নুৰুল হক

অসমীয়া গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, পৰিচালক

নুৰুল হক (ইংৰাজী: Nurul Haque, ১৯৩৮-২০১৬) আছিল একাধাৰে প্ৰযোজক, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু পৰিচালক। ১৯৩৮ চনৰ ১ এপ্ৰিলত যোৰহাটৰ মহবন্ধা গাঁৱত তেওঁ জন্মগ্ৰহণ কৰে।[1] তেওঁৰ দ্বাৰা ৰচিত কেইটামান জনপ্ৰিয় গীত- অসমীৰে চোতালতে ৰ’দালিয়ে চেনেহতে, মোৰ দৃষ্টিত তুমি ধৰা পৰিলা, মধুমিতা অ’ মধুমিতা ইত্যাদি।

নুৰুল হক

নুৰুল হক
জন্ম ১ এপ্ৰিল, ১৯৩৮
ম’হবন্ধা, যোৰহাট, অসম[1]
মৃত্যু ৮ জুলাই, ২০১৬ (৭৮ বছৰ)
যোৰহাট, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা লেখক
জনা যায়
  • গীতিকাৰ
  • সুৰকাৰ
  • নাট্যকাৰ
  • পৰিচালক

জন্ম পৰিচয় সম্পাদনা কৰক

১৯৩৮ চনৰ ১ এপ্ৰিলত যোৰহাটৰ মহবন্ধা গাঁৱত নুৰুল হকৰ জন্ম হয়। তেওঁৰ দেউতাৰ নাম আছিল বদিয়ত জামাল আৰু মাতৃৰ নাম আছিল চিপিৰা খাতুন।[1] ১৯৬৪ চনত তেওঁ নাজমা হকৰ লগত বিবাহ পাশত আৱদ্ধ হয়।[1] নুৰুল হক আৰু নাজমা হকৰ সন্তান তিনিটা।[2]

শিক্ষা আৰু কৰ্মৰাজী সম্পাদনা কৰক

কলেজত পঢ়ি থকা সময়তে ১৯৫৭ চনত মুক্তি লাভ কৰা নিপ বৰুৱা পৰিচালিত মাক আৰু মৰম ছবিখনৰ বাবে দুটি হিন্দী গীত ৰচনা কৰিছিল। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১৯ বছৰ। যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ পৰা নুৰুল হকে মেট্ৰিক পাছ কৰে আৰু জে বি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি সমবায় বিভাগত কৰ্মৰত হয়।[1][2]

উল্লেখযোগ্য যে প্ৰায় ৫৪২টা অসমীয়া আৰু প্ৰায় ২০০টা জনপ্ৰিয় হিন্দী গীতৰ স্ৰষ্টা নুৰুল হকে চলচ্চিত্ৰৰ সংলাপ ৰচনা, গীত আদি সৃষ্টি কৰাৰ উপৰিও সহকাৰী পৰিচালক আৰু ৰূপসজ্জাকৰ হিচাপেও বহুকেইখন অসমীয়া ছবিত কাম কৰি খ্যাতি অৰ্জন কৰে। এই ছবি সমূহৰ ভিতৰত আছে- মাক আৰু মৰম, ৰঙা পুলিচ, মানৱ আৰু দানৱ, 'আদালত', 'উপগ্ৰহ', 'মৰীচিকা', 'ললিতা', 'অনুতাপ', আদি। ইয়াৰ উপৰিও তেজীমলা (ৰূপসজ্জাকাৰ), মানৱ আৰু দানৱ (গীতিকাৰ), আদালত’ (গীতিকাৰ), অভিযান (গীতিকাৰ), ‘উপগ্ৰহ (গীতিকাৰ), 'মৰিচিকা’ (গীতিকাৰ), ললিতা (ৰূপসজ্জাকাৰ), অনুতাপ (গীতিকাৰ আৰু ৰূপসজ্জাকৰ), গঙা চিলনীৰ পাখি (ৰূপসজ্জাকাৰ আৰু প্ৰযোজনা নিয়ন্ত্ৰক), 'ৰতনলাল’ (মুখ্য সহকাৰী পৰিচালক আৰু ৰূপসজ্জাকাৰ), 'বনজুই’ (ৰূপসজ্জাকাৰ), কল্লোল (ৰূপসজ্জাকাৰ), 'বিশেষ এৰাতি’ (ৰাপসজ্জাকৰ আৰু সহকাৰী পৰিচালক), 'ৰজনীগন্ধা’ (গীতিকাৰ আৰু ৰূপসজ্জাকাৰ), ‘ৰশ্মিৰেখা’ (ৰূপসজ্জাকাৰ আৰু সহকাৰী পৰিচালক), ঘৰ-সংসাৰ (সহকাৰী পৰিচালক), 'ময়ূৰী' (সংলাপ ৰচোঁতা), 'মেঘ’ (গীতিকাৰ, সংলাপ ৰচোঁতা আৰু ৰূপসজ্জাকাৰ), 'হৃদয় কঁপোৱা গান’ (গীতিকাৰ), 'দেউতা দিয়া বিদায়' (যুটীয়া চিত্ৰনাট্যকাৰ, সংলাপ ৰচোঁতা, গীতিকাৰ), মমতাজ (গীতিকাৰ), মেৰে সাজন (হিন্দী ছবি/গীতিকাৰ/মুক্তি লভা নাই)। তেওঁ লিখা অসমীৰে চোতালতে, মোৰ দৃষ্টিত তুমি ধৰা পৰিলা গীত দুটিৰ সুৰকাৰ আছিল জিতু-তপন। তেওঁ জিতু-তপনৰ সংগীতৰ বহু ছবিৰ বাবে গীত লিখিছিল। তদুপৰি দূৰদৰ্শনৰ বাবে তেওঁ নিৰ্মাণ কৰিছিল কেইবাখনো টেলিফিল্ম আৰু টেলিছিৰিয়েল। নুৰুল হকে নিৰ্মাণ কৰা এই টেলিফিল্ম আৰু টেলিছিৰিয়েলসমূহৰ অন্যতম হ’ল এই মাটিৰ বুকুতে’, নাগপাশৰ বন্দী’, পৰশমণি’, দিনকাল’ আদি। তদুপৰি চৰকাৰী পৃষ্ঠপোষকতাৰে তেওঁ বিভিন্ন বিষয়ৰ ওপৰত নিৰ্মাণ কৰিছিল প্ৰায় কুৰিখন তথ্যচিত্ৰ। উক্ত তথ্যচিত্ৰসমূহৰ অন্যতম আছিল অসমৰ সাংস্কৃতিক ঐতিহ্যত নাৰী, প্ৰগতিৰ সহযাত্ৰীঃ অসমৰ মহিলা উদ্যোগ, উত্তৰ-পূবৰ পাৰ্বত্য অঞ্চলত মাশ্বৰম খেতিৰ সম্ভাৱনীয়তা, অসম কৃষি বিশ্ববিদ্যালয়, আমাৰ কৃষক আমাৰ কৃষি, সেউজী ধৰাৰ বুকুতে, নতুন দিনৰ বাবে, অ’ এন জি চি আদি। তদুপৰি নুৰুল হকে দূৰদৰ্শনৰ চম্পাৱতী, বালিত বুকুৰ সোণৰ টেলিফিল্মৰ কাৰিকৰী পৰিচালক আছিল।[1][2]

