পিয়লী ফুকন (চলচ্চিত্ৰ)

অসমীয়া চলচ্চিত্ৰ
(পিয়লি ফুকন (১৯৫৫ চলচ্চিত্ৰ)ৰ পৰা পুনঃনিৰ্দেশিত)

পিয়লী ফুকন (ইংৰাজী: Piyoli Phukan) ১৯৫৫ চনত মুক্তি পোৱা এখন অসমীয়া ভাষাৰ ক'লা-বগা চলচ্চিত্ৰ। বোলছবিখনৰ পৰিচালনা কৰিছিল ফণী শৰ্মাই। ভাৰতৰ স্বাধীনতা সংগ্ৰামী পিয়লি ফুকনৰ জীৱন আৰু তেওঁৰ দেশপ্ৰেমৰ আখ্যানেৰে ছবিখনৰ কাহিনীটো সমৃদ্ধ হৈছে।[3] উল্লেখযোগ্য যে, পিয়লী ফুকন হৈছে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথমখন চলচ্চিত্ৰ।[4]

পিয়লী ফুকন

পিয়লী ফুকনৰ পোষ্টাৰ
পৰিচালক ফণী শৰ্মা
ৰচনা ফণী শৰ্মা
চিত্ৰনাট্য ফণী শৰ্মা
প্ৰযোজক গামা প্ৰসাদ আগৰৱালা
(ৰূপজ্যোতি প্ৰডাকচন)[2]
অভিনয়ত ফণী শৰ্মা
ইভা আচাও
জ্ঞানদা কাকতি
চিত্ৰগ্ৰহণকাৰী সুবোধ বেনাৰ্জি
সম্পাদনা কমল গাংগুলী
সংগীত পৰিচালক ভূপেন হাজৰিকা
মুক্তি
২ ডিচেম্বৰ ১৯৫৫[1]
দৈৰ্ঘ্য
১ ঘণ্টা ১৫ মিনিট
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনী সম্পাদনা কৰক

ব্ৰিটিছশাসিত অসমত বিদ্ৰোগ ঘোষণা কৰা পিয়লী ফুকন নামৰ এজন অসমীয়া সংগ্ৰামী যুৱকক ব্ৰিটিছে শেষপৰ্যায়ত ফাঁচীৰ হুকুম দিয়ে। ব্ৰিটিছৰ বিৰুদ্ধে সজোৰে প্ৰতিবাদ সাব্যস্ত কৰা ব্যক্তিসকলৰ ভিতৰত পিয়লী ফুকন আছিল অন্যতম। ১৮৩০ চনত ব্ৰিটিছে তেওঁৰ কণ্ঠৰোধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে গোচৰ মোকৰ্দমা কৰে আৰু মোকৰ্দমাত তেওঁৰ ফাঁচীৰ সপক্ষে ৰায়দান দিয়া হয়। ব্ৰিটিছৰ বিৰুদ্ধে চক্ৰান্ত ৰচনা কৰাৰ অপৰাধত তেওঁক দোষী সাব্যস্ত কৰা হৈছিল। ছবিখনৰ কাহিনী লিখিছিল ফণী শৰ্মাই।[1]

অভিনয় শিল্পী সম্পাদনা কৰক

কলা-কুশলী সম্পাদনা কৰক

  • সঙ্গীত- ভূপেন হাজৰিকা
  • গীতৰ কথা- ভূপেন হাজৰিকা
  • কণ্ঠ- ভূপেন হাজৰিকা, গুণদা দাস
  • কেমেৰা- সুবোধ বেনাৰ্জী
  • সহকাৰী পৰিচালক- অজয় চলিহা, ভবেন দাস
  • শব্দ- গৌৰ দাস
  • সম্পাদনা- কমল গাঙ্গুলী, প্ৰতুল ৰায় চৌধুৰী (সহকাৰী)
  • কলা- পাচু চক্ৰৱৰ্তী
  • প্ৰচাৰ- প্ৰসন্ন কুমাৰ দাস
  • পোহৰ- হেমন্ত দাস, মণ্টু সিং, আহমেদ, সুখৰঞ্জন
  • স্থিৰ চিত্ৰ- কুমাৰ ষ্টুডিঅ’[5]

সংগীত সম্পাদনা কৰক

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল ড॰ ভূপেন হাজৰিকাই। তেখেতেই ছবিৰ গীতবোৰ ৰচনা কৰিছিল। গীতসমূহত কণ্ঠদান কৰিছিল ভূপেন হাজৰিকা আৰু গুণদা দাসে। ছবিখনৰ গাঁৱৰে জীয়ৰী সপোন সুন্দৰী শীৰ্ষক গীতটো খুবেই সমাদৃত হৈছিল।[1]

গীতৰ তালিকা
নং শিৰোনামগায়ক/গায়িকা দৈৰ্ঘ্য
1. "গাঁৱৰে জীয়ৰী সপোন সুন্দৰী"  ভূপেন হাজৰিকা  
2. "অহো হো মহো হো"  ভূপেন হাজৰিকা আৰু সংগীবৃন্দ  
3. "উজাই বুৰাই দিলে শিহু কি ঘৰিয়াল"  ভূপেন হাজৰিকা গুণদা দাস  
4. "পিয়লী পিয়লী, ক’তনো লুকালি"     
5. "দুখৰো উপৰি দুখ মোৰ ৰাইজঐ"  ভূপেন হাজৰিকা গুণদা দাস  
6. "অসমীৰ মুখতে হাঁহি নাই এতিয়া"  চমচাদ বেগম, ভূপেন হাজৰিকা গুণদা দাস  
7. "তেজৰে কমলাপতি (বৰগীত)"  ভূপেন হাজৰিকা[6]  

সন্মান সম্পাদনা কৰক

ফণী শৰ্মাৰ দ্বাৰা পৰিচালিত এই ছবিখনে ৩য় (১৯৫৫) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰাষ্ট্ৰপতিৰ পৰা শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ (অসমীয়া) শিতানত বিশেষ যোগ্যতাৰ প্ৰমাণপত্ৰ (Certificate of Merit) লাভ কৰিবলৈ সক্ষম হয়। গুৰুত্বপূৰ্ণ কথা যে, ৰাষ্ট্ৰপতিৰ পৰা এই সন্মান লাভ কৰা পিয়লী ফুকনেই হৈছে প্ৰথম অসমীয়া ভাষাৰ চলচ্চিত্ৰ।[1][7]

তথ্য উৎস সম্পাদনা কৰক