নিজামাবাদৰ ক'লা মাটিৰ শিল্প

নিজামাবাদৰ ক'লা মাটিৰ শিল্প (ইংৰাজী: Nizamabad black clay pottery) ভাৰতউত্তৰ প্ৰদেশ ৰাজ্যৰ আজমগড় জিলাৰ নিজামাবাদত প্ৰচলিত পৰম্পৰাগত মৃৎশিল্প। ক'লা উজ্জ্বল পাত্ৰত ৰূপালী নক্সাৰ বাবে এই মৃৎশিল্প জনাজাত।[1][2] ২০১৫ চনৰ ডিচেম্বৰ মাহত এই শিল্পয়ে ভাৰত চৰকাৰৰ পেটেণ্ট, ডিজাইন আৰু ট্ৰেড মাৰ্কৰ নিয়ন্ত্ৰক জেনেৰেলৰ পৰা ভৌগোলিক স্বীকৃতি লাভ কৰিছিল।[3]

নিজামাবাদৰ ক'লা মাটিৰ শিল্প
ভৌগোলিক স্বীকৃতি
Nizamabad black clay pottery.png
বৰ্ণনা ক'লা উজ্জ্বল পাত্ৰত ৰূপালী নক্সাৰ বাবে এই মৃৎশিল্প জনাজাত
প্ৰকাৰ উৎপাদন
অঞ্চল নিজামাবাদ, আজমগড় জিলা, উত্তৰ প্ৰদেশ
দেশ ভাৰত
পঞ্জীয়ন ডিচেম্বৰ ২০১৫
উপাদান ক'লা মাটি; দস্তা, টিন বা সীহৰ মিশ্ৰণ

ইতিহাসসম্পাদনা কৰক

পাৰম্পৰিক শিল্পটো গুজৰাট ৰাজ্যৰ কচ্ছ অঞ্চলৰ পৰা উদ্ভৱ হৈছিল। মোগল সম্ৰাট ঔৰংগজেৱৰ শাসনকালত কিছুমান মৃৎশিল্পীয়ে নিজামাবাদলৈ প্ৰব্ৰজন কৰিছিল। ৰূপৰ কলাকৃতিসমূহ বিদ্ৰিৱেৰৰ পৰা অনুপ্ৰাণিত।[4] বিদ্ৰিৱেৰ ৰূপৰ তাঁৰ ব্যৱহাৰ কৰি পাত্ৰ সজোৱা এবিধ হস্তশিল্প। নিজামাবাদৰ শিল্পকলাত প্ৰায় ২০০টা পৰিয়াল জড়িত আৰু তেওঁলোকৰ বেছিভাগ কাম ৰপ্তানি কৰা হয়। তথাপিও তেওঁলোকৰ অৱস্থা ভাল নহয়। ক'লা মাটিৰ মৃৎশিল্পটো ২০১৩ চনৰ অক্টোবৰত লক্ষ্ণৌৰ নাবাৰ্ড আৰু বাৰাণসীৰ মানৱ কল্যাণ সংস্থাৰ সমৰ্থনত ভৌগোলিক স্বীকৃতি (জিআই) টেগৰ বাবে মনোনয়ন কৰা হৈছিল। ইয়াক ২০১৫ চনৰ ডিচেম্বৰত ভৌগোলিক স্বীকৃতিৰ বাবে পঞ্জীয়ন কৰা হয়। ইয়াৰ ফলত সামগ্ৰীটো কেৱল উৎসৰ নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত উৎপাদন কৰাৰ অধিকাৰ লাভ কৰে।[3][5]

ভাৰতীয় উপমহাদেশৰ নাগৰিক লৌহ যুগৰ সংস্কৃতিৰ উত্তৰ ক'লা পলিছ কৰা সামগ্ৰীৰ মৃৎশিল্পৰ সৈতে মিল থকাৰ বাবে ইতিহাসবিদসকলে নিজামবাদৰ ক'লা মাটিৰ শিল্পৰ অধ্যয়ন কৰে।[6]

প্ৰস্তুতিসম্পাদনা কৰক

মৃৎশিল্পবোৰ স্থানীয়ভাৱে উপলব্ধ সূক্ষ্ম গাঁথনিযুক্ত মাটিৰে তৈয়াৰ কৰা হয়। মাটিৰ সাঁচবোৰ বিভিন্ন আকৃতিত প্ৰস্তুত কৰা হয় আৰু ভাটাত পোৰা হয়। পিছত এই মাটিৰ সামগ্ৰীবোৰ পাউডাৰ পাচলিৰ অংশৰে ধুই দিয়া হয় আৰু সৰিয়হৰ তেলেৰে ঘঁহি দিয়া হয়। তীক্ষ্ণ ডাল ব্যৱহাৰ কৰি ফুল আৰু জ্যামিতিক আৰ্হিৰ খাজেৰে পাত্ৰসমূহ সজোৱা হয়। সেইবোৰ ভাটাত চাউলৰ তুহৰ সৈতে ধোঁৱা দিয়া হয় আৰু ইযাৰ ফলত পাত্ৰবোৰে অনন্য চকচকীয়া ক'লা পৃষ্ঠ লাভ কৰে। সেইবোৰ পুনৰ তেলেৰে ঘঁহি ভাটাত পোৰা হয়। মাটিৰ সামগ্ৰীৰ খাঁজবোৰ তাৰ পিছত দস্তা আৰু পাৰাৰ ৰূপালী পাউডাৰেৰে ভৰ্তি কৰা হয়। ইয়াৰ পিছত পানীৰে ধুই পুনৰ পলিছ কৰা হয়। লিড বা টিন এমালেগামো ব্যৱহাৰ কৰা হয়।[7] ৰূপৰ পাউডাৰে মাটিৰ ক'লা পৃষ্ঠভূমিৰ বিপৰীতে চকচকীয়া ৰং দিয়ে। কেতিয়াবা এইবোৰ উজ্জ্বল কৰিবলৈ গৰম অৱস্থাত লাৰ প্ৰলেপ দিয়া হয়।[3][5][4][8][9]

