নগাভাও
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
নগাভাও উজনি অসমত প্ৰচলিত এবিধ লোকনাট্যানুষ্ঠান। ডিব্ৰুগড় জিলাৰ মৰাণৰ পৰা প্ৰায় বিশ কিলোমিটাৰ দূৰত অৱস্থিত আঘোণীবাৰীৰ কাষৰীয়া বৰপথাৰ গাঁৱৰ ৰাইজে অতীজৰে পৰা প্ৰতি দুবছৰৰ মূৰে মূৰে এই লোকনাট্যানুষ্ঠান উদযাপন কৰি আহিছে। শিৱসাগৰ জিলাৰ ডিমৌৰ পাৰ্শ্বৱৰ্তী এৰাবাৰী নামৰ ঠাইতো এনে পৌৰাণিক ভাওনা কৰাৰ পৰম্পৰা থকাৰ কথা জনা যায়। বৰপথাৰ গাঁৱৰ নামঘৰত যি বছৰ এই উৎসৱ অনুষ্ঠিত কৰা হয় সেইবছৰ গাঁৱত ৰঙালী বিহুত হুঁচৰি গোৱা নহয়। নগাভাওক তেওঁলোকে গোপীভাও বুলিও কয়। [1]
জনবিশ্বাস
সম্পাদনা কৰকলোকসকলৰ মাজত বিশ্বাস আছে যে এই পৌৰাণিক ভাওখন মহা সম্ভ্ৰমেৰে আৰু নিষ্ঠাৰে উদযাপন কৰিলে গাঁওবাসী অপায় অমংগলৰ পৰা হাত সাৰি থাকিব পাৰে। তাকে নকৰিলে গাঁওবাসীৰ নানা ধৰণৰ অপায় অমংগল হ'ব পাৰে বুলি তেওঁলোকে বিশ্বাস কৰে।
প্ৰস্তুতি
সম্পাদনা কৰকবৰপথাৰ গাঁৱৰ লোকে নগাভাও কৰিবৰ বাবে আগতীয়াকৈ যা - যোগাৰ চলায়। এজন জ্যোতিষীৰ দ্বাৰা চোৱাই মেলি ভাওনাৰ শুভদিন ধাৰ্য কৰে। সেই শুভদিনৰ বাবে সমগ্ৰ গাওঁখনে প্ৰস্তুতি চলায়। ভাওনাৰ সময়ত গাঁৱৰ সকলোৰে ঘৰত নিজৰ নিজৰ মিতিৰ কুটুম্বসকল গোট খায়হি। নগাভাও লোকনাট্য অনুষ্ঠিত কৰিবৰ বাবে গাঁৱৰ বুঢ়া - মেথা আৰু ৰাইজ লগ লাগি নামঘৰৰ ভিতৰতে এটা ছোঁ - ঘৰ সাজে। ছোঁ - ঘৰটো কলৰ পাত আৰু তামোলৰ শুকান ঢকুৱাৰে বেৰি অস্থায়ীভাৱে সাজি লোৱা এটা আছুতীয়া কোঠা। ইয়াক তেওঁলোকে কোঠমৰা বোলে। কোঠমৰাৰ ভিতৰত ভাওনাৰ বাবে প্ৰয়োজন হোৱা সাজ - পোছাক, মুখা, ভাওনাত ব্যৱহাৰ কৰিবলগীয়া অস্ত্ৰ - শস্ত্ৰ, সা - সৰঞ্জাম আদি সমূহীয়াকৈ সাজি লোৱা হয়। এই কামখিনি সকলোৱে দেখাকৈ মুকলিকৈ কৰা নহয়। সেইকাৰণে অস্থায়ীভাৱে এই ছোঁ - ঘৰটো সাজি লোৱা হয়। সকলোবোৰ প্ৰয়োজনীয় সা- সৰঞ্জাম নিৰ্মাণ কৰি শেষ কৰাৰ পাছত ভাওনাৰ আগনিশা নিৰ্দিষ্ট নিয়মেৰে গায়ন বায়ন লৈ সেই সকলোবোৰ বস্তু নামঘৰৰ কাষতে থকা স্কুল ঘৰটোলৈ লৈ যায়। তাতো এই সামগ্ৰীসমূহ গোপনীয়তা ৰক্ষা কৰি সম্ভ্ৰমেৰে ৰখা হয়। ছোঁ - ঘৰৰ পৰাই ভাৱৰীয়াসকলে কটকীৰ নিৰ্দেশমতে ভাওনা থলীত ভাও দিবলৈ যায়। [2]
