অফুৰন্ত প্ৰাণশক্তিৰে জীৱনক অত্যন্ত সহজ আৰু ইতিবাচক ৰূপত গ্ৰহণ কৰিব পৰা ব্যক্তি পুণ্য শইকীয়া ছাৰ। সঁচা অৰ্থত ক'বলৈ গ'লে,বহু ঘাত-প্ৰতিঘাতৰ মাজতো জীৱনটোক বেচ উপভোগ কৰিব জনা মানুহ তেখেত। জীৱনৰ দুখ-যন্ত্ৰণাবোৰক তেখেতেও উপলদ্ধি কৰে আৰু মৰ্মাহত হয়,কিন্তু জীৱনটোক সহজ আৰু উপভোগ্য ৰূপত গ্ৰহণ কৰিব পৰাকৈ নিজস্ব এটা দৃষ্টিভংগী আছে বাবেই তেখেতক সদায়ে হাঁহি-ফুৰ্টিৰে থকা দেখা যায়। এই এটা প্ৰাণশক্তিৰেই তেখেতে আজিও সভা-সমিতিসমূহত প্ৰাণখোলা হাঁহিৰে অনৰ্গল কথা কৈ যায়,কবিতা পাঠ কৰি যায়,জীৱন সম্পৰ্কীয় নিজস্ব দৃষ্টিভংগীবোৰ ব্যংগাত্মক আৰু নাটকীয় শৈলীৰে প্ৰকাশ কৰি যায়। ৮০ৰ দশকত 'অগ্ৰদূত' কাকতৰ পাতত 'নেপথ্যৰ গুনগুননি' শীৰ্ষক এলানি ব্যংগাত্মক ৰচনাৰে বৃহৎ সংখ্যক পাঠকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰা পুণ্য শইকীয়াছাৰ অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট লেখক। 'নেপথ্যৰ গুণগুণনি'ৰ উপৰিও 'শ্বেতপত্ৰ','আলাপন',শুনিয়োক সৰ্বজন','শব্দৰ কাৰ্টুন','নেপথ্যৰ পৰা' আদি সমসাময়িক বিভিন্ন কাকত-আলোচনীৰ ব্যংগাত্মক ৰচনাৰ স্তম্ভলেখসমূহৰ জৰিয়তে তেখেতে বিগত প্ৰায় তিনিটা দশক ধৰি আমাৰ সমাজ-জীৱনত সততে ঘটি থকা দোষ-ত্ৰুটি সমূহক কটাক্ষ আৰু ক্ষুৰধাৰ সমালোচনা কৰি আহিছে। অকল ব্যংগ ৰচনাৰেই নহয়,গভীৰ মননশীল আৰু জীৱনবোধ সম্পন্ন গীত,কবিতা,নাটক আৰু অন্যান্য কিছুমান মৌলিক ৰচনাৰেও পুণ্য শইকীয়া ছাৰে অসমীয়া সাহিত্যক যথেষ্ট সমৃদ্ধ কৰিছে। বিষয়বস্তুৰ মৌলিকত্বৰে অলেখ নিৱন্ধ লিখাৰ উপৰিও তেখেতে কেইবাখনো মূল্যবান গ্ৰন্থ সম্পাদনাও কৰিছে। 'অৰণ্যৰ অধিকাৰ' শীৰ্ষক গ্ৰন্থখনৰ বাবে তেখেতে অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰদত্ত শিশু সাহিত্যৰ পুৰস্কাৰো লাভ কৰিছে। সাহিত্য জগতলৈ আগবঢ়োৱা বিপুল অৱদানৰ বাবে সদৌ অসম কবি সন্মিলনে তেখেতক 'বকুল বনৰ বঁটা' প্ৰদান কৰাৰ উপৰিও অসম চৰকাৰে ২০০৬ চনত সাহিত্যিক পেঞ্চন আগবঢ়াইছিল। ছাৰৰ গদ্যৰো নিজস্ব শৈলী আছে। স্বভাৱসুলভ ৰসিকতাৰে তেখেতে যিকোনো বস্তু বা ঘটনা একোটাক দেখাৰ লগে লগে নিজৰ অনুভৱখিনিক নিজস্ব শৈলীৰে প্ৰকাশ কৰাৰ অপূৰ্ব দক্ষতা ছাৰৰ আছে। তেখেতে লিখিছে-'বিশ্ব বিশ্ৰুত চিত্ৰ শিল্পী সকলে নিজৰ ছবি (Self portrait)খনকে এটা কুন্ধচ চেহেৰা দি আঁকে। ইয়াৰ মাজেদি তেওঁলোকে আচলতে এটা প্ৰচণ্ড বিদ্ৰোহ ঘোষণা কৰে। ময়ো আচলতে ব্যংগৰ মাজেদি নিজৰ ছবিখনকে প্ৰতিবিম্বিত কৰোঁ। আনক নহয়,নিজকে মই পীড়ণ কৰোঁ,নিজকে সতৰ্ক কৰোঁ,নিজক ভাঙো আৰু গঢ়োঁ। মই মোৰ ভিতৰৰ পৰাই শক্তি আহৰণ কৰোঁ। কথা কোৱাৰ মুন্সিয়ানা এটা বোধহয় মোৰ মাজত সৰুৰে পৰাই আছিল। বুদ্ধিদীপ্ত কথা বতৰা কৈ মই ভাল পাওঁ। তাকে মই পাঠকলৈ সংক্ৰমিত কৰোঁ। ভাৱবস্তুক নাটকীয় ৰূপত সজাই পৰাই দিওঁ। মোৰ হাস্য-ব্যংগ মূলত: সংলাপধৰ্মী। নাটক নাটক স্পৰ্শ এটা প্ৰায়েই থাকে। মই প্ৰক্ৰিয়াটো উপভোগ কৰেোঁ...'। পুণ্য শইকীয়া ছাৰে এনেদৰেই তিনিশৰো অধিক হাস্য-ব্যংগ ৰচনা কৰিছিল। এই ব্যংগ ৰচনাসমূহৰ মাজেৰে তেখেতে আমাৰ সমাজ আৰু জাতীয় জীৱনৰ বিভিন্ন সমস্যা আৰু কেৰোণসমূহ উদঙাই দিছে। উদাহৰণ স্বৰূপে তেখেতে এটি ব্যংগ কবিতাত লিখিছে-

