প্ৰেম জনমে জনমে (ইংৰাজী: Prem Janame Janame) ১৯৯১ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া ড্ৰামা চলচ্চিত্ৰ। যাদৱ চন্দ্ৰ দাস পৰিচালিত এই ছবিখন বি.এচ.বি. ফিল্মছৰ (অসম) বেনাৰত প্ৰযোজনা কৰিছিল বিপুল কলিতাই। মূল ভূমিকাত অভিনয় কৰিছিল বিজয় শংকৰ, বিদ্যা ৰাও আৰু পৰেশ গোস্বামী ডেইজী ৰাজখোৱাই।সংগীত ৰিদীপ দত্তৰ।[1]

প্ৰেম জনমে জনমে

ছবিখনৰ এটা দৃশ্যৰ স্ক্ৰীণশ্বট
পৰিচালক যাদৱ চন্দ্ৰ দাস
ৰচনা সৌৰভ কিশোৰ
চিত্ৰনাট্য সৌৰভ কিশোৰ
কাহিনী জ্যোৎস্না দাস, বিপুল কলিতা
অভিনয়ত বিজয় শংকৰ
বিদ্যা ৰাও
পৰেশ গোস্বামী
ডেইজী ৰাজখোৱা
চিত্ৰগ্ৰহণকাৰী ৰবীন কৰ
সম্পাদনা বিজয় চৌধুৰী
সংগীত পৰিচালক ৰিদীপ দত্ত
মুক্তি
২৭ ডিচেম্বৰ ১৯৯১
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনীৰ সাৰাংশ সম্পাদনা কৰক

এয়া এহাল যুৱক-যুৱতীৰ প্ৰেম কাহিনী। ভিন্নধৰ্মী যুৱক-যুৱতীহালৰ প্ৰেমৰ পথ সুন্দৰ; কিন্তু এই পথতো লুকাই আছিল কিছুমান কাঁইট। যিয়ে দুঃসহ কৰি দিয়ে দুয়োৰো জীৱন। এদিন কালৰাত্ৰিৰ অৱসান ঘটিল। মিলনৰ ক্ষণ এতিয়া সমাগত। কিন্তু সকলো কথাই জানো মানুহে ভবাৰ দৰেই হয়?[1]

অভিনয় শিল্পী সম্পাদনা কৰক

  • বিজয় শংকৰ
  • বিদ্যা ৰাও
  • পৰেশ গোস্বমী
  • ডেইজী ৰাজখোৱা
  • চম্পক শৰ্মা
  • আশীষ শইকীয়া
  • জ্যোতিষ শৰ্মা
  • বুলু বৰকটকী
  • বিউটি সভাপণ্ডিত
  • বন্দিতা বৰা
  • দেৱ কুমাৰ দাস
  • কুমুদ বৰদলৈ
  • হৰেন কলিতা
  • মৃণালিনী কলিতা[1]

সংগীত সম্পাদনা কৰক

ছবিখনৰ সংগীত পৰিচালনা কৰিছে ৰিদীপ দত্তই। গীত লিখিছে যাদৱ চন্দ্ৰ ডেকা আৰু ললিত চন্দ্ৰ নাথে। কণ্ঠদান কৰিছে মহানন্দ মজিন্দাৰ বৰুৱা, ৰিদীপ দত্ত, দিলু হাজৰিকা, জোতিৰ্ময় দেৱনাথ, অনিমা চৌধুৰী, মিতালী চৌধুৰী আৰু সন্ধ্যা মেননে[1]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "খং খং খং চেনাই নকৰিবা এনেকৈ, মোক মোক মোক চেনাই কি বুলি মাতিবা"  যাদৱ চন্দ্ৰ দাসমহানন্দ মজিন্দাৰ বৰুৱা, ৰিদীপ দত্ত, দিলু হাজৰিকা  
2. "ইমান ধুনীয়াকৈ কোনে সৰজিলে যেন সৰগৰ তৰা"  যাদৱ চন্দ্ৰ দাসঅনিমা চৌধুৰী, মহানন্দ মজিন্দাৰ বৰুৱা  
3. "বন্তি জলালো তোমাৰে থাপনাত, কৰজোৰে মিনতি কৰিছো কাতৰে মাতিছো তোমাকে মই প্ৰভু"  যাদৱ চন্দ্ৰ দাসঅনিমা চৌধুৰী  
4. "হেৰ অসমীয়া বিহুৰে বলীয়া, লুইতৰ পাৰতে ঘৰ"  ললিত চন্দ্ৰ নাথমিতালী চৌধুৰী, জোতিৰ্ময় দেৱনাথ  
5. "জনেমে লভিলো, অ’ মোৰ চেনাই তোমাৰ মন পাবলৈ"  যাদৱ চন্দ্ৰ দাসৰিদীপ দত্ত, সন্ধ্যা মেনন  

তথ্যউৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 368.