পাচন নলী (ইংৰাজী: gastrointestinal tract, digestive tract, digestional tract, GI tract, GIT, gut বা alimentary canal) হৈছে খাদ্য গ্ৰহণ কৰি, পাচন ঘটাই, খাদ্যত থকা শক্তি আৰু পোষক তত্ত্ব শোষণ কৰি অপ্ৰয়োজনীয় অৱশেষক মল আকাৰে দেহৰ বাহিৰলৈ নিষ্কাষণ কৰা, মানুহ বা অন্য প্ৰাণীৰ দেহত থকা এক প্ৰকাৰৰ অংগ তন্ত্ৰ। মুখ, খাদ্যনলী, উদৰ বা পেট আৰু অন্ত্ৰ হৈছে পাচন নলীৰ অংশ।

মানুহৰ পাচন নলী

উদৰ, অন্ত্ৰ আৰু মলাশয়ৰ চিত্ৰ
সবিশেষ
তন্ত্ৰ পাচন তন্ত্ৰ
চিনাক্তকাৰক
লেটিন Tractus digestorius (মুখৰ পৰা পায়ুলৈ),
canalis alimentarius (খাদ্যনলীৰ পৰা বৃহদান্ত্ৰলৈ),
canalis gastrointestinales (উদৰৰ পৰা বৃহদান্ত্ৰলৈ)
MeSH D041981
দেহতাত্ত্বিক পৰিভাষা

সকলো দ্বিপাৰ্শীয় জীৱ জীৱৰেই পাচন নলী থাকে। ই হৈছে পাচন অংগলৈ খাদ্য পৰিবহণ কৰা এডাল নলী।[1] বৃহৎ জীৱবোৰৰ পাচন নলীত এটা নিষ্কাশন ছিদ্ৰ বা পায়ু থাকে, ইয়াৰ দ্বাৰা এই জীৱ বোৰে খাদ্য পাচনৰ পিছত ৰৈ যোৱা বৰ্জিত পদাৰ্থসমূহ মল হিচাপে দেহৰ বাহিৰলৈ নিষ্কাষণ কৰে। কিছুমান সৰু আকাৰৰ জীৱৰ পায়ু নাথাকে, ইহঁতে অন্য পদ্ধতিৰে যেনে, মুখেৰে খাদ্যৰ কঠিন বৰ্জনীয় পদাৰ্থ নিষ্কাষণ কৰে।[2] মানুহৰ পাচন নলী, খাদ্যনলী, উদৰ, আৰু অন্ত্ৰেৰে, (ক্ষুদ্ৰান্ত আৰু বৃহদান্ত্ৰ) গঠিত আৰু ই উৰ্ধ আৰু অৰ্ধ পাচন নলী (upper and lower gastrointestinal tracts) নামৰ দুটা ভাগত বিভক্ত।[3] পাচন নলী বুলিলে মুখৰ পৰা পায়ুলৈকে সকলো গঠন, পাচনৰ বাবে ব্যৱহৃত সকলো প্ৰধান অংগ, যেনে উদৰ, ক্ষুদ্ৰান্ত, আৰু বৃহদান্ত্ৰ আদি লগ লাগি গঠন কৰা এটা ধাৰাবাহিক গমন পথক বুজায়। যিকি নহওক, এটা সম্পূৰ্ণ মানুহৰ পাচন তন্ত্ৰত খাদ্যনলীৰ লগতে অন্য সহায়ক অংগবোৰ (জিভা, লালটি গ্ৰন্থি, অগ্নাশয়, যকৃৎ আৰু পিত্তস্থলী) থাকে।[4] প্ৰতিটো খণ্ডৰ ভ্ৰূণীয় বিকাশৰ ওপৰত নিৰ্ভৰ কৰি পাচন নলীক অগ্ৰ পাচন নলী (foregut), মধ্য পাচন নলী‌ (midgut), আৰু পৃষ্ঠ পাচন নলী (hindgut) হিচাপেও বিভক্ত কৰা হয়। মানুহৰ সম্পূৰ্ণ পাচন নলী প্ৰায় ৯ মিটাৰ (৩০ ফুট) দীঘল। জীৱিত অৱস্থাত ইয়াৰ দৈৰ্ঘ্য কিছু কম হয়, কাৰণ তেতিয়া কোমল পেশী কলাৰে গঠিত অন্ত্ৰটো কিছু পৰিমাণে সংকোচিত হৈ থাকে।[5][6]

পাচন নলীত বহুত লক্ষ নিযুত অনুজীৱ বাস কৰে, তাৰে প্ৰায় ৪,০০০ ভিন্ন প্ৰকাৰৰ বেক্টেৰিয়া থাকে, যিয়ে স্বাস্থ্য প্ৰতিৰক্ষা আৰু বিভিন্ন জৈৱিক ক্ৰিয়া পৰিচালনাত বিভিন্ন ভূমিকা পালন কৰে।[7][8][9] পাচন কাৰ্য নিয়ন্ত্ৰণৰ বাবে পাচন নলীৰ কোষ বোৰে হৰম'ন নিঃসৰণ কৰে। এই পাচক হৰম'ন, গেষ্ট্ৰিণ, ছেক্ৰেটিন, কলিচিষ্ট'কাইনিন, আৰু ঘ্ৰেলিন, আদিয়ে intracrine বা autocrine ক্ৰিয়া নিয়ন্ত্ৰণ কৰে, কোষৰ পৰা এই হৰম'ন নিঃসৰণ ক্ৰমবিকাশৰ যোগেদি সঞ্চিত গঠন নিৰ্দেশ কৰে।[10]

