পয়-লেং (ইংৰাজী : Poi-Leng) অসম তথা উত্তৰ-পূব ভাৰতৰ শ্বান-টাই বৌদ্ধ জনগোষ্ঠীৰ লোকসকলৰ এটি পৱিত্ৰ উৎসৱ। টাই বৌদ্ধসকলে পালন কৰা পয়লেংক ৰথ মহোৎসৱ বুলিও জনা যায়। টাই ভাষাত পয় মানে উৎসৱ আৰু লেং মানে ৰথ।

বৰ্ণনা সম্পাদনা কৰক

যিসকল বিশিষ্ট আৰু খ্যাতনামা বৌদ্ধ ভিক্ষুৱে তেওঁৰ জীৱন কালত মানৱ জাতিৰ কল্যাণ আৰু বৌদ্ধ ধৰ্মৰ হকে কাম কৰি জীৱন উৎসৰ্গা কৰে, যিজন বৌদ্ধ ভিক্ষুৱে সংসাৰৰ মায়া, মোহ, তৃষ্ণা ত্যাগ কৰি বৌদ্ধ বিহাৰত থাকি শ্ৰমণ দীক্ষা গ্ৰহণ কৰাৰ পাছত ভিক্ষুত্ব লাভ কৰে, ভিক্ষুত্ব লাভ কৰাৰ কমেও ২০ বছৰ অতিবাহিত কৰে, তেনে পৰলোকগামী ভিক্ষুৰ মৃতদেহ লগে লগে সৎকাৰ নকৰি বৌদ্ধ পৰম্পৰা আৰু ৰীতি-নীতি অনুসৰি কফিনত কেইবামাহো সংৰক্ষিত কৰি এক বিশেষ স্থানত ৰখাৰ পাছত এক পৱিত্ৰ মাহ আৰু দিনত তেওঁৰ শেষকৃত্য (অন্ত্যেষ্টিক্ৰিয়া) সম্পাদন কৰিবৰ বাবে ‘পয়লেং’ বা ‘ম্যা-ফং’ উৎসৱ অনুষ্ঠিত কৰা হয়।

