পাঁচালী হৈছে মুখ পৰম্পৰাৰে প্ৰচলিত হৈ অহা এক গীতি কাব্য। মুখে মুখে প্ৰচলিত হৈ অহা এই কাব্যই ১৫-১৬ শতিকাৰ অসমীয়া কবি মনকৰ, দুৰ্গাবৰ কায়স্থ আদিৰ দ্বাৰা লিখিত ৰূপ লাভ কৰিছে। পাঁচালী সাহিত্যক পাঞ্চালী বুলিও কোৱা হয়।

বৈশিষ্ট্যসম্পাদনা কৰক

পৌৰাণিক কাহিনী সমূহৰ ভিতৰত বিশেষকৈ মহাভাৰতৰ কাহিনী, ৰামায়ণৰ কাহিনী আদিক লৈ ওজাপালিৰ উদ্দেশ্যে ৰচনা কৰা গীত আৰু কাব্যক বিয়াহৰ গীত আৰু মনসা দেৱীৰ মাহাত্ম্যসূচক কাব্যসমূহক বিষহৰীৰ গীত বোলা হয়। মনসা দেৱী নাগ বা সাপৰ দেৱীহোৱা বাবে তেওঁৰ আন এটা নাম বিষহৰী[1] আৰু তেওঁৰ স্তুতিমূলক এই গীতক বিষহৰী গীত বুলি কোৱা হয়। পণ্ডিত সকলৰ মতে পাঁচালি অথবা পাঞ্চালী শব্দটো আহিছে সংস্কৃত 'পাঞ্চালিকা' শব্দৰ পৰা। 'পাঞ্চালিকা' শব্দৰ অৰ্থ পুতলা। পুতলা নাচেৰে যুক্ত গীতেই পাঁচালি বা পাঁচালী। এটা কালত পুতলা নাচৰ সৈতে নৃত্য-গীত অভিনয় হ'লে তাক 'পাঞ্চালিকা' বোলা হৈছিল। পিছলৈ অসম, বংগ আৰু পুৰণি গুজৰাট, ৰাজস্থানত প্ৰাচীন আখ্যায়িকাৰ সৈতে ই যুক্ত হৈ পৰাৰ। কালিকা পুৰাণতো পাঞ্চালিকা বিহাৰ আৰু শিশু কৌতুকেৰে চণ্ডিকাক উপাসনা কৰাৰ কথা উল্লেখ আছে। পাঞ্চাল বা কনৌজ দেশত প্ৰচলিত নৃত্য-গীত বিশিষ্ট যি গীত শৈলী বংগদেশলৈ আহি প্ৰতিপত্তি লাভ কৰিছিল সেয়ে পাঁচালি। কিন্তু উত্তৰ প্ৰদেশত এনে গীতৰ প্ৰচলনৰ কোনো ঐতিহাসিক প্ৰমাণ পোৱা নাযায়। 'পাঁচালি' এক বিশেষ ধৰণৰ সাংগীতিক শৈলী। পাঁচালি সাহিত্যসমূহৰ এটা মন কৰিবলগীয়া বৈশিষ্ট্য হ'ল ইয়াৰ লৌকিকতা।[2]

মহাকাব্যিয় পাঁচালী সাহিত্যসম্পাদনা কৰক

মহাভাৰত, ৰামায়ণ আৰু পুৰাণৰ আধাৰত ৰচিত পাঁচালী সাহিত্যক মহাকাব্যিয় পাঁচালী বুলি কোৱা হয়। উদাহৰণ স্বৰূপে: দুৰ্গাবৰ কায়স্থগীতি-ৰামায়ণ, পীতাম্বৰ কবিঊষা-পৰিণয় আৰু অশ্বমেধ-পৰ্ব।

মনসা বা বিষহৰী পাঁচালী সাহিত্যসম্পাদনা কৰক

পৌৰাণিক কাহিনী বিশেষকৈ মনসাৰ মাহাত্ম্যসূচক কাব্যসমূহক বিষহৰীৰ গীত বোলা হয়। মহাকাব্যিক পাঁচালীৰ দৰে এই দুয়োটা ভাগেই ওজাপালিৰ উদ্দেশ্যে ৰচিত।

অন্যান্যসম্পাদনা কৰক

উপৰোক্ত শ্ৰেণী দুটাৰ পৰিধিয়ে সামৰিব নোৱাৰা পাঁচালী সাহিত্য সমূহক বিবিধ বিষয়ক পাঁচালী বুলি কোৱা হয়। এই সমূহৰ বিষয় বস্তু বিবিধ উৎসৰ পৰা সংগ্ৰহ কৰা। উদাহৰণ স্বৰূপে:শ্ৰীশ্ৰীলক্ষ্মীচৰিত্ৰ-পাঁচালী, শ্ৰীশ্ৰীশনিদেৱৰ-পাঁচালী, ত্ৰিনাথ পাঁচালী, জয়ৰাম দাসৰ শ্ৰীশ্ৰীশীতলা-পাঁচালী, বিশ্বেশ্বৰ দ্বিজৰ শ্ৰীশ্ৰীসত্যনাৰায়ণৰ পাঁচালী আৰু দীনদ্বিজবৰৰ মাধৱ সুলোচনা আদি।

কবি সকলসম্পাদনা কৰক

পঞ্চদশ শতিকাৰ শেষভাগৰ পৰা ষোড়শ শতিকাৰ আদিভাগৰ ভিতৰত অসমত কেইবাজনো কবিৰ জন্ম হৈছিল। এই পাঁচালি কবিসকলৰ ভিতৰত দুৰ্গাবৰ কায়স্থ, মনকৰ, পীতাম্বৰ কবি আৰু সুকবি নাৰায়ণদেৱৰ নাম উল্লেখযোগ্য।[2] পীতাম্বৰ আৰু দুৰ্গাবৰে নিজকে নাৰায়ণ বা শ্ৰীৰামৰ সেৱক বুলি কৈছে যদিও নৱ-বৈষ্ণৱ সাহিত্যৰ একশৰণৰ একাগ্ৰতা আৰু প্ৰচাৰৰ মনোভাৱ তেওঁলোকৰ মাজত দেখা নাযায়। পীতাম্বৰে 'উষা-পৰিণয়'ত আদি ৰসাত্মক বৰ্ণনা বা তেনে ৰসাভাস দিও যেন তৃপ্তি পোৱা নাই, তেওঁ আক্ষেপ কৰিছে:

ৰতিৰস নিশেষ কহিতে নযুৱায়। পঢ়িব পাঞ্চালী গুৰু-গৌৰৱ সভায়॥

তথ্যসূত্ৰসম্পাদনা কৰক

  1. Dowson, John (2003). Classical Dictionary of Hindu Mythology and Religion, Geography, History. Kessinger Publishing. পৃষ্ঠা. 196. ISBN 0-7661-7589-8. 
  2. 2.0 2.1 বৰা, মানৱ জ্যোতি. "অসমীয়া পাঁচালি সাহিত্য". http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9859b89ae9c09af9bc9be-9aa9be98199a9be9b29bf-9b89be9b99bf9a49cd9af.