নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ

নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ হৈছে অসম চৰকাৰৰ দ্বাৰা আয়োজিত এক আধ্যাত্মিক অনুষ্ঠান। এই অনুষ্ঠানত ব্ৰহ্মপুত্ৰ নদীক আৰাধনা কৰা হৈছিল। অনুষ্ঠানটি ২০১৭ চনৰ ৩১ মাৰ্চৰ পৰা ৪ এপ্ৰিল তাৰিখলৈকে অনুষ্ঠিত হৈছিল। ব্ৰহ্মপুত্ৰ নদীয়ে চুই যোৱা অসমৰ ২১ খন জিলাত এই উৎসৱ অনুষ্ঠিত হৈছিল। অনুষ্ঠানটি অনুষ্ঠিত কৰাৰ পাছত অৱশ্যে চৰকাৰে ৰাজহুৱা ধনৰ অপচয় কৰা বুলি যথেষ্ঠ সমালোচনাৰো সন্মুখীন হৈছিল।

নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ এক অনুষ্ঠান