পাৰ্বতী বৰুৱা (ইংৰাজী: Parbati Barua) হাতী চিকাৰ বা হাতী ধৰি আনি প্ৰশিক্ষণ দিয়াৰ কামৰ সৈতে জড়িত থকা এগৰাকী অসমীয়া নাৰী। তেওঁ সমগ্ৰ বিশ্বত “কুইন অৱ দ্য এলিফেণ্টছ” ৰূপে পৰিচিত।[1] ১৯৬৭ চনৰ কোনোবা এটা দিনত তেওঁ অসমৰ কচুগাঁৱত, ১৪ বছৰ বয়সতে, জীৱনত প্ৰথমবাৰৰ বাবে হাতী ধৰিছিল।[2] পাৰ্বতী বৰুৱাৰ তত্বাৱধান তথা নিৰ্দেশনাত বৰ্তমানলৈকে ৪০০তকৈও অধিক সংখ্যক হাতীক প্ৰশিক্ষণ দিয়া হৈছে। এছিয়া নাইবা সমগ্ৰ বিশ্বৰ ভিতৰত তেৱেঁই একমাত্ৰ মহিলা, যি ‘মেলা চিকাৰ’ পদ্ধতিৰে হাতী ধৰি আহিছে। জীৱনজোৰা কৃতিৰ বাবে অসম চৰকাৰে তেওঁক ২০০৩ চনত ‘অনাৰেৰি চিফ এলিফেণ্ট ৱাৰ্ডেন অৱ অসম’ সন্মানেৰে বিভূষিত কৰে।[1]

পাৰ্বতী বৰুৱা
জন্ম ১৯৫৪ (বয়স ৬৯–৭০)
গৌৰীপুৰ, অসম ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা ৰাজনীতিক , বন্য প্ৰাণী অধিকাৰ কৰ্মী
সক্ৰিয় হৈ থকা সময় ১৯৭২-বৰ্তমানলৈ
জনা যায় হাতী মাউত
বঁটা, সন্মান, পুৰস্কাৰ আদি অসম গৌৰৱ বঁটা (২০২৩)
পদ্মশ্ৰী (২০২৪)

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

গৌৰীপুৰৰ ৰজা (জমিদাৰ) প্ৰকৃতিশ চন্দ্ৰ বৰুৱাৰ সুযোগ্যা কন্যা হৈছে পাৰ্বতী বৰুৱা।[2] তেওঁ প্ৰতিমা পাণ্ডে বৰুৱাৰ ভগ্নী। ৰাজ-হাউলিৰ বিলাস-বৈভৱৰ মাজত থাকি তেওঁ ডাঙৰ-দীঘল হৈছিল। গৌৰীপুৰ ছোৱালী স্কুলৰপৰা বিদ্যালয় শিক্ষা সমাপ্ত কৰি তেওঁ গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। দেউতাকৰ তলত তেওঁ হাতী ধৰাৰ প্ৰশিক্ষণ লৈছিল।

কৰ্মজীৱন

সম্পাদনা কৰক

১৯৭৫-৭৮ চনৰ মাজৰ সময়ছোৱাত অসমৰ হাবি-বনৰ লগতে পশ্চিম বংগৰ জলপাইগুৰি আৰু দাৰ্জিলিঙত মেলা চিকাৰ পদ্ধতিৰে এককভাৱে বহুতো বন্য হাতী ধৰিছিল। তেওঁ ১৯৮০ চনৰেপৰাই পশ্চিম বংগত বনাঞ্চলৰ হাতী জনবসতিপূৰ্ণ অঞ্চললৈ অহাৰ ক্ষেত্ৰত বন বিভাগক সহায় আগবঢ়াই আহিছে। ১৯৯১-৯৩ চনৰ সময়ছোৱাত তেওঁ উত্তৰ বংগৰ বিভিন্ন অঞ্চলত দেখা দিয়া নাহৰফুটুকী বাঘৰ উপদ্ৰৱৰ ক্ষেত্ৰত পোহনীয়া প্ৰশিক্ষণ প্ৰাপ্ত হাতীৰ যোগেদি সমস্যা সমাধানৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছিল। ১৯৯৬ চনত পাৰ্বতী বৰুৱাই কেৰালাৰ পিচিত অনুষ্ঠিত হোৱা প্ৰথম মাউত প্ৰশিক্ষণ পাঠ্যক্ৰমত সমল ব্যক্তি (Resource Person) হিচাপে যোগদান কৰিছিল। উত্তৰাঞ্চল বন বিভাগে আয়োজন কৰা মাউতৰ প্ৰশিক্ষণৰ পাঠ্যক্ৰম এটাত তেওঁ কাৰিকৰী সঞ্চালক পদত (টেকনিকেল ডিৰেক্টৰ) কাম কৰিছিল।[1] বৰ্তমান তেওঁ অসমৰ চৰকাৰী, বেচৰকাৰী মাউতক প্ৰশিক্ষণ দিয়াৰ লগতে পশ্চিমবংগতো প্ৰশিক্ষণ সঞ্চালক ৰূপে মাউতক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।

