarh Dhanu Yatra Govt. website, maintained by National Informatics Centre