আয়কৰ নিদিয়াকৈ পাৰ যদি আয় কৰ ক'লা টকা আছে বুধি কৰি নাই কৰ ঘোচ খোৱা নাই যদি পাৰমানে ট্ৰাই কৰ ৰাতি ৰাতি মদ খাই দিনটোত ড্ৰাই কৰ বুকুখন বয়ল কৰি মগজুটো ফ্ৰাই কৰ কটাকটি মৰামৰি ভায়ে ভায়ে হাই কৰ সকলোৱে মিলিজুলি দেশখন ছাঁই কৰ.. (নাঙঠ) নিজৰ ব্যংগ -ৰচনাৰ সন্দৰ্ভত ছাৰে এটা সাক্ষাৎকাৰত কৈছিল-'মোৰ ব্যংগাত্মক সাহিত্যবিলাকত মই এটা বৈচিত্ৰ্য আনিবলৈ যত্ন কৰোঁ। মই গাঁৱলীয়া পটভূমিত লিখোঁ, চহৰীয়া পটভূমিত লিখোঁ, খেলা-ধূলা, চিনেমা আৰু লগতে অসমীয়া সংস্কৃতিৰ বিষয়েও লিখোঁ। এই বৈচিত্ৰ্যটো লাগিবই। আৰু এই বৈচিত্ৰ্যটো ভাষাটোৱেহে তুলি ধৰিব লাগিব। গ্ৰাম্য ভাষাটো যদি ভালকৈ আয়ত্ত কৰিব নোৱাৰে, চহৰীয়া ভাষাটো যদি ভালকৈ আয়ত্ত কৰিব নোৱাৰে, আৰু আলংকাৰিক যিটো ভাষা সেইটো যদি ভালকৈ আয়ত্ত কৰিব নোৱাৰে তেনেহলে ব্যংগ লিখিব কেনেকৈ? গতিকে নতুন প্ৰজন্মক মোৰ ক’বলগীয়া কথা এইটোৱে যে তেওঁলোকে ভাষাটো ভালকৈ শিকক। লাগিলে অলপ দেৰিকৈয়ে সাহিত্যৰ ক্ষেত্ৰখনলৈ আহক। কিন্তু ভুলকৈ নহয়, শুদ্ধকৈ লিখক। ' অকল ব্যংগই নহয়,পুণ্য শইকীয়া ছাৰৰ কবিতাত তেখেতৰ নিজস্ব জীৱন-দৰ্শনো আছে। 'বন কেচেৰুৰ পাত' তেখেতৰ প্ৰথম কবিতা সংকলন-য'ত তেখেতে, বিশিষ্ট কবিতা সমালোচক সত্যকাম বৰঠাকুৰে কোৱাৰ দৰে, জীৱনৰ এক প্ৰত্যাহ্বানপূৰ্ণ প্ৰতিচ্ছবিক আত্মিক দৰ্শনৰ গভীৰতাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল। তেখেতৰ পৰৱৰ্তী কালৰ কবিতাসমূহতো জীৱন আৰু জগত সম্পৰ্কীয় দৃষ্টিভংগী নাটকীয় কথন শৈলীৰে অনন্য ৰূপত প্ৰতিফলিত হৈ উঠা দেখা যায়- 1. মোৰ বাবে অত্যন্ত লাজৰ কথাটো হ'ল মই আজিকালি একোতেই লাজ নাপাওঁ দুখ পাব নজনাটোৱেই মোৰ দুখ মোৰ অপ্ৰেমত প্ৰেমৰ চিৰন্তন হতাশা মোৰ কেৱল বিৰুধ নাই মৃত্যুৰ সতে.... (ভাৱ বল্লৰী)

