পূৰ্ববংগ আৰু অসম (বঙালী: পূৰ্ববঙ্গ ও আসাম; ইংৰাজী: Eastern Bengal and Assam) ১৯০৫ৰ পৰা ১৯১২লৈ ব্ৰিটিছ ভাৰতৰ এটা প্ৰশাসনিক ভাগ (প্ৰদেশ) আছিল। প্ৰদেশখনৰ ৰাজধানী আছিল ঢাকা। বৰ্তমানৰ বাংলাদেশ, উত্তৰ-পূব ভাৰত আৰু পশ্চিমবংগৰ উত্তৰ অংশক সামৰি এই প্ৰদেশ গঠন কৰা হৈছিল।

ইতিহাস সম্পাদনা কৰক

 
ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৭৬৫ চনত বংগ আৰু ১৮৩৮ চনত অসমক অধিগ্ৰহণ কৰে.

১৮৬৮ চনৰ আদিভাগত ব্ৰিটিছ প্ৰশাসনে বেংগল প্ৰেচিডেন্সিৰ পূব অংশৰ বাবে স্বাধীন প্ৰশাসনিক গোটৰ পোষকতা কৰিছিল। তেওঁলোকে অনুভৱ কৰিছিল যে ব্ৰিটিছ ভাৰতৰ ৰাজধানী কলিকতা ইতিমধ্যেই অত্যধিক প্ৰশাসনিক কাম-কাজৰ বাবে ভাৰাক্ৰান্ত হৈ পৰিছিল। সেয়ে ১৯০৩ চনত বংগ বিভাজন আৰু অসমৰ ব্যৱসায়িক প্ৰসাৰণ অতি প্ৰয়োজনীয় হৈ উঠিছিল। ব্ৰিটিছে নতুনকৈ গঠন হ'বলগীয়া প্ৰদেশখনত শিক্ষা আৰু নিযুক্তিৰ ক্ষেত্ৰত অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। [1]

 
পূৰ্ববংগ আৰু অসম গঠনৰ মুখ্য উদ্যোক্তা লৰ্ড কাৰ্জন
 
ঢাকাত ১৯০৬ চনত অনুষ্ঠিত মুছলিম লীগৰ প্ৰথম বৈঠক

বংগ-ভংগৰ প্ৰস্তাৱ উত্থাপন কৰিছিল তদানীন্তন ভাইচৰয় লৰ্ড কাৰ্জনে আৰু ইয়াক ১৯০৫ চনৰ ১৬ অক্টোবৰত কাৰ্যকৰী কৰা হয়। ঢাকাক ৰাজধানী হিচাপে লৈ গঠন কৰা প্ৰদেশখনৰ প্ৰথমজন লেফটেনেণ্ট জেনেৰেল আছিল ছাৰ বাম্পফিল্ড ফুলাৰ।

বংগ-বিভাজনে হিন্দু জাতীয়তাবাদীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। তেওঁলোকে ভাৱিছিল যে এইয়া বঙালীসকলৰ গৃহভূমিক 'বিভাজন আৰু শাসন'ৰ দ্বাৰা দুৰ্বল কৰাৰ এক পদক্ষেপ।[2] কলিকতাৰ বণিক গোষ্ঠীয়ে এই নতুন ৰাজ্যত তেওঁলোকৰ বজাৰ হেৰুৱাব বুলি ভয় খাইছিল। ইয়াৰ মাজতে ১৯০৬ চনত হিন্দু জাতীয়তাবাদক প্ৰতিৰোধ কৰিবৰ বাবে ঢাকাত মুছলিম লীগ গঠন কৰা হৈছিল। পৰিণতিস্বৰূপে হিন্দুসকলেও অখিল ভাৰতীয় হিন্দু মহাসভাৰ গঠন কৰিছিল। ১৯১১ চনত দিল্লী দৰবাৰত ৰজা পঞ্চম জৰ্জে সাম্প্ৰদায়িক সংঘৰ্ষৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিটিছ চৰকাৰে উক্ত বিভাজন বাতিল কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব বুলি ঘোষণা কৰে। পূৰ্ববংগক পশ্চিম বংগৰ সৈতে পুনৰ সংযোগ কৰা হয় আৰু অসমক পুনৰ চীফ-কমিছনাৰৰ প্ৰদেশলৈ ৰূপান্তৰিত কৰা হয়।

ভৌগোলিক বিৱৰণ সম্পাদনা কৰক

পূৰ্ববংগ আৰু অসম ১১১,৫৬৯ বৰ্গ মাইল অঞ্চলজুৰি বিস্তৃত আছিল। প্ৰদেশখনৰ চাৰিসীমা আছিল উত্তৰে ভূটান আৰু তিব্বত, পূবে ব্ৰিটিছ ব্ৰহ্মদেশ আৰু দক্ষিণে বংগ-উপসাগৰ। ৰাজশাসিত ত্ৰিপুৰা, কোচবিহাৰ আৰু মণিপুৰ প্ৰদেশখনৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত আছিল যদিও প্ৰশাসনিকভাৱে ইয়াৰ ভিতৰুৱা নাছিল।