অনুষ্ঠানত অংশগ্ৰহণ

সম্পাদনা কৰক
  • ১৯৮২ চনত পশ্চিমবংগৰ জলদাপাৰা সংৰক্ষিত বনাঞ্চলত আয়োজিত হোৱা আন্তৰ্জাতিক হস্তী সন্মিলনত অংশ গ্ৰহণ কৰিছিল।
  • ১৯৯৩ চনত তামিলনাডুৰ মাদুমালাই সংৰক্ষিত বনাঞ্চলত বম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটিৰ দ্বাৰা আয়োজিত এছিয়াৰ পোহনীয়া হাতী সন্দৰ্ভত থাইলেণ্ডবেংককত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক কৰ্মশালাটো অংশ গ্ৰহণ কৰিছিল।
  • ২০১১ চনৰ আই আই এম ইন্দোৰ (ইংৰাজী: IIM Indore)ত প্ৰাক্‌-সমাৱৰ্তন অনুষ্ঠানত সন্মানিত অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল।[1]

সন্মান আৰু স্বীকৃতি

সম্পাদনা কৰক
  • ১৯৮৯ চনত পাৰ্বতী বৰুৱাক ইউনাইটেড নেশ্যনেছ এনভায়ৰনমেণ্ট প্ৰ’গ্ৰামছৰ (ইউ এন ই পি) “গ্ল’বেল ৫০০-ৰ’ল অৱ অনাৰ” সন্মান আগবঢ়োৱা হৈছিল।[1]
  • ২০০৩ চনত অসম চৰকাৰে পাৰ্বতী বৰুৱাক জীৱনজোৰা কৃতিৰ বাবে ‘অনাৰেৰি চিফ এলিফেণ্ট ৱাৰ্ডেন অফ অসম’ সন্মানেৰে বিভূষিত কৰে।
  • অসম গৌৰৱ বঁটা, ২০২৩
  • পদ্মশ্ৰী বঁটা ২০২৪[3]

আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

সম্পাদনা কৰক

ব্ৰিটিছ ভ্ৰমণ লেখক মাৰ্ক শ্বেণ্ডে পাৰ্বতী বৰুৱাক সমগ্ৰ বিশ্বৰ আগত পৰিচয় কৰাই দিয়াত মুখ্য ভূমিকা লৈছিল। ১৯৯৫ চনত উত্তৰ বংগৰ এক হাতী শিবিৰত তেওঁ পাৰ্বতী বৰুৱাক লগ পায় আৰু ৪ মাহ কাল পাৰ্বতী বৰুৱাৰ সৈতে ছাঁটোৰ দৰে হিমালয়ৰ পাদ দেশত হাবিয়ে বনে হাতী ধৰাৰ খুঁটি-নাটি অধ্যয়ন কৰি নেশ্যনেল জিঅ’গ্ৰাফিক চেনেলৰ বাবে এখন তথ্য চিত্ৰ নিৰ্মাণ কৰি উলিয়ায়। লগতে পাৰ্বতী বৰুৱাৰ বিষয়ে মাৰ্ক শ্বেণ্ডে “কুইন অৱ দ্য এলিফেণ্টছ” নামৰ গ্ৰন্থখন লিখি উলিয়ায়। ইয়াৰ পাছৰেপৰাই সমগ্ৰ বিশ্বই পাৰ্বতী বৰুৱাক “কুইন অৱ দ্য এলিফেণ্টছ” বুলি স্বীকৃতি দিয়ে।[1]

অধিক চাওক

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক