নাইনিতাল বেংক

ভাৰতৰ ব্যক্তিগত খণ্ডৰ বেংক

নাইনিতাল বেংক লিমিটেড হৈছে ১৯২২ চনত প্ৰতিষ্ঠা হোৱা এটা অনুসূচিত বাণিজ্যিক বেংক। এইটো ভাৰতৰ উত্তৰাখণ্ডৰ নাইনিতালত অৱস্থিত। ভাৰতৰ পাঁচখন ৰাজ্য: উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা, আৰু ৰাজস্থানত এই বেংকৰ ১৫১টা শাখা আছে। ইয়াৰ গ্ৰাহকসকলক ব্যক্তিগত বেংকিং, কৰ্পৰেট বেংকিং, গ্ৰাম্য বেংকিং, আৰু আন্তঃৰাষ্ট্ৰীয় বেংকিংকে ধৰি বিভিন্ন ধৰণৰ বেংকিং সেৱা আগবঢ়ায়।[1]

ইতিহাস সম্পাদনা কৰক

১৯২২ চনত গোবিন্দ বল্লভ পন্ত আৰু শ্বাহ সমাজে এই অঞ্চলৰ প্ৰথমটো বেংক হিচাপে প্ৰতিষ্ঠা কৰিছিল নাইনিতাল বেংক।[2] ১৯৭৫ চনত বেংক অৱ বৰোদাই বেংকটোৰ মেনেজিং এজেণ্ট হয়, আৰু ১৯৯১ চনত বেংক অৱ বৰোদাই বেংকটোৰ ৯৮.৬% অংশীদাৰিত্ব লাভ কৰে।[3] ২০০৬ চনত বেংকটো এটা অনুসূচিত বাণিজ্যিক বেংকলৈ পৰিণত হয়।[2]

২০২০ চনত বেংকটোৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে মুকেশ শৰ্মাক নিযুক্তি দিয়ে।[4]

সেৱাসমূহ সম্পাদনা কৰক

নাইনিতাল বেংকে ইয়াৰ গ্ৰাহকসকলক বেংকিং সেৱা আগবঢ়ায়, য'ত আছে:

  • ব্যক্তিগত বেংকিং - বেংকে বিভিন্ন ব্যক্তিগত বেংকিং সেৱা আগবঢ়ায়, য'ত আছে চেভিংছ একাউণ্ট, কাৰেণ্ট একাউণ্ট, ফিক্সড ডিপ'জিট, পুনৰাবৃত্তিমূলক ডিপ'জিট, আৰু ব্যক্তিগত ঋণ, গৃহ ঋণ, শিক্ষা ঋণ আদি ঋণ।
  • কৰ্পোৰেট বেংকিং - বেংকে কৰ্পৰেট ক্লায়েণ্টসকলক ঋণ, বাণিজ্য বিত্ত, নগদ ধন ব্যৱস্থাপনা, আৰু অন্যান্য বিত্তীয় সেৱাকে ধৰি বহুতো কৰ্পৰেট বেংকিং সেৱা আগবঢ়ায়।
  • গ্ৰাম্য বেংকিং - বেংকৰ গ্ৰাম্য অঞ্চলৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ড, কৃষি ঋণ, আৰু অন্যান্য বিত্তীয় সেৱাকে ধৰি বিভিন্ন ধৰণৰ বেংকিং সেৱা আছে।
  • আন্তঃৰাষ্ট্ৰীয় বেংকিং - বেংকে গ্ৰাহকৰ বাবে বিদেশী মুদ্ৰাৰ সেৱা আগবঢ়ায়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক