পূব কাৰ্বি আংলং অভয়াৰণ্য


পূব কাৰ্বি আংলং অভয়াৰণ্য (ইংৰাজী: East Karbi Anglong Wildlife Sanctuary) অসমকাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ অন্তৰ্গত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই কাৰ্বি আংলং-কাজিৰঙা লেণ্ডস্কেপৰ এটা উল্লেখযোগ্য অংশ।

পূব কাৰ্বি আংলং অভয়াৰণ্য ( East Karbi Anglong Wildlife) Sanctuary
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল)
অৱস্থান অসম, ভাৰত
মাটিকালি ২২১.৮১ বৰ্গ কিলোমিটাৰ[1]
কৰ্তৃপক্ষ Department of Environment & Forests, Assam

ইতিহাস সম্পাদনা কৰক

ডিফু চহৰৰপৰা ৩৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত পূব কাৰ্বি আংলং অভয়াৰণ্যই কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ প্ৰায় ২২,১৮১ হেক্টৰ (22১.৮১ বৰ্গ কিঃ মিঃ) বনাঞ্চল আগুৰি আছে। ২০০০ চনৰ ২৭ জুলাই তাৰিখে অসম চৰকাৰে এক অধিসূচনাযোগে মিকিৰ পাহাৰ সংৰক্ষিত বনাঞ্চল আৰু ইয়াৰ দাঁতিকাষৰীয়া কিছু অৰণ্য অঞ্চল সাঙুৰি লৈ এই বনাঞ্চলখনক অভয়াৰণ্যলৈ উন্নীত কৰে। বনাঞ্চলখন কাৰ্বি আংলং পূৰ্ব সংমণ্ডলৰ অন্তৰ্গত। সাগৰপৃষ্ঠৰপৰা অভয়াৰণ্যখনৰ উচ্চতা ঠাই বিশেষে ৮০ৰ পৰা ৫০০ মিটাৰ।

ভৌগিলিক বিৱৰণ সম্পাদনা কৰক

পূব কাৰ্বি আংলং অভয়াৰণ্যৰ মাটিকালি প্ৰায় ২২১.৮১ বৰ্গকিলোমিটাৰ।[2] ই গুৱাহাটী আৰু যোৰহাটৰ পৰা ক্ৰমান্বয়ে ১৯০ আৰু ১১০ কিমি দুৰত্বত অৱস্থিত।

জলবায়ু সম্পাদনা কৰক

অভয়াৰণ্যখনৰ জলবায়ু ক্ৰান্তীয় সেমেকা। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ গড় হিচাপত ১৮০০ মিলিমিটাৰতকৈ অলপ কম, গড় সৰ্বোচ্চ তাপমাত্ৰা ৩৪ ডিগ্ৰী চেণ্টিগ্ৰেড আৰু সৰ্বনিম্ন ৬ চেণ্টিগ্ৰেড।

জৈৱবৈচিত্ৰ্য সম্পাদনা কৰক

উদ্ভিদ সম্পাদনা কৰক

বনাঞ্চলখনৰ অৰণ্যৰাজি প্ৰধানকৈ ক্ৰান্তীয় অৰ্ধ চিৰসেউজ আৰু ঠাইবিশেষে ক্ৰান্তীয় সেমেকা পৰ্ণপাতী অৰণ্য দেখিবলৈ পোৱা যায়। অভয়াৰণ্যখনত শলখ, খকন, ভেলেউ, নাহৰ, পমা, ঔটেঙা, শিলিখা, আম, চেগুন, গমাৰি, কঁঠাল আদিৰ উপৰি বিভিন্ন লতাজাতীয় উদ্ভিদ, তৃণজাতীয় উদ্ভিদ আদিও উপলব্ধ।

প্ৰাণী সম্পাদনা কৰক

হাতী, বনৰীয়া মেকুৰী, শৰপহু, কেৰ্কেটুৱা, সুগৰী পহু, বনৰীয়া গাহৰি,অসমীয়া বান্দৰ,মলুৱা বান্দৰ, হলৌ বান্দৰ ইত্যাদি।[3]

চৰাই-চিৰিকটি সম্পাদনা কৰক

হাড়গিলা,পাটিশগুণ, বৰটোকোলা,হাইঠা,গলমণিকা ইত্যাদি।

সৰীসৃপ সম্পাদনা কৰক

ফেঁটীসাপ, পাইথন, পাহাৰীয়া কাছ, গুইঁ ইত্যাদি।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক