বছেন মুৰ্মু (৯ এপ্ৰিল ১৯৮৭ - ৮ জুন ২০২০[1]) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু গীতিকাৰ। তেওঁ ঘাইকৈ চাঁওতালি ভাষাত সংগীতচৰ্চা কৰিছিল। তেওঁ চাঁওতালি চলচ্চিত্ৰ আৰু এলবামৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীত পৰিগণিত হৈছিল।

বছেন মুৰ্মু
জন্ম ০৯ এপ্ৰিল, ১৯৮৭ (৩৭ বছৰ)
বৰহাজিয়ান, ময়ূৰভঞ্জ জিলা, ওড়িশা, ভাৰত
মৃত্যু ০৮ জুন, ২০২০ (৩৩ বছৰ)
ৰায়ৰংপুৰ, ময়ূৰভঞ্জ জিলা, ওড়িশা
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
পেচা
  • কণ্ঠশিল্পী, গীতিকাৰ
দাম্পত্যসঙ্গী মমতা মুৰ্মু
পিতৃ-মাতৃ নৰেন মুৰ্মু (পিতৃ)
মইনা মুৰ্মু (মাতৃ)
সন্তান ভাগ্যলক্ষ্মী মুৰ্মু

২০২০ চনৰ ৮ জুন তাৰিখে মাত্ৰ ৩৩ বছৰ বয়সত বছেন মুৰ্মুৰ মৃত্যু হয়।

জন্ম আৰু পৰিচয় সম্পাদনা কৰক

১৯৮৭ চনৰ ৯ এপ্ৰিল তাৰিখে ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ বৰহাজিয়ান গাঁৱত বছেন মুৰ্মুৰ জন্ম হৈছিল। তেওঁৰ পিতৃ নৰেন মুৰ্মু আৰু মাতৃ মইনা মুৰ্মু। তেওঁ মমতা মুৰ্মুৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ। ভাগ্যলক্ষ্মী মুৰ্মু তেওঁলোকৰ একমাত্ৰ কন্যা সন্তান।[2]

কৰ্মজীৱন সম্পাদনা কৰক

বছেন মুৰ্মুয়ে তেওঁৰ জীৱনকালত প্ৰায় ৫০০ গীতত কণ্ঠ নিগৰাইছে। ইয়াৰ লগতে তেওঁ এগৰাকী গীতিকাৰো আছিল। তেওঁৰ অতি জনপ্ৰিয় গীত সমূহৰ ভিতৰত উল্লেখযোগ্য সমূহ হ'ল: 'কুলমি দাৰে লেকা কুদিম হাৰায়েন', 'চ্‌হেমেক চ্‌হেমেক', 'জীৱী ৰাণী তিছিম হিজুক', 'আলাক জাদি নাদি লেকা' ইত্যাদি।[3][4][5]। .

মৃত্যু সম্পাদনা কৰক

২০২০ চনৰ ৮ জুন তাৰিখে মাত্ৰ ৩৩ বছৰ বয়সত বছেন মুৰ্মুৰ মৃত্যু হয়।[4] তেওঁৰ কোনো ৰোগ বা ৰোগৰ লক্ষণ নাছিল। ৮ জুন তাৰিখে তেওঁ হঠাৎ ঢলি পৰে। তাৰপিছত তেওঁক ৰায়ৰংপুৰ চৰকাৰী চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

তথ্য উৎস সম্পাদনা কৰক

  1. "संताली सिंगर बोसेन मुर्मु नहीं रहे" (Hindi ভাষাত). Prabhat Khabar. Neutral Publishing House Ltd.. 2020. https://epaper.prabhatkhabar.com/c/52606096। আহৰণ কৰা হৈছে: 9 June 2020. 
  2. "ᱥᱟᱱᱛᱟᱲᱤ ᱥᱮᱨᱮᱧ ᱨᱩᱥᱤᱠᱟ ᱵᱟᱥᱮᱱ ᱢᱩᱨᱢᱩ ᱫᱚᱭ ᱵᱟ.ᱜᱤᱭᱟᱫ ᱵᱚᱱᱟ" (qu ভাষাত). ᱰᱤᱡᱤᱴᱟᱞᱤ ᱥᱟᱱᱛᱟᱲᱤ ᱠᱷᱚᱵᱚᱨ •. 2020-06-08. Archived from the original on 2020-06-08. https://web.archive.org/web/20200608150108/http://santalinews.com/kulmi-dare-singer-basen-murmu-has-passed-away/। আহৰণ কৰা হৈছে: 2020-06-08. 
  3. https://www.youtube.com/watch?v=q4lo4Jonhak
  4. 4.0 4.1 "ଯୁବ ସାନ୍ତାଳୀ ଗାୟକ ବସେନ ମୁର୍ମୁଙ୍କ ପରଲୋକ" (Odia ভাষাত). Summa real Media Pvt.Ltd. 9 June 2020. পৃষ্ঠা 4. Archived from the original on 9 June 2020. https://web.archive.org/web/20200609004643/http://epaper.prameyanews.com/edition/5747/mayurbhanj/page/4। আহৰণ কৰা হৈছে: 9 June 2020. 
  5. https://www.youtube.com/watch?v=vOUDh1yZ-f8