অসমীয়া ব্যঞ্জনবৰ্ণৰ অন্যতম

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২০ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ন'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ন' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে সম্পাদনা কৰক

স্বৰবৰ্ণ 'ন'ৰ লগত যোগ হ'লে
না
নি
নী
নু
নূ
নৃ
নে
নৈ
নো
নৌ

যুক্তবৰ্ণ (ন যোগ) সম্পাদনা কৰক

ন্ + ত + ৱ = ন্ত্ব = সান্ত্বনা
ন্ + থ = ন্থ = গ্ৰন্থ
ন্ + দ = ন্দ = মন্দ
ন্ + ধ = ন্ধ = অন্ধ
ন্ + ন = ন্ন = অন্ন
ন্ + ব = ন্ব = অন্বেষণ
ন্ + ম = ন্ম = জন্ম
ন্ + য় = ন্য = মান্য
ন্ + স = ন্স = ফ্ৰান্স

'ন'ৰে আৰম্ভ শব্দ সম্পাদনা কৰক

  • নদী
  • নৈ
  • নৰ
  • নমস্কাৰ
  • নখ
  • নাক
  • নম্ৰ
  • নায়ক
  • নৌসেনা
  • নকুল
  • নৰনাৰায়ণ
  • নাৰায়ণ
  • নক্সা
  • ননৈ

আদি।

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. xobdo.org search result of ব্যঞ্জন বৰ্ণ