বাৰ্তা:শৰণীয়া কছাৰী

Latest comment: 2 মাহ পূৰ্বে by 2409:4065:E04:C8E4:0:0:68C9:1406 in topic বনাই জনগোষ্ঠী বিষয়


শৰণীয়া জাতি গঠনৰ চমু আভাস সম্পাদনা কৰক

বিভিন্ন জাতি-জনজাতিৰে ভৰা বৈচিত্ৰপূৰ্ণ অসমৰ শৰণীয়া কছাৰীসকল এক অন্যতম জনগোষ্ঠী| এই শৰণীয়া কছাৰীসকলে অনাদি কালৰে পৰা অসমত বাস কৰি আহিছে| ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে পুৰণি গোৱালপাৰা, পুৰণি কামৰূপ, ধেমাজি, লক্ষীমপুৰ, শোণিতপুৰ জিলা আৰু দক্ষিণ পাৰে নগাঁও, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট জিলাৰ নৈ-উপনৈসমূহৰ পাৰত বাঁহ-বেত, কাঠ, খেৰ, ধানৰ নৰাৰে ঘৰ সাজি গাঁও পাতি শৰণীয়া কছাৰীসকলে বসবাস কৰে| গোটেই অসমত শৰণীয়া সকলৰ জনসংখ্যা বেচৰকাৰী হিচাপ মতে প্ৰায় পাঁচ লাখ| অসমীয়া সাহিত্য আৰু বুৰঞ্জী মেলি চালে আমি দেখা পাওঁ যে মাতৃভাষা অসমীয়াৰে ব্ৰাহ্মণ্য হিন্দু ধৰ্মাৱলম্বী যিসকল মংগোলীয় গোষ্ঠীৰ লোক আছে, সেইসকলেই শৰণীয়া কছাৰী| বিভিন্ন সময়ত মংগোলীয় জনগোষ্ঠীৰ বড়ো, ৰভা, মিকিৰ, লালুং, গাৰো, ডিমাচা আদি লোকে নিজ ধৰ্ম পৰিত্যাগ কৰি কোনো ধৰ্মগুৰুত শৰণ লৈ হিন্দুধৰ্ম গ্ৰহণ কৰি ধৰ্মান্তৰিত হয়| সেই ধৰ্মান্তৰিত লোক সকলেই কালৰ সোঁতত শৰণীয়া কছাৰী হিচাপে পৰিচিত হয়| বিভিন্ন জনজাতিৰ লোকসকল সংস্কাৰৰ দ্বাৰা শৰণীয়া কছাৰী গোষ্ঠী গঠন হোৱা প্ৰক্ৰিয়াসমূহ তলত আলোচনা কৰা হ’ল| শৰণীয়া গোষ্ঠী গঠনৰ প্ৰক্ৰিয়ালৈ লক্ষ্য কৰিলে আমি দেখিবলৈ পাওঁ যে শৰণীয়াসকল আৰ্য আৰু অনাৰ্য মাজত ধৰ্ম আৰু সংস্কৃতিৰ সমন্বয়ত গঢ়ি উঠা জাতি| পণ্ডিত সকলে এই দেশৰ লোকসকলক তিনিটা ভাগত ভাগ কৰিছে| প্ৰথমে আৰ্য, যিবিলাক আৰ্যই ভাটিৰ ফালৰ পৰা আহি বসবাস কৰিছে আৰু যাৰ মাতৃভাষা সংস্কৃত মূলৰ; সেই সকলৰ মাজত আছে ব্ৰাহ্মণ, কলিতা, কেওট প্ৰভৃতি| দ্বিতীয়তে অনাৰ্য যিবিলাক লোক আৰ্য নহয় আৰু যি এই দেশত আগৰ পৰা বাস কৰি আছে যাৰ স্বতন্ত্ৰ ভাষা আছিল আৰু আছে| ইয়াৰ ভিতৰত বড়ো, ৰাভা, গাৰো, লালুং, চুতীয়া, দেউৰী, মেচ, ডিমাচা, মিকিৰ প্ৰভৃতি পৰে| তৃতীয়তে মিশ্ৰ জাতি, অৰ্থাত্‍ আৰ্য আৰু অনাৰ্য জাতিৰ সংমিশ্ৰণৰ দ্বাৰা হোৱা জাতি| তাৰ ভিতৰত শৰণীয়া, কোচ প্ৰভৃতিৰ অন্তৰ্গত| শৰণীয়া জাতি যে অসমৰ সমূহ জনজাতিৰ সংমিশ্ৰণত সৃষ্টি হৈছিল, সেই কথা তলত উল্লেখ কৰা পণ্ডিত সকলৰ লিখনিৰ পৰা জানিব পাৰি| য্থা-‘The name is Assam is no longer that of tribe but nation of a Hindu caste into which all convert to Hinduism from the different tribes Kachari, Garo, Lalung, Mikir, etc. are admitted on convertion. R.C.A.(1851:213).’ L.A. Wadell ডাঙৰীয়াই লিখিছে-‘This Semi-Hinduism people occupyingpeople occupying the plains of Brahmaputra between lower Assam and North-Eastern Bengali, are many ways interesting. They do not, as stated by colonel Dalton Mr. Risley and others, belong to the dark Dravirian aborigins of India are distinctly Mangloid, through somewhat heterogeneous, The term Koch has become more of a cast little that tribal appellation, so that the individuals of the Kachari, Garo, Rabha, Lalung and allied Indo-Chinese tribes are admitted as member. Thus any one of the tribes, can become Koch by establishing a Brahmanical priest and giving up eating beef, through he need not necessarily abjure animal food altogether. In this stage he is called Saraniya, which means ‘a refugee implying that he has taken refugee in Hinduism ’ (L.A. Waddel; The tribes of Brahmaputra Valley, 1901) গতিকে শৰণীয়াসকল বিভিন্ন জনজাতিৰ সংমিশ্ৰণত গঠিত বুলি ক’ব পাৰি| ইয়াৰ উপৰি আৰ্য আৰু অনাৰ্য ধৰ্ম আৰু সংস্কৃতিৰ সমন্বয়েও যে শৰণীয়া জাতি গঢ়ি উঠাত যথেষ্ট অৰিহণা যোগাইছে, সেই কথা তলৰ আলোচনাৰ পৰা ক’ব পাৰি| বুৰঞ্জীবিদসকলৰ মতে আৰ্যসকলৰ অসমলৈ প্ৰৱজন ঘটিছিল খ্ৰীঃপূঃ ৭ম শতিকাত পশ্চিম পিনেদি| এছ.এন. ভদ্ৰ নামৰ বুৰঞ্জীবিদে তেওঁৰ ‘উত্তৰ-পূৱ ভাৰতৰ ইতিহাস’ নামৰ গ্ৰন্থত লিখিছে যে আনকি খ্ৰীঃ ৬ষ্ঠ শতিকাতো সমুদ্ৰ হিমালয় পৰ্যন্ত বিয়পি আছিল| প্ৰাচীন কালত ভাৰত আৰু প্ৰাগজ্যোতিষৰ মাজত থকা সমুদ্ৰ খণ্ডক পূৰ্ব সাগৰ বুলি কৈছিল| সেই সময়ত বংগ সমুদ্ৰ গৰ্ভত থকাত খ্ৰীঃপূঃ ৭ম শতিকাত আৰ্যসকলে গংগাৰ পাৰেদি আহি ব্ৰহ্মপুত্ৰ উপত্যকাত এখন ৰাজ্য স্থাপন কৰিছিল| সেই আৰ্য্সকলে খ্ৰীঃপূঃ ৭ম শতিকাৰ পৰা খ্ৰীঃ ৪ৰ্থ শতিকালৈ ৰাজত্ব কৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে| সেই সময়তে আৰ্যসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত হিন্দুধৰ্ম প্ৰচাৰ কৰিছিল| সেই সময়ত ব্ৰাহ্মণসকলে জনজাতীয় মানুহক শৰণ দিয়াই কেনেদৰে ক্ষত্ৰিয়ত্ব দান কৰিছিল, তাৰ বৰ্ণনা ‘পুৰণি অসম’(৪৩) নামৰ পুথিত এইদৰে পাওঁ- নিম্ন বৰ্গ বা জনজাতীয় মানুহক ক্ষত্ৰিয় শ্ৰেণীত এক অভিনৱ পন্থাৰে অন্তৰ্ভুক্ত কৰা হয়| ব্ৰাহ্মণসকলে অৰ্থ আৰু সুবিধাৰ পিছত দৌৰে| নিৰ্দিষ্ট ৰজাজন বা বিষয়াজনক এটা ডাঙৰ সোণৰ কলহ বা সোণেৰে বনোৱা গৰুত ভৰাই পূজা কৰি উলিয়াই অনা হয়, গৰু বা কলহটোৰ পৰা উলিয়াই অনাৰ লগে লগে তেওঁ আৰু তেওঁৰ বংশ ক্ষত্ৰিয়লৈ ৰূপান্তৰিত হয়| সোণেৰে বনোৱা কলহ বা গৰুটো ব্ৰাহ্মণসকলে ভগাই লয়| এইদৰে সাতবাহনসকলৰ পৰা আৰম্ভকৰি কাছাৰৰ ডিমাচা ৰজাসকললৈকে এই অভিনৱ পন্থাৰে ব্ৰাহ্মণসকলে ক্ষত্ৰিয়ত্ব দান কৰিছিল| ধাতৱ আৱৰণ বা বৰ্মৰ মাজেৰে ওলোৱা বাৱে বৰ্মা বা বৰ্মন নামাংকিত হৈছিল| পিছত ৰাজবংশবিলাকক উচ্চ মৰ্যাদা দিবলৈ বা তেওঁলোকক তোষামোদ কৰি কিছুমান অলৌকিক কাহিনীৰ লগত এই ৰাজবংশসমূহৰ উত্প ত্তিৰ কাহিনী সংযুক্ত কৰিছিল| ৰাজতন্ত্ৰ আৰু পুৰোহিতৰ হাত শক্তিশালী কৰিবৰ বাবে ৰজা আৰু পুৰোহিত শ্ৰেণী দৈৱপ্ৰেৰিত বুলি মতবাদ সৃষ্টি কৰিছিল| সেইদৰে জনগোষ্ঠীৰ মুখিয়াল ৰজা আৰু প্ৰশাসনিক বিষয়ালৈ পৰিবৰ্তন হ’ল| এখন নতুন ৰাষ্ট্ৰৰ জন্ম হ’ল আৰু জনগোষ্ঠীসমূহৰ মাজৰ পৰা একোটা নতুন শ্ৰেণীৰ সৃষ্টি হ’ল| যেনেকৈ এক অষ্ট্ৰিক দেৱতাৰ নামেৰে শ্বিলং এখন ঠাই, তেনেকৈ এজন অষ্ট্ৰিক দেৱতা ‘কামৰূপ’ৰ নামেৰে নামাংকিত হৈ এখন ৰাষ্ট্ৰ হ’ল| এইদৰে নেতৃস্থানীয় কছাৰী ৰজাসকলক শৰণ দিয়া ‍হৈছিল| এই বৰ্মা বা বৰ্মন উপাধিধাৰী শৰণীয়াসকল খ্ৰীঃ চতুৰ্থ শতিকাত ইমান শক্তিশালী হৈ উঠিছিল যে এই বৰ্মা বংশৰে পুষ্য বৰ্মাই ৩৫৫ খ্ৰীঃত আৰ্য সকলক পৰাভূত কৰি এখন স্বাধীন ৰাষ্ট্ৰ গঠন কৰে| তেওঁক ৰাজ চক্ৰবৰ্ত্তী বুলি স্বীকাৰ কৰিছিল| এই কথা বুৰাঞ্জীবিদসকলে লিপিৱদ্ধ নকৰিলেও ঐতিহাসিকভাৱেই সত্য| এতিয়া আমি ক’ব পাৰো যে শৰণীয়া ৰজাসকলৰ ৰাজত্বকাল বা ৰাজনৈতিক দৰ্শন আৰম্ভ হৈছিল খ্ৰীঃ চতুৰ্থ শতিকাৰ পৰা| এই শৰণীয়া ৰজাসকলৰ পিনে চকু ফুৰালে আমি দেখিবলৈ পাওঁ যে বৰ্মা বা বৰ্মন বংশৰ প্ৰতিষ্ঠাতা পুষ্য বৰ্মা ৩৫৫ খ্ৰীঃৰ পৰা ৩৮০ খ্ৰীঃলৈ ৰাজত্ব কৰে| তেওঁৰ পুত্ৰ সমুদ্ৰ বৰ্মা (৩৮০-৪০৫ খ্ৰীঃ), তেওঁৰ পুত্ৰ বল বৰ্মা (৪০৫-৪২০ খ্ৰীঃ)| এই বল বৰ্মাৰ জীয়াৰী অমৃতপ্ৰভাক কাশ্মীৰ ৰাজ্যৰ ৰজা মেঘবাহনে বিয়া কৰায়| চতুৰ্থ ৰজা কল্যাণ বৰ্মা (৪২০-৪৪০ খ্ৰীঃ) তেওঁৰ পুত্ৰ গণপতি বৰ্মা (৪৪০-৪৫০ খ্ৰীঃ), ৬ষ্ঠ মহেন্দ্ৰ বৰ্মা (৪৫০-৪৮০ খ্ৰীঃ)| এই মহেন্দ্ৰ বৰ্মাই ৫ম শতিকাৰ শেষৰফালে সাম্ৰাজ্যবাদী গুপ্তসকল দুৰ্বল হৈ পৰাত দক্ষিণ-পূৰ্ব বংগ অধিকাৰ কৰি বংগোপ সাগৰৰ পাৰলৈকে কামৰূপ ৰাজ্যৰ সীমা বঢ়ায়| লগতে বিজয় কীৰ্তি ঘোষণা কৰিবলৈ দুটা অশ্বমেধ সমাধা কৰি কামৰূপ ৰাজ্যক গুপ্ত সাম্ৰাজ্যৰ পৰা মুক্ত কৰে আৰু পশ্চিমপিনে কামৰূপ ৰাজ্য বঢ়োৱাৰ পাতনি মেলে| মহেন্দ্ৰ বাৰ্মাৰ পিছত নাৰায়ণ বৰ্মা (৪৮০-৫১০ খ্ৰীঃ), মহাভুতি বৰ্মা (৫১০-৫৫৫ খ্ৰীঃ)| এই ৰজাৰ দিনতে দক্ষিণ-পশ্চিম পিনে ছিলেট, ত্ৰিপুৰা আৰু কাছাৰো কামৰূপ ৰাজ্যৰ অন্তৰ্ভুক্ত হয়| এই ৰজাৰ পিছত চন্দ্ৰমুখ বৰ্মা, সুস্থিত বৰ্মা (মৃগাংক), সুপ্ৰতিষ্ঠিত বৰ্মা আৰু কুমাৰ ভাস্কৰ বৰ্মা (৫৯৪-৬৫০ খ্ৰীঃ)| ভাস্কৰ বৰ্মাই হংসবেগ নামে কটকী পঠিয়াই হৰ্ষবৰ্ধনৰ লগত মিত্ৰতা কৰিছিল| সেই সময়ত শশাংক নামেৰে এজন প্ৰভুত্বকামী ৰজাই ৰাজত্ব কৰিছিল| শশাংক হাতত হৰ্ষবৰ্ধনৰ কাকায়েক ৰাজ্যবৰ্ধন নিহত হ্য়| সেই দেখি হৰ্ষবৰ্ধনে ভাতৃহন্তা শশাংকৰ ৰাজ্য আক্ৰমণ কৰে| ভাস্কৰ বৰ্মাই তেওঁক সহায় কৰে| ভাস্কৰ বৰ্মা আৰু হৰ্ষবৰ্ধনৰ হাতত শশাংক পৰাস্ত হয়| শশাংকৰ ৰাজ্য কৰ্ণ, সুৱৰ্ণ আৰু গৌড় বা পৌণ্ডবৰ্ধন ভাস্কৰ বৰ্মাই পায়| কৰ্ণ, সুৱৰ্ণ আৰু গৌড় তললৈ অহাত ভাস্কৰ বৰ্মা এখন বিশাল ৰাজ্যৰ অধীশ্বৰ হৈ পৰে| ভাস্কৰ বৰ্মাৰ কামৰূপৰ সীমা পশ্চিমে বিহাৰ আৰু দক্ষিণে উৰিষ্যা পাইছিলগৈ| হিউৱেন চাঙে কৰতোৱা নৈ পাৰ হৈ কামৰূপত সোমোৱাৰ কথা লিখিছে| তাৰ পৰা বুজা যায় যে তেতিয়াৰ কামৰূপৰ সীমা কৰতোৱা নদী আছিল আৰু এই ৰাজ্যৰ ভিতৰত বৰ্তমান অসমৰ উপৰি ভূটান, উত্তৰ বংগ আৰু মৈমনসিং জিলাৰ এছোৱা আছিল| ৫৯৪ খ্ৰীঃত ভাস্কৰ বৰ্মাই সিংহাসনত আৰোহণ কৰি এটা নতুন চনৰ প্ৰচলন কৰে| ইয়াকে ভাস্কৰাব্দ বা কামৰূপী চন বুলি কোৱা হয়| কুমাৰ ভাস্কৰ বৰ্মা (হয়তো অবিবাহিত)ৰ মৃত্যুৰ পিছত কামৰূপত এটা ডাঙৰ বিপ্লৱ ঘটিছিল| এই বিপ্লৱৰ সুযোগতেই ভাস্কৰ বৰ্মাৰ ভতিজা ল’ৰা অবন্তী বৰ্মাই সিংহাসন অধিকাৰ কৰিছিল| এই অবন্তী বৰ্মাই শালস্তম্ভ বংশৰ প্ৰতিস্থাপক| তেওঁ প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী তোলি নি বৰ্তমান তেজপুৰৰ ওচৰত হাৰূপেশ্বৰ নামে ঠাইত পাতে| কোনো কোনো পণ্ডিতৰ মতে অবন্তী বৰ্মাই ৰজা হৈ শালস্তম্ভৰ নাম লয়| সেয়ে তেওঁৰ বংশক শালস্তম্ভ বোলা হয়| শালস্তম্ভৰ পৰা ত্যাগ সিংহ পৰ্যন্ত এই বংশৰ একৈশ জন ৰজাই দশম শতিকালৈ (৬৫০-৯৯০খ্ৰীঃ) কামৰূপত ৰাজত্ব কৰে| বুৰঞ্জীত এই বংশৰ শালস্তম্ভ, হৰ্ষবৰ্ধন, হৰ্জৰ, বনমাল, জয়মাল, বীৰবাহু আৰু বলবৰ্মন আদি কেবাজনো ৰজাৰ নাম পাওঁ| ত্যাগ সিংহ সতি-সন্ততি নথকাত তেওঁৰ মৃত্যুৰ পিছত প্ৰজা সকলে ‘ব্ৰহ্মপাল’ নামেৰে পুৰণি নৰক বংশীয় কোঁৱৰ এজনক ৰজা মনোনীত কৰে| এই পাল বংশীয় ৰজাসকলেই দশম শতিকাৰ পৰা দ্বাদশ শতিকালৈ পুৰণি কামৰূপত ৰাজত্ব কৰে| এই শৰণীয়া ৰজাসকলেই খ্ৰীঃ ৪ৰ্থ শতিকাতে কামৰূপ ৰাজ্য প্ৰতিষ্ঠা কৰি নিপুনভাৱে ৰাজ্য শাসন কৰাৰে পৰা এই শৰণীয়া জাতিটোৰ স্বকীয় জাতিসত্তা আৰু ৰাজনৈতিক ধ্যান-ধাৰণাৰ জন্ম হয়| এই শৰণীয়া জাতিটোৱেই কামৰূপত ৪ৰ্থ শতিকাৰ পৰা ১০ম শতিকালৈ (৩৫৫-৯৯০খ্ৰীঃ) ৫৯৫ বছৰ কামৰূপ ৰাজ্য ৰাজত্ব কৰি ভাষাগত, কৃষ্টিগত, ধৰ্মগত আৰু সমাজগত এক সমন্বয়ক্ষেত্ৰত বান্ধ খুৱায়|

শৰণীয়া ভাষাঃ ভাষা আৰু সাহিত্যৰ বুৰঞ্জীৰ পাত মেলি চালে আমি দেখিবলৈ পাওঁ যে শৰণীয়া ভাষাটো দুশ্ৰেণী মানুহৰ ভাষাৰ সংমিশ্ৰণৰ ফলত সৃষ্টি হোৱা তৃতীয় ভাষা| আমি আগেয়ে উল্লেখ কৰি আহিছো যে অসমত তিনি শ্ৰেণীৰ মানুহ আছে| শৰণীয়া সকলে দাবী কৰিব পাৰে যে আৰ্য আৰু অনাৰ্য জাতিৰ সংমিশ্ৰণত শৰণীয়া জাতি সৃষ্টি হোৱাৰ নিচিনাকৈ আৰ্য ভাষা আৰু পুৰণি অসমত বাস কৰা বহুতো অনাৰ্য ভাষাৰ সংমিশ্ৰণৰ ফলত এটা মিশ্ৰিত ভাষা পুৰণি কামৰূপত সৃষ্টি হৈছিল| সেয়াই শৰণীয়া ভাষা আৰু সেই ভাষাটোৱেই কালক্ৰমত আধুনিক অসমীয়া ভাষাৰূপে প্ৰতিষ্ঠিত হয়| পণ্ডিত বিশ্বেশ্বৰ হাজৰিকাদেৱে এই ভাষাৰেই পুৰণি কালৰ অসম, সেই সময়ৰ নাম প্ৰাগজ্যোতিষৰ নামানুসৰে খ্ৰীঃপূঃ ১ম শতিকাৰ পৰা ৫ম শতিকালৈ ‘প্ৰাগজ্যোতিষ প্ৰাকৃত’ ৬ষ্ঠ শতিকাৰ পৰা ১০ম শতিকালৈ ‘কামৰূপ প্ৰাকৃত’ আৰু কামৰূপে তেৰশ শতিকাত ‘অসম’ নাম পোৱাৰ লগে লগে ভাষাৰ নামো অসমীয়া হ্য়| এই কথা অধ্যাপক হাজৰিকাই ‘এছামিজ লেংগুৱেজ অৰিজিন এণ্ড ডেভেলপমেন্ট’ত সুন্দৰকৈ বৰ্ণনা কৰিছে| অধ্যাপক হাজৰিকাই আলচ্য পুথিত বিচাৰ বিশ্লেষণেৰে অসমীয়া ভাষাৰ মূল হিচাপে যি তত্ত্ব প্ৰতিষ্ঠা কৰিছে, সি মৌলিক চিন্তাৰ ফল, তাত কোনো সন্দেহ নাই| ১| প্ৰত্ন ভাৰতীয় আৰ্য (ইণ্ডো এৰিয়ান, খ্ৰীঃপূঃ ১৫ শতিকাৰ পৰা খ্ৰীঃপূঃ ষষ্ঠ শতিকা)| ২| মধ্য ভাৰতীয় আৰ্য (মিডল এৰিয়ান, about 476AD পঞ্চম শতিকা)| ৩| নব্য ভাৰতীয় আৰ্য (নিউ ইণ্ডো এৰিয়ান)|


শৰণীয়া কছাৰী ভাষা (লেখক-- তাৰিণী ৰঞ্জন ডেকা, সংগ্ৰহ--ৰাতুল দাস শৰণীয়া)

ভাষা সংস্কৃতিৰ বাহক৷ এটা জাতিৰ কৃষ্টি-সংস্কৃতিসমূহ সেই জাতিৰ ভাষাৰ মাধ্যমেৰেই জনা যায়৷ ভাষা হ’ল এটা জাতিৰ প্ৰথম চিনাকী৷ এজন লোক তেওঁ কোন জাতি বা জনজাতিৰ লোক, সেই কথা তেখেতৰ কথা-বতৰাৰ মাজতেই প্ৰথমে চিনাকী পোৱা যায়৷ কৃষ্টি বা সংস্কৃতিৰ কথা পিছৰ পৰ্য্যায়তহে আহে৷ এই সম্পৰ্কে প্ৰখ্যাত ভাষাবিদ, পণ্ডিত ড॰ নগেন ঠাকুৰে কৈছে- “ এটা জাতি জনাৰ বাবে নৃতাত্বিক জ্ঞান, ঐতিহাসিক বিচাৰ-বিশ্লেষণ যিমান গুৰুত্বপূৰ্ণ ; ভাষাৰ অধ্যয়নো সিমানেই গুৰুত্বপূৰ্ণ৷ নৃতত্ব ইতিহাস আৰু ভাষাতত্বৰ সমান অধ্যয়নৰ জৰিয়তেহে এটা জাতিৰ প্ৰকৃত পৰিচয় জনা সম্ভৱ৷”তেখেতে কৈছে -“ একোটা শব্দৰ আঁত ধৰিয়েই একো একোটা জাতিৰ সভ্যতা- সংস্কৃতিৰ আভাষ পাব পাৰি৷” তেওঁ আৰু কৈছে- “অসমত বৰ্তমান যি ৰাজনৈতিক সীমা , তাৰ ভিতৰত আৰ্য গোষ্ঠীসম্ভূত অসমীয়া ভাষাৰ উপৰিও বড়ো, ডিমাছা,দেউৰী তিৱা, ৰাভা ,কাৰ্বি, মিছিং, কোচ , কছাৰী আদি বিভিন্ন জনগোষ্ঠীয় ভাষা আছে আৰু এই প্ৰত্যেকটো ভাষাই নিজ বৈশিষ্ট্যসম্পন্ন বুলি ক’ব পৰা যায়৷ ইয়াৰ ভিতৰত বড়ো-ডিমাছা, কছাৰী-চুতীয়া বা দেউৰী, ৰাভা, কোচ ,তিৱা ভাষাৰ মাজৰ পাৰস্পৰিক সম্বন্ধ অতি নিবিড় ,এই আটাইবোৰৰে মূল উৎস একেই৷” গতিকে এটা জাতি বা জনগোষ্ঠীয়ে তেওঁলোকৰ পৰিচয় দাঙি ধৰিবলৈ যোৱাত প্ৰথমেই ভাষাৰ প্ৰশ্নই আহে৷ শৰণীয়া কছাৰী জনগোষ্ঠীটোও আজিৰ তাৰিখলৈকে নিজকে এটা সুকীয়া জনগোষ্ঠী বুলি পৰিচয় দিবলৈ গৈ বিভিন্ন ৰাজনৈতিক চক্ৰান্তকাৰীৰ ওচৰত সেই একে প্ৰশ্নৰে সন্মুখীন হৈ আহিছে৷ কিন্তু এটা কথা স্পষ্ট ও বুৰঞ্জীসন্মত যে শৰণীয়া কছাৰীসকলৰ নিজস্ব ভাষা আছে আৰু ই আজিও প্ৰচলিত৷ শৰণীয়া কছাৰী জনগোষ্ঠীটোও এটা জনজাতীয় জনগোষ্ঠী৷ এই কথা ইতিমধ্যে বিভিন্ন পণ্ডিতমহলে বিে¸শষকৈ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ব্ৰিটিছ গৱেষক সকলেও স্বীকাৰ কৰি গৈছে যে শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসকল অসমৰ কিৰাত-কছাৰী জনগোষ্ঠীৰে এটা সুকীয়া ঠাল৷ আনকি স্বৰাজোত্তৰ কালৰ আগৰ লোকপিলয়সমূহতো শৰণীয়া কছাৰীসকলক সুকীয়াকৈ তালিকাভূক্ত কৰা হৈছিল৷ এই কথা ইতিমধ্যে বাবুৰাভা হাকাচামৰ “শৰণীয়া কছাৰী সংস্কৃতি আৰু লোক সাহিত্য” গ্ৰন্থত বিষদভাৱে আলোচনা কৰা হৈছে ৷ ইয়াৰোপৰি কোৱা বাহুল্য যে স্বৰাজোত্তৰ কালতো শৰণীয়া কছাৰীসকলক এটা সুকীয়া জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰিছে৷ এই কথা ২০১৫ বৰ্ষত চলা ভাৰতীয় নাগৰিক পঞ্জীৰ উন্নতিকৰণত পোহৰলৈ অহা ‘লিগেচি ডাটা’ সমূহে প্ৰমাণ কৰিছে৷ এই লিগেচি ডাটাসমূহত [১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ] বহু অঞ্চলৰ বহু লোকৰ বিশেষকৈ বাক্সা আৰু ওদালগুৰি জিলাত বৰ্তমানে যিসকল লোকে ৰাভা আৰু কোচ ৰাজবংশী হিচাপে চিনাকী দিছে তেওঁলোকৰো উপাধি ‘ শৰণীয়া’ বা ‘মহলীয়া’ হিচাপে পোৱা গৈছে৷ মুঠতে শৰণীয়া কছাৰী জনগোষ্ঠীটো যে অতীজৰে অনাৰ্য-কিৰাত জনগোষ্ঠীৰে এটা সুকীয়া ঠাল সেই কথা অস্বীকাৰ কৰিব নোৱাৰি৷ তিৰ্ব্বতী চীন ভাষী মঙ্গোলীয় থালৰ এই অনাৰ্য বা কিৰাত জনজাতীয় লোকসকলেই কালক্ৰমত সোণোৱাল কছাৰী, দেউৰী, শৰণীয়া কছাৰী আদি নামাকৰণেৰে চিনাক্ত হৈছে৷ ইয়াৰে নামনি অসমত বসবাস কৰি অহা কামৰূপী অপভ্ৰংশী ভাষাৰে কথা বতৰা কৈ অহা জনজাতীয় লোকসকলই শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোক৷ শৰণীয়া কছাৰীসকল যে মূল চীন তিব্বতীয় [Sino-Tibetan] ৰভোট-বৰ্মী [Tibeto-Burman] শাখাৰ অন্তৰ্ভূক্ত জনজাতি সেই কথা ভাষিক দৃষ্টিকোণৰ পৰাই ঠাৱৰ কৰিব পাৰি৷ বিশেষকৈ বাক্সা, ওদালগুৰি, কামৰূপ [গ্ৰাম্য], কামৰূপ [মহানগৰ] ৰ একাংশ, বঙাইগাঁও, নলবাৰীৰ একাংশ লোকে তেওঁলোকে নিজৰ এলেকাত বিভিন্ন ভাষা-ভাষীৰ লগত আৰু ঘৰুৱাভাৱে যি ভাষাত কথা-বতৰা পাতে, সেই উপভাষাটোৰ বড়ো কছাৰী ভাষাৰ স’তে অতি নিবিড় সম্পৰ্ক পৰিলক্ষিত হয়৷ এই সম্পৰ্কত লক্ষ্মীনাথ পাংগিং দেৱৰ সম্পাদিত আৰু Centre for Tribal Studeis, Assam ৰ দ্বাৰা প্ৰকাশিত Sarania Kachari (Vol. I) পুথিত নবীন চন্দ্ৰ টায়ে তেখেতৰ The Orientation of Sarania Kachari and thier Status নামৰ প্ৰৱন্ধটিত উল্লেখ কৰিছে এইদৰে - It has been already mentioned that the Saranias were originally originated from the stok of Bodo-Kacharis group and were speaker of Bodo language....................... Prior to ১২ the century perhaps they adopted the admixture Language of Aryans and non Aryans. But most perhaps during the period of ১৫th and ১৬th century they adopted the Assamese language for learning aside the original language of Boro-Kacharies and latter the Assamese language has said to be mother tongue of Sarania Kacharies. ত্ৰপ্স, the Sarania Community is in fact, an important cultural bridge between Assamese on one hand plain tribes of the Bodo linguistic group on the other. However, most Sarania living in the remote village corners still communicate within themselves in their original language. (page-১০গ্গ গতিকে কথাষাৰ এনেধৰণে ক’ব পাৰি যে আৰ্য ভাষা [সংস্কৃতমূলীয়া] আৰু পুৰণি অসমত বাস কৰা অনাৰ্যসকলৰ ভাষাৰ সংমিশ্ৰণৰ ফলত দুয়োটা গোষ্ঠীৰ মাজত ভাৱৰ আদান-প্ৰদানৰ সুবিধাৰ্থে এটা মিশ্ৰিত ভাষা পুৰণি প্ৰাগ্‌জ্যোতিষপুৰত সৃষ্টি হৈছিল৷ যি ভাষাই কালক্ৰমত আধুনিকতাত উত্তৰণ ঘটি আজিৰ অসমীয়া ভাষালৈ ৰূপান্তৰিত হৈছে৷ তথাপি এই পুৰণি প্ৰাগ্‌জ্যোতিষপুৰৰ ভাষাটোৰ অপভ্ৰংশ আজিও উপভাষা হিচাপে নামনি অসমৰ চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাৰ উত্তৰাঞ্চলত প্ৰচলিত হৈ আছে৷ এই ভাষাটোৱেই শৰণীয়া কছাৰীসকলৰ ভাষা হিচাপে শৰণীয়া কছাৰীসকলে দাবী কৰি আহিছে৷ আৰু ই বুৰঞ্জীসন্মত, যুক্তিসন্মতও৷ শৰণীয়া কছাৰী ভাষাৰ চমু ইতিবৃত্ত ঃ শৰণীয়া কছাৰী ভাষাৰ ইতিহাস বিচাৰিবলৈ গ’লে প্ৰথমেই শৰণীয়া কছাৰীসকলে ব্যৱহাৰ কৰি অহা কামৰূপী অপভ্ৰংশৰ [কামৰূপী উপভাষা] সৃষ্টিৰ বিষযে জানিব লাগিব৷ এই সম্পৰ্কত - পণ্ডিত বিশ্বেশ্বৰ হাজৰিকাই তেখেতৰ -“অসমীয়া ভাষাৰ উৎস আৰু বিকাশ”(Assamese Lenguadge origin and Development) নামৰ গ্ৰন্থত আৰ্য আৰু অনাৰ্য্য সংমিশ্ৰিত ভাষাটোকেই পুৰণিকালত অসমৰ সেইসময়ৰ প্ৰাগ্‌জ্যোতিষ নামানুসাৰে খৃঃ প্ৰথম শতিকাৰ পৰা পঞ্চম শতিকালৈ “প্ৰাগ্‌জ্যোতিষ প্ৰাকৃত” আৰু ষষ্ঠ শতিকাৰ পৰা দশম শতিকালৈ যেতিয়া অসমৰ নাম কামৰূপ হয় তেতিয়া “কামৰূপী প্ৰাকৃত” বা ‘কামৰূপী অপভ্ৰংশ’ আৰু তেৰশ শতিকাত যেতিয়া ‘অসম’ নাম পোৱাৰ লগে লগে এই ভাষাৰ নামো “অসমীয়া” হয় বুলি উল্লেখ কৰিছে৷ এইখিনিতে ভাষাৰ উৎপত্তি সম্পৰ্কত আৰ্যভাষা, প্ৰাকৃত ভাষা আৰু অপভ্ৰংশৰ বিষয়ে আলোচনা নকৰিলে কিছু আধৰুৱা হৈ ৰ’ব৷ পৃথিৱীৰ সৰ্ববৃহৎ ভাষাগোষ্ঠী ‘ইণ্ডো- ইউৰোপীয়া’ৰ অন্যতম শাখা ‘ইণ্ডো- ইৰাণীয়’ৰ যি লোক সমষ্টি ইৰাণ-ইৰাক অঞ্চলৰ পৰা একাধিক সৰু সৰু দল বা ফৈদত বিভক্ত হৈ উত্তৰ -পশ্চিম গিৰিপথেদি অনুমানিক খৃঃপূঃ পঞ্চদশ শতাব্দীমানত আহি ভাৰতবৰ্ষত সোমাইছিলহি, তেওঁলোককে ‘ভাৰতীয় আৰ্য’ বুলি অভিহিত কৰা হয় আৰু তেওঁলোকৰ যি ভাষা সিয়েই ‘ভাৰতীয় আৰ্যভাষা’৷ আৰ্যসকল ভাৰতত প্ৰৱেশ কৰাৰ পৰা অৰ্থাৎ খৃঃ পূঃ পঞ্চদশ শতিকাৰ পৰা বৰ্তমানলৈকে এই সুদীৰ্ঘ তিনি হাজাৰ পাঁচশ বছৰৰ ভিতৰত আৰ্যভাষাৰ ক্ৰমবিকাশৰ যি ইতিহাস, সেই ইতিহাসক পৰিৱৰ্তনৰ গতি-প্ৰকৃতি অনুসৰি প্ৰধানত তিনিটা স্তৰ বা তিনিটা যুগত ভাগ কৰা হৈছে৷ সেইবোৰ হ’ল- [ক] প্ৰাচীন ভাৰতীয় আৰ্যভাষা [বৈদিক -সংস্কৃত] খ্ৰীষ্টপূৰ্ব পঞ্চাদশ শতাব্দীৰ পৰা খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতাব্দী পৰ্যন্ত৷ [খ] মধ্য ভাৰতীয় আৰ্যভাষা [পালি, অশোকৰ অনুশাসন অন্যান্য প্ৰত্নলিপিৰ ভাষা, সাহিত্যিক প্ৰকৃত আৰু অপভ্ৰংশ] খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতাব্দীৰ পৰা খ্ৰীষ্টাব্দ দশম শতাব্দী পৰ্যন্ত৷ আৰু [গ] নব্য বা আধুনিক ভাৰতীয় আৰ্যভাষা [সিন্ধী, পাঞ্জাৱী, গুজৰাটী, মাৰাঠী, হিন্দী, বাংলা, উড়ীয়া , অসমীয়া, প্ৰভৃতি ভাষাসমূহ] খ্ৰীষ্টাব্দ দশম শতাব্দীৰ পৰা বৰ্তমান পৰ্যন্ত৷ ইয়াৰে প্ৰচীন ভাৰতীয় আৰ্যভাষাক সেইসময়ৰ বৈদিক সাহিত্যৰ ‘সংস্কৃত’ ভাষাই প্ৰতিনিধিত্ব কৰে৷ মধ্য ভাৰতীয় আৰ্যভাষা সেইদৰে বৌদ্ধধৰ্মীয় সাহিত্যৰ ভাষা ‘পালি’ আৰু বিভিন্ন সাহিত্যৰ ভাষা - ‘প্ৰাকৃত’ আৰু ‘অপভ্ৰংশ- অৱহট্‌ঠ’ ভাষা-সাহিত্যই এই স্তৰক প্ৰতিনিধিত্ব কৰে৷ ঠিক তেনেদৰে নব্য বা আধুনিক ভাৰতীয় আৰ্যভাষাৰ সময় খৃষ্টাব্দ দশম শতিকাৰ পৰা বৰ্তমানকাল পৰ্যন্ত৷ এই সময়ছোৱাত অসমীয়া ,বাংলা উড়িয়া, হিন্দী, মাৰাঠা, পাঞ্জাৱী আদি যিবোৰ আধুনিক ভাষা বৰ্তমান ভাৰতবৰ্ষত বিভিন্ন অঞ্চলত প্ৰচলিত হৈ আছে, সেইবোৰে এই স্তৰক প্ৰতিনিধিত্ব কৰে৷ মধ্য ভাৰতীয় আৰ্যভাষা ‘প্ৰাকৃত ভাষা’৷ প্ৰাচীন ভাৰতীয় আৰ্য্যভাষা সংস্কৃত আৰু থলুৱা ভাৰতীয় ভাষাসমূহৰ মাজত ঘটা সংমিশ্ৰণৰ ফলত খৃঃ পূঃ ষষ্ঠ শতিকাৰ পৰা দশম শতিকালৈ যি এক ভাষাৰ ভাৰতবৰ্ষত সৃষ্টি হৈছিল ,সেয়াই প্ৰকৃত ভাষা৷ প্ৰাকৃত ভাষা সম্পৰ্কত বিভিন্ন পণ্ডিতৰ বিভিন্ন মতামত পোৱা যায় যদিও প্ৰধানতঃ দুটা মত এই সম্পৰ্কত প্ৰচলিত৷ প্ৰথমটো মত অনুসৰি সংস্কৃত ভাষাৰ সৰল প্ৰকাশেই প্ৰাকৃত ভাষা৷ আৰু দ্বিতীয়টো মতবাদ অনুসৰি জনসাধাৰণৰ দৈনন্দিন কথ্যৰূপত প্ৰচলিত যি নৈঃসৰ্গিক বা স্বাভাৱিক ভাষা, সিয়েই প্ৰাকৃত৷ মুঠতে এক কথাত ক’বলৈ গ’লে- সংস্কৃত আৰু থলুৱা জনসাধাৰণৰ কথ্যৰূপৰ যি সংমিশ্ৰিত ৰূপ; সেয়াই প্ৰাকৃত ভাষা৷ এই কথাৰ আঁত ধৰিয়েই নি(য় অধ্যাপক বিশ্বেশ্বৰ হাজৰিকাই ‘ প্ৰাগ্‌জ্যোতিষ প্ৰাকৃত’ ৰ কথা উল্লেখ কৰিছে৷ যদিও বিভিন্ন পণ্ডিতে কামৰূপী ভাষাৰ উৎপত্তিৰ ক্ষেত্ৰত- প্ৰাচীন প্ৰাকৃতৰ পাঁচোটা ৰূপ , যেনে- পৈশাচী, মাহাৰাষ্ট্ৰী-শৌৰসেনী, অৰ্ধ-মাগধী, মাগধী প্ৰভৃতি প্ৰাকৃতৰ ‘মাগধী প্ৰাকৃত’ৰ পৰাই ‘কামৰূপী প্ৰাকৃত’ৰ উৎপত্তি বুলি উল্লেখ কৰিছে৷ কিন্তু এই কথা ড॰ বেণী মাধৱ বৰুৱাৰ দৰে গৱেষকে অস্বীকাৰ কৰি কৈছে যে কামৰূপী প্ৰাকৃতৰ সৈতে মাগধী প্ৰাকৃতৰ কোনো সাদৃশ্য নাই৷ শ্ৰীমন্ত শংকৰদেৱে মিথিলাৰ ব্ৰজধাম ভ্ৰমণ কৰিবলৈ গৈ মাগধী প্ৰাকৃতৰ অপভ্ৰংশ মৈথিলী ভাষা শিকি আহি ব্ৰজাৱলী ভাষাৰ সৃষ্টি কৰিছিল বুলি থকা উল্লেখৰ পৰাই অসমীয়া ভাষাৰ উৎপত্তি মাগধী প্ৰাকৃতৰ স’তে জড়িত বুলি এচাম পণ্ডিতে মত পোষণ কৰিছে৷ কিন্তু এই কথা স্পষ্ট যে ব্ৰজাৱলী ভাষাৰ সৃষ্টিৰ আগৰে পৰাই কামৰূপত কামৰূপী অপভ্ৰংশৰ প্ৰচলন আছিল৷ এই কথা ইতিহাসে প্ৰমাণ কৰিছে৷ গতিকে বিশ্বেশ্বৰ হাজৰিকাই উল্লেখ কৰা ‘প্ৰাগজ্যোতিষ প্ৰাকৃত’ আৰু তাৰ ক্ৰমবিকাশৰ ধাৰা যে সত্য আৰু এক মৌলিক চিন্তাৰ ফল তাত সন্দেহ নাই৷ বুৰঞ্জীৰ পাত লুটিয়ালে দেখা পোৱা যায় যে শৰণীয়া কছাৰীসকল মঙ্গোলীয় সকলৰে এটা অংগ ৷ পূৰ্বৰ ব্ৰহ্মপুত্ৰ উপত্যাকাত বসবাস কৰা মঙ্গোলীয়ড চীন ভাষী সকলৰ মাজত যি প্ৰাচীন ভাৰতৰ বিদেহৰ পৰা আৰ্য্য সকলৰ প্ৰব্ৰজনৰ সময়ত আৰ্যমূলীয়া সংস্কৃত ভাষা আৰু ব্ৰহ্মপুত্ৰ উপত্যাকাৰ অনাৰ্য চীন ভাষাৰ মাজত সংমিশ্ৰণ ঘটি ভাৱৰ আদান-প্ৰদানৰ সহায়ক হিচাপে এটা নতুন অপভ্ৰংশৰ সৃষ্টি হৈছিল৷ এই অপভ্ৰংশকে অধ্যাপক হাজৰিকাদেৱে তেতিয়াৰ অসমৰ নামানুসাৰে “প্ৰাগজ্যোতিষ প্ৰাকৃত” নামেৰে নামাকৰণ কৰিছে৷ আনহাতে, আৰ্য সকলৰ ব্ৰহ্মপুত্ৰ উপত্যাকালৈ প্ৰব্ৰজনৰ বিষয়ে ইতিহাস বিচাৰিবলৈ গ’লে দেখা যায় যে যোগেন্দ্ৰ মিশ্ৰই তেখেতৰ History of Videha শ্চ১৯৮১গ্গ ত বৰ্ণনা কৰা মতে খৃঃ পূঃ পঞ্চম শতিকাত বিদেহত আৰ্য সকলৰ বসতি হয় আৰু ৰজা জনকৰ নেতৃত্বত তাতে বেদ-উপনিষদৰ সংস্কৃত ভাষাত চৰ্চাৰ প্ৰধান কেন্দ্ৰ হৈ পৰে৷ বৌদ্ধ ধৰ্মৰ উত্থানৰ সময়ত এই বিদেহৰ পতন ঘটে আৰু ৰঞ্জিসকলে ইয়াতে গণৰাজ্য প্ৰতিষ্ঠা কৰে৷ ৰজা জনকে ৭২৫ খৃঃপূঃত এগৰাকী পৃথিৱী নামৰ ব্ৰাহ্মণীক বলপূৰ্বকভাৱে ৰক্ষিতা কৰি ৰাখিছিল আৰু এই পৃথিৱীৰে পুত্ৰ নৰকে বিদেহৰ পতন কালত বিদেহৰ পৰা পলাই আহি পূৰ্বৰ ব্ৰহ্মপুত্ৰ উপত্যাকাত , য’ত মঙ্গোলীয় কিৰাতসকলে ৰাজত্ব কৰিছিল সেই ভূমি আক্ৰমণ কৰি কিৰাত ৰজা ঘটকক বধ কৰি ‘প্ৰাগ্‌জ্যোতিপুৰ’ নামেৰে এক নতুন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল৷ এটা কথা এইখিনিতে উল্লেখনীয় যে এই প্ৰাগ্‌জ্যোতিষপুৰ ৰাজ্য গঠনৰ আগত এই ভূখণ্ডৰ নাম “সুৰমাস” বুলি পোৱা যায়৷ ‘সুৰ’ মানে সূৰ্য আৰু ‘মাস’ মানে গণনা৷ এই কথা ড॰ বসুদেৱ শৰণ শৰ্মাৰ “পানিনী কালিৰ ভাৰতবৰ্ষ” গ্ৰন্থত উল্লেখ আছে৷ অৰ্থাৎ এই “সুৰমাস” নাম ৰামায়ণৰ ৰচনাৰ পূৰ্বৰ নাম৷ কিয়নো ৰামায়ণত প্ৰাগ্‌জ্যোতিষ বুলিহে উল্লেখ পোৱা যায়৷ গতিকে ক’ব পাৰি যে নৰকৰ ৰাজত্বকালতে খৃঃপূঃ ৭২৫ ৰ পৰা ৪৮৩ খৃঃপূঃৰ ভিতৰত প্ৰাগ্‌জ্যোতিষপুৰৰ কিৰাত- কছাৰীসকল আৰ্য ভাষা-সংস্কৃতিৰ সংস্পৰ্শলৈ আহে৷ ফলত প্ৰাগজ্যোতিষপুৰত এক মিশ্ৰিত ভাষাৰ সৃষ্টি হয়৷ নিজৰ স্বকীয় মাতৃভাষা আৰু আৰ্য মূলীয় সংস্কৃত ভাষাৰ সংমিশ্ৰনত সৃষ্টি হোৱা এই ভাষাকেই সেইসময়ত প্ৰাগ্‌জ্যোতিষপুৰৰ ভাষা হিচাপে চিহ্নিত কৰিব পাৰি৷ যাক প্ৰাগ্‌জ্যোতিষ প্ৰাকৃত হিচাপে পোৱা যায়৷ এই প্ৰাগ্‌জ্যোতিষ প্ৰাকৃতেই ক্ৰমবিকাশ হৈ ষষ্ঠ শতিকাৰ পৰা দশম শতিকাৰ ভিতৰত পুৰণি কামৰূপত ৰজা ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত সেইসময়ৰ নামানুসাৰে “কামৰূপী প্ৰাকৃত” নাম পায়৷ ৰজা ভাস্কৰ বৰ্মনৰ ৰাজত্বকালতে অসম ভ্ৰমণলৈ অহা বিখ্যাত চীনা পৰিব্ৰাজক হিউৱেনচাঙৰ বিৱৰণীত পোৱা মতে পশ্চিমে কৰতোৱা নদীৰ পৰা আৰম্ভ কৰি [যি কৰতোৱা নদী চিক্কিমৰ পৰা ওলাই পশ্চিমবঙ্গৰ জলপাইগুৰি জিলা হৈ বাংলাদেশৰ দিনাজপুৰ আৰু পাবনা জিলাত সোমাই ব্ৰহ্মপুত্ৰত মিলিছে] পূবে দিক্কৰবাসিনী মন্দিৰলৈ [বৰ্তমান অৰুণাচল প্ৰদেশৰ লোহিত জিলাত অৱস্থিত আছিল] এই বিশাল ভূখণ্ডত বিভিন্ন জনগোষ্ঠীৰ ভাৱৰ আদান-প্ৰদানৰ সাব:্জনীন ভাষা হিচাপে এই কামৰূপী প্ৰাকৃতৰে প্ৰচলন আছিল৷ সেই সময়ছোৱাত বাংলাভাষা থকাৰ কথা হিৱেনচাঙৰ বিৱৰণীত উল্লেখ নথকাৰ পৰা অনুমান কৰিব পাৰি যে সেই সময়ত পশ্চিমবংগ আৰু পূৰ্ববংগত এই কামৰূপী প্ৰকৃতৰে প্ৰচলন আছিল৷ এই কামৰূপী প্ৰাকৃতৰ পৰাই অপভ্ৰংশ হৈ যি কামৰূপী অপভ্ৰংশৰ সৃষ্টি হৈছিল সেয়াই পৰৱৰ্তী সময়ত দেশ বা ৰাজ্য বিভাজনৰ সময়ত পশ্চিমবঙ্গ আৰু পূৰ্ববংগত আধুনিক বাংলাভাষাৰ সৃষ্টি হয়৷ আনহাতে, তেৰশ শতিকাত টাই ভাষী আহোম সকলৰ এই কামৰূপ ৰাজ্যত প্ৰব্ৰজনৰ পিছত তেওঁলোকেও সাৰ্বজনীন ভাষা হিচাপে এই কামৰূপী অপভ্ৰংশকে আঁকোৱালি লয় আৰু ছশবছৰীয়া আহোমৰ ৰাজত্বকালত ই বিৱৰ্তনমূখী হৈ ৰাজ্যখনৰ নাম ‘অসম’ হোৱাত ‘অসমীয়া ’ নাম পায়৷ যদিও আহোমৰ ৰাজত্ব কালত এই কামৰূপী অপভ্ৰংশৰ বিৱৰ্তন ঘটি ক্ৰমান্নয়ে মান্য অসমীয়া ভাষালৈ উত্তৰণ হয়৷ তথাপি কিন্তু নামনি অসমত এই কামৰূপী অপভ্ৰংশই কিছু পৰিবৰ্তন হৈ কামৰূপী উপ-ভাষা হিচাপে প্ৰচলিত হৈ ৰৈ যায়৷ কাৰণ সেই সময়ত নামনি অসমত কোনো এটা জাতিৰে ৰজাৰ ৰাজত্বৰ স্থায়ীকৰণ নোহোৱাত বিশেযকৈ অষ্টাদশ শতিকালৈ নামনি অসম এবাৰ কোঁচৰ, এবাৰ মোগলৰ, এবাৰ ভূঁঞাসকলৰ অধীনলৈ যোৱাৰ ফলত এই কামৰূপী অপভ্ৰংশই এটা নিদ্দিৰ্ষ্ট গঢ় লৈ আধুনিকৃত হ’বলৈ সুবিধা নাপালে৷ তাৰোপৰি আধুনিক অসমীয়া ভাষাৰ জনকৰূপে খ্যাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কোচ ৰাজ্যলৈ ঘটা আগমণেও এই কামৰূপী ভাষাই সুগঢ়ী হ’বলৈ সুবিধা নোপোৱাৰ প্ৰধান কাৰণ৷ ফলত ই নামনি অসমৰ এক কথিত ভাষা ৰূপেই শৰণীয়া কছাৰীসকলৰ মাজত উপভাষা হিচাপে প্ৰচলিত হৈ থাকিল৷ বৰ্তমানেও চিৰাং, বাক্সা, গ্ৰাম্য কামৰূপ, নগৰ কামৰূপৰ একাংশ, নলবাৰীৰ একাংশ, বঙাইগাঁওৰ একাংশ আৰু ওদালগুৰি জিলাৰ উত্তৰাঞ্চলত প্ৰচলিত হৈ থকা এই কথিত ৰূপৰ পূৰ্বৰ কামৰূপী প্ৰাকৃত বা কামৰূপী অপভ্ৰংশই শৰণীয়া কছাৰী সকলৰ ভাষা ৷ প্ৰসঙ্গক্ৰমে শৰণীয়া কছাৰী সকলৰ ভাষাৰ ক্ষেত্ৰত অধ্যক্ষ সতীশ চন্দ্ৰ দাস দেৱৰ “শৰণীয়া জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ আভাস” শীৰ্ষক প্ৰৱন্ধটিত উল্লেখিত কথাখিনি উল্লেখযোগ্য৷ তেখেতে লিখিছে- “ শৰণীয়াসকল মঙ্গোলীয় গোষ্ঠী বংশোদ্ভৱ, তেওঁলোক কৈৰাতজ বুলি খ্যাত৷ অসমীয়া জাতিৰ তেওঁলোকেই পূৰ্ব-পুৰুষ বুলি ক’ব পাৰি৷ শৰণীয়াসকল জনজাতীয় লোক৷ তেওঁলোকে কোৱা মিশ্ৰিত ভাষাক প্ৰাক্‌-অসমীয়া ভাষা বুলি ক’ব পাৰি৷ সেই মিশ্ৰিত ভাষাই আৰ্য সংস্কৃতিৰ সৈতে সংস্কাৰৰ জৰিয়তে অসমীয়া ভাষাৰ পূৰ্ণ ৰূপ গ্ৰহণ কৰিলে৷” কামৰূপী উপভাষাঃ অসমত বৰ্তমানেও প্ৰচলিত উপভাষা সমূহৰ ওপৰত ইতিমধ্যে যথেষ্ট অধ্যয়ন আৰু গৱেষণা হোৱা পৰিলক্ষিত হৈছে৷ উপভাষাৰ ওপৰত গৱেষণা কৰি ভাষাবিদ ড॰ বাণীকান্ত কাকতিয়ে তেওঁৰ গৱেষণা গ্ৰন্থ -Assam Its formation and development ত উপভাষাসমূহৰ বৈশিষ্ট্য ফালৰ পৰা এই উপভাষাক দুটা ভাগত ভাগ কৰিছে- ৰ৷ উজনি অসমৰ উপভাষ আৰু ২৷ নামনি অসমৰ উপভাষ৷ উজনি অসমৰ উপভাষা ব্ৰহ্মপুত্ৰ উপত্যাকাৰ দক্ষিণ পাৰে শদিয়াৰ পৰা গুৱাহাটী আৰু উত্তৰপাৰে লখিমপুৰ আৰু শোণিতপুৰ জিলাত এই বিস্তৃৰ্ণ অঞ্চল জুৰি বিয়পি আছে৷ উল্লেখযোগ্যযে এই উজনি অসমৰ উপভাষাই মূলতে আহোমৰ ৰাজত্বকালত ৰাজধানী শিৱসাগৰক কেন্দ্ৰ কৰি গঢ়ি উঠাৰ পৰিপেক্ষিতত আহোমৰ পতনৰ পিছত ব্ৰিটিছৰ শাসনকালত ই মান্য অসমীয়া হিচাপে মৰ্যদা লাভ কৰিবলৈ সক্ষম হয়৷ আনহাতে নামনি অসমৰ উপভাষাক আকৌ দুটা ভাগত ভাগ কৰা হৈছে - ৰ৷ কামৰূপী উপভাষা আৰু ২৷ গোপালপৰীয়া উপভাষা৷ কামৰূপী উপভাষা গ্ৰাম্য কামৰূপ, কামৰূপ আৰু নলবাৰী, বৰপেটা, বঙাইগাওঁ, কোকৰাঝাৰ আৰু অবিভক্ত দৰং জিলাৰ ওদালগুৰি মহকুুমাত প্ৰচলিত হোৱা দেখা যায়৷ ইয়াৰে অৱশ্যে দৰঙ জিলাৰ মঙ্গলদৈৰ অঞ্চলত প্ৰচলিত ভাষাটো সুকীয়া হোৱা হেতুকে ইয়াত দৰঙী উপভাষা হিচাপে পোৱা যায়৷ যিটো আজি পৰ্যন্ত আলোচনা বা গৱেষণা হোৱা পৰিলক্ষিত হোৱা নাই৷ আনহাতে, গোৱালপৰীয়া উপভাষাটো গোৱালপাৰা জিলা , ধুবুৰী জিলাৰ একাংশ আৰু বঙাইগাঁওৰ একাংশ আৰু কোকৰাঝাৰ জিলাৰ একাংশত প্ৰচলিত হোৱা দেখা যায়৷ ধবনিতাত্বিক আৰু ৰূপতাত্বিক দিশৰ বৈশিষ্ট্যৰ পৰা বিশ্লেষণ কৰি আন এগৰাকী ভাষাবিদ ড॰ উপেন্দ্ৰ নাথগোস্বামী দেৱে কামৰূপীয়া উপভাষাটোক আকৌ তিনিটা ভাগত বিভক্ত কৰিছে৷ এই ভাগ কেইটা হ’ল -ৰ৷ বৰপেটা অঞ্চলৰ উপ-উপভাষা ২৷ নলবাৰী অঞ্চলৰ উপ-উপভাষা আৰু ৩৷ পলাশবাৰী অঞ্চলৰ উপ-উপভাষা৷ ইতিমধ্যে এই উপ-উপভাষা সমূহৰ সুকীয়া সুকীয়া বৈশিষ্ট্যৰ বিষয়ে বহুলভাৱে আলোচিত হোৱা দেখা গৈছে৷ কিন্তু এই কামৰূপী উপভাষাৰে আন এটি উপ- উপভাষাৰ কিন্তু আজিকোপতি কোনো আলোচনা বা বিস্তৃত গৱেষণা হোৱা পৰিলক্ষিত হোৱা নাই৷ যিটো উপ-উপভাষা বৰ্তমানেও বিশেষকৈ বাক্সা আৰু ওদালগুৰি জিলাত এক সুকীয়া বৈশিষ্ট্যৰে প্ৰচলিত হৈ আহিছে সেই অঞ্চলত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ মাজত সংযোগী ভাষা হিচাপে৷ উপ- উপভাষাসমূহৰ এনে সুকীয়া ধবনিতাত্বিক , ৰূপতাত্বিক আৰু শব্দ সম্ভাৰগত বৈশিষ্ট্যৰ ফালৰ পৰা বিশ্লেষণ কৰি লক্ষ্য কৰি চালে দেখা যায় যে এটা সম্পূৰ্ণ বেলেগ উপ-উপভাষাত বাক্সা আৰু ওদালগুৰি জিলাত বাসকৰা সমগ্ৰ শৰণীয়া কছাৰী লোকসকলে কথা-বতৰা পতাৰ লগতে বিিভন্ন ভাষা -ভাষীৰ মাজেতা ই সংযোগী ভাষা হিচাপে ব্যৱহৃত হৈ আহিছে ৷ সেয়াই শৰণীয়া কছাৰীসকলৰ ভাষা৷ যিটো ভাষা বিভিন্ন দিশৰ সাদৃশ্যৰ পৰা পূৰ্বতে আলোচনা কৰি অহা কামৰূপী প্ৰাকৃতৰ অপভ্ৰংশী বুলি ঠাৱৰ কৰিব পৰা যায়৷ শৰণীয়া কছাৰীৰ ভাষাঃ বিশেষকৈ বৰ্তমানৰ বাক্সা জিলা আৰু ওদালগুৰি জিলাত বহুলভাৱে প্ৰচলিত ,বৰ্তমানসময়লৈকে গৱেষণাৰ বৰ্হিভূত এই মান্য অসমীয়া আৰু অন্যান্য কামৰূপী উপ- উপভাষাৰ স’তেও শতকৰা আশী শতাংশ ধবনিতাত্বিক পাৰ্থক্যযুক্ত শৰণীয়া কছাৰীসকলৰ ভাষাটোৰ বিষয়ে তলত কিছু আলোচনা কৰাৰ প্ৰয়াস কৰা হ’ল৷ একোটা ভাষা বা উপ-ভাষাৰ মূলতে তিনিটা দিশত বৈশিষ্ট্যৰ ভিন্নতা পৰিলক্ষিত হয়৷ সেইবোৰ হ’ল- ধবনিতাত্বিক, ৰূপতাত্বিক আৰু শব্দতাত্বিক বৈশিষ্ট্য৷ শৰণীয়া কছাৰীসকলৰ মাজত প্ৰচলিত ভাষাটোৰো মান্য অসমীয়া ভাষাৰ স’তে এই তিনিটা দিশত সম্পূৰ্ণভাৱে পাৰ্থক্য চকুত পৰে৷ সেয়ে এই আলোচনাত মান্য অসমীয়া সহিত শৰণীয়া কছাৰী ভাষাটোৰ ধবনিতাত্বিক, ৰূপতাত্বিক আৰু শব্দসম্ভাৰগত বৈশ্যিষ্ট্য সমূহ তলত উল্লেখ কৰা হ’ল৷ ৰ.ঙ্ম ধবনিতাত্বিক দিশঃ মান্য অসমীয়াত উচ্ছাৰণৰ ক্ষেত্ৰত যিকেইটা স্বৰ আৰু ব্যঞ্জনধবনিৰ প্ৰয়োগ আছে , শৰণীয়া কছাৰী ভাষাটোতো সিমানকেইটা স্বৰ আৰু ব্যঞ্জন ধবনিৰেই প্ৰয়োগ দেখা যায়৷ শৰণীয়া কছাৰী ভাষাৰ ধবনিতাত্বিক বৈশিষ্ট্যসমূহ আলোচনা কৰিবলৈ গ’লে ড॰ বাণীকান্ত কাকতি আৰু ড॰ উপেন্দ্ৰ নাথ গোস্বামী দেৱে দেখুওৱা কামৰূপী উপভাষা আৰু মান্য অসমীয়াৰ ধবনিতাত্বিক পাৰ্থক্যসমূহেই প্ৰধানকৈ উল্লেখ কৰিব লাগিব৷ তথাপি পূৰ্বতে কৈ অহা কামৰূপী উপভাষাৰ নলবাৰীয়া উপ-উপভাষা, পলাশবাৰী অঞ্চলৰ উপ- উপভাষাৰ , বৰপেটা অঞ্চলৰ উপ- উপভাষাৰ স’তে শৰণীয়া কছাৰী ভাষাৰ যথেষ্ঠ ধবনিতাত্বিক পাৰ্থক্য আছে৷ সেইবোৰ তলত আলোচনা কৰা হ’ল- ৰ.ৰ মান্য অসমীয়াত থকা অল্পধবনি [প,ত,ক] শৰণীয়া কছাৰী ভাষাত আমোঘ মহাপ্ৰাণধবনি [ফ, থ,খ] হয় আৰু নিম্ন স্বৰধবনি উচ্ছস্বৰধবনি হয়৷ কেতিয়াবা উচ্ছ নিম্ন দুয়োটাই হয়৷ যেনে- মান্য অসমীয়াত “মোৰ ভোক লাগিছে” বাক্যটো শৰণীয়া কছাৰীত- “মৰ ভখ লাগ্‌ছি” হয়৷ তেনেদৰে- “ছোৱালীজনীৰ চকুহাল ধুনীয়া” য “আপিটোৰ চখুদুটা ধুন্‌নীয়া”, “তিৰোতাবোৰে জাকৈ মাৰিব গৈছে” য “তিৰিমখাই জাখে মাৰ্‌বা গিছি” ইত্যাদি৷ ইয়াত ভোক, চকু, জাকৈ আদি শব্দৰ অল্পপ্ৰাণ ধবনি মহাপ্ৰাণ ধবনিলৈ পৰিবৰ্তিত হৈছে৷ আকৌ লাগিছে, ধুনীয়া, গৈছে আদি শব্দত নিম্নস্বৰধবনি উচ্ছস্বৰধবনিলৈ ৰূপান্তৰিত হৈছে৷ ৰ.২ দ্বি বৰ্ণৰ এক অক্ষৰযুক্ত শব্দৰ শেষত বা শেষত থকা এক অক্ষৰীয়া ব্যঞ্জনৰ সৈতে স্বাৰ্থিক প্ৰত্যয় ‘আ’ যোগ হৈ দ্বি অক্ষৰযুক্ত শব্দত পৰিণত হয়৷ যেনে - মূৰ ঞ্ছ মূৰাযমাথা, [ৰাধাৰ মূৰৰ বিষ হৈছেয ৰাধাৰ মাথাৰ বিষ হৈছে] হাড় ঞ্ছ হাড়া [চাইকেলৰ পৰা পৰি ল’ৰাটোৰ হাড় ভাগিলয চাৰকেলৰ পেৰে পুৰি আপাটোৰ হাড়া ভাংলা] সোণ ঞ্ছসণা [সোণা গঢ়োৱা লোকক সোণাৰী বোলেয স’ণা গৰাৱা লকক স’ণাৰী ব’লে] বেৰ ঞ্ছবেৰা [বৰষুণ পৰি বেৰখন পচিলয বুৰ্‌খান পৰি বেৰাখান পুছ্‌লা] ৰূপ ঞ্ছ ৰূপা [তাই আঙুলিত ৰূপৰ আঙুঠি পিন্ধিছেয তাই আংলিত ৰূপাৰ আংঠি পিন্‌ছি৷] তাম ঞ্ছ তামা [তাম এবিধ ধাতুয তামা এক্‌বিধ ধাতু৷] খেল ঞ্ছ খেলা [ল’ৰাবোৰে খেল খেলিছেয চলিমখাই খেলা খিল্‌ছি৷] ইত্যাদি৷ ৰ.৩ মান্য অসমীয়া শব্দৰ আদি বা মধ্য স্বৰধবনি উচ্ছ হ’লে শৰণীয়া কছাৰী ভাষাত নিম্ন হয়৷ অৰ্থাৎ ‘ও’ কাৰ হ’লে ‘অ’ লৈ পৰিবৰ্তিত হয়৷ যেনে- “মানুহজনৰ চোলাটো নতুন”য “মানুটোৰ চলাটো নুতুন৷” “মোৰ ভোক লাগিছে”য“মৰ ভখ লাগ্‌ছি” “সি জোতা পিন্ধি আহিছে” য “সি জতা পিন্ধি আছি” ইত্যাদি৷ ইয়াত মানুহ, নুতুন, আহিছে আদি শব্দৰ উচ্ছস্বৰধবনি নিম্নধবনিলৈ ৰূপান্তৰিত হৈছে৷ আকৌ চোলা, মোৰ, ভোক, জোতা আদি শব্দত ‘ও’কাৰ ধবনি ‘অ’কাৰলৈ পৰিবৰ্তিত হৈছে৷ ৰ.চ্ছ্ৰ মান্য অসমীয়াৰ শব্দৰ ‘ৰ’ আৰু ‘ন’ ধবনি ‘ল’ লৈ পৰিবৰ্তিত হয়৷ যেনে- নোম ঞ্ছলোমযলম, জৰুৰ ঞ্ছ জৰুল, নম্বৰ ঞ্ছ লম্বৰ ইত্যাদি৷ আকৌ ইয়াৰ বিপৰীতে ‘ৰ’ আৰু ‘ল’ ধবনি ‘ন’লৈ সলনি হয়৷ যেনে - লোণ ঞ্ছ নুন, ৰবক[ৰবাব] ঞ্ছ নবকযলবক টেঙা ইত্যাদি৷ ৰ.প্ত কেতিয়াবা ‘ও’কাৰান্ত ‘উ’ কাৰান্তলৈ আৰু ‘এ’ কাৰান্ত ‘ই’ কাৰান্তলৈও ৰূপান্তৰিত হয়৷ যেনে- “চেনি বেছিকৈ নাখাবা” য “চিনি বিছিকে নাখাবা’’ “সি টোপনি মাৰিছে” য “সি টুপ্‌নি মাৰছি” আদি৷ ইয়াত চেনি, বেছি,টোপনি, মাৰিছে আদিত‘ও’কাৰ, ‘এ’কাৰ , ‘ই’কাৰ আদি ক্ৰমে ‘ু’কাৰ, ‘ই’কাৰ, ‘এ’কাৰলৈ পৰিবৰ্তিত হৈছে৷ ৰ.৬ কেতিয়াবা শব্দৰ মাজৰ স্বৰধবনি লোপ পোৱাও দেখা যায়৷ যেনে- “দুপৰীয়াৰ ৰ’দত কোমোৰা মেলি দিছে” যদিপ্‌ৰা ৰুদত কুম্‌ৰা মিলি দিছি৷” ইয়াত দুপৰীয়া আৰু কোমোৰা শব্দৰ মাজৰ স্বৰধবনি লোপ পাইছে৷ ৰ.জ্জ কেতিয়াবা মান্য অসমীয়াৰ উচ্ছ স্বৰধবনি নিম্নস্বৰধনিলৈ পৰিবৰ্তিত হৈ ‘ও’ কাৰান্তৰ পৰা ‘অ’কাৰান্তলৈ আৰু ‘অ’কাৰান্তৰ পৰা ‘আ’ কাৰান্তলৈ সলনি হয়৷ যেনে- “ কাজলৰ ফোঁট ল’লে তাইক ভাল দেখি”য কাজালৰ ফ’টা ল’লি তাইক ভাল দেখেই”, “অজলা ল’ৰাটোৱে গোটেইখিনি খাই উদং কৰিলে”য “আজ্‌লা আপাটোই গটাইসপা খাই উদাং কৰ্‌লা”৷ ইয়াত অজলা, গোটেই, উদং , কৰিলে আদি শব্দৰ ‘অ’কাৰ, ‘ও’কাৰ, ‘এ’কাৰ , ইকাৰ আদি উচ্ছস্বৰধবনি নিম্নস্বৰধবনিলৈ সলনি হৈছে৷ ৰ.জ্জ্ব আকৌ কেতিয়াবা মান্য অসমীয়া শব্দৰ মধ্যৱৰ্ত্তী বা অন্ত্য ব্যঞ্জনধবনি শৰণীয়া কছাৰী ভাষাত লোপ পায়৷ যেনে- “পূৰৈ শাকৰ ভাজি খাবলৈ তিৰোতাবোৰে মাছ ধৰিছে”য “পুঁই শাকৰ ভাজা খাবালাগি তিৰীমখাই মাছ ধৰ্‌ছি” “মেকুৰীটোৱে ঢেঁকীশালত থকা নিগনি ধৰিছে”য “মিক্‌ৰিটোই ঢিঁকালিত থাকা নিংনি ধৰছি”৷ ইয়াত পূৰৈ, তিৰোতা,ঢেঁকীশাল, নিগনি আদি শব্দৰ মধ্যৱৰ্ত্তী বা অন্ত্য ব্যঞ্জনধবনি লোপ পাইছে৷ ৰ.জ্ঝ ‘ঐ’ দ্বি -স্বৰধবনিটো শৰণীয়া কছাৰী ভাষাত ‘এই’ আৰু ‘আই’ ধবনি হৈ পৰে৷ যেনে - মাকৈ ঞ্ছ মাকেই য মাকাই, কাৱৈ ঞ্ছ কাৱেইযকাৱাই, খালৈ ঞ্ছখালেই যখালাই, তাৱৈ ঞ্ছ তাৱেইযতাৱাই ইত্যাদি৷ কেতিয়াবা আকৌ তাৰ ওলোটা হৈ ‘অ’ স্বৰধবনি ‘ঐ’ দ্বিস্বৰত পৰিণত হয়৷ যেনে - ব’হাগ ঞ্ছ বৈহাগ, চ’ত ঞ্ছ চৈত, বঠা ঞ্ছ বৈঠা , ম’হ ঞ্ছ মুই আদি৷ ৰ.১০ শৰণীয়া কছাৰী ভাষাত মান্য অসমীয়াৰ ‘জ’ ৰ উচ্ছাৰণ প্ৰায়ে ‘ঝ’ আৰু ‘ঝ’ৰ উচ্ছাৰণ ‘জ’ৰ দৰে কৰা হয়৷ এয়া জনজাতীয় লোকৰ এটা প্ৰধান বৈশিষ্ঠ৷ যেনে - ঝুমুৰ ঞ্ছ জুমুৰ, জালা [জলকীয়া] ঞ্ছ ঝালা, জালুক ঞ্ছ ঝালুক,বৰষুণজাক ঞ্ছ বৰ্‌খুনঝাক, জাপমাৰ ঞ্ছঝাপমাৰ, জিকাঞ্ছঝিকা, জীয়া ঞ্ছ ঝীয়া ইত্যাদি৷ ৰ.ৰৰ কেতিয়াবা মান্য অসমীয়া শব্দৰ পূৰ্ব ব্যঞ্জনত স্বৰধবনি ‘উ’ৰ আগমণ হয়৷ যেনে - চকু ঞ্ছ চুখু, শগুণ ঞ্ছ শুগুণ ইত্যাদি৷ ৰ.১২ মান্য অসমীয়াত স’ততে শব্দৰ শেষ অক্ষৰৰ আগৰ অক্ষৰতহে শ্বাসঘাত পৰে৷ কিন্তু শৰণীয়া কছাৰী ভাষাত শব্দৰ আদিস্থানতেই শ্বাসঘাত পৰে৷ ফলস্বৰূপে দুটাতকৈ অধিক অক্ষৰযুক্ত শব্দৰ মাজৰ অক্ষৰৰ স্বৰধবনি লুপ্ত হৈ নাইবা অপিনিহিত ঘটি শব্দৰ অক্ষৰ সংকোচন হোৱা দেখা যায়৷ যেনে- চকলা ঞ্ছ চক্‌লা, ৰাখিব ঞ্ছ ৰাখ্‌বু, কৰিব ঞ্ছ কুৰ্‌বু আদি৷ ৰ.১৩ শৰণীয়া কছাৰী ভাষাত শব্দৰ অন্তৰ্গত কিছুমান ধবনিৰ সন্ধি হোৱাও দেখা যায় আৰু কিছুমান সন্ধি ভাঙি দীৰ্ঘধবনিযুক্তহোৱাও দেখা যায়৷ এই ক্ষেত্ৰত সাধাৰণতে ‘ৰ’ ধবনিৰ অইন ধবনিৰ সৈতে ‘সমীভৱন’ [কোনো শব্দত ওচৰা-ওচৰিকৈ থকা দুটা ব্যঞ্জন নাইবা স্বৰধবনিৰ এটাৰ প্ৰভাৱত আনটোৰ পৰিৱৰ্তন ঘটি দুয়োটাই সমৰূপ লাভ কৰাকে সমীভৱন বোলে] হোৱা পৰিলক্ষিত হয়৷ যেনে - কৃপন ঞ্ছকিৰ্‌পিন, তাৰদৰে ঞ্ছ তাদ্দৰে, মোৰ দৰে ঞ্ছমোদ্দৰে, তোৰ দৰে ঞ্ছতোদ্দৰে, বৰ ধনী ঞ্ছ বধেবানী, মাছ চুৱনী ঞ্ছ মাচ্চোৱনী আদি৷ ৰ.১৪ শৰণীয়া কছাৰী ভাষা মান্য অসমীয়া শব্দৰ দুটা ধবনিৰ স্থান পৰিবৰ্তন হৈ বৰ্ণ বিপৰ্যয় হোৱাও কেতিয়াবা দেখা যায়৷ যেনে -ৰিক্সা ঞ্ছ ৰিস্কাযৰিচ্‌কা, নহৰু ঞ্ছ নেহুৰযনিহুৰয ৰহুন আদি৷ ৰ.১৫ উচ্ছাৰণৰ সুবিধাৰ বাবে বা উচ্ছাৰণৰ শুদ্ধ জ্ঞান নথকাৰ বাবেও শব্দৰ ব্যঞ্জন ধবনিৰ আগত স্বৰধবনিৰ আগম ঘটি সৰলীকৰণ কৰা পৰিলক্ষিত হয় শৰণীয়া কছাৰী ভাষাৰ কিছুমান শব্দত৷ যেনে - স্কুল ঞ্ছ ইচ্‌কুল, ষ্টেচন ঞ্ছ ইচ্‌টেচন,লিপচ্‌টিক ঞ্ছ লিপিচটিক আদি৷ ৰ.১৬ ঠিক তেনেদৰে মধ্য স্বৰাগম আৰু অন্ত স্বৰাগম হোৱাও দেখা যায়৷ যেনে- ক্ৰমে বেন্স ঞ্ছ বেৰেন্সি, দুষ্ট ঞ্ছ দুষ্টু আদি৷ ৰ.১৭ শৰণীয়া কছাৰী ভাষাত পৰৱৰ্তী নিম্ন স্বৰধবনিৰ প্ৰভাৱত পূৰ্বৱৰ্তী উচ্ছ স্বৰধবনি নিম্ন স্বৰধবনিলৈ আৰু পূৰ্বৱৰ্তী উচ্ছ স্বৰধবনিৰ প্ৰভাৱত পৰৱৰ্তী নিম্ন স্বৰধবনি উচ্ছ স্বৰধবনিলৈ পৰিৱৰ্তিত হৈ স্বৰ সংগতি হোৱাও এটা লক্ষণীয় ৈবশিষ্ট্য৷ যেনে- শিমলু ঞ্ছ শিম্‌লি, তেতেলী ঞ্ছ তিত্‌লি, নিগনি ঞ্ছ নিংনি আদি৷ ৰ.১৮ মান্য অসমীয়া শব্দৰ ধবনিৰ সালসলনি হ’লেও অৰ্থৰ সালসলনি নহৈ অয়ত বিকল্প হোৱা শৰণীয়া কছাৰী ভাষাৰ এটা অন্যতম বৈশি¸ষ্ট্য ৷ যেনে- আশা ঞ্ছ আখা, নিৰাশা ঞ্ছ নিৰাখা, ছায়া ঞ্ছ ছায়হা আদি৷ ২.ঙ্ম ৰূপতাত্বিক দিশ ঃ শৰণীয়া কছাৰী ভাষাত মান্য অসমীয়াৰ তুলনাত ধবনিতত্বৰ পিছতে ৰূপতত্বৰ দিশটোও মন কৰিবলগীয়া৷ এক বা একাধিক ধবনিৰ সংযোগত ৰূপ বা প্ৰকৃতি গঠিত হৈছে শৰণীয়া কছাৰী ভাষাত৷ এই মূল ৰূপ বা প্ৰকৃতিয়ে নিজা অৰ্থ প্ৰকাশ কৰি মুক্ত ৰূপৰ স্থান দখল কৰিছে৷ অৱশ্যে কেতিয়াবা মুক্ত ৰূপে অৰ্থ প্ৰকাশত অপাৰগ হ’লে যুক্ত ৰূপ বা প্ৰকৃতি বা প্ৰত্যয় যোগ হয়৷ পৃথিৱীৰ অন্যান্য ভাষাৰ দৰে শৰণীয়া কছাৰী ভাষাৰ ৰূপটোৰো ৰূপতাত্বিক দিশত অতি বৈচিত্ৰ আছে৷ কৃৎপ্ৰত্যয়, তদ্ধিৎ প্ৰত্যয়, স্ত্ৰী প্ৰত্যয় আৰু শব্দ বিভক্তিৰ প্ৰয়োগ দেখা যায় শৰণীয়া কছাৰী ভাষাত৷ এনে কিছুমান মন কৰিবলগীয়া বৈশিষ্ট্য তলত আলোচনা কৰা হ’ল৷ যেনে- ২.ৰ মান্য অসমীয়াৰ অতীত কালৰ ক্ৰিয়াৰ ‘ইল’ ‘ইলে’ প্ৰত্যয়ৰ ‘অ’ ‘এ’ স্বৰধবনি ‘আ’ হয়৷ কিছুমান স্বৰধবনি আৰু ব্যঞ্জনধবনি কেতিয়াবা লোপ পায় শৰণীয়া কছাৰী ভাষাত ৷ যেনে- দিলে ঞ্ছ দিলা, হাৰিল ঞ্ছ হাৰ্‌লাযহাল্লা আদি ২.২ নিদ্দেৰ্শাত্মক ধাতু বা ক্ৰিয়া পদৰ ‘এ’ ধবনি ‘ই’ ধবনিত পৰিণত হয়৷ যেনে - “কলমটো দেযকলমটো দিচোন”, “বস্তুটো নে যবস্তুটো নি” আদি৷ ২.৩ চতুৰ্থ বিভক্তি চিন ‘লৈ’ শৰণীয়া কছাৰী ভাষাত ‘লাগি’ বা ‘গেলি’ হয়৷ যেনে- “বজাৰত যাবলৈ সময়ে পোৱা নাই”য “বাজাৰত যাবালাগি সময়ে পাৱা নাই” “কাম কৰিবলৈ মানুহ নাই”য “কাম কৰ্‌বালাগি মানু নাই”৷ ইয়াত যাবলৈ, কৰিবলৈৰ ৰূপ ‘লৈ’ বিভক্তিৰ ঠাইত ‘লাগি’ যোগ হৈছে৷ ২.চ্ছ্ৰ আকৌ কেতিয়াবা কোনো বিভক্তি চিন যোগ নহৈ ধাতুৰ লগত ‘ইবা’ নতুবা ‘বা’যুক্ত হৈ ই চতুৰ্থ বিভক্তি দৰে অৰ্থ প্ৰকাশ কৰে৷ যেনে- “আলহীকেইজন যাবলৈ ওলাল”য “কুৰ্মাকেইটা যাবা অলালা” “তাৰ বহু টকা পাবলৈ আছে”য “তাৰ বহুত টাকা পাবা আছে”৷ “ অভাৱৰ বাবে মানুহজনৰ চলিবলৈ টান হৈছে”য অভাৱৰ বাবে মানুটোৰ চলবা টান হছি”৷ ইয়াত যাবলৈ, পাবলৈ, চলিবলৈ আদিত থকা ‘লৈ’ বিভক্তিৰ ঠাইত ‘বা’ নতুবা ‘ইবা’ প্ৰত্যয় যোগ হৈছে৷ ২.প্ত আকৌ ক্ৰিয়া পদৰ ক্ষেত্ৰত মান্য অসমীয়া অনুনাসিক ধবনিৰ ঠাইত নাসিক ধবনিলৈ সলনি হৈ ‘ং’ যুক্ত হয়৷ ক্ৰিয়া পদটো ‘ওতে’ যুক্ত হ’লে তাৰ কৃদন্ত ৰূপ ‘ংতে’ হয়৷ যেনে - “মই যাওঁ ”য “মই যাং” “তাক বস্তুটো দিছিলো”য “তাক বস্তুটো দিছিলুং” “মোৰ আহোঁতে পলম হ’ব”য মৰ আহংতে পলম হবু” আদি৷ ইয়াত “ওঁ’ আৰু ‘ওতে’ৰ ঠাইত ‘ংতে’ হোৱা দেখা গৈছে৷ ২.৬ প্ৰত্যয়ৰ ক্ষেত্ৰত পিছফালে ‘া’ বা ‘ই’ বা ‘ইকাৰ’ যুক্ত হৈ মান্য অসমীয়াতকৈ বেলেগ ৰূপ লোৱা দেখা যায়৷ যেনে “তহঁতে কৰিবি” য “তন্‌থে কৰ্‌বি” “তোমালোকে আহিবা” য “তোমালোকে আইভা”, আদি৷ ২.জ্জ দ্বিতীয় পুৰুষত প্ৰত্যয়ৰ শেষত‘ি ’ বা ‘া’, তৃতীয় পুৰুষত ‘ু’ হয়৷ যেনে- দ্বিতীয় পুৰুষত “তুমি দৌৰিবা” য“ তুমি দাউৰবা”, তোমালোক পঢ়িবা”যতোমালোকে পঢ়্‌বা” আদি৷ আকৌ তৃতীয় পুৰুষত -“সি ধৰিব”য “সি ধৰবু” , “ তেওঁ কৰিব”য “তেওঁ কৰ্‌বু” হৈছে৷ ২.জ্জ্ব বৰ্তমান কালত ক্ৰিয়াপদৰ পিছত ‘ঔ’কাৰ আৰু ভৱিষ্যত কালত ‘উ’ কাৰ যুক্ত হয়৷ যেনে- “কামটো কৰা”য “কামটো কৰৌ” “কামটো কৰিব”য “কামটো কৰিবু” ইত্যাদি৷ ২.জ্ঝ শৰণীয়া কছাৰী জনজাতিৰ পুৰণি চাম মানুহে দ্বিতীয় পুৰুষত মান্য [ডাঙৰ] আৰু তুচ্ছ [সৰু] অৰ্থত একেই ক্ৰিয়া বিভক্তি ব্যৱহাৰ কৰে৷ যেনে- “তই ক’ত আছয তই ক’ত আছ”, “আপুনি ক’ত আছে য আপুনি ক’ত আছা?” আদি৷ ২.১০ মান্য অসমীয়া ভাষাত পুং লিঙ্গক স্ত্ৰীলিংগৰ ৰূপ দিওঁতে সাধাৰণতে ই, ঈ, নী বা ৰি, ৰী আদি প্ৰত্যয় যোগ হয়৷ শৰণীয়া কছাৰী ভাষাত এইবোৰৰ উপৰিও ‘তি’ ‘তী’ আদি প্ৰত্যয় যোগ হোৱা দেখা যায়৷ যেনে - “খাৰ খাৱায খাৰ খাইতি, চুৱা খাৱায চুৱা খাইতি আদি৷ ২.ৰৰ বচনৰ ক্ষেত্ৰত বহুবচন বুজাবলৈ বিশেষ্য, বিশেষণ আৰু সৰ্বনাম শব্দৰ পিছত কিছুমান বহুবচন প্ৰত্যয় প্ৰয়োগ কৰা হয়৷ যেনে - মানুহবিলাক ঞ্ছমান্‌হুগিলা, ল’ৰাহঁত ঞ্ছ আপাহাঁত, কিতাপখন ঞ্ছ কিত পখান, বস্তুসোপা ঞ্ছ বস্তুমখা ইত্যাদি৷ ২.১২ মান্য অসমীয়াত প্ৰয়োগ হোৱা নিৰ্দিষ্টবাচক প্ৰত্যয়সমূহেই অলপ পৰিৱৰ্তন হৈ শৰণীয়া কছাৰী ভাষাত প্ৰয়োগ হয় যদিও কিছুমান সম্পূৰ্ণ বেলেগ ধবনিগত প্ৰত্যয় ব্যৱহাৰ হোৱা দেখা যায়৷ যেনে - তামোলখনি ঞ্ছ তামুলখান,বাতিটো ঞ্ছ বাতিটু ৰছীডাল ঞ্ছ ৰুছীখৰ, কামফেৰা ঞ্ছ কামখিনি ইত্যাদি৷ ২.১৩ কাৰক আৰু শব্দ বিভক্তিৰ ক্ষেত্ৰত শৰণীয়া কছাৰী ভাষাত ‘ৰে’ ৰ ঠাইত প্ৰায়ে ‘দি’ বিভক্তি প্ৰয়োগ কৰা হয়৷ যেনে - হাতেৰেঞ্ছ হাতেদি, নাকেৰেঞ্ছ নাকেদি, মুখেৰে ঞ্ছমুখেদি, কটাৰীৰে ঞ্ছ কটাৰীদি আদি৷ আনহাতে সম্বন্ধ পদৰ ‘ৰ’ৰ পিছত ‘দ্বাৰা’ পৰসৰ্গ লগ লগাই কৰণ অৰ্থ বুজোৱা হয় যদিও এই ‘দ্বাৰা’ সমীভৱন হৈ ‘দ্দাৰা’ লৈ পৰিবৰ্তন হোৱা দেখা যায়৷ যেনে- মোৰদ্বাৰা ঞ্ছ মদ্দাৰা, তোৰদ্বাৰা ঞ্ছ তদ্দাৰা, তাৰদ্বাৰা ঞ্ছ তাদ্দাৰা ইত্যাদি৷ ২.১৪ সেইদৰে অপাদান কাৰকৰ পৰসৰ্গ ‘পৰা’ শৰণীয়া কছাৰী ভাষাত ‘পে’ বা ‘পেৰে’ লৈ পৰিবৰ্তিত হয়৷ যেনে - তাৰপৰা ঞ্ছ তাৰপেযতাৰ পেৰে, ঘৰৰ পৰা ঞ্ছ ঘৰৰপেয ঘৰৰপেৰে ইত্যাদি৷ ২.১৫ শৰণীয়া কছাৰী ভাষাত বিশেষণ আৰু সৰ্বনামৰ ক্ষেত্ৰতো কোনো কোনো ক্ষেত্ৰত মান্য অসমীয়াতকৈ কিছু পৰিবৰ্তিত হৈ প্ৰয়োগ হোৱা দেখা যায়৷ যেনে - বিশেষণৰ ক্ষেত্ৰত- ওখ ঞ্ছ চৰহা, ডাঠ ঞ্ছ গেধাল, ধুনীয়াþ ঞ্ছথৌগা আদি আৰু সৰ্বনামৰ ক্ষেত্ৰত- ইবোৰ ঞ্ছ ইগ্লা, সিবোৰ ঞ্ছ সিগ্লা ,কোনবোৰ ঞ্ছ কুন্‌গিলা আদি৷ ২.১৬ শৰণীয়া কছাৰী ভাষাৰ ক্ৰিয়া বিভক্তি সম্পৰ্কে আলোচনা কৰিবলৈ গ’লে ইয়াৰ ভাষাত প্ৰয়োগ হোৱা বিভিন্ন গৌণ ধাতু আৰু সেইবোৰৰ কিছুমানৰ গঠন প্ৰণালীও আলোচনা কৰিব লাগিব৷ এই প্ৰসংগত প্ৰধানকৈ দেখুৱাবলগীয়া হয় পাচনী ধাতু আৰু নাম ধাতু গঠনৰ প্ৰক্ৰিয়া৷ মান্য অসমীয়াৰ পাচনী ধাতু গঠনৰ ‘আ’, ‘ওৱা’ আৰু ‘উৱা’ এই প্ৰত্যয় তিনিটা শৰণীয়া কছাৰী ভাষাত ‘ও’ বা ‘ওং’ প্ৰত্যয় হিচাপে দেখা দিয়ে৷ যেনে - কৰাইছোঁ যকৰোৱাইছোঁ ঞ্ছ কৰাইছু যকৰাইছুং, গোৱাইছোঁঞ্ছগাৱাইছুযগাৱাইছুং, খুৱাইছোঁ ঞ্ছ খুৱাইছুংযখুৱাইছুং ইত্যাদি৷ সেইদৰে নামধাতু গঠনৰ ‘আ’,‘ইয়া’, ‘উৱা’ এই প্ৰত্যয় তিনিটা ‘আ’ লৈ পৰিৱৰ্তিত হোৱাৰ লগতে ‘ইয়া’ আৰু ‘উৱা’ প্ৰত্যয়ৰ ক্ষেত্ৰত ‘ই’ আৰু ‘ঔ’ ধবনিৰ অপিনিহিত হয়৷ যেনে - উতলাইছোঁ ঞ্ছ উতলাছুয উতলাছুং, আগুৱাইছোঁ ঞ্ছ আগুৱাছুযআগুৱাছুং, গুৰিয়াইছোঁ ঞ্ছ গুৰিয়াছুযগুৰিয়াছুং ইত্যাদি৷ ২.১৭ শৰণীয়া কছাৰী ভাষাত ‘হেঁতেন’পৰসৰ্গ ‘হয়’ বা ‘নো’ ,‘না’ লৈ পৰিবৰ্তন হোৱা দেখা যায়৷ যেনে - “কৰিলেহেঁতেন ঞ্ছ কৰ্‌লাহয়” , একলাখ টকা পোৱাহেঁতেন য“একলাক টাকা পালিনা”, “প্ৰধানমন্ত্ৰী হোৱাহেঁতেন কি কৰিব নোৱাৰিলোহেঁতেন য প্ৰধানমন্ত্ৰী হলিনো কি কৰ্‌বা নুৰলুং হয়৷” আদি৷ ৩.ঙ্ম শব্দসম্ভাৰগত দিশঃ শব্দসম্ভাৰগত বৈশিষ্ট্যলৈ লক্ষ্য কৰিলে দেখা যায় যে শৰণীয়া কছাৰী শব্দ মান্য অসমীয়াতকৈ সম্পূৰ্ণ ভাৱে পৃথক৷ শৰণীয়া ভাষাৰ শব্দৰ অধিকাংশই তৎসম, অৰ্ধতৎসম আৰু তদ্ভৱ শব্দ৷ ইয়াৰ উপৰিও দেশী [আৰ্য, তীৰ্বতবৰ্মী- ৰাভা, বড়ো, কছাৰী আদি] পাছ¹, আৰবী,হিন্দী , ইংৰাজী আদি শব্দৰ আমদানি হৈ কিছুমান পোনে পোনে, আন কিছুমান অপভ্ৰংশ আৰু কিছুমান ধবনিৰ পৰিবৰ্তন হৈ শৰণীয়া কছাৰী ভাষাত ব্যৱহৃত শব্দ হৈ পৰিছে৷ কেতিয়াবা কেতিয়াবা কিছুমান শব্দৰ ধবনিৰ বিকৃতি ঘটিও এক নতুন শব্দৰ সৃষ্টি হোৱা দেখা যায়৷ এই সন্দৰ্ভত বহুতো জনজাতীয় শব্দ বিশেষকৈ বড়ো কছাৰী শব্দ পোনপটীয়াকৈ কিছু ধবনিৰ বিকৃতি ঘটি সৃষ্টি হৈছে৷ উদাহৰণস্বৰূপে- “কষ্ট-- আলানি” [মূল বড়ো শব্দ -আলানি], কাষলতি তলৰফোহা -- গাঙ্‌তি [বড়ো শব্দ- গাঙথি], খং -- জমক বা ঝমক [বড়ো শব্দ- জমখ], কল গছৰ শুকান পাত -- চচ্‌নি [শঃ] [বড়ো শব্দ-চুচনি], ঘুৰণীয়া --তুপ্‌ৰা [শঃ] [বডো. শব্দ- থুম্‌ফ্ৰা] আদি৷ ৩.ৰ আৰবী শব্দ , যেনে- চেৰেপ ঞ্ছ [মদ], তামাম ঞ্ছ[অতিপাত], ফাৰাক [আৰবী-ফাৰ্ক]ঞ্ছ বেলেগ, বেজাই [আৰবী শব্দ- বে-জায়েজ]ঞ্ছঅতিমাত্ৰা, কিচিম কিচিম ঞ্ছবিবিধ আদি৷ ৩.২ হিন্দী শব্দ- যেনে -কিৰা [হিন্দী -কিৰীয়া] ঞ্ছশপত, মোচকা খাৱা [হিন্দী- মুচকানা] ঞ্ছ মোচোকা খোৱা আদি৷ ৩.৩ ইংৰাজী শব্দ৷ যেনে- চেগাৰ[চেকাৰ]ঞ্ছ চোৱা-চিতা কৰা, চচ্‌পেন [ইংৰাজী- চাচ্‌-পেন-শ্যন] ঞ্ছনিলম্বিত কৰণ আদি৷ ৩.চ্ছ্ৰ ফাৰ্চী শব্দ৷ যেনে - জাগা [ফাৰ্চী -জগহ] ঞ্ছঠাই, অস্তে-অস্তে [ফাৰ্চী- আহিস্তা-আহিস্তা]ঞ্ছ লাহে লাহে আদি৷ ৩.প্ত ভূটিয়া শব্দ৷ যেনে- খখা [ভূটীয়া-খোখা] ঞ্ছ চৰাই ভৰাই থোৱা বাঁহৰ যতন৷ ইয়াৰোপৰি শৰণীয়া কছাৰী ভাষাত প্ৰচলিত কিছুমান এনেকুৱা নিজস্ব শব্দ আছে, যিবোৰ অন্য কোনো ঠাইত বা কোনো ভাষাতে পোৱা টান বুলিব পাৰি৷ তলত তেনেধৰণৰ কিছু শব্দ উল্লেখ কৰা হ’ল৷ যেনে - লিতুং[নেজ],নিচ্‌লামাছ [মিছামাছ], খখ্‌ৰাই চা [বেৰৰ ফাঁকেৰে চা], লালদিঙা [কোনোফালে পাৰ নোপোৱা], হাৰাম টক্‌লা [বৰটোকোলা], ইৰাই [গুচাই], চানা [পোৱালী],শুক্তা [শুকান মৰাপাট], পটা [মৰাপাট], টেপ্ৰা [চাপৰ মানুহ], নফুল [অমিতা], ঝেজ্‌লা [বাঁহৰ চোঁচ],আধালানি [অপচয়য বেয়া ব্যৱহাৰ], খেৰমুজাং [তৰমুজ],ঝংকলা [থোপা], গেধালযগেৰাম [ডাঠ] ইত্যাদি৷