প্ৰশাসনিক ব্যৱস্থা সম্পাদনা কৰক

প্ৰদেশখনৰ মুখ্য প্ৰশাসনিক বিষয়া আছিল লেফটেনেণ্ট জেনেৰেল। ভাইচৰয় আছিল ব্ৰিটিছ ৰাজতন্ত্ৰৰ প্ৰতিনিধি। ঢাকা আছিল প্ৰাদেশিক ৰাজধানী। প্ৰদেশখনৰ নিজৰ উচ্চ ন্যায়ালয় আৰু বিধান-পৰিষদ (৪০ সদস্যবিশিষ্ট) আছিল। লেফটেনেণ্ট জেনেৰেলৰ অধীনত পাঁচজন কমিছনাৰে শাসন ব্যৱস্থা পৰিচালনা কৰিছিল।

প্ৰদেশখনৰ গ্ৰীষ্ম ৰাজধানী আছিল ছিলং[3]

প্ৰদেশখনৰ প্ৰশাসনিক ভাগ(ডিভিজন)সমূহ আছিল-

  • ঢাকা ডিভিজন
  • চিট্টাগং ডিভিজন
  • ৰাজচাহী ডিভিজন
  • অসম ভেলী ডিভিজন
  • সুৰমা ভেলী আৰু পাৰ্বত্য জিলা ডিভিজন

প্ৰদেশখনৰ মুঠ জিলাৰ সংখ্যা আছিল ৩০ খন।

জনগাঁথনি সম্পাদনা কৰক

১৯০১ চনৰ লোকপিয়ল মতেপূৰ্ববংগ আৰু অসমৰ মুঠ জনসংখ্যা আছিল ৩০,৯৬১,৪৫৯ জন। [1]

ভাষিক বিভাজন-

  • বঙালী- ২৭,২৭২,৮৯৫ জন
  • অসমীয়া- ১,৩৪৯,৭৮৪জন

পাৰ্বত্য জিলাকেইখন তিব্বত-বৰ্মী জনগোষ্ঠী বিশেষকৈ মিজো, নগা, গাৰো, বড়ো, চাকমা আদিৰ বাসস্থান আছিল।

ধৰ্মীয় বিভাজন

  • হিন্দু- ১২,০৩৬,৫৩৮ জন
  • মুছলমান- ১৮,০৩৬,৬৮৮ জন
  • অন্যান্য- বৌদ্ধ, খ্ৰীষ্টিয়ান, প্ৰকৃতিপূজক
 
পূৰ্ববংগ আৰু অসমৰ চাহ খেতি

পূৰ্ববংগ আৰু অসমৰ ভূমি অতি সাৰুৱা আৰু ই ধান আৰু মৰাপাট খেতিৰ বাবে বিখ্যাত আছিল। পুৰ্ববংগই পৃথিৱীৰ ৮০% মৰাপাট উৎপাদন কৰিছিল। অসম উপত্যকাই চাহ আৰু পেট্ৰলিয়ামৰ উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। চিট্টাগং বন্দৰৰ জৰিয়তে প্ৰদেশখনে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সম্পাদন কৰিছিল। বন্দৰটো অসম-বেংগল ৰে'লৱেৰ দ্বাৰা ভিতৰুৱা অঞ্চলসমূহৰ সৈতে সংযুক্ত আছিল।

পৰিৱহণ সম্পাদনা কৰক

  • অসম-বেংগল ৰে'লৱে
  • জল-পৰিৱহণ
  • পথ-পৰিৱহণ

সামৰিক ব্যৱস্থা সম্পাদনা কৰক

  • ব্ৰিটিছ-ইণ্ডিয়ান আৰ্মী- ঢাকা, চিট্টাগং,ছিলং, কুমিল্লা, গুৱাহাটী
  • অসম ৰাইফলছ- পূব সীমান্ত
  • গোৰ্খা ৰেজিমেণ্ট আৰু বেংগল-মিলিটাৰী পুলিচ- উত্তৰ সীমান্ত

শিক্ষা সম্পাদনা কৰক


তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 "Eastern Bengal and Assam - Encyclopedia". Theodora.com. http://www.theodora.com/encyclopedia/e/eastern_bengal_and_assam.html। আহৰণ কৰা হৈছে: 2015-09-24. 
  2. "Eastern Bengal and Assam - Banglapedia". En.banglapedia.org. 2014-05-05. http://en.banglapedia.org/index.php?title=Eastern_Bengal_and_Assam। আহৰণ কৰা হৈছে: 2015-09-24. 
  3. "Searching for Shillong - Wall Street International". Wsimag.com. 2015-04-04. http://wsimag.com/travel/13269-searching-for-shillong। আহৰণ কৰা হৈছে: 2015-09-24.