2. ক্ৰমাগত সংকুচিত হয় মোৰ ছাঁটো মোৰ অজ্ঞাতসাৰেই ই কেতিয়াবা বেলুনৰ আকৃতি লয় কেতিয়াবা মেকুৰী হৈ মোলৈ চিকাৰী দৃষ্টিৰে চায় মই ভয় খাওঁ কিজানিবা ছাঁটো মোতকৈয়ো বেছি সঁচা হৈ পৰে... ( মন মৰ্মৰ)

পুণ্য শইকীয়া ছাৰে লিখা কবিতাসমূহৰ পৰা নিৰ্বাচন কৰি কেইটামান অত্যন্ত সুন্দৰ কবিতাৰ বংগানুবাদ কৰিছে অতুল চন্দ্ৰ শৰ্মাই। ছাৰৰ ভাৱ-ভাষা আৰু কথন শৈলী 'ঋতম্বৰা' নামৰএই অনুবাদ পুথিখনতো বৰ সুন্দৰ ৰূপত প্ৰতিফলিত হৈ উঠিছে,যেনে-

এই ধৰো তোমাৰ পকেটে একটাও ফুটোকড়ি নেই বলে তুমি উদ্বিগ্ন ছিলে-কিন্তু পকেটে হাত দিতেই ৰুমালেৰ সংগে বেৰিয়ে এল একটা দশ টাকাৰ নোট

এসব দেখতে একদম ছোট্ট কথা

কিন্তু এৰও আছে এক একটি তাৎপৰ্য

আৰ আছে একটা সমাসবদ্ধ আচৰণ

স্থানাংক জ্যামিতিৰ মতন শিহৰণ.. (জ্যামিতিৰ মতন কথাগুলো)

ছাৰৰ কবিতা পঢ়িলে এনে লাগে যেন তেখেতে কেতিয়াবা কবি জীৱনানন্দ দাশৰ দৰে প্ৰকৃতিৰ সৈতে একাত্ম হৈ যাব খোজে আৰু প্ৰকৃতিৰ ৰূপ-ৰস-গন্ধক শব্দেৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰে। প্ৰেম-ভালপোৱা আদিৰ দৰে বিষয়বোৰতো তেনেদৰে গালিবৰ শায়েৰী যেন অনুৰণিত হয়। গ্ৰাম্য জীৱনৰ বাস্তৱ চিত্ৰকো তেখেতে অত্যন্ত হৃদয়স্পৰ্শী ৰূপত তুলি ধৰা দেখা যায়--যেনে: 'আহিনৰ পথাৰত মই পাওঁ বাৰুদৰ গোন্ধ/ মই হেৰা পাওঁ/ঘাম আৰু চকুলোৰে দেউতাই লিখি যোৱা/বন্ধকী দলিল/ম্যাদ তাৰ মৰিশালী জুৰি..(সেই শব্দবোৰ)। চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত সাধাৰণতে বহুতে মানুহে নিজক অকামিলা বুলি ভাৱি ঘৰৰ ভিতৰতে সোমাই থাকে,কিন্তু পুণ্য শইকীয়া ছাৰ আছিল ব্যতিক্ৰম। 2003 চনত তেখেতে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতে এবাৰ ডিগবৈৰ মুলিয়াবাৰীস্থিত ঘৰলৈ কিবা কামত যাওঁতে বাইদেউক ছাৰৰ লিখা-মেলাৰ বিষয়ে সুধিছিলোঁ। বাইদেউৰ পৰা জানিব পাৰিছিলোঁ,অৱসৰ গ্ৰহণ কৰাৰ পাছতে তেখেতে আগৰ কাঠৰ বাটাম দিয়া ঘৰটো ভাঙি নতুন পকী ঘৰ সাজিছিল,পুৰণি ভেস্পা স্কুটাৰখন এৰি হিৰ'হুণ্ডা বাইক কিনিছিল আৰু পুত্ৰ সায়ন্তৰ সৈতে সৰু ল'ৰাৰ দৰে বহি কম্পিউটাৰত গেইম খেলিবলৈ আৰম্ভ কৰিছিল। এইবোৰত লাগি থাকোঁতে তেখেতৰ লিখা-মেলা সকলো বাদ পৰি গৈছিল। জীৱন ৰসিক পুণ্য শইকীয়া ছাৰৰ কাণ্ড-কাৰখানাবোৰ শুনি বেচ আমোদ পাইছিলোঁ। প্ৰকৃততে ছাৰে যেন জীৱনত সুখেৰে জীয়াই থকাৰ বিভিন্ন পথৰ সন্ধান কৰিছিল। ছাৰৰ সত্তৰ বছৰ পূৰ্ণ উপলক্ষে প্ৰকাশিত অভিনন্দন গ্ৰন্থ 'প্ৰত্যাশা আৰু প্ৰতিশ্ৰুতি'তে ছাৰে এই বিষয়ে লিখিছিল-'মই সহজে বুঢ়া হোৱাত নাই। অৱসৰ গ্ৰহণ কৰাৰ কেইদিনমান পাছতে এল এম এল ভেস্পাখন বিক্ৰী কৰি হিৰোহোণ্ডা ল'লোঁ। আগতকৈ অলপ বেছি জোৰেৰে যোৱাৰ উদ্দেশ্যে। তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ ভিতৰৰ কোনো ঠাইলৈ নিজা উদ্যোগত যাব লগা হ'লে মই বাইক চলাই যাওঁ। মানুহে ইস্ ইস্ আস্ আস্ কৰে,মই আৰামত উঃ উঃ কৰোঁ..'! খুব সম্ভৱ,শেহতীয়াভাৱে গঢ় লৈ উঠা ছাৰৰ চখটো হৈছে ফেচবুক। আজিৰ দিনত চাৰি কুৰিৰ দেওনা অতিক্ৰম কৰা কোনজন মানুহে ফেচবুক চলায়?