এইখিনিতে মান্য অসমীয়া আৰু শৰণীয়া কছাৰী ভাষৰ ধবনিতাত্বিক, ৰূপতাত্বিক আৰু শব্দতাত্বিক বৈশিষ্ট্যৰ তুলনামূলক পাৰ্থক্য দেখুৱাবলৈ তলত এটি কথোপকথন উল্লেখ কৰা হ’ল৷ এজন মান্য অসমীয়া কোৱা ভদ্ৰলোকে বহু দিনৰ মূৰত তেওঁৰ পুৰণি শৰণীয়া কছাৰী বন্ধু এজনক লগ পোৱাত দুয়োৰে মাজত হোৱা কথোপকথন এটি তুলি ধৰা হ’ল৷ ভদ্ৰলোক ঃ আৰে ৰহেশ্বৰ দেখোন৷ কি খবৰ ভালনে? শৰণীয়া ঃ অ’ ভৱানী নহয়না? ইমম্মান দিনৰ মূৰত দেখা পালুং৷ ম’ৰ্‌ খবৰ ভালেই৷ ত’ৰনো? ভদ্ৰলোক ঃ ভালেই৷ তুমি পিছে আজিকালি আমাৰ ফালে নোযোৱাই হ’লা দেখোন? শৰণীয়া ঃ কেন্‌কেনো যাং৷ তিৰি- চুলিৰ লগত যিহে ঝট৷ আজিকালি কুৰ্মা খাৱাই বাদ দিছুং৷ ভদ্ৰলোক ঃ তথাপি বহুদিন যোৱা নাই৷ এদিন যাবাচোন৷ শৰণীয়া ঃ হ’বুদে৷ যাম৷ তয়’ পিছে আইভি আমাৰ দিগি৷ ভদ্ৰলোক ঃ হ’বদে যাম৷ এতিয়া যাঁও৷ শৰণীয়া ঃ অ’৷ ওপৰৰ কথোপকথনত শৰণীয়া কছাৰী ৰহেশ্বৰৰ মুখৰ ভাষাৰ মান্য অসমীয়া ভাষাৰ লগত যি পাৰ্থক্য সেয়া পৰি¦ফুত হৈ পৰে৷ ইয়াত ধবনিতাত্বিক বৈশিষ্ট্য পৰিলক্ষিত হয়-- ইমম্মান [ইমান],কেন্‌কে [কেনেকৈ], ম’ৰ [মোৰ], ত’ৰ [তোৰ] আদিত৷ আকৌ ৰূপতাতত্বিক বৈশিষ্ট্য পৰিলক্ষিত হয়- নহয়না [নহয়নে], পালুং [পালোঁ], যাং[যাওঁ], খাৱাই [খোৱা],দিছুং [দিছো], হ’বু [হ’ব],আইভি [আহিবি] আদি শব্দত৷ আনহাতে শব্দসম্ভাৰগত বৈশিষ্ট্য পৰিলক্ষিত হয় -তিৰি-চুলি [তিৰোতা-ল’ৰা-ছোৱালী],ঝট [জঞ্জাল], কুৰ্মা [আলহী], দিগি [ফালে] ইত্যাদি শব্দত৷ গতিকে শৰণীয়া কছাৰী ভাষাৰ যে মান্যঅসমীয়া আৰু অন্যান্য ভাষাৰ লগত বৈশিষ্ট্যগত পাৰ্থক্য আছে সেয়া স্পষ্ট৷

শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকবিশ্বাস আৰু পৰম্পৰা সম্পাদনা কৰক

লঘোণ দিয়া সম্পাদনা কৰক

যিকোনো ধাৰ্মিক উপলক্ষত লঘোণ দিয়া প্ৰথা হিন্দু ধৰ্মত অতীজৰে পৰা প্ৰচলিত হৈ আহিছে। অকল হিন্দু ধৰ্মতহে যে এই প্ৰথা প্ৰচলিত এনে নহয়; প্ৰত্যেক ধৰ্মতে স্বকীয় পদ্ধতিৰে লঘোণ দিয়া পৰম্পৰা আছে। বিভিন্ন উপলক্ষত শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসকলে লঘোণ দিয়ে। বিশেষকৈ বিবাহিত নাৰী-পুৰুষ সকলে, কাৰণ শৰণীয়া কছাৰী সমাজত বিবহিত সকলক চুৱা বুলি গণ্য কৰা হয়। ঋতুমতীসকলৰ ‍ক্ষেত্ৰত বিবাহিতা-অবিবাহিতা বুলি কোনো কথা নাই, ঋতুমতী হোৱাৰ তিনি দিনৰ দিনা সূৰ্য অস্ত যোৱাৰ আগে আগে ভাত-পানী খাই ৰাতি লঘোণ দিয়াটো শৰণীয়া কছাৰী নাৰী সকলৰ পৰম্পৰা।

ভকত সেৱাঃ বৰ্তমান ভকত সেৱা প্ৰথাটো শৰণীয়া কছাৰী সমাজত চেগাচেৰেকাকৈ প্ৰচলন হৈ থকা দেখা যায়। ১৯ শতিকাৰ মাজ ভাগলৈ শৰণীয়া কছাৰী জনগোষ্ঠীৰ সম্ভ্ৰান্ত মানুহৰ ঘৰত বছৰত এবাৰকৈ ভকত সেৱা উত্সৱ পতাটো এক প্ৰকাৰ পৰম্পৰাই আছিল। ভকত সেৱাত দুটা পন্থী আছে- এটা পূৰ্ণধাৰী (মাংসাহৰী) আৰু আনটো হ’ল পুঠিমেইছা(শাকাহাৰী)।

আগ আনাঃ কৃষিকৰ্মৰ লগত জড়িত শৰণীয়া কছাৰী খেতিয়্কসকলৰ নতুনকৈ ওলোৱা শালি ধানৰ আগ অনাটো পৰম্পৰা। আগ ননাকৈ শালি ধান কটিৱ নাপায় বুলি শৰণীয়া কছাৰী সকলৰ মাজত জন বিশ্বাস আছে।

বাম্বোল পিতা উত্সৱঃবাম্বোল পিতা উ্ত্‍সৱ শৰণীয়া কছাৰী সকলৰ এটি সুকীয়া সাংস্কৃতিক বৈশিষ্ট। এইউ্ত্‍ সৱ ভাদ মাহৰ পূৰ্ণিমা তিথিৰ পৰা আৰম্ভ কৰি পাঁচদিন পালন কৰা হয়। বাম্বোলৰ অৰ্থ হ’ল- বাম মানে বাঁহ আৰু বোল মানে টুকুৰীয়াই গোৱা গীত।

ম’হ খেদা উ্ত্‍সৱ: শৰণীয়া কছাৰী জনগোষ্ঠী লোকসকল মুলত কৃষিজীৱী, এই কৃষিজীৱী সমাজত ম’হ খেদা উত্সৱো এটি তাত্পৰ্যপূৰ্ণ লোক উত্সৱ। এই উত্সৱ আঘোণ মাহৰ পূৰ্ণিমা তিথিৰ পৰা আৰম্ভ কৰি পাঁচদিন পালন কৰা হয়।

পহু চিকাৰ নৃত্যঃ পহু চিকাৰ নৃত্য শৰণীয়া কছাৰী জনগোষ্ঠীৰ এটি লুপ্তপ্ৰায় নৃত্য। মাঘৰ বিহুক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছিল পহু চিকাৰ নৃত্য। শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসকলে মাঘৰ বিহুৰ উৰুকাৰ দিনা সমূহীয়া ভাৱে গাঁৱৰ ডেকা সকলে কান্ধত জাল-জৰি, হাতত দা-যাঠি জোং লৈ হাবিত পহু, গাহৰি, সহা, জহামাল্লা আদি চিকাৰ কৰিবলৈ গৈছিল। এইদৰে চিকাৰলৈ যাওঁতে তেওঁলোকে মনৰ উলাহতে বিভিন্ন ধৰণৰ ধেমেলীয়া গীত মাত গাই গৈছিল। এই গীত আৰু নৃত্য পৰাই সৃষ্টি হৈছিল পহু চিকাৰ নৃত্য।

শৰণীয়া কছাৰী ভাষা (লেখক- তাৰিণী ৰঞ্জন ডেকা, সংগ্ৰহ- ৰাতুল দাস শৰণীয়া)

ভাষা সংস্কৃতিৰ বাহক৷ এটা জাতিৰ কৃষ্টি-সংস্কৃতিসমূহ  সেই জাতিৰ ভাষাৰ মাধ্যমেৰেই জনা যায়৷ ভাষা হ’ল এটা জাতিৰ প্ৰথম চিনাকী৷ এজন লোক তেওঁ কোন জাতি বা জনজাতিৰ লোক, সেই কথা তেখেতৰ কথা-বতৰাৰ মাজতেই প্ৰথমে চিনাকী পোৱা যায়৷ কৃষ্টি বা সংস্কৃতিৰ কথা পিছৰ পৰ্য্যায়তহে আহে৷  এই সম্পৰ্কে প্ৰখ্যাত ভাষাবিদ, পণ্ডিত ড॰ নগেন ঠাকুৰে কৈছে- “ এটা জাতি জনাৰ বাবে নৃতাত্বিক জ্ঞান, ঐতিহাসিক বিচাৰ-বিশ্লেষণ যিমান গুৰুত্বপূৰ্ণ ; ভাষাৰ অধ্যয়নো সিমানেই গুৰুত্বপূৰ্ণ৷ নৃতত্ব ইতিহাস আৰু ভাষাতত্বৰ সমান অধ্যয়নৰ জৰিয়তেহে এটা জাতিৰ প্ৰকৃত পৰিচয় জনা সম্ভৱ৷”তেখেতে কৈছে -“ একোটা শব্দৰ আঁত ধৰিয়েই  একো একোটা জাতিৰ সভ্যতা- সংস্কৃতিৰ আভাষ পাব পাৰি৷” তেওঁ আৰু কৈছে- “অসমত বৰ্তমান যি ৰাজনৈতিক সীমা , তাৰ ভিতৰত আৰ্য গোষ্ঠীসম্ভূত অসমীয়া ভাষাৰ উপৰিও বড়ো, ডিমাছা,দেউৰী তিৱা, ৰাভা ,কাৰ্বি, মিছিং, কোচ , কছাৰী আদি বিভিন্ন জনগোষ্ঠীয় ভাষা আছে আৰু এই প্ৰত্যেকটো ভাষাই নিজ বৈশিষ্ট্যসম্পন্ন বুলি ক’ব পৰা যায়৷  ইয়াৰ ভিতৰত বড়ো-ডিমাছা, কছাৰী-চুতীয়া বা দেউৰী, ৰাভা, কোচ ,তিৱা ভাষাৰ মাজৰ পাৰস্পৰিক সম্বন্ধ অতি নিবিড় ,এই আটাইবোৰৰে মূল উৎস একেই৷” গতিকে এটা জাতি বা জনগোষ্ঠীয়ে তেওঁলোকৰ পৰিচয় দাঙি ধৰিবলৈ যোৱাত প্ৰথমেই ভাষাৰ প্ৰশ্নই আহে৷ শৰণীয়া কছাৰী জনগোষ্ঠীটোও আজিৰ তাৰিখলৈকে নিজকে এটা সুকীয়া জনগোষ্ঠী বুলি পৰিচয় দিবলৈ গৈ বিভিন্ন ৰাজনৈতিক চক্ৰান্তকাৰীৰ ওচৰত সেই একে প্ৰশ্নৰে সন্মুখীন হৈ আহিছে৷  কিন্তু এটা কথা স্পষ্ট ও বুৰঞ্জীসন্মত যে শৰণীয়া কছাৰীসকলৰ নিজস্ব ভাষা আছে  আৰু ই আজিও প্ৰচলিত৷

শৰণীয়া কছাৰী জনগোষ্ঠীটোও এটা জনজাতীয় জনগোষ্ঠী৷ এই কথা ইতিমধ্যে বিভিন্ন পণ্ডিতমহলে বিে¸শষকৈ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ব্ৰিটিছ গৱেষক সকলেও স্বীকাৰ কৰি গৈছে যে শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসকল অসমৰ কিৰাত-কছাৰী জনগোষ্ঠীৰে এটা সুকীয়া ঠাল৷ আনকি  স্বৰাজোত্তৰ কালৰ আগৰ লোকপিলয়সমূহতো শৰণীয়া কছাৰীসকলক সুকীয়াকৈ তালিকাভূক্ত কৰা হৈছিল৷ এই কথা ইতিমধ্যে বাবুৰাভা হাকাচামৰ “শৰণীয়া কছাৰী সংস্কৃতি আৰু লোক সাহিত্য” গ্ৰন্থত বিষদভাৱে আলোচনা কৰা হৈছে ৷ ইয়াৰোপৰি কোৱা বাহুল্য যে স্বৰাজোত্তৰ কালতো শৰণীয়া কছাৰীসকলক  এটা সুকীয়া জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰিছে৷ এই কথা ২০১৫ বৰ্ষত চলা ভাৰতীয় নাগৰিক পঞ্জীৰ উন্নতিকৰণত পোহৰলৈ অহা ‘লিগেচি ডাটা’ সমূহে প্ৰমাণ কৰিছে৷ এই লিগেচি ডাটাসমূহত [১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ] বহু অঞ্চলৰ বহু লোকৰ বিশেষকৈ বাক্সা আৰু ওদালগুৰি জিলাত বৰ্তমানে যিসকল লোকে ৰাভা আৰু কোচ ৰাজবংশী হিচাপে চিনাকী দিছে তেওঁলোকৰো উপাধি ‘ শৰণীয়া’ বা ‘মহলীয়া’ হিচাপে পোৱা গৈছে৷ মুঠতে শৰণীয়া কছাৰী জনগোষ্ঠীটো যে অতীজৰে অনাৰ্য-কিৰাত জনগোষ্ঠীৰে এটা সুকীয়া ঠাল সেই কথা অস্বীকাৰ কৰিব নোৱাৰি৷ তিৰ্ব্বতী চীন ভাষী মঙ্গোলীয় থালৰ এই অনাৰ্য বা কিৰাত জনজাতীয় লোকসকলেই  কালক্ৰমত সোণোৱাল কছাৰী, দেউৰী, শৰণীয়া কছাৰী আদি নামাকৰণেৰে চিনাক্ত হৈছে৷ ইয়াৰে নামনি অসমত বসবাস কৰি অহা কামৰূপী অপভ্ৰংশী ভাষাৰে কথা বতৰা কৈ অহা জনজাতীয় লোকসকলই শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোক৷ শৰণীয়া কছাৰীসকল যে মূল চীন তিব্বতীয় [Sino-Tibetan] ৰভোট-বৰ্মী [Tibeto-Burman] শাখাৰ অন্তৰ্ভূক্ত জনজাতি সেই কথা ভাষিক দৃষ্টিকোণৰ পৰাই ঠাৱৰ কৰিব পাৰি৷  বিশেষকৈ বাক্সা, ওদালগুৰি, কামৰূপ [গ্ৰাম্য], কামৰূপ [মহানগৰ] ৰ একাংশ, বঙাইগাঁও, নলবাৰীৰ একাংশ লোকে তেওঁলোকে নিজৰ এলেকাত বিভিন্ন ভাষা-ভাষীৰ লগত আৰু ঘৰুৱাভাৱে যি ভাষাত কথা-বতৰা পাতে, সেই উপভাষাটোৰ বড়ো কছাৰী ভাষাৰ স’তে অতি নিবিড় সম্পৰ্ক পৰিলক্ষিত হয়৷ এই সম্পৰ্কত লক্ষ্মীনাথ পাংগিং দেৱৰ সম্পাদিত আৰু Centre for Tribal Studeis, Assam ৰ দ্বাৰা প্ৰকাশিত Sarania Kachari (Vol. I) পুথিত নবীন চন্দ্ৰ টায়ে তেখেতৰ The Orientation of Sarania Kachari and thier Status নামৰ প্ৰৱন্ধটিত উল্লেখ কৰিছে এইদৰে - It has been already mentioned that the Saranias were originally originated from the stok of Bodo-Kacharis group and were speaker of Bodo language....................... Prior to ১২ the century  perhaps they adopted the admixture Language of Aryans and non Aryans. But most perhaps during the period of ১৫th and ১৬th century they adopted the Assamese language for learning aside the original language of Boro-Kacharies and latter the Assamese language has said to be mother tongue of Sarania Kacharies. ত্ৰপ্স, the Sarania Community is in fact, an important cultural bridge between Assamese on one hand plain tribes of the Bodo linguistic group on the other. However, most Sarania living in the remote village corners still communicate within themselves in their original language. (page-১০গ্গ  

গতিকে কথাষাৰ এনেধৰণে ক’ব পাৰি যে আৰ্য ভাষা [সংস্কৃতমূলীয়া] আৰু পুৰণি অসমত বাস কৰা অনাৰ্যসকলৰ ভাষাৰ সংমিশ্ৰণৰ ফলত দুয়োটা গোষ্ঠীৰ মাজত ভাৱৰ আদান-প্ৰদানৰ সুবিধাৰ্থে এটা মিশ্ৰিত ভাষা পুৰণি প্ৰাগ্‌জ্যোতিষপুৰত সৃষ্টি হৈছিল৷ যি ভাষাই কালক্ৰমত আধুনিকতাত উত্তৰণ ঘটি আজিৰ অসমীয়া ভাষালৈ ৰূপান্তৰিত হৈছে৷ তথাপি এই পুৰণি প্ৰাগ্‌জ্যোতিষপুৰৰ ভাষাটোৰ অপভ্ৰংশ আজিও উপভাষা হিচাপে নামনি অসমৰ চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাৰ উত্তৰাঞ্চলত প্ৰচলিত হৈ আছে৷ এই ভাষাটোৱেই শৰণীয়া কছাৰীসকলৰ ভাষা হিচাপে শৰণীয়া কছাৰীসকলে দাবী কৰি আহিছে৷ আৰু ই বুৰঞ্জীসন্মত, যুক্তিসন্মতও৷

শৰণীয়া কছাৰী ভাষাৰ চমু ইতিবৃত্ত ঃ

শৰণীয়া কছাৰী ভাষাৰ ইতিহাস বিচাৰিবলৈ গ’লে  প্ৰথমেই শৰণীয়া কছাৰীসকলে  ব্যৱহাৰ কৰি অহা কামৰূপী অপভ্ৰংশৰ [কামৰূপী উপভাষা] সৃষ্টিৰ বিষযে জানিব  লাগিব৷  এই সম্পৰ্কত - পণ্ডিত বিশ্বেশ্বৰ হাজৰিকাই তেখেতৰ -“অসমীয়া ভাষাৰ উৎস আৰু বিকাশ”(Assamese Lenguadge origin and Development) নামৰ গ্ৰন্থত  আৰ্য আৰু অনাৰ্য্য সংমিশ্ৰিত ভাষাটোকেই পুৰণিকালত অসমৰ সেইসময়ৰ প্ৰাগ্‌জ্যোতিষ নামানুসাৰে খৃঃ প্ৰথম শতিকাৰ পৰা পঞ্চম শতিকালৈ “প্ৰাগ্‌জ্যোতিষ প্ৰাকৃত” আৰু  ষষ্ঠ শতিকাৰ পৰা দশম শতিকালৈ যেতিয়া অসমৰ নাম কামৰূপ হয় তেতিয়া “কামৰূপী প্ৰাকৃত” বা ‘কামৰূপী অপভ্ৰংশ’ আৰু তেৰশ শতিকাত যেতিয়া ‘অসম’ নাম পোৱাৰ লগে লগে এই ভাষাৰ নামো “অসমীয়া” হয় বুলি উল্লেখ কৰিছে৷

এইখিনিতে ভাষাৰ উৎপত্তি সম্পৰ্কত  আৰ্যভাষা, প্ৰাকৃত ভাষা আৰু অপভ্ৰংশৰ বিষয়ে আলোচনা নকৰিলে কিছু আধৰুৱা হৈ ৰ’ব৷ পৃথিৱীৰ সৰ্ববৃহৎ ভাষাগোষ্ঠী ‘ইণ্ডো- ইউৰোপীয়া’ৰ অন্যতম শাখা ‘ইণ্ডো- ইৰাণীয়’ৰ যি লোক সমষ্টি ইৰাণ-ইৰাক অঞ্চলৰ পৰা একাধিক সৰু সৰু দল বা ফৈদত বিভক্ত হৈ উত্তৰ -পশ্চিম গিৰিপথেদি অনুমানিক খৃঃপূঃ পঞ্চদশ শতাব্দীমানত আহি ভাৰতবৰ্ষত সোমাইছিলহি, তেওঁলোককে ‘ভাৰতীয় আৰ্য’ বুলি অভিহিত কৰা হয় আৰু তেওঁলোকৰ যি ভাষা সিয়েই ‘ভাৰতীয় আৰ্যভাষা’৷   আৰ্যসকল ভাৰতত প্ৰৱেশ কৰাৰ পৰা অৰ্থাৎ খৃঃ পূঃ পঞ্চদশ শতিকাৰ পৰা বৰ্তমানলৈকে এই সুদীৰ্ঘ তিনি হাজাৰ পাঁচশ বছৰৰ ভিতৰত আৰ্যভাষাৰ ক্ৰমবিকাশৰ যি ইতিহাস, সেই  ইতিহাসক পৰিৱৰ্তনৰ গতি-প্ৰকৃতি অনুসৰি প্ৰধানত তিনিটা স্তৰ বা তিনিটা যুগত ভাগ কৰা হৈছে৷ সেইবোৰ হ’ল-

[ক] প্ৰাচীন ভাৰতীয় আৰ্যভাষা [বৈদিক -সংস্কৃত] খ্ৰীষ্টপূৰ্ব পঞ্চাদশ শতাব্দীৰ পৰা খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতাব্দী পৰ্যন্ত৷

[খ] মধ্য ভাৰতীয় আৰ্যভাষা [পালি, অশোকৰ অনুশাসন অন্যান্য প্ৰত্নলিপিৰ ভাষা, সাহিত্যিক প্ৰকৃত আৰু অপভ্ৰংশ] খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতাব্দীৰ পৰা খ্ৰীষ্টাব্দ দশম শতাব্দী পৰ্যন্ত৷ আৰু

[গ] নব্য বা আধুনিক ভাৰতীয় আৰ্যভাষা [সিন্ধী, পাঞ্জাৱী, গুজৰাটী, মাৰাঠী, হিন্দী, বাংলা, উড়ীয়া , অসমীয়া, প্ৰভৃতি ভাষাসমূহ] খ্ৰীষ্টাব্দ দশম শতাব্দীৰ পৰা বৰ্তমান পৰ্যন্ত৷

ইয়াৰে প্ৰচীন ভাৰতীয় আৰ্যভাষাক সেইসময়ৰ বৈদিক সাহিত্যৰ ‘সংস্কৃত’ ভাষাই প্ৰতিনিধিত্ব কৰে৷ মধ্য ভাৰতীয় আৰ্যভাষা সেইদৰে বৌদ্ধধৰ্মীয় সাহিত্যৰ ভাষা ‘পালি’ আৰু বিভিন্ন সাহিত্যৰ ভাষা - ‘প্ৰাকৃত’ আৰু ‘অপভ্ৰংশ- অৱহট্‌ঠ’ ভাষা-সাহিত্যই এই স্তৰক প্ৰতিনিধিত্ব কৰে৷ ঠিক তেনেদৰে নব্য বা আধুনিক ভাৰতীয় আৰ্যভাষাৰ সময় খৃষ্টাব্দ দশম শতিকাৰ পৰা বৰ্তমানকাল পৰ্যন্ত৷ এই সময়ছোৱাত অসমীয়া ,বাংলা উড়িয়া, হিন্দী, মাৰাঠা, পাঞ্জাৱী আদি যিবোৰ আধুনিক ভাষা বৰ্তমান ভাৰতবৰ্ষত বিভিন্ন অঞ্চলত প্ৰচলিত হৈ আছে, সেইবোৰে এই স্তৰক প্ৰতিনিধিত্ব কৰে৷

মধ্য ভাৰতীয় আৰ্যভাষা ‘প্ৰাকৃত ভাষা’৷ প্ৰাচীন ভাৰতীয় আৰ্য্যভাষা সংস্কৃত আৰু থলুৱা ভাৰতীয় ভাষাসমূহৰ মাজত ঘটা সংমিশ্ৰণৰ ফলত খৃঃ পূঃ ষষ্ঠ শতিকাৰ পৰা দশম শতিকালৈ যি এক ভাষাৰ ভাৰতবৰ্ষত সৃষ্টি হৈছিল ,সেয়াই প্ৰকৃত ভাষা৷ প্ৰাকৃত ভাষা সম্পৰ্কত বিভিন্ন পণ্ডিতৰ বিভিন্ন মতামত পোৱা যায় যদিও প্ৰধানতঃ দুটা মত এই সম্পৰ্কত প্ৰচলিত৷ প্ৰথমটো মত অনুসৰি সংস্কৃত ভাষাৰ সৰল প্ৰকাশেই প্ৰাকৃত ভাষা৷ আৰু দ্বিতীয়টো মতবাদ অনুসৰি জনসাধাৰণৰ দৈনন্দিন কথ্যৰূপত প্ৰচলিত যি নৈঃসৰ্গিক বা স্বাভাৱিক ভাষা, সিয়েই প্ৰাকৃত৷  মুঠতে এক কথাত ক’বলৈ গ’লে- সংস্কৃত আৰু  থলুৱা জনসাধাৰণৰ কথ্যৰূপৰ  যি সংমিশ্ৰিত ৰূপ; সেয়াই প্ৰাকৃত ভাষা৷

এই কথাৰ আঁত ধৰিয়েই নি(য় অধ্যাপক বিশ্বেশ্বৰ হাজৰিকাই ‘ প্ৰাগ্‌জ্যোতিষ প্ৰাকৃত’ ৰ কথা উল্লেখ কৰিছে৷ যদিও বিভিন্ন পণ্ডিতে  কামৰূপী ভাষাৰ উৎপত্তিৰ ক্ষেত্ৰত- প্ৰাচীন প্ৰাকৃতৰ পাঁচোটা ৰূপ , যেনে- পৈশাচী, মাহাৰাষ্ট্ৰী-শৌৰসেনী, অৰ্ধ-মাগধী, মাগধী প্ৰভৃতি প্ৰাকৃতৰ ‘মাগধী প্ৰাকৃত’ৰ পৰাই ‘কামৰূপী প্ৰাকৃত’ৰ উৎপত্তি বুলি উল্লেখ কৰিছে৷  কিন্তু এই কথা ড॰ বেণী মাধৱ বৰুৱাৰ দৰে গৱেষকে অস্বীকাৰ কৰি কৈছে যে কামৰূপী প্ৰাকৃতৰ সৈতে মাগধী প্ৰাকৃতৰ কোনো সাদৃশ্য নাই৷ শ্ৰীমন্ত শংকৰদেৱে মিথিলাৰ ব্ৰজধাম ভ্ৰমণ কৰিবলৈ গৈ মাগধী প্ৰাকৃতৰ অপভ্ৰংশ মৈথিলী ভাষা শিকি আহি ব্ৰজাৱলী ভাষাৰ সৃষ্টি কৰিছিল বুলি থকা উল্লেখৰ পৰাই অসমীয়া ভাষাৰ উৎপত্তি মাগধী প্ৰাকৃতৰ স’তে জড়িত বুলি এচাম পণ্ডিতে মত পোষণ কৰিছে৷ কিন্তু এই কথা স্পষ্ট যে ব্ৰজাৱলী ভাষাৰ সৃষ্টিৰ আগৰে পৰাই কামৰূপত কামৰূপী অপভ্ৰংশৰ প্ৰচলন আছিল৷ এই কথা ইতিহাসে প্ৰমাণ কৰিছে৷ গতিকে বিশ্বেশ্বৰ হাজৰিকাই উল্লেখ কৰা ‘প্ৰাগজ্যোতিষ প্ৰাকৃত’ আৰু তাৰ ক্ৰমবিকাশৰ ধাৰা যে সত্য আৰু এক মৌলিক চিন্তাৰ ফল তাত সন্দেহ নাই৷

বুৰঞ্জীৰ পাত লুটিয়ালে দেখা পোৱা যায় যে শৰণীয়া কছাৰীসকল  মঙ্গোলীয় সকলৰে এটা অংগ ৷ পূৰ্বৰ  ব্ৰহ্মপুত্ৰ উপত্যাকাত বসবাস কৰা মঙ্গোলীয়ড চীন ভাষী সকলৰ মাজত যি প্ৰাচীন ভাৰতৰ বিদেহৰ পৰা আৰ্য্য সকলৰ প্ৰব্ৰজনৰ সময়ত আৰ্যমূলীয়া সংস্কৃত ভাষা আৰু ব্ৰহ্মপুত্ৰ উপত্যাকাৰ অনাৰ্য চীন ভাষাৰ মাজত সংমিশ্ৰণ ঘটি ভাৱৰ আদান-প্ৰদানৰ সহায়ক হিচাপে এটা নতুন অপভ্ৰংশৰ সৃষ্টি হৈছিল৷ এই অপভ্ৰংশকে অধ্যাপক হাজৰিকাদেৱে তেতিয়াৰ অসমৰ নামানুসাৰে “প্ৰাগজ্যোতিষ প্ৰাকৃত” নামেৰে নামাকৰণ কৰিছে৷ আনহাতে, আৰ্য সকলৰ ব্ৰহ্মপুত্ৰ উপত্যাকালৈ প্ৰব্ৰজনৰ বিষয়ে ইতিহাস বিচাৰিবলৈ গ’লে দেখা যায় যে যোগেন্দ্ৰ মিশ্ৰই তেখেতৰ History of Videha শ্চ১৯৮১গ্গ ত বৰ্ণনা কৰা মতে  খৃঃ পূঃ পঞ্চম শতিকাত বিদেহত আৰ্য সকলৰ বসতি হয় আৰু ৰজা জনকৰ নেতৃত্বত তাতে বেদ-উপনিষদৰ সংস্কৃত ভাষাত চৰ্চাৰ প্ৰধান কেন্দ্ৰ হৈ পৰে৷ বৌদ্ধ ধৰ্মৰ উত্থানৰ সময়ত এই বিদেহৰ পতন ঘটে আৰু ৰঞ্জিসকলে ইয়াতে গণৰাজ্য প্ৰতিষ্ঠা কৰে৷ ৰজা জনকে ৭২৫ খৃঃপূঃত এগৰাকী পৃথিৱী নামৰ ব্ৰাহ্মণীক বলপূৰ্বকভাৱে ৰক্ষিতা কৰি ৰাখিছিল আৰু এই পৃথিৱীৰে পুত্ৰ নৰকে বিদেহৰ পতন কালত বিদেহৰ পৰা পলাই আহি পূৰ্বৰ ব্ৰহ্মপুত্ৰ উপত্যাকাত , য’ত মঙ্গোলীয় কিৰাতসকলে ৰাজত্ব কৰিছিল সেই ভূমি আক্ৰমণ কৰি কিৰাত ৰজা ঘটকক বধ কৰি  ‘প্ৰাগ্‌জ্যোতিপুৰ’  নামেৰে এক নতুন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল৷ এটা কথা এইখিনিতে উল্লেখনীয় যে এই প্ৰাগ্‌জ্যোতিষপুৰ ৰাজ্য গঠনৰ আগত এই ভূখণ্ডৰ নাম “সুৰমাস” বুলি পোৱা যায়৷ ‘সুৰ’ মানে সূৰ্য আৰু ‘মাস’ মানে গণনা৷ এই কথা ড॰ বসুদেৱ শৰণ  শৰ্মাৰ “পানিনী কালিৰ ভাৰতবৰ্ষ” গ্ৰন্থত উল্লেখ আছে৷ অৰ্থাৎ এই “সুৰমাস” নাম  ৰামায়ণৰ ৰচনাৰ পূৰ্বৰ নাম৷ কিয়নো ৰামায়ণত প্ৰাগ্‌জ্যোতিষ বুলিহে উল্লেখ পোৱা যায়৷

গতিকে ক’ব পাৰি যে নৰকৰ ৰাজত্বকালতে খৃঃপূঃ ৭২৫ ৰ পৰা ৪৮৩ খৃঃপূঃৰ ভিতৰত প্ৰাগ্‌জ্যোতিষপুৰৰ কিৰাত-  কছাৰীসকল আৰ্য ভাষা-সংস্কৃতিৰ সংস্পৰ্শলৈ আহে৷ ফলত প্ৰাগজ্যোতিষপুৰত এক মিশ্ৰিত ভাষাৰ সৃষ্টি হয়৷ নিজৰ স্বকীয় মাতৃভাষা আৰু আৰ্য মূলীয় সংস্কৃত ভাষাৰ সংমিশ্ৰনত সৃষ্টি হোৱা এই ভাষাকেই সেইসময়ত প্ৰাগ্‌জ্যোতিষপুৰৰ ভাষা হিচাপে চিহ্নিত কৰিব পাৰি৷ যাক প্ৰাগ্‌জ্যোতিষ প্ৰাকৃত হিচাপে পোৱা যায়৷ এই প্ৰাগ্‌জ্যোতিষ প্ৰাকৃতেই  ক্ৰমবিকাশ হৈ  ষষ্ঠ শতিকাৰ পৰা দশম শতিকাৰ ভিতৰত পুৰণি কামৰূপত ৰজা ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত সেইসময়ৰ নামানুসাৰে “কামৰূপী প্ৰাকৃত” নাম পায়৷ ৰজা ভাস্কৰ বৰ্মনৰ ৰাজত্বকালতে অসম ভ্ৰমণলৈ অহা বিখ্যাত চীনা পৰিব্ৰাজক হিউৱেনচাঙৰ বিৱৰণীত পোৱা মতে  পশ্চিমে কৰতোৱা নদীৰ পৰা আৰম্ভ কৰি [যি কৰতোৱা নদী চিক্কিমৰ পৰা ওলাই পশ্চিমবঙ্গৰ জলপাইগুৰি জিলা হৈ বাংলাদেশৰ দিনাজপুৰ আৰু পাবনা জিলাত সোমাই ব্ৰহ্মপুত্ৰত মিলিছে] পূবে দিক্কৰবাসিনী মন্দিৰলৈ [বৰ্তমান অৰুণাচল প্ৰদেশৰ লোহিত জিলাত অৱস্থিত আছিল] এই বিশাল ভূখণ্ডত বিভিন্ন জনগোষ্ঠীৰ ভাৱৰ আদান-প্ৰদানৰ সাব:্জনীন ভাষা হিচাপে এই কামৰূপী প্ৰাকৃতৰে প্ৰচলন আছিল৷  সেই সময়ছোৱাত বাংলাভাষা থকাৰ কথা হিৱেনচাঙৰ বিৱৰণীত উল্লেখ নথকাৰ পৰা অনুমান কৰিব পাৰি যে সেই সময়ত পশ্চিমবংগ আৰু পূৰ্ববংগত এই কামৰূপী প্ৰকৃতৰে প্ৰচলন আছিল৷ এই কামৰূপী প্ৰাকৃতৰ পৰাই অপভ্ৰংশ হৈ যি কামৰূপী অপভ্ৰংশৰ সৃষ্টি হৈছিল সেয়াই পৰৱৰ্তী সময়ত দেশ বা ৰাজ্য বিভাজনৰ সময়ত  পশ্চিমবঙ্গ আৰু পূৰ্ববংগত আধুনিক বাংলাভাষাৰ  সৃষ্টি হয়৷

আনহাতে, তেৰশ শতিকাত টাই ভাষী আহোম সকলৰ এই কামৰূপ ৰাজ্যত প্ৰব্ৰজনৰ পিছত তেওঁলোকেও সাৰ্বজনীন ভাষা হিচাপে এই  কামৰূপী অপভ্ৰংশকে আঁকোৱালি লয় আৰু ছশবছৰীয়া আহোমৰ ৰাজত্বকালত ই বিৱৰ্তনমূখী হৈ  ৰাজ্যখনৰ নাম ‘অসম’ হোৱাত  ‘অসমীয়া ’ নাম পায়৷ যদিও আহোমৰ ৰাজত্ব কালত এই কামৰূপী অপভ্ৰংশৰ বিৱৰ্তন ঘটি ক্ৰমান্নয়ে মান্য অসমীয়া ভাষালৈ উত্তৰণ হয়৷ তথাপি কিন্তু নামনি অসমত এই কামৰূপী অপভ্ৰংশই কিছু পৰিবৰ্তন হৈ কামৰূপী উপ-ভাষা হিচাপে প্ৰচলিত হৈ ৰৈ যায়৷ কাৰণ সেই সময়ত নামনি অসমত কোনো এটা জাতিৰে ৰজাৰ ৰাজত্বৰ স্থায়ীকৰণ নোহোৱাত বিশেযকৈ অষ্টাদশ শতিকালৈ নামনি অসম এবাৰ কোঁচৰ, এবাৰ মোগলৰ, এবাৰ ভূঁঞাসকলৰ অধীনলৈ যোৱাৰ ফলত এই কামৰূপী অপভ্ৰংশই এটা নিদ্দিৰ্ষ্ট গঢ় লৈ আধুনিকৃত হ’বলৈ সুবিধা নাপালে৷ তাৰোপৰি আধুনিক অসমীয়া ভাষাৰ জনকৰূপে খ্যাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কোচ ৰাজ্যলৈ ঘটা আগমণেও এই কামৰূপী ভাষাই  সুগঢ়ী হ’বলৈ সুবিধা নোপোৱাৰ প্ৰধান কাৰণ৷ ফলত ই নামনি অসমৰ এক কথিত ভাষা ৰূপেই শৰণীয়া কছাৰীসকলৰ মাজত উপভাষা হিচাপে প্ৰচলিত হৈ থাকিল৷ বৰ্তমানেও চিৰাং, বাক্সা, গ্ৰাম্য কামৰূপ, নগৰ কামৰূপৰ একাংশ, নলবাৰীৰ একাংশ, বঙাইগাঁওৰ একাংশ  আৰু ওদালগুৰি জিলাৰ উত্তৰাঞ্চলত প্ৰচলিত হৈ থকা এই কথিত ৰূপৰ পূৰ্বৰ কামৰূপী প্ৰাকৃত বা কামৰূপী অপভ্ৰংশই শৰণীয়া কছাৰী সকলৰ ভাষা ৷ প্ৰসঙ্গক্ৰমে শৰণীয়া কছাৰী সকলৰ ভাষাৰ ক্ষেত্ৰত অধ্যক্ষ সতীশ চন্দ্ৰ দাস দেৱৰ “শৰণীয়া  জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ আভাস” শীৰ্ষক প্ৰৱন্ধটিত উল্লেখিত কথাখিনি উল্লেখযোগ্য৷ তেখেতে লিখিছে- “ শৰণীয়াসকল মঙ্গোলীয় গোষ্ঠী বংশোদ্ভৱ, তেওঁলোক কৈৰাতজ বুলি খ্যাত৷ অসমীয়া জাতিৰ তেওঁলোকেই পূৰ্ব-পুৰুষ বুলি ক’ব পাৰি৷ শৰণীয়াসকল জনজাতীয় লোক৷ তেওঁলোকে কোৱা মিশ্ৰিত ভাষাক প্ৰাক্‌-অসমীয়া ভাষা বুলি ক’ব পাৰি৷ সেই মিশ্ৰিত ভাষাই আৰ্য সংস্কৃতিৰ সৈতে সংস্কাৰৰ জৰিয়তে অসমীয়া ভাষাৰ পূৰ্ণ ৰূপ গ্ৰহণ কৰিলে৷”

কামৰূপী উপভাষাঃ

অসমত বৰ্তমানেও প্ৰচলিত উপভাষা সমূহৰ ওপৰত  ইতিমধ্যে যথেষ্ট অধ্যয়ন আৰু গৱেষণা হোৱা পৰিলক্ষিত হৈছে৷ উপভাষাৰ ওপৰত গৱেষণা কৰি ভাষাবিদ ড॰ বাণীকান্ত কাকতিয়ে তেওঁৰ গৱেষণা গ্ৰন্থ -Assam Its formation and development ত উপভাষাসমূহৰ বৈশিষ্ট্য ফালৰ পৰা এই উপভাষাক দুটা ভাগত ভাগ কৰিছে- ৰ৷ উজনি অসমৰ উপভাষ আৰু ২৷ নামনি অসমৰ উপভাষ৷ উজনি অসমৰ উপভাষা ব্ৰহ্মপুত্ৰ উপত্যাকাৰ দক্ষিণ পাৰে শদিয়াৰ পৰা গুৱাহাটী আৰু  উত্তৰপাৰে লখিমপুৰ আৰু শোণিতপুৰ জিলাত এই বিস্তৃৰ্ণ অঞ্চল জুৰি বিয়পি আছে৷ উল্লেখযোগ্যযে এই উজনি অসমৰ উপভাষাই মূলতে আহোমৰ ৰাজত্বকালত ৰাজধানী শিৱসাগৰক কেন্দ্ৰ কৰি গঢ়ি উঠাৰ পৰিপেক্ষিতত আহোমৰ পতনৰ পিছত ব্ৰিটিছৰ শাসনকালত ই মান্য অসমীয়া হিচাপে মৰ্যদা লাভ কৰিবলৈ সক্ষম হয়৷ আনহাতে নামনি অসমৰ উপভাষাক আকৌ দুটা ভাগত  ভাগ কৰা হৈছে - ৰ৷ কামৰূপী উপভাষা আৰু ২৷ গোপালপৰীয়া উপভাষা৷  কামৰূপী উপভাষা গ্ৰাম্য কামৰূপ, কামৰূপ আৰু নলবাৰী, বৰপেটা, বঙাইগাওঁ, কোকৰাঝাৰ আৰু  অবিভক্ত দৰং জিলাৰ ওদালগুৰি মহকুুমাত প্ৰচলিত হোৱা দেখা যায়৷ ইয়াৰে অৱশ্যে দৰঙ জিলাৰ মঙ্গলদৈৰ অঞ্চলত প্ৰচলিত ভাষাটো সুকীয়া হোৱা হেতুকে ইয়াত দৰঙী উপভাষা হিচাপে পোৱা যায়৷ যিটো আজি পৰ্যন্ত  আলোচনা বা গৱেষণা হোৱা পৰিলক্ষিত হোৱা নাই৷ আনহাতে, গোৱালপৰীয়া উপভাষাটো গোৱালপাৰা জিলা , ধুবুৰী জিলাৰ একাংশ আৰু বঙাইগাঁওৰ একাংশ আৰু কোকৰাঝাৰ জিলাৰ একাংশত প্ৰচলিত হোৱা দেখা যায়৷

ধবনিতাত্বিক আৰু ৰূপতাত্বিক দিশৰ বৈশিষ্ট্যৰ পৰা বিশ্লেষণ কৰি আন এগৰাকী ভাষাবিদ ড॰ উপেন্দ্ৰ নাথগোস্বামী  দেৱে কামৰূপীয়া উপভাষাটোক আকৌ তিনিটা ভাগত বিভক্ত কৰিছে৷  এই ভাগ কেইটা হ’ল -ৰ৷ বৰপেটা অঞ্চলৰ উপ-উপভাষা ২৷ নলবাৰী অঞ্চলৰ উপ-উপভাষা আৰু ৩৷ পলাশবাৰী অঞ্চলৰ উপ-উপভাষা৷ ইতিমধ্যে এই  উপ-উপভাষা সমূহৰ সুকীয়া সুকীয়া বৈশিষ্ট্যৰ বিষয়ে  বহুলভাৱে আলোচিত হোৱা দেখা গৈছে৷ কিন্তু এই কামৰূপী উপভাষাৰে আন এটি উপ- উপভাষাৰ কিন্তু আজিকোপতি কোনো আলোচনা বা বিস্তৃত গৱেষণা হোৱা পৰিলক্ষিত হোৱা নাই৷ যিটো উপ-উপভাষা বৰ্তমানেও বিশেষকৈ বাক্সা আৰু ওদালগুৰি জিলাত এক সুকীয়া বৈশিষ্ট্যৰে  প্ৰচলিত হৈ আহিছে সেই অঞ্চলত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ মাজত  সংযোগী ভাষা হিচাপে৷

উপ- উপভাষাসমূহৰ এনে সুকীয়া ধবনিতাত্বিক , ৰূপতাত্বিক আৰু শব্দ সম্ভাৰগত বৈশিষ্ট্যৰ ফালৰ পৰা বিশ্লেষণ কৰি লক্ষ্য কৰি চালে দেখা যায় যে এটা সম্পূৰ্ণ বেলেগ উপ-উপভাষাত বাক্সা আৰু ওদালগুৰি জিলাত বাসকৰা সমগ্ৰ শৰণীয়া কছাৰী লোকসকলে  কথা-বতৰা পতাৰ লগতে বিিভন্ন ভাষা -ভাষীৰ মাজেতা ই সংযোগী ভাষা হিচাপে ব্যৱহৃত হৈ আহিছে ৷ সেয়াই শৰণীয়া কছাৰীসকলৰ ভাষা৷ যিটো ভাষা বিভিন্ন দিশৰ সাদৃশ্যৰ পৰা পূৰ্বতে আলোচনা কৰি অহা কামৰূপী প্ৰাকৃতৰ অপভ্ৰংশী বুলি ঠাৱৰ কৰিব পৰা যায়৷

শৰণীয়া কছাৰীৰ ভাষাঃ

বিশেষকৈ বৰ্তমানৰ বাক্সা জিলা আৰু ওদালগুৰি জিলাত বহুলভাৱে প্ৰচলিত ,বৰ্তমানসময়লৈকে গৱেষণাৰ বৰ্হিভূত  এই  মান্য অসমীয়া  আৰু অন্যান্য কামৰূপী উপ- উপভাষাৰ স’তেও শতকৰা আশী শতাংশ  ধবনিতাত্বিক পাৰ্থক্যযুক্ত শৰণীয়া কছাৰীসকলৰ ভাষাটোৰ বিষয়ে তলত কিছু আলোচনা কৰাৰ প্ৰয়াস কৰা হ’ল৷  একোটা ভাষা বা উপ-ভাষাৰ মূলতে তিনিটা দিশত বৈশিষ্ট্যৰ ভিন্নতা পৰিলক্ষিত হয়৷ সেইবোৰ হ’ল- ধবনিতাত্বিক, ৰূপতাত্বিক আৰু শব্দতাত্বিক বৈশিষ্ট্য৷ শৰণীয়া কছাৰীসকলৰ মাজত প্ৰচলিত ভাষাটোৰো মান্য অসমীয়া ভাষাৰ স’তে এই তিনিটা দিশত সম্পূৰ্ণভাৱে পাৰ্থক্য চকুত পৰে৷ সেয়ে এই আলোচনাত মান্য অসমীয়া সহিত শৰণীয়া কছাৰী ভাষাটোৰ ধবনিতাত্বিক, ৰূপতাত্বিক আৰু শব্দসম্ভাৰগত বৈশ্যিষ্ট্য সমূহ  তলত উল্লেখ কৰা হ’ল৷

ৰ.ঙ্ম ধবনিতাত্বিক  দিশঃ

মান্য অসমীয়াত উচ্ছাৰণৰ ক্ষেত্ৰত যিকেইটা স্বৰ আৰু ব্যঞ্জনধবনিৰ প্ৰয়োগ আছে , শৰণীয়া কছাৰী ভাষাটোতো সিমানকেইটা স্বৰ আৰু ব্যঞ্জন ধবনিৰেই প্ৰয়োগ দেখা যায়৷ শৰণীয়া কছাৰী ভাষাৰ  ধবনিতাত্বিক বৈশিষ্ট্যসমূহ আলোচনা কৰিবলৈ গ’লে ড॰ বাণীকান্ত কাকতি আৰু ড॰ উপেন্দ্ৰ নাথ গোস্বামী দেৱে দেখুওৱা কামৰূপী উপভাষা আৰু মান্য অসমীয়াৰ ধবনিতাত্বিক পাৰ্থক্যসমূহেই প্ৰধানকৈ উল্লেখ কৰিব লাগিব৷ তথাপি পূৰ্বতে কৈ অহা কামৰূপী উপভাষাৰ নলবাৰীয়া উপ-উপভাষা, পলাশবাৰী অঞ্চলৰ উপ- উপভাষাৰ , বৰপেটা অঞ্চলৰ উপ- উপভাষাৰ স’তে শৰণীয়া কছাৰী ভাষাৰ যথেষ্ঠ ধবনিতাত্বিক পাৰ্থক্য আছে৷ সেইবোৰ তলত আলোচনা কৰা হ’ল-

ৰ.ৰ মান্য অসমীয়াত থকা অল্পধবনি [প,ত,ক] শৰণীয়া কছাৰী ভাষাত আমোঘ মহাপ্ৰাণধবনি [ফ, থ,খ] হয় আৰু নিম্ন স্বৰধবনি উচ্ছস্বৰধবনি হয়৷ কেতিয়াবা উচ্ছ নিম্ন দুয়োটাই হয়৷

যেনে- মান্য অসমীয়াত “মোৰ ভোক লাগিছে” বাক্যটো শৰণীয়া কছাৰীত- “মৰ ভখ লাগ্‌ছি” হয়৷

তেনেদৰে- “ছোৱালীজনীৰ চকুহাল ধুনীয়া” য “আপিটোৰ চখুদুটা ধুন্‌নীয়া”,

“তিৰোতাবোৰে জাকৈ মাৰিব গৈছে” য “তিৰিমখাই জাখে মাৰ্‌বা গিছি” ইত্যাদি৷

ইয়াত ভোক, চকু, জাকৈ আদি শব্দৰ অল্পপ্ৰাণ ধবনি মহাপ্ৰাণ ধবনিলৈ পৰিবৰ্তিত হৈছে৷ আকৌ লাগিছে, ধুনীয়া, গৈছে আদি শব্দত নিম্নস্বৰধবনি উচ্ছস্বৰধবনিলৈ ৰূপান্তৰিত হৈছে৷

ৰ.২ দ্বি বৰ্ণৰ এক অক্ষৰযুক্ত শব্দৰ শেষত বা শেষত থকা এক অক্ষৰীয়া ব্যঞ্জনৰ সৈতে স্বাৰ্থিক প্ৰত্যয় ‘আ’ যোগ হৈ দ্বি অক্ষৰযুক্ত শব্দত পৰিণত হয়৷ যেনে -

মূৰ ঞ্ছ মূৰাযমাথা, [ৰাধাৰ মূৰৰ বিষ হৈছেয ৰাধাৰ মাথাৰ বিষ হৈছে]

হাড় ঞ্ছ হাড়া [চাইকেলৰ পৰা পৰি ল’ৰাটোৰ হাড় ভাগিলয চাৰকেলৰ পেৰে পুৰি আপাটোৰ হাড়া ভাংলা]

সোণ ঞ্ছসণা  [সোণা গঢ়োৱা লোকক সোণাৰী বোলেয স’ণা গৰাৱা লকক স’ণাৰী ব’লে]

বেৰ ঞ্ছবেৰা [বৰষুণ পৰি বেৰখন পচিলয বুৰ্‌খান পৰি বেৰাখান পুছ্‌লা]

ৰূপ ঞ্ছ ৰূপা [তাই আঙুলিত ৰূপৰ আঙুঠি পিন্ধিছেয তাই আংলিত ৰূপাৰ আংঠি পিন্‌ছি৷]

তাম ঞ্ছ তামা [তাম এবিধ ধাতুয তামা এক্‌বিধ ধাতু৷]

খেল ঞ্ছ খেলা [ল’ৰাবোৰে খেল খেলিছেয চলিমখাই খেলা খিল্‌ছি৷] ইত্যাদি৷

ৰ.৩ মান্য অসমীয়া শব্দৰ আদি বা মধ্য স্বৰধবনি উচ্ছ হ’লে শৰণীয়া কছাৰী ভাষাত নিম্ন হয়৷ অৰ্থাৎ ‘ও’ কাৰ হ’লে ‘অ’ লৈ পৰিবৰ্তিত হয়৷ যেনে-

“মানুহজনৰ চোলাটো নতুন”য “মানুটোৰ চলাটো নুতুন৷”

“মোৰ ভোক লাগিছে”য“মৰ ভখ লাগ্‌ছি”

“সি জোতা পিন্ধি আহিছে” য “সি জতা পিন্ধি আছি” ইত্যাদি৷

ইয়াত মানুহ, নুতুন, আহিছে আদি শব্দৰ উচ্ছস্বৰধবনি নিম্নধবনিলৈ ৰূপান্তৰিত হৈছে৷ আকৌ চোলা, মোৰ, ভোক, জোতা আদি শব্দত ‘ও’কাৰ ধবনি ‘অ’কাৰলৈ পৰিবৰ্তিত হৈছে৷

ৰ.চ্ছ্ৰ  মান্য অসমীয়াৰ শব্দৰ ‘ৰ’ আৰু ‘ন’ ধবনি ‘ল’ লৈ পৰিবৰ্তিত হয়৷ যেনে-

নোম ঞ্ছলোমযলম, জৰুৰ ঞ্ছ জৰুল, নম্বৰ ঞ্ছ লম্বৰ ইত্যাদি৷

আকৌ ইয়াৰ বিপৰীতে ‘ৰ’ আৰু ‘ল’ ধবনি ‘ন’লৈ সলনি হয়৷ যেনে -

লোণ ঞ্ছ নুন, ৰবক[ৰবাব] ঞ্ছ নবকযলবক টেঙা ইত্যাদি৷

ৰ.প্ত কেতিয়াবা ‘ও’কাৰান্ত ‘উ’ কাৰান্তলৈ আৰু ‘এ’ কাৰান্ত ‘ই’ কাৰান্তলৈও ৰূপান্তৰিত হয়৷ যেনে-

“চেনি বেছিকৈ নাখাবা” য “চিনি বিছিকে নাখাবা’’

“সি টোপনি মাৰিছে” য “সি টুপ্‌নি মাৰছি” আদি৷

ইয়াত চেনি, বেছি,টোপনি, মাৰিছে আদিত‘ও’কাৰ, ‘এ’কাৰ , ‘ই’কাৰ আদি ক্ৰমে ‘ু’কাৰ, ‘ই’কাৰ, ‘এ’কাৰলৈ পৰিবৰ্তিত হৈছে৷

ৰ.৬ কেতিয়াবা শব্দৰ মাজৰ স্বৰধবনি লোপ পোৱাও দেখা যায়৷ যেনে-

“দুপৰীয়াৰ ৰ’দত কোমোৰা মেলি দিছে” যদিপ্‌ৰা ৰুদত কুম্‌ৰা মিলি দিছি৷”

ইয়াত দুপৰীয়া  আৰু কোমোৰা শব্দৰ মাজৰ স্বৰধবনি লোপ পাইছে৷

ৰ.জ্জ কেতিয়াবা মান্য অসমীয়াৰ উচ্ছ স্বৰধবনি নিম্নস্বৰধনিলৈ পৰিবৰ্তিত হৈ ‘ও’ কাৰান্তৰ পৰা ‘অ’কাৰান্তলৈ আৰু ‘অ’কাৰান্তৰ পৰা ‘আ’ কাৰান্তলৈ সলনি হয়৷ যেনে-

“ কাজলৰ ফোঁট ল’লে তাইক ভাল দেখি”য কাজালৰ ফ’টা ল’লি তাইক ভাল দেখেই”,

“অজলা ল’ৰাটোৱে গোটেইখিনি খাই উদং কৰিলে”য “আজ্‌লা আপাটোই গটাইসপা খাই উদাং কৰ্‌লা”৷

ইয়াত অজলা, গোটেই, উদং , কৰিলে আদি শব্দৰ ‘অ’কাৰ, ‘ও’কাৰ, ‘এ’কাৰ , ইকাৰ আদি উচ্ছস্বৰধবনি নিম্নস্বৰধবনিলৈ সলনি হৈছে৷

ৰ.জ্জ্ব আকৌ কেতিয়াবা মান্য অসমীয়া শব্দৰ মধ্যৱৰ্ত্তী বা অন্ত্য ব্যঞ্জনধবনি শৰণীয়া কছাৰী ভাষাত লোপ পায়৷ যেনে- “পূৰৈ শাকৰ ভাজি খাবলৈ তিৰোতাবোৰে মাছ ধৰিছে”য “পুঁই শাকৰ ভাজা খাবালাগি তিৰীমখাই মাছ ধৰ্‌ছি”

“মেকুৰীটোৱে ঢেঁকীশালত থকা নিগনি ধৰিছে”য “মিক্‌ৰিটোই  ঢিঁকালিত থাকা নিংনি ধৰছি”৷

ইয়াত পূৰৈ, তিৰোতা,ঢেঁকীশাল, নিগনি আদি শব্দৰ মধ্যৱৰ্ত্তী বা অন্ত্য ব্যঞ্জনধবনি লোপ পাইছে৷

ৰ.জ্ঝ  ‘ঐ’ দ্বি -স্বৰধবনিটো শৰণীয়া কছাৰী ভাষাত ‘এই’ আৰু ‘আই’ ধবনি হৈ পৰে৷ যেনে -

মাকৈ ঞ্ছ মাকেই য মাকাই, কাৱৈ ঞ্ছ কাৱেইযকাৱাই, খালৈ ঞ্ছখালেই যখালাই, তাৱৈ ঞ্ছ তাৱেইযতাৱাই ইত্যাদি৷ কেতিয়াবা আকৌ তাৰ ওলোটা হৈ ‘অ’ স্বৰধবনি ‘ঐ’ দ্বিস্বৰত পৰিণত হয়৷ যেনে -

ব’হাগ ঞ্ছ বৈহাগ, চ’ত ঞ্ছ চৈত, বঠা ঞ্ছ বৈঠা , ম’হ ঞ্ছ মুই আদি৷

ৰ.১০ শৰণীয়া কছাৰী ভাষাত মান্য অসমীয়াৰ ‘জ’ ৰ উচ্ছাৰণ প্ৰায়ে ‘ঝ’ আৰু ‘ঝ’ৰ উচ্ছাৰণ ‘জ’ৰ দৰে কৰা হয়৷ এয়া জনজাতীয় লোকৰ এটা প্ৰধান বৈশিষ্ঠ৷ যেনে -

ঝুমুৰ ঞ্ছ জুমুৰ, জালা [জলকীয়া] ঞ্ছ ঝালা, জালুক ঞ্ছ ঝালুক,বৰষুণজাক ঞ্ছ বৰ্‌খুনঝাক, জাপমাৰ ঞ্ছঝাপমাৰ, জিকাঞ্ছঝিকা, জীয়া ঞ্ছ ঝীয়া ইত্যাদি৷

ৰ.ৰৰ কেতিয়াবা মান্য অসমীয়া শব্দৰ পূৰ্ব ব্যঞ্জনত স্বৰধবনি ‘উ’ৰ আগমণ হয়৷ যেনে -

চকু ঞ্ছ চুখু, শগুণ ঞ্ছ শুগুণ ইত্যাদি৷

ৰ.১২ মান্য অসমীয়াত স’ততে শব্দৰ শেষ অক্ষৰৰ আগৰ অক্ষৰতহে শ্বাসঘাত পৰে৷ কিন্তু শৰণীয়া কছাৰী ভাষাত শব্দৰ আদিস্থানতেই শ্বাসঘাত পৰে৷ ফলস্বৰূপে দুটাতকৈ অধিক অক্ষৰযুক্ত শব্দৰ মাজৰ  অক্ষৰৰ স্বৰধবনি লুপ্ত হৈ নাইবা অপিনিহিত ঘটি শব্দৰ অক্ষৰ সংকোচন হোৱা দেখা যায়৷ যেনে-

চকলা ঞ্ছ চক্‌লা, ৰাখিব ঞ্ছ ৰাখ্‌বু, কৰিব ঞ্ছ কুৰ্‌বু আদি৷

ৰ.১৩  শৰণীয়া কছাৰী ভাষাত শব্দৰ অন্তৰ্গত কিছুমান ধবনিৰ সন্ধি হোৱাও দেখা যায় আৰু কিছুমান সন্ধি ভাঙি দীৰ্ঘধবনিযুক্তহোৱাও দেখা যায়৷  এই ক্ষেত্ৰত সাধাৰণতে ‘ৰ’ ধবনিৰ অইন ধবনিৰ সৈতে ‘সমীভৱন’ [কোনো শব্দত ওচৰা-ওচৰিকৈ থকা দুটা ব্যঞ্জন নাইবা স্বৰধবনিৰ এটাৰ প্ৰভাৱত আনটোৰ পৰিৱৰ্তন ঘটি দুয়োটাই সমৰূপ লাভ কৰাকে সমীভৱন বোলে] হোৱা পৰিলক্ষিত হয়৷ যেনে -

কৃপন ঞ্ছকিৰ্‌পিন, তাৰদৰে ঞ্ছ তাদ্দৰে, মোৰ দৰে ঞ্ছমোদ্দৰে, তোৰ দৰে ঞ্ছতোদ্দৰে, বৰ ধনী ঞ্ছ বধেবানী, মাছ চুৱনী ঞ্ছ মাচ্চোৱনী আদি৷

ৰ.১৪  শৰণীয়া কছাৰী ভাষা মান্য অসমীয়া শব্দৰ দুটা ধবনিৰ স্থান পৰিবৰ্তন হৈ বৰ্ণ বিপৰ্যয় হোৱাও কেতিয়াবা দেখা যায়৷ যেনে -ৰিক্সা ঞ্ছ ৰিস্কাযৰিচ্‌কা, নহৰু ঞ্ছ নেহুৰযনিহুৰয ৰহুন আদি৷

ৰ.১৫  উচ্ছাৰণৰ সুবিধাৰ বাবে বা উচ্ছাৰণৰ শুদ্ধ জ্ঞান নথকাৰ বাবেও শব্দৰ ব্যঞ্জন ধবনিৰ আগত স্বৰধবনিৰ আগম ঘটি  সৰলীকৰণ কৰা পৰিলক্ষিত হয় শৰণীয়া কছাৰী ভাষাৰ কিছুমান শব্দত৷ যেনে - স্কুল ঞ্ছ ইচ্‌কুল, ষ্টেচন ঞ্ছ ইচ্‌টেচন,লিপচ্‌টিক ঞ্ছ লিপিচটিক আদি৷

ৰ.১৬  ঠিক তেনেদৰে মধ্য স্বৰাগম আৰু অন্ত স্বৰাগম হোৱাও দেখা যায়৷ যেনে- ক্ৰমে বেন্স ঞ্ছ বেৰেন্সি, দুষ্ট ঞ্ছ দুষ্টু আদি৷

ৰ.১৭  শৰণীয়া কছাৰী ভাষাত পৰৱৰ্তী নিম্ন স্বৰধবনিৰ প্ৰভাৱত পূৰ্বৱৰ্তী উচ্ছ স্বৰধবনি নিম্ন স্বৰধবনিলৈ আৰু পূৰ্বৱৰ্তী উচ্ছ স্বৰধবনিৰ প্ৰভাৱত পৰৱৰ্তী নিম্ন স্বৰধবনি উচ্ছ স্বৰধবনিলৈ পৰিৱৰ্তিত হৈ স্বৰ সংগতি হোৱাও এটা লক্ষণীয় ৈবশিষ্ট্য৷ যেনে- শিমলু ঞ্ছ শিম্‌লি, তেতেলী ঞ্ছ তিত্‌লি, নিগনি ঞ্ছ নিংনি আদি৷

ৰ.১৮  মান্য অসমীয়া শব্দৰ ধবনিৰ সালসলনি  হ’লেও অৰ্থৰ সালসলনি নহৈ অয়ত বিকল্প হোৱা শৰণীয়া কছাৰী ভাষাৰ এটা অন্যতম বৈশি¸ষ্ট্য ৷ যেনে- আশা ঞ্ছ আখা, নিৰাশা ঞ্ছ নিৰাখা, ছায়া ঞ্ছ ছায়হা আদি৷

২.ঙ্ম ৰূপতাত্বিক দিশ ঃ

শৰণীয়া কছাৰী ভাষাত মান্য অসমীয়াৰ তুলনাত ধবনিতত্বৰ পিছতে ৰূপতত্বৰ দিশটোও মন কৰিবলগীয়া৷ এক বা একাধিক ধবনিৰ সংযোগত ৰূপ বা প্ৰকৃতি গঠিত হৈছে শৰণীয়া কছাৰী ভাষাত৷ এই মূল ৰূপ বা প্ৰকৃতিয়ে নিজা অৰ্থ প্ৰকাশ কৰি মুক্ত ৰূপৰ স্থান দখল কৰিছে৷ অৱশ্যে কেতিয়াবা মুক্ত ৰূপে অৰ্থ প্ৰকাশত অপাৰগ হ’লে যুক্ত ৰূপ বা প্ৰকৃতি বা প্ৰত্যয় যোগ হয়৷  পৃথিৱীৰ অন্যান্য ভাষাৰ দৰে শৰণীয়া কছাৰী ভাষাৰ ৰূপটোৰো ৰূপতাত্বিক দিশত অতি বৈচিত্ৰ আছে৷ কৃৎপ্ৰত্যয়, তদ্ধিৎ প্ৰত্যয়, স্ত্ৰী প্ৰত্যয় আৰু শব্দ বিভক্তিৰ প্ৰয়োগ দেখা যায় শৰণীয়া কছাৰী  ভাষাত৷ এনে কিছুমান মন কৰিবলগীয়া বৈশিষ্ট্য তলত আলোচনা কৰা হ’ল৷ যেনে-

২.ৰ  মান্য অসমীয়াৰ অতীত কালৰ ক্ৰিয়াৰ ‘ইল’ ‘ইলে’ প্ৰত্যয়ৰ ‘অ’ ‘এ’ স্বৰধবনি ‘আ’ হয়৷ কিছুমান স্বৰধবনি আৰু ব্যঞ্জনধবনি কেতিয়াবা লোপ পায় শৰণীয়া কছাৰী ভাষাত ৷ যেনে- দিলে ঞ্ছ দিলা, হাৰিল  ঞ্ছ হাৰ্‌লাযহাল্লা আদি

২.২ নিদ্দেৰ্শাত্মক ধাতু বা ক্ৰিয়া পদৰ ‘এ’ ধবনি ‘ই’ ধবনিত পৰিণত হয়৷

যেনে - “কলমটো দেযকলমটো দিচোন”,  

“বস্তুটো নে যবস্তুটো নি” আদি৷

২.৩ চতুৰ্থ বিভক্তি চিন ‘লৈ’  শৰণীয়া কছাৰী ভাষাত ‘লাগি’ বা ‘গেলি’ হয়৷

যেনে- “বজাৰত যাবলৈ সময়ে পোৱা নাই”য “বাজাৰত যাবালাগি সময়ে পাৱা নাই”

“কাম কৰিবলৈ মানুহ নাই”য “কাম কৰ্‌বালাগি মানু নাই”৷

ইয়াত যাবলৈ, কৰিবলৈৰ ৰূপ ‘লৈ’ বিভক্তিৰ ঠাইত ‘লাগি’ যোগ হৈছে৷

২.চ্ছ্ৰ  আকৌ কেতিয়াবা কোনো বিভক্তি চিন যোগ নহৈ ধাতুৰ লগত ‘ইবা’ নতুবা ‘বা’যুক্ত হৈ ই চতুৰ্থ বিভক্তি দৰে অৰ্থ প্ৰকাশ কৰে৷ যেনে-

“আলহীকেইজন যাবলৈ ওলাল”য “কুৰ্মাকেইটা যাবা অলালা”

“তাৰ বহু টকা পাবলৈ আছে”য “তাৰ বহুত টাকা পাবা আছে”৷

“ অভাৱৰ বাবে মানুহজনৰ চলিবলৈ টান হৈছে”য অভাৱৰ বাবে মানুটোৰ চলবা টান হছি”৷

ইয়াত যাবলৈ, পাবলৈ, চলিবলৈ আদিত থকা ‘লৈ’ বিভক্তিৰ ঠাইত ‘বা’ নতুবা ‘ইবা’ প্ৰত্যয় যোগ হৈছে৷

২.প্ত  আকৌ ক্ৰিয়া পদৰ ক্ষেত্ৰত মান্য অসমীয়া অনুনাসিক ধবনিৰ ঠাইত নাসিক ধবনিলৈ সলনি হৈ ‘ং’ যুক্ত হয়৷ ক্ৰিয়া পদটো ‘ওতে’ যুক্ত হ’লে তাৰ কৃদন্ত ৰূপ ‘ংতে’ হয়৷ যেনে -

“মই যাওঁ ”য “মই যাং”

“তাক বস্তুটো দিছিলো”য “তাক বস্তুটো দিছিলুং”

“মোৰ আহোঁতে পলম হ’ব”য মৰ আহংতে পলম হবু” আদি৷

ইয়াত “ওঁ’ আৰু  ‘ওতে’ৰ ঠাইত ‘ংতে’ হোৱা দেখা গৈছে৷

২.৬ প্ৰত্যয়ৰ ক্ষেত্ৰত পিছফালে ‘া’ বা ‘ই’ বা ‘ইকাৰ’ যুক্ত হৈ মান্য অসমীয়াতকৈ বেলেগ ৰূপ লোৱা দেখা যায়৷ যেনে

“তহঁতে কৰিবি” য “তন্‌থে কৰ্‌বি”

“তোমালোকে আহিবা” য “তোমালোকে আইভা”, আদি৷

২.জ্জ দ্বিতীয়  পুৰুষত  প্ৰত্যয়ৰ শেষত‘ি ’ বা ‘া’, তৃতীয় পুৰুষত ‘ু’ হয়৷ যেনে-

দ্বিতীয় পুৰুষত “তুমি দৌৰিবা” য“ তুমি দাউৰবা”, তোমালোক পঢ়িবা”যতোমালোকে পঢ়্‌বা” আদি৷

আকৌ তৃতীয় পুৰুষত  -“সি ধৰিব”য “সি ধৰবু” , “ তেওঁ কৰিব”য “তেওঁ কৰ্‌বু” হৈছে৷

২.জ্জ্ব বৰ্তমান কালত ক্ৰিয়াপদৰ পিছত ‘ঔ’কাৰ আৰু ভৱিষ্যত কালত ‘উ’ কাৰ যুক্ত হয়৷ যেনে-

“কামটো কৰা”য “কামটো কৰৌ”

“কামটো কৰিব”য “কামটো কৰিবু” ইত্যাদি৷

২.জ্ঝ  শৰণীয়া কছাৰী জনজাতিৰ পুৰণি চাম মানুহে দ্বিতীয় পুৰুষত মান্য [ডাঙৰ] আৰু তুচ্ছ [সৰু] অৰ্থত একেই ক্ৰিয়া বিভক্তি ব্যৱহাৰ কৰে৷ যেনে-

“তই ক’ত আছয তই ক’ত আছ”, “আপুনি ক’ত আছে য আপুনি ক’ত আছা?” আদি৷

২.১০ মান্য অসমীয়া ভাষাত পুং লিঙ্গক স্ত্ৰীলিংগৰ ৰূপ দিওঁতে সাধাৰণতে ই, ঈ, নী বা ৰি, ৰী আদি প্ৰত্যয় যোগ হয়৷ শৰণীয়া কছাৰী ভাষাত এইবোৰৰ উপৰিও ‘তি’ ‘তী’ আদি প্ৰত্যয় যোগ হোৱা দেখা যায়৷ যেনে -

“খাৰ খাৱায খাৰ খাইতি, চুৱা খাৱায চুৱা খাইতি আদি৷

২.ৰৰ বচনৰ ক্ষেত্ৰত বহুবচন বুজাবলৈ বিশেষ্য, বিশেষণ আৰু সৰ্বনাম শব্দৰ পিছত কিছুমান বহুবচন প্ৰত্যয় প্ৰয়োগ কৰা হয়৷ যেনে -

মানুহবিলাক ঞ্ছমান্‌হুগিলা, ল’ৰাহঁত ঞ্ছ আপাহাঁত, কিতাপখন ঞ্ছ কিত পখান, বস্তুসোপা ঞ্ছ বস্তুমখা ইত্যাদি৷

২.১২ মান্য অসমীয়াত প্ৰয়োগ হোৱা নিৰ্দিষ্টবাচক প্ৰত্যয়সমূহেই অলপ পৰিৱৰ্তন হৈ শৰণীয়া কছাৰী ভাষাত প্ৰয়োগ হয় যদিও কিছুমান সম্পূৰ্ণ বেলেগ ধবনিগত প্ৰত্যয় ব্যৱহাৰ হোৱা দেখা যায়৷ যেনে -

তামোলখনি ঞ্ছ তামুলখান,বাতিটো ঞ্ছ বাতিটু ৰছীডাল ঞ্ছ ৰুছীখৰ, কামফেৰা ঞ্ছ কামখিনি ইত্যাদি৷

২.১৩ কাৰক আৰু শব্দ বিভক্তিৰ ক্ষেত্ৰত শৰণীয়া কছাৰী ভাষাত ‘ৰে’ ৰ ঠাইত প্ৰায়ে ‘দি’ বিভক্তি প্ৰয়োগ কৰা হয়৷ যেনে -

হাতেৰেঞ্ছ হাতেদি, নাকেৰেঞ্ছ নাকেদি, মুখেৰে ঞ্ছমুখেদি, কটাৰীৰে ঞ্ছ কটাৰীদি আদি৷

আনহাতে সম্বন্ধ পদৰ ‘ৰ’ৰ পিছত ‘দ্বাৰা’ পৰসৰ্গ লগ লগাই কৰণ অৰ্থ বুজোৱা হয় যদিও এই ‘দ্বাৰা’ সমীভৱন হৈ ‘দ্দাৰা’ লৈ পৰিবৰ্তন হোৱা দেখা যায়৷ যেনে-

মোৰদ্বাৰা ঞ্ছ মদ্দাৰা, তোৰদ্বাৰা ঞ্ছ তদ্দাৰা, তাৰদ্বাৰা ঞ্ছ তাদ্দাৰা ইত্যাদি৷

২.১৪ সেইদৰে অপাদান কাৰকৰ পৰসৰ্গ ‘পৰা’ শৰণীয়া কছাৰী ভাষাত ‘পে’ বা ‘পেৰে’ লৈ পৰিবৰ্তিত হয়৷ যেনে -

তাৰপৰা ঞ্ছ তাৰপেযতাৰ পেৰে, ঘৰৰ পৰা ঞ্ছ ঘৰৰপেয ঘৰৰপেৰে ইত্যাদি৷

২.১৫ শৰণীয়া কছাৰী ভাষাত বিশেষণ আৰু সৰ্বনামৰ ক্ষেত্ৰতো কোনো কোনো ক্ষেত্ৰত মান্য অসমীয়াতকৈ কিছু পৰিবৰ্তিত হৈ প্ৰয়োগ হোৱা দেখা যায়৷ যেনে -

বিশেষণৰ ক্ষেত্ৰত- ওখ ঞ্ছ চৰহা, ডাঠ ঞ্ছ গেধাল, ধুনীয়াþ ঞ্ছথৌগা আদি আৰু

সৰ্বনামৰ ক্ষেত্ৰত- ইবোৰ ঞ্ছ ইগ্লা, সিবোৰ ঞ্ছ সিগ্লা ,কোনবোৰ ঞ্ছ কুন্‌গিলা আদি৷

২.১৬ শৰণীয়া কছাৰী ভাষাৰ ক্ৰিয়া বিভক্তি সম্পৰ্কে আলোচনা কৰিবলৈ গ’লে ইয়াৰ ভাষাত প্ৰয়োগ হোৱা বিভিন্ন গৌণ ধাতু আৰু সেইবোৰৰ কিছুমানৰ গঠন প্ৰণালীও আলোচনা কৰিব লাগিব৷ এই প্ৰসংগত প্ৰধানকৈ দেখুৱাবলগীয়া হয় পাচনী ধাতু আৰু নাম ধাতু গঠনৰ প্ৰক্ৰিয়া৷ মান্য অসমীয়াৰ পাচনী ধাতু গঠনৰ ‘আ’, ‘ওৱা’ আৰু ‘উৱা’ এই প্ৰত্যয় তিনিটা শৰণীয়া কছাৰী ভাষাত ‘ও’ বা ‘ওং’ প্ৰত্যয় হিচাপে দেখা দিয়ে৷ যেনে -

কৰাইছোঁ যকৰোৱাইছোঁ ঞ্ছ কৰাইছু যকৰাইছুং, গোৱাইছোঁঞ্ছগাৱাইছুযগাৱাইছুং, খুৱাইছোঁ ঞ্ছ খুৱাইছুংযখুৱাইছুং ইত্যাদি৷

সেইদৰে নামধাতু গঠনৰ ‘আ’,‘ইয়া’, ‘উৱা’ এই প্ৰত্যয় তিনিটা ‘আ’ লৈ পৰিৱৰ্তিত হোৱাৰ লগতে ‘ইয়া’ আৰু ‘উৱা’ প্ৰত্যয়ৰ ক্ষেত্ৰত ‘ই’ আৰু ‘ঔ’ ধবনিৰ অপিনিহিত হয়৷ যেনে -

উতলাইছোঁ ঞ্ছ উতলাছুয উতলাছুং, আগুৱাইছোঁ ঞ্ছ আগুৱাছুযআগুৱাছুং, গুৰিয়াইছোঁ ঞ্ছ গুৰিয়াছুযগুৰিয়াছুং ইত্যাদি৷

২.১৭ শৰণীয়া কছাৰী ভাষাত ‘হেঁতেন’পৰসৰ্গ ‘হয়’ বা ‘নো’ ,‘না’ লৈ পৰিবৰ্তন হোৱা দেখা যায়৷ যেনে - “কৰিলেহেঁতেন ঞ্ছ কৰ্‌লাহয়” , একলাখ টকা পোৱাহেঁতেন য“একলাক টাকা পালিনা”, “প্ৰধানমন্ত্ৰী হোৱাহেঁতেন কি কৰিব নোৱাৰিলোহেঁতেন য প্ৰধানমন্ত্ৰী হলিনো কি কৰ্‌বা নুৰলুং হয়৷” আদি৷

৩.ঙ্ম  শব্দসম্ভাৰগত দিশঃ

শব্দসম্ভাৰগত বৈশিষ্ট্যলৈ লক্ষ্য কৰিলে দেখা যায় যে শৰণীয়া কছাৰী শব্দ মান্য অসমীয়াতকৈ সম্পূৰ্ণ ভাৱে পৃথক৷  শৰণীয়া ভাষাৰ শব্দৰ অধিকাংশই তৎসম, অৰ্ধতৎসম আৰু তদ্ভৱ শব্দ৷ ইয়াৰ উপৰিও দেশী [আৰ্য, তীৰ্বতবৰ্মী- ৰাভা, বড়ো, কছাৰী আদি] পাছ¹, আৰবী,হিন্দী , ইংৰাজী আদি শব্দৰ আমদানি হৈ কিছুমান পোনে পোনে, আন কিছুমান অপভ্ৰংশ আৰু কিছুমান ধবনিৰ পৰিবৰ্তন হৈ শৰণীয়া কছাৰী ভাষাত ব্যৱহৃত শব্দ হৈ পৰিছে৷ কেতিয়াবা কেতিয়াবা কিছুমান শব্দৰ ধবনিৰ বিকৃতি ঘটিও এক নতুন শব্দৰ সৃষ্টি হোৱা দেখা যায়৷ এই সন্দৰ্ভত বহুতো জনজাতীয় শব্দ বিশেষকৈ বড়ো কছাৰী শব্দ পোনপটীয়াকৈ কিছু ধবনিৰ বিকৃতি ঘটি সৃষ্টি হৈছে৷ উদাহৰণস্বৰূপে- “কষ্ট-- আলানি” [মূল বড়ো শব্দ -আলানি], কাষলতি তলৰফোহা -- গাঙ্‌তি [বড়ো শব্দ- গাঙথি], খং -- জমক  বা ঝমক [বড়ো শব্দ- জমখ], কল গছৰ শুকান পাত -- চচ্‌নি [শঃ] [বড়ো শব্দ-চুচনি], ঘুৰণীয়া --তুপ্‌ৰা [শঃ] [বডো. শব্দ- থুম্‌ফ্ৰা] আদি৷

৩.ৰ  আৰবী শব্দ , যেনে- চেৰেপ ঞ্ছ [মদ], তামাম ঞ্ছ[অতিপাত], ফাৰাক [আৰবী-ফাৰ্ক]ঞ্ছ বেলেগ, বেজাই [আৰবী শব্দ- বে-জায়েজ]ঞ্ছঅতিমাত্ৰা, কিচিম কিচিম ঞ্ছবিবিধ আদি৷

৩.২ হিন্দী শব্দ- যেনে -কিৰা [হিন্দী -কিৰীয়া] ঞ্ছশপত, মোচকা খাৱা [হিন্দী- মুচকানা] ঞ্ছ মোচোকা খোৱা আদি৷

৩.৩  ইংৰাজী শব্দ৷ যেনে- চেগাৰ[চেকাৰ]ঞ্ছ চোৱা-চিতা কৰা, চচ্‌পেন [ইংৰাজী- চাচ্‌-পেন-শ্যন] ঞ্ছনিলম্বিত কৰণ আদি৷

৩.চ্ছ্ৰ ফাৰ্চী শব্দ৷ যেনে - জাগা [ফাৰ্চী -জগহ] ঞ্ছঠাই, অস্তে-অস্তে [ফাৰ্চী- আহিস্তা-আহিস্তা]ঞ্ছ লাহে লাহে আদি৷

৩.প্ত  ভূটিয়া শব্দ৷ যেনে- খখা [ভূটীয়া-খোখা] ঞ্ছ চৰাই ভৰাই থোৱা বাঁহৰ যতন৷

ইয়াৰোপৰি শৰণীয়া কছাৰী ভাষাত প্ৰচলিত কিছুমান এনেকুৱা নিজস্ব শব্দ আছে, যিবোৰ অন্য কোনো ঠাইত বা কোনো ভাষাতে পোৱা টান বুলিব পাৰি৷ তলত তেনেধৰণৰ কিছু শব্দ উল্লেখ কৰা হ’ল৷ যেনে - লিতুং[নেজ],নিচ্‌লামাছ [মিছামাছ], খখ্‌ৰাই চা [বেৰৰ ফাঁকেৰে চা], লালদিঙা [কোনোফালে পাৰ নোপোৱা], হাৰাম টক্‌লা [বৰটোকোলা], ইৰাই [গুচাই], চানা [পোৱালী],শুক্তা [শুকান মৰাপাট], পটা [মৰাপাট], টেপ্ৰা [চাপৰ মানুহ], নফুল [অমিতা], ঝেজ্‌লা [বাঁহৰ চোঁচ],আধালানি [অপচয়য বেয়া ব্যৱহাৰ], খেৰমুজাং [তৰমুজ],ঝংকলা [থোপা], গেধালযগেৰাম [ডাঠ] ইত্যাদি৷

এইখিনিতে মান্য অসমীয়া আৰু শৰণীয়া কছাৰী ভাষৰ ধবনিতাত্বিক, ৰূপতাত্বিক আৰু শব্দতাত্বিক বৈশিষ্ট্যৰ তুলনামূলক পাৰ্থক্য দেখুৱাবলৈ তলত এটি কথোপকথন উল্লেখ কৰা হ’ল৷ এজন মান্য অসমীয়া কোৱা ভদ্ৰলোকে বহু দিনৰ মূৰত তেওঁৰ পুৰণি শৰণীয়া কছাৰী বন্ধু এজনক লগ পোৱাত দুয়োৰে মাজত হোৱা কথোপকথন এটি তুলি ধৰা হ’ল৷

ভদ্ৰলোক ঃ আৰে ৰহেশ্বৰ দেখোন৷ কি খবৰ ভালনে?

শৰণীয়া ঃ অ’ ভৱানী নহয়না? ইমম্মান দিনৰ মূৰত দেখা পালুং৷ ম’ৰ্‌ খবৰ ভালেই৷ ত’ৰনো?

ভদ্ৰলোক ঃ ভালেই৷ তুমি পিছে আজিকালি আমাৰ ফালে নোযোৱাই হ’লা দেখোন?

শৰণীয়া ঃ কেন্‌কেনো যাং৷ তিৰি- চুলিৰ লগত যিহে ঝট৷ আজিকালি কুৰ্মা খাৱাই বাদ দিছুং৷

ভদ্ৰলোক ঃ তথাপি বহুদিন যোৱা নাই৷ এদিন যাবাচোন৷

শৰণীয়া ঃ হ’বুদে৷ যাম৷ তয়’ পিছে আইভি আমাৰ দিগি৷

ভদ্ৰলোক ঃ হ’বদে যাম৷ এতিয়া যাঁও৷

শৰণীয়া ঃ অ’৷

ওপৰৰ কথোপকথনত শৰণীয়া কছাৰী ৰহেশ্বৰৰ মুখৰ ভাষাৰ মান্য অসমীয়া ভাষাৰ লগত যি পাৰ্থক্য সেয়া পৰি¦ফুত হৈ পৰে৷ ইয়াত ধবনিতাত্বিক বৈশিষ্ট্য পৰিলক্ষিত হয়-- ইমম্মান [ইমান],কেন্‌কে [কেনেকৈ], ম’ৰ [মোৰ], ত’ৰ [তোৰ] আদিত৷ আকৌ ৰূপতাতত্বিক বৈশিষ্ট্য পৰিলক্ষিত হয়-  নহয়না [নহয়নে], পালুং [পালোঁ], যাং[যাওঁ], খাৱাই [খোৱা],দিছুং [দিছো], হ’বু [হ’ব],আইভি [আহিবি] আদি শব্দত৷ আনহাতে শব্দসম্ভাৰগত বৈশিষ্ট্য পৰিলক্ষিত হয় -তিৰি-চুলি [তিৰোতা-ল’ৰা-ছোৱালী],ঝট [জঞ্জাল], কুৰ্মা [আলহী], দিগি [ফালে] ইত্যাদি শব্দত৷ গতিকে  শৰণীয়া কছাৰী ভাষাৰ যে মান্যঅসমীয়া আৰু অন্যান্য ভাষাৰ লগত বৈশিষ্ট্যগত পাৰ্থক্য আছে সেয়া স্পষ্ট৷


শৰণীয়া কছাৰী শব্দসম্ভাৰ, লেখক- তাৰিণী ৰঞ্জন ডেকা, সংগ্ৰহ- ৰাতুল দাস শৰণীয়া)

শৰণীয়া কছাৰী ভাষাৰ শব্দসম্ভাৰ সংগ্ৰহ কৰোতে ব্যাকৰণিক কোনো ধৰণৰ নিয়ম ব্যৱহাৰ কৰা হোৱা নাই৷ কেৱল শব্দসমূহৰ মান্য অসমীয়া শব্দ সমূহে উল্লেখ কৰিছো শব্দৰ অৰ্থ বুজাৰ বাবে৷ ইয়াত মান্য অসমীয়াৰ লগত থকা ধবনিতাত্বিক,ৰূপতাত্বিক আৰু শব্দসম্ভাৰগত বৈশিষ্ট্যৰ পাৰ্থক্যসমূহহে সংক্ষিপ্তাকাৰে ক্ৰমে ধঃ, ৰূঃ আৰু শঃ হিচাপে দেখুওৱা হৈছে৷ উল্লেখযোগ্য যে  অসমীয়া বৰ্ণফলা অনুসাৰে শব্দসমূহৰ গাঁঠনি দিবলৈ প্ৰয়াস কৰা হৈছে যদিও প্ৰতিটো শব্দৰ বৰ্ণানুক্ৰম সজোৱাত কিছু ব্যাঘাত জন্মিছে যদিও সেয়া সহৃয়তাৰে গ্ৰহণ কৰে যেন৷

“অ”

মান্য অসমীয়া শৰণীয়া কছাৰী

অতিথি কুৰ্মা [শঃ]

অজলা আজ্‌লা [ধঃ]য হাবাঙ [শঃ] [বড়ো শব্দ]

অকৰা অক্‌ৰায আব্ৰা[ধঃ][মূল বড়ো শব্দ-আব্ৰা]৷

অকৃতকাৰ্য ছেল খা [শঃ]

অঘাইটং ঘাৰুৱা [শঃ]

অতিষ্ট জ্বালা-কালা [শঃ]

অজ্ঞ আলেজাব্‌ৰা [শঃ] [মূল বড়ো]

অনবৰত হৰদম [শঃ]

অনুপযুক্ত ফাŒI×ু [শঃ] [হিন্দিমূলীয়া]

অনুৰোধ খাতিৰ [শঃ]

অশৌচ আহোজ [শঃ]

অপচয় [বেয়া ব্যৱহাৰ] আলানি যআধালানি [শঃ] [বড়োমূলীয়া]

অপচণ্ড বাদিনহা [শঃ]

অমিতা নফুল [শঃ]

অমৰা আম্‌ৰা [ধঃ]

অৰ্থহীন আঙ্‌বাঙ [শঃ] [বড়োৰ অপভ্ৰংশ]৷

অলপ সময় ধমক [শঃ]

অহংকাৰীযলৰচৰ নকৰা গপচ [শঃ]

অস্থিৰ লটং-পটং [শঃ]

‘‘আ”

মান্য অসমীয়া শৰণীয়া কছাৰী

আই মাই [শঃ]

আইতা আবু [শঃ] [বড়োমূলীয়া]

আইনা আৰ্চি [শঃ]

আউনী পাণ আউনীয়া পান [ৰূঃ]

আউজি আউজৌ [ধঃ]

[মূল বড়ো শব্দ-আৱজায়]৷

আউল- বাউল আউলীয়া-ঝাউলীয়া [ৰূঃ]

আওপকীয়া আওপাকীয়া [ৰূঃ]

আওহতীয়া অহাতীয়া [ৰূঃ]

আওখাল [পখাল] আখ্‌লাও [শঃ]

আঁওচ[নাঙলেৰে প্ৰথমবাৰ মাটি চহা] কাৰাৱা [শঃ]

আঁক [অংকণ] আঁকৌ [ৰূঃ]

আকোঁৱালি আক্‌লামাৰি [শঃ]

আকোঁৰগোজ মগ্‌ৰামি [শঃ]

আখৰ আখাৰ [ধঃ] [বড়ো শব্দ]

আখৰা আখ্‌ৰা [ৰূঃ]য ৰিহাচল [শঃ]

আখৈ আখে [ৰূঃ]

আগ আক [ধঃ]

আগলি আগ্‌লিযআগেলি [ধঃ]

আগুৰ আগ্‌ৰউ [ৰূঃ]

আগুৱা আগ্‌ৱাউ [ৰূঃ]

আঙঠা আংঠা [ৰূঃ]

আঙঠি আংঠি [ৰূঃ][বড়োমূলীয়া]

আঙনি আংনি [ৰূঃ]

আঙুলি আংলি [ৰূঃ]

আঙোৰ-পাঙোৰ [বমি ভাৱ অহা] উকাত-পাকাত [শঃ]

আচল [প্ৰকৃত] আচাল  [ৰূঃ] যখাচ [শঃ]

আচন্দ্ৰাই ৰাঁই-জাই য টিৰিং-বিৰিং [শঃ]

আঁচোৰ আঁচ্‌ৰৌ [ৰূঃ]

আছাৰকণি [বৰষুণৰ ছিটিকনি] বাওছিতা [শঃ]

আছে আছেই [ৰূঃ]

আছো আছংযআছুং [ৰূঃ]

আছিল আছ্‌লা [ৰূঃ]

আজৰি আজ্‌ৰি [ধঃ]

আজলা আজ্‌লা [ধঃ]

আঁজলি আঁজ্‌লি [ৰূঃ]

আঁজোৰ মৰা আঁজ্‌ৰা মাৰা [ৰূঃ]

আজিনাই [সৰু ফোহা] আজ্‌নি [ৰূঃ]

আজে-বাজে অগ্ৰং-বগ্ৰং [শঃ]

আটাহ  পাৰ [ডাঙৰকৈ চিঞৰ]আটা পাৰ [ধঃ]

আঁঠুৱা মচাৰি [শঃ] [বড়োমূলীয়া]

আঁতৰ ফাৰাক [শঃ][বড়োমূলীয়া]

আত্মীয় ভাগি [শঃ][বড়োমূলীয়া]

আত্‌লচ [ফল] আতাচ [শঃ]

আদকপালী আদকাপ্‌লী [ধঃ]

আদৰ আদাৰ [ৰূঃ]

আধৰুৱা আধ্‌ৰা [ৰূঃ][বড়োমূলীয়া]

আধাপকা ডক্‌ৰা [শঃ]

আধাৰি কধ্‌ৰা [শঃ] [ বড়ো মূলীয়া]

আধি আধ্‌ধিয়া [ৰূঃ]

আন আনৌ [ৰূঃ]

আন্দাজ য়াদ [শঃ]

আনৰ ল’কৰ [শঃ]

আনিছা আন্‌ছা [ধঃ]

আনিছো আনছংযআনছুং [ৰূঃ]

আনিলে আন্‌লা [ধঃ]

আনিলো আন্‌লংযআনলুং [ৰূঃ]

আপুনি আপ্‌নি [ধঃ]

আপোনাৰ আপ্‌নাৰ [ধঃ]

আবেলি ভাতিবিলা [শঃ]

আমৰা আম্‌ৰা [ধঃ]

আমলৰি পৰুৱা আম্‌লি পকা [ধঃ]

আমঠু ভুক্‌ৰুম [শঃ]

আমনি বেজাৰ [শঃ]

আঁৰল [আঁৰ দিয়া] আঁৰাল [ৰূঃ]

আলহী কুৰ্মা [শঃ]

আলকতৰা আলকেত্‌ৰা [ধঃ]

আলস্য       আল্‌হা [শঃ]

আশা আখা [ধঃ]

আসন আহান [শঃ]

আহক আহ্‌হেলেই [শঃ]

আহৰি আজ্‌ৰি [শঃ]

আঁহত পাক্‌ৰি [শঃ][বড়োমূলীয়া]

আহাৰ আধাৰ [শঃ][বড়োমূলীয়া]

আহিব আইভু [ধঃ]

আহিবি আইভি [ধঃ]

আহিল আহিলা [ধঃ]

আহিয়া [গোন্ধ] আইহা [ধঃ]

“ই”

মান্য অসমীয়া শৰণীয়া কছাৰী

ইকট-বিকট ইক্‌টি-বিক্‌টি [ধঃ]

ইকৰা ইক্‌ৰা[ধঃ].

ইয়াত এতে [ৰূঃ]

ইয়াদ [আন্দাজ] য়াদ [ধঃ]

ইয়াৰ এৰ [শঃ]

ইফালে ইফ্‌লে [ধঃ]

ইমান ইম্মান [ধঃ]

ইহঁত এন্‌থে [ধঃ]

ইহঁতৰ এন্‌থৰ [ধঃ]

‘ঈ”

মান্য অসমীয়া শৰণীয়া কছাৰী

ঈশ্বৰ ঈচৰ [ধঃ][বড়োমূলীয়া]

ঈৰ্ষা হিহা [শঃ]

“উ”

মান্য অসমীয়া শৰণীয়া কছাৰী

উঁইচিৰিঙা উচ্‌ৰুঙ্গাযউচ্‌ৰুঙ্কা [শঃ]

উকুলিয়া উক্‌লাহ [ধঃ]

উখনা-উখনি উত্ৰা-উত্ৰি [শঃ]

উখলী [ধান বনা খুবলি] পুখ্‌লি  [শঃ]

উখোৱা উহা[শঃ]

উচপ উচাপযচঁক [ধঃ]

উজা উজ্জিয়াই [শঃ]

উজুটি  উঝাতযহামখুৰি  [শঃ]

উঠ উঠৌ [ৰূঃ]

উঠো উঠুং [ধঃ]

উঠিল উঠ্‌লা [ধঃ]

উঠিব উঠ্‌বু [ধঃ]

উঠিবলৈ উঠ্‌বালাগি [ৰূঃ]

উঠিছিল উঠ্‌ছিল [ৰূঃ]

উচৰ্গা উচুৰ্গা [ধঃ]

উতলা উতাল [ধঃ]

উদুলি-মুদুলি উদ্‌লি-মুদ্‌লি[ধঃ]

উদ্দেশ্য মতলব [শঃ]

উদং উদাং [ধঃ]

উধাই-মুধাই উদ্ধে-মুদ্ধে [ৰূঃ]

উপিচ পৰয উখহ ফিক্‌ [শঃ]

উপবাস লঘণ [শঃ]

উবুৰি উব্‌ৰি [ধঃ]

উভতি উল্‌টি [ধঃ]

উভতি লৰ মৰা ভিৰাই লৰ  [শঃ]

উম-ঘাম ভু-ভা [শঃ]

উমান গম [শঃ]

উৰহী উৰ্‌হি য অৰহে [ওদালগুৰি][ধঃ]

.উৰাই-ঘূৰাই উধাই-মুধাই [ৰূঃ]

উৰুখা উৰহা [ৰূঃ]

উৰুলি জকৰযজকাৰ [শঃ]

উৰহ পৰুৱা উৰা পকা [ধঃ] [বড়ো শব্দ]

উশাহ উহা [ধঃ]

উলত-পালত উŒI×া-পাŒI×া [ধঃ][বড়োমূলীয়া]

উলহ-মালহ উহুল-মুহুল [শঃ]

“ঊ”

মান্য অসমীয়া শৰণীয়া কছাৰী

ঊধা-মুধা উদ্‌ধে-মুদ্‌ধে [ৰূঃ]

ঊণ ওল [শঃ]

ঊ×ৰু ফেৰা [শঃ]

ঊষা উখা [ধঃ]

“ঋ”

মান্য অসমীয়া শৰণীয়া কছাৰী

ঋতু ৰিতু [ধঃ]

ঋষি ৰিখি [ধঃ]

“এ”

মান্য অসমীয়া শৰণীয়া কছাৰী

এইবাৰ ইবাৰ [ৰূঃ]

এইফালে অহায় [বাক্সা]য

ইফ্‌লে [ওদালগুৰি] [শঃ]

একাষৰীয়া এক্‌কাখ্‌ৰা [ৰূঃ]

একোঁহ এক্‌কঁহ [ৰূঃ]

একো ইকো [শঃ]

এঘৈয়া এক্‌ঘাহিয়া [শঃ]

এঙাৰ আংৰা [ৰূঃ] [বড়োমূলীয়া]

এচলীয়া এক্‌চালিয়া [ধঃ]

এচাৰি জেক্‌নিযলুৰু [শঃ]

এঢলীয়া এঢালিয়া [ৰূঃ]

এথেল-গেঁথেল [অনিচ্ছা] হেকৌ-নেকৌ¸ [শঃ]

এতিয়া  ইতানযইতা [শঃ]

এনেয়ে এনাই [ধঃ]

এন্দুৰ ইন্দুৰ [ধঃ][বড়োমূলীয়া]

এফলীয়া এক্‌ফালীয়া [ধঃ]

এবেগেত জল্লে [শঃ]

এৰাল ডৰখ [শঃ]

এৰুৱা ইখ্‌ৰা [শঃ]

এৰুৱাই দে ইখ্‌ৰাই দিযইডৰাই দি [শঃ]

এলাহ আল্‌হা [ৰূঃ]

এলেহুৱা উতীয়া [শঃ] [বড়োমূলীয়া]

এলা-পেচা এলা-কেলা [শঃ]

এঁৱা  আৱা [ধঃ]

এসাঁজ এখাজ

এহতীয়া এক্‌হাতীয়া [ধঃ]

“ও”

মান্য অসমীয়া শৰণীয়া কছাৰী

ওকট-পাকট ওকাত-পাকাত[ধঃ]য

কেৰৌ-মেৰৌ [শঃ]

ওকণী ওক্‌নি [ধঃ]

ওখ চৰহা [শঃ]

ওখোন ওখ্‌নি[ধঃ]

ওখোৰা-মোখোৰা ওখ্‌ৰা-মুখ্‌ৰা[ধঃ]য

উচ্‌লা-উচ্‌লি [শঃ]

ওচৰ অচৰ [ধঃ]

ওচৰা-ওচৰি অচ্‌ৰা-অচ্‌ৰি [ধঃ]

ওচৰেদি অচ্‌ৰেদি [ধঃ]

ওচৰত অচৰত [ধঃ]

ওজা অঝা [শঃ]

ওজা-পালি অঝা-পালি [শঃ]

ওঠৰ অথৰ’ [ধঃ] [বড়ো শব্দ]

ওপঙি ওপুঙি [ধঃ]

ওপৰত উপ্‌ৰত [শঃ]

ওমলি ওম্‌লি [ধঃ]

ওৰণি ওৰ্‌ণি [ধঃ]

ওলটা উŒI×া [ধঃ][বড়োমূলীয়া]

ওল [কবি, কচু] অল [ধঃ]

ওলাই অলাই [ধঃ]

“ঔ”

মান্য অসমীয়া শৰণীয়া কছাৰী

ঔষধ দাৰু যওখুত [শঃ]

“ক”

মান্য অসমীয়া শৰণীয়া কছাৰী

ককা আতা [শঃ]

ককাই দেউ কাকায বড্‌ডেকা [শঃ]

ককাঁল কঁকল [ধঃ]

কঙাল কাঙাল [ধঃ]

কচু কুচু [ধঃ]

কচাই কাচাই [ধঃ]

কজলা কজ্‌লা [ধঃ]

কটৰীয়া [ভালকৈ নিসিজা] কুট্‌লা [ৰূঃ]

কটা কুটা [ধঃ]

কটিয়া [বলেৰে খুওৱা] কুটিয়াই [ধঃ]

কঠনা [ফুল] কাঠন্দা [ৰূঃ]

কঠাল কাঠাল [ধঃ] [বড়ো শব্দ]

কঠীয়া কুঠ্‌ঠীয়া [ধঃ]

কঠুৱা কাঠুৱা [ধঃ]

কঢ়া- আজোৰা কাঢ়া-কাঢ়ি [শঃ]

কঢ়িয়া কুঢ়ৌ [শঃ]

কণ নথকা ধনা [শঃ]

কণা কাণা [ধঃ] [বড়োমূলীয়া]

কণী ডিমা [শঃ]

কনাৰী [গছ] কানাৰী [ধঃ] [বড়োমূলীয়া]

কপটীয়া কুটুৰপিয়া [শঃ]

কপৌ [চৰাই] কুপ্‌তি যকোপ্‌তি [শঃ]

কপাল কাপাল [ধঃ] [বড়োমূলীয়া]

ক’ব বল্‌বা [শঃ]

কম্পাউণ্ডাৰ [ইংৰাজী] কুম্পানদাৰ [ধঃ]

কৰবী ফুল কুৰ্‌বিল ফুল [ৰূঃ]

কৰাই [ভজা চাউল] কাৰাই [ধঃ]

কৰ্কৰা ভাত জক্‌ৰা ভাত [শঃ]

কৰ্দৈ কদেই [ধঃ]

কৰচ হাঠাযকচ্‌লি [শঃ] [বড়োমূলীয়া]

কৰযকৰাযকৰক কৰৌ [ৰূঃ]

কৰো কৰং [ৰূঃ]

কৰিছো কৰ্‌ছং [বাক্সা] কুৰ্‌ছুং [ওদালগুৰি] [ৰূঃ]

কৰিছিলো কৰছলংযকুৰছলুং [ৰূঃ]

কৰিবি কৰ্‌বি [ৰূঃ]

কৰিবা কৰ্‌বা [ৰূঃ]

কৰিব কৰ্‌বু [ৰূঃ]

কৰিলে কু ৰল্লা [বাক্সা]য

কোল্লা [ওদালগুৰি] [ৰূঃ]

ক’লা কুলা [ধঃ]

ক’লামাহ খেচাৰী [শঃ]

কলাফুল কলডিলা [শঃ]

ক’লে ক’লা [ৰূঃ]

কল গছৰ শুকান পাত চচ্‌নি [শঃ] [বড়োমূলীয়া]

কলপতীয়া[ৰং] কাইমা [শঃ]

কলি কৰযকৰেয়া [শঃ]

কলিজা পিথল [শঃ]

কলেৰা মান্না [শঃ] [বড়োমূলীয়া]

কলহ কলহ’ [ধঃ]

ক’লৈ কহায় [শঃ] য ক’ত [ৰূঃ]

কমলা সন্তৰায মিঠাটেঙা [শঃ]

কম্বল ধচা [শঃ]

কষ্ট আলানি [শঃ]

[মূল বড়ো শব্দ -আলানি]৷

কাঁইট কাটাযকটা [ধঃ]

কাউৰী কাউৰ [ধঃ]

কাকিনি [তামোল] কাক্‌না [ধঃ]

কাজলী কজ্‌লা [ধঃ]

কাট কাটৌ [ধঃ]

কাড্‌ৰীযকুণ্ডলী পেষ্টা [শঃ] [বড়োমূলীয়া]

কাঠী খাটিযদৈ [শঃ]

কাঠ আলু গাছআলু [বাক্সা] [শঃ]

কাঢ় কাঢ়ৌ [ৰূঃ]

কাঢ়লী কাল্লি [শঃ] [বড়োমূলীয়া]

কাতি হোৱা কাতিয়ায শেৰকাচিয়া [শঃ]

কান্ধ কান [ধঃ]

কানি চিৰাকানি [শঃ]

কান্দ কান্দৌ [ৰূঃ]

কান্দো কান্দং [ৰূঃ]

কান্দিলে কান্দলা [ৰূঃ]

কান্দিব কান্দবু [ৰূঃ]

কান্দিবলৈ কান্দবালাগি [ৰূঃ]

কাপোৰ কাপুৰ [ধঃ]

কামাতুৰা পুৰুষ কাওৰা [শঃ]

কামাতুৰা নাৰী কাওৰী [শঃ]

কামোৰ কাম্‌ৰউ [শঃ]

কাৰ্শলা[সাপ] কাৰ্‌খালা [শঃ]

কাৰণে কান্তে [শঃ]

কাৱৈ কাৱাইয কাৱে [ৰূঃ]

কাষৰ কাষাৰ [ধঃ]

কাষত কষত [ধঃ]

কাষলতি কাইকুলি [ৰূঃ][বড়োমূলীয়া]

কাষলতি তলৰফোহা গাঙ্‌তি [শঃ] [বড়োমূলীয়া]

কিয় কিয়া [ধঃ]

কিমান কেমান [ধঃ]

কিলাকুটি কিলাকুণ্ডি [শঃ]

কুঁচি-মুচি কোচা-মোচা [ধঃ]

কুঁহি কেওঁ [তামোলৰ][ শঃ]

কুঁহিয়াৰ কুঁহাৰযকুঁইহাৰ [ধঃ][বড়োমূলীয়া]

কুমজেলুকা কিন্‌জুলকা [শঃ]

কৃপণ কেপ্‌টাযকিৰ্‌পিন [শঃ]

কেইটা [বহুবছন] কেটা [ৰূঃ]

কেঁকো-জেঁকো কেঁকৌ- জেঁকৌ [ধঃ]

কেঁকোৰা    [প্ৰাণী] কাক্‌ৰা [ধঃ]

কেঁকোৰা [বেঁকা] কেক্‌ৰা [ধঃ]

কেঁচু কেচেই [ধঃ]

কেঁচুৱা কিচুৱা [ধঃ]য ছলি [শঃ]

কেঁটেলা পহু কেট্‌লা পহু [ধঃ]

কেট্‌লি টিপটযডেক্‌চি [শঃ][বড়োমূলীয়া]

কেটেপা বাট্‌লি গুটি [শঃ]

কেটেৰা কেট্‌ৰা [ধঃ]

কেণা [লাগ] কণা [লাগ]যকাণা [ধঃ]

কেতিয়া কিতানযকিতা [শঃ]

কেন্‌কেনীয়া কিন্‌কিনিয়া [ধঃ]

কেনেকুৱা কেন্‌কা [ধঃ]

কেনেবা কেন্‌বা [ধঃ]

কেৰাহী লহ্‌ৰা [শঃ] [বড়োমূলীয়া]

কেৰেলা কাক্‌ৰালযকাক্‌ৰল [ধঃ]

কেৰেলুৱা কিৰুন্দা [শঃ] [বড়োমূলীয়া]

কেলঢোপ-কেলঢোপ্‌কৈ কেলঢেপ-কেলঢেপকৈ [ধঃ]

কেলেপ-কেলেপ কেলেপ-জেলেপ [ধঃ]

কেঁহা কঁহা [ধঃ]

কেৱল খালি [ৰঃ]

কৈছে কছি [ধঃ]

কৈছিল কছিল [ধঃ]

কোঙা কঙা [ধঃ] [বড়োমূলীয়া]

কোৱা কৌযকৱা [ধঃ]

কোনফালে কহায় [শঃ]

কোন কায় [শঃ]

কোনোবা কাবাই [শঃ]

কোমল কম্‌লা[ধঃ]

কোমল পাত থুৰি [শঃ]

কোমোৰা কুম্‌ৰা [ধঃ][বড়োমূলীয়া]

কোৰচ গছ কৰ্‌চ’ গাছ [ধঃ]

কোৰোকা কৰ্কা [ৰূঃ][বড়োমূলীয়া]

কোলা কলা [ধঃ]

কোৱাৰি কাউলি [শঃ]

কোষ্ঠী কুষ্টি [ধঃ]

কৌতুক ৰগৰ [শঃ]

কৌতুহল কুতুহল [ৰূঃ]

কৌশল কায়দা [শঃ][বড়োমূলীয়া]

“খ”

মান্য অসমীয়া শৰণীয়া কছাৰী

খং জমক [শঃ][বড়ো শব্দ]

খক খখ [ধঃ]

খঁকুৱা খুখুৱা [ধঃ]

খঁৰাৰ [খালৈৰ আকৃতিৰ বাঁহৰ সঁজুলি] খখা [শঃ]

খঁৰা২ [অসম্পূৰ্ণ] খাৰা [ধঃ]

খৰাহী টুক্‌ৰি য খদা[শঃ] [হিন্দীমূলায়ী]

খৰখেদা খখৌ-মখৌ [শঃ]

খকৰা-মুকুটি [আঙুলি মুঠি মাৰি আঘাত কৰা] ঠেক্‌না [শঃ]

খঙাল টিওৰিয়াযগজ্‌ৰা [ওদালগুৰি] [শঃ]

খচ [গচকি মিহি কৰা] খুচ [ধঃ]

খজা [সোমোৱাই দিয়া] খাজ যখাজি দে [ধঃ]

খুজুৱতি খুজুতি [ৰূঃ]

খঞ্জৰি খুঞ্জৰি [ধঃ] [বড়োমূলীয়া]

খট্‌খটী খুট্‌খুটি [ধঃ]

খটা [কামত লগোৱা] খটাও [ৰূঃ]

খটিয়া [বাৰে বাৰে সোৱৰাই দে] খাতিৰ [ৰূঃ]

খটীয়া [পহু] খুটিয়া [ধঃ]

খন [নিদ্দেৰ্শাত্মক প্ৰত্যয়] খান [ধঃ]

খন্তা খন্তি [ধঃ]যচিপ্‌ৰাং [শঃ][বড়োমূলীয়া]

খন্তেক অলপ [শঃ]

খন্দা খান্দা [ধঃ], খান্দৌ, খান্দবু, খান্দলা আদি৷

খপ [সময় অতিবাহিত কৰ] খাপ

খপ্‌কৰে খপ্‌কে [ৰূঃ]

খপিয়া খিপিয়া [ৰূঃ]

খবুৱা [দুৱাৰৰ দাঁতিত লগাইবন্ধা খোলা বাঁহ] খাৱা [ৰূঃ]

খমলা [গোট মৰা] খাম্‌লা [ৰূঃ]

খৰচি ভংলা [শঃ]

খৰলী [জোল নথকাকৈ ৰন্ধা] চুপ্‌চুপীয়া [শঃ]

খৰালি খলিমাহা [শঃ] [বড়োমূলীয়া]

খৰাহী খদায ডুকায ডুক্লা [ৰূঃ]

খৰিকা খুৰ্‌কা [ৰূঃ]

খৰুৱা খাৰুৱা [ৰূঃ]

খৰ্গকায় গাথিয়া য বাওনা [শঃ] [বড়োমূলীয়া]

খৰ্মুজা খেৰমুজাং [ৰূঃ][বড়োমূলীয়া]

খলিহৈ খলিহা [ৰূঃ]

খহটা খহ্‌টা [ধঃ]

খাইছো খাচং [বাক্সা] খাছুং [ওদালগুৰি] [ৰূঃ]

খাইছিলো খাচলংযখাছলুং [ৰূঃ]

খাওঁ খাং [ৰূঃ]

খাওতা খাংতা [ৰূঃ]

খাওঁতে খাংতে [ৰূঃ]

খাং খাংৰা [শঃ][বড়োমূলীয়া]

খাঁকৰু [শুকান সেঙুন] খাখ্‌ৰি [ৰূঃ]

খাগৰি খাগ্‌ৰি [ধঃ]

খাজনা খাজ্‌না [ধঃ][বড়োমূলীয়া]

খাজুৰিযখেজুৰ খিজ্‌ৰু [ৰূঃ]

খাট খাটিয়াযচালপীৰা [ৰূঃ]

খাটনি খাট্‌নি [ধঃ]

খাদ্য  [ৰন্ধা] খানা [শঃ][আৰৱীমূলীয়া]

খান্দৰি [জৰীৰ মেৰ] কাদ্ৰি [শঃ][বড়োমূলীয়া]

খাপচৰা বাদি নাখা [শঃ]

খাপৰি [টিন] খাপ্‌ৰি [ধঃ]

খামোচ খাম্‌চি [ৰূঃ]

খামুচি খাম্‌চি [ধঃ]

খাব খাবা [ৰূঃ]

খাবলৈ খাবালাগিযখাবাক লেগি [ৰূঃ]

খাৰলী খাৰআঞ্জা [শঃ]

খালে খালা [ৰূঃ]

খালো খালুংয খালং [ৰূঃ]

খালৈ খালেই [ৰূঃ]

খাৱৈ গৰ্‌খাই [শঃ]

খিচিৰি খেচাৰি [ৰূঃ]

খিড়িকীযখিৰিকী খিৰ্‌কি [ধঃ][বড়োমূলীয়া]

খিনি মখাযসপা [ৰূঃ]

খীৰা [গাখীৰ] খিৰাও [ৰূঃ]

খুচুৰা খুচ্‌ৰা [ধঃ]

খুজিব খুজবু [ৰূঃ]

খুজিলে খুজ্‌লা[ধঃ]

খুজিবলৈ খুজবালাগি [ৰূঃ]

খুতুৰা খুত্‌ৰা [ধঃ]

খুদ খুদু [ৰূঃ][বড়োমূলীয়া]

খুন্দ [আঘাত] খুন্দা [ৰূঃ]

খুন্দা খুন্দৌ [ধঃ]

খুন্দিয়া খুন্দিয়াও [ৰূঃ]

খুবলি পুখ্‌লি[শঃ]

খুৰখুৰীয়া মুৰ্‌মুৰীয়া [শঃ]

খুৰা দাদা [শঃ] [বড়োমূলীয়া]

খুল,খুলা খুলৌ [ৰূঃ]

খুলো খুলুং [ৰূঃ]

খুলিব খুলবু[ৰূঃ]

খুলিবলৈ খুল্‌বালাগি [ৰূঃ]

খুলিছিল খুল্‌ছিল [ৰূঃ]

খুলশালী খুলখালী [ৰূঃ]

খুহুতীয়া খহতীয়া [ধঃ]

খেও [জাল মৰা, তোলা] চাপ [শঃ]

খেংখেং কেংকেং [ধঃ]

খেঁকাৰ খাঁকাৰ [ধঃ]

খেতি খিতি [ধঃ]

খেদ খেদৌযখিদৌ [ৰূঃ]

খেদ হোৰ্‌[শঃ][বড়োমূলীয়া]

খেপ [কপটভাৱ] খাপা [ৰূঃ]

খেয়াল খিয়াল[ধঃ]

খেল খেলা [ৰূঃ]

খেলুৱৈ খিলাৰী [শঃ] [হিন্দীমূলীয়া]

খেলি-মেলি ঘেটেৰ-মেটেৰ [শঃ]

খোঁকা [মাছ ধৰা সঁজুলি] চহ্‌ৰাযবহা [শঃ] [বড়োমূলীয়া]

খোকোজা খকজা [ধঃ]

খোঁচৰ খুচ্‌ৰি [ৰূঃ]

খোঁচোনা খচ্‌না [ৰূঃ][বড়োমূলীয়া]

খোজ [ভৰিৰ চিন] খজ [ৰূঃ]

খোজ কঢ়া খজ কাৰা [ধঃ]

খোজ [পাবলৈ বিচৰা] খুজৌ [ধঃ]

খোজো খুজুং [ৰূঃ]

খোজোতে খোজংতে [ৰূঃ]

খোনা বক্‌ৰা [শঃ][বড়োমূলীয়া]

খোপা খপা [ধঃ][বড়োমূলীয়া]

খোৰ [দ গাঁত] কোৰ [ধঃ][বড়োমূলীয়া]

খোৰা খ’ৰা [ধঃ]

খোৰাকি খৰাকি [ৰূঃ]

খোৰোং খলং [ৰূঃ]

খোল খল [ৰূঃ]

খোলা খলা [ধঃ]

খোলা [মুকলি] হাবাং বাং [শঃ][বড়োমূলীয়া]

খোলাকটি খলাকুটি [ৰূঃ]

খোলা-খুলি খলা-খুলি [ধঃ]

খোলাচপৰীয়া [পিঠা] খলা চাপ্‌ৰি [ৰূঃ]

খোলোচা খলচা [ধঃ]

খোৱা খাৱা [ধঃ]

খোহা [গুজি দিয়া] খহা [ধঃ]

“গ”

মান্য অসমীয়া শৰণীয়া কছাৰী

গঁঠিয়া [গাঁঠি দে] গাঠিয়া [ধঃ]

গঁঠিয়া [ঘনঘন গাঁঠি] গাঁঠিয়া [ধঃ]

গঁতা গলহতা [শঃ]

গঁথা গাঁথা [ধঃ]

গচক খচ [শঃ]

গছ গাছ [ধঃ]

গছি গছা [ধঃ]

গঁজাল খিলি [শঃ] [বড়োমূলীয়া]

গঁজালি গাজা [ধঃ][বড়োমূলীয়া]

গণনা গন্তি [শঃ]

গঁঞা গায়া [ৰূঃ]

গঠনযগঢ় ঠগ [শঃ]

গণ্ডগোল গুন্দুগোল [ধঃ]

গণ্ডপ ডাংকোব [শঃ]

গতি গুতি [ধঃ]

গতি-মতি মতি-গতি য ৰেহৰকম [ৰূঃ]

গদলা [ডাঠ] গেৰেম [শঃ][বড়োমূলীয়া]

গদিয়া [বস্তুৰ দাঁতিৰে আঘাত]গিদিয়া [ৰূঃ]

গধুৰ গুদ্ধিৰয গেধেমা [ৰূঃ][বড়োমূলীয়া]

গধূলি গুধ্‌লা [ৰূঃ]

গপ ভেম [শঃ]

গপ্‌গপ্‌ গপ্‌গপীয়া [ৰূঃ]

গপা গাপ [ৰূঃ]

গবা গাব্‌লা [ৰূঃ]

গমগমীয়া গুমগুমীয়া [ধঃ]

গমাৰি [গছ] গামাৰি [ধঃ]

গৰকা [তাঁতশালৰ] গৰ্‌কা [ধঃ] [বড়োমূলীয়া]

গৰখীয়া গুৰ্খীয়া [ধঃ][বড়োমূলীয়া]

গৰাকী গিৰী [ৰূঃ]

গৰম চাদৰ তেলাছ [শঃ]

গৰাহ গাহ [ৰূঃ]

গৰু গোৰু [ধঃ]

গৰৈ গৰেইযগৰে [ধঃ]

গৰ্ভৱতী গা-ভাৰী য গা-বন্ধ [শঃ]

গৰ্ভপাত খহা [শঃ]

গ’ল গেল [ৰূঃ]

গ’লো গিলুংযগেলুংযগেলং [ৰূঃ]

গলা গলাও [ৰূঃ]

গলিয়া [মুঠিমাৰি মুখত ভৰা]গালিয়া [ধঃ]

গহনা গহ্‌না[ধঃ]

গহৰা[নিজে গঁজা] গহেৰা [ৰূঃ][বড়োমূলীয়া]

গহীন গপচ [শঃ]

গা গাৱ [ৰূঃ]

গাইছো গাছং [বাক্সা] গাছুং [ওদালগুৰি]

গাঁও সাং [শঃ]

গা-গধুৰ গাৱ-গুদ্ধিৰ [ৰূঃ]

গাঁঠৰি গাঁঠ্‌ৰি[ধঃ]

গাঁত গাঁতা [ৰূঃ]

গাঁথ গাঁথৌ [ৰূঃ]

গাঁৰি [তাঁতশালৰ সঁজুলি] গাঁৰু [ৰূঃ]

গাগৰি [কলহ] ঘাগ্‌ৰি [ৰূঃ]

গাগিনী [ফৰিং] গাঙ্‌নি [ৰূঃ][বড়োমূলীয়া]

গাঙঠি গাংটি [ৰূঃ]

গাজ গাজা [ৰূঃ]

গাভৰু ডেকেৰী [শঃ]

গামোচা মোক্‌চাযগাম্‌চা [শঃ][বড়োমূলীয়া]

গাৰু শিতান [শঃ]

গাৱাল [শকত] লুদুৰ-ফুদুৰ [শঃ]

গাহৰি বৰা [শঃ]

গিজগিজ গেজগেজ [ৰূঃ]

গিমিট [কাঠমিস্তুীৰ সঁজুলি] ঘিৰমিট [ৰূঃ]

গিৰিয়েক পৈয়াক [শঃ]

গুড়ি গুৰা যগুডা[ধঃ]

গুপগুপীয়া গপ্‌গপীয়া [ধঃ]

গুচাই ইৰাইয ইদ্ৰাই [শঃ]

গুবৰুৱা গুভুৰকি [শঃ]

গুৰ মিঠেই [ওদালগুৰি][শঃ]

গুৰি গৰ [ৰূঃ]

গুৱাল গৱাল [ৰূঃ]

গেঁঠেলা কাঠুৱা [শঃ]

গেঁৰ [ধৰা] থৰ [হোৱা] [শঃ]

গেঞ্জি গিঞ্জি [ধঃ]

গেদ গেদা [ধঃ] [বড়োমূলীয়া]

গেধা গাধা [ধঃ]

গেনা গেনাই [ৰূঃ]

গেৰn মাটি¸ গিৰু মাটি [ধঃ]

গেৰুৱা গিৰুৱা [ধঃ]

গৈছো গেছং [বাক্সা] গিছুং [ওদালগুৰি] [ৰূঃ]

গৈছিলো গেছলংযগিছলুং [ৰূঃ]

গোঁজৰ গজৰ [ৰূঃ]

গোঁজা গজা [ৰূঃ]

গোফ গফ[ৰূঃ] [বড়োমূলীয়া]

গোঁৰা গৰাই থ [ৰূঃ][বড়োমূলীয়া]

গোঙোৰা গঙ্‌ৰা [ধঃ][বড়োমূলীয়া]

গোচৰ গচৰ [ৰূঃ][বড়োমূলীয়া]

গোছা গছা [ৰূঃ]

গোটা গটা [ৰূঃ]

গোটেই গটাই [ধঃ]

গোড়া গড়া [ৰূঃ]

গোন্ধ বাচয গন [শঃ]

গোপাল গপাল [ধঃ]

গোবৰ গবৰ [ধঃ] [বড়োমূলীয়া]

গোবিন্দ গবিন্দ [ধঃ]

গোমধান গমধান [ধঃ]

গোমা গুমাল [ৰূঃ]

গোমোঠা গম্‌থা [ধঃ] [বড়োমূলীয়া]

গোৰ গুৰিয়া [ৰূঃ]

গোৰগোৰা গৰগৰা [ৰূঃ]

গোৰা [পানীত পেলাইথ] গৰা [ৰূঃ]

গোৰোহা গৰা [ৰূঃ]

গোল গলাৱা [ৰূঃ]

গোল তুপৰা [শঃ][বড়োমূলীয়া]

গোলা [গুদাম] গলা [ৰূঃ]

গোলাপী গলাপী[ৰূঃ]

গোৱা [গান] গাৱা [ৰূঃ]

গোৱাল গৱাল [ৰূঃ]

গোঁসাই গঁসাইযগ’হাই [ধঃ][বড়োমূলীয়া]

গোহাৰি গ’হাৰি [ৰূঃ]

গোহালি গোলিঘৰ [শঃ]

“ঘ”

মান্য অসমীয়া শৰণীয়া কছাৰী

ঘঁটীয়া ঘাঁটীয়া [ৰূঃ]

ঘঁহ ঘঁহৌযঘুঁহু [ৰূঃ]

ঘটনা ঘট্‌না [ধঃ]

ঘটী ঘুটি [ধঃ]

ঘণ্টা ঘাণ্টা [ধঃ]

ঘপকৰে  ঘপ্‌কে  [ৰূঃ]

ঘপিয়া ঘাপিয়াই [ৰূঃ]

ঘৰ জোৱাই ঘৰ্জীয়া [ধঃ]য

ঢকা [শঃ][বড়োশব্দ]

ঘৰ ছা চিআ [শঃ][বড়ো শব্দ]

ঘৰুৱা ঘুৰুৱা [ধঃ]

ঘা ঘাও [ৰূঃ]

ঘাগৰি ঘাগ্‌ৰা [ৰূঃ]

ঘাগু ঘুগু [ৰূঃ]

ঘাট মাউৰা মামুৰা [শঃ]

ঘামচি ঘাম্‌চি [ধঃ]

ঘামি ঘামাই [ধঃ]

ঘাঁহ ঘাঁ [ধঃ]

ঘিণ আল্‌হা লাগ [শঃ]

ঘী ঘিউ [ৰূঃ]

ঘুঁকুটিয়া ঘঁক্‌টিয়াই [ৰূঃ]

ঘুগুলা ঘুগ্‌লা[ধঃ] [বডো. শব্দ]

ঘুগুৰা ঘুগ্‌ৰা [ধঃ]

ঘূটমটীয়া [তজবজীয়া] ঘট্‌মটীয়া [ৰূঃ]

ঘুনুচা ঘুন্‌চা [ধঃ] [বড়ো শব্দ]

ঘুমটি ঘুম্‌টি [ধঃ]

ঘুৰি-পকি ঘুৰি-পাকি [ধঃ]

ঘুৰণীয়া তুপ্‌ৰা [শঃ] [বডো. শব্দ]

ঘূৰ ঘূৰৌ [ৰূঃ]

ঘেঁহনি ঘেৰ্ঘেৰি [ৰূঃ]

ঘোঁকা [মাৰি] ঘঁকা [মাৰি] [ধঃ]

ঘোঁট ঘাঁটযঘাঁটৌ [ৰূঃ]

ঘোঁটনী ঘাঁটনী [ৰূঃ]

ঘোঁৰা ঘঁৰা [ধঃ]

ঘোচা ঘচা [ধঃ]

ঘোপ মৰা ঘুপ্‌ঘুপীয়া[ৰূঃ]

ঘোপাকৈ [চা] ঘপাকে [চা] [ধঃ]

ঘোলনী ঘুলুনি [ৰূঃ]

ঘোলা ঘলা [ধঃ]

ঘোষা ঘষা [ধঃ]

ঘৈণীয়েক ঘুন্‌নাক [ৰূঃ]

“চ”

মান্য অসমীয়া শৰণীয়া কছাৰী

চ’ক চৌকা [শঃ]

চকলা চক্‌লা [ধঃ]

চকা চাকা [ধঃ]

চকু চখু [ধঃ]

চকু ডাঙৰ পেŒI×া [শঃ]

চজিনা চজ্‌না [ধঃ]

চতুৰ্থ দিনা চ’ঠাদিনা [ৰূঃ]

চ’ত চৈত [ধঃ]

চ’তি চিড্‌×তি যদম্‌ৰা [শঃ]

চতিয়না গছ চৈতানযচৈতনগাছ [শঃ]

চন্দা মাছ চান্দা মাছ [ধঃ]

চপনীয়া ঢকা

চপৰা দলি চপ্‌ৰা [ধঃ]যলদা [শঃ]

চপা চাপিযচাপা [ধঃ]

চবকা চতকা [শঃ]

চবিয়া [চাব মৰা] চাবিয়া [ধঃ]

চম্ভাল চাম্ভাল [ধঃ]

চৰা চৰ্‌হা [ৰূঃ]

চৰাই চকা [শঃ]

চৰিয়া গামলা যদাবাৰ [শঃ] [বড়োশব্দ]

চৰ্দি চদ্দি [ধঃ]

চল চলৌ [ৰূঃ]

চলা চলাও [ৰূঃ]

চলিব চলবু [ৰূঃ]

চলিছিল চল্‌ছিল [ৰূঃ]

চলু চল [ধঃ]

চা চাও [ৰূঃ]

চাইছিল চাছিল [ৰূঃ]

চাইকেল চাৰকেল [ৰূঃ]

চাকি চাতি [শঃ]

চাদা চান্দা [ৰূঃ]

চানেকী চানিকি [ৰূঃ]

চালনী চাল্‌ঙীয চাংলি [শঃ]

চাপৰ চাপাৰ  [ধঃ]

চাপৰ মানুহ গাথিয়ায টেপ্‌ৰা [শঃ]

চাব চাবু [ৰূঃ]

চাবলৈ চাবালাগি [ৰূঃ]

চাবোন চাবান যচাবন [ধঃ]

চামনি চাম্‌নি [ধঃ]

চায়না [বড়োমূলীয়া]যৰভা ছায়ামাৰা [শঃ]

চালগোম চালগম [ধঃ]

চাহ চাপাত [শঃ]

চিকৰা চিখ্‌ৰা [ধঃ]

চিকুটি চিকি [শঃ]

চিকুণ টুপ্‌টুপীয়া [শঃ]

চিঞৰ আটা পাৰ [শঃ]

চিটা টিকা [শঃ] [বড়ো শব্দ]

চিয়াঁহি চিহি [ৰূঃ]

চিৰ্‌ ফাল [শঃ]

চিৰি [তাঁতশালৰ সঁজুলি] চেৰি [শঃ]

চিৰিয়াখানা চিৰাখানা [ৰূঃ]

চুক ভেকুলী কুত্‌ৰি-ভক্‌লা[শঃ]

চুঙাত থোৱা শুকান মাছ শুক্তিমাছ [শঃ]

চুটি খাতা [শঃ]

চুটিয়া-শালিকা চুটি-শাল্‌কা [ৰূঃ]

চুপহি চুপুহি [ধঃ]

চুপহি [পিপা] বাটকাৰা [শঃ]

চুপতি ফাজ্‌লামি [শঃ]

চুপি পিপা [শঃ]

চুৱনিশালী চুৱাশালী [ধঃ]

চেংমৰা চেম্‌ৰা কছু [ৰূঃ]

চেঁউৰী কাল্লি [শঃ]

চেকনী চিক্‌নি [ধঃ]

চেঙেলী মাছ চেংমাছ [শঃ]

চেণ্ডেল ফন্তা [শঃ] [বড়ো শব্দ]

চেনি চিনি [ধঃ]

চেপেনা চেপ্‌না [ধঃ]

চেপি চিিপ [শঃ]

চেৰাপ চেৰেপ [ধঃ]

চেৰা [মদ] চিউৰীয়া [শঃ]

চেলবেলাই ফুৰা মানুহ ভক্‌ৰা [শঃ]

চেলু চুটাযচিলু [শঃ]

চেলেকি চিল্‌কি [ধঃ]

চেহেৰা চেহ্‌ৰা [ধঃ]

চোঁচ চোঁচৌ [ৰূঃ]

চোঁচৰা চোঁচৰাও [ৰূঃ]

চোকা চখা [ধঃ]

চোতাল চ’তাল [ধঃ]

চোন [জোৰ বুজুৱা প্ৰত্যয়] চুনযচুঁ [ধঃ]

চোপ চুপি [ধঃ]

চোবা চোবাও [ৰূঃ]

চোৰ চৰ [ধঃ]

চোৰাত চৰত[ৰূঃ]

চোলা চলা [ধঃ]

চোৱা চাৱা [ধঃ]

চোহা চোহৌ[ৰূঃ]

“ছ”

মান্য অসমীয়া শৰণীয়া কছাৰী

ছঁয়াময়া ছাঁয়ামায়া [ধঃ]

ছট্‌ বটনি ছটবটীয়া [ৰূঃ]

ছটৰ-বটৰ ছুদুৰ-বুদুৰ [ৰূঃ]

ছটিয়া [সিঁচ] ছিট্‌তাও [ৰূঃ]

ছপা ছাপা [ধঃ]

ছবি ছুবি [ধঃ]

ছলনা বাদি ভাওনা [শঃ]

ছমহীয়া ছয়মাহীয়া [ৰূঃ]

ছৰা [ঢেঁকীত নিকা নকৰা] অকাৰি [চাউল] [শঃ]

ছা ছিয়া [ৰূঃ]

ছাঁ ছায়াযছায়হা [শঃ]

ছাকনীযছেকনী ছিক্‌নী [ধঃ]

ছাগলি ছাগ্‌লিয ছাগাল [ধঃ]

ছাতি ছাতা [শঃ]

ছিৰাল বাঙী [শঃ]

ছিগা ছিঙা [ধঃ]

ছিটা টিকা [শঃ]

ছিটিকি ছিট্‌কি [ধঃ]

ছিপা [লুকা] ছুপাও [ৰূঃ]

ছিৰি খট্‌খুটি [শঃ]

ছেও বাদি [শঃ]

ছেক্‌ ছিক্‌ [ধঃ]

ছেদেলি-ভেদেলি ছিদ্‌লি-ভিদ্‌লি [ৰূঃ]

ছেলনি  ছিলিনি [ৰূঃ]

ছেলা[বখলিয়া] ছেলাও [ৰূঃ]

ছোৱালী আপি[শঃ]যছৱালী [ধঃ]

“জ”

মান্য অসমীয়া শৰণীয়া কছাৰী

জংকট [জঞ্জাল] ঝংকট [শঃ]

জঁক ঝক [ধঃ]

জঁকা ঝকা [ধঃ]

জঁট [চুলিৰ] ঝট [ধঃ]

জঁপিয়া ঝাপ মাৰ [শঃ]

জখলা জখ্‌লাযজাখ্‌লা[ধঃ]

জগৰ ঝংকত [শঃ]

জগা [পোৱালী] জাগা [ধঃ]

জটা ঝটা [ধঃ]

জটিল জুটিল [ধঃ]

জতুৱা-ঠাঁচ জাতুৱা-ঠাঁচ [ধঃ]

জধলা জধ্‌লাযজলহু [ধঃ]

জন টো [ৰূঃ]

জনা জানা [ধঃ]

জনাব জনাবা [ৰূঃ]

জনোৱা জনাও[ৰূঃ]

জনে প্ৰতি গাই পতি [শঃ]

জপটিয়া ঝটাই [শঃ]

জপনা সংখ্‌লা [শঃ]

জপৰা ঝাপ্‌ৰা [শঃ]

জপা জপাওঁ [ৰূঃ]

জপা জাপাযঝপা [ধঃ]

জবকা বিন্ধা [শঃ]

জবৰ্‌দস্তি জবদস্তি [ৰূঃ]

জবাফুল ঘািŒI×ং ফুল [শঃ]

জৰ্‌জৰীয়া ঝৰ্‌ঝৰীয়া [ধঃ]

জৰা-ফুকা ঝাৰা-ফুকা[ধঃ]

জৰিগছ পাক্‌ৰি [শঃ]

জৰিমনা জুৰিমনা [ধঃ]

জৰুৰ জুৰুল [ধঃ]

জলকা লাগ জবকা লাগা [ধঃ]

জলকীয়া ঝালাযজালা[ধঃ]

জলঙা ঝল্‌ঙা[ধঃ]

জলথলীয়া থেলথেলীয়া [শঃ]

জলধা জল্‌ধা [ধঃ]

জলফাই জল্‌পে যজল্‌পেই [শঃ]

জলম ঝলম [ধঃ]

জলমলীয়া জল্‌জলীয়া [শঃ]

জলীয়া ঝুলীয়া [ৰূঃ]

জলৌ-জপৌ ঝলৌ-ঝপৌ [ৰূঃ]

জহুদ জুহুদ [ধঃ]

জহৰা জহ্‌ৰা [ধঃ] [বড়ো শব্দ]

জহামাল জহামাল্লা [ধঃ] [বড়ো শব্দ]

জা জায়াক [ৰূঃ]

জাক মখা [ৰূঃ]

জাঙুৰ ঝাঙুৰ [ৰূঃ]

জাঁতি বিৰিয়া [শঃ]

জাতিলাও পানীলাও [শঃ]

জানো জানু [ধঃ]যজানং [ৰূঃ]

জাঁপ মাৰ ঝাপ মাৰা [ৰূঃ]

জাক ঝাক [ধঃ]

জাকি ঝাকি [ধঃ]

জাকৈ জাখে [ধঃ]

জাগ জাগা [ধঃ]

জান জানৌ [ৰূঃ]

জানিবাযজানিব জানবু [ৰূঃ]

জাপ ঝাপৌ যঝাপাযজাপা [ৰূঃ]

জাপি ঝাপি [ৰূঃ]

জাবৰ জাবাৰ [ধঃ]যআগুনাযভুহুৰা [শঃ]

জামু জাম [শঃ]

জাৰ জাৰৌযঝাৰৌ [ৰূঃ]

জাৰজ জহ্‌ৰা [শঃ]

জাৰণি ঝাৰণি [ৰূঃ]

জালুক ঝালুক [ওদালগুৰি] [ধঃ]

জালোৱাই জালুৱৈ [ৰূঃ]

জাহ যোৱা ঝাহ যোৱা [ৰূঃ]

জিঁজিৰি [শিকলি] ঝিজ্‌ৰি [ৰূঃ]

জিক জিকৌ [ৰূঃ]

জিকা ঝিকা [ধঃ]

জিকাৰ [খোৱা] ঝক্‌ৰা [খাৱা] [ৰূঃ]

জিঞা গুলুণ্ডি [শঃ]

জিদ জেদ [ধঃ]

জিন্‌জিনা ঝিন্‌ঝিনা [ৰূঃ]

জিৰণি ল’ ঝিৰাও [শঃ]

জিলা জিল্লা [ধঃ] [বড়ো শব্দ]

জিলমিল শাক ভটুৱা শাক[শঃ]

জী ঝিয়া [শঃ]

জীয়েক ঝিয়াক [শঃ]

জীয়া জীয়াও[ৰূঃ]

জীৱ জীউ [ধঃ]

জুপুকা জব্‌কা [ৰূঃ]

জুমুধি জুঙ্‌তি [ৰূঃ][বড়ো শব্দ]

জুমুঠি [খেৰৰ] ভূটা

জুলীয়া ঝুলীয়া [ৰূঃ]

জেউতি জিউতি [ধঃ]

জেওৰা হেঙাৰযচেকাৰ [শঃ]

জেঙেৰা জেংৰা [ৰূঃ]

জেঠাই জিঠেই [ৰূঃ]

জেঠাল [বৰজনা] ভাই শুহ্‌ৰাক [শঃ]

জেঠেৰি [ঘৈণীৰ ককায়েক] কুৰ্মাযবৰগিৰি [শঃ]

জেতুকা জিতুকা [ধঃ]

জেৰেপা জেম্‌ঠা [শঃ]

জেলেপি জিলাপি [ধঃ]

জেশাহু জিয়াশাহু [ৰূঃ]

জোঁট ঝট [ৰূঃ]

জোঁটা ঝটাও [ৰূঃ]

জোঁৰ জৰা [ৰূঃ]

জোঁৱাই জঁৱাই [ৰূঃ]

জোক জক [ধঃ]

জোকাৰি দে ঝক্‌ৰাই দি [শঃ]

জোকোৱা ঝকাৱা [ধঃ]

জোখ জখযজখা [ধঃ]

জোখা জুখৌ[ৰূঃ]

জোখাৰে জখাৰে [ধঃ]

জোখৰ জখন [ধঃ]

জোখতকৈ বেছি ফাও [শঃ]

জোঙা জঙা [ধঃ]

জোতা জতা [ধঃ]

জোন জন [ধঃ]

জোনাক জনাক [ধঃ]

জোনাকী পৰুৱা জুন্‌কি পোৰা [ধঃ]

জোনালী জনালী [ধঃ]

জোপা জপা [গছ] [ধঃ]

জোৰ জৰ [ধঃ]

জোৰণ তেল’ভাৰ [শঃ]

জোৰা [দল] জৰা [পাৰ্টি] [ধঃ]

জোলোঙা ঝল্‌ঙা [শঃ]

জোৱা জৱাৱা [ৰূঃ]

জ্ঞাতি গিয়াতি [ৰূঃ]

জ্বালা ঝালা [ধঃ]

জ্বালাই  ঝালাই [ধঃ]

“ঝ”

মান্য অসমীয়া শৰণীয়া কছাৰী

ঝুমুৰ জুমুৰ [ধঃ]

“ট”

মান্য অসমীয়া শৰণীয়া কছাৰী

টং [ধাতুত আঘাত কৰিলে হোৱা শব্দ] টাং [ৰূঃ]

টকৰ টক্কৰ [ৰূঃ]

টকলা টক্‌লা [ধঃ]

টকলিয়া টাক্‌লিয়া [ধঃ]

টকা টাকা [ধঃ]

টকুনা [গছ] টুক্‌না [ধঃ]

টঙনা টাংনা [ৰূঃ]

টনা টানা [ধঃ]

টনি-জাল টুনি-জাল [ধঃ]

টৰ্ছ টছ [ৰূঃ]

টলক টল্‌কা [ধঃ]

টল্‌ টল্‌ কৰে টল্‌টল্‌ কে [ধঃ]

টাং-বাং টেং-বেং [ধঃ]

টাঙোন তাঙান [ধঃ] [বড়ো শব্দ]

টাপলি মৰা ঢাপলি মাৰা[শঃ]

টালি-বাজি টালি-বালি [ৰূঃ]

টিকটিক টিকটিকিয়া [ৰূঃ]

টিকা কটি [শঃ]

টিকিৰা  টিক্‌ৰা [ধঃ]

টিঙৰা টিংৰা [ৰূঃ]

টিন টিং [ৰূঃ]

টিপনি টিপ্‌নি [ধঃ]

টিপা টেপা [ধঃ]

টিঁয়া টিঁয় [ৰূঃ]

টিৰিক্‌ [পনীয়া শৌচ] টিৰ্‌কি [ধঃ]

টুকুৰা টুক্‌ৰাযখুতুৰ [ৰূঃ]

টুকুৰি টুক্‌ৰি [ধঃ]

টেংটেঙীয়া টিংটিঙিয়া [ধঃ]

টেঁটু গল [শঃ]

টেক্‌টেকীয়া ঠেক্‌ঠেকীয়া [ৰূঃ]

টেকেলি টিক্‌লি [ধঃ]

টেক্সি টিক্সিযটেচ্‌কি [ধঃ]

টেঙামৰা টেঙামেস্তা [শঃ]

টেঙেচি টিংচি [ধঃ]

টেৰি-মেৰি টেৰা-বেৰা [শঃ]

টেলেকা টেল্‌কা[ধঃ] যপেŒI×া [শঃ]

টোটোলা [চৰাইৰ] টুঁট্‌লি [ৰূঃ]

টোকা টুকি থৌ [শঃ]

টোকোন টকন [ৰূঃ]

টোেকাৰা [চৰাই] গুৱা টক্‌ৰা [শঃ]

টোটোৰা [শুকাই যোৱা] শট্‌ৰা [শঃ]

টোপা টুপ [ধঃ]

টোপনি টুপ্‌নি[ধঃ]যঘুম্‌টি [শঃ]

টোপোলা টপ্‌লা [ধঃ]

টোম তপা [শঃ] [বড়ো শব্দ]

“ঠ”

মান্য অসমীয়া শৰণীয়া কছাৰী

ঠগ ঠগুৱা [শঃ]

ঠগ [প্ৰৱঞ্চনা] ঠগাৱা [ৰূঃ]

ঠঙনা [মাৰ] ঠেক্‌নাৱা [ৰূঃ]

ঠন [ধৰা] সাজাল [শঃ]

ঠৰ যঠৰঙা ঠুৰহিয়া [ৰূঃ]

ঠাৰি ঠাৰা [ধঃ]

ঠাৰি [কলগছৰ] ঠৰুৱা [ৰূঃ]

ঠাল ঠানী [শঃ]

ঠিলা [সোপা] খিলা [শঃ]

ঠিহা [কম ঠাই] ঠিহ্‌ৰা [শঃ]

ঠুনুকা ঠন্‌কা [ৰূঃ]

ঠেক ঠেকায চেপ [ধঃ]

ঠেৰেঙা ঠেৰ্‌ঙা [ধঃ]

ঠেল ঠেলৌ [ৰূঃ]

ঠোঁট [চৰাইৰ] ঠঁট [ৰূঃ]

“ড”

মান্য অসমীয়া শৰণীয়া কছাৰী

ডংডঙীয়া [ওখমানুহ] হটঙা [শঃ]

ডঁৰিকনা [মাছ] ডৰ্‌কিনা [ধঃ]

ডঁৰিকা-উৰহী ডৰ্‌কিনা উৰ্‌হী [ধঃ]

ডজন ডৰ্‌জন [ৰূঃ]

ডবল ডাবল [ধঃ]

ডবিয়া ডাবিয়াও [ৰূঃ]

ডবুৱা কটাৰী ডাবুৱা কটাৰী [ধঃ]

ডলা ডালা [ধঃ]

ডৰখ [ৰচী] ডৰক [ধঃ] য পঘা [শঃ]

ডাঙৰ ডাঙাৰ [ধঃ]যধুময লঠেয়া [শঃ]

ডাঙৰি ডাঙ্‌ৰি [মূল বড়ো]

ডাঠ ডাঠ্‌ঠাযগেৰামযগেধ্‌লা [শঃ]

ডাঁৰ [কাপোৰ মেলা] টাঁৰ [শঃ]

ডাল ঠানি [শঃ]

ডিঙৰা ডিঙ্‌ৰা [ধঃ]

ডিঙি গল [শঃ]

ডিচ্‌মিচ্‌ [ইংৰাজী] ঘিচ্‌মিচ্‌ [ধঃ]

ডিমৰু [গছ] ডুম্‌ৰু [ধঃ]

ডুব ডুবৌ [ৰূঃ]

ডেউকা ডেনা [শঃ]

ডেওনা ধেওনা [শঃ]

ডেকা চেংৰা [শঃ] [বড়ো শব্দ]

ডেডনি [চিঞৰ] ডেদাৱা [ৰূঃ]

ডেম্‌ডেউকা [বন] ডেম্‌ধুকুৱা [শঃ]

ডেৱা ধুপা [শঃ]

ডোং দং [শঃ]

ডোখৰ দখ্‌ৰা [ধঃ] [বড়ো শব্দ]

ডোঙা ডঙা [শঃ]

ডোল ডল [ধঃ]

ড্ৰয়াৰ দয়াৰ [শঃ]

ড্ৰাইভাৰ ডাইভাৰ [ধঃ]

“ঢ”

মান্য অসমীয়া শৰণীয়া কছাৰী

ঢকা [আঘাত ] ঢাক্কা [ৰূঃ]

ঢকুৱা ধুক্‌নাযধুকুনা [ধঃ]

ঢপলিয়াই ফুৰ ঢাপলিয়াই ফুৰ [ধঃ]

ঢৰাযঢাৰি ঢাৰা [ধঃ]

ঢৰীয়া ঢুৰীয়া [ধঃ]

ঢাক ঢাকৌ [ৰূঃ]

ঢাকনী ঢাক্‌না [ৰূঃ]য গিলিপ [শঃ]

ঢাল ঢালৌ [ৰূঃ]

ঢালো ঢালং [ৰূঃ]

ঢালিব ঢালবু [ৰূঃ]

ঢালিলে ঢাল্লা [ৰূঃ]

ঢালিবলৈ ঢালবালাগি [ৰূঃ]

ঢাৰি ঢাৰা [শঃ]

ঢিপ ঢাপ [ধঃ]

ঢুকা [শেষ] ঢুকাৱা [ৰূঃ]

ঢুকি পা ঢুকি পাৱা [ধঃ]

ঢেঁকুৰা ঢিঁক্‌ৰা [ধঃ]

ঢেঁকীয়া ঢিঁকিয়া[ধঃ]

ঢেঁকী ঢিঁকি [ধঃ]

ঢেঁকীশাল ঢেঁখাল [ধঃ] য ঢিঁকালি [শঃ]

ঢেপেৰা [ধাৰ নথকা] বটুৱা [শঃ]

ঢেপেলা ঢেপ্‌লা [ধঃ]

ঢোঁৰা কাউৰী ঢঁৰা কাউৰ [ধঃ]

ঢোঁহোৰ-মোহোৰ ঢঁহৰ-মহৰ [ধঃ]

ঢোক ঢক [ধঃ]

ঢোকা ঢকাযখচ্‌না [শঃ]

ঢোপা-চালি ঢেপা-চালি [ধঃ]

ঢোল ঢল [ধঃ]

“ত”

মান্য অসমীয়া শৰণীয়া কছাৰী

তক্তা পাট্‌না [শঃ]

ততাতৈয়া তাৰা-তাৰি.

তথাপি তেও [শঃ]

তৎক্ষণাৎ তৎক্ষাণত [ধঃ]

তপালি তাক্‌লাও [ৰূঃ]

তপিনা দাপ্‌না [শঃ] [মূল বড়ো]

তমাল তঙাল [ৰূঃ]

তৰাং তৰিং [ধঃ]

তৰকাৰী লেব্‌ৰা [শঃ]

তৰপ খলপ [শঃ]

তৰমুজ খেৰমুজাং [শঃ]

তৰুণ তুৰুণ [ধঃ]

তৰোৱাল থুংৰি [শঃ]

তৰ্জু যতুলাচনী পাল্লা [শঃ]

তলা তালা [ধঃ]

তলী তুলি [ধঃ]

তহঁতযতোমালোক তন্তে [শঃ]

তাম তামা [ধঃ]

তামাচা তাম্‌চা [ধঃ]

তামোল তামুল[ধঃ]

তালৈ তাৰলাগি [ৰূঃ]

তাৰা-তাৰি উখা-মুখা [শঃ]

তাৱৈ তাৱাইয তাৱেই [ধঃ]

তাহানি কিহিনবা [শঃ]

তিত্‌ ভিজযজিক [শঃ]

তিতা তিত্‌তা [ধঃ]

তিতামৰা জালুৱৈ মেস্তা [শঃ]

তিয়ঁহ তিয়া [ৰূঃ]

তিৰোতা তিৰী [ধঃ]

তিয়নি গাম্‌ছা, মুক্‌ছা [শঃ]

তুচ্ছ ভেং [শঃ]

তুতীয়া ততেয়া [ধঃ]

তুলসী তুল্‌সী [ধঃ]

তেঁতেলী তিত্‌লী [ধঃ]

তেতিয়া তিতানয তিতা [শঃ]

তেনেকুৱা তেনেকা [ধঃ]

তেৰি-মেৰি তিৰি-বিৰি [শঃ]

তেলাল তেলাময তেল্‌মা [শঃ]

তেলীয়া তিলুৱা [ৰূঃ]

তোক তক [ধঃ]

তোকমা [গছ] তোক্‌না [ৰূঃ]

তোমাৰ তুমাৰ [ধঃ]

তোৰা মাছ তৰা মাছ [ধঃ]

তোলা তোলৌ [ৰূঃ]

তোলা [আশী ৰতি] তলা [ধঃ]

“থ”

মান্য অসমীয়া শৰণীয়া কছাৰী

থ’ যথোৱা থৌ [ধঃ]

থকা-থমকা হোঁহুকা- পিছ্‌লা [শঃ]

থপথুপীয়া থুপথুপীয়া [ধঃ]

থপৰিয়া থাপৰিয়াও [ৰূঃ]

থপিয়া থাপিয়াওযথাপচাং [ৰূঃ]

থব থবু [ৰূঃ]

থবলৈ থবালাগি [শঃ]

থৰুৱা থোৰা [ৰূঃ]

থলে থলা [ৰূঃ]

থলো থলুং [ৰূঃ]

থাউনি থানি [ৰূঃ]

থাক থাকৌ [ধঃ]

থাকিব থাক্‌বু [ধঃ]

থাকিবলৈ থাকবালাগি [ৰূঃ]

থাকিছিল থাক্‌ছিল [ধঃ]

থাপনা থাপ্‌না [ধঃ]

থাম থামৌ [ধঃ]

থামিব থাম্‌ব্‌ু [ধঃ]

থামিবলৈ থাম্‌বালাগি [ৰূঃ]

থিতাতে থিত্‌তে [ধঃ]

থিয় থিয়া [ৰূঃ]

থুঁত ৰি ধুথ্‌ৰি [শঃ] [বড়ো শব্দ]

থুকুচ থিক্‌চি [ধঃ]

থুপ থপা [ধঃ]

থুপুৰি [কৰ] থুপ্‌ৰি [কৰৌ] [ধঃ]

থেকেচ থেক্‌চা [ধঃ]

থেকেৰা [টেঙা] থেক্‌ৰা [ধঃ]

থেপাথেপি থেপ্‌থেপীয়া [ধঃ]

থৈছিল থছিল য থুছিল [ৰূঃ]

থৈলা বস্তা [শঃ]

থোক থক [ধঃ]

থোকা থান্‌কা [ধঃ]

থোকা-থুকি থকা-থকি [ধঃ]

থোপা থপাযথোপ্‌না[ৰূঃ] যঝংক্লা [শঃ]

থোপোৰা থপ্‌ৰা [ধঃ]

থোৰ থৰ [ধঃ]

“দ”

মান্য অসমীয়া শৰণীয়া কছাৰী

দই [বাঁহৰ] খাটি [শঃ]

দঁতীয়া দাঁতিয়া [ধঃ]

দঁতুৱা দাঁতুৱা [ধঃ]

দগা দাগা [ধঃ]

দন্দুৰা খুট্‌খুটিয়া [শঃ]

দবৰা-দবৰি দব্‌ৰা-দব্‌ৰি [ধঃ]

দবাৰ [ৰে’লৰ] দাবা [ধঃ]

দবা২ [খেল] দাবা [ধঃ]

দ’ম দাম [ধঃ]

দমকল দংকল [ৰূঃ]

দমৰা ৰ দাম্‌ৰা [ধঃ]

দমৰা২ চিউতি [শঃ]

দমলা-দমলি দম্‌লা-দম্‌লি [ধঃ]

দৰমহা দৰমাহা [ধঃ]

দলা [মাটিৰ চপৰা] দলি [ধঃ]

দলং দামল [শঃ] [বড়ো শব্দ]

দশা দখা [ধঃ]

দহ দচ্‌ [ধঃ]

দহিকতৰা [চৰাই] বাৰিকুণ্ডিযবাধেকুণ্ডি [শঃ]

দক্ষিণ দুখ্‌খিণ [ৰূঃ]

দা দাও [ৰূঃ]

দাইল দালি [ৰূঃ]

দাগ সাঁচ [শঃ]

দাঙ্‌ দাঙৌ [ৰূঃ]

দাঙিব দাংবু [ধঃ]

দাঙিবলৈ দাংবালাগি [ৰূঃ]

দাঙিছিল দাংছিল [ধঃ]

দাপনা দাপ্‌নাযদাপানা [ধঃ]

দাৰোগা দাৰ্‌গা [ধঃ]

দাৰোৱান দাৰ্‌ৱান [ধঃ]

দালমুট চেনাচুৰ [শঃ]

দিওঁ দিংযদেং [ৰূঃ]

দিগদাৰ হজ্জেতি [শঃ]

দিব দিবু [ৰূঃ]

দিবলৈ দিবালাগি [ৰূঃ]

দিলে দিলা [ৰূঃ]

দিলো দিলুং [ৰূঃ]

দিয়াচলাই দেচ্‌লাই [ধঃ]

দীগজোৱা [কল] দীগ্‌জয় [ধঃ]

দীঘ দীগ [ধঃ]

দীপান্বিতা দেৱালী [শঃ] [হিন্দীমূলীয়া]

দুপৰীয়া দ্বিপ্‌ৰা [ধঃ]

দুমুৰি [ফটা কাপোৰ দুটা মূৰ লগলগাই সীয়া] দুমৰিয়া [ৰূঃ]

দুৰ্দশা দুৰ্দখা [ধঃ]

দুৰ্বল লেৰপিঙিয়া [শঃ] [বড়ো শব্দ]

দুৱাৰ দৰ্জা [শঃ]

দুৱাৰডলি দুৱাৰ গুন্নাযদুৱাৰ গৈৰা [শঃ]

দুষ্ট দুষ্টু [ধঃ]

দূ বৰি দুব্‌ৰি [ধঃ]

দে দি [ৰূঃ]

দেউকা ডেনা [শঃ]

দেখ, দেখা দিখৌ [ৰূঃ]

দেখিব দিখবু [ৰূঃ]

দেখিলো দিখিলুং [ৰূঃ]

দেখিবলৈ দিখবালাগি [ৰূঃ]

দেখিছিল দিখ্‌ছিল [ৰূঃ]

দেখোন দেখোঁ [ধঃ]

দেৰি দিৰি [ধঃ]

দেহ দেহা[ধঃ]

দেহি ঐ দেহা ঐ [ধঃ]

দোং দং [ধঃ]

দোকান দকান [ধঃ] [বড়ো শব্দ]

দোঘৰা দহ্‌ৰা [শঃ]

দোছোৰা[বেলেগ] দছ্‌ৰা [ধঃ] [হিন্দীমূলীয়া]

দোতলা [মহলীয়া] দুইতালা [ধঃ]

দোতৰা জোতৰযজত্‌ৰা [ধঃ]

দোধোৰ-মোধোৰ দধৰ-মধৰ [ধঃ]

দোনা [কলৰ] দনা [ধঃ]

দোপা দপাও [ৰূঃ]

দোবালপিতা দবালপিতা [ধঃ]

দোমাহী দমাহী [ধঃ]

দোমোজা দমজা [ধঃ]

দোবোল দাবল [ধঃ]

দোৰ্পতি [তঁাতশালৰ সঁজুলি]দুৰেপতি [ৰূঃ]

দোল দুল [ধঃ]

দোলা দলা [ধঃ]

দোৱাত দৱাত [ধঃ]

দোৱান [উপভাষা] দৱান [ধঃ]

দোষ দষযদখ [ধঃ]

দোহাই দহাই [ধঃ]

দোহোৰাই দহৰাই [ধঃ]

দৌৰ দাউৰউ [শঃ]

দৌৰিলে দাউল্লা [ৰূঃ]

দৌৰিব দাউৰবু [ৰূঃ]

“ধ”

মান্য অসমীয়া শৰণীয়া কছাৰী

ধঁতুৰা ধুঁত্‌ৰা [ধঃ]

ধকৰি ধুক্‌ৰি [ধঃ]

ধদুৱা ধুদুৱা [ধঃ]

ধনিয়া ধুনিয়া [ধঃ]

ধনু ধিনু [ধঃ]

ধপলা ধেপ্‌লা [ধঃ]

ধমকী ধম্‌কি [ধঃ]

ধৰযধৰাযধৰক ধৰৌ [ৰূঃ]

ধৰো ধৰং [ৰূঃ]

ধৰিব ধুৰবুযধৰবু [ৰূঃ]

ধৰিছে ধৰ্‌ছি [ধঃ]

ধৰিলে ধৰ্‌লাক[ৰূঃ]

ধৰিবলৈ ধৰবালাগি [ৰূঃ]

ধৰিছিল ধৰছিল [ৰূঃ]

ধৰুৱা ধাৰুৱা [ধঃ]

ধৰোতা ধৰংতা [ৰূঃ]

ধাউতি ধাণ্ডা [শঃ]

ধাকুৰ ধাক্‌ৰাও [ৰূঃ]

ধাদুমী লুধুমী [শঃ]

ধিতিঙা ধুতুঙা [ৰূঃ]

ধীৰ লেজী [শঃ] [ইংৰাজী]

ধুঁৱলী-কুঁৱলী ধুংলী-মুংলী [শঃ]

ধুচা ধচা [ধঃ]

ধুনীয়া থোগুৱা [শঃ]

ধুম-পিতা ধুমা-পিতা [ধঃ]

ধূলি ধূলা [ধঃ]

ধূসৰ ধসৰ [ধঃ]

ধেঁকুৰা ধিক্‌ৰা [ধঃ]

ধেনু ধিনু [ধঃ]

ধৈৰ্য্য ধইজ [শঃ]

ধোকা হম্‌কা [শঃ]

ধোদ ধুদুৱা[ধঃ]

ধোঁৱা ধুঙা [শঃ]

ধোন্দ ধন্দল [শঃ]

ধবংস ধংখ [শঃ]

“ন”

মান্য অসমীয়া শৰণীয়া কছাৰী

ন নৌ [ধঃ]

নকৰিবি নকৰ্‌বি [ৰূঃ]

নঙঠা লাংটা [শঃ]

নচুৱা নুচৱাও [ৰূঃ]

নগ’লি নিগিলি [ৰূঃ]

নতুন নুতুন [ধঃ]

ননদ নন্‌দাক [শঃ]

নমুনা নুমুনা [ৰূঃ]

নম্বৰ লম্বৰ [ধঃ]

নৰা নাৰা [ধঃ]

নৰিয়া নাৰিয়া [ধঃ]

নৰ্দমা আটিয়া [শঃ]

[মূল বড়ো শব্দ- আথিয়া]

নলা নালা [ধঃ]

নলীয়া নালীয়া [ধঃ]

নবান্ন ন’ৱান য নোৱান [শঃ]

নবৌ বৌ[শঃ]

নহৰু নেহুৰযনিহুৰযৰহুনয ৰচুন[শঃ]

নাইলন লাইলন [ধঃ] [ইংৰাজী]

নাগাৰা নাগ্‌ৰা [ৰূঃ]

নাঙঠা লাংটা [ৰূঃ] [বড়ো শব্দ]

নাঙল নাঙাল [ধঃ]

নাচ নাচৌ [ৰূঃ]

নাচিব নাচবু [ধঃ]

নাচিবলৈ নাচ্‌বালাগি [ৰূঃ]

নাচনী নাচুনী [ৰূঃ]

নাৰ্জী গেন্ধেইমাল্‌তি [শঃ]

নাতি নাতিয়া [শঃ]

নাভি নাই [শঃ]

নামঘৰ গহাই যগঁসাই ঘৰ [শঃ]

নাড়ী-ভূৰু ভ [শঃ]

নিগনি নিংনি [ৰূঃ]

নিগনি [ডাঙৰ জাতৰ] দাল্‌সোলিয়া [শঃ] [বড়ো শব্দ]

নিগৰা নিগ্‌ৰি [ধঃ]

নিচিনা নিচ্‌নাযবাদি [ধঃ]

নিচেই এক্কেবাৰে [শঃ]

নিজম নিজাম [ধঃ]

নিজৰণি নিজৰেণি [ধঃ]

নিতম্ব তাপিলা [শঃ]

নিজে গাই [শঃ]

নিলে নিলা [ধঃ]

নিব নিবু [ধঃ]

নিবলৈ নিবালাগি [ৰূঃ]

নিমখ নিমুক [ধঃ]

নিয়ৰ নিহাৰ [শঃ]

নিৰাশা নিৰাখা [ধঃ]

নিষেধ নিখেদ [ধঃ]

নুনী গছ মিচ্‌কৰি [শঃ]

নুমলীয়া নুম্‌লীয়া [ধঃ]

নুমা নুমাও [ৰূঃ]

নুমাব নুমাবু [ধঃ]

নুমাবলৈ নুমাবালাগি [ৰূঃ]

নুমাইছিল নুমাছিল [ধঃ]

নৃত্য নিত্য [ধঃ]

নে নি [ৰূঃ]

নেউল নিউল [ধঃ]

নেকি নিকি [ধঃ]

নেছা [সূতা] লেছা [ৰূঃ]

নেজ লিতুং [শঃ]

নেমুটেঙা তুলাটেঙা [শঃ]

নেৰা-নেপেৰা নেৰা-নেপ্‌ৰা [ধঃ]

নৈৱেদ্য নৈবাদ [ধঃ]

নোম লোমযলম [ধঃ]

নোৱাৰো নৰং [ৰূঃ]

নোৱাৰো ন’ৰা[ৰূঃ]

নোহোৱা নহৱা [ধঃ]

“প”

মান্য অসমীয়া শৰণীয়া কছাৰী

পইচা পুইচ [ধঃ]

পইতা পন্তা [ৰূঃ] [বড়ো শব্দ]

পইঁতাচোৰা তেলভুৰ্‌কি [শঃ]

পকা পাকা [ধঃ]

পকী পাকা [ধঃ]

পকোৱা পকাৱা [ধঃ]

পখৰা পখ্‌ৰা [ধঃ]

পখিলা চক্‌ৰি [শঃ]

পগলা পাগ্লা [ধঃ]

পগা পগাও [ধঃ]

পশ্চিম পছিম [ধঃ]

পটল পটাল [ধঃ]

পটলুং পাটলুং [ধঃ]

পটি পুটি [ধঃ]

পটুৱা পুটুৱা [ধঃ]

পঠা পাঠায ভেবেৰা [শঃ][বড়োশব্দ]

পতংগ পকা [ধঃ]

পতি পৈয়াক [শঃ]

পথৰুৱা পথাৰুৱা [ধঃ]

পথালি পথলিয়া [ৰূঃ]

পদুম পদম [ধঃ]

পনীয়ল পইলাম [শঃ]

পনীয়া পানীয়া [ধঃ]

পমুৱা পামুৱাই [ধঃ]

পৰৰ লকৰ [শঃ]

পৰথা পৰ্‌থা [ধঃ]

পৰহি পুৰখিদিনা [ৰূঃ]

পৰা পেৰেয পে [ৰূঃ]

পৰিত্যক্ত বাৰী চনবাৰী [শঃ]

পৰুৱা পকা [শঃ]

পৰুৱা [ভুলবাটে যোৱা] পুঙাই ফুৰুৱা [শঃ]

পৰো পৰং [ৰূঃ]

পৰোৱা কেৰেপ [শঃ]

পলক টল্‌কা [শঃ]

পলা পলাও [ৰূঃ]

পলু পুলু [ধঃ]

পŒI×ন প্লাটন [ৰূঃ]

পশু পুশু [ধঃ]

পহৰা পহ্‌ৰা [ধঃ]

পহিল পহিলা [ধঃ]

পাওঁ পাং [ৰূঃ]

পাঁজৰ [কাষ] পাঁজাৰ [ধঃ]

পাখি পাখা [ধঃ]

পাগল পাগ্‌লা[ধঃ]

পাগুৰি পাগ্‌ৰি [ধঃ]

পাচি খাদা [শঃ] [মূল বড়ো]

পাচি [ডাঙৰ] দুক্‌লা [শঃ] [বড়ো শব্দ]

পাত পাতৌ [ধঃ]

পাতল পাত্‌লা [ধঃ]

পাতলামি পাত্‌লিঙা [শঃ]

পাতিছো পাতছুং [ধঃ]

পাতিছা পাত্‌ছা [ধঃ]

পাতিব পাত্‌বু [ধঃ]

পাতিলো পাত্‌লুং [ৰূঃ]

পাতো পাতং [ৰূঃ]

পাথৰ পাত্থৰ [ধঃ]

পাদ [অপান বায়ু] পাদা [ধঃ]

পাদুৰা পাদ্‌ৰা [ধঃ]

পানী-পোতা পানী-পঁচা [শঃ]

পানী পোতা আধ্‌লাযআধিলা [শঃ]

পানী-পতা দহৰা [শঃ]

পাৰ [চৰাই] পাৰা [ধঃ]

পাৰা পাৰৌ [ধঃ]

পাৰিলো পাৰিলুং [ৰূঃ]

পাৰ্গতালিযদক্ষতা খুম [শঃ]

পাল [কামৰ নিদ্দিৰ্ষ্টসময়] পালা[ধঃ]

পালো পালুং [ৰূঃ]

পাব পাবু [ধঃ]

পাবলৈ পাবালাগি য পাবা[ৰূঃ]

পি পিয়াও [ৰূঃ]

পিছত ফেলে [শঃ]

পিঁজৰা ি পজ্‌ৰা [ধঃ]

পিতা পিতেই[ৰূঃ]

পিন্ধ পিন্ধউ [ধঃ]

পিপৰা পিপ্‌ৰাযপিপৰাং [ৰূঃ]

পিৰালি কাথি [শঃ]

পুখুৰী পুখ্‌ৰি [ধঃ] [বড়ো শব্দ]

পুতল পুতাল [ধঃ]

পুতল [কাপোৰৰ] পানা[শঃ]

পুতেক পুতাক [ধঃ]

পুনৰ দুনাই [শঃ]

পুৰণি পুৰাণ [ধঃ]

পুৰাকল কাচকল[শঃ]

পুল পুলুং [ৰূঃ]

পুৱা পুৱ [ধঃ]

পূঁজ পুছ [ৰূঃ]

পূৰ্ণিমা পূৰ্ণি [ধঃ]

পূৰা পূৰাও[ৰূঃ]

পূজাৰ অধিবাসৰ দিন গন্ধ [শঃ]

পূৰঠ পূৰাঠযগোহাৰি[ওদালগুৰি] [শঃ]

পূৰৈ পুঁই [ধঃ]

পৃথক ফাৰাক [শঃ]

পেঙা পেংতা [ৰূঃ]

পেচাপ মুতা [শঃ]

পেটু ভ [শঃ]

পেটুৱা পেট্‌লা [ৰূঃ]

পেপুৱা পিপুৱা [ধঃ]

পেলনি পেলানি [ধঃ]

পেলালে পেল্লা [ধঃ]

পেলু পিলু [ধঃ]

পোক পকা [ধঃ]

পোকৰ কুটি [শঃ]

পোখা পখা [ধঃ]

পোছাক পছাক [ধঃ]

পোণ পণ [ধঃ]

পোত পোতৌ [ধঃ]

পোন [সৰল] পনযচিধাযশল্‌শুলীয়া [শঃ]

পোনা পনা [ধঃ]

পোৰণি ফৰ্ফৰা [শঃ]

পোলা [ডাঙৰ মুঠা] সতা [শঃ]

পোৱা পাৱা[ধঃ]

পোৱালি ছানায চলি[মানুহ] [শঃ]

পোহ পোহৌ [ধঃ]

পোহৰ পহৰ[ধঃ]

প্ৰচুৰ দেধাৰ [শঃ]

প্ৰথম পথম [ধঃ]

প্ৰধান পধান [ধঃ]

প্ৰসাদ গাজি [শঃ]

প্ৰায়চিত্ত পৰাচিত [শঃ]

“ফ”

মান্য অসমীয়া শৰণীয়া কছাৰী

ফইদা ফাইদা [ধঃ]

ফক্‌ফকা ফক্‌ফকীয়া [ৰূঃ]

ফকৰা ফক্‌ৰা [ধঃ]

ফট্‌কৰে ফট্‌ককে [ৰূঃ]

ফট্‌ফটীয়া জল্‌জলীয়া [শঃ]

ফটা ফাটা [ধঃ]

ফটাকানি কানিচিৰা [শঃ]

ফটুৱামি বাৰে ফুক্‌টি [শঃ]

ফৰকাল ফইলাং [শঃ]

ফৰিং ফিৰুং [ৰূঃ]

ফাক ভোলোঙা [শঃ]

ফাকতি ফাক্‌তি [ধঃ]

ফাজিল [কথকি] ফক্কৰ [শঃ]

ফাতেক ফাতাক [ধঃ] [বড়োশব্দ]

ফাপৰে ধৰা ফাফ্‌ৰে ধৰা [ধঃ]

ফালে দিগি [শঃ]

ফালেঙী ফাল্‌ঙী [ধঃ]

ফিক ফিকৌ [ৰূঃ]

ফুকা ফুকাও [ৰূঃ]

ফুচ্‌-ফাচ ফাচাং-ফুচুং[ৰূঃ]

ফুচুলা ফুচলায় [ধঃ] [বড়ো শব্দ]

ফুটা ফুটৌ[ধঃ]

ফুটিব ফুট্‌বু [ধঃ]

ফুটিবলৈ ফুট্‌বালাগি [ৰূঃ]

ফুটিছিল ফুট্‌ছিল[ধঃ]

ফুটনি ফুটানি [ধঃ]

ফুচলামি ফাচ্‌লামি [ধঃ]

ফুৰ ফুৰৌ[ধঃ]

ফুৰিব ফুৰ্‌বু [ধঃ]

ফুৰিবলৈ ফুৰ্‌বালাগি [ৰূঃ]

ফুৰিছিল ফুৰ্‌ছিল [ধঃ]

ফুলনি ফুলুনি[ধঃ]

ফেদেলা ফেদ্‌লা [ধঃ]

ফেপেৰি ফাপ্‌ৰি [ধঃ]

ফেৰেঙণি ফেক্‌না যফেৰ্‌ঙা [ধঃ][বড়ো শব্দ]

ফেঁহু ফিন্‌চু য ফেঞ্চু [ধঃ]

ফোঁট ফ’টা [ধঃ]

ফোঁপ ফঁফ [ধঃ]

ফোঁপোলা ফঁফ্‌লা [ধঃ]

ফোপা ফপাও [ধঃ]

ফোৰাযফোঁহা দব্‌ৰা [শঃ] [বড়ো শব্দ]

“ব”

মান্য অসমীয়া শৰণীয়া কছাৰী

বইজাত বইজ্জাত [ধঃ]

বংশ ভাগি [শঃ]

বকটা বখ্‌লা [শঃ]

বকটু [বাঁহৰ বুক অংশ] বুক্‌টা [ধঃ]

বকলা [গছৰ] বাক্‌লা [ধঃ]

বকুল বুকুল [ধঃ]

বগলী বুগ্‌লা [শঃ]

বগৰা বাগ্‌ৰাও [ৰূঃ]

বগৰি বুগ্‌ৰি [ধঃ]

বগুৱা বগাৱা [ধঃ]

বঙিয়াযবঁকিয়া আলি [শঃ]

বচা [ৰক্ষাকৰ] বাচাও [ৰূঃ]

বছা বাছা [ধঃ]

বজাৰ বাজাৰ [ধঃ]

বজৰুৱা বজাৰীয়া[ৰূঃ]

বটল চিছা [শঃ]

বটালী বাট্‌লী [ধঃ]

বটীয়া [মাছ] বুটীয়া [ধঃ]

বঠা বৈঠা [ধঃ]

বঢ়া বাঢ়া [ধঃ]

বতৰ বতাৰ [ধঃ] [বড়ো শব্দ]

বতাহ বতা [ধঃ]

বন্দুক হিলাই [শঃ]

বদুৱা [ধাৰ নথকা] বটুৱা [শঃ]

বনা [খুন্দা] বানা [ধঃ]

বন্ধা বান্ধা [ধঃ]

বমি কৰা বাঁতিওৱা [শঃ]

বৰজনা ভাই শুহুৰাক [শঃ]

বৰটি দৱান [শঃ]

বৰশী বৰ্‌খী [ৰূঃ]

বৰটোকোলা হাৰাম টক্‌লাযহাড়গিলা [শঃ]

বৰষুণ বুৰখুন য বুৰখান[শঃ]

বৰাধান বুন্নিধান [শঃ]

বৰালি [মাছ] বুল্লি [শঃ]

বৰ্ণশংকৰ দমেইচা [শঃ] [বড়ো শব্দ]

ব্ৰহ্মপুৱা বেৰেত পুৱা [শঃ]

বশ কৰ সেও মানাও [শঃ]

বস্তি বাৰী [শঃ]

বহ বহৌ [ধঃ]

ব’হাগ বৈহাগ [ধঃ]

বহুত ধেৰয দামা[ওদালগুৰি] [শঃ]

বাইদেউ বাই [ধঃ]

বাওঁহতীয়া লেব্‌ৰা [শঃ] [বড়ো শব্দ]

বাওকা বাংকা [ৰূঃ]

বাওনা গাথিয়া [শঃ]

বাঁক কাক্‌ৰাবাঁক [শঃ]

বাক ঢালৌ [শঃ]য বাকৌ [ধঃ]

বাখৰ বাখাৰ [ধঃ] [বড়ো শব্দ]

বাগিচা বাগান [শঃ]

বাগৰ বাগ্‌ৰৌ [ধঃ]

বাচন বাচান [ধঃ]

বাটুল গুটি বাটলি গুটি [ধঃ]

বাঢ়নী বাইহিনী [শঃ]

বাঢ়িব বাঢ়িবু [ধঃ]

বাদিয়াৰ বাজানদাৰ [শঃ]

বাদুলি বাদ্‌লি [ধঃ]

বাধা মানা [শঃ]

বান্দৰ বান্দাৰ [ধঃ]

বান্ধ বান্ধৌ [ৰূঃ]

বাম বোৰি য তৰিং[শঃ] [বড়োশব্দ]

বাৰে ৰহনীয়া বাৰবিব্‌দা [শঃ]

বাৰ্তা বাত্ৰা [ধঃ]

বাহ বাহা [ধঃ]

বাঁহৰ চোঁচ ঝেজ্‌লা [শঃ]

বাহিৰত বাইজতযবাইঝতযবাহেৰত [ধঃ]

বাহক বাহাকা [ধঃ]

বাহনা বাহানা [ধঃ]

বাহিৰত বাইজত [শঃ]

বিকটা বেক্‌টা[ধঃ]

বিঘিনি বিঘ্‌নি [ধঃ][বড়ো শব্দ]

বিচৰা বিচ্‌ৰাও[ৰূঃ]

বিচনী বিচ্‌নিযভিচ্‌নি [ধঃ]

বিছনা বিছ্‌না [ধঃ]

বিজল বিজাল [ধঃ]

বিজুলী বাঁহ বিজ্‌লি বাঁহ[ধঃ]

বিদাৰ্‌ বিদ্ৰি দে [ধঃ]

বিবাহ বিয়া [শঃ]

বিয়নী বিয়ানী [ধঃ]

বিয়ৈ বিয়াই [ৰূঃ]

বিলৈ বিলাই [ৰূঃ]

বিশৃংখল খেলেংখেচেং [শঃ]

বিহলঙনী [গছ] বিহলঙী [শঃ]

বিহুৱান বিহান [শঃ]

বিষ্ঠা গূ [শঃ]

বুজি পা মালুম [শঃ]

বুটাম গুদাম [শঃ]

বুঢ়া বুৰা [ধঃ]

বুঢ়ী বুৰী [ধঃ]

বুঢ়া আঙুলি লেঠু [শঃ]

বুন্দা ভন্দা [ৰূঃ] [বড়ো শব্দ]

বুন্দি ভন্দি [ৰূঃ] [বড়ো শব্দ]

বুল্‌বুলি [চৰাই] পাটুলকা [শঃ]

বৃহস্পতি বিৰাচপোতি[ধঃ] [বড়ো শব্দ]

বেঁকা কেক্‌ৰায টেঁৰা [শঃ]

বেগেতে জলদি [শঃ][বড়ো শব্দ]

বেঙেনা বাংনায বেংনা [ধঃ]

বেচি বিচি [ধঃ]

বেজি বিজি [ধঃ]

বেটী বিটি [ধঃ][হিন্দীমূলীয়া]

বেণী চেলেই [শঃ]

বেন্সি [ইংৰাজী] বেৰেন্সি [ধঃ]

বেৰ বেৰা[ৰূঃ]

বেৰৰ ফাঁকেৰে চা খখ্‌ৰাই চা [শঃ]

বেলিকা বিলিকা [ধঃ]

বেঁৱা [নাঙলত মৰা খিলা] বেঙা [শঃ]

বেয়া বুদ্ধিৰ লোক খেচ্‌ৰায খেচ্‌ৰী [স্ত্ৰী] [শঃ]

বোকা পতযপেয়াক [শঃ]

বোকা চাউল বকা চাউল [ধঃ]

বোকোচা বকা [শঃ]

বোজা বজা [ধঃ]

বোটল বট্‌লাও[ৰূঃ]

বোপা বাপা [ধঃ]

বোবা বেঙ্‌ৰা [শঃ]

বোমা বমা[ধঃ]

বোৰ [বহুবচন] মখায গিলা য সপা [ৰূঃ]

বোলে বেলেই [ধঃ]

বোৱাৰী আপিযবৈৰাক [শঃ]

ব্যৱহাৰ বেবহাৰ [ধঃ]

ব্যায়াম বিয়াম [ধঃ]

ব্লাউজ বেলাউজ [ধঃ] [ইংৰাজীমূলীয়া]

“ভ”

মান্য অসমীয়া শৰণীয়া কছাৰী

ভঁৰাল ভাখ্‌ৰি [ধঃ]

ভকুৱা[মাছ] ভুক্‌ৱা [ধঃ]

ভগা ভাঙা [ধঃ]

ভগ্নী যভনী বৈনী য বইনাক[শঃ]

ভচহু ভুচুহু [ধঃ]

ভ জা [সিদ্ধ কৰা] ভাজা [ধঃ]

ভঠেলি ভঠালি [ধঃ]

ভতিজা ভাৰ্জিয়া [শঃ]

ভতুৱা বুতুৱা [ৰূঃ]

ভনীজোৱাই বৈনাই [মূল বড়ো]যকুৰৰ্মা [শঃ]

ভমলা ভংলা [ৰূঃ]

ভৰা ভৰাও [ৰূঃ]

ভৰ্কা [উহ] ভুমুক [শঃ]

ভৰ্তি ভুৰ্তি[ধঃ]

ভলুকা ভুৰ্‌কা [ৰূঃ]

ভয় ডৰা [শঃ]

ভাই সদ্‌ডেকা [শঃ]

ভাঙি-ছিঙি ঢাঁহি-মুহি [শঃ]

ভাকুটকুটা কাইকুটা [শঃ]

ভাগৰ ভাগাৰ [ধঃ]

ভাগিন ভাগ্‌না [ওদালগুৰি][ধঃ]

ভাঙ ভাঙৌ [ৰূঃ]

ভাঙোন ভাঙন[ধঃ]

ভাঁজ ভাজুৱা যফেটা [শঃ]

ভাজ ভাজৌ [ৰূঃ]

ভাজি [তৰকাৰী] লাব্‌ৰা [শঃ]

ভাঁপ ভাঁফ [ধঃ]

ভাঁপত দিয়া পিঠা হাড়িমূৰা [শঃ]

ভাব ভাবৌ [ৰূঃ]

ভাৱনা ভাব্‌না [ধঃ]

ভিনিহী ভিনী [ধঃ]

ভীমকল আঠিয়াকল [শঃ]

ুভু ভু-ভা [ৰূঃ]

ভুটীয়া ভুট্‌টীয়া[ৰূঃ]

ভুবুৰিয়া ভুবুৰা [ধঃ]

ভুমুকি ভুম্‌কি [ধঃ]

ভুমুকিয়াই খখ্‌ৰাই [শঃ]

ভুৰ ভেল [শঃ]

ভুৰুকিয়া ভুৰ্‌কাও [ৰূঃ]

ভুলা ভুলাও [ৰূঃ]

ভূজপাত ভজপাত [ধঃ]

ভেঁকুৰ লাফু [শঃ]

ভেকুৰী তিতা বেলকুৰি তিতা[শঃ]

ভেকুলী ভেক্‌লা যভক্‌লাযভেক্‌লি [ধঃ]

ভেঁকো-ভাওনা বাদি-ভাওনা [শঃ]

ভেকোলা ভক্‌লা [ধঃ]

ভেঁটফুল মুকুৱা [শঃ] [বড়ো শব্দ]

ভেটা ভিটৌ [ধঃ]

ভেটি ভিঠা [ৰূঃ]

ভেণ্ডি ভিণ্ডি [ধঃ]

ভেদাইলতা পাদ্‌ৰী লতা [শঃ]

ভেনামাখি ভেণ্ডামাখি[ৰূঃ]

ভেম ফুটনি [শঃ]

ভেলেকা ভেল্‌কা [ধঃ]

ভোক ভখ [ধঃ]

ভোজ ভজ [ধঃ]

েভাজনী ভুজ্‌নী [ধঃ]

ভোটজলকীয়া বঙলাজলা যভবৰাজালা [শঃ]

ভোটা ভটা [ধঃ]

ভোটোকা ভঠ্‌ৰা [শঃ]

েভাটোঙা ভটঙা [ধঃ]

ভোদা ভদা [ধঃ]

ভোবোৰা ভব্‌ৰা[ধঃ]

ভোমোৰা েভাম্‌ৰা [ধঃ]

েভাৰেভাৰা ভৰভৰা [ধঃ]

েভালা ভ’লা [ধঃ]

ভোলা বেঙেনা ভলা বাংনা [ৰূঃ]

ভোলানাথ ভলানাথ [ধঃ]

ভোলোঙা ভংলা [ৰূঃ]

ভ্ৰুক্ষেপ ভক্ষেপ [ৰূঃ]

“ম”

মান্য অসমীয়া শৰণীয়া কছাৰী

মকৰা মাক্‌ৰা [ধঃ]

মকামিলা মকাবিলা [শঃ]

মকাল বাঁহ মকল বাঁহ [ধঃ]

মঙল চা থিক্‌না চা [শঃ]

মঙহ মাংছ [শঃ]

মচা মুচা [ধঃ]

মচিলে মুচিলং [ৰূঃ]

মচলা মচ্‌লা [ধঃ]

মচুৰ মুচুৰ [ধঃ]

মছুৱা মাছুৱা [ধঃ]

মজ [মোহিত হ] মজা [ধঃ]

মজিয়া মইঝাযমুজিয়া [ৰূঃ]

মটীয়া মাটীয়া[ধঃ]

মঠঙা মঠননীয়া [ৰূঃ]

মতা মুন্‌হি [শঃ]

মতা জন্তু ভন্দা [শঃ]

মথাউৰি মাথাউৰি [ধঃ]

মদৰ উচিষ্ট মেৰা [শঃ]

মদপী মদাপী [ধঃ]

মধুৰিআম সফ্‌ৰাংযসুফ্‌ৰাংযসুফিৰাম [শঃ]

মনাকচু চানাকুচু [ধঃ]

মনি বেগ মানি বেগ [ধঃ]

মনোবল মনবল [ধঃ]

মনোবাঞ্ছা মনবাঞ্ছা [ধঃ]

মনোবৃত্তি মনবিত্তি [ধঃ]

মনোনীত মননীত [ধঃ]

মনোভাব মনভাব [ধঃ]

মনোমালিন্য মনমালিন্য [ধঃ]

মনোযোগ মনযোগ [ধঃ]

মনোমত মনমতন [ৰূঃ]

মনোমোহা মনমহা [ধঃ]

মন্দিৰ মুন্দিৰ [ধঃ]

মমৌ[সৰু ল’ৰাৰ লিংগ] মামু [শঃ]

মৰণা মাৰণ [ৰূঃ]

মৰণাৰ কেন্দ্ৰ থকা গৰু মিৰুণ [শঃ]

মৰহা মৰ্‌হি [ধঃ]

ম’ৰা মৈৰা [ধঃ] [বড়ো শব্দ]

মৰাপাট পটা [শঃ]

মৰিবলৈ ওলোৱা কাউলি কাৰা [শঃ]

মৰিশালী মৰাশালী য বাক্‌ৰা [ধঃ]

মৰি -হাজি মৰি-হজি [ধঃ]

মলঙা মল্‌ঙা [ধঃ]

মল্‌মলা মলমলীয়া [ৰূঃ]

মলহা [বন] মাল্‌হা [ধঃ]

মলি মল যময়লা [ধঃ]

ম’হ মুই [ধঃ]

মহীয়া মাহীয়া [ধঃ]

মহুৰা মুহুৰা [ধঃ]

মা মাই [ধঃ]

মাউৰা মামুৰা [শঃ]

মাকৈ মাকেইয মাকাই [ধঃ]

মাকো মাকু [ধঃ] [বড়ো শব্দ]

মাগী [বেশ্যা] ৰিন্‌ডি [শঃ]

মাজু মাইজং [ৰূঃ]

মাতী [স্ত্ৰী] মাইকা [শঃ]

মাতী জন্তু ভন্দি [শঃ]

মাদুলী মাদ্‌লী [ধঃ]

মাদুৰি [বন] মাদ্‌ৰি [ধঃ]

মাননী মানিনী [ধঃ]

মানিমুনি মানেইমুনি [ৰূঃ]

মানুহ মানু য মান্‌হু [ৰূঃ]

মামৈ তামোল গেৰ্‌গেই-তামুল [শঃ]

মাৰলি মাল্লি [ৰূঃ]

মাৰি বাৰি [শঃ]

মাৰো মাৰং [ৰূঃ]

মাৰৈ পূজা মাৰি পূজা [ধঃ]

মালপোৱা মালপৱা [ধঃ]

মাহ মা [ৰূঃ]

মাহীআই সত্‌য়ামাই [শঃ]

মিছামাছ নিচ্‌লামাছ[শঃ][বড়ো শব্দ]

মিঠা মিঠ্‌ঠা [ধঃ]

মিঠা আলু গৰিয়া আলু [শঃ]

মিঠাই মিঠেই [ৰূঃ]

মিচামিছি ফাংপুং [শঃ]

মিৰিকা মাছ মিৰ্‌গা মাছ [ধঃ]

মিলা মিলাও [ধঃ]

মিলিব মিলবু [ধঃ]

মিলিবলৈ মিলবালাগি [ৰূঃ]

মিলিছিল মিলছিল [ধঃ]

মিলন মিলামিলি [শঃ]

মিলেটেৰী মেলটাৰীয মেলেকটাৰী [শঃ]

মিহল মিহাল [ধঃ]

মুকলি সাৰাং যমোকাল [শঃ]

মুকুটীয়া [আধাসিজা] কুট্‌লা [শঃ]

মুখ মুক [ধঃ]

মুখ-ভেঙেচিয়া সিহ্‌ৰাৱা [শঃ]

মুখ-ঠেকেচা মুক-ঠেক্‌ছা [ধঃ]

মুখাল [মুখচোকা] মুখিয়াল [ৰূঃ]

মুখিয়াল মুৰব্বী [শঃ]

মুজা মুজ্‌ৰা [ৰূঃ]

মুঠি মুঠা [ধঃ]

মুথা মথা [ধঃ]

মুদ [জপা] মুজ [শঃ]

মুৰ্গী চৰাই [শঃ]

মূছকঁছ ফিত হৱা [শঃ]

মূধচ মূধ [ধঃ]

মূৰ মূৰা [ধঃ]যমাথা [ শঃ]

মূৰামুৰি টানি-মানি [শঃ]

মূৰ্খ বেলবুং [শঃ] [বড়ো শব্দ]

মেকুৰী মেক্‌ৰি য মিক্‌ৰি[ধঃ]

মেখেলা মেখ্‌লা [ধঃ]

মেখেলাৰ আঁচল খচ্‌ [শঃ]

মেচ্‌মেচীয়া ক’লা কিচ্‌কিচিয়া কুলা [শঃ]

মেটমৰা মেট্‌মেটীয়া [ৰূঃ]

মেটেকা মেট্‌কা [ধঃ]

মেঠোন [গৰু] মিথুন [ধঃ]

মেথি মিথি [ধঃ]

মেদেলা মেদ্‌লা [ধঃ]

মেমেৰা মেম্‌ৰা [ধঃ]

মেৰা মেৰাৱা [ৰূঃ]

মেৰুণ মিৰুন [ৰূঃ]

মেলাহি মেলামুৱা [শঃ]

ম্লেছ মেলেছ [শঃ]

মৈ মুই [শঃ]

মৈদা বঠী [শঃ]

মোক মক [ধঃ]

মোকট [ভাঁজ কৰা] মক্‌টা [শঃ]

মোকল মোকাল [ধঃ]

মোকোৰা মুক্‌ৰা [ধঃ]

মোখ মুখনি [ৰূঃ]

মোখোৰা মুখ্‌ৰা [ৰূঃ]

মোগোৰা মগ্‌ৰা [ধঃ]

মোচ গঁফ [শঃ]

মোচন মচন [ধঃ]

মোচৰ মচৰা [শঃ]

মোচোকা মট্‌কা [শঃ]

মোটা মটা [ধঃ]

মোটোকা মক্‌টা [শঃ]

মোনা মনা [ধঃ][বড়ো শব্দ]

মোমাই মমাযমামা [শঃ]

মোৰ ম’ৰ [শঃ]

মোৱা [পোক] ম’ৱা পকা [ধঃ]

মোৱা মাছ ম’ৱা মাছ [ধঃ]

মোহন মহন [ধঃ]

মোহনী মোহ্‌নী [ধঃ]

মোহৰ মহৰ [ধঃ]

মোহাৰ মহৰাও [ৰূঃ]

মৌকোষ মৌবাহা [শঃ]

মৌজোল মৌঝল [শঃ]

“য”

মান্য অসমীয়া শৰণীয়া কছাৰী

যঁজা দেউজা [শঃ]

যৱক্ষাৰ য-খাৰ [ধঃ] যখিনী জুখিনীযজখনী [ধঃ]

যথেষ্ট মেলা [শঃ]

যদি যুদি [ধঃ]

যক্ষ্মা টিবি [শঃ] [ইংৰাজী]

যহ যহা [ধঃ]

যাযযোৱাযযাওক যৌ [ৰূঃ]

যাঁও যাং [ৰূঃ]

যাব যাবু [ধঃ]

যাবলৈ যাবালাগি [ৰূঃ]

যাচ যাচৌ [ৰূঃ]

যিটো যিতু [ধঃ]

যিফালে যহায়য যিফ্‌লে [শঃ]

যিমান যেমান [ধঃ]

যিহকে-তিহকে যেংকে-তেংকে [ৰূঃ]

যুঁজা যুংজৌ [ৰূঃ]

যুটীয়া ঝুটীয়া [শঃ]

যুতিয়া ঝুতিয়াও [ৰূঃ]

যুৱলি যুংলী [শঃ]

যেতিয়া যিতানয যিত [শঃ]

যেনিবা যেন্‌বা [ধঃ]

যোঁত-জৰী যুত্‌নি-জুৰী [ধঃ]

যোকা[থোপা] ঝংক্লা [শঃ]

যোগাযোগ যগাযোগ [ধঃ]

যোগাৰ যগাৰ [ধঃ]

যোগালি যগালি [ধঃ]

যোজনা যজনা [ধঃ]

যোৰ যৰা [ৰূঃ]

যোৰাব যৰাবা [ধঃ]

যোৱা যাৱা [ধঃ]

যোৱা বছৰ আৰবছ্‌ৰা [শঃ]

যৌতুক উচুৰ্গা [শঃ]

যৌৱন যবন [শঃ]

“ৰ”

মান্য অসমীয়া শৰণীয়া কছাৰী

ৰখা ৰুখৌ [ৰূঃ]

ৰখিব ৰুখবু [ধঃ]

ৰখিবলৈ ৰুখবালাগি [ৰূঃ]

ৰখিছিল ৰুখছিল [ধঃ]

ৰঙা ৰাঙা [ধঃ]

ৰচিদ ৰুচিদ [ধঃ]

ৰছী ৰচা [ধঃ]

ৰজস্বলা চুৱায লাৰ্‌বা নৰা[হোৱা] [শঃ]

ৰ’দ ৰুদ [ধঃ]

ৰন্ধা ৰান্ধা [ধঃ]

ৰবৰ লবৰ [শঃ]

ৰবাব ৰবক টেঙা [ধঃ]

ৰভা ছায়ামাৰা [শঃ]

ৰমক-জমক ৰমক- ঝমক [ধঃ]

ৰস-গোল্লা গল্লা [ধঃ]

ৰাউচি আটাহ [শঃ]

ৰাখ ৰাখৌ[ৰূঃ]

ৰাখিব ৰাখ্‌বু [ধঃ]

ৰাখিবলৈ ৰাখ্‌বালাগি [ৰূঃ].

ৰাখিছিল ৰাখছিল [ধঃ]

ৰাগি নিচা [শঃ]

ৰাগি লগা ৰাঁই-জাই [শঃ]

ৰাঁচ [তাঁতশালৰ] ৰাহ [ৰূঃ] [বড়ো শব্দ]

ৰাজমিস্ত্ৰী পাকা-মিস্ত্ৰি [শঃ]

ৰাজহাঁহ ৰাজাহাঁহ [ধঃ]

ৰাজহাড় ৰাজহাড়া [ধঃ]

ৰান্ধনি ৰান্ধিনি [ৰূঃ]

ৰাশি ৰাখি [ধঃ]

ৰাস ৰাচ [ধঃ]

ৰাক্ষস ৰাইক [শঃ]

ৰিক্সা ৰিচ্‌কা [শঃ]

ৰিজাপ বাক্‌ৰা [শঃ]

ৰুমাল উৰমাল [ৰূঃ] [বড়ো শব্দ]

ৰূপ ৰূ¸পা [ধঃ] [বড়ো শব্দ]

ৰূপহী ৰূপুহী [ধঃ]

ৰেডিঅ’ ৰিডু [শঃ]

ৰেতি ৰিতি [ধঃ]

ৰোকনী ৰোক্‌নী [ধঃ]

ৰোৱণী ৰুৱাণী [ধঃ]

“ল”

মান্য অসমীয়া শৰণীয়া কছাৰী

ল, লোৱা লৌ [ধঃ]

লকচা-বন তিনিশীৰিয়া বনযহুলাবাৰী বন [শঃ]

লগ পোৱা লাগালয লগল [শঃ]

লগৰী লগ্‌ৰী [ধঃ]

লগা-ভ গা লাগা-ভাগা [ধঃ]

লগা [প্ৰয়োজনীয়] লাগা [ধঃ]

লগালে লুগালা [ধঃ]

লগালো লগালুং [ৰূঃ]

লঘোণ লঘণ [ধঃ]

লঠৰা লঠ্‌ৰাযলঠৌ [ধঃ]

লঠিয়া লাঠিয়াও [ৰূঃ]

লতি লুতি [ধঃ]

লপথপীয়া লথ্‌পথপ্‌ [ধঃ]

লফা লাফা [ধঃ] [বড়ো শব্দ]

ল’ব লুবু [ধঃ]

ল’বলৈ ল’বা লাগি[ৰূঃ]

লমা-লমে ওল্‌মা-ওল্‌মি [শঃ]

লম্বা লাম্ভা [শঃ]

লৰ লৰৌ[ৰূঃ]

লৰা লৰেই [ৰূঃ]

ল’ৰা আপায লিক্‌ৰা [শঃ]

লৰালৰি আত্ৰানি [শঃ]

ল’লে ল’লা [ধঃ]

লহিয়া ভাটিয়া [শঃ]

লাইজাবৰি লাইজাব্‌ৰি [ধঃ]

লাখুটি টকন [শঃ]

লানি লাইন [শঃ] [ইংৰাজী]

লাহেকৈ লাহেকে [ৰূঃ]

লিক লিত [ধঃ]

লিখ লিখৌ [ৰূঃ]

লিখিব লিখবু [ধঃ]

লিখিবলৈ লিখবালাগি [ৰূঃ]

লিখিছিল লিখছিল [ধঃ]

লেটুক লিট্‌কু [ধঃ]

লৈ লাগিযত [ৰূঃ]

লৈছিল লুছিল [ধঃ]

লুক ৰা ভূঠা [শঃ]

লুকা লুকাও [ৰূঃ]

লুকা-ভাকু লুকা-ভাংকা [শঃ]

লুকাই চুৰকৈ চোৱা মুলুক-মালাক [শঃ]

লুত্‌পুতা লুত্‌পতাই [ৰূঃ]

লুত্‌পুটীয়া লুত্‌পতীয়া [ধঃ]

লুথুৰী লুথ্‌ৰী [ধঃ]

লুপ্‌লুপা লপ্‌লপা [ধঃ]

লুৰফুৰা লৰ্‌ফৰা [ধঃ]

লেও লেপ [শঃ]

লেংটি লিংটি [ধঃ]

লেংপেঙীয়া লিৰ্‌পিঙা [শঃ]

লেংলেঙীয়া লিংলিঙিয়া [ধঃ]

লেকাম লাঘাম [ধঃ]

লেকেটা [কণী] লেট্‌কা ডিমা [শঃ]

লেখালেখি লিখালিখি [ধঃ]

লেঙেৰা লেংৰা[ধঃ]য পেংটা [শঃ]

লেচু চেলু [শঃ]

লেছেৰা মাহ লেছ্‌ৰা মা [ৰূঃ]

লেছেৰি লেছ্‌ৰি [ধঃ]

লেটি-পেটি লিটি-পিটি [ধঃ]

লেতুসেতু লেহুকা [শঃ]

লেতেৰা লেত্‌ৰা[ধঃ]

লেধেমা লোধোমা [ধঃ]

লেপলেপীয়া পেলপেলীয়া [শঃ]

লেপেটা লেপ্‌টা [ধঃ]

লেৰেক-ফেৰেক লৰক-ফৰক [শঃ]

লেলাউটি লাল্‌টি [ধঃ]

লেলেটিয়ী লিল্‌টা [শঃ]

লেহেতি লাহতি [ধঃ]

লেবেজান লেল্লা পৰা [শঃ]

লেৰেলা লেল্লাযলেহ্‌ৰা[ৰূঃ]

লোকচান লকচান [ধঃ]

লোকগীত লকগীত [ধঃ]

লোকাচাৰ লকাচাৰ [ধঃ]

লোঙা লঙা [ধঃ]

লোণ নুন [ধঃ]

লোদোৰ -পোদোৰ লোদোৰ-েফাদোৰ [ধঃ]

লোভ লভ [ধঃ]

লোৰ লৰ [ধঃ]

লোৱা লৌ [ৰূঃ]

লোহা লহা [ধঃ]

লোহোৰা লহ্‌ৰা [ধঃ]

“শ”

মান্য অসমীয়া শৰণীয়া কছাৰী

শঁকা আলু শংখ আলু [শঃ]

শকুনি শুকুনি [ধঃ]

শগুণ শুগুণ [ধঃ]

শপ শাও [শঃ]

শপত কিৰা [শঃ]

শৰণীয়া শন্যা [শঃ]

শৰাই ঠগি [শঃ]

শ’লমাৰি শলবাৰী [শঃ]

শলখা শংখ্‌লা [শঃ]

শলিতা শীহা [শঃ]

শলিয়া [ডাঙৰ এন্দুৰ] শল্‌য়া [শঃ]

শাঁকিনী শাংখিনী[ৰূঃ]

শাঁৱৰা [গছ] শুহুৰা গাছ [শঃ]

শাপ শাও [শঃ]

শালিকা শাল্‌খা [ধঃ]

শাহুৱেক শাউহাক [ধঃ]

শিক শিকৌ [ৰূঃ]

শিকলি ছিক্‌লি [ধঃ]

শিঙৰা মাছ টিংৰা মাছ [ৰূঃ]

শিতান শিথান [ধঃ]

শিপা শিয়াযশিহা [শঃ]

শিমলু শিম্‌লি [ধঃ]

শিলিখা শিল্‌খা [ধঃ]

শিশু ছলি [শঃ]

শীহ  [ধানৰ] শীৰ [শঃ]

শুকান শুক্‌না [ৰূঃ]

শুকান গুৰি ফচ্‌ফচীয়া [ শঃ]

শুদা সুন্দাযসুন্‌ধা [ধঃ]

শুন কাণপাত [শঃ]

শেঙুন শিঙুন [ধঃ]

শেলুৱৈ চিলিনী [শঃ]

শো ঘুমা [শঃ]

শোক দুখ [ধঃ]

শোকোতা শুক্তা [ধঃ]

শোধা শধাও [শঃ]

শোভা শোৱাচি [ধঃ]

শোহা শহা [ধঃ]

শৌচ হাগা [শঃ]

শ্ৰাদ্ধ কাজ [শঃ]

“ষ”

মান্য অসমীয়া শৰণীয়া কছাৰী

ষাঠি চাঠি [ধঃ]

ষ্টেচন [ইংৰাজী] ইচ্‌টেচন [ধঃ]

ষোল যোল্ল [ধঃ]

“স”

মান্য অসমীয়া শৰণীয়া কছাৰী

সংকোচ সুংকোচ [ধঃ]

সংবাদ সম্‌বাদ [ধঃ]

সংযোগ সুংযোগ [ধঃ]

সংসাৰ সংখাৰ [ধঃ]

সঁচ বিধান [শঃ]

সঁচা সঁচাই [ধঃ]

সঁজাল সাঁজাল [ধঃ]

সঁজুলি সুজুলি [ধঃ]

সঁফুৰা সাফুৰা যসাফৰ যগিলিপি [ধঃ]

সুঁপুৰি-আম সুফ্ৰাং [ধঃ]

সঁৰা হাক্‌টি [শঃ]

সকলো গটাই [শঃ]

সখীয়েক সুখখিয়াক [ৰূঃ]

সজা সাজৌ [ৰূঃ]

সজাই সাজাই [ধঃ]

সতিনী সত্‌নাক [শঃ]

সত্যে সতি ্য [ধঃ]

সদিচ্ছা সুদিচ্ছা [ধঃ]

সনা-পোটোকা সানা-পোট্‌কা [ধঃ]

সপোন সপন [ধঃ]

সমৰ্থ সামৰ্থ [ধঃ]

সমাধান মিট-মাট [শঃ]

সামান্য শব্দ ৰাই-ৰুই [শঃ]

সমাৰ বোৱা সামৰ [ধঃ]

সমূলি জাতে [শঃ]

সমূহ মখা [শঃ]

সম্বোধন সম্বধন [ধঃ]

সৰ [গাখীৰৰ] চাম্‌নি[শঃ]

সৰকি সুৰকি [ধঃ]

সৰল চাধা-চিধা [শঃ]

সৰহ ধেৰ [শঃ]

সৰা-পোচা সাৰা-পচা [ধঃ]

সৰিয়হ বেহাৰ [শঃ]

সৰু চানা য নাওমান [শঃ]

সৰু পাত্ৰ তেমা [শঃ] [বড়োশব্দ]

সলনি বদল [শঃ]

সহ লগত [শঃ]

সহন সইজ [শঃ]

সাউৎকৰে ফট্‌কে [ৰূঃ]

সাকোঁ সাংখ [শঃ]

সাঙী চাঙী [শঃ]

সাঙুৰি সাউৰি [ৰূঃ]

সাঙোৰ সাংৰউ [ৰূঃ]

সাঁচ সেৰা [শঃ]

সাজা সাজৌ [ধঃ]

সাজো সাজং [ৰূঃ]

সাজিব সাজবু [ধঃ]

সাঁথৰ দিষ্টান [শঃ]

সান্দহ সান্দাগুৰা [ৰূঃ]

সাবটি সাম্‌টি [শঃ]

সামৰ্থ্য সাঠন [শঃ]

সাহস সাহ [ৰূঃ]

সাহোন সাহন [ধঃ]

সিঁচ চিট্‌তাও [ৰূঃ]

সিঁকটা সেক্‌টা [ধঃ]

সিজা সিজৌ [ৰূঃ]

সিটা সিঠা [শঃ]

সিটো সিতু [ধঃ]

সিদিনা সিদ্‌না [ধঃ]

সিফালে সিফ্‌লেয সহায় [শঃ]

সিমান সেমান [ধঃ]

সিঁয়াৰ সিহ্‌ৰা [শঃ]

সিৰ সিৰা [ধঃ]

সিৰামূৰি সিৰামুটি [শঃ]

সিহঁত সেন্‌থে[শঃ]

সিহঁতৰ সেন্‌থৰ [শঃ]

সীঁৰলু লৰ [শঃ]

সুকলমে সকলমে [ধঃ]

সুতুলি খুটুলি [শঃ]

সুমথিৰা কম্‌লা টেঙা [শঃ]

সুমৰ সুমৰউ [ৰূঃ]

সুৰ ধেক [শঃ] [বড়ো শব্দ]

সুৰুঙা সুৰ্‌ঙা [ধঃ]

সুহুৰি সুহ্‌ৰি [ধঃ]

সেইকাৰণে সেইকান্তেয সেকান্তে [ৰূঃ]

সেইফালে সহায়যসিফ্‌লে[শঃ]

সেউজীয়া কাইমা [শঃ]

সেওতা সেতাযসেঠা  [ধঃ]

সেঙেঠা সেম্‌ঠা [শঃ]

সেন্দুৰ সিন্দুৰ [ধঃ]

সেপিয়াই খিপিয়াই [শঃ]

সেমেনা-সেমেনি সেম্‌না-সেম্‌নি [ধঃ]

সেৰেঙা সেৰ্‌ঙা [ধঃ]

সেলেক-পেলেক সেল্‌কা-পিছলা [শঃ]

সোঁচৰ সোঁচৰউ [ৰূঃ]

সোণ স’ণাযসোণা [ধঃ]

সোণাৰি স’ণাৰি [ধঃ]

সোণাৰু স’ণাৰু [ধঃ]

সোণালী স’ণালী [ধঃ]

সোণোৱাল স’ণোৱাল [ধঃ]

সোধ সুধৌ [ৰূঃ]

সোনকালে সন্‌কালতে[ৰূঃ]

সোপা [বহুবচন] খপ্‌ৰা [শঃ]

সোপা সপা [ধঃ]

সোপাকানি সপাকানি [ধঃ]

সোপোৰা সত্‌ৰা [শঃ]

সোমা সোমাও [ৰূঃ]

সোমোৱা সুৰকি [শঃ]

সোলা সলেয়া [শঃ]

সোলোকা সল্‌কা [শঃ]

সোলোক-ঢোলোক সলক-ঝলক [ৰূঃ]

সোৱাদ সৱাদ [ধঃ]

সৌকা সৌখা [ধঃ]

স্থাপন থাপন [শঃ]

স্থিৰ থিৰ[ধঃ]

স্কুল [ইংৰাজী] ইচ্‌কুল [ধঃ]

“হ”

মান্য অসমীয়া শৰণীয়া কছাৰী

হঁত [বহুবচন] হাঁত[ধঃ]যথেৰ [শঃ]

হকা-বধা হাকা-বাধা [ধঃ]

হটঙা ডংডঙীয়া [শঃ]

হতাহতি হাতাহাতি [ধঃ]

হনা হানা [ধঃ]

হনিয়া-হনি হানা-হানি [ধঃ]

হবলা বেলেই [শঃ]

হৰুৱা হাৰাৱা [ৰূঃ]

হলা হালা [ধঃ]

হৱিষ্য হবিচ [শঃ]

হাইলাগ হাইলাগা [ধঃ]

হাইঠা [চৰাই] হাইতলযহাইতাল [শঃ]

হাঁকুটি হাঁক্‌টি [ধঃ]

হাঁকোটা হাক্তা [ধঃ]

হাঁচতি হাঁচুতি [ধঃ]

হাজিৰা হাজ্‌ৰা [ধঃ]

হাঁগ হাঁগৌ [ৰূঃ]

হাগনি হাগ্‌নি [ধঃ]

হাটখোলা হাঠখলা[ধঃ]

হাড় হাড়া [ধঃ]

হাড়গিলা হাৰামটক্‌লা [শঃ]

হাতী হাথী [ধঃ] [হিন্দি মূলীয়া]

হান হানৌ [ৰূঃ]

হাবাথুৰি হাবাধুৰি [ধঃ]

হামিয়াহ হামিকাৰ [শঃ]

হাৰাশাস্তি হাইৰাণ [শঃ]

হাৰিল হাল্লা য হাৰ্‌লা [ৰূঃ]

হাল বোৱাৰ আগৰ গৰু বাজান [শঃ]

হালধি হাল্‌ধি [ধঃ]

হালোক হাল্‌কা [ধঃ]

হাঁহো হাঁহং [ধঃ]

হিঁকুটি হিক্‌টি [ধঃ]

হিৰহিৰ হাৰহাৰ হুৰ হুৰ হাৰহাৰ [ধঃ]

হিংসা হিংখা [ধঃ]

হুংকাৰ হংকাৰ[ধঃ]যদম [শঃ]

হুঁচৰি হুঁচুৰি [ধঃ]

হুক হুপ[শঃ]

হুমকি ধুমকি [শঃ]

হেঁকেৰা হেঁক্‌ৰা [ধঃ]

হেঁকো-জেকো কেঁকৌ-জেকৌ [শঃ]

হেঁচ হিচি [ধঃ]

হেঁটুলকা হুটুল্‌কা [ধঃ]

হেঁদালি চাং [শঃ]

হেঁপাহ হেঁপা [ৰূঃ]

হেঁপৰপিটা বাম্বোলপিটা [শঃ]

হেঙাৰ চেকাৰ [শঃ]

হেতিয়া হিটিয়া [ধঃ]

হেতা কৰচ [শঃ]

হেৰুৱা হুৰাৱা [শঃ]

হেলচী হেলাচী শাক [ধঃ]

হেলনীয়া এঢালিয়া [শঃ]

হোঁকা হঁকা [শঃ]

হোঁপ চুহ [শঃ]

হোজা হজা [ধঃ]

হোটেল হটেল [ধঃ] [ইংৰাজী]

হোৰা খাংৰা [শঃ]

হোলা হলা[ধঃ]

হোলি ফাউকা [শঃ]

হোলোক হলক [ধঃ]

হোলোঙা হুলাবাৰী [শঃ]

হোৱা হৌ [ৰূঃ]

“ক্ষ”

মান্য অসমীয়া শৰণীয়া কছাৰী

ক্ষণ খেন [শঃ]

ক্ষতি খতি [ধঃ]

ক্ষমতা খেমতা [ধঃ]

ক্ষমা খেমা [ধঃ]

ক্ষয় খয় [ধঃ]

ক্ষীণ মনিয়া [শঃ][বড়ো শব্দ]

ক্ষুণ খুন [ধঃ]

ক্ষুৰ খুৰ [ধঃ]

ক্ষোভ খোভ [ধঃ]

ইয়াৰোপৰি শৰণীয়া কছাৰী ভাষাত এনে কিছুমান শব্দ পোৱা যায় যিবোৰৰ মান্য অসমীয়া শব্দ বিচাৰি পোৱা নাযায়৷ যেনে -

শৰণীয়া কছাৰী অসমীয়া অৰ্থ

অদা [ নিসিজোৱা ধান]

অৰা [একো নাথাকাকৈ শেষ হোৱা গাঁত¸]

আলা [ নিসিজোৱা চাউল]

আদাং-গাদাং [ কাম বন কৰিবলৈ মন নোযাৱা]

আন্দাবেংৰা - [একো নজনা, অজলা]

এণ্ডেৰ-গেণ্ডেৰ [ অধিক খাদ্য খোৱাৰ পিছত হোৱা

অসহ্য অৱস্থা]

কাউলি [মুখৰ গালৰ তলৰ অংশ]

কৰেয়া বান্ধা [টান চামনি পৰা]

কাতিয়া [হাউলি পৰা, বেকা হোৱা]

কাঠুৱা [ বৰ বেছি টানো নহয়, বৰ বেছি ধিলাও নহয়]

কুট্‌লা [ভালকৈ নিসিজা ভাত]

কুৰ্‌ঙা [এড়ি পুলুই পাত খোৱা গছ]

কেকেৰ-গেথেৰ [কোনোমতে চলা বা দঙা]

কেচ্‌লা [ ধুনপেছ মাৰি ফুৰা পুৰুষ]

কেচ্‌লী [ ধুনপেছ মাৰি ফুৰা মহিলা¸]

কেৰৌ-মেৰৌ- [ ইচাটি-বিচাটি]

কেলেপ-ঝেলেপ-[কোনোপতে চলি থকা]

কেলেং- মেলেং [ খীন, ওখ চেহেৰাৰ]

খখৌ-মখৌ [ লৰালৰিকৈ কৰা]

খচ্‌না [ খুটা পোতাৰ সময়ৰ দঙা-মেলা কৰা বাঁহৰ যঁতন]

খŒI×া [ভোজ-ভাত ৰন্ধা বা খোৱাৰ বাবে সজোৱা ঠাই]

খাচাং-খিচিং [যিহকে তিহকে , বাচবিচাৰ নকৰাকৈ কোৱা]

খালা-ঘপ্‌লা [ সমান নোহোৱা, ওখ-চাপৰ ]

খুচুৰ-মুচুৰ [ মনে মনে কিবা কৰি থকা]

খেঙা-জেঙা- [তৰ্কাতৰ্কি লগা]

খেচেৰ-মেচেৰ- [লেতেৰা বা অশুচি লগা]

গজংজং [একেথিৰে থি হৈ থকা]

গজং-গজং [কোনোফালে নোচোৱাকৈ যোৱা]

গাব্‌লা-গাব্‌লি- [সাবোটা-সাবোটি]

গিৰিং -গাৰাং [কিবা শব্দ কৰা বস্তু পেলোৱাৰ শব্দ]

ঘিটিং-ঘাটাং [ বস্তু পৰা বুজোৱা]

ঘচৌ-ঘচৌ- [কোনোফালে নোচোৱাকৈ জোৰে খোজকঢ়া]

ঘেলৌ-মেলৌ- [ভালে-বেয়াই মিহল হোৱাযগা বেয়া লগা]

চাকাৰ-চিকিৰ [অলপ- অচৰপ]

চিচুৱা লাগা [ শুকাই যোৱা ]

চেলেক-ভেলেক -[আবোল-তাবোল কৰি ফুৰা]

চেলেং -বেলেং [ মিছা পাগলামি কৰা]

চুদুৰ-বুদুৰ- [ঠগ-প্ৰবঞ্চনা কৰা]

ছাট্‌লুং-    [ কাষতো¸ কটা]

জবঙা লাগা [ বেমাৰত টুপুনীয়াই থকা]

জাকাৰ-জিকিৰ [ কৰবাত থকা, কৰবাত নথকা ]

জালা -মালা [যা-তা]

জালাই- জাখ্‌লাই [ বে চিজিল, অপৰিপাটি]

জুখ্‌লী [উঠন মাইকী চৰাই]

জেকেৰ-জেকেৰ- [ একেৰাহে কিনকিনিয়া বৰষুণ দি থকা]

জেলপা কানীয়া [ মাতবোল নকৰা মনে মনে থকা লোক]

জংগৌ-মংগৌ- [ জধেমধে, লেতেৰা-পেতেৰা]

ঝলৌ-মলৌ [ পনীয়া, জোল বেছি থকা]

টঙটঙীয়া [ বৰ টান]

টিঙটিঙিয়া [বৰ কাঢ়া]

টিঙচি-বিঙচি [ বৰকৈ খং উঠা]

টেকৰগুনীয়া- [কাম এটা খাপ খাই নপৰা]

টিল্‌ডিং-টাল্‌ডাং [পাতলকৈ থকা]

ঠঠৌ -মঠৌ [ কি কম নকম হোৱা]

ঠিহা-মিহা [ ঠেকাঠেকি হোৱা]

ডেক্‌ৰা [উটন কুকুৰা চৰাই]

তিৰিং-বিৰিং- [মূৰ-ঘূৰণি]

তিৰি-বিৰি [পাল মাৰিব খোজা, পলাব খোজা]

তিৰ্‌কি লৱা [অলপকৈ শৌচ কৰি লোৱা]

তুট্‌লি [ হাঁহ চৰাইৰ গলধনত থকা খাদ্য জমা হোৱা ঠাই বা পাকস্থলী]

থথৰ-বথৰ [ অস্থিৰ, থৰথৰ- বৰবৰ ]

দখ্‌ৰা-দখ্‌ৰি [চিজিল নোহাৱা বৰ ডাঙৰ ডাঙৰ টুকুৰা]

দব্‌ৰা- দব্‌ৰি [ মল্ল যুঁজ লগায গাত ফোহা ওলোৱা]

দল্লা-দল্লি [ কিহবাই ডাকিলে উঠা পানীজ্বলা]

দাং-দিঙিৰা - [পাৰিবাৰিক আহুকাল নথকা পুৰুষ  ব্যক্তি]

ধমৰমৰ [ বৰ শকত আবত]

ধন্দ্ৰা-ধন্দ্ৰি [ ডাঙৰ ডাঙৰ টুকুৰা]

ধাপাং-ধিপিং [ ভালকৈ কোজ কাঢ়িব নোৱাৰা]

ধেপ্‌লা-ধেপ্‌লি [ বৰ ডাঙৰ- বহল আকাৰৰ]

ধিটিং-ধাটাং [কোনো নিদ্দিৰ্ষ্ট লক্ষ্য নোহোৱাকৈ ইফালে সিফালে ঘূৰি ফুৰা]

ধহৰ-মহৰ [শকত - আবত]

নিচ্‌লাই [ গুচাই দিয়া]

পেৰেৎ [চোকা অস্ত্ৰৰে কটা বুজোৱা ]

ফাটা-ফাটি [ নামজ্বলা, বৰ ভাল হোৱা ]

বাদি- ভাওনা- [অপ্ৰাসঙ্গিক অঙ্গি-ভংগী]

বাদি নাখা - [খাপ নোখোৱা]

বাদি নহা- [বেয়া, অপচন্দ হোৱা]

বাদা-বাখ্‌লা [ চিজিল নেহোৱা]

বাৰে- ফুক্‌তি- [ৰসাল কথা কোৱা]

ভংলা - [ভগা বেৰাৰ বাট]

ভিহুৱা [অকামিলায পানীত গঢ় খোৱাযআগ নথকা বাঁহ]

মুলুক-মালাক [পিৰিক পাৰাককৈ চোৱা]

মগ্‌ৰামী [ নিজৰ মতত চলা]

লালডিঙা [কোনোফালে ঢুকি নোপোৱা]

লেবৌ-জেবৌ [জধে মঝে বস্তু-বাহানি পৰি থকা]

লেওলেও-ঝেওঝেও- [দীঘলকৈ ওলমি থকা]

সেল্‌কা-পিছলা [ কৰো নকৰোকৈ কৰা ]

সেল্‌পা-জেল্‌পা [সোলোক- ঢোলোক]

হম্‌কা [ বাগৰি নপৰিবলৈ দিয়া বাঁহৰ খুটি]

হলৌ-মলৌ- [পৰিমানতকৈ ডাঙৰ]

হাৰাও-ৰাও [ হাড়ে-চালে লগা চেহেৰা]

হেজেংজেং [ থিয় থিয় কৈ ওলাই থকা]

হেকৌ -নেকৌ [কৰো নকৰো কৰা]

হোলুক-পুচুক [বেছিকৈ কৰি দেখুওৱা] আদি৷

আমাৰ এই শব্দ সম্ভাৰত যিবোৰ শব্দ শৰণীয়া কছাৰী সকলে অসমীয়া শব্দকে ব্যৱহাৰ কৰে, সেইবোৰ শব্দ ইয়াত উল্লেখ কৰা হোৱা নাই৷ তাৰোপৰি শৰণীয়া কছাৰী সমাজত আৰু বহু শব্দ দৈনন্দিন কথা-বতৰাত প্ৰচলিত হৈ আছে৷ কিন্ত আমাৰ তাকৰীয়া সময় আৰু বহল ক্ষেত্ৰভিত্তিক অধ্যয়নৰ অভাৱত ইয়াত আটাইখিনি সন্নিবিষ্ট কৰিব পৰা নগ’ল৷ নৱ প্ৰজন্মৰ আগ্ৰহী ভাষা বিজ্ঞানৰ শিক্ষাৰ্থীসকলে শৰণীয়া কছাৰী জনগোষ্ঠীৰ মাজত প্ৰচলিত ভাষাৰ ওপৰত বিস্তৃত গৱেষণা কৰি শৰণীয়া কছাৰী ভাষাটোক ভৱিষ্যতে এটা উপভাষাৰ পৰা মূল ভাষালৈ পৰ্যবসিত কৰাৰ অহোপুৰুষাৰ্থ কৰিব বুলি আমি আশাবাদী৷


শৰণীয়া কছাৰী সাহিত্য (লেখক- তাৰিণী ৰঞ্জন ডেকা, সংগ্ৰহ- ৰাতুল দাস শৰণীয়া)

সাহিত্য সমাজৰ দাপোন৷ এটা জাতিৰ, এখন সমাজৰ আচাৰ-নীতি, কৃষ্টি-সংস্কৃতি আৰু ভাষাৰ বিকাশৰ মূল মাধ্যম হ’ল সাহিত্য৷ ভাষাৰ সাৱলীল প্ৰকাশ ¸ভংগীয়ে সাহিত্য৷ অতি প্ৰাচীন কালত ‘সাহিত্য’ শব্দৰ ব্যৱহাৰ নাছিল৷ তেতিয়া ‘কাব্য’ শব্দই  সাহিত্যকো সামৰি লৈছিল৷ কিন্তু বৰ্তমান সময়ত কাব্য ,সাহিত্যৰ এটা শাখাতহে পৰিণত হৈছে৷ সি যিকি নহওঁক ‘সাহিত্য’ আৰু ‘কাব্য’ এই দুয়োটা শব্দৰ মূল- সংস্কৃত৷ “সহিতস্য ভাবঃ সাহিত্যম্‌”- অৰ্থাৎ সহিত বা সংহতি অথবা মিলনৰ ভাবতেই সাহিত্যৰ উৎপত্তি বুলি শব্দকল্পদ্ৰুম্‌ অভিধানে কৈছে৷ ব্যৱহাৰিক অৰ্থত আজিকালি কিন্তু কবিতাই হওঁক বা গদ্যই হওক, মানুহৰ জ্ঞান,অনুভূতি, অভিজ্ঞতা আৰু অনুপ্ৰেৰণাৰ লিপিময় অৱস্থাই সাহিত্য৷ ইংৰাজী ভাষাত ইয়াৰ প্ৰতিশব্দ ‘লিটাৰেচাৰ’ [Literature]৷

ভাষাৰ ব্যুৎপত্তিগত বুৰঞ্জীয়েও ইংগিত দিয়ে যে আত্মপ্ৰকাশৰ কাৰণেই সাহিত্যৰ জন্ম৷ এই আত্মপ্ৰকাশত  ব্যক্তিগত ভাৱধাৰাৰ মাজেৰে এখন সমাজ বা এটা জাতিৰ চিন্তা-চেতনাৰো প্ৰকাশ ঘটে৷ সেয়ে সাহিত্যৰ যোগেদি এটা জাতি বা এখন সমাজৰ সকলো দিশৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ এখন বাংময় ছবি প্ৰকট হৈ উঠে৷ সাহিত্যৰ বুৰঞ্জী অধ্যয়ন কৰিবলৈ গ’লে সাহিত্য দুই ধৰণৰ পোৱা যায়৷ যেনে-

[ক] লোক সাহিত্য ঃ- লোক সাহিত্যৰ সমাৰ্থক শব্দ হিচাপে বাচিক কলা, মৌখিক সাহিত্য, অলিখিত সাহিত্য, চহা সাহিত্য, লৌকিক সাহিত্য আদি বিভিন্ন শব্দ ব্যৱহাৰ কৰা হয় যদিও বিভিন্ন পণ্ডিত সকলে কিন্তু লোক সাহিত্যৰ ক্ষেত্ৰত ‘বাচিক কলা’ [Verbal Art] পদটোহে প্ৰয়োগৰ পোষকতা কৰিছে৷ কিয়নো ‘বাচিক কলা’ পদটো প্ৰয়োগ কৰিলে কোনো ধৰণৰ খোকোজা লগাৰ সম্ভাৱনা নাথাকে৷ যিহেতু ‘লোক’ শব্দটিৰ অৰ্থ বহুতো - মানুহ, মনুষ্য, ভুৱন, জগৎ, স্বৰ্গ-মত্যৰ্, পাতাল, সপ্তলোক ইত্যাদি৷ সেয়ে ‘লোক’ শব্দটি  ইংৰাজী Folk শব্দৰ সমাৰ্থক শব্দ নহয়৷ এই ক্ষেত্ৰত ‘চহা’ শব্দটিহে উপযুক্ত যেন বিবেচিত হয়৷ সেয়েহে হয়তো ড॰ বাণীকান্ত  কাকতিদেৱ লোক সাহিত্যক বুজাবলৈ ‘লৌকিক সাহিত্য’ আৰু ‘চহা সাহিত্য’ শব্দ দুটিহে ব্যৱহাৰ কৰিছে৷ অৰ্থাৎ যিবোৰ সাহিত্যৰ সৃষ্টি চহা, নিৰক্ষৰ জীৱনৰ আধাৰত ৰচিত হৈ মুখে মুখে পৰম্পৰাগতভাৱে চলি আহিছে, তাকে লোক সাহিত্য আখ্যা দিয়া হয়৷ তথাপি এইবিধ সাহিত্য বা কলা ব্যক্তি নিৰপেক্ষ, ইয়াত লেখক বা কবিৰ বা স্ৰষ্টাৰ নাম-ধাম একো নাথাকে বাবে এইবিধ কলা অখ্যাত কবিৰ বিখাত ৰচনা স্বৰূপেও পৰিচিত৷  ‘বাচিক কলা’ বুলি ক’লে যিহেতু বুজা যায় - মৌখিক পৰম্পৰানুক্ৰমে প্ৰবাহমান কলাধাৰাক ৷ সেয়ে লোক সাহিত্যকো বাচিক কলা বুলি কোৱাটোহে উপযুক্ত বুলি পণ্ডিত, গৱেষকসকলে মন্তব্য কৰিছে৷ এই বাচিক কলা বা লোক সাহিত্যৰ এটি উল্লেখযোগ্য বৈশিষ্ট্য হ’ল ই অঞ্চল বিশেষে ভিন্ন ৰূপত থাকে৷ অৰ্থাৎ আঞ্চলিক ভাষাৰ মাধ্যমত বাচিক কলা বা লোক সাহিত্যই আত্মপ্ৰকাশ কৰে৷ আনহাতে -

[খ] লিখিত সাহিত্য ঃ- সংক্ষেপে লিখিত ৰূপত যিবিলাক সাহিত্য সৃষ্টি পোৱা যায়, তাকে লিখিত সাহিত্য বোলে৷ লিখিত সাহিত্যৰ সৃষ্টি মৌখিক বা লোক-সাহিত্যৰ পৰাই৷ প্ৰত্যেক জাতিৰ সাহিত্যতে লিখিত ৰূপ পোৱাৰ পূৰ্বে পৰম্পৰাগতভাৱে মৌখিক সাহিত্যৰ প্ৰচলন আছিল৷ এই মৌখিক সাহিত্যই পৰৱৰ্তী কালত লিখিত সাহিত্যৰ ৰূপ পৰিগ্ৰহণ কৰে৷ অসমীয়া লিখিত সাহিত্যৰো উত্তৰণ ঘটে চৰ্য্যাপদ সমূহৰ যোগেদিয়ে৷

লোক সাহিত্যই হওঁক বা লিখিত সাহিত্যই হওক সাহিত্যৰ ধৰণ অনুসৰি সাহিত্যক আকৌ কেইবাটাও ভাগত ভগোৱা হৈছে৷ যেনে- [ক] কাব্যধৰ্মী বা পদ্যধৰ্মী    [খ] গদ্যধৰ্মী  [গ] নাট্যধৰ্মী [ঘ] গীতিধৰ্মী  [ঙ] প্ৰবচন বা ফঁকৰা -যোজনা আৰু [চ] সাঁথৰ বা দিষ্টান ৷

শৰণীয়া কছাৰী সাহিত্যঃ

শৰণীয়া কছাৰী সাহিত্যৰ বিষয়ে আলোচনা কৰিবলৈ গ’লে দেখা যায় যে শৰণীয়া কছাৰীসকলৰ সাহিত্যবুলি ক’লে বৰ্তমানেও ই লোক সাহিত্য বা  বাচিক কলাৰে ভিতৰুৱা৷  ইয়াৰ ভিতৰতো আকৌ কাব্যধৰ্মী আৰু গীতিধৰ্মী সাহিত্যই  অধিক৷ গদ্যধৰ্মী সাহিত্যৰ ভিতৰত মুখে মুখে চলি অহা সাধুকথা সমূহৰ বাহিৰে অন্য লিখিত গদ্যসাহিত্য তেনেই লিখিবপৰা বিধৰ৷ যিবোৰ আজিও লোক সাহিত্যৰ ভিতৰুৱা হৈয়ে আছে৷ সম্প্ৰতি যোৱা কেইটামান বছৰত প্ৰকাশিত নলিনী ডেকা শৰণীয়া “শৰণীয়া সমাজ আৰু সংস্কৃতি”, ধীৰেন মহলীয়াৰ সম্পাদিত “শৰণীয়া কছাৰী সংস্কৃতিৰ ৰূপৰেখা”, বাবুৰাভা হাকাচামৰ “ শৰণীয়া কছাৰী সংস্কৃতি আৰু লোকসাহিত্য”, সোণবৰ বৰুৱাৰ “বাম্বোলপিটা গীত”, ইছমাইল হোছেইনৰ “তোমালোকৰ বাবে শৰণীয়া কছাৰীসকল” আদি গ্ৰন্থ কেইখনেই শৰণীয়া কছাৰী সকলৰ লিখিত ও গদ্য সাহিত্যৰ একমাত্ৰ পুথি৷ বাকী গীতিধৰ্মী সাহিত্য আৰু গদ্যধৰ্মী সাহিত্যৰ ভিতৰুৱা সাধুকথা , প্ৰবচন বা জঁতৱা ঠাঁচ বা ফকৰা যোজনা আৰু সাঁথৰ [দিষ্টান] খিনি মৌখিক ৰূপতেই আজিও শৰণীয়া কছাৰী সমাজত প্ৰচলিত হৈ আছে৷ সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশন উপলক্ষে প্ৰকাশ পোৱা স্মৃতিগ্ৰন্থ সমূহত মাজে সময়ে অলপ-অচৰপ এনে লোক সাহিত্যৰ চৰ্চা অতি সম্প্ৰতি হোৱা পৰিলক্ষিত হৈছে যদিও ই এটা জাতিৰ সাহিত্যক ধাৰণ কৰিব পৰা বিধৰ নহয়৷ অৱশ্যে মন্ত্ৰ সাহিত্যখিনি হাতে লিখা সাঁচিপাতৰ পুথি হিচাপে শৰণীয়া কছাৰী সমাজত পোৱা যায়৷ তথাপি কোৱা বাহুল্য যে লোক সাহিত্যৰ ক্ষেত্ৰত শৰণীয়া কছাৰীসকল কিন্তু পিছপৰা নহয়৷ মেটমৰা লোক সাহিত্যৰ ভঁৰালেৰে শৰণীয়া কছাৰীসকল সমৃদ্ধ৷ বিশেষকৈ গীতিধৰ্মী লোক সাহিত্য শৰণীয়া কছাৰী সমাজত বহুলভাৱে প্ৰচাৰিত হৈ  আছে৷ যি  সাহিত্যই  বৃহৎ অসমীয়া সাহিত্যৰ উপৰিও শৰণীয়া কছাৰীসকলৰ সাহিত্যৰ ভঁৰাল চহকী কৰি ৰাখিছে৷

শৰণীয়া কছাৰীসকলৰ লোক আৰু লিখিত সাহিত্যৰ বিষয়ে আলোচনা কৰিবলৈ গ’লে আমি সাহিত্যৰ ধৰণ অনুসৰি  চাৰিটা ভাগৰ  ওপৰতহে   আলোচনা কৰিব লাগিব৷ সেইবোৰ হ’ল- [ক] কাব্যধৰ্মী বা পদ্য সাহিত্য [খ] গীতিধৰ্মী সাহিত্য    [গ] প্ৰবচন বা ফঁকৰা যোজনা  [ঘ] সাঁথৰ বা দিষ্টান্ত আৰু [ঙ] গদ্যধৰ্মী সাহিত্য ৷

[ক] কাব্যধৰ্মী সাহিত্য ঃ

মানুহৰ কথা-বতৰা ,আলাপ-আলোচনা গদ্যত কৰে যদিও সাহিত্যৰ বুৰঞ্জীত কাব্য সাহিত্যইহে প্ৰথমে জন্ম লাভ কৰে৷ সাহিত্যৰ আদিযুগ কাব্য প্ৰধান আছিল৷ আনকি যিবোৰ কবিতাৰ বিষয় নহয়; যেনে- জ্যোতিষ, নিদান, গণিত আদি বিষয়ো পদ্যতহে ৰচিত হৈছিল৷ পূৰ্বে আৰ্য্যা ছন্দত গণিত শাস্ত্ৰ ৰচনা কৰা হৈছিল বাবে গণিতৰ নিয়মসমূহক এতিয়াও আৰ্য্যা আখ্যা দিয়া হয়৷ সেইদৰে অসমীয়া সাহিত্যৰ প্ৰাচীনতম নিদৰ্শনো গীত-পদতহে পোৱা গৈছে৷ এই কথা ড॰ বিৰিঞ্চি কুমাৰ বৰুৱাদেৱেও তেখেতৰ লিখনিত উল্লেখ কৰি গৈছে৷ ঠিক তেনেদৰে শৰণীয়া কছাৰী সকলৰ সাহিত্যও ইয়াৰ ব্যতিক্ৰম নহয়৷ শৰণীয়া কছাৰী সাহিত্যৰ বিষয়ে অধ্যয়ন কৰিলেও দেখা যায় কাব্য ও গীতি সাহিত্যই শৰণীয়া কছাৰী লোক সাহিত্যৰ এক তৃতীয়াংশ ঠাই আগুৰি আছে৷ শৰণীয়া কছাৰীৰ কাব্য ধৰ্মী সাহিত্য বুলি ক’লে মুখ্যত মন্ত্ৰ সাহিত্যহে চকুত পৰে৷ যদিওবা ড॰ বিৰিঞ্চি কুমাৰ বৰুৱাই তেখেতৰ “অসমীয়া কথা সাহিত্য ” নামৰ গ্ৰন্থত মন্ত্ৰ সাহিত্যক পদ্যধৰ্মী গদ্য সাহিত্য বুলি আখ্যা দিব বিচাৰিছে৷ তথাপি  মন্ত্ৰ সাহিত্যৰ প্ৰকাশ ভঙ্গী ছন্দোবদ্ধ বা অমিত্ৰাক্ষৰীয়া হ’লেও ইয়াৰ শব্দ সমষ্টিয়ে গদ্যৰ ভাৱ প্ৰকাশত ব্যৰ্থ হোৱা হেতুকে আমি কাব্য সাহিত্য বুলিয়ে ক’ব বিচাৰিছো৷

আধুনিক বা পৌৰাণিক মৌলিক কাব্য সাহিত্য শৰণীয়া কছাৰী সাহিত্যত পৰিলক্ষিত নহয়৷ তথাপি ক’ব লাগিব শৰণীয়া কছাৰী সমাজত প্ৰচলিত মন্ত্ৰ সাহিত্যই শৰণীয়া লোক সাহিত্যৰ লগতে অসমীয়া সাহিত্যৰ এক তৃতীয়াংশ স্থান দখল কৰি আহিছে৷ এই মন্ত্ৰ সাহিত্যৰ বিষয়ে ইতিমধ্যে প্ৰকাশিত বাবু ৰাভা হাকাচামৰ গ্ৰন্থ “ শৰণীয়া কছাৰী সংস্কৃতি আৰু লোক সাহিত্য”ত কিছু বিস্তৃতভাৱে আলোচনা আগবঢ়াইছে৷ আজিৰ আলোচনাত তেখেতৰ দ্বাৰা আলোচিত মন্ত্ৰসমূহৰ উপৰিও শৰণীয়া কছাৰী সমাজত প্ৰচলিত আৰু বহুতো মন্ত্ৰ  আমাৰ সংগ্ৰহত পাইছো৷ ইয়াত তাৰে ভিতৰৰ  কিছুসংখ্যক মন্ত্ৰ সাহিত্যৰ বিষয়ে উত্থাপন কৰিব বিচাৰিছো৷

শৰণীয়া কছাৰী সমাজত প্ৰচলিত মন্ত্ৰ সাহিত্যঃ

ৰ৷ সিন্দুৰ জাৰা মোহিনী মন্ত্ৰ ঃ

শ্ৰীকৃষ্ণাই নমো ওল ওলা

সিন্দুৰ ওল আঙ্গুলিত লাগিলা

জালা গাওঁত লাগিলা বচৰু

পদিত লাগিলা মাছ

আমাৰ কপালৰ সিন্দুৰ দেখি

গৰেও ধৰিলা পাছ

সিদ্ধ গুৰুৰ পাৱ

ৰক্ষা কৰা কামৰূপ কামাখ্যা মাও৷

[তিনিবাৰ সেন্দুৰ জাৰি ফোটা ল’ব৷]

২৷ শিৰ কোব জাৰা মন্ত্ৰ ঃ

শিৰকোব হয় শিৰ কোব হয়

জনন জনন জাতি

তই থাকা সাগৰ কতি৷

ইন্দ্ৰৰ জাতি ব্ৰহ্মাই যায়

আমুকীৰ শিৰ কোব মহাদেৱে জাৰে ,

নদীৰ কুৰ শিমিলুৰ গাছা৷

আমুকীৰ শিৰকোব বুকুত বহি আছা৷

নাই শিৰ কোব নাই বিষ

আমুকীৰ শিৰ কোব পানী উঠি যায়৷

[প্ৰথমে মুখেৰে মূৰৰ পৰা ভৰিলৈ নমাই তিনিবাৰ জাৰিব৷ তাৰপিছত কেঁচেই [কেঁচু] মাটি জাৰি লেপ দিব৷]

হাতৰ পৰা আহিল পোহাৰি

গৰুৱা মাছত লাগিল পোক

ছিকৰি আৱ আৱ পাখৰি

আৱ আৱ ইচল পুখুৰি সিলে

পানী তৈতে আছে মইনা কুড়ি

মইনা কড়িত মহৰ হাড়

মহৰ হাড়ত লাগিল ঘাঁ

ঘাঁৱে পানীয়ে চানি যা

শুকাই যা শুকাই যা

তেজে মাখে চাপি যা

শুকুনি পকনি জপাই খা৷৷

[ কাপোৰ জাৰি গাত দিব৷ আকৌ খাৰ তেল সেন্দুৰ জাৰি লগালে বা জাপ দিলে বাঢ়ি নাযায়৷]

৩৷ গা বন্ধা ক’লা সূতা জাপ বটা মন্ত্ৰ ঃ

ৰাম নামে দুৱাৰ ভৈল শঙ্কৰী

নামে গাঠি শিলিখা নামে

দুৱাৰ মাৰো ভূত -প্ৰেত

পিশাচৰ পিশাচৰ নিলাগতে থৈবা ৰাখি৷

খাতিনী খুতিনী লোহাৰ ভাৰ

মই ভাৰ বান্ধো অহাই বান্ধো

আপোনাৰ হিয়া মুষ্টি ভূত

প্ৰেত পিশাচৰ বান যা পানী উঠি

ও হু স্বাহা৷ [তিনিবাৰ]

চ্ছ্ৰ৷ মাননি বটা মন্ত্ৰ ঃ

শুনা শুনা বসুমতী মায়েৰ জন্ম কথা

বাপেৰৰ নাম আদা

মায়েৰৰ নাম হাৱা

ইন্দ্ৰ পুৰীত আছিলা ইন্দ্ৰৰ অধিকাৰে

পৃথিৱীত আছিলা কতাক্ষ্য কৰি জ্বৰৰ চিদ্ৰ পাই

নানান ৰোগ ধৰি ৰক্ষা কৰা মাওঁ

তুতি কৰো চৰণত পৰি

সিদ্ধ গুৰুৰ পাঁও

ৰক্ষা কৰা কামৰূপৰ কামাখ্যা দেৱী মাওঁ৷

[তুলসী, আদা, গাখীৰ পানী জাৰি বেমাৰীৰ লগতে ঘৰ আদিত চতিয়াই দিব৷]

প্ত৷ তুলসী পাত সানা মন্ত্ৰ ঃ

ওৰে জ্বৰ গঁঙ্গাৰ কুলে তোমাৰ ঘৰ

তোমাক দাকে দাকেনী

চাৰি যা লঁঙ্গাৰ পাৰ ভেবিষণৰ ঠাই,

তিনিও কালৰ বসন্তৰ জ্বৰ লংকাত আছিলা যাই৷

শ্ৰীৰামৰ আজ্ঞা বাণে কাতি কৰে তিনিখান

হাৰ জ্বৰ, নাৰি চেচেঙি জ্বৰ

গুৰু বাক্য মানি লৰ

ৰক্ষা কৰা কামৰূপৰ কামাখ্যা দেৱী মাওঁ৷

৬৷ বসন্ত জ্বৰৰ মন্ত্ৰ ঃ

মাৰিলো তণ্ডুলৰ চাতি

মা বসন্ত দিয়া বাতি৷

ডাক দিয়া মাৰিলো কুলাৰ বা

মা বসন্ত ভাটিয়াই যা৷

দোহাই গুৰুৰ

দোহাই ধৰ্মৰ৷৷

[ বসন্ত জ্বৰত কেকাই উঠিলে এক মুঠি বগা চাউল তিনিবাৰ জাৰি পুতল বগা কাপোৰ এখনত বান্ধি গাত ৰাখিব ]

জ্জ৷ প্ৰস্ৰাৱৰ পানী জাৰা মন্ত্ৰ ঃ

কালি কালি বিকালি কালি

নামতি গৈলা যুৱঁতী নাৰী৷

আগত গুটি পাছত ফুল

বাপে পুতে ছপাই  ৰুল৷

হুন্দমন্তই দালে ভুই জামৰি ৰহে

গৈলা মুকলি দুৱাৰ গঁঙ্গা দুৰ্গা আসিল জান্তে৷

হাৰ জ্বৰ জ্বৰ মাংখ কাটে

মাধৱে জাৰি দিলে পানী

ভোতৰ চৱা ঘট মেলানী

মহাদেৱৰ আজ্ঞা দেৱী গোঁসানীৰ বৰ

আমুকীৰ পেতৰ চুৱা খুহিয়া পৰ৷

মোৰ হাক গুৰুৰ ডাক

আমুকীৰ পেটৰ ছৱাল ওলাই থাক৷

ঃঃ ঃঃ ঃঃ

হস্তিনী দেৱী আই

হস্তিয়ে কোট কোটৰ্কাৰ কৰে

মেৰু গেৰি পৰ্ব্বত খুহি পৰে৷

মাতেলি পৰ্ব্বত ভাঙ্গিব যিনি পাৰে,

ৰাউলা হৰ বিষমৰে ঠাই৷

বিষ্ণু বিষ্ণু মায়া পাতিছে চৰ্ম্মৰ ভিতৰে বিষ্ণুৰ মায়া৷

বিষ্ণুই দিলন্ত ধৰণীৰ পানী

আমুকীৰ গৰ্ভ দান লৈলা মেলাবো মই

পানী জাৰি দেও আমুকিয়ে খায়৷

আমুকীৰ লাগে গৰ্ভৰ আম

পানী আদি পানী মূল

হৰি হৰব্ৰহ্মাৰ জাল৷

পৰিলন্ত ফুল, ব্ৰহ্মা বিষ্ণু আদি কৰি কুমাৰৰ পৰিলন্ত

আমুকীৰ গৰ্ভ মুকাল আৰ৷৷ [তিনিবাৰ]

জ্জ্ব৷ তেল জাৰা মন্ত্ৰ ঃ

কালইতা কলু মাতি কোনো মন্ত্ৰ

তোলালং কাতি ৰামৰ আজ্ঞা

শ্ৰীৰামৰ বাণী তেলজাৰি দিলো

খল মহেশ্বৰ ৷৷ [তিনিবাৰ]

জ্ঝ৷ কুল চাৰা পানী জাৰা মন্ত্ৰ ঃ

এক আচ মিলং ৰক আচ মেলং

মিক চেলেকা কুল

আমুকীৰ বৰ যাল সৰু যাল

হৰকে নামি পৰ

ছকা বৰক সতদিপৰ মিক

ৰক্ষা কৰিবা আই ধনন্তৰী  মাথা খাই৷৷ [তিনিবাৰ]

১০৷ গৰ্ভ বান্ধি থলে খোলা মন্ত্ৰ ঃ

ধোবাই গৈলা হাতে

ধুবুনি লৈ গৈলা বাতে৷

তোক বোলো ধুবুনি বাই

এই পানী তুপা কৈত পাই৷

পৰ্ব্বত খুহি পৰিল পানী

ধুবুনি গৈলা ৰাজ বাখানি৷

জাপোবৰ বল হাতত দিলে জলে

ফুলে পাৱে খুহি পৰে৷

সোণাৰ পুখুৰী ৰূপাৰ পাৰ

বিধতাই স্ৰজিলা পৰ

ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ফুলে চাৱে খুহি পৰ৷

কলৰ গছত আছে ৰহি

কলেপাৱে পৰিল খুহি৷

মোৰ বাক

আমুকীৰ গাৱৰ

বান্ধা ছাটা মুকলি হৈ থাক৷৷

[ পানী জাৰি  তিনিবাৰ খাব দিব৷]

ৰৰ৷ গৰ্ভৱতীৰ গা বান্ধি থলে গা খোলা মন্ত্ৰ ঃ

মেলিলো দূত মেলিলো ছৰ ছালে

ছালে পেটে পেটে আছে ধৰণী

চক্ৰত পৰিলে মেলানি

লাগিছো গুৰুসেৱা কৰি৷

জিৰাজে আহিলে সি ৰাজে যা,

পৰুৱা পিপ্‌ৰা ধৰি ধৰি খা৷

আন্ধি মেলো গাণ্ঠি

মেলো মেলো সবাৰ কেশ৷

আন্ধি মেলো, গাি_ মেলো

মেলো গুৰুৰকেশ৷

নৈ বয় কৰি কৰি সোঁত বয় তানী

মেলিলো আমুকীৰ ছৰ ধৰণী৷

নাযাবি বাঢ়ি মোৰ হাক, গুৰুৰ ডাক

আমুকীৰ গা মেলিলো মুকলি হৈ থাক ৷৷

[৩যজ্জ বাৰ পানী জাৰি খাব দিব, গাত চতিয়াব]

১২৷ ক্ষেত্ৰৰ পানী জাৰা মন্ত্ৰ ঃ

শ্ৰীকৃষ্ণয়ে নমো নম৷

আৰ আৰ ক্ষেত্ৰ পাল জানো জন্ম জাতি৷

চমি্‌ড কুমাৰ বেতা তই

বেতাল চণ্ডিৰ নাতি

গছায়া গাতত থাকি চিত্তে মহাদেওঁ

তাসম্বাৰ পূজাতে গোঁসাই কৰে মেওঁ ৷

আমুকীক ছাৰি নাযা তই

বুকুত গৰিয়াই খেদিম মই৷

আগত ধৰি আগ মাংখ খাওঁ

গাওঁৰ ছাল মাদাল চিয়াওঁ

হৰ বিষ হৰ

মোৰ ফুকতে

পানী কৃত্য হৈয়া পৰ৷৷ [তিনিবাৰ]

১৩৷ গৰ্ভৱতীক জাপ দিয়া মন্ত্ৰ ঃ

[চিদ্ৰ,দিক্ষা, গা চকিলে দিব]

শ্ৰী ওঁ ধনন্তৰিয়ে নমো৷

দিক্ষা কালি কালি

ব্ৰহ্মা কালী কালী

তোৰ নাম কি মহাদেৱৰ  যিৰে ছল কি

মহাদেৱৰ বিৰ্যে্যাছল দিক্ষাৰ জনম৷

মঙ্গলবাৰ যুন খানে মাৰো দিক্ষা

সেই থানে বজ্ৰ হই পৰ৷

উঃ কালীৰ সৎ ওঁ কালী ফৎ ফৎ স্বাহা৷৷

ঃঃ ঃঃ ঃঃ

নমো নমো নাৰায়ণ

নমো নমো নিৰঞ্জন

নমো নমো নিৰ্বিকাৰ

নমো নমো নিৰাময় ভয়

ভব ভঞ্জন হৰি ভস্মধাৰী, নীলাকণ্ঠ

নিলৎপল নীল প্ৰতিত্তৰ স্বাহা৷

অং শিৱয়ে নমঃ অ জঁটাধাৰিয়ে নমোঃ৷৷

[ফিত্‌কৰি মাৰি জাৰিব খুজিলে চূণ জাৰি ফোটা দিব৷ গৰ্ভৱতীক জাপ দিলে কোনো চিদ্ৰই ধৰিব নোৱাৰে৷]

১৪৷ শিৰকোব জৰা মন্ত্ৰ ঃ

[পুৰা মাটি, কুমাৰি মাটি জাৰি লগাব]

সিৰ শিৰ শিমলো গাজা

গাইতো বান্ধিলো বাৰীৰ পাছা৷

দামোৰিতো পিয়ে পিয়ে বাছা

আমুকীৰ শিৰ কুব কুলাত বাচা৷৷ [তিনিবাৰ]

১৫৷ বিয়া বান্ধা মন্ত্ৰ ঃ

শ্ৰীকৃষ্ণয়ে নমো৷

অগ্নি নাম কৰণি

হাতে অগ্নি জলেও ব্ৰহ্মাও, ৰুদ্ৰাও

কালেও হৰিও, গোপালাওঁ

নাৰায়ানাওঁ,বিষ্ণু, গৰুৰকেতুও,

বসুদেৱও অনন্ত অগ্নি নাম কৰিণি৷

শাপিলে ভস্ম পাসৰিলে পাগল৷

দেখঙ্গ দেখঙ্গ দ্ৰয়োঙ্গ

এই নাম পূৰ্ব্বে আছিলা অনন্তৰ থাই৷

তৈৰ পৰা তৈৰ পৰা নুমাইলন্ত মাহাদেৱে পাই৷৷

এই নাম যিতো ধাৰণ কৰে সমস্ত

কুজ্ঞান কুমন্ত্ৰ দেৱতাৰ বাণ চুইবাক পৰে৷

ওঙ্গ নাম, ওঁঙ্গ ব্ৰহ্মা, ওঁঙ্গ নাম,

ওঁঙ্গ নাম ব্ৰহ্মা ওঁঙ্গ নমৰে৷৷ [তিনিবাৰ]

১৬৷ বিয়াৰ কাৰণি পানীজাৰা মন্ত্ৰ ঃ

উৰ পক্ষি ব্ৰহ্মা ওৰাণ ভৈলা যোন বেলা৷

ত্ৰিদশৰ দেৱতাই কৰিলা উৰবেলা হৰি৷৷

উৰ হৰি স্মৰি৷

উৰাণ বান্ধিলো টানি৷৷

লই যা ওৰাণ তই ব্ৰহ্মাৰ নাগ পাশ৷

কুজ্ঞান , কুমন্ত্ৰ দিক্ষাবাণ হাৰা- কাটা খেদি খেদি খা৷

উৰাণ জেলিমিলি লোহাৰ কোৱাৰ৷

লাঠি মাৰি ভাঙ্গিলো কুজ্ঞান কুমন্ত্ৰ

উলতৰে কুজ্ঞান তই যদি নলু

তাহ জঁটাধাৰিৰ মাথা খা৷৷

[পানী জাৰা দিলে ভাল হ’ব৷]

১৭৷ বিয়াৰ কাল কবচ গা বান্ধেনী মন্ত্ৰ ঃ

কাল কাল মহাকাল

মই কবচ বান্ধো

সাত পাতালৰ চন্দ্ৰ সূৰ্য বান্ধো৷

বান্ধো নাতিৰ নালা৷

মই কবচ বান্ধো দেওঁ দিনৰ বেলা৷৷

এই বাক্য লৰাহ-চৰাহ

ব্ৰহ্মাৰ চক্ৰত পৰি মৰাহ৷৷

[জাপ বটি দিব৷]

১৮৷  বিয়া বন্ধা ব্ৰহ্মা উৰাণ মন্ত্ৰঃ

শ্ৰীকৃষ্ণয়ে নমো, ধনন্তৰিয়ে নমো৷

উৰাইলো উৰাণে মন্দ বাণ যত৷

পূবে আশা পূবে বান্ধো

পশ্চিমে আশা পশ্চিমে বান্ধো৷

উত্তৰে আশা উত্তৰে বান্ধো

দক্ষিণে আসা দক্ষিণত বান্ধো৷

লোহাৰ য’ত য’ত

লোহাৰ দক্ষিণে বান্ধো নওঁ দুৱাৰ৷

ইন্দ্ৰ চন্দ্ৰ নায়ক  বাৰ মাসক লাগি লতুয়াই

মাৰিলো ছাতি৷

বান্ধিলো উৰাণ বছৰক টাকি৷

উৰাণে বান্ধিলো নৱ দুৱাৰ

বান্ধিলো উৰাণে লোহাময় ভৈলা৷

সৰিল দুৱাৰ থাক উৰাণে লোহা হৈ  বস্বৰ কটাক

থাক অস্ত্ৰে অস্ত্ৰে একোৱে নপাৰে বেদিবাক৷

শঙ্কৰৰ শপত সত্যে সত্যে লোহা হৈ থাক৷৷

ঃঃঃ ঃঃঃ ঃঃঃ

শ্ৰীকৃষ্ণয়ে নমো , ধনন্তৰীয়ে নমো উৰাণ

ওং ব্ৰহ্মা ওৱাচ উৰাণ উৰাইলো মাৰ৷

উৰাণে বান্ধিলো মোৰ দশ দুৱাৰ৷

বাপ মহাদেৱ, মাও মোৰ চণ্ডিকা

উৰাণে দুই বান্ধো আপোনাৰ দশ

অঙ্গৰ দশ সীমা, কেশে  কেশে পিও পানী

বাপক বাপে থাকোক হানি৷

কাটাক মাৰি অকালক ভাসো মাৰো মামক তাকি৷

আপোনাৰ প্ৰাণপিণ্ড ৰাখো৷

বাঢ়য় মামৰ কল খালো

দিও উৰাণৰ বান্ধিলো শিখা৷

উৰাণে উৰুৱাইলো বাণ কুজ্ঞান দিকা

দৃষ্টিশিল সিদ্ধ গুৰুৰ পাওঁ

ৰক্ষা কৰা কামৰূপৰ কামাখ্যা মাঁও৷৷

১৯৷ তঁাতশালত কাপোৰ বোৱাত মানুহক কুত মন্ত্ৰ কৰিলে ভাল কৰা মন্ত্ৰ ঃ

[সকলোতে খাতে]

মেৰুত ছপন অৰুন অয়ন ৷

যি কৰে আমাৰ উপৰে যোগ দাৰু বেদ বাণ৷৷

কুজ্ঞান কুমন্ত্ৰ লাগন৷

ইহাক কৰে গোবিন্দে সংহৰণ৷৷

মন পবন জীৱন যৌবন এক কৰি

ৰামে সেতু বান্ধিলা যেন কৰি

সমুদ্ৰে ঢাকিয়া ধনন্তৰী পত্ৰ শিৰোগত কৰি

বান্ধিলো আমুকাৰ শৰীৰ আবৰি৷

মোৰ হাক গুৰুৰ দাক

নৱ দুৱাৰ বান্ধি থলো নেগুৰা নেগুৰি লোহাৰ বৰণ

আমুকাৰ দিন হইতে হইল অজয় অমৰ৷

ও ব্ৰহ্মা ওবিষ্ণু ও মহেশ্বৰ যি মাৰিতে পাৰে

তেবেসে আমুকাৰ গাও শৰহাৰা বাণ চিদ্ৰ দিতে পাৰে

মুৰ ছন্দা টাংঙ্গ লাগে

আমুকাৰ গাত শৰহাৰা বাণ চিদ্ৰ কিছুই নালাগে

উংঙ্গাৰ বিংঙ্কাৰ টঙ্কাৰ ইথানে নাথাকিবি

সীমাৰ মঞ্চাৰ মনুস্যৰ মুৰ্খ বাদ

বিষাহাৰা দিক্ষা সৰি পৰা সিদ্ধগুৰুৰ পাওঁ

ৰক্ষা কৰা কামৰূপৰ কামাখ্যা মাওঁ৷৷

২০৷ বিয়া আদিৰ কুতমন্ত্ৰ ভাল কৰা মন্ত্ৰঃ

শ্ৰীকৃষ্ণায় নমো, ধনন্তৰিয়ে নমো

সংঙ্কাল দিক্ষা, ৰুদ্ৰ দিক্ষা

মালা জপি তোলো বাণ

সকলো অন্তে একে ঘৰে বাজ৷

দুই হানে এহাতত আমুকাৰ আগতে বান্ধিলো৷

ভৰেছাৰি গুৰুৰ দুখে জপি হুং জাপ৷

শৰ তই বই মই বাপ

দৃষ্টি চাই ভিনি পৃথিৱীৰ মাৰিলং স্বাহা৷

আমুকাৰ অগ্নি বাণ উঠি আশ৷৷

একে চাৰিৰ মালা

তিনি চই ৰাখি দিলে কিৰা

সেই কিৰা খাই গাঁও চাৰি বাণ তোলং পাণ ৰাখিলং স্বাহা৷৷

সংঙ্কালৰ উপৰি মহাকাল তোমাক সুমৰণ কৰো

অং মই সিদ্ধাত বসিয়া৷৷

অং মই অসণ তিৰিয়া

উংঙ্কাৰ উপৰি মহাকাল

তাতো তোমাক সুমৰণ কৰো

ধৰ্ম্ম চাতি ধৰি সংমই সন্ধাত৷৷

২১৷ বৰ-কন্যাক অচেতন কৰিলে ভালকৰা

হাতত পানী লৈ তুলসিৰ পাতেদি জাৰি নাকে মুখে মৰা মন্ত্ৰ ঃ

তলা পুখুৰী মেল্লো জলে মেল্ল থলে

মেল্ল ধৰণী কপট কপট মুকলি

যিবা গুৰুৰ বন্দি হৈছা হইবা মুকাল

যিৰে বান্ধো গুৰুৰ পাওঁ

ৰক্ষা কৰা কামাখ্যা মাওঁ৷৷

২২৷ বৰ কইনা ভাল কৰা ও নানান কুতমন্ত্ৰ, কুজ্ঞান ভাল কৰা মন্ত্ৰ ঃ

হৰি নামে কাচো আদি নিৰঞ্জন

কাল নামে কাচো জগত সোভন

ৰুদ্ৰ নামে কাচো জগত ভেদি

উচিত নামে কাচো অনাদিক যাইবা খেদি

অনাদি হইবা মোৰ মাওঁ৷

অনাদি নগইলা দৈত দানবৰ

ভাল কৰো বহ্নিৰ বচনে কাচো ৰুদ্ৰ

কাচো বহ্নিৰ মাৰ বচনে জগতৰ পতি৷

অনাদি পুৰুষৰ বাসা সমাপতি৷৷

জত ৰুদ্ৰ নামে জয়

দৈত্য দানবৰ দিক্ষা কুজ্ঞান কুমন্ত্ৰ ধৰি ধৰি খাই৷

এই নামে কাটে কুটে অনাদি

পুৰুষৰ কপালত ফুতে

চল চল কাল নামে চল

ইন্দ্ৰৰ বজ্ৰ তাঙ্গো

এই নামে কাটে কুটে মহাদেৱৰ কপালত ফুটে৷

চল চল কাল নামে চলা বৰুণ বাণ নিবাৰণ কৰ৷

এই নামে কাটে কুটে ইন্দ্ৰৰ কপালত ফুতে৷

সিদ্ধ গুৰুৰ পাওঁ

ৰক্ষা কৰা কামৰূপৰ কামাখ্যা মাওঁ৷৷

[এই মন্ত্ৰেৰে পানী জাৰি খাব দিব, জাপ দিব৷]

২৩৷ দিক্ষা মাৰিলে জৰা মন্ত্ৰ ঃ

চল চল চল ব্ৰহ্মাৰ আজ্ঞাৰে৷

চল কাল কাল কাল মৰে হানি পঠাওঁ৷৷

সাত পাতাল চল যদি ব্ৰহ্মাৰ আজ্ঞা পাঁও৷

কাল চক্ৰ হানিয়া পঠাওঁ যমেৰ ঘৰ৷৷

উৰাণ মুঠি উৰাণ মুঠি ৷

মই বান্ধো পৰ্বতত উঠি৷৷

সাগৰ শুখাল মানিক লুকাল৷

তেবেসে গাঠি মুকাল৷৷

চন্দ্ৰকাম্পে , সূৰ্য্য কাম্পে, কাম্পে ভলা মহেশ্বৰ

তেবেসে থাকিবি গাঁঠি আটে তাৰ৷৷

২৪৷ ৰভা বান্ধেনী, বিয়া বান্ধা বেজি জাৰা মন্ত্ৰ ঃ

ধৰণী ধৰণী কুম্ভকৰণী

উপৰে বান্ধিলো তাক৷

সভা বান্ধং ৰভা বান্ধং

মোৰ মুখ চাই থাক৷৷ [তিনিবাৰ]

২৫৷ উৰাণ বান্ধেনী মন্ত্ৰ ঃ

ব্ৰহ্মাৰি ব্ৰহ্মাৰিৰ ব্ৰহ্মাখী ব্ৰহ্মাথু

ব্ৰহ্মাক ব্ৰহ্মায় কলে লয়

যত হাৰা কাটা বাণ দিক্ষা

পৰৰ কুজ্ঞান কুমন্ত্ৰ কু চক্ৰ

সবাকে কাটি কৰং ছাৰখাৰ

উং তুং লুং ফৎ স্বাই স্বাহা ৷৷ [তিনিবাৰ]

চ্ছ৷ ধৰণ বান্ধা চুণ জাৰা মন্ত্ৰ ঃ

বেত কালী কপিলা বিষ হৰি

আহিলা, বিষ খালা গাঁঠি হেন

বেলা নাৰদে বলধক

জৰিলা সোণাৰ নাঙ্গল ৰূপাৰ ফাল

হাল বাওঁতে উথিল মাটি

এৰপৰা বিষ নকৰা উজান ভাটি

পদুমণিৰ দোহাই পদুমণিৰ দোহাই

পদুমণিৰ দোহাই ৷৷

[তিনিবাৰ চুণ জাৰি ফ’টা দিব ]

২৭৷ উৰাণ জাব বুটা মন্ত্ৰ ঃ

শ্ৰীকৃষ্ণয়ে নমো, গণেশায়ে নমোঃ

ধনন্তৰীয়ে নমোঃ উৰাণ মন্ত্ৰ হাৰো উৰাণে বান্ধো,

বাৰে নাউৰ উৰাণে বান্ধি কৰিলো থিৰ৷

সেই সময়ে উপজিলা কাল মহাবীৰ৷৷

কালক মাৰি বিকালক ভাসো

আমুকাৰ প্ৰাণপিত্ত বাৰমাসক লাগি ভাসো৷৷

হও জাপৰ মাৰিলো গাঁঠি

তেত্ৰিশ কৌটি দেৱতাক কৰিলো বন্দি৷৷

সিদ্ধ গুৰুৰ পাওঁ

ৰক্ষা কৰা কামৰূপৰ কামাখ্যা মাওঁ৷৷ [তিনিবাৰ]

[অবৈয়া আপিয়ে কাটা সুতাৰে জাব দিব৷]

২৮৷ কইনাক জাব দিয়া মন্ত্ৰ ঃ

মেনকা দৰে চণ্ডিকা হইলা জিয়া

জয় জয় মহাদেৱ তুমি কৰাইলা বিয়া৷৷

জয় জয় মহাদেৱ জয় মাও চণ্ডি৷

বিয়াৰ কন্যাৰ গাঁও বান্ধো তুমি ৰাখিবা ৰাখি৷৷

যদি আমুকাক মাও কৰাহ

বশিষ্ট মুণিৰ জঁটাত পাওঁ পোথালাম

কংঋং ফট ঋং নামে দ্ৰোহি কৰাহ৷৷

যদি এই বাক্য লৰাহ চৰাহ

মহাদেৱ পাৰ্ব্বতিৰ জঁটাত পাওঁ মোচাম৷৷

মৰ মৰ ৰং ৰং ৰং জং

এই বিশ্ব মন্ত্ৰ লৰা বশিষ্ঠ মুণিৰ শিৰত পাওঁ মোচাম৷৷

[তিনিবাৰ জাৰি জাপ দিব]

২৯৷ অগ্নি উৰাণ বেহাৰ জাৰা মন্ত্ৰ ঃ

উৰাণ ফৰাণ ছাৰি উৰাণ তেৰ জাতি

মই উৰাণ বান্ধিলো আমুকাৰ সীমা সঞ্চাৰ ৰাখি৷৷

ৰামৰ কটাৰি লক্ষণৰ চুৰি

চাৰিটা বান্ধিলো খতি৷

এই দুই কৰোৱালা চাৰি কুজ্ঞান কুমন্ত্ৰ

ভূত পিশাচ দেৱ দানৱ যি মুচা দুই পাওঁ৷

এই বাক্য লৰা চৰা মাৰওঁ আকাশ সপ্তলোক গ্ৰহণ কৰা৷

১০০০ হাজাৰ কালিৰ দোহাই৷৷

[তিনিবাৰ বেহাৰ জাৰি ঘৰ হদত চিতাব৷ জাপ দিব পাৰিব৷]

৩০৷ ঘৰৰ হদ বান্ধা বৰুণ [গছ] ৰ খুতি আৰু বেজি জাৰা মন্ত্ৰ ঃ

এক বাণ বান্ধো ঘৰৰ ওপৰ৷

দুই বাণ বান্ধো চান সূৰ্য্যৰ৷৷

তিনি বাণ বান্ধো তিনিখান পৃথিৱী৷

চাৰিত বান্ধো চাৰি ৰথ

পাঁচত বান্ধো পাঁচ পাণ্ডৱ৷

ছয়ত বান্ধো ছয় কাল নাগেনী৷

সাতত বান্ধো গাতেলি পৰ্ব্বত

আঠত বান্ধো আঠ দুৱাৰ৷৷

নওত বান্ধো নওঁ দুৰ্গা

দহত বান্ধো দহ দুৱাৰ৷৷

এঘাৰত বান্ধো এখুদ নাগেনী

ইষ্টমত বান্ধো ষোল্লষ ডাকেনী৷৷

আমুকাৰ গাওঁ কৰিলো বন্দি

ভূত প্ৰেত পিশাচ কুজ্ঞান কুমন্ত্ৰ ছাৰিবি গাত৷

বন্ধত তৰ গাঁও

ৰক্ষা কৰা কামৰূপৰ কামাখ্যা মাঁও৷৷ [তিনিবাৰ]

৩১৷ গাও বান্ধনি মন্ত্ৰ ঃ

[ওজাই নিজে গাঁও বান্ধি লব আৰু দৰা কইনাকো দিলেকোনো ভয় নাই]

হাতে দুবুৰি পায়ে দুবুৰি

দুবুৰি বান্ধম সৰ্ব্বাঙ্গে বীৰমল দাতা৷৷

গজ্যা কোনো বাণ ব্যাধি কুজ্ঞান কুমন্ত্ৰ

কোনো জাৰ মোৰ অঙ্গে ধায়

কাৰ্ত্তিক গণাই দুই পুত্ৰেৰ মাথা খাই৷৷

[তিনিবাৰ জাৰি কাপোৰৰ লছত গাঠি মাৰি ল’লে কোনো মন্ত্ৰ লগাব নোৱাৰে৷]

৩২৷ বৰ কইনাক গাখীৰ জাৰি খাব দিলে

বাণ লগাব নোৱাৰা মন্ত্ৰ ঃ

হে গুৰু তোমাক নমস্কাৰ কৰো

ত্ৰিদশ কৌটি বাণ বিষ পানী কৃত্য কৰো৷৷

ভূত প্ৰেত হ বাণ বিষ ব্যাধি

বাণ বায় বাণ ভোগ বাণ  লাওঁ পত্ৰে

কৰিলো থান বান

সিদ্ধ গুৰুৰ পাওঁ

ৰক্ষা কৰা কামৰূপ কামাখ্যা মাওঁ৷৷ [তিনিবাৰ]

৩৩৷ বেজি জাৰি দৰা কইনাক দিয়া মন্ত্ৰ ঃ

খোপাক ভাঙ্গে জাং জঠৰ হদৰ ভাই

চলিয়া মহাদেৱৰ ঠাই৷৷

যদি আমুকাক নাচাই অন্যক চাহ

ঈশ্বৰ মহাদেৱৰ মাথা খাহ৷৷

ঃঃঃ ঃঃঃ ঃঃঃ

উৰাণ চিকিমিকি উৰাণ গাঁও৷

মই উৰাণ বান্ধিলো চন্দ্ৰ সূৰ্য্যক চাই৷৷

এই কথা লৰা চৰাহ

আই কালিকাৰ মাথাত ভৰি মুছাহ৷৷

ঃঃঃ ঃঃঃ ঃঃঃ

সোণাৰ কাকৈ ৰূপাৰ ফণিত কেশ

চুছিলো উজান ভাটি৷৷

কেশ চুছি বান্ধিলো খোপা

শত্ৰু মিত্ৰৰ মুখত দিলো সোপা ৷৷

চান বান্ধো সূৰ্য্য বান্ধো বান্ধো পালৰ হাতী৷

ৰজা প্ৰজা সবাকো বান্ধো আমুকাৰ ভৰিত লাৰে মাটি৷৷

এই কথা লৰা চৰাহ

মহাদেৱৰ চক্ৰত পৰি মৰাহ৷৷ [তিনিবাৰ]

৩৪৷ তেল চুণ জাৰি ফ’টা দিয়া উৰাণ মন্ত্ৰ ঃ

উৰাণ উৰাণ উৰাণ শৰীৰে বান্ধো

নও দুৱাৰ মহাদেৱ মহাচণ্ডি উৰাণ বান্ধিলো শৰীৰে বান্ধো৷৷

কেশৰ কেৱে নেওপানী বাণক বাণে হানা হানি৷

কাল চাৰি কাল মেখ খা৷৷

মামেক লাগি জীও ৰাখ৷

বাৰ ও জাতি কুলৰচৌষষ্টি নাওঁ৷৷

উৰাণ বান্ধিলো সিদ্ধ গুৰুৰ পাঁও৷৷

তোমাৰ উৰাণ নামৰ কোনে পাৱে অন্ত

চন্দ্ৰ সূৰ্য্য ৰূপে ৰক্ষা কৰা ভগৱন্ত৷৷

উং স্বাহা টঙ্কাৰ স্বাহা

কিং, কিং হুং হুং স্বাহা ৷৷ [তিনিবাৰ]

৩৫৷ দৰা কইনাক দিয়া মোহিনী মন্ত্ৰ ঃ

তেল তেলেকী তেল তোলকি

হাতে গেজি মোখে পুজি৷৷

ইন্দ্ৰ বসি খাতাৰ মুখে

বাৰি গজ কান্দে ৰিম নাযাই

আৰু কান্দে ৰাম ৷

তিনি পৃথিৱী কাম্পে দেখি তেলৰ গম৷৷

থাকা সেত ভনে বলৰাণী

সেই তেলৰ ৰাজ মোহনী৷৷

সভা কল্লা মজিয়া পইজা কল্লাম থান

থাতে মোন বিতা লাই নাম আমি গগণেৰ চান৷৷

[তিনিবাৰ তেল জাৰি দিব৷ আনে ল’লে বেয়া হ’ব]

৩৬৷  যাত্ৰা কালত বেজি জাৰি খোপাত বান্ধা মন্ত্ৰ ঃ

হাত বান্ধো বাত বান্ধে আৰু তাল

ব্ৰহ্মৰ বান্দিনী বান্ধ তোক বান্ধ চামৰ জৰি৷৷

চাম দুৱাৰৰ উপৰে বান্ধিলো পোহাৰ দুৱাৰ৷

একে এক গুণে বান্ধো, দুইয়ে দুই গুণ বান্ধো

তিনিয়ে তিনি গুণ বান্ধো, চাৰিত চাৰি গুণ বান্ধো৷৷

পাঁচে পাঁচ গুণ বান্ধো, ছয় চক্ৰৰ গুণ বান্ধো৷৷

পেঙ্গুলা পেঙ্গুলি বুড়ি পেঙ্গুলি চুলি ৷

মই বান্ধেনী বান্ধো বছৰ এক বুলি৷৷৷

আমাৰ বচন গুৰুৰ ডাক

মই বান্ধেনী বান্ধো লোহা হৈ থাক৷৷

কালিতা দেৱী কামাখ্যা মাওঁ৷

চণ্ডিকা কামাখ্যা দেৱীৰ মাথা খাওঁ৷৷

কোন কুমন্ত্ৰ হাৰা কৰ্ম্মাৰ গাঠি মুঠি

পোৰা বাণ যদি আমুকাৰ গাও আহিবি৷

একান্ত মহন্তক ভেদ কৰিবি৷৷  [তিনিবাৰ]

৩৭৷ কালী দিক্ষা ভাল কৰা মন্ত্ৰ ঃ

শ্ৰীকৃষ্ণয়ে নমঃ, ধনন্তৰীয়ে নমঃ৷

ওং থেঙ গুৰু মুখে ওঁ হোং ৰুদ্ৰ হৰ৷

ওং হোং পাৰ্ব্বতি স্বাঁ লং ওং স্বলা কাল দিক্ষা চল

যতৈ আছে  ভূত পৰি পিশাচ বিৰা-বিৰাণী

চিদ্ৰিয়া লেতেৰীয়া কলা কুবিৰ বাটোৱালি বিৰা-বিৰাণী৷৷

তৈতে গাওত পৰি পৰি চক্ষু ফুটি মৰ৷

ওঁ কং তং ফৎ স্বাহা৷৷

[পানী জাৰি চক্ষু মুখে চতিয়াব গাত চতিয়াব , খুৱাব৷]

৩৮৷ কুত মন্ত্ৰ ভাল কৰা মন্ত্ৰ ঃ

ব্ৰহ্মাই দিলা জিউ ত্ৰিদশ কৌটি

দেৱে দৈত্যৰ গৈলা জিউ৷

ভূত প্ৰেত পিশাচৰ উৰি গৈলা জিউ৷৷

উং হং ৰিং কৃং চং কবং ফৎ স্বাহা৷৷

[এডাল বাঁহৰ শলাত জালুক এটা এঁৱা সূতাৰে মেৰাই জুই জ্বলাই নাকত ধোৱা দিব৷]

ঃঃঃ ঃঃঃ ঃঃঃ

ওং গং ই হং কাৱণ্য দেৱায় ক্লিং

ৰাং ইং মং লিং কম্‌ৰ্ কৰ্ম্ম

কু মন্ত্ৰায় বিল চলায় নমঃ৷৷

[পানী জাৰি চতিয়াব, খুৱাব, বেহাৰ জাৰি গাত চতিয়াব বা বান্ধি দিব৷]

৩৯৷ কাণত ফু মাৰা মন্ত্ৰ ঃ

কালি কালি মহাকালি

সেই কালিকা কৰিলো তেজ কালি৷

যদি কালি উপৰে ধাবি

ইশ্বৰ মহাদেৱৰ মাথা খাবি ৷৷

সিদ্ধ গুৰুৰ পাঁও৷

ৰক্ষা কৰা কামৰূপৰ কামাখ্যা মাওঁ৷৷ [তিনিবাৰ]

৪০৷ বৰ কইনাক অচেতন কৰিলে পৰীক্ষা কৰা মন্ত্ৰঃ

শ্ৰীকৃষ্ণয়ে নমঃ নমো জয় জালোক জয় দাত ৷

আছে ৰঙ্গা পিত লোণ মই বৰ কাজি

আমুকাৰ যৈত্য আছে তৈত্যে পৰি থাক৷৷

উং ওং হং ৰিং অং অন্তৰায় স্বাহা৷৷

[জালুক জাৰি মুখত তিপি ধৰিব৷ বৰাৰ দাঁত জাৰি মাজ মূৰত হেচি ধৰিব৷ পানী জাৰি চতিয়াব, চকুত মাৰিব৷]

৪১৷ শক্তি শেল মাৰিলে ভাল কৰা মন্ত্ৰ ঃ

শ্ৰীৰাম চন্দ্ৰায় নমো

শ্ৰীলক্ষণায় নমো৷

শ্ৰীতিয়ায় নমো হনুমানে নমো৷

চন্দ্ৰ সূৰ্য্যায় নমো, ইন্দ্ৰায় নমো৷

কাল ভৈৰাৱয় নমো৷

ত্ৰিদশ কৌটি দেৱতাক কৰিলো প্ৰণাম৷

গোঁসাইৰ অস্ত্ৰ মন্ত্ৰ ত্ৰিশূল বতে৷৷

[বেহাৰ পানী জাৰি চতিয়াব]

৪২৷ কু মন্ত্ৰ ভাল কৰা মন্ত্ৰ ঃ

ভং গং ই হং কাৰণ্য দেৱায় ক্লিং

ৰাং হং মং ৰিং কৰ্ম্ম কৰ্ম্ম

কুমন্ত্ৰায় বিল টলায় নমঃ৷৷

[পানী জাৰি খুৱাব , বেহাৰ[সৰিয়হ] জাৰি গাত চতিয়াই বান্ধি দিব]

৪৩৷ গা বান্ধেনী মন্ত্ৰ ঃ

ওঁ নমঃ শিৱায় ই হং সম ক্যং

সিদ্ধ ধৰণ্য মহ নং ধিম দ্যম

কৃং নমঃ৷

[চাউল জাৰি ৰোগীৰ গাত চতিয়াব আৰু মাদুলিত ভৰাই হাতত বান্ধি দিব৷]

৪৪৷ উৰাণ মন্ত্ৰ ঃ

উৰাণ উৰাণ উৰাণে সাৰ

উৰাণে কাটিলো নও দুৱাৰ৷

বাপ কালী মা সৰস্বতী উৰাণে কাটিলো তিনিটি গাঁঠি৷

বাণক বাণে পেলালো কাটি৷৷

মোৰ উপৰে কৰে থিৰ

উলতি লম তাৰ শিৰ৷৷

সিত বান্ধো গুৰুৰ পাওঁ৷

ৰক্ষা কৰা কামৰূপৰ কামাখ্যা ধনন্তৰী মাওঁ৷৷

[বাটৰ পৰা চোতালত সোমাওতে নিজৰ ভৰিৰ ধূলি জাৰি আগফালে চতিয়াই দিব৷]

৪৫৷ শিৰা ৰোগ ভাল কৰা মন্ত্ৰ ঃ

ওঁ শিৰা ওঁং গোঠা ওঁং শিৰা

শিৰা ওজান ধৰা দশমে দশ ভূজায়৷

শিৰায়ং নমোঃ নমোঃ ৷

শিৰে শিৰে বিৰ মাৰো৷

যাইতে বসি বিষ মাৰো৷

ধৰিছো তিপি কৈক চাহ

পুতাই তোক মাৰে খাৰিকাৰ নালে৷৷

হৰ হৰ হৰ ধনন্তৰী

সৰস্বতী কৃপাত পানী কৃত্য হৈ পৰ৷৷

[একে উশাহ × জাব বটিব৷]