পৰিৱেশন শৈলী
সম্পাদনা কৰকসাধাৰণতে বয়স্ক লোকসকলে এই ভাওনাত ভাৱৰীয়া হিচাপে অংশ গ্ৰহণ কৰে। শিশু সকলক ভাও লবলৈ দিয়া নহয়। যিসকলে ভাওনাত অংশ ল'ব বিচাৰে তেওঁলোকে নিৰ্দিষ্ট নিয়মেৰে আজ্ঞা লৈহে ভাও লবলৈ আগবাঢ়ে। এই কাৰ্যক' নেকেৰা লোৱা ' বুলি কোৱা হয়। নিশা আঠ ন বজাত ভাওনাৰ আৰম্ভণি হয়। আগবৰণী নামৰ এটি অনুষ্ঠানেৰে ভাওনাৰ আৰম্ভণি ঘোষণা কৰা হয়। খোল তালেৰে আৰম্ভ কৰা আগবৰণীত হাতত আৰিয়া লৈ কটকী (সূত্ৰধাৰ) ওলায়। কটকীয়ে ভাওনাৰ আঁত ধৰে আৰু তেওঁৰ নিৰ্দেশ অনুসাৰে ভাওনাৰ পটসমূহ আগবাঢ়ে। প্ৰথমে ষোল্লশ গোপিনীৰ আবিৰ্ভাৱ হয়। ষোল্লজন পুৰুষে ষোল্ল গৰাকী গোপিনীৰ সাজত সাজি ষোল্লশ গোপিনীৰ প্ৰতিনিধিত্ব কৰে। ইয়াৰ পাছত চিপাহী আৰু নগাসকল আহে। দুয়ো পক্ষৰ মাজত যুদ্ধ হয়। এই যুদ্ধৰ পাছত ঐৰাৱত আহে, ইয়াৰ পাছত আবিৰ্ভাৱ হয় বলোভদ্ৰৰ। পাছত আবিৰ্ভাৱ হয় ৰজা মহাৰাণীৰ। ইয়াৰ পাছত ক্ৰমান্বয়ে গৰুণ্ড পক্ষী, মহেশ, অশ্ব আহে। মাছমৰীয়াসকল আহি বৰশী বায়, জাকৈ - খালৈ লৈ মাছ ধৰাৰ ভাও দিয়ে। শেষত আহে সাপৰুৱা। ভাওনাখন প্ৰায় দুই - তিনি ঘণ্টামানৰ ভিতৰতে শেষ হয়। ভাওনা শেষ হোৱাৰ পাছত ভাওনা থলীতে হুঁচৰি গোৱা হয় আৰু পিছদিনাখনেই ৰাজহুৱাভাৱে হুঁচৰি উৰোৱা হয়। নগাভাও শেষ হোৱাৰ পাছত ইতিমধ্যে আখৰা কৰি থকা কোনো এখন ভাওনা অনুষ্ঠিত কৰা হয়। এই ভাওনাখন সংযোজন ঘটে পৰবৰ্তী সময়ত, পূৰ্বতে নগাভাওখনকে নিশাটোত কেইবাবাৰো অনুষ্ঠিত কৰিছিল। পৰবৰ্তী কালত কোনোবা এটা সময়ৰ পৰা গাঁৱৰ ৰাইজৰ উৎসাহত আন এখন ভাওনা অনুষ্ঠিত কৰাৰ পৰম্পৰা আৰম্ভ হয়। নগাভাওখন কৰি শেষ হোৱাৰ পাছত ভাওনাৰ সকলো সামগ্ৰী, ভাৱৰীয়াসকলৰ পোছাক পৰিচ্ছদ নিশাৰ ভিতৰতে জুইত দাহ কৰি শেষ কৰি পেলোৱা হয়। [3]