ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত হৈছে এক শ্ৰেণীৰ আখ্যানমূলক গীত। শঙ্কৰদেউ ৰজা কোনো কোনোৰ মতে শঙ্কৰদেউৰ[1] পুত্ৰ মণিকোঁৱৰ আৰু মণিকোঁৱৰৰ পুত্ৰ ফুলকোঁৱৰক মূল চৰিত্ৰ হিচাপে লৈ আৰু মণিকোঁৱৰ আৰু ফুলকোঁৱৰৰ প্ৰেম কাহিনী দুটাক কেন্দ্ৰীয় বিষয়বস্তু হিচাপে লৈ ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত ৰচিত হৈছে। অসমীয়া লোক কবিতাসমূহৰ ভিতৰত ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীতৰ যথেষ্ট গুৰুত্ব আছে।

অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰণেতাসকলে এই গীতক অসমীয়াৰ উমৈহতীয়া সম্পদ হিচাপে স্থান দিলেও অসমৰ অন্যতম জাতি গোষ্ঠী সোণোৱাল কছাৰীসকলৰ সৈতে এই গীতৰ এৰাব নোৱৰা সম্পৰ্ক এটা দেখিবলৈ পোৱা যায়।[2] গুণেশ্বৰ সোণোৱালে লিখিছে– ‘‘এই গীতবোৰ বৰ বিষাদৰ গীত। ফুলকোঁৱৰৰ গীত গালে বৰষুণ হয় বুলি সোণোৱালসকলে বিশ্বাস কৰে। খৰাং হ’লে এই গীত গাই বৰষুণ মতাৰ লোকবিশ্বাস এটা প্ৰচলিত আছে।[3]

বিষয়বস্তু সম্পাদনা কৰক

ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীতৰ প্ৰধান বিষয়বস্তু হৈছে প্ৰেম কাহিনী। ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীতৰ জনশ্ৰুতিমূলক কাহিনীটো এনেধৰণৰ– শংখদেউ ৰজা অপুত্ৰক আছিল বাবে ৰাণী ময়নামতীয়ে স্তুতি-মিনতিৰে জলকোঁৱৰক সন্তুষ্ট কৰাত সগৰ্ভা হৈ এটি পুত্ৰ সন্তান লাভ কৰে, যাৰ নাম মণিকোঁৱৰ। কিন্তু গণকৰ হিচাপে অনুসৰি মণিকোঁৱৰৰ আয়ুস মাথোঁন ষোল্ল বছৰ। মণিকোঁৱৰে ৰাজমন্ত্ৰীৰ কন্যা কাচন কুঁৱৰীক বিয়া কৰালে। কিন্তু ভৱিষ্যত বাণী অনুসৰি যথাসময়ত জলকুঁৱৰীয়ে মণিকোঁৱৰক হৰি নিলে। পাছত কাচন কুঁৱৰীৰ গৰ্ভত ফুলকোঁৱৰৰ জন্ম হ’ল।[4] ডাঙৰ হৈ আহি ফুলকোঁৱৰে দেউতাকৰ পৰিচয় বিচাৰিবলৈ ল’লে আৰু দেউতাক হেৰুৱাৰ কাহিনী জানিব পাৰি ফুলকোঁৱৰে দেউতাকক বিচাৰি উলিওৱাৰ সংকল্প ল’লে। মাকক খাটনি ধৰি ধৰি অৱশেষত ফুলকোঁৱৰে ককাদেউতাকে বাঢ়ৈৰ হতুৱাই সাজি দিয়া কাঠৰ পখীঘোঁৰাত উঠি ফুলকোঁৱৰ দেউতাকৰ সন্ধানত উৰা মাৰিলে। বিজুলি সঞ্চাৰে ছমাহৰ বাট একেদিনাই গৈ ককাকে পাছলৈ উলটি নাচাবলৈ বুলি দিয়া হাক বচন পাহৰি ফুলকোঁৱৰে কিমাননো আহিলোঁ বুলি পাছলৈ ঘূৰি চালে আৰু লগে লগে কাঠৰ পখীঘোঁৰাৰ পাখি ছিগি বাৰে বছৰ কাল নুফুলাকৈ থকা দিজাই মালিনী বুঢ়ীৰ ফুলনিত পৰিলগৈ। ফুলকোঁৱৰে ফুলনিত নমাৰ লগে লগেই ফুলনি ফুলেৰে জাতিষ্কাৰ হৈ উঠিল। পাছত মালিনী বুঢ়ীৰ যোগেদি সেই ঠাইৰ ৰজাৰ কণ্যা পচতুলাৰ লগত ফুলকোঁৱৰৰ গোপন প্ৰণয় ঘটিল আৰু পচতুলা সন্তান সম্ভৱা হ’ল। পাছত সেই দেশৰ ৰজাই পচতুলাক ফুলকোঁৱৰলৈ বিয়া দিলে। অৰুণা-জগৰা তেওঁলোকৰে সন্তান।[5]