গঠন সম্পাদনা কৰক

  • মুখ: মুখৰ পৰাই পৌষ্টিকনলীৰ আৰম্ভ হয়। ই নাসাৰন্ধ্ৰৰ ঠিক তলতে থকা এটা ডাঙৰ ছিদ্ৰ। ইয়াৰ ওপৰ আৰু তলৰফালে ওঠৰ দ্বাৰা বেষ্টিত থাকে।
  • ডিঙি: মুখ গহ্ববৰৰ পিছৰ অংশক ডিঙি বা গল বোলে। ইয়াৰ মাজেৰেই মুখগহ্ববৰৰ পৰা খাদ্যবস্তু খাদ্যনলীলৈ আহে। ই সাধাৰণতে ১৩ - ১৫ ছেমি দীঘল হয়।
  • খাদ্যনলী: ডিঙিৰ পৰা পাকস্থলী পৰ্যন্ত থকা নলীটোৰ নাম খাদ্যনলী। খাদ্যবস্তু এই নলীৰ মাজেৰে পাকস্থলীলৈ আহে।
  • পাকস্থলী: খাদ্যনলী আৰু ক্ষুদ্ৰান্ত্ৰৰ মাজত থকা থলীসদৃশ অঙ্গ। ইয়াৰ প্ৰাচীৰ কঠিন আৰু পেশীবহুল। ইয়াৰ প্ৰাচীৰত অসংখ্য গেষ্ট্ৰিক গ্ৰন্থি থাকে। পাকস্থলীৰ পেশী সংকোচন আৰু প্ৰসাৰণৰ যোগেদি খাদ্যবস্তু মণ্ডলৈ পৰিনত কৰে। গেষ্ট্ৰিক গ্ৰন্থিৰ পৰা নিঃসৃত ৰসে খাদ্য পৰিপাকত সহায় কৰে।
  • ক্ষুদ্ৰান্ত্ৰ: পাকস্থলীৰ পৰা বৃহদান্ত্ৰ পৰ্যন্ত বিস্তৃত দীঘল পাচক নলীক ক্ষুদ্ৰান্ত্ৰ বোলে। ই ৩টা অংশত বিভক্ত, ক্ৰমে: ডুৱডেনাম, জুজেনাম আৰু ইলিয়াম।
  • বৃহদান্ত্ৰ: ইলিয়ামৰ পৰা পায়ু পৰ্যন্ত বিস্তৃত শকত নলাকৃতি অংশটো হ'ল বৃহদন্ত্ৰ। ইয়াৰ তিনটা অংশ হৈছে, ক্ৰমে: ছিকাম , ক'লন আৰু মলাশয়।
  • পায়ু: পাচক নলীৰ অন্তিম ছিদ্ৰটোৱেই হৈছে পায়ু। মলাশয়ত জমা হোৱা মল ইয়াৰ যোগেদিয়েই শৰীৰৰ বাহিৰলৈ নিষ্কাষিত হয়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Introduction to Eumetazoa". Invertebrate Zoology (7 সম্পাদনা). Brooks / Cole. 2004. পৃষ্ঠা. 99–103. ISBN 978-0-03-025982-1. https://archive.org/details/isbn_9780030259821. 
  2. "Introduction to Bilateria". Invertebrate Zoology (7 সম্পাদনা). Brooks / Cole. 2004. পৃষ্ঠা. 203–205. ISBN 978-0-03-025982-1. https://archive.org/details/isbn_9780030259821. 
  3. "gastrointestinal tract" at Dorland's Medical Dictionary
  4. "digestive system" at Dorland's Medical Dictionary
  5. G., Hounnou; C., Destrieux; J., Desmé; P., Bertrand; S., Velut (2002-12-01). "Anatomical study of the length of the human intestine". Surgical and Radiologic Anatomy খণ্ড 24 (5): 290–294. doi:10.1007/s00276-002-0057-y. ISSN 0930-1038. PMID 12497219. 
  6. Raines, Daniel; Arbour, Adrienne; Thompson, Hilary W.; Figueroa-Bodine, Jazmin; Joseph, Saju (2014-05-26). "Variation in small bowel length: Factor in achieving total enteroscopy?". Digestive Endoscopy খণ্ড 27 (1): 67–72. doi:10.1111/den.12309. ISSN 0915-5635. PMID 24861190. 
  7. Lin, L; Zhang, J (2017). "Role of intestinal microbiota and metabolites on gut homeostasis and human diseases". BMC Immunology খণ্ড 18 (1): 2. doi:10.1186/s12865-016-0187-3. PMID 28061847. 
  8. Marchesi, J. R; Adams, D. H; Fava, F; Hermes, G. D; Hirschfield, G. M; Hold, G; Quraishi, M. N; Kinross, J et al. (2015). "The gut microbiota and host health: A new clinical frontier". Gut খণ্ড 65 (2): 330–339. doi:10.1136/gutjnl-2015-309990. PMID 26338727. 
  9. Clarke, Gerard; Stilling, Roman M; Kennedy, Paul J; Stanton, Catherine; Cryan, John F; Dinan, Timothy G (2014). "Minireview: Gut Microbiota: The Neglected Endocrine Organ". Molecular Endocrinology খণ্ড 28 (8): 1221–38. doi:10.1210/me.2014-1108. PMID 24892638. 
  10. Nelson RJ. 2005. Introduction to Behavioral Endocrinology. Sinauer Associates: Massachusetts. p 57.