বাটাচা হৈছে চেনি আৰু গুড়ৰ পৰা তৈয়াৰী একপ্ৰকাৰৰ মিঠাই। এয়া বংগৰ অতি জনপ্ৰিয় মিঠা খাদ্য। ৰবীন্দ্ৰনাথৰ শুভদৃষ্টিৰ গল্পত পিতলৰ বাটিত বাটাচা লৈ বিবাহৰ প্ৰস্তাৱ লৈ যোৱাৰ কথা উল্লেখ আছে। চেনি বা গুড়ৰ পৰা তৈয়াৰী বাটাচা ২-৪ চে.মি. ব্যাসৰ সমতল মিঠা খাদ্য। ইয়াৰ আকাৰ কোটৰ বুটাম একোটাৰ সমান। পশ্চিম বংগৰ এখন জিলা মিডনাপুৰ ডাঙৰ আকাৰৰ বাটাচা উৎপাদনৰ বাবে জনাজাত। সৰু ল'ৰা-ছোৱালীৰ মাজত ই অতি জনপ্ৰিয়। বাটাচাক প্ৰাচীন কালৰে পৰা পশ্চিম বংগ আৰু বাংলাদেশৰ হিন্দুসকলে প্ৰসাদ হিচাপে ব্যৱহাৰ কৰি আহিছে। এই মিঠাই অৰ্থ-সামাজিক শ্ৰেণীৰ মাজত খাবৰ বাবে বা দৈনন্দিন মাংগলিক আচাৰ-ব্যৱহাৰৰ বাবেও আগবঢ়োৱা হয়। মন্দিৰ আদিত যিকোনো দৰ্শনাৰ্থীক এই মিঠাই আৰু পানী আগবঢ়োৱা হয়। বাতাছাৰ আয়ুস যথেষ্ট দীঘল। বাটাচা, মুড়ি আৰু পানীৰ লগত খোৱা হয়। বাটাচা সাধাৰণতে মাংগলিক কামত ব্যৱহাৰ কৰা সামগ্ৰী বিক্ৰীৰ বাবে নিবেদিত দোকানত বিক্ৰী কৰা হয়।

বাটাচা

বাটাচা
উৎপত্তিৰ স্থান বাংলাদেশ আৰু পশ্চিমবঙ্গ
পৰিবেশনৰ উষ্ণতা স্বাভাবিক তাপমাত্ৰা
মুখ্য উপাদান চেনি, গাখীৰ, খোৱা চ'দা, পানী
ভিন্ন প্ৰকাৰ গুড়ৰ বাটাচা, চেনিৰ বাটাচা

সাধাৰণতে পুহ মাহৰ সংক্ৰান্তিৰ সময়ত কদমা, বাটাচা, তিল খাজা আদি মিঠাইবোৰ বেছিকৈ খোৱা হয়। ৰাখী বন্ধন, ৰথ যাত্ৰা, লক্ষ্মী পূজা আদিৰ উপৰি দেৱ-দেৱীৰ প্ৰসাদ হিচাপে প্ৰায়ে নকুল দানাসহ বাটাচা ব্যৱহাৰ কৰা হয়।[1]

আলহীক আপ্যায়নৰ বাবে বাটাচা ব্যৱহাৰ কৰাৰ এক অতি পুৰণি পৰম্পৰা বঙালীসকলৰ মাজত প্ৰচলিত। এই সম্পৰ্কিয় পৰিচয় বিভিন্ন লেখকৰ গল্প সমূহত পোৱা যায়। পশ্চিম বংগত প্ৰায় ২৫০০টা সৰু সৰু ‘কাৰখানা’ বাটাচা আৰু নকুলদনা তৈয়াৰৰ বাবে চলি আছে। বুৰদৱানৰ নীলপুৰ, মালদাৰ হৰিশচন্দ্ৰপুৰ, উত্তৰ বংগৰ গৰিয়া-বেলেঘাটা, বালুৰঘাটত বহু মহিলা বাটাচা-নকুলদনা তৈয়াৰ কৰাৰ লগত জড়িত। এই প্ৰাচীন কুটিৰ উদ্যোগটোক পুনৰুজ্জীৱিত কৰাৰ বাবে পশ্চিম বংগ ৰাজ্য চৰকাৰে খোজ দিছে। পশ্চিম বংগ ৰাজ্য চৰকাৰে ক্লাষ্টাৰ সৃষ্টি আৰু ৰপ্তানিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে।[2]

বনোৱা পদ্ধতি সম্পাদনা কৰক

বাটাচাৰ ৰেচিপি ঘৰতে বনাব পৰা এক সহজ ৰেচিপি। অৱশ্যে বাটাচা বনাবলৈ প্ৰয়োজন হোৱা উপাদানৰ ভিন্নতা থাকিব পাৰে। আটাইতকৈ জনপ্ৰিয় সংস্কৰণটো দ্ৰুত। মিঠা হিচাপে গুড় বা চেনি, গাখীৰ বা পানী, ঘিঁউ আৰু ইলাচিৰ সহায়ত বাটাচা তৈয়াৰ কৰা হয়।

প্ৰথমে কেৰাহী এখন মধ্যমীয়া জুইত গৰম কৰি ইয়াত চেনি আৰু পানী দি মিহলাই লৈ পগাব লাগে। মিশ্ৰণখিনিয়ে ডাঠ চিৰাপ আকাৰ পোৱালৈকে পগাই থাকিব লাগে। ইয়াৰ পিচত তেল, ঘিঁউ বা মাখন লগোৱা কাগজ এখনৰ ওপৰত এই ডাঠ চিৰাপ খিনি এটা নিৰ্দিষ্ট জোখত এটাৰ গাত আনটো নলগাকৈ বাকি দিব লাগে। ঠাণ্ডাহৈ মিঠাইবোৰ সম্পূৰ্ণ শুকান হৈ পৰিলে ই খোৱাৰ উপযোগী হৈ পৰে।[3]

তথ্যসূত্ৰ সম্পাদনা কৰক