পৃথিৱীৰ আহ্নিক গতি
পৃথিৱীয়ে ইয়াৰ দুই মেৰু - সংযোগী অক্ষডালক কেন্দ্ৰ কৰি অনবৰতে আৱৰ্তন কৰি থাকে। পৃথিৱীয়ে ২৩ ডিগ্ৰি কোণ কৰি নিজ অক্ষত এবাৰ প্ৰদক্ষিণ কৰিবলৈ ২৩ ঘণ্টা ৫৬ মিনিট আৰু ৪.০৯ ছেকেণ্ড সময় লয়। ইয়েই আহ্নিক গতি। পৃথিৱীৰ এই আহ্নিক গতিৰ ফলতে দিন - ৰাতি হয়।