বন গৱেষণা প্ৰতিষ্ঠান

(বন অনুসন্ধান সংস্থানৰ পৰা পুনঃনিৰ্দেশিত)

বন গৱেষণা প্ৰতিষ্ঠান (ইংৰাজী: Forest Research Institute) হৈছে 'ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা' (Indian Council of Forestry Research and Education)-ৰ অন্তৰ্গত বন গৱেষণাৰ ক্ষেত্ৰত প্ৰথমখন তথা প্ৰধান গৱেষণা প্ৰতিষ্ঠান। ই উত্তৰাখণ্ডৰ ডেহৰাডুন চহৰত অৱস্থিত। ১৯৯১ চনত প্ৰতিষ্ঠান খনক বিশ্ববিদ্যালয় অনুদান আয়োগে সম-বিশ্ববিদ্যালয় (deemed university) হিচাপে স্বীকৃতি দিছে।[1]

বন গৱেষণা প্ৰতিষ্ঠান

প্ৰতিষ্ঠানটোৰ চৌহদ
স্থাপিত ১৯০৬
স্থান ভাৰত এফ আৰ আই আৰু কলেজ আস্থান
ৱেবছাইট www.fri.res.in

একেটা চৌহদতে ভাৰতীয় বন সেৱাৰ (Indian Forest Service, IFS) বিষয়াসকলৰ প্ৰশিক্ষণৰ কাৰণে প্ৰতিস্থিত ইন্দিৰা গান্ধী নেশ্যনেল ফৰেষ্ট একাডেমী (Indira Gandhi National Forest Academy, IGNFA), ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা (Indian Council of Forestry Research and Education), ৰাজ্যিক বন সেৱা বিষয়াসকলৰ প্ৰশিক্ষণৰ কাৰণে প্ৰতিস্থিত কেন্দ্ৰীয় ৰাজ্যিক বন সেৱা একাডেমী (Central Academy for State Forest Services i.e. CASFOS)-ৰ ডেহৰাডুনস্থ প্ৰতিষ্ঠানখনো অৱস্থিত।

১৮৭৮ চনত[2] ডায়েত্ৰিছ ব্ৰেণ্ডিচৰ[3] দ্বাৰা এই প্ৰতিষ্ঠানখন এখন ব্ৰিটিছ সাৰ্বভৌম বন বিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। ১৯০৬ চনত এই স্কুল খনক ব্ৰিটিছ সাৰ্বভৌম বন গৱেষণা প্ৰতিষ্ঠান হিচাপে পুনৰস্থাপিত কৰা হয়।[2]

তথ্যসংগ্ৰহ

সম্পাদনা কৰক