পয় পি মাও হৈছে অৰুণাচল প্ৰদেশ আৰু অসমত বসবাস কৰা টাই খামটিসকলে উদযাপন কৰা নৱবৰ্ষ উৎসৱ। টাই খামটি চন্দ্ৰ বৰ্ষপঞ্জী অনুসৰি নিৰ্ধাৰিত দিনত প্ৰতি বছৰে তিনিদিনীয়াকৈ এই উৎসৱ পালন কৰা হয়। গ্ৰেগৰিয়ান দিনপঞ্জী মতে এই উৎসৱৰ দিন নৱেম্বৰ আৰু/বা ডিচেম্বৰ মাহত পৰে। টাই জনগোষ্ঠীয় লোকসকলৰ মাজৰ ঐক্য আৰু বাৰেৰহণীয়া সাংস্কৃতিক ঐতিহ্যৰ উদযাপনক পয় পি মাও উৎসৱৰ তাৎপৰ্য হিচাপে গণ্য কৰা হয়।[1]

পয় পি মাও
অন্য নাম টাই খামটি নৱবৰ্ষৰ উদযাপন
পালন কৰে টাই খামটি জনগোষ্ঠী
প্ৰকাৰ নৱবৰ্ষ
মহত্ব টাই জনগোষ্ঠীয় ঐক্য আৰু সংস্কৃতিৰ উদযাপন
তাৰিখ নৱেম্বৰ/ডিচেম্বৰ
আচাৰ নৃত্য-গীত
অৱধি ৩ দিন
সংঘটন বাৰ্ষিক

উদযাপন সম্পাদনা কৰক

অৰুণাচল প্ৰদেশ

টাই খামটি বা বিশ্বৰ অন্যান্য টাই সম্প্ৰদায়ৰ লোকসকলৰ মাজত পয় পি মাওৰ বৰ্দ্ধিত গুৰুত্বলৈ লক্ষ্য ৰাখি ধাৰণাটো অৰুণাচল প্ৰদেশৰ নামছাইৰ টাই খামটি উন্নয়ন সমাজ চমুকৈ টিকেডিএছে প্ৰাচীন টাই দিনপঞ্জী অনুসৰি নৱবৰ্ষ দিৱস উৎসৱ উদযাপন কৰাৰ ধাৰণাক কাৰ্যকৰী ৰূপ দিয়ে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰ্যটকসকলক ৰাজ্যখনৰ সংস্কৃতি প্ৰদৰ্শন কৰাই এই উদযাপনৰ মূল উদ্দেশ্য।[2]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "TAI-KHAMPTI". Namsai.nic.in. Govt. of Arunachal Pradesh. https://namsai.nic.in/tai-khampti/। আহৰণ কৰা হৈছে: 4 December 2021. 
  2. "Poi Pee Mau Tai Khampti - The New Year of the Tai Khamptis". Taikhamti.blogspot.com. http://taikhamtinamsai.blogspot.com/2013/10/poi-pee-mau-tai-khampti.html?m=1#:~:text=Poi%20Pee%20Mau%20-%20a%20New,Tai%20communities%20in%20the%20world.। আহৰণ কৰা হৈছে: 4 December 2021.