ভিক্ষুৰ মৃত্যু হ'লে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে মৃতুদেহটো বিশেষ ধৰণেৰে সংৰক্ষণ কৰি থয়; যদিহে ভিক্ষুৰ মৃত্যুৰ ঠিক এক সপ্তাহমানৰ পিছত সৎকাৰ অনুষ্ঠান অৰ্থাৎ পয়- লেং (পয়- উৎসৱ, লেং- ৰথ অৰ্থাৎ ৰথোৎসৱ) পাতিব পৰা অৱস্থাত থাকে। কিন্তু সিমান দিনত পয়- লেং পাতিব পৰাৰ গাঁৱৰ সকলোবোৰ আন্ত: গাঁথনিৰ সা- সুবিধা নাথাকিলে ভিক্ষুৰ মৃত্যুদেহটো মৃত্যুৰ লগে লগে সৎকাৰ কৰি পয়- লেঙৰ বাবে অস্থিহে সংগ্ৰহ কৰি থৈ দিয়া হয়। উল্লেখ্য যে এজন ভিক্ষুৰ মৃত্যুত পয়-লেং পতাটো নিয়মৰ ভিতৰত ধৰা হয় যদিও কিমান দিনৰ ভিতৰত পাতিব লাগিব, তাৰ কোনো ধৰা- বন্ধা সময় নাই। ভিক্ষুৰ মৃত্যুৰ এমাহ, এবছৰ, দুবছৰৰ পিছতো পয়- লেং অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। এজন বৌদ্ধ ধৰ্মাৱলম্বী লোকে যিমান বেছিসংখ্যক পয়-লেং অনুষ্ঠানত ভাগ ল'ব পাৰে, সিমান পুণ্য কৰা বুলি বিশ্বাস কৰে। সেয়ে পয়- লেং অনুষ্ঠানৰ তাৰিখৰ জাননী দিয়ে। পয়-লেং অনুষ্ঠান সূচাৰুৰূপে পালন কৰিবৰ বাবে আজি কালি এখন কমিটিও গঠন কৰি দিয়ে। এই কমিটিখনৰ তত্ত্বাৱধানতে পয়-লেং তিনিদিনীয়াকৈ অতি জাকজমকতাৰে অনুষ্ঠিত কৰা হয়। উৎসৱলৈ ওচৰ চুবুৰীয়া তথা দূৰ- দূৰণি গাৱৰ পৰা বহু লোক আহে। অতিথিসকলক থাকিবৰ বাবে চালি সাজি সুবিধা কৰি দিয়াৰ উপৰি আদৰণিৰ উপলক্ষ্যত আটক- ধুনীয়াকৈ তোৰণো সাজি উলিওৱা হয়। এনে তোৰণবোৰত সাধাৰণতে ড্ৰেগনৰ ছবি অংকন কৰে।[1] পয়- লেং অনুষ্ঠানৰ চাৰি বা ছয় চকীয়া ৰথখনেই হৈছে আটাইতকৈ আকৰ্ষণীয়। এই ৰথখনৰ নাম অনুসৰিয়েই অনুষ্ঠানটোৰ নাম পয়- লেং হৈছে। ৰথখনৰ আকৃতি কেতিয়াবা ময়ূৰ চৰাইৰ দৰে, কেতিয়াবা বৌদ্ধ বিহাৰৰ আকৃতিত নিৰ্মাণ কৰা হয়। তদুপৰি ৰথখন ৰং বিৰঙৰ কাগজত জ্যামিতিক নক্সা কৰি সু- সজ্জিত কৰি তোলে। ৰথখনৰ দমৰে দুডালকৈ মুঠ চাৰিডাল শকত ৰছীও লগাই দিয়া হয়। উৎসৱৰ দিনা ৰথখন নিদিষ্ট স্থানত থোৱাৰ পিছত ভিক্ষুসকলৰ নেতৃত্বত ঢোল, তাল বাদ্য যন্ত্ৰ সংগত কৰি নৃত্য- গীতৰ মাজেদি ভিক্ষুজনৰ অস্থি বা কফিন সংৰক্ষণ কৰি থোৱা স্থানলৈ দীঘলীয়া সমদলেৰে গমন কৰে। যথাস্থান পোৱাৰ পিছত ভিক্ষুসকলে আসন গ্ৰহণ কৰি স্তোত্ৰ পাঠ কৰে আৰু উপস্থিতসকলে মৃত ভিক্ষুজনলৈ শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে[1]। তাৰ পিছত কফিন বা অস্থি কান্ধত তুলি আনি ৰথৰ ভিতৰত সযতনেৰে ৰাখি থয়। ধূপ- ধূনা, মমবাতি আদি জ্বলাই ভিক্ষুসকলে পঞ্চশীল গ্ৰহণ কৰোৱাৰ পিছত ৰথখন টনা- টনি অনুষ্ঠান আৰম্ভ হয়। সাধাৰণতে পুৰুষ আৰু মহিলা দুটা ভাগত বিভক্ত হৈ ৰথখন নিজৰ ফাললৈ টানি আনি জয়ী হ'বৰ বাবে চেষ্টা কৰা দেখা যায় আৰু এনেদৰে টনা টনি কৰোঁতে যথেষ্ট আনন্দ- উত্তেজনা অনুভৱ কৰা হয়। অৱশ্যে এই সকলোখিনি ধৰ্মীয় পৰম্পৰা আৰু ৰথ টনাটনি কৰি কৰ্মৰ ফলত মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি পায় বুলি তাইসকলে বিশ্বাস কৰে। ৰথখনৰ লগতে ৰথৰ ৰছীডালো পৱিত্ৰ বস্তু বুলি তেওঁলোকে গণ্য কৰে। সেয়ে পয়-লেং অনুষ্ঠানত গৈ কোনেও এবাৰ ৰছীডাল স্পৰ্শ নকৰাকৈ ঘূৰি নাহে। আনকি কিছুলোকে ৰছীডাল সামান্য অংশ এৰুৱাই ঘৰলৈ লৈ আনে তেনে বস্তু লগত ৰাখিলে সকলোৰে আপায় অমংগল দূৰ হয় বুলি ধৰ্মপ্ৰাণ লোকসকলে বিশ্বাস কৰে। উৎসৱৰ শেষত ৰথখনৰ নতিদূৰত এখন চিতা সাজি ৰথখনৰ সৈতে ৰছীডালৰ সৎকাৰ কৰি দিয়া হয়। কিন্তু কিছুদিনৰ পলমকৈ আয়োজন কৰা পয়- লেং অনুষ্ঠানত ৰথখন সৎকাৰ কৰা নহয়; কাৰণ তেনে পয়- লেঙৰ আগতেই ভিক্ষুৰ মৃতদেহ সৎকাৰ কৰে। কফিনৰ প্ৰতিনিধি ৰূপে মাত্ৰ চিতাভস্মহে ৰথখনত ৰাখে। ৰথখনৰ চিতা দিবলগীয়া হ'লে গাঁৱৰ এজন বয়স্ক লোকে চিতাত জুই দিয়ে আৰু কম্মু সাজি তাতে অস্থিৰো সংৰক্ষণ কৰি থয়। অনুষ্ঠানৰ শেষত মৃত ভিক্ষুজনৰ খালী হোৱা স্থান পূৰণ কৰিবৰ বাবে উপস্থিত ভিক্ষু সংঘই এজন নতুন ভিক্ষুক দায়িত্বভাৰ অৰ্পণ কৰে।