৪৬৷  চন্দ্ৰ ভেল্‌কি মোহিনী মন্ত্ৰ ঃ

শ্ৰীকৃষ্ণয়ে নমো ঃ ভেলেকী ভেলেকী চন্দ্ৰ ভেলেকী

লুকি ভেলেকী মাৰো৷

তিনি ভেলেকী মাৰি পানী কৃত্য কৰো৷৷

চন্দ্ৰ কাকা, সূৰ্য্য কাকা বসুমতী আই৷

মই ভেলেকী মাৰো সৰ্বলোকে থাক চাই৷৷

সিদ্ধ গুৰুৰ পাঁও৷

সিদ্ধ কৰা কামাখ্যা মাওঁ৷৷ [তিনিবাৰ]

৪৭৷ শ্মশান শালিয়াই ধৰিলে ক’লা সূতাৰে জাব বটা মন্ত্ৰ ঃ

আদি অনাদি ঈশ্বৰে গৈলা মৰি

নিৰঞ্জন পুৰুষে দিলা কুৰি৷৷

সাত দিন সাত ৰাতি পুৰি হাৰাশাস্তি ভৈল৷

নাভিৰ হাৰা গোট ভূৰ ভঙ্গ নভৈল৷৷

দেখিয়া মহাদেৱে তাক তুলি লৈল৷

মহাক্ৰোধে ধৰি আ¥£ুলি পেলাইল৷৷

সেই বেলা শ্মশান সালিয়া উৎপতি ভৈল৷

উপজিয়া শ্মশান শালিয়া মহাদেৱক চাই৷

কৈত থাকো বুলি কান্দিলা বিনাই ৷৷

মহাদেৱে বোলে বেটা শ্মশানে থাকিবি

দিন মন্দ ভৈলে মনুস্যক ধৰিবি

পূজা পানী খাই ছাৰিবি৷

উতপতি শুনিলে এৰি দিবি লৰ৷

আমাৰ বচনে যদি এৰি নাযাৱ বিষ্ণুৰ চক্ৰত পৰি মৰ৷৷

হং হুং ওঙ্কাৰ ছাৰি যা লঙ্কাৰ পাৰ৷

নাহিবি  নাথাকিবি আমুকাৰ সীমা সঞ্চাৰ৷৷ [তিনিবাৰ]

৪৮৷ ভূত খেদা বেহাৰ জাৰা মন্ত্ৰ ঃ

উং উং কাল হুং কাল

উং ৰুদ্ৰ উং ৰূপায় ফৎ উং স্বাহা

উং গৌৰি ৰুদ্ৰ ৰুদ্ৰা সোং স্বাহা স্বাহা৷৷ [তিনিবাৰ]

৪৯৷ ভূত খেদা নৰসিংহ মন্ত্ৰ ঃ

দ্ৰূীং দ্ৰূীং দ্ৰূীং দ্ৰূঁ দ্ৰূং দ্ৰূঁ ফৎ স্বাহা ৷৷

[তিনিবাৰ বেহাৰ জাৰি দিব৷]

৫০৷ বাণ কাটা উৰাণ মন্ত্ৰ ঃ

ব্ৰহ্মাই ৰান্ধে ভাত

সৰস্বতীয়ে সাৰে পাত৷

দে ব্ৰহ্মা মহাদেৱে খায়৷

আমুকাৰ হাৰা কাটা কুজ্ঞান

কুমন্ত্ৰ কুচক্ৰ কু ঔষধ বিফলে যায়৷৷

ছাৰি উজান ধাবি

মহাদেৱৰ জঁট ভৰি দি থিলিবি৷৷ [তিনিবাৰ]

ঃঃঃ ঃঃঃ ঃঃঃ

পানী উৰাণে উপৰে ঠাই৷

উৰাণে মেলিলো নওখন দুৱাৰ৷

পূৱ পশ্চিম উত্তৰ দক্ষিণ চাৰি

যিজনে আহিব এই দেৱে

উৰাণ মুখে কাটি উৰাণে নুমাম ৷৷

এই বাক্য লৰা চৰা

পদ্মাৱতী ভগৱতী বন্ধ কৰা৷৷

অং হুং স্বাহা স্বাহা৷৷ [তিনিবাৰ]

৫১৷ শূলবাণ ফিৰোৱা মন্ত্ৰ ঃ

ব্ৰহ্মা বাণ বিষ্ণু বাণ শেলবাণ ৷

শূলবাণ কাটি কৰো খান খান৷৷

আমুকাৰ আগ পিছ চাৰি দিশে মাৰিলা ঘাউ৷

যেই বাণ সেই বাণ ফিৰিয়া ফিৰিয়া চাওঁ৷৷

গাছেৰ উপৰে ৰাগিৰ উপৰে চাই৷

যি বাণ দিক্ষা মাৰে যেই বাণ সেইবাণ ফিৰি ফিৰি যায়৷৷

জোৰ কৰি আছে উলতি জাক তাৰ মাথে যাওঁ৷

যদি নাযায় ঈশ্বৰ মহাদেৱ পাৰ্ব্বতিৰ মাথা খাঁও৷৷

সিদ্ধ গুৰুৰ পাঁও৷

ৰক্ষা কৰা কামৰূপৰ কামাখ্যা মাঁও৷৷

টং হুংঙ্কাৰ স্বাহা৷৷ [তিনিবাৰ]

৫২৷ বাণ ফিৰাণী মন্ত্ৰ ঃ

হাত বান্ধং পাত বান্ধং বাণে আছে জানি৷

ব্ৰহ্মাৰ বজ্ৰ কাল দিক্ষা কু কপত কু মন্ত্ৰ কৰ পানী৷৷

ঐৰাণৰ জিলিক মিলিক পোহাৰ ছোৱাৰ খোৱাৰ¸

লাঠি মাৰি ভাঙ্গিলং মনুস্যৰ কু জ্ঞান কু মন্ত্ৰৰ দুৱাৰ৷৷

কাল কু জ্ঞান কু মন্ত্ৰৰ দুৱাৰ

কাল কু জ্ঞান ৰাম কি বৰ্ণ চৈত্যন্য কি

গুৰু মহাপুৰুষ গুৰু দামোদৰ

গুৰু ওঁ কাল হোং কাল বজ্ৰকাল

দিক্ষা কাল যাওঁৰে কাল ফিৰিয়া যাওঁ

নাহিবি ৰোগীৰ সীমা সঞ্চাৰ৷

৫৩৷ মাকৰ গাখীৰ বঢ়োৱা চূ ণ জাৰা মন্ত্ৰ ঃ

ওঁ ব্ৰহ্মা মন্ত্ৰ প্ৰণাম কৰো

আমুকীৰ মোহৰ বঙ্গ হৈছে মুকলি

হৈ পৰা গুৰুৰ বচনে চূণ জাৰো

মই ব্ৰহ্মা বিষ্ণুৰ আজ্ঞাই দিলো

ফৌচা ৰোগীৰ শৰীৰৰ

যত ভূত-প্ৰেত আছে মানে

এই চূণ জাৰা পাই আহাৰ পানী নামিয়া পৰ৷

ব্ৰহ্মা বিষ্ণু মহেশ্বৰ হাক

এই চূণ জাৰা পাই আহাৰ পানী নামি পৰ৷৷

[তিনিবাৰ জাৰি চূণ স্তনৰ চাৰিওকাষে লগালে আহাৰ বাঢ়িব৷]

৫৪৷ জিভাত জাৰি পৰিলে খাৰ চেনী জাৰা মন্ত্ৰ ঃ

চেনী নাগৰে চেনী

সাগৰে চেনী পৰো মই জিউৰ ভিতৰে ৷

এই চেনী পৰাই আমুকাৰ মুখ পাক জাই ভস্ম উঠি৷

শ্ৰীৰামৰ হুঙ্কাৰ সীতাৰ বৰ

আমুকাৰ মুখ পাক ভস্ম হৈ পৰ৷৷

বীৰ সুখাই ব্ৰহ্মা সুখাই আমুকাৰ মুখ পাক ফুকত সুখাই৷৷

[তিনি বা সাতবাৰ জাৰি, চেলেকাই দিব৷]

৫৫৷ সেন্দুৰ জাৰা মোহিনী মন্ত্ৰ ঃ

সিন্দুৰ সিন্দুৰ এহি সিন্দুৰ

কপালত জ্বলে আমুকাৰ হিয়া পৰি মৰে৷

দুই পাৱে পৰি বোলে আই মোক দেখা নাপালে৷

আমুকাৰ প্ৰাণ যায়৷

দেখিলে জাৰিব নেদেখিলি মৰিব৷

সিদ্ধ গুৰুৰ পাঁও৷

ৰক্ষা কৰা কামৰূপৰ কামাখ্যা মাঁও৷৷

[তিনিবাৰ]

৫৬৷ গিৰিয়েক -ঘৈণীয়েক কাজিয়া লাগি থাকিলে মিলন হোৱা ঢাৰি জাৰা মন্ত্ৰ ঃ

[ক] ধাৰি ধাৰি ৰাক্ষিসি ধাৰি

কিয় ঘুন ঘুনাই কৰ৷

তোমাৰ মূৰত আমুকাই ভৰি

থাকিবি তই চেচেনী পাৰি৷৷

ঃঃঃ ঃঃঃ ঃঃঃ


[খ] শোৱা পাতি জাৰা মন্ত্ৰ ঃ

পাতি পাতি ৰুপহি পাতি৷

মই পাতি মেলো উজানি ভাটি৷৷পাতি মেলি মাৰো হাতৰ চাপ৷

ঐ পাতি ৰই থাক৷৷

পাৰা কাপুৰ যেন হৈ থাক৷৷

[এই মন্ত্ৰেৰে এজনক শিমলুৰ মূল ৰান্ধি খুৱাব৷]

৫৭৷ জুই পোৰা মন্ত্ৰ ঃ

দম দম কৰে সূৰ্য্যৰ বৰণ৷

মই অগ্নি জাৰো গুৰুৰ চৰণ৷৷

ইন্দ্ৰে লাৰে ছাৰে ব্ৰহ্মাই জাতো জুই৷

নিসুতি সুতি আছে সীতা আছে শুই৷৷

সকালৰ বেৰা

বিহ খাই মাৰিলো বেৰা৷৷

হুনুমান বপুৰাই অগ্নি মুখেৰ অগ্নি মুখে নুমাই৷

সিদ্ধ গুৰুৰ পাঁও৷

ৰক্ষা কৰা ধনন্তৰী দেৱী কালিকা মাওঁ৷৷

[জুই আঙঠা এটা পোৰা ঘাৰ ওপৰত ঘূৰাই সাতবাৰ জাৰিব৷]

৫৮৷ জ্বৰ জাৰা মন্ত্ৰ ঃ

আছে ৰাম লক্ষণ বসিয়া

মই আমুকাৰ জ্বৰ জাৰো

দয়াৰে বসিয়া৷৷

ব্ৰহ্মাই তামুল কাটে৷

আমুকায় খায়৷

আমুকাৰ জ্বৰ দুেৰ পলায়৷৷ [তিনিবাৰ জাৰিব৷]

৫৯৷ কু-মন্ত্ৰত পেট ফিকা পানী জাৰা মন্ত্ৰ ঃ

ওঁ হ্ৰিং হ্ৰিং ৰক্ষ ৰক্ষ চামুণ্ডে

শৰীৰে নজৰ হাৰা বাহাৰা কু জ্ঞান কুমন্ত্ৰ বাঁও

ব্যাধি ভস্ম পাহি পাহি কৰু কৰু স্বাহা৷৷ [তিনিবাৰ জাৰিব]

৬০৷ মুখ লাগা আদা ঝাৰা মন্ত্ৰ ঃ

শ্ৰীকৃষ্ণয়ে নমঃ

আদা লোণ চিলিকায় সকলো বন পৰি গ’ল৷

হাত পৰিলো বাত পৰিলো

পৰিলো আমুকাৰ বত্ৰিশ উদৰৰ নাড়ি৷৷

হৰ বিষ হৰ ৷

আমুকাৰ মুখ লগা পানী উঠি পৰ৷৷

সিদ্ধ গুৰুৰ পাৱ

ৰক্ষা কৰা কামৰূপৰ কামাখ্যা মাঁও৷৷ [তিনিবাৰ জাৰিব]

৬১৷ মুখ লগা পানী ঝাৰা মন্ত্ৰ ঃ

শ্ৰীকৃষ্ণায়ে নমঃ

সবা সবানী লবা লবানী কাচ কাছাৰি

দোণ হাৰি চণ্ডাল কাউৰ কুকুৰ বিৰাল হং হং হুঙ্কাৰ

নাহিবি আমুকাৰ সীমা সঞ্চাৰ৷৷

ৰামৰ আজ্ঞা সীতাৰ বৰ

চৌষষ্টি বাউ হাৰা নজৰ হাৰা মুখ লাগা

বাণ ব্যাধি পানীকৃত্য হৈ পৰ৷৷

সিদ্ধ গুৰুৰ পাৱ৷

ৰক্ষা কৰা কামৰূপৰ কামাখ্যা মাঁও৷৷ [তিনিবাৰ জাৰিব৷]

৬২৷ কেঁচুৱা ল’ৰা -ছোৱালী কান্দি থাকিলে ক’লা সূতাৰ জাব বটা মন্ত্ৰঃ

বামুন নৰসিংহ হুং হুং হুঁঙ্কাৰ

ত্ৰিশ কৌটি কামিনীক লাগাল পাঙ৷

গুৰুৰ হুকুমে তাক মই মাৰিবাক ছাং৷

নামাৰিবি নামাৰিবি বাপ ময়ে জাং৷

লঙ্কাৰ তক বালকক ছৰাং মাওঁ ৷

ঈশ্বৰ মহাদেউ পাৰ্ব্বতীৰ মাথা খাঁও৷৷

ছয় চক্ষু তিনি ভৰি পৰি মাঁও গৈলা এৰি৷

কাল পুৰি কান্দানিয়া বাতি ছাৰি উজান ধাবি৷৷

ঈশ্বৰ মহাদেৱৰ মাথা খাবি৷৷ [তিনিবাৰ জাৰিব]

৬৩৷ ডিঙিত মাছৰ কাঁইট লাগিলে কল জাৰি দিয়া মন্ত্ৰ ঃ

[ক] উদা উদা উদাই নাখাই সুধা৷

উদাই হসেই উদানি ভাসেই,

আমুকাৰ গলৰ মাছৰ কটা আমুকাই জাৰেই৷

আমুকাৰ গলৰ কটা পানী উঠি পৰেই৷৷ [তিনিবাৰ জাৰিব]

[খ] মাজ সাগৰত শিমিলি দুডাল

তাতে কুৰুৱাই লৈলা বাসা৷

ইডালৰ কুৰুৱা সিডালত যায়

মাছৰ কটা ধৰি ধৰি খাই

সিদ্ধ গুৰুৰ পাঁও৷

ৰক্ষা কৰা কামৰূপৰ কামাখ্যা মাঁও ৷৷

[তিনিবাৰ ডিঙিটো জাৰি দিব৷]

৬৪৷ গাঙতি উঠিলে চূণ জাৰি দিয়া মন্ত্ৰ ঃ

কচ বচং সকলো জিজন জাক

ৰামৰ আজ্ঞা সীতাৰ বৰ ৷

চৌষষ্টি ব্যাধি পানী উঠি পৰ৷৷

সিদ্ধ গুৰুৰ পাঁও৷

ৰক্ষা কৰা কামৰূপৰ কামাখ্যা মাঁও৷৷ [তিনিবাৰ জাৰিব]

৬৫৷ বসন্তৰ জাপ বটা মন্ত্ৰ ঃ

ওঁম চিতলায়ে তোম জগত পিতা

চিতালায়ে তোম জগত মাতা৷৷

চিতলায়ে জগধাত্ৰী তোম ধাত্ৰী

তিলায়ে নমোঃ নমোঃ৷৷ [তিনিবাৰ জাৰিব]

৬৬৷ তন্‌কা [মোকোটা খালে বিষ হোৱা] জাৰা মন্ত্ৰ ঃ

হীড়া মাটি কুমাৰৰ চাক

কট কটিয়াৰ বা হাত সাকৰ

তলে বৱে পানী হাড় মাংখ থোৱে আনি৷

শ্ৰীৰামৰ আজ্ঞা সীতাৰ বড়৷

যি ঠাইত হাড় মাংখ সিঠাইত চালি ধৰ৷

তেজ কচা পুজ কচা শাকত ভাঙা

সিৰ বাগৰা সকলো চাপি ধৰ৷

সিদ্ধ গুৰুৰ পাঁও৷

ৰক্ষা কৰা কামৰূপৰ কামাখ্যা মাঁও৷৷

[তিনিবাৰ তেল জাৰি দিব৷]

৬৭৷ পেট কামোৰা পানী জাৰা মন্ত্ৰ ঃ

পেত কামাৰা হাউ ফাউ

কল গাছত তিতা লাউ৷

শিমিলি গাছত শুগুণৰ বাহা৷

পেত কামাৰা নামি আহা৷

সিদ্ধ গুৰুৰ পাঁও৷

ৰক্ষা কৰা কামৰূপৰ কামাখ্যা মাঁও৷৷ [সাতবাৰ জাৰিব]

৬৮৷ গৰাল লাগিলে হালধী জাৰি লগোৱা মন্ত্ৰ ঃ

বড়ী বড়ী হলদী পতলী দেশ৷

গল কাংসী দেই কৰো সব

বিষ শেৰা বিৰণা ৰহে বিষ হিৰ

কে আদেশ বেগীজায়

ধীৰ মনসাকে আদেশ৷৷ [তিনিবাৰ]

৬৯৷ নাড়ী লৰা তেল জাৰা মন্ত্ৰ ঃ

আউম নাৰী নাৰী পৰ্বাগী

নাৰী বহন্তক কণ্ঠা চল

আগে তিকেন কো_া চলে

নাৰী ৰক্ষাক ৰেয়তী

শ্ৰীহনুমান কি আন৷৷ [সাতবাৰ জাৰিব]

৭০৷ শোব লগা ৰোগত জাৰা মন্ত্ৰ ঃ

বাইয়া পানী খুৰৰ ধাৰ হেথে

আনিলো চানাৰ পাত

ৰামৰ আজ্ঞায়ে জাৰো আমুকাৰ জ্বৰ

তিত পক্ষি ফুকত পানী কৰো৷

ধেৰা শোৱ জাৰো, মাটিয়া শোৱ জাৰো,

হালধিয়া শোব জাৰো, সোৱৰা শোৱ জাৰো৷

শুকৰতি মন্ত্ৰে জাৰি সকল, সকলো শোৱকে পানী কৃত্য কৰো

হৰবিষ হৰ৷

চৌষষ্টি ব্যাধি আমুকাৰ পানী হৈ পৰ৷৷

[সাতখান কলা কচুৰ পাত বাঁহি পানী মিঠাতেল আলা চাউল , দুৱৰি লৈ বাহি মুখে জাৰিব]

৭১৷ তেল মোহিনী মন্ত্ৰ ঃ

উপজিলা সহিয়া উপজিলা মাটি৷

মই তেল ওলাল পৃথিৱী ফাটি৷৷

সেই তেল ঘূহি নগৰকে যাওঁ৷

সাত তাল নগৰকে মহিয়া পেলাওঁ৷৷

ৰজাক মহো প্ৰজাক মহো, মহো বিষ্ণুৰ লোক৷

আমি মহো কি কৰিবা মোক৷৷

ভেল ভেল ভেলেকি মুখি৷

বাক দেও কল মুখি ৷৷

আকাশে চন্দ্ৰ পাতালে নাগ ৷

মই মহোনী মাৰো গাৱে মুখে লাগ৷৷

সিদ্ধ গুৰুৰ পাঁও ৷

ৰক্ষা কৰা কামৰূপৰ কামাখ্যা মাওঁ৷৷ [তিনিবাৰ জাৰিব৷]

ইয়াৰোপৰি শৰণীয়া কছাৰী সমাজত প্ৰচলিত আৰু বহু মন্ত্ৰ আমাৰ সংগ্ৰহত পাইছো৷ কিন্তু গ্ৰন্থখনৰ কলেবৰলৈ লক্ষ্য ৰাখি ইয়াত মূল মূলকেইটামান মন্ত্ৰহে তুলি দিলো৷ আমাৰ আলোচনাৰ  উদ্দেশ্য  যিহেতু মন্ত্ৰ সাহিত্যৰ বিচাৰ-বিশ্লেষণ নহয়৷  শৰণীয়া কছাৰী লোক সাহিত্যৰ ওপৰত কিছু ৰেখাপাত কৰি শৰণীয়া কছাৰী ভাষাটোৰ এক সম্যক ধাৰণা দিয়াহে আমাৰ মূল উদ্দেশ্য৷ তাৰোপৰি ইতিমধ্যে প্ৰকাশিত বাবু ৰাভা হাকাচামৰ “শৰণীয়া কছাৰী সংস্কৃতি আৰু লোক সাহিত্য” গ্ৰন্থখনত ভালেখিনি শৰণীয়া কছাৰী সমাজত প্ৰচলিত মন্ত্ৰই ঠাই পাইছে৷ বৰ্তমানেও হাতেলিখা সাঁচিপাতৰ পুথিৰ আকাৰত থকা  ওপৰত উল্লেখিত মন্ত্ৰসমূহৰ ভাষা আৰু ছন্দোবদ্ধ গঠনে নি(য় শৰণীয়া কছাৰী সাহিত্যৰ কাব্যধৰ্মী ধাৰাটোক প্ৰতিনিধিত্ব কৰিব৷

[খ] গীতিধৰ্মী সাহিত্য ঃ

ড॰ বিৰিঞ্চি কুমাৰ বৰুৱাই সাহিত্য সৃষ্টিৰ বিষয়ে ক’বলৈ গৈ উল্লেখ কৰিছে- “সাহিত্য সৃষ্টিৰ মূলতে হৈছে লোকক আনন্দ দিয়া৷ পূৰ্বতে আমাৰ সমাজখনত পাঠকৰ সংখ্যা নিচেই কম [বেছি ভাগেই নিৰক্ষৰ , চহা লোক আছিল বাবে ] হোৱাত শ্ৰৱণ কৰোতাৰ তৃপ্তিৰ অৰ্থেহে সাহিত্য ৰচিত হৈছিল৷ সেয়ে শুনোতাৰ মন আকৰ্ষণ কৰিবলৈ ছন্দময় আৰু সঙ্গীতধৰ্মী কাব্যই উৎকৃষ্ট  ৰচনা আছিল৷ তদুপৰি সংস্কৃত সাহিত্যৰ অনুবাদ আৰু অনুকৰণত গঢ়ি উঠাৰ হেতুকেও পুৰণি অসমীয়া সাহিত্যও গীত প্ৰধান হৈছে৷”

আনকি সাহিত্যৰ ইতিহাস অধ্যয়ন কৰিবলৈ গ’লে দেখা যায় যে সাহিত্যৰ আৰম্ভণিয়েই গীতিধৰ্মী সাহিত্য৷ ব্ৰহ্ম বৈৱৰ্ত্ত্য পুৰাণত উল্লেখ থকা মতে ভাৰতীয় সাহিত্যৰ প্ৰাচীনতম উদাহৰণ বেদ সমূহো পূৰ্বতে গীত আকাৰেহে প্ৰচাৰ কৰা হৈছিল৷ যাক তেতিয়া ‘ত্ৰয়ী’ বুলি কোৱা হৈছিল৷ গতিকে দেখা যায় সাহিত্যৰ ইতিহাসত গীতি সাহিত্যই আটাইতকৈ প্ৰাচীনতম সাহিত্য৷

শৰণীয়া কছাৰী সকলৰ সাহিত্যতো সেয়ে গীতি সাহিত্যৰ পয়োভৰ উল্লেখযোগ্য৷ শৰণীয়া কছাৰীসকল পূৰ্বৰে পৰা নিৰক্ষৰ চহা জীৱন-যাপন কৰি অহা হেতুকে তেওঁলোকৰ মাজত শ্ৰোতাৰ আনন্দৰ হেতু  চহা জীৱনৰ অখ্যাত কবিৰ বিখাত ৰচনা গীতি সাহিত্যৰ সৃষ্টি হৈছিল৷ যি গীতি সাহিত্যত শৰণীয়া কছাৰী সকল আজিও চহকী৷ শৰণীয়া কছাৰী সমাজত প্ৰচলিত গীতি সাহিত্যক মূলতে তলত উল্লেখ কৰা ধৰণে ভাগ কৰিব পাৰি৷ যেনে- [ৰ] উৎসৱ মূলক গীত , [২] পূজা পাৰ্বনৰ গীত, [৩] বিভিন্ন সামাজিক অনুষ্ঠানত গোৱা গীত [চ্ছ্ৰ] খেল-ধেমালিৰ গীত [প্ত] গৰখীয়া গীত বা ধেমেলীয়া গীত [৬] নিচুকনি গীত৷

ৰ.ঙ্ম উৎসৱ মূলক গীত ঃ এই উৎসৱমূলক গীত সমূহৰ ভিতৰত শৰণীয়া কছাৰী সমাজত প্ৰচলিত প্ৰধান  উৎসৱ,যেনে- বাঁহ গোঁসাই উৎসৱ , বাম্বোল পিটা উৎসৱ, মহ খেদা উৎসৱ আদি৷ এই উৎসৱ সমূহত  গোৱা গীত সমূহৰ বিষয়ে তলত উল্লেখ কৰা হ’ল৷

ৰ. ৰ বাঁহ গোঁসাই  [বাঁ গ’হাই] উৎসৱৰ গীত ঃ

বাঁহ গোঁসাই [মহাদেৱ] শৰণীয়া কছাৰীসকলৰ মূল উপাস্য দেৱতা৷  গৰুৰ বিহুৰ দিনা গৰুক গা ধুৱাই উঠি বাঁহ গোঁসাই সজোৱা হয়৷ ইয়াক ‘বাঁ গ’হাই বন্ধা’ বুলিও কোৱা হয়৷ সেইদিনা দেউৰীয়ে হাতত চাকি -বন্তি লৈ লগত ৰাইজে ঢোল-তাল বজাই বাঁহৰ গুৰিলৈ গৈ বাঁহ চুপৰ গুৰিত নৈবাদ পাতি পূজা কৰি এডাল জাতি বাঁহ কাটি আনে৷  তাৰপিছত এই বাঁহ ডাল জ্ঝ হাত প্ত আঙুল দীঘল জোখত কাটি চাঁচি- চুঁচি সমান কৰি ধুই -পখালি মূৰৰ পিনে এটা পিতলৰ বা ৰূপৰ মূকুট  আৰু তলত এটা বগা কাপোৰৰ জামা পিন্ধাই তেল সেন্দুৰ সানি ফুলৰ মালা পিন্ধোৱা হয়৷ ৰাইজে সেৱা সৎকাৰ কৰি ৰুমাল, গামোছা , চোঁৱৰ আদি বাঁহ ডালত গাঁঠি দি গোঁসাই সজাই তোলে৷ তাৰপিছত গোঁসাই ঘৰৰ চাৰিওপিনে সাত পাক ঘূৰাই আগত থাপনা পাতি ধূপ-ধুনা জ্বলাই পূজা-অৰ্চনা কৰি নতুন বছৰৰ কাৰণে শুভেচ্ছা জ্ঞাপন আৰু বছৰটো ভালে-কুশলে পাৰ হোৱাৰ বাবে আশীবাৰ্দ লোৱা হয়৷   পিছদিনা পহিলা ব’হাগৰ পৰা ছয় দিন গাঁওখনৰ ঘৰে ঘৰে গ’হাই ফুৰাই গৃহস্থই সেৱা সৎকাৰ কৰি আশীৰ্বাদ লয়৷  এইদৰে ছয়দিন ফুৰোৱাৰ পিছত সাত বিহুৰ দিনা পুনৰ গোঁসাই ঘৰত যথা নিয়মে পূজা- পাতাল কৰি ৰুমাল, চোঁৱৰ , গামোছাবোৰ খুলি বাঁহডাল তুলি থোৱা হয় আৰু পুৰণি বাঁহডাল এখল ভেলত উঠাই ঢোল-তাল বজাই পানীত বিসৰ্জন দিয়া হয়৷

এনেদৰে ছয় দিন ঘৰে ঘৰে বাঁহ গোঁসাই ফুৰোৱাৰ সময়ত শৰণীয়া কছাৰীসকলে ঢোল -তাল বজাই, ৰং-ৰহইচৰে নৃত্য কৰি বিভিন্ন গীত-মাত পৰিবেশন কৰে৷ ইয়াৰ ভিতৰত ধেমেলীয়া গীতেই সৰহ৷ তাৰে আমাৰ সংগ্ৰহত পোৱা গুটিদিয়েক গীত তলত উল্লেখ কৰা হ’ল -

ৰ৷ কাউৰ কান্দে খেলেং খেচেং

বাঁহৰ ওপৰত

বাৰী তিৰি সূতা কাটে

ভাঙা যঁতৰত৷

২৷ চইততে কান্দিলা চইতালী চৰাইটো

ব’হাগত কান্দিলা কুলি,

কুলৰে মাককে কিনো সুধিলা

গাছৰে ফেকেনাত তুলি৷

অ’ হকৈ ল’ হকৈ

গাছৰে ফেকেনাত তুলি৷

৩৷ পাণ খালুং তামুল খালুং

পেলাই আহিলোং পিত,

চিলমিলিয়া ঘূম্‌তিতে

মাৰি দিলুং গীত৷

চ্ছ্ৰ৷ জাল ল জুৰী ল যাং চিকাৰত

বনৰ পহু মৰি আছে মনৰ ধিকাৰত৷৷

প্ত৷ পাহাৰৰ কানে কানে

উৰে চকৰি

বৈহাগ মাহত বিহু গাছং

দিবি আমাক দুকুড়ি৷৷

৬৷ ই ঘৰৰ শাক-শুক ্‌তা

সিঘৰৰ লাং পাং,

লাফু কুচু টপ্‌লাই আনছুং

শহুৰ ঘৰত যাং৷৷

জ্জ৷ উলু বনৰ তলে তলে বনবগৰী

সপনতে দেখা পালুং ভন্দা মেকুৰী ৷৷

জ্জ্ব৷ ইঘৰ গিৰি কহাই গেল

চুৰে হাল বায়,

ভিক্ষা দিবা পাম বুলি

বেৰা ভংলাই যায়৷৷

জ্ঝ৷ পাণ খালুং তামুল খালুং

লাগি থাক্‌লা গলত,

পানী খাবা গিলুং মই

গ’হাই দঙৰ পাৰত৷৷

১০৷ লাও পাত ধেপ্‌লা ধেপ্‌লি

ইন্দুৰ মাটি তুলে

চানা আতা চানা আবু

কাহ্‌×জা লাগি ফুৰে৷৷

ৰৰ৷ ঢিঁকি পুতু নাঙাল পুতু

আৰু পুতু মুই

বতা বৰি্‌খান আইভা লাগছি

হুৰ হুৰ হাৰহাৰ কই৷৷

১২৷ চেৰি গাছৰ নাঙল যুংলী

খৈৰা গাছৰ ফাল

গ’হাই বাঁ ফুৰাৱা

উৎসৱটোৱে ভাল

আহৈ আহ..

লেৰ আপি সেৰ আপি এ

হৰি বল হৰি বল৷

১৩৷ ঝুন্‌ ঝুন্‌ ঝুন্‌ ঝন

ঝৰা টেঙাৰ পাত

আমাৰ পাউৰাৰ ৰূপ দেখি

ৰাইজে নাখায় ভাত৷

১৪৷ ভেক্‌লা কান্দে তুৰুৎ তাৰাৎ

চপ্‌ৰা মাটিৰ তলত

নুতুন আপীৰ ছলি কান্দে

কেথা কানিৰ তলত৷

১৫৷ ধুলা ধান পেলালো বতাহ গোৱা হ’ল

ব’হাগ মাহ পৰিল আমাৰ

গ’হাই ফুৰাবাৰ হ’ল৷

বাঁহ গোঁসাই উৎসৱৰ সামৰনিত হোম পূজা কৰি পূজা শেষ হোৱাত ‘বাঁ গ’হাই’ উলিয়াই আনি গোঁসাই ঘৰৰ চাৰিওফালে সাত পাক ঘূৰোৱা হয়৷ তেতিয়া আয়তিসকলে এই গীত পৰিবেশন কৰে-

১৬৷ গ’হাই সাত পাক ঘূৰে

পৰুৱা বুলনে বুলে

গ’হাইৰে আগতে চোৱাৰে বৰিছে

আগহালি হালি পৰে৷

প্ৰথমে প্ৰণাম ব্ৰহ্মাৰূপি বৰিছে

আগহালি হালি পৰে

প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপি সনাতন

সৰ্ব অবতাৰৰ কাৰণ নাৰায়ণ....

গ’হাই সাত পাক ঘূৰে

পৰুৱা বুলনে বুলে

গ’হাইৰে আগতে চোৱাৰে বৰিছে

আগহালি হালি পৰে৷

ৰ.২ বাম্বোলপিটা উৎসৱৰ গীত ঃ

বাম্বোলপিটা উৎসৱ শৰণীয়া কছাৰী সকলৰ আন এটি প্ৰধান উৎসৱ৷ এই উৎসৱ ভাদ মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়৷ এই বাম্বোলপিটা উৎসৱৰ বিষয়ে ইতিমধ্যে সোণবৰ বৰুৱা দেৱৰ “বাম্বোলপিটা গীত” শীৰ্ষক এখন গ্ৰন্থ প্ৰকাশিত হৈছে৷ সেয়ে এই বাম্বোলপিটা গীত সম্পৰ্কে বিশদভাৱে আলোচনা কৰাৰ পৰা বিৰত থাকিলো৷ তাৰোপৰি সেই গ্ৰন্থত  সৰ্বমুঠ ৭৮টা বাম্বোলপিটা গীত সন্নিবিষ্ট হৈছে৷ সেয়ে আমাৰ সংগ্ৰহ পোৱা কেইটামান গীতহে ইয়াত উল্লেখ কৰা হ’ল-

ৰ৷ আলিটু ছাট্‌লুং চেপাটু পাত্‌লুং

চেং মাছে ঘলৌ-মলৌ কৰে,

অহো ককাই চেংমাছে ঘলৌ -মলৌ কৰে৷

উপাৰ কটি তল মুখ

কাক্‌ৰা ঘুকা বৰ দুখ

ঘুকে কাক্‌ৰা দলৌ পথাৰে৷

২৷ কুপ্‌তিয়ে কি আধাৰ খাৱা

শাউহাকে আইবা ধৰ্‌ছি

মূৰা দাঙি চাৱা৷

আহক বা নাহক ভয় নকৰং মই

লিতুং দাঙি দাঙি নাচি থাকিম মই৷৷

৩৷ আতা ঐ আবু ঐ

নুন দি বগ্‌ৰী খাং

ঝপাৰ কাপুৰ উলাই দি

বাম্বল পিটিবা যাং৷

অহৌ দাদা বাম্বল পিটিবা যাং৷

চ্ছ্ৰ৷ কাৰ ঘৰৰ বৈৰাক নতুন বোৱাৰী

বল দি দি আঞ্জা কুটে,

ৰান্ধিবা নাজানে বাঢ়িবা নাজানে

ঘনে ঘনে শাউহাকক মাতে৷

অ’ কাকা ঘনে ঘনে শাউহাকক মাতে হে ৰাম৷

প্ত৷ খটৰা গ’হাই  ঘৰ

দেখংতে ভয়ংকৰ

চাৰিফালে নাহৰৰ খুটা

একফালে লিখিছে ৰামে লখ্‌মনে

একফালে লিখিছে সীতা৷

অহো দাদা আইহাত ঐ বাইহাঁত ঐ

একফালে লিখিছে সীতাহে সীতাহে ৰাম৷

অ’ হুৰেই...

৬৷ চেলকিনী মাছৰে চটা হৰি হৰি

চেলকিনী মাছৰে চটা

শাউহাকে বৈৰাকে আইনাত চাই মাৰিছে ফ’টা৷

এ’ দাদা আইনাত চাই মাৰিছে ফ’টা৷

জ্জ৷ হালধীয়া চ’কায়ে বাও ধান খায়

সাউদাৰ পুতাকে নাও মিলি যায়৷

নাৱে কৰেই টুলুং ভুটুং বৈঠাই কৰেই হেলা

সাতখান নদী পাৰ হৈ শহুৰতাত গেলা৷

শাউহাৰে ৰান্‌ছিল মাহৰ দালি

বৰ সৱাদ পালা৷

আৰু একবাৰ খুজুংতে

হাঠাৰ কুব খালা৷

কি আইহাঁত ঐ বোলো বাইহঁাত ঐ....

অ’ হুৰৰে......

জ্জ্ব৷ নল খাগ্‌ৰাৰে আঁটি হৰি হৰি

নল খাগ্‌ৰাৰে আঁটি

আমি গৰ্‌খীয়াই ধেমালি কৰ্‌ছুং

আৰু বিছি নকৰ্‌বি ৰাতি৷

অহৌ দাদা আৰু বেছি নকৰ্‌বি ৰাতি৷

অ’ হুৰৰেই............

জ্ঝ৷ কম্‌লা বাঁহৰে টঙাল হৰি হৰি

কম্‌লা বাঁহৰে টঙাল

আতাৱো দেখা নাই

আবুৱো দেখা নাই

আমিহে দেখিছুং বঙাল৷

অ’ কাকা আমিহে দেখিছুং বঙালহে  বঙালহে ৰাম৷

১০৷ একছ টাকাৰ হালদি গুড়া

দুইছ টাকাৰ তেল

তিনছ টাকাৰ ঘঁৰাটু

লাঘাম চিঙি গেল৷

কি আইহাঁত ঐ বোলো

বাইহাঁত ঐ

বাম্বল পিটিবা যাং৷

ঐ হুৰৰে... হুৰৰে...৷

ৰৰ৷ কৰ্‌চ গাছৰে ঠক হৰি হৰি

কৰ্‌চ গাছৰে ঠক,

আমি গৰ্খীয়া চলি ধেমালি কৰিছুং

আমাৰে নধ্‌ৰবা দষ৷

এ দাদা আমাৰৰে নধ্‌ৰবা দষ হে ৰাম৷

বাম্বল পিটিবা যাং৷

১২৷ চতালৰ আগতে পাতে তাঁতৰ খুটা

চতালৰ আগতে পাতে

সূতাডাল চিঙিলে যৰাব নাজানেই

ঘনে ঘনে শাউহাকক মাতে৷

অ’হো দাদা আই ঘনে গনে শাউহাকক মাতেহে ৰাম৷

অ’ হুৰৰে.... হুৰৰেই...৷ ইত্যাদি৷

ৰ.৩ মহো হো বা মহ খেদা [খুন্দা] উৎসৱৰ গীত ঃ

বাম্বোলপিটা উৎসৱৰ দৰেই মহো হো খেদা উৎসৱো শৰণীয়া কছাৰী সকলৰ এটা অন্যতম উৎসৱ৷  শৰণীয়া কছাৰী সমাজত থকা লোক বিশ্বাস যে  গৰম দিনত অসহ্যকৰ যন্ত্ৰণা  দিয়া মহ জাক আঘোণ মাহত ঠেঁটুৱা লাগে আৰু এই আঘোণৰ পূৰ্ণিমাৰ দিনা ছয় মাহৰ বাবে মহ জাকক খেদি যন্ত্ৰণাৰ পৰা মুক্ত হ’ব পাৰি৷ এই উৎসৱৰ বাম্বোলপিটা উৎসৰ স’তে বিশেষকৈ ডেকা-বুঢ়া কেইজনমান  মিলিহাতত একোডালকৈ দীঘল টাঙোনত আন এডাল সৰু মাৰিৰে কোবাই কোবাই এক ছন্দময় শব্দ  কৰি মানুহৰ ঘৰে ঘৰে নৃত্য-গীত পৰিবেশন কৰি ফুৰা, নৃত্য-গীতৰ শেষত গৃহস্থক আৰ্শীবাদ কৰা আৰু গৃহস্থও কিছু মাননি আগবঢ়াই বিদায় দিয়া আদিৰ কিছু মিল দেখা যায় যদিও দলটোৰ এজনে শুকান কলপাত [চোঁচ্‌নী] গাত মেৰিয়াই লৈ ভালুকৰ অভিনয় কৰি দলটোৰ মাজত নাচে৷ ইয়াৰ অৰ্থ ভালুকে মহ খায়৷ ভালুকৰ ভয়ত মহে পলাই ফাট মাৰে৷ ই শৰণীয়া কছাৰী চহা জীৱনৰ এক বৈচিত্ৰময় লোক-সংস্কৃতি৷ এই উৎসৱৰ স’তে গোৱা গীতমাতবোৰো শৰণীয়া কছাৰী লোক-সাহিত্যৰ এক অনবদ্য সম্ভাৰ৷ তলত এই উৎসৱত পৰিবেশন কৰা কেইটামান গীত উল্লেখ কৰা হ’ল-

ৰ৷ আঘোণ মাহৰ পূৰ্ণি হ’ল

মহ খিদ্‌বাৰ হুকুম হ’ল

মহে বোলে মৰলুং দে

টিপু টেঙা খালোং দে

মহৰ মাকক পাৰ কৰলুং

পাগলা দিয়াৰ ঘাটে৷

হুই নাকা হু ইৰে....৷

নাচ ভালুকি নাচৰে......

২৷ আঘোণৰ পূৰ্ণি হ’ল

মহ খিদ্‌বাৰ হুকুম হ’ল

হালতি হৌৰে থুপ্‌ৰি হওঁ

কানাই -কুঁজাই একদল হওঁ৷

হুই নাকা হু ইৰে....৷

নাচ ভালুকি নাচৰে......

কানা-কুঁজা ধানা গোবা

ওজা মাত্‌লো বেৰেত পুৱা৷

ওজা মাতি পালুং লাজ

চাৰি বামুণৰ চাৰি কাজ৷

হুই নাকা হু ইৰে....৷

নাচ ভালুকি নাচৰে......

এক্‌লা বামুণৰ বৰ পেট

বৰপেটত পৰ্‌লা পানী

বামুণে কুৰ্‌লা লৰালৰি৷

হুই নাকা হু ইৰে....৷

নাচ ভালুকি নাচৰে......

৩৷ আঘোণৰ পূৰ্ণি হ’ল

মহ খিদ্‌বাৰ হুকুম হ’ল

উদাং বাৰীৰ পকা জালুক

জাপ্‌দি আহে বুঢ়া ভালুক

হুই নাকা হুইৰে

আহ ভালুকি আহৰে

হুই নাকা হুই ৰে..৷৷

উই খাৱা নাচৰে

হুই নাকা হুই ৰে..৷

উই নাখাই খাবি কি

হুই নাকা হুই ৰে..

বনৰ মাজত পাবি কি

হুই নাকা হুই ৰে..

মহ খাবি আহ্‌ৰে......

হুই নাকা হুইৰে....৷

নাচ ভালুকি নাচৰে......

চ্ছ্ৰ৷ আঘোণৰ পূৰ্ণি হ’ল

মহ খিদ্‌বাৰ হুকুম হ’ল

স’ণাৰ নাঙাল ৰূপাৰ ফাল

ভাৰ্জিয়া বেটাই বায় হাল৷

হুই নাকা হুইৰে........

নাচ ভালুকি নাচৰে......

হাল বালুং সিৰালে

মুই দিলুং পাকে

খিদি গুৰি পাৰ কৰালুং

পাগলা দিয়াৰ ঘাটে

হুই নাকা হুইৰে........

নাচ ভালুকি নাচৰে......

প্ত৷ আঘোণৰ পূৰ্ণি হ’ল

মহ খিদ্‌বাৰ হুকুম হ’ল

পাগলা দিয়াই পাৰে ৰিং

কুবাই ভাঙিম মুইহৰ শিং৷

মুইহৰ শিং একাঁ-বেঁকা

তাতে পৰেই মাছলিংকা৷

মাছলিংকাৰ দীঘল ঠ’ট

ডিমা পাৰে ফৎ ফৎ৷৷

মাছলিংকা টিউ টিউ

মূৰত টিপ্‌লি অলাই ঘিউ৷৷

আহ ভালুকি আহৰে

হুই নাকা হুইৰে........

নাচ ভালুকি নাচৰে......

৬৷ আঘোণৰ পূৰ্ণি হ’ল

মহ খিদ্‌বাৰ হুকুম হ’ল

বাঁহৰ পাত চিকিমিকি

আমাক দিবি আধ্‌লি সিকি

সিকি নেদা সেকা দেং

তিনি গুধ্‌লা ঢিঁকি দেং

যি দান কৰৰে..

আহ ভালুকি আহৰে

হুই নাকা হুইৰে........

নাচ ভালুকি নাচৰে......

জ্জ৷ অহৌহৌ  মহহৌ

মহ খিদ্‌বা যাং যওঁ

হাতে হাতে টকন লওঁঁ৷

মহ খুন্দি খন্দি খাওঁ

আহ ভালুকী আহৰে..

হুই নাকা হুইৰে....৷

নাচ ভালুকি নাচৰে......

মহ গেল  মহমহাই

হিন্দোল গাছত গা ঘেঁহাই৷

আহ ভালুকী আহৰে..

হুই নাকা হু ইৰে....৷

নাচ ভালুকি নাচৰে......

ইয়াত উল্লেখিত মহ খেদা গীত সমূহ  আমাৰ ককা প্ৰয়াত মনিৰাম মহলীয়াৰ পৰা  বহুদিন আগতে শুনা৷ আমি তেখেতৰ মুখৰ পৰা যিভাৱে শুনিছিলো ,ঠিক তেনেভাৱেই ইয়াত উল্লেখ কৰিলো৷ অৱশ্যে গীতসমূহ নলিনী ডেকাৰ ‘শৰণীয়া কছাৰী সমাজ আৰু সংস্কৃতি’ নামৰ গ্ৰন্থত উল্লেখ থকা  গীত দুটাৰ সৈতে  সাদৃশ্য  পোৱা গৈছে  যদিও কিন্তু¸ ইয়াৰ শব্দৰ ব্যৱহাৰত আমাৰ সংগ্ৰহৰ গীতৰ সৈতে কিছু পাৰ্থক্য চকুত পৰে৷ তাৰোপৰিতেখেতে গোটেইখিনি মাত্ৰ দুটা গীত ৰূপে দাঙি ধৰিছে৷ আমি কিন্তু বেলেগ বেলেগ ঘৰত চুটি চুটিকৈ বেলেগে বেলেগে গোৱা হিচাপেহে  জানিব পাৰিছো৷

ৰ.চ্ছ্ৰ ঢেপা ঢুলীয়া নৃত্যৰ গীত ঃ

শৰণীয়া কছাৰীসকলৰ এক জাতীয় নৃত্য হ’ল ঢেপা ধুলীয়া নৃত্য৷ এই ঢেপা ঢুলীয়া কেৱল পুৰুষৰ দ্বাৰাহে পৰিবেশন কৰা হয়৷ এই নৃত্য দলত ছয়জন পুৰুষ শিল্পী থাকে৷ ইয়াৰে দুজন ঢুলীয়া, বাকী চাৰিজন তাল বাদক৷ এই ঢেপা ঢুলীয়া নৃত্যত গোৱা গীত সমূহো শৰণীয়া কছাৰী সাহিত্যৰ এক অনবদ্য অংশ৷ সেয়ে  বাবু ৰাভা হাকাচামৰ গ্ৰন্থ “ শৰণীয়া কছাৰী সংস্কৃতি আৰু লোক সাহিত্য” ৰ পৰা তলত ঢেপা ঢুলীয়া নৃত্যৰ গীত কেইটি হুবহু তুলি দিয়া হ’ল৷

ৰ৷ দিহাঃ- অ’ আপি কিহেদি খালি ভাত

আপি কিহেদি খালি ভাত

হাঁহে-মাহে বন্নিৰ ভাতে তিতা কেৰ্‌লা পাত আপি কিহেদি খালি ভাত৷

পদ ঃ কি অ’ আজি খাবি হাঁহে-মাহে কালি খাবি কি

কালি খাবি আলু দালি তাৰে লগত মিচাল দিবি ঢিঁকীয়াৰে শাক৷

কি অ’ চাউলত ভেজাল দালিত ভেজাল

আৰু মিঠাতেল

আজিকালিৰ আপা-আপিৰ

বাটে ঘাটে মেল৷

কি অ’ আজিকালি আপিহঁতে কাটে বপ কাট

আপা নে আপি চিন্‌বা নৰং মিঠা মিঠা মাত৷

২৷ দিহা ঃ বৌৰে বৌৰে বৌ নেজানিলো প্ৰাণৰ সখী

আমাক দিয়া ৰৌ আৰে বৌৰে বৌ৷

পদঃ কি অ’ বাৰীত আছে ঔ ঘৰত আছে বৌ

ঔৱে বৌৱে লগ লাগি মাছে মাৰো ৰৌ৷

কি অ’ কোন পণ্ঠে গৈলা গৰু কোন পে_ গৈলা

পাত দৰঙীয়া ঢুলীয়াই আহি আমাক মাৰা ঠেলা৷

কি অ’ আঠিয়া কলৰ মাজে মাজে মুনহিয়া কলৰ পুলি

ঢুলীয়াই চাৱা আপিকেইটাৰ খোপা লিথিও থিং৷

কি অ’ আঠিয়া কলৰ পাত পচলা মুনহিয়া কলৰ পুলি

গােঁৱ গােঁৱ ঘূৰি আহিলুং ঘূৰ্‌জিয়া ৰাখক বুলি৷

৩৷ দিহাঃ অ’ হে জোতৰা কি মায়া পাতিলা মোকেহে জোতৰা

কি মায়া পাতিলা মোক

পদ ঃ কি অ’ ছাগকে বাঘকে মই হালখান জুৰিলো

কাৰখালা সাপৰে লৰু হে

বালি হেন চাঁহিটোৱে ঢেঁকীডাল দাঙিলা

পি প্‌ৰাই লাৰি চাৰি দেই হে

কি অ’ ভালুক না বুৰা আলি ডাল বান্ধিলা

বান্দাৰে চাৰিলা গৰু হে

কি অ’ পইলাম গাছৰে অহলা পহলা

ধঁতুৰা গাছৰে থুৰা হে

চ্ছ্ৰ৷ দিহা ঃ অ’ চাজাই চাজাই ল চাজাই দকানদাৰী

দকান চাজাই ল চাজাই দকানদাৰী

পদ ঃ কি অ’ একশ টাকাৰ চাদা গুৰু দুইশ টাকাৰ লালি

ধপাতৰ লগত মিছাল দিলি ব্ৰহ্মপুত্ৰৰ বালি৷

কি অ’ আঠিয়া কল থোক কাটি আনি

চিলিঙত তুলি থলোং

গোৰেশ্বৰৰ বজাত বিচি মই বহুত পইচা পালোং৷

কি অ’ আঠিয়া কল থোক বেছি মই বহুত পইচা পালোং

বেঙেনাহাটী সভাত মই মিঠাই দকান দিলোং৷

কি অ’ কুইহাৰৰ কাটো কচা-কুচি তাঁতি বান্ধো আতি

খোপা দাঙেৰী বৌ আহিল মিচিক মাচাক হাঁহি

কি অ’ ভগাই নিলে ভগাই নিলে পাণ-তামুলৰ বাৰী

তালুৱৈ কাকাৰ ভাগত পৰিল চুণ লাৰা বাৰী৷

অন্যৰ বাচা ডাঙাৰ দীঘল আমাৰ বাচা সৰু

য’তে থাকে বাঘ বালুক তৈতে চাৰে গৰু৷

কি অ’ আম লাগে থকা-থুকি তিত্‌লী লাগে বেঁকা

ঢুলীয়াই চাৱা আপিকেইটাৰ চুকু দুটা বেঁকা ৷

প্ত৷ দিহা ঃ অ’ ভাইহাঁত এনে দেখা নাই ভাইহাঁত এনে দেখা নাই

পছোৱা বতাহ আহি পছোৱা বতাহ আহি

চিঙি নিলে কাণ বাইহাঁত এনে দেখা নাই

পদঃ কি অ’ উৰাই নিলে উৰাই নিলে

টিং ঘৰৰ ছাল অ’ ভাইহাঁত

মনে মনে ভয় লাগছি ভাই উৰাই নিব বুলি

কি অ’ হাত নিলে ভৰি নিলে

নিলে মনুষ্যৰ শৰীৰ ভাইহাঁত

কাথিৰ পৰা উৰাই নিলে এৰি কাটা বুঢ়ী৷

কি অ’ উৰাই নিলে উৰাই নিলে টিং ঘৰৰ চাল

মান্দাকাটাৰ পেৰে উৰাই নিলে ঢেঁকী চৈধ্য ডাল৷

৬৷দিহা ঃ বন চিতা মাই বন চিতা মাই

অ’ হে আঘ মাই

কি দিয়া পৰে মোৰ হৰি হায় ৰে হায়

পদ ঃ কি অ’ নংলাৰে মুখতে কদমডালি সৰু

আই বপাই কাটি দিলে গৰু চাৰা লৰু৷

কি অ’ অন্যৰ বাচা ডাঙাৰ দীঘল

আমাৰ বাচা সৰু হা ঐ

চাৰ্‌বা পাৰে বান্ধিব পাৰে গোলিঘৰৰ গৰু৷

জ্জ৷ দিহা ঃ আহ হৈ আহ খেতি কৰ্‌বালাগি

কান্ধত নাঙাল লৈ

পদ ঃ নাঙালখনে বোলে মই মোৰ পিঠিৰ কুঁজ

ৰাতিপুৱাই লৈ যায় পৃথিৱী ফাল যুঁজ

তিতান শোলবাৰী কেইডাল বোলে

আমি চাৰি ভাই

চাৰি নহ’লে গৰু ছাৰি যায়৷

লৰুডালে বোলে মোৰ মূৰত কটা

কটাডাল নহ’লে গৰু হয় মতা

বাৰ হাতি ঢেঁকীডাল চাঁচাত নহ’ল জুতি

আঠ হাতি ঢেঁকীডাল চাঁচাত হৈছে জুতি৷

পুখলিটোৱে বোলে মই মুখপাতি ধৰো

থুৰাটোৱে বোলে মোৰ দাঁতৰ বিষত মৰো৷

লৰিডালে বোলে মই অহা-যোৱা কৰো

কেটেৰা কেইডালে বোলে হেঁচা-থেপাত মৰো৷

ডলাখানে বোলে মই ধাপাত-ধিপিত কৰো

চাংলীখানে বোলে মই পাকত ঘূৰি মৰো৷

ৰ.প্ত মাছমৰীয়া নৃত্যৰ গীত ঃ

অ’ আইহাঁত বাইহাঁত জাখেই খালেই লৌ

আমতিৰ চুৱা গেল আমি মাছ মাৰং যৌ৷

আহ আপি জাখেই মাৰবা যাং

আহ আপি মাছ মাৰবা যাং৷

চানাতে চানাকাই জাখেই বুই দিছিল ঐ

চানা মাছ মাৰ্‌বা বুলি৷

পোৱান মাছ ডাঙাৰ হ’ল খালেই ভৰাই আনোংগৈ

জাকপাতি জাখেই মাৰি মাৰি৷

পালপাতি মাছ মাৰং শৰণীয়া কছাৰী

আহ আপি জাখেই মাৰ্‌বা যাং

আহ আপি মাছ মাৰ্‌বা যাং৷

মাছৰছিকুণ মৱা, ঘূমটিৰ পুৱা ঐ ঘূমটিৰ চিকুণ পুৱা

মাছ মাৰ্‌বা যাংগে আহ কৰি হুৱাদুৱা ঐ কৰি হুৱাদুৱা৷

খালেৰ দল লৌ বান্ধি, জাখেই লৌ ভাল কৰি ঐ

জাখেই লৌ ভাল কৰি

মাছ কাক্‌ৰা খাৱা যুদি আহ দাউৰি দাউৰি ঐ

আহ দাউৰি দাউৰি৷

আলিকানৰ কাক্‌ৰা ছানা জাখেত উঠে একো গম্‌ডা কোনাপাতি ধৰোং ঐ খালেই ভৰাইলং৷

দুৰ্‌কিণা, পুঠি ফুৰে মূৰা ওলাই ওলাই ঐ

মূৰা ওলাই ওলাই

চুপি চুপি তুলি আনোং জাখেই চাবিয়াই ঐ

জাখেই চাবিয়াই

বুতিয়ালি, খাৰখাইতি আৰু চেং-গৰেই ঐ

আৰু চেং গৰেই

থোতাগালি, খুল্‌হিনা ভৰিৰ খছত পৰে ঐ

ভৰিৰ খছত পৰেই

আৰু তৰা, বামি

হিতয়াই হিতয়াই ধৰি আনং ঐ খালেই ভৰাই লং৷

দল গুচাংতে গুচাংতে পালোং মাগুৰ মাছ ঐ

পালোং মাগুৰ মাছ

মাগুৰ মাছৰ তেল খাই খাই কঁকল হালাই নাচ ঐ

কঁকল হালাই নাচ৷

অ’ আইহাঁত, বাইহাঁত বেলা দিলা ভাটি ঐ

বেলা দিলা ভাটি খালেই ভৰাই মাছ পালোং

ঘৰত যাংযৌ আমি ঐ

বেদলা জখৰ কামোৰ খাই নাথকং আৰু এই ঠাই

জাখেই খালেই ধুং ঐ ঘৰাঘৰি হং৷৷

ৰ.৬ পুলু পোহা নৃত্যৰ গীত ঃ

ৰ.জ্জ শাক তোলা নৃত্যৰ গীত ঃ

ৰ.জ্জ্ব দেউধনি নৃত্যৰ গীত ঃ

ৰ.জ্ঝ চিকাৰ নৃত্যৰ গাত ঃ

২.ঙ্ম  পূজা - পাৰ্বনৰ গীত ঃ  শৰণীয়া কছাৰীসকলৰ পূজা-পাৰ্বণ বুলি ক’লে মূলত - ৰ৷ লঠা পূজা বা গোঁসানী পূজা বা মাৰি পূজা বা মজু পূজা , ২৷ চোৰ পূজা, ৩৷ বুঢ়া ডাঙ্গৰীয়া পূজা আৰু চ্ছ্ৰ৷ আইপূজা আদিয়ে প্ৰধান৷ এই পূজা সমূহৰ ভিতৰতো বুঢ়া ডাঙ্গৰীয়া পূজা বা ভকত সেৱা, আৰু আই পূজাতহে  গীতি সাহিত্যৰ প্ৰধান্য দেখা যায়৷ তলত বুঢ়া ডাঙ্গৰীয়া পূজা বা ভকত সেৱাত প্ৰচলিত গীত সমূহ উল্লেখ কৰা হ’ল৷

২.ৰ বুঢ়া ডাঙৰীয়া পূজা বা ভকত সেৱাৰ বিভিন্ন সময়ত গোৱা সদাচাৰ গীত ঃ

ৰ৷ জলে উপজিলা জলে নাৰায়ণ

থলে উপজিলা হৰি৷

ভক্তি মাতৃ আয়ে সেৱাটো ধৰিছে

গুৰুকে আগতে কৰি৷৷

একবাৰ আহিছে চান্দে বাসুদেৱ

এক বাৰ আহিছে বায়ু৷

একবাৰ আহিছে ভকত বন্ধুসৱে

দৰশনে বাঢ়িবু আয়ু৷৷

২৷ কি ভৈলা জীৱৰ বিলাই৷

লোকৰ জীৱে আসি

সেৱাই পৰি পুনু

স্বামী আমাৰ জিউ বিফলে যাই৷৷

আমি যে আছিলুং বাহিৰ সংগতে

ভকতে আনিলা ধৰি৷

হিংখা মই নকৰং বাদ মই নকৰং

দশ নখে  খাং আজুৰি ৷৷

বাক্য যে লম্বিত বচন লম্বিত

বুলনি খাই৷

বাক্য যে শুনন্তে বচন শুনন্তে

জুৰাই আহে সৰ্ব গাৱে৷৷

মকে যে কুটিবা মকে যে বাটিবা

মকে যে কৰিবা লই৷

বাহিৰৰ জীৱটি সংগে লয়া  যাইব

জীৱতে জীৱে লুকাই৷৷

কুবাই নামাৰিবা কাইলান্দি ভমৰা

যি ফুল নলৈবা বাচ৷

পুলি চুম্পি ভমৰা উৰাংগ কৰিছে

পাইলা গৈ আপুনাৰ ৰাজ৷৷

ৰাতিহে জিলিকে দিনতহে জিলিকে

বাঢ়হ নগৰীয়া মাজে৷

কহিছে শঙ্কৰে শুনা বন্ধু সৱে

জীৱে ভক্তি দান মাগে৷৷

৩৷ জীৱলৈ ভকতি কৰো মই তুমাতে

স্বামী জীৱলৈ ভকতি কৰো মই মৰ স্বামীনাথ৷

জীৱলৈ ভকতি কৰো৷

অতুল অভেদ অময়া ভকতি

স্বামী তাংক দিব্য মুঠি  ধৰি৷৷

দিব্য মুঠি কৰি ধৰিবে নাপাৰো

স্বামী জানু মায়াক লাগি মাৰো মৰ স্বামী নাথ৷

উৰণ বুৰণ গজন ভ্ৰমণ

স্বামী এইনো চাৰি মুঠি লেখা৷৷

মৰ স্বামী নাথ

চাৰিৰে ওপৰে আছে এক মুঠি

তাকেতো পোৱা নাই দেখা মৰ স্বামী নাথ ওঁঃ

লোকৰ জীৱে আসি সেৱাই পৰি পুন্ন

স্বামী আমাৰ জীউ বিফলে যায়৷

মৰ স্বামী নাথ

সুক মল দেহাটু সচংগত এৰিয়া

স্বামী জীৱ যায় বিমানে চলি

মৰ স্বামী নাথ ওঁঃ

এনুৱা জীৱক যি জনাই নাজানয়

স্বামী পুনুৰায় পেলাইবু থেলি

মৰ স্বামী নাথ ওঁঃ

গুৰুয় পৰিত্ৰাণ ভক্ত কৰা কাণ

স্বামী চোৱাহে ভেলৰ বিলাই৷

মৰ স্বামী নাথ

ভেলৰ পৰিচয় আছে ঠায়ে ঠায়৷৷

স্বামী জীৱৰ পৰিচয় নাই

মৰ স্বামী নাথ

কহিছে শংকৰে শুনা বন্ধুসৱে

চাৰি মুঠিৰ জীউ মুঠিতে লুকায়৷৷

মৰ স্বামী নাথ ওঁঃ৷৷

চ্ছ্ৰ৷ গুৰু সচংগৰে ওঁঃ

বন্ধু মৰ মেৰু সুবৰ্ণৰে৷ ওঁঃ

বন্ধু ভকত পৰিপুন্ন [পূৰ্ণ] হয়

তুলাৰ সঞ্চাৰে৷৷

বন্ধু মৰ ওঁঃ অগনি বাঢ়িছে

বন্ধু মৰ ফিৰ্মতি ওপৰে যায়

পাঠকৰ যিয়ে৷

বন্ধু মৰ প্ৰাৰ্থনা কৰিছো ওঁঃ

বন্ধু মৰ গুৰুকে আগতে লয়

ৰামে ৰুৱা কলে৷৷

বন্ধু মৰ ৰামৰ কলৰ পুলি

বন্ধু মৰ লক্ষণে জাপিলা মাটি

বন্ধু দেৱ লক্ষণে জাপিলা মাটি

গৰ্ভৰে পৰে ওঁঃ৷

বন্ধু মৰ ওলাল পত্ৰ জুৰি ওঁঃ

বন্ধু মৰ আছে সচংগতে খাটি ওঁঃ

বন্ধুদেৱ আছে সচংগতে খাটি ওঁঃ

মনে হ’ল হাকতি ওঁঃ ৷৷

বন্ধু মৰ চিতে হ’ল কটাৰি ওঁঃ

বন্ধু মৰ চিতে হ’ল কটাৰি ওঁঃ

বন্ধু মৰ পত্ৰ কাটিবাক গৈলা

বন্ধুদেৱ পত্ৰ কাটিবাক গৈলা৷৷

হৰিদাস ভকতে ওঁঃ ৷৷

বন্ধু মৰ পত্ৰ কাটি আনি ওঁঃ

বন্ধু মৰ দিলা সচংগে সোধায় বন্ধু৷

দেৱ দিলা সচংগে সোধায়৷৷

আকাশে-পাতালে ওঁঃ৷৷

বন্ধু মৰ দুইখনি পত্ৰতে ওঁঃ

বন্ধু মৰ প্ৰাঠিছে মাতাতে লয়

বন্ধুদেৱ প্ৰাঠিছে মাথাতে লয়৷৷

মাথাৰ পত্ৰ জুৰি ওঁঃ

নুমাই সেৱা কৰি ওঁ৷৷

বন্ধু মৰ দিবা বসুমতী ঠাই ওঁঃ

বন্ধু দেৱ দিবা বসমতী ঠাই ওঁঃ

বসুমতী আই ওঁঃ

বন্ধু মৰ তুমি দিবা ঠাই৷

বন্ধু মৰ আমি থওঁ পত্ৰ নমাই৷৷

বন্ধু দেৱ আমি থওঁ পত্ৰ নমাই৷৷

উলংগে সুলংগে ওঁঃ৷৷

বন্ধু মৰ থালকে ধৰিছো৷

বন্ধু মৰমেৰুৰে মূৰতে থই৷৷

নামি যে আহিছে ওঁঃ৷৷

ধৰ্ম শিৰোমণি ওঁঃ৷৷

হস্ততে ত্ৰিশূল লৈ৷

হস্তৰে ত্ৰিশূল ওঁঃ৷৷

বন্ধু মৰ মেৰুতে থাপিছে ওঁঃ৷

বন্ধু মৰ আসনে বসিলে গৈ ৷

বন্ধু দেৱ আসনে বসিলে গৈ৷৷

সবে ঘন্ত মন্ত ওঁঃ৷৷

বন্ধু মৰ  ভাংগে মহাদেৱে ওঁঃ৷

থৈলে বাৰস্তে নুমাই৷

বন্ধু দেৱ থৈলা ভাৰস্তে নুমাই৷৷

কহিছে শংকৰে ওঁঃ৷

শুনা বন্ধু সৱে ওঁঃ৷৷

শুনাহি সচংগে ৰই৷৷

প্ত৷ গুৰুৰে স্কন্ধে চলে ভগৱন্ত৷

ৰসে তলবল কৰে৷৷

তামাৰে কলচি লোৱা পটেশ্বৰী অ’

বলিয়া হাটত অ’ বেহাই এ সাজে

বাইয়ে সাজে ভকতক৷৷

অজাতক অজাতে লৈ

মুখভৰি ভৰি বোলা ৰাম হৰি এ

তেবেসে হৰিকে পাইবা৷৷

পাপ পীতাম্বৰ পৱিত্ৰ শাৰী শাৰীয়ে

ঐ ৰে জগন্নাথ হৰি সন্তোষ৷

কাৰণ আন নজান হৰিত দাৰে

মন গুচাই ঢাকন৷

দেখিঅ’ গুৰুৰ চৰণ৷৷

৬৷ পিৰিতি গুণৰে নিবি মৰ বান্ধৱ,

এনুৱা পিৰিতিক যিজনে ভাংগিব৷

দুইবাক নযায়া পাৰিয়া মৰে মৰ স্বামীনাথ৷৷

দুইবাক জনে যিটু কাইবাক পাৱে৷

যিটু খাইবাক পালে সিটু৷৷

সুখে সংসাৰকে তৰে৷৷

মৰ স্বামীনাথ জলে বিতোপন৷৷

মেলিলে লক্ষণ মেলিলে লক্ষণ বান্ধি লেখে৷

চাৰ পায় মৰ স্বামীনাথ৷৷

পৃথকে বান্ধিলে লাগে ঘোৰ যুদ্ধ লাগে ঘোৰ যুদ্ধ৷৷

গোৱালেসে গালি খায় গোৱালেসে গালি খায়৷৷

একেটি খুঁটাতে বান্ধোন কৰিলে বান্ধোন কৰিলে৷

দুগ্ধ পাৱে অভিমান মৰ স্বামীনাথ৷৷

সেহি দধি দুগ্ধ যি বন্ধুই ভূঞ্জিবু যি বন্ধুই ভূঞ্জিবু৷

সি হৱে সচঙৰ বাচি মৰ স্বামী নাথ৷৷

দেহাৰ ভিতৰে নাৰায়ণ চৰে নাৰায়ণ চৰে৷

নিতে ষোল্ল সেনি গাই মৰি যায় মৰ স্বামী নাথ৷

কহিছে শংকৰ শুনা বন্ধুসৱে স্বথুল ভাংগি মূলতে ৰই৷

শিৰত শংকৰ কৰ্ণতে মাধৱ চক্ষুতে গোপাল দেৱে৷৷

হিয়ে ৰামানন্দ মুখে যদুৰায় পাৱে পৰি কৰো সেৱা৷৷

আদ্য বল ৰাম মাজে মৈয়াৰ মাৰা ৰসেৰে কাচনি পাই৷

সাপ কাটি দুমনি ভকত চপাই আনি৷৷

ৰামদেৱে পাতিছে বিহাৰ৷৷

বলভিৰ পৰা আহে গুৰু বাপ সচংগৰ মেলিছে মূল৷

অতি সুকমল শুকদেৱ গোঁসাই পাইলেহি সচংগ ঘৰ৷৷

আচৰণ পৰ্বত সাপৰ পেটিগম ইহাক আচৰিবে টান৷

আচটি পৰ্বতী যি বন্ধুই উঠিব মূলে সচংগে ঠাই৷৷

পুৰুষ প্ৰকৃতি দুই সমে আচৰি সংসাৰ এৰাই যায়ে৷৷

শুকদেৱ গোঁসায়ে যি মালা গাঁঠিছে দেৱধৰ মক চাই৷৷

কহিছে শংকৰে শুনা বন্ধুসৱে থুল ভাংগি মূলতে ৰয়৷৷

এই সদাচাৰ নাম [গীত] সমূহ  বাবু ৰাভা হাকাচামৰ “ শৰণীয়া কছাৰী সংস্কৃতি আৰু লোক সাহিত্য” ৰ পৰা হুবহু তুলি দিয়া হৈছে৷ এনে আৰু বহু সদাচাৰ নাম শৰণীয়া কছাৰী সমাজত প্ৰচলিত বুঢ়া ডাঙ্গৰীয়া পূজা বা ভকত সেৱা অনুষ্ঠানত পৰিবেশন কৰা হয়৷  সেইবোৰ  ৰাভাদেৱে তেখেতৰ গ্ৰন্থত বিশদভাৱে আলোচনা আগবঢ়াইছে৷ আমি মাত্ৰ শৰণীয়া কছাৰী গীতি সাহিত্যৰ  ৰূপৰেখাৰ সাধাৰণ আলোকপাত কৰাৰ উদ্দেশ্যেৰেহে এই সদাচাৰ কেইটা উল্লেখ কৰিলো৷

২.২ মজু [বিষহৰি] পূজাত গোৱা গীত  ঃ

শৰণীয়া কছাৰীসকলৰ মূল উপাস্য দেৱতা ‘বাঁহ গ’হাই’ [মহাদেৱ] ৰ দুহিতা ‘বিষহৰি’ বা মনসা দেৱীৰ পূজাকে শৰণীয়া কছাৰী সমাজত মজু পূজা বুলি কয়৷ এই পূজাত ওজাত পূজা কৰাৰ সময়ত যিবোৰ গীত পৰিবেশন কৰে তাকে মজু পূজাৰ গীত বুলি কোৱা হয়৷ এই মজু পূজাৰ বিষয়ে ইতিমধ্যে শৰণীয়া কছাৰী ছাত্ৰসন্থাৰ স্মৃতিগ্ৰন্থ সমূহৰ পাতত বিষদভাৱে আলোচিত হৈছে৷ আমি কেৱল গীতসমূহহে উল্লেখ কৰিলো৷ এই গীত সমূহ যশোদা শৰণীয়াৰ প্ৰৱন্ধৰ পৰা হবহু তুলি দিয়া হৈছে৷

ৰ৷ চৌ বৌ কাণি পুঠি ধৰি ধৰি  খাও

দক্ষিণা চতলে বিষক উঠাই লৈয়া গেল

আৰি গাগলা বোলে আৰ কিবা চাং৷

ঢোৰা বেটাৰ বিষখিনি কাটাত ভেজাং৷৷

শিঙি মাগুৰে বোলে আৰ িকবা চাং

ঢোৰা বেটাৰ বিষখিনি কাটাত ভেজাং৷৷

২৷ পক্ষীয়াৰ বামখিনি জলে ভাসি যায়৷

আধাৰ বুলি তাকে পক্ষীয়নী তুলি খায়৷৷

আগতে নকৈছুং পক্ষীয়া দোলিয়া কৰাব৷

ইটো কেনে পক্ষীয়নীৰ গৰভৱতী গাব৷৷

৩৷ সুবৰ্ণ মুঠি কটাৰীখান ল ল হাত কৰি৷

অজগৰৰ নেজ বেউলাই দিলৰে কাটি৷৷

যা যাৰে অজগৰ তোক দিলুং বৰ৷

মানুহ গৰু খালি হ’ব এই অথন্তৰ৷৷

আন্তি জন্মত দিয়ে বিউলাই বৰ৷

আজিও লাগি আছে সেই অথন্তৰ৷৷

২.৩ আই পূজাত গোৱা আই নাম [গীত] সমূহ ঃ

আই পূজা বা বাটৰ পূজা শৰণীয়া কছাৰীসকলৰ মাজত অতি প্ৰাচীন কালৰে পৰা প্ৰচলিত এক সামাজিক ধৰ্মবিশ্বাস আৰু লোক বিশ্বাস৷ কিৰাত-কছাৰীমূলীয়াসকলৰ আই গোঁসাই অৰ্থাৎ দেৱী পূজাৰ পৰম্পৰা যে অতি প্ৰাচীন সেয়া বিভিন্ন শাস্ত্ৰ ধৰ্মগ্ৰন্থ আদিয়ে প্ৰমাণ কৰে৷ বিশেষকৈ প্ৰাচীন কামৰূপত দেৱী পূজাৰ প্ৰতিষ্ঠাৰ কথা একাদশ শতিকাত ৰচিত কালিকা পূৰাণ আৰু পঞ্চদশ শতিকাত ৰচিত যোগিনী তন্ত্ৰত পোৱা যায়৷ যিকি নহওঁক কোনো শৰণীয়া কছাৰী লোকৰ ঘৰত কাৰোবাৰ আই বা বসন্ত ওলালে শৰণীয়া কছাৰী সকলে আই গোঁসানীৰ নামত শঠা [পূজা] তুলি থোৱাৰ নিয়ম আছে৷  পিছত এই শঠা তুলি থলে আই গুচে আৰু আই গুচাৰ পিছত পূৰ্বৰ শঠা তোলাৰ নিয়ম মতে ওঝানী সকলক মাতি আই পূজা দিয়ে৷ ইয়াৰোপৰি শৰণীয়া কছাৰী সমাজত বছৰেকত চ’ত বা ব’হাগ মাহত ৰাজহুৱাভাৱে আই পূজা কৰাৰো ঠায়ে ঠায়ে নিয়ম আছে৷ এই ৰাজহুৱা আই পূজা ৰাস্তাৰ কাষত কৰে বাবে ইয়াক শৰণীয়া কছাৰীসকলে বাটৰ পূজাও বুলি কয়৷ এই আই পূজা বা বাটৰ পূজাত ওঝানীসকলে আই গোঁসানীৰ সাত ভনী, ন ভনী , বাৰভনী বা ওঠৰভনীৰ  নামত আহান পাতি আই গোঁসানীক পূজা-সেৱা আগবঢ়ায়৷ এই পূজা-সেৱা আগবঢ়াওতেই ওজানীসকলে আইনাম গায়৷ আমি ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ সময়ত গম পোৱা অনুসৰি এই আই নাম তিনিদিন তিনি ৰাতি গালেও হোনো শেষ কৰিব নোৱাৰি৷ সেয়ে আমি গ্ৰন্থখনিৰ কলেবৰলৈ লক্ষ্য ৰাখি ওঝানীৰ পৰা মূল মূল কেইটিমান দিহা আৰু পদহে সংগ্ৰহ কৰি এই গ্ৰন্থত সন্নিবিষ্ট কৰিলো ৷ বিশেষকৈ কোনোবা গৃহস্থৰ ঘৰত খুব কম সময়ত যিখিনি সংক্ষিপ্তাকাৰে ওঝানী সকলে গায় ,সেইখিনিহে ইয়াত সন্নিবিষ্ট কৰা হ’ল৷

দিহা ঃ জয় ঈশ্বৰ ভাগৱতী আইৰ চৰণত পৰিছুং

হৰি বোলা হৰিয়ে

পদ ঃ ডাঙাৰ আই সৰু আই মাইজং আই

হৰি বোলা হৰিয়ে

ভিতৰা আইৰ চৰণত পৰিছুং

হৰি বোলা হৰিয়ে৷

দিহা ঃ ও আই ভাগৱতী এ

জাগাখিনি মুচিলুং নৈবাদ পাৰিলুং

নও যৰা লগালুং শলা হৰি এ

পদ ঃ এ ডাঙাৰ আই চানা আই শীতলি মহামাই

দেশফুৰি ৰাজপুৰী ঘৰৰ গ’হাই বনৰ গ’হাই

ধনকুবিৰ, সোণ কুবিৰ, জলকুবিৰ আই এ

ভৰলি,ভৰালী গুটগুটিয়া সুবচনী আই এ

নও বৈনী, বাৰ বৈনী, ওঠৰ বৈনী আই এ

পূব পশ্চিম উত্তৰ দক্ষিণ ইশান অগ্নি নৈৰিত বায়ু

বসুমতী আই এ

নও যৰা লগালুং শলা হৰি এ.....

এ কণা কুঁজা, খৰা-খুড়ী, লেংৰা-পেংটা

দল লৱা, খৰি লৱা আই এ

ধেনুলৱা, কাড়লৱা, চুপূমাৰা,বন্দুক লৱা আই এ

চৌডাঙা, খুন্দাৰাম,হানাখুচা কৰা আই এ৷

এ ডাল বীৰা,ভূত বীৰা,পিশাচ বীৰা আই এ

নুমুলি আই কুমলি আই,পাগলাটিওৰিয়া আই এ৷

নও যৰা লগালুং শলা হৰি এ.....

দিহা ঃ ধূপ জ্বলাং নজ্বলাং জ্বলাং শাৰী শাৰী

ধূনা জ্বলাং হাতে পাকে ধৰি মাই এ

পদ ঃ  এ ডাঙাৰ আই চানা আই শীতলি মহামাই

দেশফুৰি ৰাজপুৰী ঘৰৰ গ’হাই বনৰ গ’হাই

নওভনী আই আহি বুহিলা শাৰী শাৰী

এ পূবে পশ্চিমে, উত্তৰ-দক্ষিণে,

ৰাম লক্ষণ সীতা,শান্তি পাৰ্বতী

নওভনী আই আহি বুহিল শাৰী শাৰী

সাজ-মাজ নীলাচল শুভৰাপুৰ তাম্ৰেশ্বৰ খটৰা

উমানন্দ গৰখীয়া দেউলত

নওভনী আই আহি বুহিল শাৰী শাৰী

এ জগতগুৰু জগত মাতা শীতলা বৈকুণ্ঠ কামাখ্যা

নওভনী আই আহি বুহিল শাৰী শাৰী

এ ডাইনী জুখিনী, খবা-খুবুনী , লবা-লুবুনী

দাঁত অলাৱা, খপা পিছলি

নওভনী আই আহি বুহিল শাৰী শাৰী

এ খালেইমূৰী, জাখেইমূৰী, কাক্‌ৰামূৰী

নওভনী আই আহি বুহিল শাৰী শাৰী

দিহাঃ জল দিলুং ৰতি দিলুং আৰু ফুলৰ কুৰি

হৰি মহামায়াক ফুল দিলুং আজ্‌লা ধৰি ধৰি এ

পদ ঃ ডাঙৰ আই চানা আই মাজু আইক ফুল দেং

মই ভৰ দিপ্‌ৰা বেলা আমাৰ মাই এ

আমাৰ ঘৰে আনন্দে নধৰে হিয়া মাই এ

জহা চাউল মুঠি মুঠি দেং দেং পাণ,তুলসীৰ মালা

ভৰলি ভৰালী গুটগুটীয়া সুবচনী মাই এ

ধনকুবিৰ, সোণ কুবিৰ, জলকবিৰি,

খলা কুবৰি,বগাকুবিৰ , ডালবীৰাক ফুল দেং

মই ভৰ দিপ্‌ৰা বেলা আমাৰ মাই এ

জহা চাউল মুঠি মুঠি দেং দেং পাণ,তুলসীৰ মালা

নাওৰিয়াল গুৰিয়াল ঘাটুৱৈ বাটুৱৈ

নাওহেঁচা ঠেলামাৰা আই পুল দেং

মই ভৰ দিপ্‌ৰা বেলা আমাৰ মাই এ

দিহা ঃ বাটৰে দুব্‌ৰি মই পেলালুং আজুৰি

চাৰিফালে গোপিনীৰ শাৰী হে মাই

পদ ঃ এ ডাঙাৰ আই চানা আই শীতলি মহামাই

দেশফুৰি ৰাজপুৰী ঘৰৰ গ’হাই বনৰ গ’হাই

এ মাই চাৰিফালে গোপিনীৰ শাৰী৷

এ গুৰিয়া-গুৰিয়ানী, হীৰা-হিৰানী, মণ্ডল-কাকতি

লিখা পঢ়া মনচিত আই

এ মাই চাৰিফালে গোপিনীৰ শাৰী৷

দেউৰি-দেউৰিনী, দেওধা-দেওধানী,

ঠুংৰি লোৱা আই এ

এ চাগাল চামেৰি জবাৰ কুলি আম্‌ৰা কলি

এ মাই চাৰিফালে গোপিনীৰ শাৰী৷

পাগলা, টিওৰিয়া আঁটুত ধৰি, মূৰত ধৰি

হেক্‌তিকাৰা, কাউলিকাৰা আই এ..

চৌৰাঙী কুন্দামাৰা হানাখুঁচা ,

ধেনু লৱা, কাঁড় লৱা আই এ

এ মাই চাৰিফালে গোপিনীৰ শাৰী৷

আইনাচাৱা,ফ’টামাৰা,মূৰচুঁচা,

গন্ধতেল ঘুঁহা আই এ

অলাই যাৱা, টপ্লা লৱা, গাছত উঠা,

সুহুৰি মাৰা আই এ

এ মাই চাৰিফালে গোপিনীৰ শাৰী৷

দিহা ঃ ভগৱতী আই এ হৰি দুই নদীৰ নালা

জগন্নাথে খেদালা পুষ্পভদ্ৰাৰ বালা

আই নাম ধুৰ্‌বা লাগি নক্‌ৰবি হেলা এ আই.......

পদ ঃ এ ফুলগুৰি, জগন্নাথ, বুঢ়াগোঁসাই, বাসুদেৱ গোসাঁই

এ জগন্নাথৰ আজ্ঞা পাই নিজহাতে মেৰাছি

ফুলগুৰিত বান্ধিলা ঘোঁৰা হে...

এ ছাগাল খাইতি, হাঁহ খাইতি, পাৰা খাইতি

ডিমা খাইটি, আখেই খাইতি, লাৰু খাইটি

শলা খাইতি, কল খাইতি, কচুখাইতি ঢেঁকীয়া খাইতি

পিঠা খাইতি, তামুল খাইতি, পাণ খাইতি

পটা খাইতি, মেস্তা খাইতি, আম খাইতি, জাম খাইতি

কঠাল খাইতি, লিট্‌কু কাইতি, পইলাম কাইতি

ধূপ খাইতি, ধূণা খাইতি গঁহাই এ....

এ পূব পশ্চিম উত্তৰ দক্ষিণ বায়ু বৰুণ মেৰু গঁহাই

ৰাম লক্ষণ সীতা শান্তি কাৰ্তিক গণপতি

গংগা , যুমুনা, সৰস্বতী,বেদৱতী , পাৰ্বতী

ভগৱতী সূৰ্য শান্তি গঁহাই এ .........

দিহা ঃ আই আহিলা আসনতে বুহিলা এ

আমাৰে মনতে ৰং হৰি এ

ভগৱতীক পূজিবা আমাৰ নাই এমান ধন

পদ ঃ এ যোগমায়া যোগবিধি শীতলী পাতেলী

সাত বৈনী সাতকুঙীৰ নও বৈনী নও কুঙাৰ

বাৰ বৈনী বাৰ কুঙাৰ ওঠৰ বৈনী ওঠৰ কুঙাৰ

ভগৱতীক পূজিবা আমাৰ নাই এমান ধন এ.......

ৰাঙা টেক্লা গুৰ্খীয়া কুঙাৰ

খুন্দামাৰা টাঙানমাৰা

গলমচৰা, দলহেক্‌ৰা কেঁচাইখাইতি আই হে

ভগৱতীক পূজিবা আমাৰ নাই এমান ধন

হেক্‌তিকাৰা, বমি কৰা, কান্দুৰী-লান্দুৰী

সাজন কাচা, ফঁটা মাৰা আই হে

ভগৱতীক পূজিবা আমাৰ নাই এমান ধন

দিহা ঃ এক এক কৰি কমলা ফুল দিলুং এ

এ হৰি মাণিকৰে লগ

চিনি নাপাং কমলা ফুল আই

চিনাই দিয়া মক এ

লৌ গঁহাই কমলা ফুল এ....

পদ ঃ  এ ডাঙাৰ আই চানা আই শীতলি মহামাই

দেশফুৰি ৰাজপুৰী ঘৰৰ গ’হাই বনৰ গ’হাই

এ দাজি খাইতি নৈবাদ খাইতি তামুল খাইতি

পাণ খাইতি, ধূপ খাইতি, ধূণা খাইতি আই এ

এ মৌ খাইতি, ঘিউ খাইতি, আখেই খাইতি

লাৰু খাইতি, পিঠা খাইতি আই এ

হাঁহ খাইতি, পাৰা খাইতি, ডিমা কাইতি আই এ

আম খাইতি, জাম খাইতি

কঠাল খাইতি, লিট্‌কু খাইতি, পইলাম খাইতি

কল খাইতি, শলা খাইতি আই এ.....

দিহা ঃ পূজা লৌ পূজা লৌ এ আই ভগৱতী

পূজা লৌ পূজা লৌ এ আই সৰস্বতী

পদ ঃ এ ডাঙাৰ আই চানা আই শীতলি মহামাই

দেশফুৰি ৰাজপুৰী ঘৰৰ গ’হাই বনৰ গ’হাই

দল লৱা, শৰ লৱা, ডালবীৰা, জলকবিৰ থলকুবিৰ

ভৰলি ভৰালি গুটগুটিয়া সুবচনী

ন বৈনী বাৰ বৈনী ওঠৰ বৈনী আই আহি

নৰ মুনিছৰ পূজা খায় হে আই এ.............

দিহা ঃ জগন্নাথ এইবিলি গাছতে পৰং

জগন্নাথ প্ৰভু এ চৰণতে ধৰং

জগন্নাথ হুলুং নৰমুনিছ

কিহেদি  সংসাৰ তৰং এ......

পদ ঃ জগন্নাথ বুঢ়াগঁহাই বাসুদেৱ গঁহাই এ

থানতে চাপৰি মাৰং

মইৰাই খাই যায় পানী

জগন্নাথ এইবেলি গাছতে পৰং.....

ৰাঙাগাঁও, মুহিয়া, কঁকালভাঙি, কুকৰাকাটা

ভেক্‌লিকান্দা, গৰখীয়া দেউলহে আই

থানতে চাপ্‌ৰি মাৰং

মৈৰাই খাই যায় পানী

জগন্নাথ এিবেলি গাছতে পৰং

এ দেউৰী, দেউৰিনী, দেওদা, দেওধনী

ঠুংৰি লৱা, বেত লৱা, দল লৱা, টুপীমাৰা

বুন্দুক লৱা, আইনাচাৱা , ফঁটামাৰা

ধেনু লৱা, কাঁড়মাৰা গঁহাই

থানতে  সাত সেৱা কৰং

মৈৰাই খাই যায় পানী

জগন্নাথ এইবেলি গাছতে পৰং

দিহা ঃ ভাল হৌ শীতলা আই এ নমস্কাৰ কৰং

গন্ধ পুষ্প ধূপে দীপে পূজিলো তোমাৰ চৰণ এ

ভাল হৌ শীতলা আই এ

পদ ঃ জগতগুৰু জগতমাতা সিদ্ধেশ্বৰী মা কামাখ্যা

শীতলাদেৱী লক্ষ্মীদেৱী সৰস্বতী পাৰ্বতী আই এ

ভাল হৌ শীতলা আই এ

কৈলাসৰে আই কৈলাসে আছিলা

হৰৰে নামগীত গাই এ

ভগৱত সেৱাতে দুখীয়া ঘৰতে আহিছা ভাগৱতী

দিবালাগি একো নাই হে আই এ..

ভাল হৌ শীতলা আই এ

বামুণে পূজে বেদ চাই ভগৱতী

চুলি চিঙি চৰণত প্ৰাৰ্থনা কৰিছুং

ৰাখিবা অনুগ্ৰহ কৰি ভগৱতী আই এ

ভাল হৌ শীতলা আই এ

চাউল দিছুং তেল দিছুং ধূপ-ধূনা দিছুং দৈ দুগ্ধই দিছুং

আমি নৰমুনিছ নাজানং ভকতি আই এ

ভাল হৌ শীতলা আই এ

চেনীয়েকলে সানি দিছু, আদাই নুনে সানি দিছুং

বেল বুকুলে দি থুছুং এ

দিচুং ভাঙে-ধঁুতুৰাই, জলে তুলুসীয়ে দিছুং

পাণে -তামুলে দিছুং, ৰঙা-বগা ফুল দিছুং

ইয়াতে সন্তুষ্ট হ’বা হে আই এ

ভাল হৌ শীতলা আই এ

দিহা ঃ সৰু দৈ পুখুৰীত পানী নাই এতিয়া

কিহেদি ৰান্ধিম আই ভাত

তুমাৰ পালতি খৰি আনিবা

ভকতৰ বাৰীৰে কাঠ এ আই ভগৱতী...

পদ ঃ এ ডাঙাৰ আই চানা আই শীতলি মহামাই

দেশফুৰি ৰাজপুৰী ঘৰৰ গ’হাই বনৰ গ’হাই

ধনকুবিৰ, সোণ কুবিৰ, জলকুবিৰ আই এ

ভৰলি,ভৰালী গুটগুটিয়া সুবচনী আই এ

নও বৈনী, বাৰ বৈনী, ওঠৰ বৈনী আই এ

পূব পশ্চিম উত্তৰ দক্ষিণ ইশান অগ্নি নৈৰিত বায়ু

বসুমতী আই এ

কিহেদি ৰান্ধিম আই ভাত

ভকতৰ বাৰীৰে কাঠ এ আই ভগৱতী...

বহিবাক দিলা আই ৰত্ন সিংহাসন

চৰণ ধুৱাই দিলা ভেঙুৰাৰ জল

সলাবা দিলা আই শুকুলা বস্ত্ৰখান

ভোজন কৰিবাক দিলা ভেদগ ধানৰ চিৰা

তাৰ লগত দিলা আই সাত গাইৰ খীৰ

সাত গাইৰ খীৰে আই সমানে তৰিলা

মুখ ধুবা দিলা আই দ’ গংগাৰ জল

এ আই ভগৱতী এ

কিহেদি ৰান্ধিম আই ভাত

ভকতৰ বাৰীৰে কাঠ এ আই ভগৱতী...

দিহা ঃ নাচে বগা ফুল আই  তাতে ৰং ধৰে

আইৰ কলাৰ ছলি হালধীয়া পৰে

নাচি বাগি আপুনাৰ মন্দিৰে যায় ধীৰে ধীৰে

আইৰ পৰিশোধ বিমানত ঘূৰে৷

আই তুমি ইমানতে সন্তোষ্ট হ’বা এ

পদ ঃ ভগৱতীৰ চৰণত প্ৰাৰ্থনা কৰিছুং

আৰু কৰিছুং সাত সেৱা এ

আইৰ কলাত আছে দুখীয়া ছলি

আহানতে উঠি আই নাচে হালিজালি

আই তুমি ইমানতে সন্তোষ্ট হ’বা এ

আইৰ নামে আইক পূজিমে গূধ্‌লা পুৱা

যি ফুল ফুলি আছে সিও ফুল কৰি

ভগৱতীৰ চৰণত থাকিমে ধৰি

দিয়া থৱা বাঢ়া টুটা নধৰ্‌বি দষ

আপুনাৰ নামে গুণে আপুনি সন্তোষ

আই তুমি ইমানতে সন্তোষ্ট হ’বা এ

দিহা ঃ কৃষ্ণ এ হৰি ৰাম বান্ধা তামুল-পাণ

দিলুং বোজা দুয়ো জৰী জীও  দান...

পদ ঃ নৈবাদ দিলুং, গাজি দিলুং

আৰু কি দিয়া পূজিম আই এ চৰণত

পত্ৰ দিলুং বস্ত্ৰ দিলুং

চাউল গাজি দিলুং আই চকাই আগে খাই

তেল শিহাই পূজিলুং আই ব্ৰহ্মাই আগে লই৷

ধূপ ধূণা,ঘীউ- মৈ, খীৰ দিলুং আই বাচুৰে আগে খাই

চেনী কল দি পুজিলুং আই বাদুলীয়ে খাই

আদা নুনে সানি দিলুং, তুলসী-জলে দিলুং

তামুলে-পাণে দি পূজিলুং এ বচে আগে খাই

মন দিয়া পূজিবাৰ আই মনতে  নাই

দেহ দিয়া পূজুং আই পাপে জৰাজ্বৰ

চিত দিয়া পূজিবাক চিত বিয়াকুল আই এ..

এনেদৰে নৈবাদত দিয়া আন্যান্য পূজাৰ উপাচাৰসমূহৰ নাম গাই আই  নাম ধৰি শেষ কৰে৷ শেষত সকলো দেৱতাৰ নাম এফালৰ পৰা গাই গাই আই নাম ধৰি আই নাম শেষ কৰে৷ স্বৰ্তব্য যে এই আই নাম বহু দীঘলীয়া হোৱা হেতুকে আৰু আমি সংগ্ৰহৰ বাবে যিগৰাকী ব্যক্তিৰ ওচৰত গৈছিলো তেখেত ওদালগুৰি জিলাৰ কঠালবাৰী গাঁওৰ নিবাসী শ্ৰীমতী ফিচ্‌ৰি শৰণীয়া [৭৫] শাৰিৰীকভাৱে অসুস্থ হেতুকে খুব চুটিকৈ তেওঁৰ পৰা আমি এই আই নাম সমূহ শুনিছিলো৷ যিখিনি শুিনবলৈ সক্ষম হ’লো সেইখিনিকে উল্লেখ কৰিলো৷ ইয়াৰোপৰি ইতিমধ্যে  নলিনী ডেকা শৰণীয়া আৰু বাবু ৰাভা হাকাচমে তেওঁলোকৰ গ্ৰন্থ দুখনত এই আই নামৰ বিস্তৃত উল্লেখ কৰাৰ হেতু কেৱল সাহিত্যৰ এটা ধাৰণা দিবৰ  বাবে ইমানখিনিয়ে যথেষ্ঠ হ’ব বুলি আমাৰ বিশ্বাস৷ সেয়ে বিস্তৃতভাৱে সংগ্ৰহ আৰু উল্লেখৰ পৰা বিৰত থাকিলো৷

৩.ঙ্ম  বিভিন্ন সামাজিক অনুষ্ঠানত গোৱা গীত ঃ

শৰণীয়া কছাৰী সমাজত প্ৰচলিত সামাজিক অনুষ্ঠান সমূহত গোৱা গীত বুলি ক’লে ধুৱনি বিয়া আৰু বৰ বিয়াত গোৱা ওঝানী গীত সমূহৰ কথাই  মূলতে উল্লেখ কৰিব লাগিব৷ ইয়াৰোপৰি বিয়াগীতৰ প্ৰচলন শৰণীয়া কছাৰী বিবাহ অনুষ্ঠানত শুনিবলৈ পোৱা যায়৷ যিয়ে শৰণীয়া কছাৰী ভাষা আৰু সাহিত্যৰ এক সুন্দৰ ৰূপ পৰিস্ফুত কৰি তোলে৷ শৰণীয়া কছাৰী ধুৱনি বিয়া আৰু বিবাহত ওজানী [আয়তী] দল মতাটো বাধ্যতামূলক নিয়ম৷ এই ওঝানীসকলে বিবাহৰ আৰম্ভণিৰ পৰা শেষলৈকে বিবাহৰ বিভিন্ন কাৰ্য্যাৱলী, ৰীতি-নীতি, পূজা পদ্ধতি, পূজাৰ উপকৰণ, শ্ৰাদ্ধ বিধি, পিণ্ডৰ উপকৰণ আদি বিবাহ অনুষ্ঠানৰ কৰ্ম অনুসৰি খাপ খোৱা বিভিন্ন ওজানী নাম [গীত] পৰিবেশন কৰে৷ এই ওজানী নামসমূহ তলত উল্লেখ কৰা হ’ল৷

৩.ৰ শৰণীয়া কছাৰীৰ বৰ বিয়া ঃ

৩.ৰ.ৰ জোৰণ বা তেলৰভাৰত গোৱা ওঝানী গীত ঃ

[দৰাঘৰত গোৱা]

ৰ৷ খাৰু লৱা মনি লৱা কুণ্ডল সাতসৰী

তেল সিন্দুৰ ফণি লৱা লৱা শৰাই ভৰি৷

দ্বাৰকাৰ যত নাৰী তেলভাৰ লৈ যোৱা

কৃষ্ণৰে অলঙ্কাৰ আজি ৰুক্মিণীক পিন্ধোৱা৷

ৰাম ৰাম পাণত পত্ৰ লিখি

ৰাম ৰাম দিলাহে আইদেউ

ৰাম ৰাম পাণত পত্ৰ লিখি দিলা৷

ৰাম ৰাম সেই পত্ৰখন

ৰাম ৰাম পাই ৰামচন্দ্ৰই

ৰাম ৰাম অলঙ্কাৰ পঠাই দিলা৷৷

২৷ ভাৰীগণে আছে সবে ওলাই ওলাই

গাখীৰ মিঠেই তামুল পাণ ভাৰ বান্ধি লৈলা৷

বহুদূৰ যাবা লাগে ইম্‌মান বেলা হৈলা৷

কিজানি কন্যাঘৰে গোণ্ডগোল পাতিলা৷৷

তাৰাবাজী ফুল জাৰি দিবা ভাল চাই

ইয়াক চাবালাগি লোকে বৰ ভাল পায়৷৷

দধি দুগ্ধ ঘৃত মধু পঠাইছি সাদৰি৷

কণ্ডিলত ৰৈ আছে ৰুক্মিণী সুন্দৰী৷৷

শ্ৰীকৃষ্ণৰ বাতৰি ৰুক্মিণীৰ পুদুলি

তাতে তেলভাৰ নি থবিহে৷

ৰুক্মিণী সুধিলি কাৰে অলঙ্কাৰ

কৃষ্ণই দিয়া বুলি ক’বিহে৷৷

৩.ৰ.২ কইনা ঘৰত গোৱাঃ

৩৷ হৰি হে পিতাৰাৰ অলংকাৰ

হৰি হে থৱাহে আইদেউ

হৰি হে মায়েৰাৰ অলংকাৰ থৱা কি ৰাম ৰাম৷

হৰি হে দ্বাৰকাৰ শ্ৰীকৃষ্ণই

হৰি হে অলংকাৰ পাঠাইছে

হৰি হে হাতযৰ কৰি লৱা কি ৰাম ৰাম৷৷

হৰি হে বাৰীৰে পিছফালে

হৰি হে কজ্‌লা উৰ্‌হী

হৰি হে পাতে তিৰবিৰ কৰে কি ৰাম ৰাম৷

হৰি হে আইদেউৰ গা দিগি

হৰি হে চাবাকে নৱাৰি

হৰি হে হীৰা কি মুকুতা জলে কি ৰাম ৰাম৷৷

হৰি হে তুলিতে দলিছা

হৰি হে বহিছে ললিতা

হৰি হে শৰাই পাই মিলিছে চুলি কি ৰাম ৰাম৷

হৰি হে দহো আংলিতে

হৰি হে ৰত্ন জলিছে

হৰি হে নুপুৰ ধৰিছে তুলি কি ৰাম ৰাম৷৷

চ্ছ্ৰ৷ ওলাই আহা আইদেৱে বহা থিৰ কৰি

কৃষ্ণৰে অলংকাৰ পিন্ধা ভাল কৰি৷

ওলাই আহা আইদেৱে মায়েৰাৰ আজ্ঞা লৈ৷

আজিৰ পৰা পৰৰ হলি জানিবা নি(য়৷৷

ওলাই আহা আইদেৱে দুৱাৰ দলিৰ বাজ৷

ঘৰতে পিন্ধাব তকে নকৰিবি লাজ৷৷

ওলাই আহা আইদেৱে কদমতে ধৰি৷

তকে ৰখি আছে অনকে সুন্দৰী৷৷

ওলাই আহা আইদেৱে কিয়ানো কান্দিছা৷

কান্দাৰ কথা নহয়ইটো জীৱন পূৰ্ণিমা৷৷

ওলাই আহা আইদেৱে অ’কেঁচা স’ণ৷

কালিলৈ ওলাব আহি পূৰ্ণিমাৰে জন৷৷

প্ত৷ মায়েৰাৰ অলংকাৰ থৱা কাটি কৰি

ও ৰাম পিতাৰেৰ অলংকাৰ থৱাহে৷

তোমাৰ স্বামী গুৰু অলংকাৰ পঠাইছে

ঐ ৰাম হাতে যৰ কৰি লৱাহে৷

টেমাতে আনিছে চিকুণ কাম সিন্দুৰ৷

ঐ ৰাম গঢ়াই লৈ আনিছে শলাহে৷

কঁকল চাই আনিছে সিংখাপৰ মেখ্‌লা

ঐ ৰাম গা চাই আনিছে চলাহে৷

ৰিহা লৈ আহিছে আগত গুটি বাছা

ঐ ৰাম চাদৰত চাৰি পাৰি বাছাহে৷

আইদেউৱে পিন্ধিব পাতৰ মেজাংকৰি

ঐ ৰাম ৰামচন্দ্ৰই আইদেউলৈ যাচাহে৷৷

৩.ৰ.৩  অধিবাস আৰু পূজাৰ ওঝানী নাম ঃ

৬৷ হৰি হে গা চাই গাম্‌ছা

হৰি হে আনাগৈ লগৰী

হৰি হে কঁকল চাই আনাগৈ ধুতি কি ৰাম ৰাম৷

হৰি হে মুখ চাই আইনা

হৰি হে আনাগৈ বংশী

হৰি হে  শতৰ ফ’টা ল’বা পাই আনি কি ৰাম ৰাম৷৷

হৰি হে বেদ নিধিতে

হৰি হে ৰুক্মিণী সুধিছে

হৰি হে গঁ’হাই কেনে কৰি আছে কি ৰাম ৰাম৷

হৰি হে পছিমৰ ফালে

হৰি হে গঁহাই শয়ন কৰে

হৰি হে গোপিনী যগান ধৰি কি ৰাম ৰাম৷৷

হৰি হে ব্ৰাহ্মণ আহিলা

হৰি হে চৰণ ধুৱাইলা

হৰি হে শিৰে লৈলা পদ জল কি ৰাম ৰাম৷

হৰি হে দিলা তামুল-পাণ

হৰি হে কৰি সম্ভাষণ

হৰি হে বহিব দিলা আসন কি ৰাম ৰাম৷৷

জ্জ৷ ওলাই আহা ৰামচন্দ্ৰ

ঐ শশী বহা সিংহাসনে৷

পিন্ধা পাটৰ বস্ত্ৰ আনি

ঐ শশী ৰত্ন অলঙ্কাৰে৷৷

তুলসী দুবুৰি আৰু

ঐ শশী সুগন্ধি চন্দনে৷

অধিবাস কৰে

ঐ শশী শঙ্খ ধবনি কৰি৷৷

তুলসী তুলসী ঐ আই তুলসী

ঐ ৰাম তুমি গবিন্দৰে প্ৰিয়া

বেদনিধি অধিবাস কৰে

ঐ ৰাম মূৰতে গন্ধ তেল দিয়া৷৷

বিবাহক লাগি মাত্ৰ

ঐ ৰাম এক ৰাত্ৰি আছে৷

কাৰ হাতে পত্ৰ দিয়ে

ঐ ৰাম প্ৰভু জগন্নাথে৷

৩.ৰ.চ্ছ্ৰ  পানী তোলা গীতঃ

জ্জ্ব৷ ওলাই আহা আইদেৱে মাটি মঙ্গল চাই

গণকে গণিতা কৰে ক্ষন চলি যায়৷

ওলাই আহা আইদেৱে ৰজা মহাদৈ৷

শুভ ক্ষণে যাত্ৰা কৰি পানী আনোগৈ৷৷

কাষে কলষি লৱা ৰাধা মাথাই লৱা মালা৷

যমুনালৈ যাব লাগে নকৰিবা হেলা৷৷

সজোৱা দুননী ঘট মঙ্গল কৰিয়া৷

জ্বলোৱা সহস্ৰ বাতি গন্ধ তৈল দিয়া৷৷ সেৱা কৰি তুলি লৱা ধৰমৰ টেকিলি৷

সন্ধ্যাতে তুলিব লাগে কিয় এতেকেলি৷৷

জ্ঝ৷ আমৰ পাত লেখি ঘট চিতা সখী

ঐ ৰাম কেনে বিনন্দীয়া দেখিহে৷৷

কইনাৰ মায়াকে মাতিছে কিয়

কুমাৰৰ টিকিলি উলিয়াই দিয়া৷৷

কুমাৰৰ টিকিলি কৰিম মই কি

সধবা আয়তীক চিতিব দিম৷৷

কোন কোন কুমাৰে টিকিলি গঢ়াইছে

কোন কোন কুমাৰৰ ছাকি৷৷

গাঁওৰে কুমাৰে টিকিলি গঢ়াইছে

পদ্ম পুখুৰীৰ মাটি৷৷

১০৷ ফেঞ্চুই দিলা ঝালি এ অ’ হৰি ৰাম

উঠা বনমালী এ অ’ হৰি ৰাম

ৰজনী পুৱাইলা আমি হে অ’ হৰি ৰাম৷

বনৰে হৰিণী এ অ’ হৰি ৰাম

বনতে লুকাইলা এ অ’ হৰি ৰাম

পখি দশোদিশে গৈলাহে অ’ হৰিৰাম৷

ঠাইখিনি মচিবা ঘট ওলাবা

মুখে দিয়া আমৰ ঠানিহে অ’ হৰি ৰাম৷

চাংলি ওলাবা চাকি জ্বলাবা

কোন কুমাৰৰ চাকিহে অ’ হৰি ৰাম

অকাজী কুমাৰে , চাকি গঢ়াই দিলা

পদ্ম পুখুৰীৰ মাটি হে অ’ হৰি ৰাম৷৷

ৰৰ৷ ওলাই আহা দৈৱকী এ যমুনালৈ যাওঁ

কৃষ্ণক ধুৱাব জল দিব গঙ্গা মাওঁ৷৷

ওলাই আহা দৈৱকী এ ৰজাৰ মহা দৈ৷

শুভক্ষনে যাত্ৰা কৰি জল আনোগৈ৷৷

কাষে ঘট লোৱা ৰাধা মাথে লোৱা মালা৷

যমুনালৈ যাব লাগে নকৰিবা হেলা৷৷

উঠা সখি অ’ জল তুলি লৈ স’ণাৰে কলসী ভৰি৷

কৃষ্ণই শুই আছে ৰজনী পুৱাইছে আহা যাঁও শীঘ্ৰ কৰি৷৷

দৈৱকী ডাকই ৰজনী পুৱাই উঠৰে ৰুহিণী বাই৷

ধুৱাইবাক জল লাগে সাগৰৰ,আহা পানী তোলো যায়৷৷

৩.ৰ.প্ত  পানী কাটা গীত ঃ

১২৷ যমুনাৰ ঢৌৱে দেখি ৰাধা কাম্পে হিয়া৷

ঘাটে নাৱে চপাই দিয়া অৰে বিনন্দীয়া৷৷

সৰগতে জ্বলি আছে থুপি থুপি তৰা৷

দৈৱকীয়ে পানী তুলে নাচে অপেশ্বৰা৷৷

ইপাৰৰ চাকনৈয়া সিপাৰৰে ঢৌ৷

তামৰে কলসী ৰাধা ভৰিলনে নৌ৷৷

১৩৷ আদেৰি যশোদা জলতে নামিলা

দিলা নাৰায়ণে এৰি হে৷

পাছখিনি তামুল পিছফালে পেলাইবা

কটাৰী কাটিবা জলে হে৷৷

নামিলন্ত জলে শাৰী শাৰী হ’লে

তীৰতে জোকাৰ পাৰি৷

ৰজনী পুৱায়ি শিশুকো শুৱাই

আহা যাঁও শীঘ্ৰ কৰি হে৷

জলে এৰি দিয়া হৰি এ

লৈ যাঁও কলচী ভৰি হে

যমুনাৰ জল অতিকে নিৰ্মল

কলচী ভৰিয়া লৈলা হে৷৷

১৪৷ ৰাম ৰাম গোৱা পাণ আগুৱাই

ৰাম ৰাম জললৈ নামিবা

হৰি মোৰ ঐ সেৱা কৰি পানী কলসী ভৰাবা৷

পানী ভৰাই দৈৱকী

ৰাম ৰাম পাচলৈ নাচাবা

হৰি মোৰ ঐ সাগৰো আহিব ভাগি হে ৰাম৷

ৰাম সগৰো আহিব মাণিকো লুকাব

হৰি মোৰ ঐ লৈ যাব দৈৱকীক ধৰি হে ৰাম৷

ৰাম ঘিলাই বৰণীয়া পানী হে ৰাম ৰাম

ৰাম আইদেৱে সুধিলে ক’বা কি বুলি

ৰাম আনিছো যমুনাৰ পানীয়ে ৰাম ৰাম৷৷

৩.ৰ.৬  পানী তুলি উভতি অহা গীতঃ

১৫৷ ৰামকৃষ্ণ যমুনাৰে জল

ৰামকৃষ্ণ হৈ আছে নিৰ্মল

হৰি মোৰ ঐ দৈৱকী আহিব শুনি৷

ৰামকৃষ্ণ দৈৱকী সুন্দৰী

ৰামকৃষ্ণ মিছা নামানিবা

হৰি মোৰ ঐ কোন ঘাটে তুলিবা পানী..

ৰামকৃষ্ণ দিলে তামোল পাণ

ৰামকৃষ্ণ কৰি সাত সেৱা

হৰি মোৰ ঐ সেই দি আনিলো জল৷

ৰামকৃষ্ণ পানী তুলি ৰাধা

ৰামকৃষ্ণ উলটি নচাবা

হৰি মোৰ ঐ সাগৰে পৰিব  ঢলি৷৷

ৰামকৃষ্ণ গয়াৰ জল আনিছু

ৰামকৃষ্ণ গঙ্গাৰ জল আনিছু

হৰি মোৰ ঐ আৰু জল আনিছু কাশীৰ৷

ৰামকৃষ্ণ সুবৰ্ণ কলসী

ৰামকৃষ্ণ দশমে মলসী

হৰি মোৰ ঐ লৈ যোৱা আঁচলে ঢাকি৷৷

৩.ৰ.জ্জ  পানী তুলি আহি টেকেলি ঘৰত সুমুৱাই থোৱাৰ সময়ত ওঝানী সকলে গোৱা গীতঃ

১৬৷ দুৱাৰ মেল দুৱাৰী নামে পটেশ্বৰী

দুৱাৰৰ ঘুনুচা জৰি৷

শিলৰ পাতৰ দুৱাৰ মেলা ৰজাৰ কুঁৱৰ

আনিছো যমুনাৰ পানী হে৷

চালে পানী ঢালা ধাৰে নিছিঙিবা

বৈ থাক যমুনাৰ পানী

সকলো সুন্দৰী গৈলা ঘৰাঘৰি

দৈৱকীকো এৰি হে৷

১৭৷ আগতে কৈছিলো

দৰাৰ িপতাকক

পদুলি চাচিবা জানি৷

পানী তুলি আহোতে

চিনা জ’কে নিব টানি৷৷

পানী তুলি আহে

দ্ৰুপদৰ জীয়াৰী

পাণ্ডৱৰ নিজা বোৱাৰী

চালত পানী দিবা

নিয়মকৈ সোমাবা

পানী থবা ভিতৰ কৰি৷

চালত পানী দিবা

মন্দিৰ সোমাবা

মণ্ডল চাই টেকিলি৷

পানী তুলি আহি

দৈৱকী সুন্দৰী

চতালতে থিয় হে৷

কলচীৰ মুখ ডাকি

নৱ বস্ত্ৰ হিয়া হে৷৷

৩.ৰ.জ্জ্ব  শ্ৰাদ্ধ কৰা সময়ত গোৱা ওজানী গীত ঃ

১৮৷ পান বুনুকীয়া,  মোনা ভুমুকীয়া

দাদা বলভদ্ৰই সাজে৷

কৰা সাজ পাৰ, পিন্ধা অলংকাৰ

শ্ৰাদ্ধ কৰিব লাগে হে৷

হাতৰ গদি মদি, বশিষ্ঠ বদতি

সীতা বসুমতি আই৷

তোমাৰে পুত্ৰ, বৰে লক্ষণীয়া

যজ্ঞ আৰম্ভিব যাই হে৷৷

হাতৰে আংলি লেহেৰা লেহেৰি

ভৰিৰে আংলি ঘন হে৷

কোননো দৈৱকী সুপুত্ৰ তুলিছে

চাই থাকিবৰ মন হে৷৷

সৰলৰে চতি সৰলৰে মাৰলি

সৰলৰ লগাইছে বাতি হে৷

আজি ভীষ্মক ৰজাই কিবা যজ্ঞ কৰে

ঋষি সকলকে মাতিহে৷৷

১৯৷দিহা ঃ চাৰি থানে চাৰি বাতি ঘণ্টা থৈছে ৰাখি৷

থানে থানে লগাই থৈছে গন্ধ তেলৰ বাতি৷৷

পদ ঃ ৰভাৰ তলতে ৰামকলৰ পুলি

পাতে জিকি মিকি কৰে৷

আমাৰ ৰামচন্দ্ৰই শ্ৰাদ্ধত বহিছে

সোমা জলমল কৰে৷৷

দিহা ঃ চাৰি ফালে চাৰি তালি মাজে ঘিউৰ বাতি৷

ৰামচন্দ্ৰই শ্ৰাদ্ধ কৰে হাজাৰ বামুণ মাতি৷

পদ ঃ শ্যামৰায় নৈবাদ খনি গোটাই চাউল জহা৷

শ্যাম ৰায় প্ৰভুক সেৱা কৰি শ্ৰাদ্ধত বহা৷

গলতে নিন্ধিছে বাপাই চাৰি তলা স’ণা

তালিত চাউল দিবা থালিৰ তুলিবা ক’ণা৷৷

চাৰিফালে চাৰি থালি মাজে ঘিউৰ বাতি৷

তাতে বহি শ্ৰাদ্ধ কৰে গ’বিন্দৰ নাতি৷৷

ফুলি আছে পদ্ম গোট অৰণ্যৰ মাতে৷

স’ণাৰ থালত পিণ্ড সানি থবা ভাগক ভাগে৷

বতাহতে হালে জালে প্ৰজাই কৰে ৰোল৷

স’ণাৰ থালে পিণ্ড লৈ গঙ্গাৰ তীৰক যায়৷৷

৩.ৰ.জ্ঝ মাহ হালধি বটা গীত ঃ

২০৷ জয়হে হালধি হালধি

তই বৰ হালধি

জয়হে আছিলি পৰ্বতৰ কাষে৷

জয়হে ঢোলে ডগৰে

তোকে তুলি আনে

জয়হে ৰুক্মিণীৰ বিবাহত লাগে৷৷

আকাশৰে দেৱগণে নমাই দিলে পটা৷

মাহ বুটিব লাগে আপেশ্বৰাক মাতা৷৷

মাহ বটিছে কোনে গৰচীয়া ৰ’ল৷

শীতলীয়া গাঁও পাই পিচলিয়া গ’ল৷৷

৩.ৰ.১০ দৰা - কইনাক গা ধুওৱাৰ আগতে ব্ৰহ্মাণে মন্ত্ৰ পাঠ কৰি গঁহাই পূজা কৰোৱাৰ সময়ত ওজানী সকলে গোৱা গীতঃ

২১৷ কুলা কুলা তুলসীৰে নিকা নিকা ঠানি

চানা বাপুই গঁহাই পূজে ফুলৰ বান্ধে আলি

কুলা কুলা তুলসীৰে চকলীয়া পাত

আমাৰ বাপুই পূজা কৰে জলে দিয়া হাত৷

তেতেকী ফুলৰে বাপুই গৰ বান্ধে

মৰোৱা ফুলৰে বেৰা৷

গঁহাই পূজিবলৈ ফুল নাইকীয়া

ফুলৰ দুৱাৰ খোলা৷৷

বাহী ফুল থোৱা বাপু সজাৰ ফুল লোৱা৷

আৰু যদি ফুল লাগে আনি দেক কোৱা

শুকমুনি বোলন্ত সুনিয়ো পৰীক্ষিত৷

কৃষ্ণক কলংক দিয়া ধৰি সত্ৰাজিত৷৷

আপুনাৰ কন্যা আনি দিলেক কৃষ্ণক৷

শ্যামন্তক মণি দিলা লগত যৌতুক৷

শুকত সোধন্ত দুনাই ৰাজা পৰীক্ষিত৷

দিলে কিবা কলংক কৃষ্ণক সত্ৰাজিত৷৷

৩.ৰ.ৰৰ নখ কমোৱা সময়ত গোৱা গীতঃ

২২৷ পশ্চিমৰ পৰা বেজ নামি আহে

কান্ধে খুৰৰ কোছালৈ৷

আসিলেক বেজ, ধৰিলেক খুৰ

কমাইলা কুৰি আঙুলি৷

এৰিলা কাপুৰ ধৰিলেক খুৰ

হাতত দিলা দাপোণ৷

আগে কমাই মাথা পাছে বৰি হাত

কমাইলেক আহুলিৰ নখ৷৷

এৰে এৰে বেজ যদি খুৰ ভেদ

আঙুলি ওলাব তেজ৷

ভয়ে কাম্পে হাত কেশ কাটে মাথ

কমাইবা কুৰি আঙুলি৷

আহা কইনা জাক লাগে ধুৱাইবাক

ভৈলা নখ কেশ কাটা৷

৩.ৰ.১২  দৰা -কইনা গা ধুওৱা গীত ঃ

২৩৷ আহা কন্যাজাক লাগে ধুৱাইবাক

ভৈলা দশ নখ কাটা৷

কলৰ গুৰিক আহা আইদেউ

মায়েৰাৰ চৰণে ধৰি৷

মায়েৰাৰ চৰণ কেতেকী বৰ

চাই থাকা নয়ন ভৰি৷৷

আইদেউৰ কলৰ পুলি কোনেনো পুতিছে

আইদেউ ধৰিব নোৱাৰে৷

আমাৰ কলৰ পুলি চাই থাক লগৰী

পাতে তিৰবিৰ কৰে৷৷

প্ৰথমতে মাহ দিবা মাজত শিৰত

হালধিয়ে ৰক্ষা আনি ঘঁহিবা গাত৷৷

আমাৰ আইদেউ গাও চিনান কৰে

সাত সাগৰৰ জল৷

আজি দিনমান একো খোৱা নাই

হাতত নাইকে বল৷৷

হাতীৰ দাঁতৰ ফণিখনি ৰত্নৰে চিতিকা৷

গুঠিছে পাতৰ জৰী ধুৱাইছে চণ্ডিকা৷৷

উৰুলি উৰুলি গড়গঞা উৰুলি

উৰুলি চাকতে কাটা৷

ৰাম কলৰ তলতে আইদেউক ধুৱাইছে

নালাগে সূৰ্য্য ছাতা৷৷

২৪৷ সোণাৰ বাতিতে মাহ হালধি

ঐ ৰাম ৰূপাৰে বাতিতে তেল হে৷

কাষতে কলচী লৈয়া মাতৃগণে

ঐ ৰাম ৰামচন্দ্ৰ ধুৱাবা গেল হে৷

মাহ হালধি গাতে ঘঁহিলা

ঐ ৰাম কলহে ঢালিলা পানী হে৷

থৰ থৰ কৰি কাম্পে হাত বৰি

ঐ ৰাম ধুৱাইছে যশোদা ৰাণী হে৷

এটা বাতিতে মাহ হালধি

ঐ ৰাম এটা বাতিতে দৈ হে৷

হৰক নোৱাবলৈ মেনকা আহিছে

ঐ ৰাম মাথাতে ওৰণি লৈ হে৷৷

মাহ যে হালধি গাৱতে ঘঁহিলা

ঐ ৰাম গাৱতে ৰৈ গেল মলহে৷

আজি দিন মানে একো খোৱা নাই

ঐ ৰাম হাতত নাই বলে হে৷

হালধি বুটিছে কোনে

ঐ ৰাম খৰচীয়া বল হে৷

শীতলীয়া বাপাৰ গাত পিছলিয়া গল হে৷

মূৰত পানী দিবা ধাৰে নিছিঙিবা

ঐ ৰাম আপুনাৰ ধৰ্মৰে বিয়া হে৷

সোমাৰ বৰে পীৰা তাতে চাৰি খূৰা

ঐ ৰাম বহিছে স’ণাৰ চেকুৰা হে৷

গাও ধুই উঠিছে মাকক সুধিছে

ঐ ৰাম কি কাপুৰ পিন্ধিব পাৰি হে৷

চাতে শুকোৱা মুঠিতে লুকুৱা

ঐ ৰাম সেই কাপুৰ পিন্ধিব পাৰি হে৷৷

৩.ৰ.১৩ গা ধুৱাই আনি ৰভাৰ তলত বহোৱাৰ সময়ত গোৱা গীতঃ

২৫৷ আইদেউৰ পুদুলিতে হালি আছে নল৷

কলহে কলহে ঢালে যুমুনাৰ জল৷৷

স্বৰ্গৰ পৰা মাতে হৰি হাঁহে মিচিকিয়াই৷

কত বেলি নোৱাই থাকা জাৰত দুখ পাই৷৷

স্নান কৰি আইদেউ কাম্পে থৰ ধৰি৷

আনি পাতৰ বস্ত্ৰ পিন্ধক লাহে কৰি৷৷

স্নান কৰি আইদেউ দুৰ্গাত মাগে বৰ৷

জন্মে জন্মে মৰ স্বামী হওঁক দামোদৰ৷৷

স্নান কৰি আইদেউ মাথাত দিলে হাত৷

স্বৰ্গৰ পৰা দুৰ্গাদেৱী কৰে আশীৰ্বাদ৷৷

স্নান কৰি আইদেউ ধ্যান কৰি থাকে৷

পত্ৰ লেখি আইদেৱে বেদনিধিক মাতে৷৷

স্নান কৰি আইদেউ আমাক আছে চাই৷

মৰমীয়াল মাকৰ মনত এনেকে খেলাই৷৷

স্নান কৰি ৰুক্মিণীয়ে মনে মনে গুণে৷

দ্বাৰকাৰ শ্ৰীকৃষ্ণই কাণ পাতি শুনে৷৷

৩.ৰ.১৪ শুৱাগ তোলা গীতঃ

চ্ছ৷ শুৱাগ তোলা শুৱাগ তোলা বৰৰে জননী৷

ভালমতে শুৱাগ তোলা ডুবা গণি গণি৷৷

দেউল বান্ধে আলি মাটি ধৰম ৰজাৰ বেটি

ধৰম ৰজাই নেদেই মাটি যায়ী সৰগ ছাটি৷৷

শুৱাগ তুলিবলৈ গ’ল আহোতে গধূলি হ’ল

কইনাৰে বৌৱাকৰ ৰিহা-মেখেলা

বগৰী জেকতে ৰ’ল৷৷

২৭৷ শুৱাগ তুলি ঘৰে আনন্দে আহিলা

দৈৱকী দেৱী সুন্দৰী৷

শুৱাগৰে কুলা মাথাত তুলিলা

দৈৱকী আসিলা ঘূৰি৷৷

জাঁপ দিয়া দিয়া শুৱাগ জাৰিয়া

কাপুৰে পেলাইলা ঢালি৷৷

কাপুৰে ঢালয় কুলায়ে জাৰয়

দৈৱকী দুই হাত মেলি৷৷

ঘূ্‌ৰে সাত পাক জাৰিলা শুৱাগ

গুচাইলা মাথাৰ কাপুৰ৷

সকলো নাৰীক গুৱা-পাণ দিলা

মুণ্ডত তেল সিন্দুৰ৷৷

২৮৷ নাচে কুলা ভৰি নাচে

বাহু দাঙি দাঙি নাচে

কুলাৰে ভিতৰে কি কি আনিছা

ৰাধায় কোচ পাতি আছে৷৷

ৰাধাৰে ওপৰে অ’ হৰি ৰাম ঐ ৰাম

সুৱাগ জাৰই অ’ হৰি ৰাম ঐ ৰাম

নৱ শুক্ল বস্ত্ৰ ধৰি এ

দৈৱকী সুন্দৰী অ’হৰি নাচে ঘূৰি ঘূৰি

দৈৱকী দুই হাত মেলি এ৷৷

কুলায়ে জাৰই ও মেৰিয়ে হৰি ও

সুৱাগ জাৰই ও মেৰিয়ে হৰে ও

কাপুৰৰে পেলাও ঢালিয়ে৷৷

৩.ৰ.১৫ কইনা সজোৱা গীতঃ

২৯৷ [ক] পাটীতে বহি হে ঊষা মু২৬১্া গলে

সখীতে সোধা যুগুতি

আজি শুদা হ’ব বাণৰে নগৰে৷

কামদেউৰ পুত্ৰ গবিন্দৰ নাতি

আনি দিয়া চিত্ৰলেখা

আজি শুদা হ’ব বাণৰে নগৰে৷

সপোনত দেখিলো সুন্দৰ মুৰতি

সখী মোৰ কি হ’ব গতি

আজি শুদা হ’ব বাণৰে নগৰে৷

যেনে তেনে কৰি আনি দিয়া সখী

মোৰে প্ৰাণৰে পতি

আদি শুদা হ’ব বাণৰে নগৰে৷

সখী চিত্ৰলেখাই চিত্ৰ দেখুৱাই

কাকেনো ভাবিছা সখী

আজি সুদা হ’ব বাণৰে নগৰে৷৷

গবিন্দক দেখিলে মাথা চপৰালে

কামদেউক দেখিলে সখী

আজি শুদা হ’ব বাণৰে নগৰে৷৷

কুমাৰক দেখিলে সাৱটি ধৰিলে

এয়ে মোৰ প্ৰাণৰে পতি

আজি শুদা হ’ব বাণৰে নগৰে৷৷

সখী চিত্ৰলেখা ওলাল কাচি পাৰি

জাক বাছি ল’লে ঘোঁৰা

আজি শুদা হ’ব বাণৰে নগৰে৷

বাটত লগে পাই নাৰদে সুধিলে

ক’লৈ যাৱা চিত্ৰলেখা

আজি শুদা হ’ব বাণৰে নগৰে৷৷

৩.ৰ.১৬ দৰা সজোৱা গীত ঃ

৩০৷ হাতীও সজালে  হাতী ৰাম বৰুৱা

ঘোঁৰাও সজালে ঘাঁহি অ’ হৰি সুকলমে যোৱাগৈ৷

কালি পুৱা আহংতে আইদেউক লৈ আহাগৈ৷৷

আমাৰে বাপাকে সজাব লাগিছে

কাৰ্শিপ কাপুৰকে আনি  অ’ হৰি সুকলমে যোৱাগৈ৷

ৰাতি পুৱা আহংতে আইদেউক লৈ আহাগৈ৷৷

ঘৰক ঘৰে বুলি নাজানা বাপাদেউ

মায়েৰাক নোবোলা আই অ’ হৰি সুকলমে যোৱাগৈ৷

কালি পুৱা আহংতে আইদেউক লৈ আহাগৈ৷৷

অতখান বাটলৈ লঘণে ওলালা

জানকীৰ বাতৰি পাই অ’ হৰি সুকলমে যোৱাগৈ৷

কালি পুৱা আহংতে আইদেউক লৈ আহাগৈ৷৷

গুধুলি বেলিকা ক’লৈ যোৱা বাপা

মায়েৰাক ঘৰতে থৈ অ’ হৰি সুকলমে যোৱাগৈ

কালি পুৱা আহংতে আইদেউক লৈ আহাগৈ৷৷

নথওং সুন্দা ঘৰত কালিলৈ আহিমগৈ

তোমাৰে বোৱাৰীক লৈ অ’ হৰি সুকলমে যোৱাগৈ৷

কালি পুৱা আহংতে আইদেউক লৈ আহাগৈ৷৷

৩.ৰ.১৭ দৰা অহা সময়ত গোৱা গীত ঃ

৩১৷ ওৰে গৃহবাসী জোঁৱাই পালে আসি

পুদূলিতে চেচাইছে হাতী৷

পুদূলিক চাই চৈদোলা নমাই

বহিলন্ত  যদুৰাই৷

উগ্ৰসেন ৰজা থিৰ হ’বা প্ৰজা

বৰক বৰিয়া নিলা৷

ওৰে জোঁৱাই লৰা জাপি কাটি কৰা

শহুৰে মালা দিয়ে লৱা৷

কলৰ গুৰিতে আসন পাৰিয়া

কৃষ্ণক বৰিবা গৈলা৷৷

গন্ধ পুষ্প মালা শহুৰে শিৰত দিলা

দুখানি পাওঁ ধুৱালা৷৷

শ্যামৰ বিচাই উৰুলি পাৰই

অনেক বাজনা বাই৷

যেন ভীষ্ম ৰজা থিৰ হ’বা প্ৰজা

বৰক বৰিয়া নিলা৷

বৰ বৰিবাক আহিছে শহুৰ

পাতৰ ধুতিখান পিন্ধি৷

স’ণামুৱা জোঁৱাই আহি পাইছে

কলৰ গুৰিত থৈছে ৰাখি৷৷

লাহেকে বৰিবা দেখিলে ধৰিবা

যেন মুকুতাৰ পান্তি৷৷

৩.ৰ.১৮ দৰা ৰভাৰ তলত বহোতে গোৱা গীতঃ

৩২৷ বাহিৰৰ পৰাহে অ’ বকুল ফুল

কি কাৰ্যে্য মাতিছা

কৰেনো অতিথি তুমি বুকুল ফুল

সীতাৰ কাৰণে ৰাম বিয়াকুল৷

অতিথি নহওঁ মই অ’ বুকুল ফুল

আলহী নহওঁ মই বুকুল ফুল

সীতাৰ কাৰণে ৰাম বিয়াকুল৷৷

তোমাৰে স্বামী গুৰু অ’ বুকুল ফুল

সীতাৰে কাৰণে ৰাম বিয়াকুল৷

ওলাই মাত দিয়া অ’ বুকুল ফুল

হে প্ৰাণ প্ৰিয়া

আজি মই তোমাতকৈ সৰু বুকুল ফুল

সীতাৰ কাৰণে ৰাম বিয়াকুল৷

পাটিতে বহিছে অ’ বুকুল ফুল

ইলাৰে সিলাৰে

হাতৰ কাৰি লৰে বিধিহে বুকুল ফুল

সীতাৰ কাৰণে ৰাম বিয়াকুল৷

লগৰীয়াৰ আগত অ’ বুকুল ফুল

হাঁহি হাঁহি কয়

পালো মই গুণৰে নিধিহে বুকুল ফুল

সীতাৰ কাৰণে ৰাম বিয়াকুল৷৷

৩.ৰ.১৯ কইনা উলিওৱা গীতঃ

৩৩৷ ওলাই আহা গুণৱতী সখী হেৰা

হাতত আনা প্ৰাণ৷

দ্বাৰকাৰে শ্ৰীকৃষ্ণই সখী হেৰা

তোমাক লব দান৷৷

ওলাই আহা গুণৱতী সখী হেৰা

হাতত আনা ধূপ৷

দ্বাৰকাৰে কৃষ্ণ আহে সখী হেৰা

সাক্ষাত বিষ্ণু ৰূপ৷৷

ওলাই আহা গুণৱতী সখী হেৰা

হাতত আনা পানী৷

দ্বাৰকাৰে কৃষ্ণ আহে শুনা সখী

ধুৱাই দিয়া ভৰি৷৷

সিন্দুৰৰে দগে দগে শুনা সখী

কাজলৰে ৰেখা৷

বিজুলি চমকত আিহ শুনা সখী

কৃষ্ণই দিছে দেখা৷৷

ওলাই আহা গুণৱতী সখী শুনা

পূবে দিলা ভানু৷

ওলাই আহা গুণৱতী সখী হেৰা

ৰামক ধৰা ধেনু৷৷

কিবা পক্ষী ৰাও পাৰে শুনা সখী

জাৰণিতে পৰি৷

কাণ পাতি শুনি থাকা শুনা সখী

ৰামৰ পটেশ্বৰী৷৷

৩.ৰ.২০ পিতৃয়ে কন্যা সম্প্ৰদান কৰাৰ সময়ত গোৱা গীতঃ

৩৪৷ অহে বাপু বৰ গঁহাই পূজা কৰ

তেহে ৰুক্মিণীক পাইবা

ৰুক্মিণী ওলালে হৰি এ

চৌদিশে পোহৰ কৰি এ৷

ব্ৰাহ্মণ আহিলা হোমকে পাতিলা

ঋষিগণে জালে জুই

বশিষ্ঠ  ব্ৰাহ্মণে মন্ত্ৰ উচ্ছাৰিলা

বিশ্বমিত্ৰ ধালে ঘিউ৷

কন্যা সম্প্ৰদান কৰি লগুণ গাঁঠি বান্ধে

মন্ত্ৰ অভিশেষ ঘৃতকে ধালে৷৷

৩.ৰ.২১ দৰাক বৰণ দিয়া সময়ত গোৱা গীতঃ

৩৫৷ জটা জুট ত্যাগ কৰা প্ৰভু শূলপাণি

হৰ সতী পাৰ্ব্বতী৷

হেমৱন্তই আনি দিব সোমাৰে পাগুৰি

হৰ সতী পাৰ্ব্বতী৷

হেমৱন্তই আনি দিব অগৰু চন্দন

হৰ সতী পাৰ্ব্বতী৷

সৰ্পৰ মালা ত্যাগ কৰা অ’ প্ৰভু ভোলানাথ

হৰ সতী পাৰ্ব্বতী৷

হেমৱন্তই  আনি দিব সুৱৰ্ণ মালা

হৰ সতী পাৰ্ব্বতী৷

বাঘৰ ছাল ত্যাগ কৰা অ’ প্ৰভু ত্ৰিলোচন

হৰ সতী পাৰ্ব্বতী৷

হেমৱন্তই আনি দিব দেৱাঙ্গ ভূষণ

হৰ সতী পাৰ্ব্বতী৷

ধতুৰা ফুল ত্যাগ কৰা অ’ প্ৰভু শূলপাণি

হৰ সতী পাৰ্ব্বতী৷

হেমৱন্তই আনি দিব সুগন্ধি কুসুম

হৰ সতী পাৰ্ব্বতী৷

কৰ পৰা আহিলা অ’ জঁটীয়া ভাঙ্গুৰা

সৰ্পে বন্ধালা হিয়া৷

তোমাৰ ৰূপ দেখি মেনকাই ডৰাব

নিদিয়া পাৰ্ব্বতীক বিয়া৷৷

৩.ৰ.২২ আখৈ তোলা গীত ঃ

৩৬৷ আখৈ তুলিবাক লাগে আহিবাক

কন্যাৰে দয়াৰে ভাই৷

আহি আখৈ তোলা এহিমানে গৈলা

কালচোৱা বৈ যায়৷

উঠা জগন্নাথ কান্ধে দিয়া হাত

ধৰিওক ভাল কৰি৷

আখৈ তুলি দিয়ে দয়াৰে ভাইহে

দুই হাতে অঞ্জলি ভৰি৷

উঠা জগন্নাথ এৰি দিয়া হাত

আখৈ পৰক সৰি৷৷

ব্ৰাহ্মণে বোলন্ত হে জগন্নাথ

তাতে দিয়া চয়চোক৷

পাণ খিলা পাৰি ৰুক্মিণী সুন্দৰী

তাতে বৰি দিয়ন্তোক৷৷

আথি পাণ খিলা তাতে পাৰি দিলা

কৃষ্ণই আচন্ত চাই৷

ৰুক্মিণী সুন্দৰী উঠি লাহে কৰি

তাতে বৰি দিয়া যায়৷৷

আহা চিত্ৰলেখা ডাকে বনমালী

আনিও গংগাৰ জল৷

সঙ্গে বিবাহৰ শান্তি জল দিয়া

উঠিলা বিপ্ৰ সকল৷৷

হোম পুৰি সাঙ্গ কৰি উঠি গৰ্গ ঋষি

চিতাইলা শান্তি জল৷

দুৰ্বাখা শিৰে দিলা দুৰ্বা চাউল

উঠিলা বিপ্ৰসকল৷৷

৩.ৰ.২৩ মুৰিয়াল বান্ধা গীতঃ

৩৭৷ ভালকৈ বান্ধিবা কৃষ্ণক মুৰিয়াল

আসনতে আছে বহি৷

উপৰে তুলিবা চুকু নাঢাকিবা

নপৰে যেন খহি৷৷

দেখিবাক ভাল আনিলা মুৰিয়াল

বিচিত্ৰ কৰি মাজ৷

কৰে জকমক আৰিছে কমল বান্ধিলা

ৰুক্মিণীৰ ভাই৷

ৰুক্মিণী মাথে বান্ধিলা মুৰিয়াল

কৃষ্ণক বান্ধিবা আগে৷

লোৱা সাজ পাৰ পিন্ধা ভাল বস্ত্ৰ

বিবাহক যাইবে লাগে৷৷

চৰাই নাম শৰালি মাছৰ নাম বৰালী

সাপৰ নাম পানী মাৰলী৷

পিতাৰাৰ চৰাতে

খোপাকে সজাইছে

উপৰ স’ণাৰ মাৰলিহে৷৷

৩.ৰ.২৪ উচৰ্গাতোলা গীত ঃ

৩৮৷ ৰাম কৃষ্ণ হৰে

উচৰ্গা দিয়ো নিৰন্তৰে৷

হাতী দান কৰে ঘোঁৰা দান কৰে

মোমাই দান কৰে গৰু৷

সমাজৰ মাজতে পিতাই দান কৰে

ৰামত কৈ ৰুক্মিণী সৰু৷৷

গ’পাল গ’বিন্দ নহ’লে ক’ত পাবা

হ’লেনো নিদিব কিয়৷

ক’ত আছে মামা মামী বিচাৰ কৰি লৌৰে

গ’পাল গ’বিন্দ নহ’লে ক’ত পাবা

হ’লেনো নিদিব কিয়৷

ক’ত আছে মহা মাহী বিচাৰ কৰি লৌ ৰে

গ’পাল গ’বিন্দ নহ’লে ক’ত পাবা

হ’লেনো নিদিব কিয়৷

ক’ত আছে খুৰা-খুৰী বিচাৰ কৰি লৌৰে

গ’পাল গ’বিন্দ নহ’লে ক’ত পাবা

হ’লেনো নিদিব কিয়৷

৩.ৰ.২৫ বিয়াৰ শেষত দৰা কইনাক পাকঘৰলৈ নি পায়স শুঙোৱাত গোৱা গীতঃ

৩৯৷ শহুৰৰ বৰ ঘৰ সুমালি সদাগৰ

ওলাবৰ শকতি নাই

আপুনাৰ বৰ ঘৰ হিঙে হাইতালে

তাক লাগি মনত নাই৷

কিহিমবাৰে পৰা কৈছিলি বাপু তই

শহুৰ ঘৰ নুসুমাং নুসুমাং  বুলি

ৰুক্মিণীক লগে পাই শহুৰ ঘৰ সুমালি

পায়স খাই আহোংগে বুলি৷৷

৩.ৰ.চ্ছ  কইনাক আশীৰ্বাদ কৰা গীতঃ

৪০৷ পুখুৰীৰ পাৰে পাৰে খাগৰিৰে বেৰা৷

দলি মাৰি পেলাই দিলো দিলো ফটিকৰে মালা৷৷

তুমি দিব ফটিক মালা মালা আমি দিব কি৷

মণিৰ লগত যৌতুক দিব দিব সত্যভামা জী৷

সত্যভামা জীয়াৰী মোৰ মোৰ ভৈলা কন্যাকাল৷

ধৰি আনি মাধৱতে মাধৱতে বিয়া দিয়া ভাল৷৷

নাকান্দিবা সত্যভামা সত্যভামা শতুৰুৱে শুনিব৷

পুষ্প পিন্ধে ৰূপে পিন্ধে পিন্ধে পাটৰ শাৰী৷

দেৱাঙ্গ ভূষণ পিন্ধে পিন্ধে ইন্দ্ৰই দিলে আনি৷৷

৩.ৰ.২৭ দৰাক আশীৰ্বাদ কৰা গীতঃ

৪১৷ আশীৰ্বাদ কৰিওক  ৰামৰ মূৰত ধৰিওক৷

অবিলম্বে চলিওক৷

অন্তৰিষ গমনে যেন যান্ত পবনে৷

সীতাক যৌতুক মনে পাবা গৈয়া দৰিশনে৷৷

অঙ্গদত যত ভয় শুনা জ্ঞাতি সমস্তয়৷

এৰিও সংশয় চয় ডাকিও বোলা জয় জয়৷৷

৩.ৰ.২৮ দৰা-কইনা বিদায় দিওঁতে গোৱা গীতঃ

৪২৷ [ক] শহুৰৰ ঠাই কৰিলা বিদায়

কৰি সেৱা সৎকাৰ৷

দয়াৰ জীয়ৰি দিয়োক পঠাই

ঘৰে যাঁও আপুনাৰ৷৷

আমাঠেৰ হৰি হুয়া সাজপাৰ

চৌদলা আনিছে আগে

ৰূপে গুণে ধন্য আনিয়োক কইনা

গৃহক যাইবে লাগে৷

ৰুক্মিণী সুন্দৰী কৰিলা ক্ৰন্দন

শুনিয়ো দয়াৰে আই৷

অত দিন মানে পৰ অন্য মানে

আজি পৰে লৈয়া যায়৷৷

৪৩৷ ৰামকৃষ্ণ গুণকে বৰ্ণাই

ৰামকৃষ্ণ কান্দে দয়াই আই৷

হৰি মোৰ ঐ পিতাকে কান্দে বেঢ়ি৷

ৰামকৃষ্ণ মোৰে দয়াই আইক

ৰামকৃষ্ণ কোনে থৈ যায়

হৰি মোৰ ঐ কৈ যোৱা মোক এৰি৷৷

ৰামকৃষ্ণ পিতাকে বায়েকে

ৰামকৃষ্ণ দয়াৰে মায়াকে

হৰি মোৰ ঐ কান্দে উচ্ছ ৰোল কৰি৷

ৰামকৃষ্ণ মনত বিকলে

ৰামকৃষ্ণ উঠিলা চৌদোলাই

হৰি মোৰ ঐ উৰুলি জোকাৰ পাৰি৷

ৰামকৃষ্ণ আগতে ৰুক্মিণী

ৰামকৃষ্ণ পাছত যদুমনি

হৰি মোৰ ঐ একে চৌদোলাতে যায়৷

ৰামকৃষ্ণ বেৰি নৰ নাৰী

ৰামকৃষ্ণ হোৱা সবে শাৰী

হৰি মোৰ ঐ আনন্দৰে সীমা নাই৷

৩.ৰ.২৯ দৰা ঘৰত দৰা-কইনাক আদৰি নিওতে গোৱা গীতঃ

৪৪৷ পাত পাৰা পত্ৰ পাৰা

পিতালৰ চৰিয়া

শহুৰৰ লতা-ঘটি উজুতিতে নিয়া

বাপু তই হনুমান তোৰ এতমান বুদ্ধি

ৰাৱণক বধিলি লঙ্কা ছন কৰিলি

সীতাক আন্‌লি উদ্ধাৰি৷

৩.ৰ.৩০ পাশা খেলা গীতঃ

৪৫৷ পাখা খেলে ৰাম পালে স’ণাৰ মণি

জানকীক এভাগ লাগে  কি ৰাম ৰাম৷

সখী মহা দৈ আথে বেথে গৈ

আহিলন্ত নিজ ঘৰে কি ৰাম ৰাম৷

পাৰি দিলা পাটি খেলাই পাখা গুটি

মেলাই দুয়ো বৰ কইনাই কি ৰাম ৰাম৷

পাখা গুটি হৰি নিলা চুৰি কৰি

থৈলা নিয়া আৰু ঘৰে কি ৰাম ৰাম৷

ভীষ্মকৰ জীয়াৰী বিচাৰি পাখাগুটি

কৃষ্ণক ধৰিলা চোৰ কি ৰাম ৰাম৷

খেলে জুৱা পাখা কৰি পৰিহাসা

উঠিলা মাধৱে গটি কি ৰাম ৰাম৷

হাসি কন্যাগণে দিলা দুৰ্বা চাউল

মাৰিলা লঘন গাথি কি ৰাম ৰাম৷

পাখা খেলি ৰাম পালে স’ণাৰ মণি

শৰাইতে ওলোমাই থলে কি ৰাম ৰাম৷

কিনো টেঙ্গেৰী আমাৰ জোঁৱাই ল’ৰা

টিপতে লুকাই থলে কি ৰাম ৰাম৷

ৰামচন্দ্ৰৰ হাতৰে স’ণাৰ আংঠি

কোবাই গৰোৱা বেৰি কি ৰাম ৰাম৷

লাগেহে আইদেউ ধনকে এৰিবা

আংঠি নিদিবা এৰি কি ৰাম ৰাম৷৷


৩.২ শৰণীয়া কছাৰীৰ ধুৱনী বিয়া ঃ

শৰণীয়া কছাৰী সমাজত ছোৱালী প্ৰথম ঋতুমতী হ’লে গাঁৱৰ আয়তীসকলক লৈ পৰম্পৰাগত ৰীতি-নীতিৰে ছোৱালীজনীক এটি কোঠাত পুৰুষৰ আঁৰত ৰাখি গণকৰ ওচৰত গণনা চাই যি দোষ ধৰা পৰে তাৰ প্ৰতিবিধান কৰে৷ এই প্ৰতিবিধান অনুসৰি যিমান দিন উপবাস কৰিবলৈ দিয়া হয় সিমান দিন উপবাস দিয়াই শেষত ধুৱনী বিয়াৰ আয়োজন কৰা হয়৷ ধুৱনী বিয়া সম্পৰ্কে ইতিমধে বাবু ৰাভা হাকাচামৰ গ্ৰন্থ “শৰণীয়া কছাৰী সংস্কৃতি আৰু লোক সাহিত্য”ত বিশদভাৱে আলোচনা হৈছে৷ সেই  আলোচনাক বাদ দি আমি কেৱল গীতি সাহিত্যৰ দিশটোহে আলোচনা কৰিব বিচাৰিছো৷ তথাপি দোহাৰিছো এই বিয়াত জপা মোমায়েকৰ ঘৰত থোৱা প্ৰথাটো মন কৰিবলগীয়া৷ এই প্ৰথাক ‘কানাই থোৱা’ প্ৰথা বোলে৷ কানাই মানে শিশু কৃষ্ণ৷ অৰ্থাৎ কৃষ্ণৰূপী জপাটো শিশু দৰাৰ ৰূপত কল্পনা কৰা হয়৷ এই ধুৱনী বিয়াতো ওজানী সকলৰ  ভূমিকা অপৰিসীম৷ তলত ধুৱনী বিয়াত গোৱা ওঝানী গীত সমূহ উল্লেখ কৰা হ’ল ৷-