নিজামাবাদৰ ক'লা মাটিৰ শিল্পৰ জৰিয়তে বিভিন্ন ধৰণৰ ঘৰুৱা আৰু আলংকাৰিক সামগ্ৰী তৈয়াৰ কৰা হয়। ইয়াৰ ভিতৰত উল্লেখযোগ্য সমূহ হৈছে: ফুলদানি, প্লেট, পাত্ৰ, চাকি, চাহৰ ছেট, বাটি, জাহাজ, ধূপকাঠি ধাৰক আৰু হিন্দু ধৰ্মৰ দেৱ-দেৱীৰ মূৰ্তি। এই শিল্পত প্ৰস্তুত কৰা সুৰাহী নামৰ দীঘলীয়া ডিঙিৰ পানীৰ পাত্ৰ বিশেষভাৱে জনপ্ৰিয় বস্তু।[3][5]

তথ্য উৎসসম্পাদনা কৰক

  1. Keshav Chandra Gupta (1 January 1988). Progress and Prospects of Pottery Industry in India: A Case Study of U.P.. Mittal Publications. পৃষ্ঠা. 20. ISBN 978-81-7099-051-2. https://books.google.com/books?id=gdicUXyC0BwC&pg=PA20. 
  2. "NGO working to preserve culture in poor villages". SundayGuardianLive. 25 January 2016. http://www.sunday-guardian.com/news/ngo-working-to-preserve-culture-in-poor-villages। আহৰণ কৰা হৈছে: 25 January 2016. 
  3. 3.0 3.1 3.2 3.3 Raj, Manish (2 December 2015). "Now GI tag for black clay pottery of Nizamabad". The Times of India. http://timesofindia.indiatimes.com/city/chennai/Now-GI-tag-for-black-clay-pottery-of-Nizamabad/articleshow/50003436.cms। আহৰণ কৰা হৈছে: 25 January 2016. 
  4. 4.0 4.1 "Etched Black Pottery from Azamgarh, Nizamabad, India: Chitra Balasubramaniam explores the pottery traditions of Bidri work.". Free Online Library. 1 May 2014. http://www.thefreelibrary.com/Etched+Black+Pottery+from+Azamgarh,+Nizamabad,+India%3A+Chitra...-a0372884209। আহৰণ কৰা হৈছে: 25 January 2016. 
  5. 5.0 5.1 5.2 Singh, Binay (11 April 2015). "Azamgarh black clay pottery in race to get GI tag". The Times of India. http://timesofindia.indiatimes.com/city/varanasi/Azamgarh-black-clay-pottery-in-race-to-get-GI-tag/articleshow/46883106.cms। আহৰণ কৰা হৈছে: 25 January 2016. 
  6. Bhardwaj, Hari C. (7 January 2016). Aspects of Ancient Indian Technology. ISBN 9788120830400. https://books.google.com/books/about/Aspects_of_Ancient_Indian_Technology.html?id=pLqo5bu_q_sC। আহৰণ কৰা হৈছে: 25 January 2016. 
  7. NIIR Board of Consultants & Engineers (1 October 2005). The Complete Book on Glass and Ceramics Technology. ASIA PACIFIC BUSINESS PRESS Inc.. পৃষ্ঠা. 246. ISBN 978-81-7833-033-4. https://books.google.com/books?id=5kacAgAAQBAJ&pg=PT246. 
  8. Aditi Ranjan; M. P. Ranjan (2009). Handmade in India: A Geographic Encyclopedia of Indian Handicrafts. Abbeville Press. পৃষ্ঠা. 157. ISBN 978-0-7892-1047-0. https://books.google.com/books?id=ixhJAQAAIAAJ. 
  9. Baidyanath Saraswati (1978). Pottery-making Cultures and Indian Civilization. Abhinav Publications. পৃষ্ঠা. 8. ISBN 978-81-7017-091-4. https://books.google.com/books?id=aqrB_Nzr5QcC&pg=PA8. 

বাহ্যিক সংযোগসম্পাদনা কৰক

  • Prasad, C. S.; Maiti, K. N. (1998). "Psysico-chemical Characterization of Some Common Clsys of Nizamabad, UP". Transactions of the Indian Ceramic Society খণ্ড 57 (6): 141–148. doi:10.1080/0371750x.1998.10804855.