নোমল চন্দ্ৰ বৰা অসমৰ এজন প্ৰতিষ্ঠিত উদ্যমী আৰু স্নায়ৰোগ বিশেষজ্ঞ।[2] তেওঁ GNRC Hospitalsৰ প্ৰতিষ্ঠাতা।[3]GNRC Hospitals উত্তৰ পূব ভাৰতৰ প্ৰথমখন তৃতীয় পৰ্য্যায়ৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ চিকিৎসালয়। বৰাই ১৯৮৪ চনত গুৱাহাটীৰ মালিগাঁৱত ভেলোৰৰ স্নায়ৰোগ বিশেষজ্ঞ ডাঃ কে ভি মাথাইৰ মাৰ্গদৰ্শন আৰু সহযোগিতাত Guwahati Neurological Research Centre (GNRC) নামেৰে চিকিৎসালয় আৰম্ভ কৰে।[4] পৰৱৰ্তী পৰ্যায়ত ১৯৮৪ চনত ই এক বৃহৎ প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত হয় আৰু ১৯৮৭ চনত আনুষ্ঠানিকভাৱে GNRC Ltd. গঢ় লৈ উঠে।[5]

নোমল চন্দ্ৰ বৰা
জন্ম ১৫ আগষ্ট, ১৯৫০ (৭৪ বছৰ)
ডুবিয়া, শোনিতপুৰ জিলা, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (এম বি বি এছ)
এইমছ, নতুন দিল্লী (ডিএম)
মিচিগান বিশ্ববিদ্যালয়
পেচা
  • সামাজিক উদ্যোগী
  • চিকিৎসক
জনা যায়
  • জিএনআৰচি হাস্পতাল
  • আফৰ্ডেবল হেল্থ মিছন
  • স্বাস্থ্যমিত্ৰ
  • জিএনআৰচি মেডিচপ
  • এছিয়ান ইনষ্টিটিউট অৱ নাৰ্ছিং এডুকেশ্যন
  • জিএনআৰচি মেডিৰিচ
দাম্পত্যসঙ্গী ডাঃ জয়শ্ৰী বৰা
সন্তান
  • শ্ৰীমতী প্ৰিয়ংকা বৰা
  • শ্ৰীমতী শতাব্দী বৰা
  • ডাঃ মাধুৰ্য্য বৰা
বঁটা, সন্মান, পুৰস্কাৰ আদি আমেৰিকান একাডেমী অৱ নিউৰলজীৰ ফেলো (এফ.এ.এ.এন.)

বীৰাঙ্গনা সতী সাধনী বঁটা, অসম চৰকাৰ, ২০১৫[1] ```

জনমিত্ৰ বঁটা, সাংস্কৃতিক মহাসভা, অসম, ২০১১

১৯৫০ চনৰ ১৫ আগষ্টত এটা কৃষক পৰিয়ালত নোমল চন্দ্ৰ বৰাৰ জন্ম হয়।[6]তেওঁৰ জন্মস্থান অবিভক্ত শোণিতপুৰ জিলাৰ গহপুৰৰ ডুবিয়াত।[7]

শৈক্ষিক জীৱন

সম্পাদনা কৰক

বৰাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত নামভৰ্তি কৰি অসম চৰকাৰৰ পৰা লাভ কৰা শৈক্ষিক ঋণ আৰু বৃত্তিৰ সহায়ত ১৯৭৫ চনত এম বি বি এছ ডিগ্ৰী লাভ কৰে।[8] তেওঁ বিশ্ববিদ্যালয়ৰ ভিতৰতে সৰ্ব্বোচ্চ শতাংশ লাভ কৰি উত্তীৰ্ণ হয়।[9] পৰৱৰ্তী পৰ্য্যায়ত দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স(এইমছ)ত জ্যেষ্ঠ আৱাসী(Senior Resident) হিচাপে যোগদান কৰি তেওঁ স্নায়ুবিজ্ঞানৰ তিনি বছৰীয়া প্ৰশিক্ষণ সম্পূৰ্ণ কৰি ডি.এম. ডিগ্ৰী লাভ কৰে। ১৯৮৪ চনত উত্তৰ-পূব ভাৰতত গুণগত স্বাস্থ্যসেৱাৰ অপৰ্যাপ্ত উপলব্ধতাৰ সমাধানৰ বাবে ডাঃ বৰাই অসমলৈ উভতি যোৱাৰ সিদ্ধান্ত লয়।[10]

  1. "Awards". Directorate of Cultural Affairs, Government of Assam. https://directorculture.assam.gov.in/portlets/awards-0। আহৰণ কৰা হৈছে: 2025-04-14. 
  2. "Heralding Health Renaissance in North East". প্ৰকাশক New Delhi: Elets Technomedia Pvt LtdeHealth Magazine. 21 August 2014. https://ehealth.eletsonline.com/2014/08/heralding-health-renaissance-north-east/। আহৰণ কৰা হৈছে: 13 April 2025. 
  3. Hassan, Ali Fauz (18 August 2017). "Purohit lauds GNRC effort". The Telegraph India. https://www.telegraphindia.com/north-east/purohit-lauds-gnrc-effort/cid/1437171। আহৰণ কৰা হৈছে: 13 April 2025. 
  4. Rajshekhar, Vedantam; Alexander, Mathew (2017-11-01). year=2017; volume=65; issue=6; spage=1456; epage=1458; aulast=Rajshekhar; type=0 "Prof. K V Mathai (1926 – 2017)" (en ভাষাত). Neurology India খণ্ড 65 (6): 1456–1458. doi:10.4103/0028-3886.217997. ISSN 0028-3886. PMID 29133749. https://www.neurologyindia.com/article.asp?issn=0028-3886; year=2017; volume=65; issue=6; spage=1456; epage=1458; aulast=Rajshekhar; type=0. 
  5. "G N R C LIMITED - Company Details". প্ৰকাশক India: Zauba Technologies & Data Services Pvt LtdZauba Corp. https://www.zaubacorp.com/company/G-N-R-C-LIMITED/U85110AS1985PLC002447। আহৰণ কৰা হৈছে: 2025-04-13. 
  6. "Republic's Children: Recalling aspirations for the nation". The Economic Times. 2020-01-25. https://economictimes.indiatimes.com/news/politics-and-nation/republics-children-recalling-aspirations-for-the-nation/articleshow/73618911.cms. 
  7. "Speakers' Profile – World Health Day 2018". Indian Institute of Technology Guwahati. https://www.iitg.ac.in/medical/speakers_whd2018.pdf। আহৰণ কৰা হৈছে: 2025-04-14. 
  8. Mukherjee, Arnab; Sarkar, Sushmita (2018-04-09). Hope Dawns in the East: New Model promises ‘Health for All, Smiles for All. Notion Press. https://books.google.com/books?id=pMRUDwAAQBAJ&pg=PT54। আহৰণ কৰা হৈছে: 2025-04-14. 
  9. "Speakers' Profile – World Health Day 2018". Indian Institute of Technology Guwahati. https://www.iitg.ac.in/medical/speakers_whd2018.pdf। আহৰণ কৰা হৈছে: 2025-04-14. 
  10. "Dr. Nomal Chandra Borah – Founder of GNRC Group of Hospitals". GNRC Hospitals. https://gnrchospitals.com/the-founder। আহৰণ কৰা হৈছে: 2025-04-14.