নৱকান্ত বৰুৱা (ইংৰাজী: Nabakanta Barua) অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম। এখুদ ককাইদেউ বৰুৱাৰ জনপ্ৰিয় ছদ্মনাম। একালত তেওঁ সীমা দত্ত ছদ্মনামেৰেও বহু কবিতা ৰচনা কৰিছিল। তেওঁৰ কবিতাবোৰে আধুনিক অসমীয়া কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰি থৈ গৈছে। নৱকান্ত বৰুৱাৰ প্ৰতিখন কবিতা-পুথি কায়িক জীৱনৰ সৌন্দৰ্য, প্ৰেমৰ মাধুৰী, মৃত্যু, ৰহস্য আদি বিবিধ বিষয়বস্তুৰে সমৃদ্ধ। তেওঁৰ কবিতাবোৰত ৰবীন্দ্ৰনাথ ঠাকুৰ, এলিয়ট, হুইটমেন, তথা খলিল জিব্ৰানকবিতাৰ কিছু কিছু প্ৰভাৱ দেখা পোৱা যায় যদিও এক নিজস্ব স্বকীয়তা তেওঁৰ সমূহ কাব্যসম্ভাৰত বিদ্যমান।[উদ্ধৃতিৰ প্ৰয়োজন] তেখেতৰ বহু সমাদৃত কবিতাসমূহৰ ভিতৰত অন্যতম হল মনত পৰেনে অৰুন্ধতি, ইয়াত নদী আছিল, পলস, ৰাৱন, মহাকাব্যৰ পাণ্ডুলিপি, ক্ৰমশঃ আদি। তেওঁৰ কবিতা প্ৰসঙ্গত মহেন্দ্ৰ বৰাই উল্লেখ কৰিছে, "এহাতে ৰবীন্দ্ৰনাথ, আনহাতে ইলিয়ট। এয়ে বোধকৰোঁ নৱকান্ত বৰুৱাৰ কাব্য-পৰিক্ৰমাৰ কুমেৰু-সুমেৰু। মাজত আৰু বহুতো বিখ্যাত, অখ্যাত আৰু কুখ্যাত কবিৰ হেঁচা-ঠেলা। "(অৱতৰণিকা, "নতুন কবিতা")

নৱকান্ত বৰুৱা
জন্ম ২৯ ডিচেম্বৰ, ১৯২৬
গুৱাহাটী, অসম
মৃত্যু ১৪ জুলাই, ২০০২
ছদ্মনাম এখুদ ককাইদেউ
পেছা সাহিত্যিক, কবি, ঔপন্যাসিক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা  ভাৰত
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি ককাদেউতাৰ হাড়
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা (১৯৭৫)
অসম উপত্যকা সাহিত্য বঁটা (১৯৯৩)
দাম্পত্যসংগী বীণা বৰুৱা

জন্মসম্পাদনা কৰক

নৱকান্ত বৰুৱাৰ জন্ম হৈছিল গুৱাহাটীত ১৯২৬ চনৰ ২৯ ডিচেম্বৰত। তেওঁৰ পিতৃ নীলকান্ত বৰুৱা শিক্ষা বিভাগৰ এগৰাকী বিদ্যালয় পৰিদৰ্শক হোৱাৰ উপৰিও এজন আদৰ্শ শিক্ষকো আছিল। তেওঁৰ মাতৃৰ নাম স্বৰ্ণলতা বৰুৱাণী। নৱকান্ত বৰুৱাৰ ভাতৃ তিনিগৰাকী : দেৱকান্ত, জীৱকান্ত আৰু শিৱকান্ত। তেওঁৰ ভাতৃ প্ৰয়াত দেৱকান্ত বৰুৱাও অসমৰ অন্যতম শ্ৰেষ্ঠ কবিসকলৰ ভিতৰত এজন।[1]

শিক্ষাসম্পাদনা কৰক

ডিবৰুতেই নিজৰ শিক্ষা জীৱনৰ আৰম্ভণি ঘটোৱা নৱকান্ত বৰুৱাই ১৯৩৩ চনত নগাওঁ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তৃতীয় শ্ৰেণীত নাম ভৰ্তি কৰে আৰু তাৰেপৰাই তেওঁ ১৯৪১ চনত সুখ্যাতিৰে মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৩ চনত নৱকান্ত বৰুৱাই উচ্চ শিক্ষাৰ বাবে কলকতাশান্তিনিকেতনলৈ ঢাপলি মেলে। ১৯৪৭ চনত তেওঁ কলকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত অনাৰ্ছ সহ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। নৱকান্ত বৰুৱাই ১৯৫৩ চনত উত্তৰ প্ৰদেশআলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[2]