ৰীতি নীতি সম্পাদনা কৰক

অন্যান্য ধৰ্মীয় অনুষ্ঠানৰ বিপৰীতে পয়লেং কোনো নিৰ্দিষ্ট দিন বাৰ অথবা তিথিত পালন কৰা নহয় আৰু এই উৎসৱ যাৰ দ্বাৰা তেওঁলোকে নিৰ্বাণপ্ৰাপ্ত বৌদ্ধ ভিক্ষুসকলৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। অতীতত এজন বৌদ্ধ ভিক্ষুৰ মৃত্যু হ'লে মৃতদেহটো এক জটিল পদ্ধতিৰে ছমাহ বা এবছৰলৈ সংৰক্ষণ কৰি এক শুভদিনত পয়লেং পাতি দাহ কৰা হৈছিল,কিন্তু বৰ্তমান ভিক্ষুৰ নিৰ্বাণ প্ৰাপ্তিৰ এক বা দুই দিনৰ ভিতৰত এটা কাঠেৰে নিৰ্মিত সুসজ্জিত বাকচত মৃতদেহটো সুমুৱাই সেইটো বিভিন্ন মাংগলিক বাদ্যধ্বনিৰ মাজেৰে নিৰ্দিষ্ট স্থানলৈ লৈ যোৱা হয়। যাত্ৰা পথত বাদ্যযন্ত্ৰৰ ধ্বনিৰ ছেৱে ছেৱে আখৈ-ফুল-পইচা আদি ছটিওৱা হয় আৰু ধৰ্মীয় আচাৰ-বিধি অনুসৰি শৱদাহ কৰি অস্থি সংগ্ৰহ কৰা হয়। পিছত কোনো এক সুবিধাজনক দিনত এই অস্থিখিনি ৰথত আৰোহণ কৰাই নিৰ্দিষ্ট নিয়ম-নীতি অনুসৰি পয়লেং বা ৰথযাত্ৰা অনুষ্ঠিত কৰা হয়। পয়লেঙৰ বাবে ব্যৱহৃত ৰথৰ চকাৰ সংখ্যা নিৰ্বাণপ্ৰাপ্ত ভিক্ষুৰ পদ মৰ্যাদাৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে ভিক্ষুৰ বাবে চাৰিচকীয়া, স্থবিৰৰ বাবে ছয়চকীয়া আৰু মহস্থবিৰৰ বাবে আঠৰপৰা বাৰচকীয়া ৰথ ব্যৱহাৰ কৰা হয়। এই ৰথ মহোৎসৱত পুৰুষ-মহিলা উভয়ে সভক্তিৰে অংশগ্ৰহণ কৰে।[2]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 লেখাৰু জিতু কুমাৰ. পৃষ্ঠা. ১৯২. 
  2. ড॰ নাৰায়ণ দাস, ড॰ পৰমানন্দ ৰাজবংশী. অসমীয়া সংস্কৃতিৰ কণিকা. পৃষ্ঠা. ২১৭,২১৮.