গীতিকাৰ হকে ৰচনা কৰা গীতসমূহত কণ্ঠদান কৰিছিল মহম্মদ ৰফী, ড॰ ভূপেন হাজৰিকা, মহেন্দ্ৰ কাপুৰ, শ্যামল মিত্ৰ, আৰতি মুখাৰ্জী, সুৰেশ ৱাডেকাৰ, অনুৰাধা পড়োৱাল, উষা মংগেশকাৰ, সাধনা সৰগম, বিনোদ ৰাথোৰ, খগেন মহন্ত, অনুপ জলোটা, জুবিন গাৰ্গ আদি ভিন্ন কালৰ শিল্পীসকলে।[1][2]

সন্মান আৰু বঁটা সম্পাদনা কৰক

প্ৰবীণ গীতিকাৰ নুৰুল হকে লাভ কৰা বিভিন্ন সন্মানসমূহ:[2]

  • ২০০৯ চনত অসম চৰকাৰৰ শিল্পী পেন্সন,
  • ২০১৪ চনত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ শিল্পী বঁটা,
  • ২০১১ চনত দেৰগাঁও কেন্দ্ৰীয় বিহু উৎসৰে আগবঢ়াইছিল জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদ বঁটা,
  • ২০১৪ চনত ৰ’দালী গোষ্ঠীৰ জীৱনজোৰা সাধনা বঁটা,
  • ২০১৪ চনত যোৰহাট জিলা সাহিত্য সভাৰ কাব্যশ্ৰী হাজৰিকা স্মাৰক বঁটা।

মৃত্যু সম্পাদনা কৰক

পাঁচ বছৰ ডিঙিৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ পিছত, প্ৰায় এসপ্তাহ ধৰি নিউমনিয়া আৰু চেপ্টিচেমিয়া ৰোগত আক্ৰান্ত হৈ ২০১৬ চনৰ জুলাই মাহৰ ৮ তাৰিখে যোৰহাটৰ মিছন হাস্পতালত নিশা ৯.৩২ বজাত চিকিৎসালয়খনৰ আই চি ইউত থকা অৱস্থাতে পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত নুৰুল হকৰ বয়স হৈছিল ৭৮ বছৰ।[3][2]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 তালুকদাৰ, নায়েলা ইমান (3 Jul 2013). "বহুতো যুগমীয়া গীতৰ স্ৰষ্টা নুৰুল হক". জিজ্ঞাস. পৃষ্ঠা 3. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 "যুগজয়ী গীতৰ স্ৰষ্টা নুৰুল হকৰ বিয়োগ : ৰাজ্যজুৰি শোকৰ ছাঁ". সংবাদ প্ৰহৰী. 9 Jul 2016. https://www.sangbadprahari.com/2016/07/blog-post_8.html। আহৰণ কৰা হৈছে: 18 June 2020. 
  3. "বহু অমৰ গীতৰ স্ৰষ্টা নুৰুল হক আৰু নাই". Enews24ghanta. 9 Jul 2016. http://enews24ghanta.blogspot.com/2016/07/blog-post_67.html। আহৰণ কৰা হৈছে: 18 June 2020. 

বাহ্যিক সংযোগ সম্পাদনা কৰক