নুপি লান

মণিপুৰৰ মহিলাৰ আন্দোলন

নুপি লান (ইংৰাজী: Nupi Lan) মণিপুৰৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ মহিলাৰ আন্দোলন। মেইতেই ভাষাত 'নুপি' মানে মহিলা আৰু 'লান' মানে যুদ্ধ। অৰ্থাৎ আক্ষৰিকভাবে ইয়াৰ অৰ্থ হৈছে মহিলাৰ যুদ্ধ। মণিপুৰী মহিলাসকলে ১৯০৪ আৰু ১৯৩৯ চনত ব্ৰিটিছ সাম্ৰাজ্যবাদীসকলৰ দ্বাৰা আৰম্ভ হোৱা গণ শোষণ আৰু কৃত্ৰিম দুৰ্ভিক্ষৰ বিৰুদ্ধে দুখন ঐতিহাসিক যুদ্ধৰ লগত জড়িত আছিল।[1] মণিপুৰৰ মহিলাসকলে সমাজত এক বিশেষ মৰ্যাদা লাভ কৰে আৰু মণিপুৰৰ ইতিহাস গঢ়াত সদায় সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে।[2]

নুপি লান

প্ৰথম নুপি লান

সম্পাদনা কৰক

১৯০৪ চনত আৰম্ভ হোৱা প্ৰথম নুপি লান মণিপুৰী লোকসকলক কাবৌ ভেলীলৈ পঠোৱাৰ ব্ৰিটিছ আদেশৰ বিৰুদ্ধে আছিল। সেই সময়ৰ পুলিচ এজেণ্টৰ বাংলো জুইত বিধ্বস্ত হোৱাৰ পিছত পুনৰ নিৰ্মাণৰ বাবে কাঠ আনিবলৈ মণিপুৰী লোকসকলক কাবৌ উপত্যকালৈ পঠোৱাৰ আদেশ দিছিল।[2] প্ৰথম নুপি লানক পূৰ্বৰ শাসক পৰিয়ালৰ উত্তৰাধিকাৰীসকলে উত্তেজিত কৰিছিল। তেওঁলোকে চূড়া চান্দ সিঙক মণিপুৰৰ ৰজা হিচাপে বাছনি কৰাটো পছন্দ কৰা নাছিল। তেওঁলোকে মণিপুৰৰ মহিলাসকলক লালুপ কাবা প্ৰথাক পুনৰুজ্জীৱিত কৰাৰ ব্ৰিটিছ চৰকাৰৰ আদেশক প্ৰতিৰোধ কৰিবলৈ প্ৰেৰিত কৰিছিল। লালুক কাবা হৈছে প্ৰকাৰৰ বলপূৰ্বক শ্ৰমিক প্ৰণালী। এই প্ৰণালী অনুসৰি ১৭ ৰ পৰা ৬০ বছৰ বয়সৰ সমাজৰ পুৰুষ সদস্যই চল্লিশ দিনৰ কামৰ পিছত দহ দিনৰ কাম বিনামূলীয়াকৈ কৰিব লাগে।[3] ৫,০০০ তকৈও অধিক মহিলাই অংশগ্ৰহণ কৰা এই সংগ্ৰাম এসপ্তাহ ধৰি চলিছিল।[4] অৱশেষত যদিও ব্ৰিটিছ শাসকসকলে বিদ্ৰোহ দমন কৰাত সফল হৈছিল, তথাপিও তেওঁলোকে নিজৰ আদেশ বাতিল কৰিবলৈ বাধ্য হৈছিল।[1]

দ্বিতীয় নুপি লান

সম্পাদনা কৰক

দ্বিতীয় নুপি লান মণিপুৰৰ পৰা ব্ৰিটিছ শাসকৰ সমৰ্থনত মাৰৱাৰী ব্যৱসায়ীসকলে চাউলৰ নিৰ্বিচাৰ ৰপ্তানিৰ বাবে আৰম্ভ কৰা হৈছিল। ব্যৱসায়ীসকলে মণিপুৰত উৎপাদিত চাউল আন ঠাইলৈ ৰপ্তানি কৰা কাৰ্যৰ ফলস্বৰূপে মণিপুৰত দুৰ্ভিক্ষৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হৈছিল। মণিপুৰত শস্য চপোৱাৰ বতৰতো শস্যৰ ভীষণ নাটনি হৈছিল।[3]

মণিপুৰৰ মহাৰাজ আৰু মণিপুৰত ব্ৰিটিছ চৰকাৰৰ (১৯৩৩-৪৫) ৰাজনৈতিক এজেণ্ট শ্ৰীযুত গিমছনৰ অৰ্থনৈতিক আৰু প্ৰশাসনিক নীতিৰ বিৰুদ্ধে মণিপুৰী মহিলাসকলে আন্দোলন হিচাপে এই আন্দোলন আৰম্ভ কৰিছিল। পিছলৈ ই মণিপুৰত সাংবিধানিক আৰু প্ৰশাসনিক সংস্কাৰৰ বাবে এক আন্দোলনলৈ বিকশিত হৈছিল।[5]

দ্বিতীয় নুপি লানত মণিপুৰৰ কৃষিপ্ৰধান অঞ্চলৰ কৃষি অৰ্থনীতিত নিৰ্ণায়ক ভূমিকা পালন কৰি অহা মণিপুৰী মহিলাসকলে ব্ৰিটিছ চৰকাৰৰ চাউলৰ ৰপ্তানিৰ নীতিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল। ব্ৰিটিছ কৰ্তৃপক্ষই নীৰস্ত্ৰ মহিলা প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে সামৰিক আৰু আৰক্ষী বাহিনী মোতায়েন কৰি তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।[3] তেওঁলোকে ব্ৰিটিছ নীতিৰ বিৰুদ্ধে সাহসিকতাৰে যুঁজ দিছিল আৰু তেওঁলোকৰ কেইগৰাকীমানে এই আন্দোলনত প্ৰাণ হেৰুৱাইছিল। এই সংগ্ৰাম কেইবামাহ ধৰি চলিছিল কিন্তু দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পিছত ইয়াৰ তীব্ৰতা ক্ৰমে হ্ৰাস পাইছিল।[6]

বুৰঞ্জীবিদসকলৰ মতে নুপি লান আন্দোলনে মণিপুৰ নিৰ্মাণত যথেষ্ট অৰিহণা যোগাইছে। প্ৰথমতে, ই মণিপুৰত অৰ্থনৈতিক আৰু ৰাজনৈতিক সংস্কাৰৰ বীজ ৰোপণ কৰিছিল।[3] দ্বিতীয়তে, এই আন্দোলন জননেতা হিজাম ইৰাবটৰ দৰে নেতাসকলৰ ৰাজনৈতিক জীৱনৰ এক টাৰ্ণিং পইণ্ট আছিল। এই আন্দোলনৰ আগতে তেওঁৰ মুখ্য লক্ষ্য সামাজিক সংস্কাৰ আছিল। ইৰাবটে পিছলৈ এজন উগ্ৰপন্থী কমিউনিষ্ট হৈ মণিপুৰত কমিউনিষ্ট পাৰ্টি প্ৰতিষ্ঠা কৰিছিল।[7]