ছাৰক কিন্তু ফেচবুকতো সততে পোৱা যায়। ফেচবুকত নিজৰ ফটো আপলোড কৰি তেখেতে ভাল পায়। কোনোবা এখন সভাত তেখেতে কোৱা মনত আছে-'মই মানুহটো ক'লা,চেহেৰাটো কিবা এঙাৰ ক'লা, কুন্ধচ, আপচু। ৰিক্সাৰ পৰা নামিলে মানুহে ভুলেই কৰে প্ৰকৃততে ৰিক্সাচালকজন কোনজন?ছাৰে সভাই সমিতিয়ে নিজৰ সম্পৰ্কত এনেদৰে ক'লেও এই কথা কিন্তু সত্য যে কোনো ধৰণৰ নীচাত্মিকাবোধ তেখেতৰ নাই। কেৱল আনক হঁহুৱাবলৈকে যেন তেখেতে কথাবোৰ কয়। আনক হঁহুৱাই তেখেতে আমোদ পায় আৰু সেয়ে প্ৰাণখোলা হাঁহিৰে অনৰ্গল কথা পাতি যায়। জীৱনৰ বাস্তৱতাক সহজভাৱে গ্ৰহণ কৰি জীৱনক পৰিপূৰ্ণভাৱে উপভোগ কৰাৰ কৌশল ছাৰে জানে। তেখেতৰ এই দিলখোলা আৰু কৌতুকপ্ৰিয় স্বভাৱৰ বাবেই 'প্ৰত্যাশা আৰু প্ৰতিশ্ৰুতি' ত বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে লিখিছিল যে় তেখেতে মানুহৰ মাজত সদায় সন্ধান কৰি থকা এক বিৰল সাৰল্য আৱিষ্কাৰ কৰিছিল দিলখোলা হাঁহিৰে জীৱনক আশ্চৰ্যকৰ সহজভাৱে গ্ৰহণ কৰিব পৰা পুণ্য শইকীয়া ছাৰৰ মাজত। আৰু এটা কথা যে ছাৰৰ কৌতুকপ্ৰিয় মনটোৰ মাজতে দেখিবলৈ পোৱা এটা ডাঙৰ বস্তু হৈছে -তেখেতৰ আধুনিক-যুক্তিবাদী মনটো। জীৱন আৰু জগতক তেখেতে ৰক্ষণশীলতাৰ বিপৰীতে সদায়ে একোটা যুক্তিবাদী মন আৰু বিজ্ঞানসন্মত দৃষ্টিভংগীৰে গভীৰ আৰু সূক্ষ্ম ভাৱে পৰ্যৱেক্ষণ কৰে। এটা সাক্ষাৎকাৰত তেখেতে ঈশ্বৰৰ প্ৰসংগতে নিজক দ্বিধাগ্ৰস্ত বুলিও উল্লেখ কৰিছে। তেখেতে এইষাৰ কথাকো ৰগৰ কৰিয়েই কৈছে-'মই অকনো সৎ মানুহ নহয়..ঈশ্বৰৰ প্ৰসংগতেই মই দেখোন দ্বিধাগ্ৰস্ত। মোৰ বাবে স্বৰ্গত ক'ত ঠাই হ'ব?' সেয়াও ৰগৰ। ব্যংগও আছে ইয়াত। ভাৰতবৰ্ষত আজি ইমান সাধু-সন্ত,মহাপুৰুষৰ ভীৰ যে সেই সকলোৱে মৃত্যুৰ পাছত স্বৰ্গত স্থান পাবলৈ ঠেলা-হেঁচা,হেঁতা-ওপৰা কৰিব লাগিলে ক'ৰবাত ছিটিকি পৰিব বুলিহে তেখেতৰ ভয়। এনেদৰেই আক্ৰমণাত্মক ক্ষুৰধাৰ ব্যংগৰ পৰিৱৰ্তে নাটকীয় শ্লেষাত্মক ব্যংগৰে তেখেতে ৰগৰ কৰি কৰিয়েই জীৱনটোক উপভোগ কৰি আহিছে। আনকো এই ধৰণৰ ব্যংগৰ মাজেৰে সকলোবোৰ কথাক নতুনকৈ চিন্তা কৰি চোৱাৰ বাট কাটি দিয়ে।