ৰচনা কাল সম্পাদনা কৰক

ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীতৰ ৰচনাৰ সঠিক সময় নিৰ্ণয় কৰিব নোৱাৰি যদিও উল্লেখ থকা পদবী, আচাৰ-আচৰণ আদিলৈ লক্ষ্য কৰি এই গীত আহোম ৰাজত্বকালতে বা আহোম-ৰাজত্বকালৰ ওচৰে পাজৰে ৰচিত হোৱা বুলি ঠাৱৰ কৰা হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন]

বৈশিষ্ট্য সম্পাদনা কৰক

ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীতৰ মূল বৈশিষ্ট্যসমূহ হৈছে–

  1. অলৌকিকতাৰ প্ৰকাশ
  2. ৰচনাৰীতিৰ সৰলতা
  3. অসমীয়া গ্ৰাম্য জনজীৱনৰ চিত্ৰ প্ৰকাশ
  4. আহোম যুগৰ বিষয়বাব, উপাধি আদিৰ উল্লেখ আৰু আচাৰ-নীতিৰ প্ৰতিফলন
  5. স্বৰবৃত্ত ত্ৰিপদী ছন্দবিশিষ্ট
  6. ছন্দ বা সুৰৰ লয় ৰাখিবৰ বাবে স্থান বিশেষে মূল ভাবৰ লগত সংগতি থকা বা নথকা একোফাঁকি গৌণ পদৰ ব্যৱহাৰ আদি।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. ড॰ বিভা দত্ত নেওগ [সম্পা.] (ষষ্ঠ সংস্কৰণ, ২০১৭). কবিতা মুকুৰ. কিৰণ প্ৰকাশন, ধেমাজি. পৃষ্ঠা. ১০৩. 
  2. ড॰ অৰবিন্দ ৰাজখোৱা [সম্পা.] (তৃতীয় সংস্কৰণ, ২০১৩). অসমীয়া কাব্য পৰিক্ৰমা. বনলতা, ডিব্ৰুগড়. পৃষ্ঠা. ৩৬. 
  3. ড॰ প্ৰহ্লাদ কুমাৰ বৰুৱা [সম্পা.] (দ্বিতীয় সংস্কৰণ, ২০০১). অসমীয়া লোকসাহিত্য. অসম সাহিত্য সভা, ষট্‌ ষষ্ঠিতম অধিৱেশন, ডিব্ৰুগড. পৃষ্ঠা. ৩৪৯. 
  4. ড॰ অৰবিন্দ ৰাজখোৱা [সম্পা.] (তৃতীয় সংস্কৰণ, ২০১৩). অসমীয়া কাব্য পৰিক্ৰমা. বনলতা, ডিব্ৰুগড়. পৃষ্ঠা. 37. 
  5. ড॰ বিভা দত্ত নেওগ [সম্পা.] (ষষ্ঠ সংস্কৰণ, ২০১৭). কবিতা মুকুৰ. কিৰণ প্ৰকাশন, ধেমাজি. পৃষ্ঠা. ১০৩.