ঢেঁকী-নাঙল চুৰ কৰা প্ৰথাৰ পৰা

ঢেঁকী চুৰৰ দৃশ্য
ঢেঁকী চুৰৰ দৃশ্য
নাঙল চুৰৰ দৃশ্য
নাঙল চুৰৰ দৃশ্য
ঢেঁকী পোতা দৃশ্য
ঢেঁকী পোতা দৃশ্য

অসমীয়া লোক-বিশ্বাসসমূহৰ ভিতৰত ঢেঁকী-নাঙল চুৰ কৰা প্ৰথা এটা অন্যতম৷ খেতিৰ দিন, কিন্তু পথাৰত পানী নাই৷ খেতিয়কৰ পানীত হাঁহ নচৰা অৱস্থা৷ এনে পৰিস্থিতিত খেতিয়কসকলে এটোপাল বৰষুণৰ বাবে ইন্দ্ৰ দেৱতাৰ আশীৰ্বাদ বিচাৰি ঢেঁকী-নাঙল চুৰ কৰি পথাৰত পোতি থয়৷ প্ৰবাদ মতে, ঢেঁকীক ইন্দ্ৰ দেৱতাই দেখিব নোৱাৰে৷ সেয়েহে ঢেঁকীক মাৰিবলৈ ইন্দ্ৰই বজ্ৰ প্ৰয়োগ কৰে৷ এই বজ্ৰ মেঘৰ দ্বাৰা সৃষ্টি হয় আৰু আকাশত মেঘ আহিলেই বৰষুণ হয়৷ সেয়েহে গৃহস্থই গম নোপোৱাকৈ ঢেঁকী-নাঙল-যুঁৱলী আৰু জাপি চুৰি কৰি পথাৰত ইন্দ্ৰ দেৱতাক সন্তুষ্ট (অসন্তুষ্ট) কৰাৰ অৰ্থে ওভতাকৈ পুতি থয়৷

ঢেঁকী অসমীয়া সমাজৰ এক অপৰিহাৰ্য আহিলা। ইয়াৰ বাবে সুকীয়া ঢেঁকীঘৰ থাকে। ঢেঁকীত ধান, চিৰা, কই, পিঠাগুড়ি, হালধি আদি খুন্দা হয়। প্রায় পাঁচ হাত দীঘল আয়তাকাৰ কাঠ এটুকুৰাৰ আগফালে এহাতমান ভিতৰলৈ এটা ফুটা কৰি তাত বাঁহ বা ভাল কাঠৰ ঢেঁকীথােৰা লগােৱা হয়। কথাতে কয় অচিন কাঠৰ থােৰা নলগাবা’। থােৰাটোৰ আগত এটা লােহাৰ আঙঠি থাকে ইয়াক গুলচ বােলে। সেঁকীৰ পিছফালটোক নেজ বা ফিচা বােলে। ফিচাৰপৰা এহাতমান ভিতৰলৈ পথালিকৈ এটা ফুটা কৰি এডাল মাৰি ভৰােৱা হয়। এইডালেই আষল্ শলা। আষল্ শলাডাল দুফালে দুটা ওৱাই (Y) আকৃতিৰ খুটাত ভৰােৱা থাকে। আষল্ শলাই ঢেঁকীটো ডাঙি ধৰে। খুঁটা দুটাক কতৰা বােলে। থােৰাটো পৰা ঠাইত পুতি ৰখা হয় খুবলি। শিল বা কাঠ এটুকুৰাত গাঁত খান্দি খুবলি তৈয়াৰ কৰা হয়। এই গাঁতত খুন্দিব লগা বস্তুবােৰ দি ঢেঁকীৰ ফিচাত তললৈ বল প্রয়ােগ কৰিলে থােৰাটোৱে খুবলিৰ বস্তুবােৰ খুন্দে। ঢেঁকীৰ ব্যৱহাৰ জনজাতীয় লােকৰ মাজতাে দেখা যায়। ঢেঁকীঘৰক অসমীয়াই লক্ষ্মীঘৰ বুলি জ্ঞান কৰে। তেজীমলাৰ দৰে সাধুতাে ঢেঁকীৰ ব্যৱহাৰৰ উল্লেখ মনকৰিবলগীয়া। [1]


তথ্যসংগ্ৰহ

সম্পাদনা কৰক
  1. অসমৰ সংস্কৃিত কোষ, সম্পাদক- ডঃ নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী, অসমীয়া বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, জ্যোতি প্ৰকাশন, ২০১৪, পৃষ্ঠা-২৮৬
"ঢেঁকী" পৃষ্ঠালৈ উভতি যাওক।