কৰ্মজীৱনসম্পাদনা কৰক

উত্তৰ প্ৰদেশশিকোহাবাদ অৱস্থিত এ. কে. মহাবিদ্যালয়ত শিক্ষকতা বৃত্তিৰে নৱকান্ত বৰুৱাই নিজৰ বৰ্ণময় কৰ্মজীৱন আৰম্ভ কৰিছিল। কিছুদিন তাত শিক্ষকতা কৰাৰ পাছত তেওঁ যোৰহাটজগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। ১৯৫৪ চনত তেওঁ গুৱাহাটীকটন মহাবিদ্যালয়লৈ বদলি হৈ আহে আৰু তাৰেপৰাই তেওঁ ১৯৮৪ চনত উপাধ্যক্ষ ৰূপে অৱসৰ গ্ৰহণ কৰে। নৱকান্ত বৰুৱাই মাজতে ১৯৬৪ চনৰপৰা ১৯৬৭ চনলৈ তিনিবছৰ কাল অসম চৰকাৰৰ মাধ্যমিক শিক্ষা পৰিষদত ইংৰাজী শিক্ষাৰ বিষয়া ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০০২ চনৰ ১৪ জুলাই তাৰিখে বৰুৱাৰ মৃত্যু হয়।

গ্ৰন্থৰাজিসম্পাদনা কৰক

কবিতাসম্পাদনা কৰক

  • হে অৰণ্য হে মহানগৰ (১৯৫১)
  • যতি আৰু কেইটামান স্কেচ্ছ (১৯৬০)
  • এটি দুটি এঘাৰটি তৰা (১৯৫৭)
  • ৰত্নাকৰ (১৯৮৬)
  • ৰাৱণ(১৯৬৩)
  • সূৰ্যমুখীৰ অঙ্গীকাৰ (১৯৯০)
  • মোৰ আৰু পৃথিৱী (১৯৭৩)
  • এখন স্বচ্ছ মুখাৰে (১৯৬০)
  • দলঙত তামীঘৰা (১৯৯১)
  • সম্ৰাট (১৯৬২)
  • নিৰ্বাচিত কবিতা (ইংৰাজীত)

অনুবাদসম্পাদনা কৰক

  • এশ কবিতা
  • আহত মৰাল
  • নজৰুল ইছলামৰ কবিতা
  • মুক্তধাৰা
  • কবিৰাই কয়

উপন্যাসসম্পাদনা কৰক

  • কপিলীপৰীয়া সাধু (১৯৫২)
  • ককাদেউতাৰ হাড় (১৯৭৩)
  • গড়মা কুৱঁৰী (১৯৮০)
  • মানুহ আটাইবোৰ দ্বীপ (১৯৮০)
  • পটাচাৰা
  • অপদাৰ্থ
  • অহিংসাৰ জুই(অসমাপ্ত)

অন্যান্য গ্ৰন্থসম্পাদনা কৰক

  • অসমীয়া ছন্দশিল্পৰ ভূমিকা (১৯৬২)
  • শিয়ালী পালেগৈ ৰতনপুৰ (১৯৫৪)
  • আখৰৰ জখলা (১৯৫৬)
  • মনৰ খবৰ (১৯৬০)
  • ভত ঊকাৰে ভূ (১৯৬৮)
  • জনা নজনাৰ খেল (১৯৭০)

স্বীকৃতি আৰু সন্মানসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক

সহায়ক গ্ৰন্থপঞ্জীসম্পাদনা কৰক

  • সঞ্চয়ন (ড॰ মহেশ্বৰ নেওগ, পৃষ্ঠা ৪৫০)
  • অসমীয়া সাহিত্যঃ আধুনিক যুগ (পৃষ্ঠা ৯৩)
  • গৰীয়সী (মে’ ২০০৬, পৃষ্ঠা নং ৮)
  • নতুন কবিতা (সম্পাদক মহেন্দ্ৰ বৰা, অৱতৰণিকা)

বাহ্যিক সংযোগসম্পাদনা কৰক