মূল মেনু খোলক

নাগৰিকত্ব (ইংৰাজী: Citizenship) হৈছে এজন ব্যক্তিক এখন সাৰ্বভৌম দেশে ইয়াৰ নিজস্ব আইনৰ অধীনত প্ৰদান কৰা সদস্যপদ। ৰাষ্ট্ৰসংঘৰ মতে নাগৰিকত্ব হৈছে "এখন দেশৰ ৰাজনীতিত অংশ গ্ৰহণ কৰাৰ অধিকাৰৰ প্ৰতি স্বীকৃতি"। টি.এইচ. মাৰ্চালে নাগৰিকত্বৰ সম্পৰ্কে কৈছে, "নাগৰিকত্ব সেইসকল ব্যক্তিক প্ৰদান কৰা হয় যি সকল এখন ৰাষ্ট্ৰৰ স্থায়ী বাসিন্দা আৰু যিসকলে ৰাষ্ট্ৰই প্ৰদান কৰা সকলো অধিকাৰৰ যোগ্য উপভোক্তা আৰু ৰাষ্ট্ৰৰ প্ৰতি থকা দায়িত্ব পালন কৰিব পাৰে।"[1] আধুনিক ৰাষ্ট্ৰৰ ধাৰণাৰ বিকাশ হোৱাৰ সমান্তৰালকৈ নাগৰিকত্বৰ ধাৰণাটোৰো বিকাশ সাধন হৈছিল। বৰ্তমান সময়ত নাগৰিকত্বৰ ধাৰণাটো অধিকাৰৰ সৈতে সম্পৰ্কিত যদিও আৰম্ভনি পৰ্যায়ত ই এখন ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ সৈতেহে জড়িত হৈ আছিল।[1]

এজন ব্যক্তিৰ নাগৰিকত্ব কেইবাটাও থাকিব পাৰে। ঠাইভেদে আৰু ৰাষ্ট্ৰযন্ত্ৰভেদে ইয়াৰ প্ৰকাৰ বিভিন্ন। উদাহৰণস্বৰূপে ইংলেণ্ড বা ইংলেণ্ডৰ দৰে এককেন্দ্ৰিক চৰকাৰ ব্যৱস্থাত নাগৰিকত্ব আৰু জাতীয়তা একেই ধাৰণা, কিন্তু আমেৰিকাৰ দৰে যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যৱস্থাৰ বাবে নাগৰিকত্ব আৰু জাতীয়তা দুটা পৃথক বিষয়। নাগৰিকত্ব নথকা ব্যক্তিসকলক "ৰাষ্ট্ৰহীন ব্যক্তি" (Stateless) বুলি কোৱা হয়।

নাগৰিকত্ব লাভ কৰাৰ ভিত্তিসম্পাদনা কৰক

নাগৰিকত্বৰ ভিত্তি ৰাষ্ট্ৰভেদে নাগৰিকত্ব লাভ কৰাৰ ভিত্তিসমূহ পৃথক-পৃথক। তলত এই ভিত্তিসমূহ আলোচনা কৰা হৈছে:

জন্মসূত্ৰে (Jus sanguinis)

যদিহে এজন ব্যক্তিৰ পিতৃ বা মাতৃ যিকোনো এজন কোনো এখন দেশৰ নাগৰিক, তেন্তে সেই ব্যক্তিজনে দেশখনৰ নাগৰিকত্ব জন্মসূত্ৰে লাভ কৰে। যদিহে এজন ব্যক্তিৰ পিতৃ বা মাতৃৰ যিকোনো এজন এখন দেশৰ নাগৰিক তেনে ক্ষেত্ৰটো সাধাৰণ অৱস্থাত ব্যক্তিজনে সম্পৰ্কিত দেশখনৰ নাগৰিকত্ব লাভ কৰিব পাৰে।

বিবাহসূত্ৰে (Jus matrimonii)

বহু দেশৰ স্বাভাৱিকীকৰণ প্ৰক্ৰিয়াৰ এটা অংশ হৈছে বিবাহসূত্ৰে প্ৰদান কৰা নাগৰিকত্ব। এই ভিত্তিৰ অনুসৰি এজন ব্যক্তিয়ে বৈবাহিক সম্পৰ্কৰ সূত্ৰে তেওঁৰ পত্নী বা স্বামীৰ দেশৰ নাগৰিকত্ব দাবী কৰিব পাৰে। ইংলেণ্ড, জাৰ্মানী, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডাৰ দৰে দেশসমূহত অৱশ্যে বিবাহসূত্ৰে নাগৰিকত্ব লাভ কৰিবলৈ ব্যক্তিজনে বহু বছৰ ধৰি দেশখনত বাস কৰি থাকিব লাগিব।

স্বাভাৱিকীকৰণ

দেশভেদে স্বাভাৱিকীকৰণ পদ্ধতিৰে নাগৰিকত্ব প্ৰদান কৰাৰ সময়সীমা আৰু চৰ্তাৱলী ভিন্ন-ভিন্ন। সাধাৰণতে স্বাভাৱিকীকৰণৰ যোগেদি দেশখনে ইয়াৰ ভূমিলৈ আইনসংগতভাৱে প্ৰৱেশ কৰা শৰণাৰ্থী বা ৰাজনৈতিক আশ্ৰয়গ্ৰহণকাৰীসকলক নিৰ্দিষ্ট সময়সীমাৰ পাছত নিৰ্দিষ্ট চৰ্তসাপেক্ষে নাগৰিকত্ব প্ৰদান কৰে।

অৰ্থনৈতিক বিনিয়োগৰ জৰিয়তে

নিৰ্দিষ্ট পৰিমাণৰ ধনৰ বিনিয়োগৰ জৰিয়তে কিছুসংখ্যক দেশৰ নাগৰিকত্ব লাভ কৰিব পাৰি। এই আঁচনিখন অৱশ্যে যথেষ্ট বিতৰ্কপূৰ্ণ।[2] কানাডা, নিউজিলেণ্ড, লটিভিয়া, বুলগেৰিয়া, স্পেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰীচ, মালটা আদি দেশত এইদৰে নাগৰিকত্ব লাভ কৰিব পাৰি।

নাগৰিকত্ব হেৰুৱাৰ ভিত্তিসম্পাদনা কৰক

ঠিক সেইদৰে বিভিন্ন কাৰণত এজন ব্যক্তিয়ে নাগৰিকত্ব হেৰুৱাবও পাৰে। নাগৰিকত্ব হেৰুওৱাৰ কাৰণসমূহ তলত দিয়াধৰণৰ:

  1. অন্য দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিলে
  2. স্থায়ীভাৱে বিদেশত বসবাস কৰিলে
  3. ভুৱা স্বাভাৱিকীকৰণ পদ্ধতি গ্ৰহণ কৰিলে (বিশেষকৈ কিছুসংখ্যক দেশত নাগৰিকত্ব দাবী কৰিবলৈ সুবিধা হোৱাকৈ ভুৱা বিবাহ কৰে)
  4. অন্য দেশৰ সামৰিক বাহিনীত চাকৰি কৰিলে
  5. শিশুজনৰ পিতৃ-মাতৃৰ সৈতে হোৱা সম্পৰ্কৰ পৰিৱৰ্তন হ'লে
  6. নাগৰিকত্বৰ চৰ্তাৱলী পূৰণ কৰিব নোৱাৰিলে
  7. ইচ্ছাকৃতভাৱে নাগৰিকত্ব প্ৰত্যাহাৰ

তথ্যসূত্ৰসম্পাদনা কৰক

লগতে চাওকসম্পাদনা কৰক