৩.২.ৰ গণনা চাওঁতে গোৱা গীতঃ

ৰ৷ আজি চাৰি দিনে নাই ওলায় ৰুক্মিণী

কি কালে দেহৰ ভোগ৷

গণকৰে ল’ৰা গণি পঢ়ি চালা

উঠিল পদ্মিনী যোগ৷৷

৩.২.২ জপা বা কানাই মোমায়েক বা পেহীয়েক হঁতৰ ঘৰলৈ নিয়াৰ সময়ত গোৱা ওজানী গীতঃ

২৷ কি এ জাপাৰ সৰু সৰু খাটি

জাপা বান্ধে আটি৷

জাপা যায় নগৰৰ ছাতি৷

কি এ মৎসংৰূপে অৱতাৰ ভৈলা প্ৰথমত

উদ্ধাৰিলা চাৰিবেদ প্ৰলয় জলত৷

জাপাৰ সৰু সৰু খাটি

জাপা বান্ধে আটি৷

জাপা যায় নগৰৰ ছাতি৷

কুৰ্ম অৱতাৰ ভৈলা ক্ষীৰো দধি তীৰে

লক্ষ্য প্ৰহৰৰ পথ জুৰিলা শৰীৰে৷

জাপাৰ সৰু সৰু খাটি

জাপা বান্ধে আটি৷

জাপা যায় নগৰৰ ছাতি৷

৩.২.৩ জপা গৈ মোমায়েকৰ ঘৰ পাওঁতে পুদুলিত ওঝানী সকলে গোৱা গীতঃ

৩৷ জাপা বঢ়া জাপা বঢ়া জাপাত নেদা হাত৷

জাপাৰ ভিতৰে আছে চিকুণ পদুম পাত৷

ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ৷

এতেকে মুকুতি পাইবা কহিলো স্বৰূপ৷

পুদু্‌লিৰে পৰা কানাই বৰি আনি

কৈতেনো থবা লাগে৷

স’ণাৰ গুণা টনা থৈছো পাটী পাৰি

তাতেহে থবা লাগে৷৷

কৃষ্ণৰ বিক্ৰম দেখি ঋক্ষৰাজ

পৰম বিস্ময় মনে৷

স্বামী হেন জানি বুলিবে লাগিলা

প্ৰণামি কৃষ্ণৰ চৰণে৷

৩.২.চ্ছ্ৰ বিয়াৰ দিনা জপা বা কানাই আদৰি অনাৰ সময়ত গোৱা গীতঃ

চ্ছ্ৰ৷ আগ কৰিবলৈ মৰুৱা মালতি

ভৰি ধুৱাবলৈ পানী

পামে নুবৰবা চোৱাৰে বৰিবা

ৰজা ডাঙৰীয়াৰ নাতি৷৷

জানিলো তোমাক জগত ঈশ্বৰ

তুমি সনাতন হৰিহে৷

সমস্ত ভূতৰ তুমি প্ৰাণ বল

জগতকে আছা ধৰিহে৷৷

প্ত৷ জপা সলায় জপা সলায়

শেঙুন টেপী বাই

তাকে তোকে একে দেখে

শৰীৰে  জুৰাই৷৷

কানাই ৰূপী দৈৱকীত ভৈলা অৱতাৰ৷

শঙ্খ চক্ৰ গদা পদ্ম কৰত তোমাৰ৷

পীত বস্ত্ৰে শোভে অতি শ্যাম কলেবৰ৷

কমললোচন চাৰু অৰুন অধৰ৷৷

৬৷ দীঘল পটুৱাৰে দৈ আছো পুদুলিত ৰৈ

আহে কি নাহে কানাই বৰিবলৈ৷৷

মৈৰাৰ বিচনী লৈ৷৷

হৰিৰ নামৰ শুনিয়ো মহিমা

সাৱধান কৰি চিত্ত৷

অজামিল নামে আছিল ব্ৰাহ্মণ

বেশ্যাত ভৈলা পতিত৷৷

৩.২.প্ত কইনা ধুৱাবৰ বাবে পানী তোলাৰ যো-জা কৰাৰ সময়ত গোৱা গীতঃ

জ্জ৷ ঠাইখিনি  মচিবা আগলতি পাতিবা

তামুল পাণ এযোৰ দিবা৷

চাকিকো আনিবা তেলকো ঢালিবা

কোন কুমাৰৰ চাকি৷

গাঁওৰে কুমাৰে চাকিটি গঢ়াইছে

পদ্ম পুখুৰীৰ মাটি৷৷

৩.২.৬ পানী তুলিবলৈ যোৱাৰ সময়ত গোৱা গীতঃ

জ্জ্ব৷ ওলাই আহা শশী প্ৰভা ৰজাৰ মহাদৈ৷

শুভক্ষণে যাত্ৰা কৰি জল আনোগৈ৷৷

ভৈলা শিশু ৰূপে তৈতে প্ৰভু অৱতাৰ৷

কোনো লৈয়া বসুদেৱে লৰিলা তেখন৷৷

বাৰিষা কণিকা মেঘে ওপৰত গৰ্জে৷

ফণায়ে ধৰিলা আহি দেখি সৰ্পৰাজে৷৷

৩.২.জ্জ নদীত পানী তোলোতে গোৱা গীতঃ

জ্ঝ৷ ই ঘাটে দুৱৰী সি ঘাটে দুৱৰী

কোন ঘাটে তুলিম মই পানী৷

ৰাজাৰো ৰশ্মি স’ণাৰে কলচী

কটাৰীৰে কাটি আন পানী৷৷

সত্যলোক ভেদি যেনো গংগা নদী

শুকুলা যেনো লাগি ঠগলা৷

জল এৰি দিয়া হৰি এ

লৈ যাওঁ কলচি বৰি এ

জল এৰি দিয়া জল নাৰায়ণ

বামতে নথবা ৰাথি এ৷

নামিলন্ত জোকাৰ পাৰি

জলতে নামিবা গুৱা পাণ দিবা

আনিবা কটাৰী কাটিহে৷

ভাল মানুৰ বেটী জলে দিবা ভেটি

কটাৰী কাটিবা পানীহে৷৷

৩.২.জ্জ্ব কইনা গা ধুওৱা গীত ঃ

১০৷ কলৰ চাৰি কাষে কাষে ঘূৰে লাসে লাসে

বৈনাকৰ আঞ্চলে ধৰি৷

বৈনাকৰ আপত্তি গলে ছাট মাৰি

তেল সিন্দুৰ আনোগৈ বুলি৷৷

প্ৰথমতে মঠা দিলি ঐ মাহ মিল খাই৷

হালধিত তেল দিলি শৰীৰ বগা হুয়া যায়৷৷

কইনাৰ আগতে হৰি এ হালি আছে নল৷

কলসে কলসে ঢালে যমুনাৰে জল৷৷

অত বেলি সখী ধুৱাই জাৰে দুখ পায়৷

সখী ধুৱাই সখী ধুৱাই ৰাইজে আছে চাই৷৷

৩.২.জ্ঝ কইনা ৰভাৰ তলত বহুৱাও সাজোন-কাচোন কৰোতে গোৱা গীত ঃ

ৰৰ৷ গা ধুই উঠিলে মায়াকক সুধিলে

কি কাপুৰ পিন্ধিব পাই৷

ছায়াতে শুকোৱা মুঠিতে লুকোৱা

সেই কাপুৰ পিন্ধিব পাই৷৷

জাৰে কম্পে হিয়া বস্ত্ৰ আনি দিয়া

আমাৰে দয়াৰে আই

অতি বিতোপন আনিয়া বসন

সবাৰে যেন শুৱাই৷৷

১২৷ ৰুক্মিণীক ধুৱাই আনি চতালতে থিয়া

পূব পশ্চিম উত্তৰ দক্ষিণ আখেই চিতাইলা৷৷

গা ধুৱাই আনি চতালতে বহাগৈ

ৰ’দে পৰিছে ডাকি৷

ল’ৰি যোৱাগৈ পিতাকক কোৱাগৈ

আনক সৰু দৈয়া জাপি৷৷

১৩৷ মূৰ চুচে সেতা ফালে বাওঁহাতে ধৰি

সেতাৰ মাজে সিন্দুৰ দেই হৈব পটেশ্বৰী৷

চুঁচি মাজি বান্ধিলন্ত উচল কৰি খোপা৷

খোপাৰ ওপৰে দেই মালতীৰ থোপা৷৷

সিন্দুৰৰে জগমগ কাজলৰে ৰেখা৷

কাম ৰঙা সিন্দুৰ দিবা কপালে জ্বলিব৷৷

৩.২.১০ আয়তীসকলে ৰং-ধেমালি কৰি ঘোঁৰা খেল, পিঠাগুৰি সনা আদি কৰিলে গোৱা গীত ঃ

১৪৷ আবেলি আবেলি কানাই নুলিয়াবা

চিলাই থাপ মাৰি নিব৷

চিলাই তাপ মাৰি মাৰি মদাৰে তুলিব

আবুৱাকে বাউল হ’ব৷

ওপৰে উৰি যায় এৱা পিঠাগুৰি

তলে অমিতাৰ ঠাৰি৷

আবুৱাকৰ দিনৰে পুৰণি দলিচা

তাতে বহি আনন্দ কৰি৷৷

৩.২.ৰৰ  ইয়াৰ পিছতে  পূজা-পাতাল কৰি কইনাজনীক শুচি  কৰে৷ তেতিয়া ওঝানী সকলে গীত জুৰে-

১৫৷ দেউৰী আহিছে নৈবাদ পাতিছে

গোপিনীসকলৰ আগে হৰি এ

ঘট পাতা গচা পাতা ৰাধা গোৱালী

বান্ধৱ শ্ৰীকৃষ্ণ আহিব আপুনি৷

ৰাধে চলে যমুনাৰ ঘাটে

আৰু এক গোপী বোলে

ময়ী নাযাও ঘাটে৷৷

এইদৰেই কইনাক সকলোৱে যিয়ে যিপাৰে উচৰ্গা কৰি মাহ প্ৰসাদ, ভোজভাত খায় ৰং-ধেমালি কৰি বিদায় লয়৷ এনেকৈয়ে শৰণীয়া কছাৰীৰ ধুৱনী বিয়াৰ পৰ্বৰ সমাপ্তি ঘটে৷

৩.৩ শৰণীয়া কছাৰী বিবাহ অনুষ্ঠানত প্ৰচলিত বিয়া গীত ঃ

শৰণীয়া কছাৰী বিবাহ অনুষ্ঠানত দৰা পক্ষ আৰু কইনাপক্ষৰ ডেকা-গাভৰুবোৰে ইজাকে সিজাকক আৰু দৰা -কইনাক জোকাই  কিছুমান বিয়াগীত গাই  ৰং ধেমালি কৰে৷  আমাৰ সংগ্ৰহত পোৱা তেনে কিছুমান বিয়াগীত তলত উল্লেখ কৰা হ’ল-

৩.৩.ৰ কইনাঘৰত গোৱা বিয়াগীত ঃ

ৰ৷ আকাশত বগালে অকাশীলতা

শুনা আইদেউ কেইটামান কথা৷

হ’ব যে লাগিবু লকৰ বোৱাৰী

এৰিব লাগিবু জাপাৰ জীয়াৰী৷

উঠিব লাগিব কুকুৰা ডাকত

ল’ব যে লাগিবু বাইহিনী হাতত৷

সাৰিব লাগিবু চতালৰে জাবৰ

পেলাব লাগিবু গোলিঘৰৰ গবৰ৷৷

গবৰ পেলাই উঠি নাথাকিবি ৈৰ

গা ধুই আহিবি পুখুৰীতে গৈ৷৷

গ’হাই ঘৰ সোমায়ে জলাবা বন্তি

নিজৰ স্বামী গুৰুক কৰিবি ভক্তি৷

হবগৈ লাগিব সকলতকৈ সৰু

বান্ধিব লাগিবু গোলিঘৰৰ গৰু৷

আনিব লাগিব দূৰণিৰ পানী৷

ল’ব যে লাগিব ওৰণি খান টানি৷

কৰিব লাগিবু গটাইখিনি কাম

ৰাখিব লাগিবু শাউহাৰেৰ মান৷

২৷ বিয়া দিলে যেতিয়া লকৰ অধীন তেতিয়া

দামী চাদৰ খুজিলে গালি খাবা এতিয়া৷

শাউহাৰে পাবা যিজনী মেচিনগান সেইজনী

গালি দিব লাগিলে ৰাতি নাহিব টুপ্‌নি৷

জায়াক পাবা যিজনী মহাৰাণী সেইজনী

কামৰ ঠেলা যিটো দিব ভাত নাখাবা কিজানি৷

নন্দাক পাবা যিজনী ৰাজকুমাৰী সেইজনী

টিবুলত ভাত নিদিলে চুলি চিঙিব কিজানি৷

দেওৰ পাবা যিটো ম’হৰ লাঠি লোৱাটো

চাহ বনাই নিদিলে কোবত চিঙিব পিঠিটো৷

পুৱাতে উঠিবা বাহি বন কৰিবা

তেহে ঘৰৰ লগত মিলি খাব পাৰিবা৷

৩৷ আকাশত বগাই আকাশী লতা৷

শুনা ভিনী বাইৰে কথা৷

খাবা নৰেই সুন্দা ভাত৷

শুন্‌বা নৰেই কেত্‌ৰা মাত৷৷

আন্‌বা নৰেই দূৰৰ পানী৷

ফুৰ্‌বা নৰেই ওৰুণি টানি৷৷

সাৰ্‌বা নৰেই চতালৰ জাবৰ৷

পেলাবা নৰেই গোলিঘৰৰ গবৰ৷৷

তাকে চাই ভিনী যি কৰা৷

নহুলি ভিনী উল্‌টি যাৱা৷৷

চ্ছ্ৰ৷ হাতত পাণ বটা লৈ পিতাৰেক মাতাগৈ

মৰমৰ পিতাই ঐ

মাত এষাৰ লগালো যাবলৈ ওলালো৷

হাতত পাণ বটা লৈ মায়েৰাক মাতাগৈ

মৰমৰ মা মোৰ ঐ

মাত এষাৰ লগালো যাবলৈ ওলালো৷

হাতত পাণ বটা লৈ কাকিয়েৰক মাতাগৈ

মৰমৰ কাকা ঐ

মাত এষাৰ লগালো যাবলৈ ওলালো৷

হাতত পাণ বটা লৈ বৌৱেৰেক মাতাগৈ

মৰমৰ বৌটি ঐ

মাত এষাৰ লগালো যাবলৈ ওলালো৷

হাতত কমলা লৈ ভাইটিক মাতাগৈ

মৰমৰ ভাইটি ঐ মৰমেৰে মাতিছো

কেতিয়াবা যদি খঙত কিবা কৈছু

যাবৰে সময়ত পাহৰা সকলো৷

হাতত চিলাইখান লৈ বৈনাৰেক মাতাগৈ

মৰমৰ ভনী ঐ মাত এষাৰ লগালো

কেতিয়াবা যদি খঙত মাৰিছিলো

যাবৰে সময়ত পাহৰা সকলো৷

৩.৩.২ দৰাপক্ষক জোকাই মৰা গীতঃ

প্ত৷ একখুটি দুইখুটি নাঙালৰে খুটি

কইনাতকৈ দৰাটো একবেং চুটি৷

৬৷ এইটো ভিনীয়ে কিনো হাল বায়

দমৰা গৰুৱে নিবু চুচুৰাই৷৷

জ্জ৷ ৰভা কুটা হেলেকা২

দৰাঘৰীয়া ডেকাহাঁতৰ

চুকু কেইটা টেলেকা৷

জ্জ্ব৷ ৰভা চাৰি কোণীয়া২

দৰাৰ কাকিয়াক

বৃহস্পতি মুখীয়া৷

জ্ঝ৷ শিৱসাগৰ নাজিৰা২

দৰাজনৰ বাপেকৰ

কেইশ টকাৰ হাজিৰা৷৷

১০৷ আৰবৰে মক্কা ২

দৰাঘৰৰ ডেকাবোৰ

আপি চাৱাত পাক্কা৷৷

৩.৩.৩ দৰা ঘৰত গোৱা বিয়া গীত ঃ

ৰৰ৷ ৰাম ৰাম অকলে গৈছিলা

ৰাম ৰাম লগ লৈ আহিলা

হৰি মোৰ ঐ কাৰ কন্যা পাই কাঢ়ি আনিলা৷

ৰাম ৰাম কাঢ়িও অনা নাই

ৰাম ৰাম লাজতে মতা নাই

হৰি মোৰ ঐ নিজে আহি বহিলে মৰে লগত৷

ৰাম ৰাম বাহিৰে কৰে জা

ৰাম ৰাম ওলাই আহা বৰে জা

হৰি মোৰ ঐ সৰু জাক চাৱাহি বাছি৷

ৰাম ৰাম অকণমান ছোৱালী

ৰাম ৰামদেৱৰ কতে পালি

হৰে মোৰ ঐ শহুৰে দিলেহি যাচি৷

ৰাম ৰাম কলৰে গুৰিতে

ৰাম ৰাম আইদেউৱে সুধিলে

হৰি মোৰ ঐ শাহু আহ ×কিমানৰ চখা৷

ৰাম ৰাম থাকা মনে মনে

ৰাম ৰাম মায়ে শুনিব

হৰি মোৰ ঐ তোমাতকৈ একাচি চখা৷

ৰাম ৰাম ৰভাৰে তলতে

ৰাম ৰাম আইদেউৱে সুধিলে

হৰি মোৰ ঐ বৌদেউৱে কিমানৰ চখাহে৷

ৰাম ৰাম থাকা মনে মনে

ৰাম ৰাম বৌদেৱে শুনিব

হ্‌ৰি মোৰ ঐ তোমাতকে একাচি চখা৷

১২৷ দৰা মাকে অলম-জলম গাৰ চাদৰ ল’ৰে ঐ

তামুল এখন দিবালাগি মনতে নপৰে ঐ৷

নাখাও আমি কেহা তামুল নাখাও আমি জিৰা

তোৰে বোপাৰ বিয়া নাখাও আমাক বিদায় দিয়া৷

দৰাৰ বৌয়েক অলম-জলম গাৰে চাদৰ ল’ৰে

জলপান এগাল দিবালাগি মনতে নপৰে৷

নাকাও আমি জলপান নাখাও আমি বিয়া

তোৰে দেওৰৰ বিয়া নাখাও আমাক বিদায় দিয়া৷

দৰাৰ বায়েক অলম-জলম গাৰ চাদৰ ল’ৰে

ভাত এগাল দিবালাগি মনতে নপৰে৷

নাখাও আমি বাত-পানী নাখাও আমি বিয়া

তোৰে বাইটিৰ বিয়া নাখাও আমাক বিদায় দিয়া৷

দৰাৰ খুৰীয়েক অলম-জলম গাৰ চাদৰ লৰে

চাহ একাপ দিবালাগি মনতে নপৰে৷

নাখাও আমি চাহ-পানী নাখাও আমি বিয়া

তোৰে ভতিজাৰ বিয়া নাখাও আমাক বিদায় দিয়া৷

১৩৷ সেউজীয়া বননী ঘূৰণীয়া পৃথিৱী

আজিৰ পৰা বৌ তুমি নতুন ঘৰৰ বোৱাৰী৷

হাবিত হৰিণ চৰেনে লতাত গৰু মৰেনে

অতীতৰে কথাবোৰ দাদাৰ মনত পৰেনে

পৰে যদি পৰিব অন্তৰতে থাকিব

বিনা মেঘে বজ্ৰপাত বৌৰ মূৰত পৰিব৷

ব্ৰহ্মপুত্ৰই যেনেকৈ চেৰা সুতি এৰি গ’ল

আমাৰ দাদাই তেনেকৈ অতীত প্ৰেমক এৰি গ’ল৷

কাজিৰঙা জাৰণি তাতে চৰে হৰিণী

মৰমেৰে মৰমীক কিয় গ’লা পাহৰি৷

ৰাস্তাৰ কাষত দাদাৰ ঘৰ দাদা তুমি নিষ্ঠুৰ বৰ

এজনীক আশা দি এজনীৰ লগত পাতা ঘৰ৷

লাভে তোমাক মুহিব মায়া দুলে বান্ধিব

বিনামেঘে বজ্ৰপাত বৌৰ মূৰত পৰিব৷

দাদাৰ স’ণাৰ সংসাৰত দুখৰ ৰেখা পৰিব

অতীক মনত পেলাই আত্মহত্যা কৰিব৷৷

১৪৷ কিনো বৌৰে কিনো ৰূপ

অমৰাগুটি যেন চকুৰে গোট৷

কিনো বৌৰে কিনো ৰূপ

হাতী শুৰ যেন নাকৰে গোট৷

কিনো বৌৰে কিনো ৰূপ

কুলাৰ নিচিনা কাণৰে গোট৷

কিনো বৌৰে কিনো ৰূপ

জেং খৰি নিচিনা হাতভৰি গোট৷

কিনো বৌৰে কিনো ৰূপ

জয় ঢোলৰ নিচিনা পেটৰে গোট৷

কিনো বৌৰে কিনো ৰূপ

জুতুলা-জুতুলী চুলিৰে গোট৷

১৫৷ নীলাকে আকাশত নজোন তৰা

ছোৱালী জীৱনটো দুখেৰে ভৰা৷

ছোৱালী জীৱনটো মূল্যহীন

গোটেই জীৱনটো পৰৰ অধীন৷

পিতাৰাই ৰাখিব লেখাই পঢ়াই

ডাঙৰ হৈ আহিলে ল’কে লৈ যায়৷

কিনো ঈশ্বৰ কিনো লীলা

নাৰী জীৱনতো মিছাতে দিলা৷

১৬৷ ঔ গাছৰ কোমল পাত ভাটৌৱে খায়

মা-পিতাৰি চকুৰ মণি ল’কে লৈ যায়৷

নাকান্দিবা পিতাই তুমি নাকান্দিবা মাই

দুদিনীয়া মৌ আমি আছিলো জিৰাই৷

ঔ গাছৰকোমল পাত ভাটৌৱে খায়

মা- পিতাইৰ চকুৰমণি ল’কে লৈ যায়৷

১৭৷ নীলা কৈ আকাশত ৰঙাকৈ বেলি

কেনেকৈ চলিবা ল’কৰ ঘৰখনিত৷

আনিব লাগিব দূৰণিৰ পানী

ল’ব যে লাগিব ওৰণি টানি৷

ৰান্ধিব লাগিব পুৱাতে ভাত

লগাব লাগিব আলহীক মাত৷

পেলাব লাগিব চতালৰ জাবৰ

ভাঙিব লাগিব শহুৰৰ জগৰ৷

ভাঙিও নোপোৱা শাউহাৰেৰ মাত

খুজিও নাপাবা শাউহাৰেৰ ভাত৷

সদায় ৰাতিপুৱা গৰম ভাত ৰান্ধে

সাতদিনীয়া পন্তাভাত বাইদেউকহে যাঁচে৷

১৮৷ কুচু হ’লে খুজুৱাই শাহু হ’লে নচুৱাই

শাহুৱে মৰম কৰিব বোৱাৰী বুলি মাতিব৷

চাহৰ জগাৰ নাপালে শহুৰে তোমাক বকিব

কুচু হ’লে খুজুৱাই শাহু হ’লে নচুৱাই

শাহুৱে মৰম কৰিব বোৱাৰী বুলি মাতিব৷

কামত সহায় নাপালে শাহুৱে তোমাক বকিব

কুচু হ’লে খুজুৱাই শাহু হ’লে নচুৱাই

শাহুৱে মৰম কৰিব বোৱাৰী বুলি মাতিব৷

দেৱৰে মৰম কৰিব নবৌ বুলি মাতিব

চাহ যদি ঠাণ্ডা পায় গালৈ দলি মাৰিব৷

নন্দনে মৰম কৰিব নবৌ বুলি মাতিব

তাইৰ মতে নচলিলে তোমাৰ চুলিত ধৰিব৷

কুচু হ’লে খুজুৱাই শাহু হ’লে নচুৱাই

শাহুৱে মৰম কৰিব বোৱাৰী বুলি মাতিব৷

৩.৩.চ্ছ্ৰ কইনাপক্ষক জোকাই মৰা গোৱা গীতঃ

১৯৷ অ’ আলু জপৰা২

কইনাজনীৰ গাটো

হাতৰ লাগি ফপৰা৷

২০৷ জাতি বাঁহৰ ভাঁজ নাই ২

কইনাঘৰৰ আপিমখাৰ

একেবাৰে লাজ নাই৷

২১৷ অ’ বাঁহৰ লেকেছি ২

কইনাঘৰীয়া আপাগিলাক

ককাল ভাঙিম ঠেকেছি৷

২২৷ অ’ পকা বিলাহী ২

কইনাজনী যিহে

সাইলাখ কালী গঁসানী৷

২৩৷ কিফু্‌লে ফুলালি কি গন্ধে গন্ধালি

মিঠা মিঠা কথা কৈ

আমাৰ বাপাক ভূলালি৷

২৪৷ জাপি সাজা টকৌ পাত

কইনাঘৰৰ আপিবোৰৰ মুখখান

লাওপাত কুচু পাত৷

এনেধৰণৰ আৰু বহু বিয়া গীত শৰণীয়া কছাৰী সমাজৰ চুকে-কোণে সিচঁৰিত হৈ আছে৷ যিবোৰে শৰণীয়া কছাৰী সাহিত্য লগতে অসমীয়া সাহিত্যকো সমৃদ্ধ কৰি ৰাখিছে৷ আমাৰ সংগ্ৰহত আৰু বিয়া গীত পোৱা গৈছিল যদিও গ্ৰন্থৰ কলেবৰলৈ চাই ইয়াত কিছুসংখ্যক বিয়াগীতহে উল্লেখ কৰিলো৷

চ্ছ্ৰ.ঙ্ম  সাউৰি খোৱা প্ৰথাত গোৱা গীত ঃ

সংস্কৃতিৰ দিশত শৰণীয়া কছাৰীসকল বৰ চহকী৷ শৰণীয়া কছাৰী জনগোষ্ঠীটো মূলতঃ কৃষিজীৱি হোৱা হেতুকে শৰণীয়া কছাৰী সমাজত বিভিন্ন  আচাৰ-নীতি, পূজা-পাতাল, উৎসৱ-পাৰ্বণ আদিৰ ওপৰিও কৃষিভিত্তিক বিভিন্ন প্ৰথা প্ৰচলিত৷ এই প্ৰথাসমূহৰ ভিতৰত সাউৰি খোৱা প্ৰথাও শৰণীয়াসকলৰ এক অন্যতম প্ৰথা৷ শৰণীয়þ কছাৰী জনগোষ্ঠীৰ লোকসকল প্ৰধানতঃ অমায়িক স্বভাৱৰ আৰু পৰোপকাৰী মনোবৃত্তিৰ হোৱা হেতুকে আনক সহায় কৰি এওঁলোকে মনত বৰ আনন্দ পায়৷ একেলগে লগে-ভাগে কাম কৰাৰ প্ৰবৃত্তি শৰণীয়া কছাৰীসকলৰ জন্মগত৷ সেয়ে হয়তো শৰণীয়া কছাৰী লোকসকলে তেওঁলোকৰ সমাজত প্ৰচলিত বিভিন্ন অনুষ্ঠান ,পূজা- পাৰ্বণ, উৎসৱ-সভা  আদিত একলগ হৈ কাম কৰি ভাল পায় ৷ আনকি ব্যক্তিগতভাৱে ঘৰুৱা কাম-কাজতো এওঁলোকে ইজনে-সিজনক সহায় কৰি আনন্দ লাভ কৰে৷ এনে এক প্ৰবৃত্তিৰ বাবেই হয়তো শৰণীয়া কছাৰী সমাজত সাউৰি খোৱাৰ এক প্ৰথাৰ প্ৰচলন  আছে৷

‘সাউৰি’ শব্দৰ মান্য অসমীয়া শব্দ ‘সাঙুৰি’৷ আধুনিক অসমীয়া শব্দকোষ অনুসৰি এই ‘সাঙুৰি’ শব্দৰ অভিধানিক অৰ্থ - ৰাইজে একো একো ঘৰ মানুহক সহায় কৰা কাৰ্য৷ শৰণীয়া লোকসকলে এনেদৰে ইজনে-সিজনক লগ হৈ বা ৰাইজে লগ হৈ এঘৰ মানুহক কাম-কাজ, বা অন্যান্য দিশত সহায় কৰিবলৈ দল বান্ধি ওলাই আহে৷ এই সাউৰি খোৱা প্ৰথাৰ জৰিয়তে শৰণীয়া কছাৰী সমাজৰ বিভিন্ন লোক-কৃষ্টি, লোক-সাহিত্যৰো সুন্দৰ প্ৰকাশ ঘটা দেখা যায়৷ এই সম্পৰ্কে স্থানান্তৰত নি(য় প্ৰকাশ কৰা হ’ব৷ যি কি নহওঁক শৰণীয়া কছাৰী সমাজত সাউৰি খোৱা প্ৰথাক দুই ধৰণে ভাগ কৰিব পাৰি৷  ৰ৷ ৰাজহুৱা সাউৰি আৰু ২৷ ব্যক্তিগত বা ঘৰুৱা সাউৰি৷

বিশেষকৈ ব্যক্তিগত বা ঘৰুৱা সাউৰি খোৱা সময়ত মদদে-ভাতে ভালকৈ এসাজ খোওৱাৰ নিয়ম শৰণীয়া কছাৰী সমাজত আছে৷ এই খোৱা-লোৱা আদি পৰ্বতে ইজনে সিজনক জোকাই বা ৰং-ধেমালি কৰাৰ চলেৰে গোৱা কিছুমান গীত শৰণীয়া সমাজত প্ৰচলিত আছে৷ সেইবোৰৰে কেইটামান  তলত উল্লেখ কৰা হ’ল-

চ্ছ্ৰ.ৰ হাল বোৱা  সাউৰিত গোৱা গীত ঃ শৰণীয়া কৃষকসকলে ধান খেতিৰ বাবে খৰালিতে অৰ্থাৎ মাঘ মাহতে শুকানে শুকানে পথাৰৰ মাটি হাল বায় চহাই থয়৷ এই খৰালিত হাল বায় চহাওতে আৰু বাৰিষা ভূই ৰোৱাৰ দিনা বেছিকৈ মাটি ৰুৱৰ বাবে শৰণীয়া কৃষকসকলে দুই চাৰিজনে পাল-বদল কৈ ক্ৰমান্নয়ে ইঘৰত এদিন, সিঘৰত এদিন একেলগে মিলি হাল বোৱা সাউৰি খায়৷ ৰাতিপুৱা পাঁচ বজাতে  পথাৰলৈ চাৰিৰ পৰা ছয়জনে লগে-ভাগে হাল লৈ গৈ একেলগে এঘৰ মানুহৰ মাটি চহাবলৈ আৰম্ভ কৰে৷ এইদৰে হাল বাওতে তেওঁলোকে আনন্দ মনেৰে গীত গাই গাই  ইজনে সিজনক জোকায় স্ফুৰ্তি কৰে৷ এনেদৰে স্ফুৰ্তি কৰোতেই অনাখৰী  চহা জীৱনৰ মহোত্তম সৃষ্টি লোক-সাহিত্যৰ প্ৰকাশ ঘটে৷ যিবোৰে শৰণীয়া কছাৰী লোক-সাহিত্যকো চহকী কৰি থৈছে৷ হাল বাই থাকোতে শৰণীয়া কৃষকে গায়-

ৰ৷ স’ণাৰ নাঙাল ৰূপাৰ ফাল

ভাৰ্জিয়া বেটাই বায় হাল

হাল বালুং শিৰালে

মুই দিলুং পাকে৷

খিদি গুৰিয়াই পাৰ কৰ্‌লুং

বুঢ়া দিয়াৰ ঘাটে৷

হাল বাওতে কি খেতিত কেনেধৰণৰ চাহ দিব লাগে সেই সম্পৰ্কেও  এই হাল বোৱা সাউৰিত ফঁকৰা-যোজনা বা দিষ্টান্তৰ দ্বাৰা প্ৰকাশ পায় এনেদৰে-

২৷ সল্ল চাহত ৰুবি মূলা

তাৰে আধাত হ’ব তুলা

তাৰে আধাত ৰুবি ধান

বিনা চাহত পাবি পাণ৷

এনেদৰে হাল বাই থাকোতে গৃহস্থৰ গৃহিনীয়ে চাহ-জলপান আনে৷ সকলোৱে আনন্দৰে হাল ৰখাই চাহ-জলপান খায় বিভিন্ন কথা বতৰাৰৰ মাজেৰে৷ তাৰ মাজতে কোনোবা জনে  গীতৰ সুৰত জুৰে -

৩৷ লৰালৰি কৰ ভাই বৌ

টেপল গুৰা খাং জৌ৷

টেপলত নহ’ল নুন

চাউল  কৰে ডোন ডোন৷

চাউল কৰি পাতাল পিহা

খাংতে কৰে থিহা- মিহা৷৷

আগতে আমি সৰু থকা অৱস্থাত ককাহঁতে শুকান মাটিত ধুলীয়া ধান পেলাইছিল৷ আজিকালি অৱশ্যে ধুলীয়া ধান পেলোৱাটো নাইকীয়া হৈছে৷ সেইসময়ত আমি ককাহঁতৰ হাল সাউৰিত পথাৰলৈ চাহ-জলপান দিবলৈ গ’লে গোৱা শুনিছিলো হালুৱৈ ককাসকলক-

চ্ছ্ৰ৷ ধুলীয়া ধান পেলালুং এ

বতা কুয়া হ’ল

বতা কায়াৰ ঝিয়াকটো এ

বিয়া দিবাৰ হ’ল৷৷

এইদৰেই চাহ -জলপান খোৱাৰ পিছত ভাত-পানীৰো ব্যৱস্থা কৰা হয়৷ সকলোৱে একেলগে মিলি এসাঁজ খায় আনন্দেৰে৷ অৱশ্যে কিছুমানে  ভাত-পানী নিজা নিজা ঘৰৰ পৰা আনি খোৱাও পৰিলক্ষিত হয়৷ এনেকৈয়ে বিভিন্ন সময়ত শৰণীয়া কৃষকৰ মুখত ধেমেলীয়া গীতি-সাহিত্যবোৰো  প্ৰকাশ পায় একেলগে হাল সাউৰি খোৱা প্ৰথাৰ মাজেৰে৷

চ্ছ্ৰ.২  কঠিয়া তোলা সাউৰিত গোৱা গীত ঃ  শৰণীয়া কছাৰী সমাজত কঠিয়া তোলা সাউৰি বহুলভাৱে প্ৰচলিত৷ বাৰিষা ভুঁই ৰো¸ৱাৰ আগদিনা বা দুদিন আগতে কঠিয়াখিনি সাজু কৰি ল’ব লগা হয়৷ যিহেতু অন্যান্য যাৱতীয় বহু কাম যেনে- আলি দিয়া, হাল বোৱা, পানী চোৱা আদি কাম থাকে; সেয়ে অকলে ইমানবোৰ কঠিয়া তুলি সাজু কৰা সম্ভৱ নহয়৷  সেয়ে শৰণীয়া কৃষকসকলে পাঁচ-ছয়জনে মিলি একেলগে কঠিয়া তোলা পালা সাউৰি খায়৷ এই পালা সাউৰিত আটায়ে লগে-ভাগে মিলি বহুখিনি কঠিয়া তুলি পেলায়৷ এই কঠিয়া তোলা সাউৰিত ভাত পানীৰ ব্যৱস্থা নাথাকে৷ কেৱল মাত্ৰ চাহ-জলপান খোৱাৰহে ব্যৱস্থা থাকে৷ এনেদৰে কঠিয়া তোলা সাউৰি খাওতেও শৰণীয়া কৃষকৰ মুখত গীত ওলায়-

প্ত৷ কুপ্‌টি কুপ্‌টি হাৰুৱা কুপ্‌টি

ৰাজাহাতৰ কুঠিয়া খায়

হাতত স’ণাৰ লাৰু

বায় বাজান গৰু

কুপ্‌টি বুলাবা যায়৷

কঠিয়া তোলাৰ সময়ত কঠিয়া উভালিবলৈ টান হ’লে ফঁকৰা -যোজনাৰে গীত জুৰে এনেদৰে-

৬৷ থল চাই কুঠিয়া পেলাবি

বতাহত নেপেলাবি ধান

চাইচিতি মুখ মিল্‌বি

তেহে পাবি মান৷

জলপান খোৱা সময়তো কঠিয়া তোলা কৃষকৰ মুখত যোজনা ওলায়-

জ্জ৷ ইয়ো বলে জলপান

সিয়ো বলে জলপান

জলপানৰ পিঠাগুৰা খায়৷

কানিছিৰাত টপ্‌লাই

পথাৰত লৈ যায়

আলিমূৰত বহি বহি খায়৷ ইত্যাদি৷

চ্ছ্ৰ.৩ পেয়াক দিয়া সাউৰিত গোৱা গীত ঃ ভূঁই ৰোৱা সাউৰি কেৱল মহিলা সকলৰহে৷ গৃহস্থই এই ভূঁই ৰোৱাৰ দিনা একেলগে বহুখিনি মাটি কঠিয়া ৰুৱৰ বাবে সাজু কৰে৷ সেয়ে এজন বা দুজনে ৰুই শেষ কৰাটো টান৷ সেয়ে বহুতে সাউৰি মাতি এই ভূঁই ৰোৱা কাম কৰে৷ এই ভূঁই ৰোৱাকে শৰণীয়া কছাৰীসকলে পেয়াক দিয়া বুলি কয়৷ অৱশ্যে গছি লোৱাৰ দিনা বা হাল উঠাৰ দিনাহে প্ৰধানতঃ এই পেয়াক দিয়া সাউৰি খোৱা দেখা যায়৷ এই পেয়াক দিয়া সাউৰিত গোটেই গাঁৱৰ প্ৰায়খিনি মহিলাই একেলগে ৰাতিপুৱা সাতমান বজাতে পথাৰলৈ ওলাই গৈ একেলগে ভূঁই ৰুৱে৷ এই পেয়াক দিয়া সাউৰিত ভঁূই ৰুই থাকোতে মহিলাসকলৰ মাজত বিভিন্ন খুহুতীয়া কথাৰ মহলাৰ মাজেৰে ৰং-ধেমালি কৰি গৃহস্থক সহায় কৰে৷ এই ৰং ধেমালিৰ মাজতে হালুৱৈ সকলে ৰোৱণী সকলৰ পিনে নাচালে কোনোবাজনীৰ মুখেৰে ফঁকৰা-যোজনা, গীত আদি ওলাই আহে-

জ্জ্ব৷ ইতান হ’লো তিৰি

কোনেও নাচায় ফিৰি৷

ৰোৱণীসকলৰ এনে কটাক্ষ যোজনা শুনি হালুৱৈ সকলেও ধেমালি কৰি উত্তৰ দিয়ে এনেধৰণৰ গীতৰ মাজেৰে-

জ্ঝ৷ এড়ী কাপুৰ চিৰা হক

শৰণীয়া তিৰি বুঢ়ী হক

যেমান বিপদ আহিলেও

এৰ্‌বা নৰং তক৷

ৰোৱণীসকলে হালুৱৈ সকলক জোকাই আৰু গায়-

১০৷ ঐ চিপাহী ঐ চিপাহী

এৰি নাযাবি মক

দিহি কাটা সূতা জৰাই জৰাই

গাম্‌ছা পিন্ধাম তক৷

কেতিয়াবা আকৌ নতুনকৈ অনা বোৱাৰী যদি পেয়াক ৰুৱলৈ যায় , তেন্তে তাইক জোকাই হালোৱাজনে গায়-

ৰৰ৷ টিক্‌টিকেলি ফিৰুংটো হাল্‌ধি গাছত পৰে৷

কালি আনা আপীটু হাঁহং মাতং কৰে৷৷

এনেধৰণেৰেই কথাৰ কটা-কটি কৰি সকলোৱে ৰং-ধেমালিৰ মাজেৰে পেয়াক দিয়া বা গছা লোৱা প্ৰথাত সাউৰি খায় গৃহস্থক সহায় কৰে৷ গৃহস্থই পৰ্যমানে যিহেৰে পাৰে ভাল আয়োজনেৰে চাহ-জলপান পথাৰতে সকলোকে খুৱাই৷ কিছুমানে মাছে-মঙহে ভালধৰণে ভাত-পানী খুওৱাৰো ব্যৱস্থা কৰে৷

চ্ছ্ৰ.চ্ছ্ৰ  হাল উঠা সাউৰিতগোৱা গীত ঃ শৰণীয়া কছাৰী কৃষকসকলৰ হাল উঠা সাউৰিতো পেয়াক দিয়া সাউৰিৰ দৰেই উলহ-মালহেৰে , হাঁহি- ধেমালিৰে পথাৰত হালুৱৈ আৰু ৰোৱণীসকলে সাউৰি খায়৷ এই সাউৰিত বোকা সনা পৰম্পৰা আছে৷ হাল উঠাৰ দিনা ঘৰৰ পৰিয়ালৰ মানুহক হালুৱৈ , ৰোৱণীসকলে বোকা বা পেয়াক সানি স্ফুৰ্তি কৰে৷ এই হাল উঠা সাউৰিৰ শেষত ঘৰত মহা আনন্দেৰে পাতি হাঁহৰ মাংস আৰু বুঢ়া কোমোৰাৰে ৰন্ধা ব্যঞ্জনৰ স’তে সকলোকে গৃহস্থই  এসাঁজ ৰং -ধেমালিৰে খুৱায়৷ ইয়াত ঠাই বিশেষে ঘৰতে বনোৱা দহ বাৰ ৰাতিয়া মদ খোৱাৰো প্ৰচলন আছে৷ মদ-পানী , হাঁহৰ মাংস আদিৰে তৃপ্তিৰে খাই সকলোৱে ৰং -তামাচা কৰে৷ হালুৱৈ সকলে ৰোৱণীসকলক জোকায়-

১২৷ তামুল দিলা খান খান

পাণ দিলা চিৰি,

হাত দাঙি দাঙি কথা কৱা

ইটো কোন গাঁৱৰ তিৰি৷

১৩৷ আই ঐ উদং বাৰীৰ তামুল থক৷

আই ঐ বাছা দেহা মল্‌লিও নেৰং তক৷৷

তেতিয়া কোনোবাজনীয়ে মিছা খং দেখুৱাই হালুৱৈক কটাক্ষ কৰি উত্তৰ দিয়ে-

১৪৷ মাছ মাৰা চেংৰা তই

খালাই লুটুৰ- পুতুৰ

এন্‌কে কথা নকাবি মক

খুন্দিম ঘুটুৰ ঘুটুৰ৷  

আকৌ কোনোবাজন হালুৱৈয়ে ৰোৱণীক উদ্দেশ্য কৰি গায়-

১৫৷ আঠিয়া কলৰ কল পছ্‌লা

মুনহিয়া কলৰ পুলি

গাঁৱে গাঁৱে ঘূৰি ফুৰছুং

ঘুৰ্জিয়া ৰাখক বুলি৷

তেতিয়া ৰোৱণীসকলে কটাক্ষ কৰে এনেদৰে-

১৬৷ চৰত পাতৰ চেংচেঙনি

নল বাঁহৰ হোকা

আমাৰ ফালে নাইভি

ৰাখি থম ঢোকা৷

অ’ হকৈ ল হকৈ

ৰাখি থম ঢোকা৷৷ ইত্যাদি৷

এনেধৰণেই আনন্দ-স্ফুৰ্তিৰে হাল উঠা সাউৰি খাই গাঁৱৰ ইঘৰ- সিঘৰ কৃষকক সকলোৱে সহায় কৰে৷

চ্ছ্ৰ.প্ত  ধান কটা সাউৰিত গোৱা গীত ঃ  ধান কটা সাউৰি শৰণীয়া কছাৰী সকলৰ মাজত বহুলভাৱে প্ৰচলিত৷ গাঁৱৰ চাৰি পাঁচজন শৰণীয়া খেতিয়ক লগ হৈ পালা সাউৰি খোৱাৰ নিয়ম শৰণীয়া সমাজত আছে৷ এই পালা সাউৰিত

এনেদৰে কৈছে- “ফঁকৰা হৈছে - এফাঁকি কথা৷ কিন্তু পাৰমাৰ্থিক অৰ্থবোধক কথা৷”

শৰণীয়া কছাৰী সমাজত বিশেষকৈ চহা জীৱন-ধাৰণৰ প্ৰতিটো খোজতে প্ৰতিটো কথাই প্ৰতি এই প্ৰবচন সমূহৰ ব্যৱহাৰ স’ততে দেখা পোৱা যায়৷ তেনে ধৰণৰ স’ততে ব্যৱহাৰ হৈ থকা কেইটিমান প্ৰবচন বা ফঁকৰা-যোজনা  তলত উল্লেখ কৰা হ’ল -

যেতিয়া কাৰোবাক ভৰসা কৰি একো ফল নাপায় তেতিয়া শৰণীয়া কছাৰী লোকৰ মুখেৰে এনেধৰণৰ প্ৰবচন প্ৰকাশ পায়-

ৰ৷ বাৰীত ৰুলুং তিত্‌লি

পুদুলিত ৰুলুং বেল

তৰ উপ্‌ৰত ভৰসা কৰা

মৰ এনেয়ে গেল৷

অনবৰতে শুই থকা কামবন নকৰা টোপনি গধুৰ তিৰোতাৰ ক্ষেত্ৰত এনেধৰণে প্ৰকাশ দেখা যায়-

২৷ বৰা পুহুং-নপুহুং পেট পাখেৰি

যি এটা তিৰি পালুং ঘূমাই গাদেৰী৷৷

বিয়া ঘৰত দৰা আহিলে শৰণীয়া সমাজত আনৰ চৰ্চা কৰি ভাল পোৱা এচামে দৰাটোৰ কু-ৰটনা এনেদৰে প্ৰকাশ কৰা  দেখা যায়-

৩৷ দৰা আছি ফালিচা শেঠা

ক’ত বা কেমান আছে লেঠা৷৷

আকৌ বিয়া পাতিবলৈ উখল-মাখল লগাই থকা ডেকা-গাভৰুবোৰে বিয়া পতাৰ পিছত সংসাৰৰ সমস্যাত জৰ্জৰিত হৈ এনেদৰে প্ৰকাশ কৰে-

চ্ছ্ৰ৷ সুৰুকে লুগালুং সুৰু সূতাৰ পচৰা

ডাঙৰকে লুগালুং ধুতি৷

ধুতী কাপুৰ বোৱা দিখি

বানাই দিলা বিয়া পাতি

ইত্তাহে হ’ল লালুডিঙা গতি৷৷

কথা-বতৰা পাতি ভাল পোৱা লোকসকলে এনেদৰে কথাৰ মহলা মাৰিবলৈ নিজকে মুখনি মাৰি লয়-

প্ত৷ কথাই বাত্ৰাই দিনতো

মুইহে মাৰে শিংটো৷৷

বিয়ানীয়েকৰ ঘৰত গ’লে ভাত-পানী খাবলৈ যোৰ জুলুম কৰিলে শৰণীয়া লোক সকলে এনেদৰে উত্তৰ দিয়ে-

৬৷ নাখাং বিয়ানী নুকুটুং কুচু

সাতবাৰ খায় লুচুৰ পুচুৰ৷

কোনোবা ডেকাই কোনোবা গাভৰুক প্ৰেম নিবেদন কৰিলে বা বিবাহৰ প্ৰস্তাৱ আগবঢ়ালে এনেদৰে প্ৰত্যুত্বৰ দিয়ে-

জ্জ৷ বৰ ঘৰ বান্ধিলুং

চিয়াংতে নুক্‌লালা খেৰ

মক যুদি লাগে

আগৰ বিয়ানক এৰ৷৷

বিধবা তিৰোতা সকলৰ ঘৰলৈ কোনোবা ডেকা ঘনাই অহা-যোৱা কৰা দেখিলে এচাম ঈৰ্ষাপৰায়ণ লোকে এনেদৰে ব্যক্ত কৰে-

জ্জ্ব৷ অদা ধানৰ লদা পিঠা

ধিম্‌নি তিৰিৰ পাদা মিঠা৷৷

সাধাৰণ কথাতে কন্দা-কটা কৰিলে কয়-

জ্ঝ৷ চুকুত সুমাল কুঁটা

কান্‌বাৰ হ’ল চুটা ৷৷

একেবাৰে বুঢ়া লাখুটি লোৱা বুঢ়া দেখিলে শৰণীয়া কছাৰী লোকে এনেধৰণৰ প্ৰবচন গোৱা শুনা যায়-

১০৷ কপ কপ ঝপ ঝপ বাহাকাৰ মূঢ়া

ক’ৰ পৰা আহি পালা তিনঠিঙিয়া বুঢ়া৷৷

কথা-বতৰাৰ একো আও-ভাও নোপোৱা লোকক জোকাই এনেদৰে-

ৰৰ৷ এটা ধানৰ দুটা তঁহ

কৱা কথাৰ নাপায় ভূ৷

পাপ আৰু পূণ্য বিচাৰ বিশ্লেষণ কৰি কাৰোবাৰ পাপ কাম কৰিও ধনী হোৱা আৰু পূণ্য কাম কৰিও দৰিদ্ৰ হৈ থকা ব্যক্তিৰ উদাৰণ দি শৰণীয়া লোক সকলো কয়-

১২৷ যিয়ে কৰে পাপ, সি সাত বেটাৰ বাপ

যিয়ে কৰে পূণ্য তাৰ মাজে মাজে শূণ্য৷

কোনোবা দম্পত্তি ঘনাই কাজিয়া লাগি থাকিলে বা সমানে সমানে কাজিয়া কৰি থাকিলে আনে এনেদৰে প্ৰকাশ কৰে-

১৩৷ য’ৰাও য’ৰা পাভ য’ৰ

তায়ো হাড়িত খাইটি সিয়ো গৰু চ’ৰ৷৷

দীঘল নাক অৰ্থাৎ অভিজ্ঞানজনে কিবা এটাৰ খবৰ পালে খাটা নাক অৰ্থাৎ অন্‌ভিজ্ঞজনৰো লোভ লাগে৷ এনে অৰ্থত শৰণীয়া কছাৰীসকলে এইদৰে প্ৰকাশ কৰে-

১৪৷ দীঘল নাকাই  পাই  গন্ধ

খাটা নাকাৰ খাবৰ মন৷৷

শুক্‌তি শৰণীয়া কছাৰী সকলৰ  প্ৰিয় খাদ্য৷  বাঁহৰ চুঙাত মাছ শুকাই তেল নিমখ, মা-মচলা সানি ভৰাই থৈ পিছত আচাৰৰ দৰে খোৱা এই শুক্‌তি মাছ বৰ সোৱাদ৷ সেয়ে বাঁহৰ চুঙাটো ডাঙৰ দেখিলে কি হ’ব৷ যদি তাতে শুক্‌তি মাছ নাথাকে৷ ঠিক তেনেদৰে মানুহজন ডাঙৰ দীঘল দেখিলে কি হ’ব যদি বল-বুদ্ধি নাথাকে৷ এনে অৰ্থ প্ৰকাশ কৰিবলৈ এনেদৰে পটন্তৰ গায়-

১৫৷ চুঙা ডাঙৰ শুক্‌তি নাই

মানুহ ডাঙৰ বুধি নাই৷

শৰণীয়া ক ছাৰী সকল মূলত কৃষি জীৱি৷ কুঁহিয়াৰৰ খেতি কৰি শালতপেৰি মিঠাই উলিয়াই খোৱা বা বিক্ৰি কৰা শৰণীয়া সমাজত প্ৰচলিত৷ এই কুঁহিয়াৰৰ খেতি কৰি শালত পেৰি মিঠাই বনোৱা বৰ কষ্টকৰ কাম৷ বহু মানুহৰ প্ৰয়োজন হয়৷ সেয়ে এই কথা প্ৰকাশ কৰাৰ এটি পটন্তৰ শুনা যায় শৰণীয়া সমাজত-

১৬৷ সাত পো তেৰ নাতি

তেহে কৰিবা কুঁইহাৰ খেতি৷

কোনোবা আলহীক ঘৰৰ গৃহস্থই খাবলৈ যোৰ কৰিলেও ঘৈণীয়েকৰ মুখখনত যদি আনন্দ প্ৰকাশ দেখিবলৈ পোৱা নাযায় তেতিয়া তেওঁৰ অসন্তুষ্টি বুলি বুজি পালে সেই খাদ্য খোৱাতো সুখ পোৱা নাযায় ৷ এই কথা প্ৰকাশ পায় এইদৰে-

১৭৷ ৰান্ধিনিৰ বেঁকা মুখ

খাইনো পাম কি সুখ৷

কোনো বস্তু দিম দিম বুলি পিছুৱাই থাকিলে বিৰক্তি জন্মে৷ তেতিয়া শৰণীয়া কছাৰী সকলৰ মুখত ফুটে-

১৮৷ বণিয়াৰ দিম দিম কমাৰৰ কালি

মোৰ ৰৌ মাছতো পালি যদি খালি৷

দুখীয়া দৰিদ্ৰ সকলৰহে যে যি কোনো ক্ষেত্ৰতে  বৰ চখ সেই  কথা প্ৰকাশ কৰিবলৈ এনেদৰে পটন্তৰ গায়-

১৯৷ যাৰ নাই চাল-বাক্‌লি

মদ খাই সি তিন টিক্‌লি৷

শালপতি সম্বন্ধটো বৰ এঠালগা বিধৰ সেই কথা প্ৰকাশ কৰিবলৈ এনেদৰে কয়-

২০৷ মাছৰ চিকুন লাওঁপুঠি

কুৰ্মাৰ চিকুন শালপতি৷

আকৌ ৰাতিপুৱা টোপনি মাৰিবলৈ বৰ আমেজ লগা কথাটো এইদৰে প্ৰকাশ পায়-

২১৷ মাছৰ চিকুন মোৱা

ঘুমটিৰ চিকুন পুৱা৷

বুঢ়া আহুলি নহ’লে যেনেদৰে ভাত খাব নোৱাৰি , তেনেদৰে বুঢ়া-জ্যেষ্ঠজন নহ’লে কোনো কামেই আগ নাবাঢ়ে তেনে অৰ্থত শৰণীয়া সকলৰ মাজত প্ৰচলিত আছে-

২২৷  দশটা  আংলিয়ে খায়

বুঢ়াই হিঁচলিহে যায়৷

এনেদৰে বিভিন্ন সময়ত বিভিন্ন ভাৱৰ প্ৰকাশ কৰিবলৈ শৰণীয়া সমাজত বিভিন্ন পটন্তৰ বা দিষ্টানৰ মাজেৰে কাকতালীয়াভাৱে মনোভাৱ প্ৰকাশ কৰা দেখা যায়৷ তেনে বহু দিষ্টান বা প্ৰবচন শৰণীয়া কছাৰী সমাজত প্ৰচলিত৷ আৰু কেইটিমান তেনে ধৰণৰ দিষ্টান তলত সংক্ষেপে উল্লেখ কৰা হ’ল-

২৩৷ সপ্তাহত তিত্তা

মাহকত পিঠা৷

২৪৷ নিজেও গাইমুৱা

আনকো কৰে ছাইমুৱা৷

২৫৷ য’তে যায þযোগী

তাতে কোৱাবুবি৷

চ্ছ৷ এক টেক্‌লি মদ তিন্‌টা ভকত

লাজ নাই যদি আহ কাষত৷

২৭৷ কুচু খাবি আহুৰ

ভাত খাবি শাহুৰ৷

২৮৷ চ’তত কৰে পটা

সিহে বাপেকৰ বেটা৷

২৯৷ হাল বায় ৰাতিতে

খাবা নুজ্‌ৰেই কাতিতি৷

৩০৷ আগল জতি বাটত ঘৰ

চুৱা পাততে হিচি ধৰ৷

৩১৷ কমলা আদা পাই

ভৰিদি মোহ্‌ৰি খাই৷

৩২৷ ধনে গপ নে মনে গপ৷

৩৩৷ আতি আতি খপা বান্ধেই

তিত ভেঁক্‌ৰী মান

ঝাৰাতকে সুল্‌কি পৰেই

নাঢাকাই কাণ৷

৩৪৷ এৰ বুললিও নেৰে

কুঁইহাৰ পেৰাদি পেৰে৷

৩৫৷ ৰান্ধ্‌বা নাজ্‌নেই বাঢ়্‌বা নাজনেই

খৰি ভাৰে ভাৰে পুৰেই৷

বুবা নাজ্‌নেই কাট্‌বা নাজ্‌নেই

পৰৰ শালে শালে ফুৰেই৷

৩৬৷ যাবাৰ সময়ত চাহ বাতি যাঁচে

নাখাং লগৰী ঘৰতে আছে৷

৩৭৷ খেদি নিলুং খেদি নিলুং

পহু মাৰলুং বাজী

যি ৰান্ধিনি কেঁচাই খাই

সেই ৰান্ধিনি কাজী৷

৩৮৷ বৰলীয়াৰ পানী ঢাপ্লাং-ঢুপপ্লুং

চৰা কাথিত বহি মূৰ আফ্‌লাং৷

৩৯৷ ঢেকী কেত্‌ৰা মুহুৰা বাৰী

বুৱাবা নাজনা সোৱা ঢাৰি

শুৱাই থুবু তাক তিৰিয়ে

মেখ্‌লা চিৰা পাৰি৷

৪০৷ উত্তৰে হিম হিম গিৰ গিৰ দক্ষিণে বানা

আইভা লাগছি হুলুক-পুচুককে দ্ৰাভাৰ কানা৷

৪১৷ হয় চেংৰা মধা ঢিলা

দপ দি দি পন্তা গিলা৷

৪২৷ আল গুৰিৰ কাল

চিঙা যঁতৰৰ মাল৷

৪৩৷ চেংৰাৰ বাৰ বাৰ

বুঢ়াৰ এক বাৰ৷

৪৪৷ কইনাৰ মায়াক হিয়াৰ ৰাণী

নিছলা মাছে নিব টানি

আইভু বুলি আছিলুং চাই

সপাকে েপলালং খাই৷

৪৫৷ টুপ্‌নি ৰাতি পুৱা

তিৰি সৰু মুৱা৷

নাৱৰ বাৰ ফাটা

পুৰুষৰ কাণ কাটা৷

৪৬৷ অ’ত থিয় ত’ত থিয়

দিনটো নাযায় কিয়৷

৪৭৷ নিজৰ কথা নক্‌বি পৰক

কথা হয় লৰক-ফৰক

কাঠৰ ঢেঁকীযে

বানি মৰে ধানক৷

৪৮৷ ধান খেৰৰ জুই পুৱাবা ভাল

আগুৱাংতে পিছুৱাংতে কটিত যায় ছাল৷

৪৯৷ এক বৰাই ধান খায়

এক বৰাই হান খায়৷

৫০৷ নকৰ্‌বি খ্ৰেংখ্ৰেং কাঁহি-বাতি

কথা নাপাত্‌বি দভাগ ৰাতি৷

৫১৷ পুৰুষ মৰে ৰণে

তিৰি মৰে পিয়ানে৷

৫২৷ মহে খালে দাহে খালে

আৰু খালে জকে

বাটৰ মূৰত ৰখাই থছি

কইনাঘৰীয়া লোকে৷

৫৩৷ বেটাৰ নাতি মইঝাৰ মাটি

বেটীৰ নাতি ধুক্‌না কাটি৷

৫৪৷ গাছত কঠাল ওঁঠত তেল

নাখাংতেই চেল-বেল৷

৫৫৷ খৰমযুৰীয়া ভৰি

সাপ নেজীয়া চুলি

জ্ঞানীলোকে কয়

কইনা নান্‌বি বুলি৷

৫৬৷ যাৰ নাই কেঁচুৱা

ঢিকি থোৰাকে নচুৱা৷

৫৭৷ উত্তৰে পশ্চিমে পূৱে ঢাল

মাক ভালে ঝিয়াক ভাল৷

৫৮৷ চুকু ৰঙা বুকুত খাল

সেই পুৰুষৰ লক্ষণ ভাল৷

৫৯৷ জাত চাই পাত

বিধান চাই ভাত৷

৬০৷ খা জঁৱাই সুন্দা ভাত

জালত কাম্‌ৰা নিছ্‌লা মাছ৷

৬১৷ পৰৰ ওপৰত খাৱা

ভটিয়া নাঁৱত যাৱা৷

৬২৷ মৰ জহতে খাবা-লৱা চলে

মকহে ভক্‌লা ইন্দৰ বলে৷

৬৩৷ চান্দা মাছৰ বাক্‌লি নাই

ধিম্‌নি তিৰি আকাল নাই৷

৬৪৷ এই গাঁৱৰ মাটি থেলথেল

নঙলা মুখতে আঁটু সোমাই গেল৷

৬৫৷ কঠালে পেলালে মুচি

আমিও আহিলুং গুচি৷

৬৬৷ আলি বাটৰ চিনা জক

চিনং চিনং লাগে তক৷

৬৭৷ আলিবাটৰ কুচু ঠেং

এসাঁজৰ বাবে তুলি নেং

খাৱা না নাখা ৰান্ধি দেং৷

৬৮৷ ইতান হ’লো তিৰি

কোনেও নাচায় ফিৰি৷

৬৯৷ হাপাই আন্‌লা তিৰি

শিয়ালে হ’ল গিৰি৷

৭০৷ ঢিকি দিয়াও হ’ল

আম্‌ৰা চুহাও হ’ল৷

৭১৷ মাছ মাৰা ঘেছেৰী

খালেই লুতুৰ-পুতুৰ

কুন লালাক জকাই লছা

খিুন্দম ঘুটুৰ-ঘুটুৰ৷

৭২৷ ফপ্‌দাং ফপ্‌দাং

ধান নাখাং সান্দা খাং৷

৭৩৷ হাহিলুং মাতিলুং

নাথাক্লা মনত

যিবা অলপ বুজিলুং

সিও গেল বনত৷

৭৪৷ আমৰে পাততে বান্ধিলে জালি

ঘৰত গৈ তই খাবি তিৰিৰ গালি৷

৭৫৷ দুৰ্জন, অগাইতং তয়ে মহাকাল

একেদিনে বোৱাই দেং মৱা মাৰা জাল৷

৭৬৷ মাটি কিন্‌বি মাজ খাল

ছৱালী আন্‌বি মাক ভাল৷

৭৭৷ কুঢ়িয়া- মুঢ়িয়া

তাক নাখায় মুন্‌হিয়া৷

৭৮৷ সোমে শনি ফাটে-ফুটে

দেও মংলে আয়ুস টুটে৷

৭৯৷ পাতলুং কইৰাৰ ফান

লাগিল কুৰহিয়þাৰ বান৷

৮০৷ চুঙাৰ শুক্‌তি

শণ্যাৰ তিপ্‌তি৷

৮১৷ অ’ত থিয়া ত’ত থিয়া

শিয়াল কান্দে গুধ্‌লা বেলা৷

৮২৷ মাক পিতাকৰ গালি

যায় আলি আলি

শাহু শহুৰৰ গালি

ধৰেই শালি শালি৷

৮৩৷ হাল বাৰীদি গুজুৰ গুজুৰ

পাণবাৰীদি বাট

লাঠিয়াই এৰুৱাম মূৰৰ পাগ্‌ৰী

চৰাই ভাঙিম দাঁত৷

৮৪৷ শাল্‌কাৰ চেক্‌-চেকি

বুগ্লাৰ বিলে

নাড়ীকাটাই হাগি দিয়ে

কেপ্‌মাৰাই গিলে৷

৮৫৷ হাগ্‌বাৰ নাই মাটি

বেটাৰ ৰংপুৰিয়া ধুতি৷

৮৬৷ জীয়াততে নেদেই কেঞাঁ পুঠি

মৰ্‌ল্লি দেই স’ণাৰ আংঠি৷

৮৭৷ হৱে মানে নাটে

সিয়াই মানে ফাটে৷

৮৮৷ আদাই দৰল মাৰে গাঁজা মেলি

পুঠিয়ে দৰল মাৰে ভেন্‌ভেনাই মাতি৷

৮৯৷ তৰ খপা সৰু বৈনী

মৰ খপা সৰু

ধান খেৰেদি খপা বান্ধি

খপা ডাঙাৰ কৰো৷

৯০৷ সাধ্‌লি বান্দৰেও মধুফল খায়

নাসাধ্‌লি বান্দৰেও ডালে ডালে যায়৷

৯১৷ আছে কাপুৰ আছে জাৰ

নাই কাপুৰ নাই জাৰ৷

৯২৷ তিৰিৰ কুৰ্মা বপুৰা

আইৰ কুৰ্মা ঢেঁকুৰা৷

৯৩৷ অকাটান দাৰ ঠহ্‌ ঠহ্‌ কৰে নাহি

বুবা নৰা তিৰিৰ দাঁতৰ আগত হাঁহি৷

৯৪৷ মাইৰ বৈনাক মাহী

দিখ্‌লিয়ে উঠে হাঁহি

িপতাইৰ বৈনাক পেহী

তই  ম’ৰ বুকুৰ দেহী৷

৯৫৷ মাকৰ লেঠা বাপেকৰ ধাই

সেইবোৰে ছলিক পায়৷

৯৬৷ ৰ’দত নেদা আহু

পিঠা নেদা শাহু

ফালি থাকা বাঁহ

ডিমা নাপ্‌ৰা হাঁহ৷

৯৭৷ মাঘৰ পুহত এড়ীৰ কানি

ফাগুন-চৈতত দৈৰ পানী৷

৯৮৷ এক্‌লাই খাৱাৰ ভক্‌লা গাৰি

বাছি খাৱাৰ শুখাই নাড়ী৷

৯৯৷ পহুৰ খতিয়া

মাছৰ বতিয়া৷

১০০৷ আহক নাহক বৰ

সেওঁতা ফালি মৰ৷

যিওবা আহিল বৰ

কইনা উঠি ল’ৰ৷

এনেধৰণৰ আৰু বহু ফঁকৰা -যোজনা বা প্ৰবচন শৰণীয়া কছাৰী সমাজত আজিও প্ৰচলিত হৈ আছে৷ সেইবোৰ বিচাৰি সংগ্ৰহ কৰিলে ই সূকীয়াকৈ এখন গ্ৰন্থ হ’ব৷ এই গ্ৰন্থত শৰণীয়া কছাৰী সাহিত্যৰ ৰূপৰেখা প্ৰকাশ কৰাৰ বাবেহে কিছু সংখ্যক ফঁকৰা -যোজনা উল্লেখ কৰা হ’ল৷  

[ঘ] সাঁথৰ বা দিষ্টান্ত ঃ  সাঁথৰ হ’ল প্ৰহেলিকাময় বিবিধ প্ৰশ্নৰ সমষ্টি৷ সাঁথৰৰ প্ৰতিশব্দ স্বৰূপে ‘দিষ্টান’ শব্দটি মৌখিক বা লিখিত উভয় পৰম্পৰাতে প্ৰচলিত৷ অসমীয়া সাহিত্যত যিদৰে সাঁথৰ বা দিষ্টানৰ স্থান উল্লেখযোগ্য , ঠিক তেনেদৰে শৰণীয়া কছাৰী সমাজতো বহু সাঁথৰ পোৱা যায়৷ যিবোৰকো শৰণীয়া লোক সকলে ‘দিষ্টান’ বুলিয়ে কয়৷ তেনে কিছুমান সাঁথৰ উল্লেখ কৰিলো৷

ৰ৷ মমাহাঁতৰ ঘৰত গিলুং

সোমাবা পাৰলুং অলাবা নুৰ্‌লুং৷ - চেপা

২৷ মমাহাঁতৰ ঘৰত গিলুং

খুলবা নৰা টেমা এটা পাই আহিলুং৷ - ডিমা

৩৷ মমাহাঁতৰ বাৰীত গিলুং

গাঁঠি ঘন ঘন টকন এডাল পালুং৷ -জুই ভূটা [জুমুঠি]৷

চ্ছ্ৰ৷ পেটেদি খায়

মুখেদি হাগে৷ -চেপা

প্ত৷ ঘৰৰ পিছৰ কুলি গাই

এক পিয়ান দি মৰি যায়৷- কলগাছ

৬৷ শিং কেক্‌ৰী গাই

ঘাটে ঘাটে পানী খায়৷- বুৰ্‌শী

জ্জ৷ মাকে আছে বুৰ্‌শি বাই

পুতাকে আছে স্বৰ্গ চাই৷ - বাঁহৰ গাজা৷

জ্জ্ব৷ কৰকটাং মৰকটাং অৰ্জুনৰ ভাই

এই দিষ্টান্ত কবা নুৰ্‌লি তিৰিৰ চৰ খাই৷

- আঁনাৰস

জ্ঝ৷ ওপৰুত মাংছ তলত ছাল

সেই মাংছ খাবা ভাল৷ - ভুক্‌ৰুম [আমঠু]

১০৷ দিলি নাপায় নিদ্‌লি পায়৷- মুই [মৈ]

ৰৰ৷ এং এং এং

এংটোক ধৰ্‌বা পাৰ্‌লি

হাজাৰ টকা দেং৷- নিজৰ ছায়া৷

১২৷ চিল বিল ডুমুৰু

বিল বিল পাত

সোণা যেন টিকিলি

মানিক হেন দাঁত৷- ডালিম৷

১৩৷ উপি উপি, বাটত আছে চুপি৷ - চিনাজক৷

১৪৷ চাৰি ভায়াকৰ কাণ কাটা

দুই ভায়াকৰ পেট ফুটা৷ - তাঁতশালৰ খুটা৷

১৫৷ পাত ঝাপ ঝাপ

গুটি শাৰী শাৰী

এই দিষ্টান কবা নল্‌লি

হবি মেখ্‌লা ভাৰি ৷- মাকেই৷

১৬৷ ধহৰমহৰ বাই

চাল টানি টানি খায়৷- খেৰৰ পুঁজি৷

১৭৷ সৌ পাটি পাৰি থছি

শুংটা নাই

সৌ ফুলফুলি আছে

টিঙংতা নাই৷ - পানী আৰু তৰা

১৮৷ ঘৰৰ তলত ঘৰ

তাতে ধৰ্‌ফৰাই মৰ৷- মুহৰি [আঠুৱা]

১৯৷ উপৰৰ পৰা পৰিল ধুম

ধুমে বোলে মৰ কুটি শুং৷- বেল৷

২০৷ ইনু ইনু ইনু

ধুৰ্‌বাৰ নাই ঠেনু৷ - ডিমা৷

২১৷ নুতুনতে থেলথেলীয়া

পুৰত হলি টান

বছৰে বছৰে তাৰ

কাটি থাকে কাণ৷ - পথাৰৰ আলি৷

২২৷ চিলচিল ডুমুৰু

দীঘল দীঘল পাত

যাবা লাগে

ডেৰ মাইল বাট৷ -তামুল গাছ৷

২৩৷ চাৰি চুকু চৈধ্য চৰণ

অন্তেষপুৰত ঘৰ

দুই বীৰে যুঁজ কৰে লিতুং একেখৰ৷- শিয়াল আৰু কাক্‌ৰা৷

২৪৷ সৌটো ভাটৌ

নাকটো কাটৌ৷৷ -কলফুল [কলডিল]৷

২৫৷ সোমাংতে কুলা

অলাংতে ৰঙা৷  - কমাৰশালৰ লহা [লোহা]৷

চ্ছ৷ পেট আছে পেটু নাই

গল আছে মূৰা নাই৷ - কল্‌হ’ [কলহ]৷

২৭৷ দিলি নাখায়

নিদ্‌লি খায়৷ - মুখ্‌ৰা [ গৰুৰ মূখত বন্ধা বাঁহৰ যতন]৷

২৮৷ ঘৰ আছে দুৱাৰ নাই

মাত আছে মানুহ নাই৷ - ৰিডু [ৰেডিঅ’]৷ ২৯৷ হুতুক টুকুৰ হুতুক টুকুৰ

বাট বুলি যায় কুলা কুকুৰ৷ - বিচা৷

৩০৷  গাতাৰ পৰা ওলাল সাপ

ধুৰ্‌বা নুল্‌লুং ঐ বাপ৷ - পাদা [ধনঞ্জয় বায়ু]৷

৩১৷ চাম্‌ৰাৰ পিষ্টল হাৱাৰ গুলি

মাৰলুং ফাঁকত, লাগিল নাকত৷ -পাদা [ধনঞ্জয় বায়ু]৷

৩২৷ অসম দেশৰ বিষম কথা

কি গাছৰ পাত গ’টা৷ - পিঁয়াজ৷

[ঙ] গদ্যধৰ্মী সাহিত্য ঃ

ভাৰতীয় গদ্য সাহিত্যৰ ইতিহাস বৰ বেছি পুৰণি নহয়৷ মহাপুৰুষ শঙ্কৰদেৱৰ অঙ্কীয়া নাটকসমূহতেই অসমীয়া গদ্যভাষাৰ প্ৰথম বিকাশ ঘটে৷  ড॰ বিৰিঞ্চি কুমাৰ বৰুৱাৰ ভাষাত- “ অসমীয়াৰ গৌৰৱৰ বিষয় যে আধুনিক ভাৰতীয় আৰ্য্য ভাষাসমূহৰ ভিতৰত আসমীয়াতে প্ৰথমে গদ্য সাহিত্যৰ সৃষ্টি হৈছিল৷ বঙালী গদ্যৰ প্ৰাচীন নিদৰ্শন হৈছে বৈষ্ণৱসাধকসকলৰ ‘কড়চা’ সমূহ ; কড়চাৰ প্ৰাচীনতম পুথিৰ ৰচনাকাল ১৬০৩ শকাব্দ অৰ্থাৎ ১৬৮১-৮২ খৃষ্টাব্দ বুলি অনুমান কৰা হৈছে৷ হিন্দী গদ্যৰ আদি ৰূপপোন্ধৰ শতিকাত [১৪৬৪-৬৫] ব্ৰজভাষাত ৰচিত গোৰখনাথৰ হঠযোগ ব্ৰহ্মজ্ঞান আদিৰ ৰচনাত পোৱা গৈছে৷ অসমীয়া গদ্যই পোন্ধৰ শতিকাৰ পৰা কেৱল এটি নিদ্দিৰ্ষ্ট ৰূপকে গ্ৰহণ কৰা নাই, সেই যুগৰপৰা অসমীয়া গদ্যত ধাৰাবাহিকভাৱে সাহিত্য ৰচনাত প্ৰচেষ্টা চলি আহিছে৷”

শৰণীয়া কছাৰীৰ গদ্যধৰ্মী সাহিত্য বুলি ক’লে শৰণীয়া কছাৰী সমাজত প্ৰচলিত গদ্যধৰ্মী লোককথাসমূহকে আঙুলিয়াব পৰা যায়৷ গদ্যৰূপত বা কথাবন্ধে মুখ পৰম্পৰাগতভাৱে প্ৰচলিত কথা বা কাহিনীক গদ্যধৰ্মী লোককথা বোলে৷ এইবিধ লোককথা ইয়াৰ বিষয়বস্তু, সংযুতি আৰু প্ৰসংগ আদিৰ ফালৰ পৰা প্ৰধানকৈ তিনিটা ভাগত ভগাৱ পাৰি৷ যেনে- [ক] পুৰাণ কথা বা আখ্যান [খ] জনশ্ৰুতি বা উপাখ্যান আৰু [গ] সাধুকথা বা সাজাকথা৷ শৰণীয়া কছাৰীৰ গদ্যধৰ্মী লোককথাৰ বিষয়ে আলোচনা কৰিবলৈ গ’লে এই সাধুকথা বা সাজাকথাৰ বিষয়ে উল্লেখ কৰিব লাগিব৷  ইংৰাজী Tale শব্দৰ পৰিভাষিক অৰ্থ বুজোৱা এই সাধুকথা সমূহৰ বিষয়ে ড॰ প্ৰফুল্ল দত্তগোস্বামীদেৱে মতপোষণ কৰিছে এইদৰে - “সাধু অৰ্থাৎ সদাগৰবিলাকে বেপাৰ কৰিবলৈ বিভিন্ন অঞ্চল বা দেশলৈ গৈছিল৷ তেওঁলোকে সেইবোৰ অঞ্চলত বা দেশত বিবিধ পৰম্পৰীণ মৌলিক কথা শুনিছিল আৰু ঘূৰি আহি নিজ অঞ্চলত সেই কথাবোৰ কৈছিল৷ গতিকে সাধুৱে কোৱা কথাবোৰেই  সাধুকথা৷ চমুকৈ সাধু৷”

শৰণীয়া কছাৰী সমাজত প্ৰচলিত এই সাধু কথা সমূহ আজিকোপতি লিখিত আকাৰত ক’তো পাবলৈ নাই৷ মূখ বাগৰি অহা এই সাধুকথাসমূহ  শৰণীয়া কছাৰী  লোক গদ্য সাহিত্যৰ অনবদ্য সম্পদ৷ এই গ্ৰন্থ প্ৰণয়নৰ চিন্তা-চৰ্চা কৰাৰ বহু পূৰ্বে আমি শৰণীয়া সমাজত প্ৰচলিত ভালেকেইটা সাধুকথা সংগ্ৰহ কৰিছিলো “শৰণীয়া কছাৰী সাধু” নামাকৰণেৰে এখন পুথি প্ৰকাশ কৰাৰ মানসেৰে৷ আজিৰ এই শৰণীয়া কছাৰী সাহিত্যৰ আলোচনাত গদ্যধৰ্মী সাহিত্যৰ স্বৰূপ প্ৰকাশৰ বাবে আমাৰ দ্বাৰা সংগৃহীত উক্ত সাধু কথাসমূহৰ পৰা তিনিটা সাধু ইয়াত সন্নিবিষ্ট কৰিলো৷ সাধুকথা সমূহ আমি সংগ্ৰহ কৰাৰ সময়ত সম্পূৰ্ণ শৰণীয়া কছাৰী ভাষাত শুনিবলৈ পাইছিলো যদিও পাঠক সমাজৰ বুজি পোৱাত কিছু ব্যাঘত জন্মিব বুলি মনে ধৰাৰ বাবে সাধুৰ বৰ্ণনাত্মক কথাখিনি মান্য অসমীয়াত প্ৰকাশ কৰি কেৱল সংলাপখিনিহে শৰণীয়া কছাৰী ভাষাত আমি পোৱা ধৰণে প্ৰকাশ কৰা হ’ল৷

সৰ্পৰ আধাৰ

জীৱ জগত সৃষ্টি হোৱাৰ আৰম্ভণিৰ কথা৷ সৰ্পসকল পাতালত বসবাস কৰিছিল৷ তেতিয়ালৈকে তেওঁলোকৰ ভক্ষনৰ বাবে কোনো নিদ্দিৰ্ষ্ট আহাৰ নিদ্ধৰ্াৰণ কৰা হোৱা নাছিল৷ কি খাব কি নাখাবকৈ থাকোতে বহুদিন পাৰ হৈ গৈছিল৷ ভোকত তেওঁলোকৰ অৱস্থা শোচনীয় হৈ আহিবলৈ ধৰিলে৷ কোনোমতে যেন জীৱটো বাচি আছে৷ কথাতো বিষম দেখি সৰ্পৰাজে এখন সভা আহ৩ান কৰিলে৷ সেই সভাত সকলো প্ৰজাতিৰ সৰ্পকে নিমন্ত্ৰ্‌ণ দিলে৷ সৰ্পৰাজৰ নিমন্ত্ৰণ পাই সকলো প্ৰজাতিৰ সৰ্প আহি  ৰজাৰ ওচৰত গোট খালে৷ সময়ত সভা আৰম্ভ হ’ল৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সৰ্পৰাজে ক’লে - “ শ্ৰদ্ধাৰ মৰ প্ৰজা সকল৷ আপুনালোকক লৈ এই সভা আহ৩ান কৰাৰ উদ্দেশ্য হ’ল- ইতালাগি  আমাৰ নিদ্দিৰ্ষ্ট আধাৰ ঠিক কৰা হৱা নাই৷ সেকান্তে কায় একো খাবা পাৱা নাই৷ সকলোৰে ভয় যিকোনো বস্তু খালি যুদি কিবা অপকাৰ হয়৷ গতিকে আমি কোনবিধ আধাৰ খাৱাটো যুগুত হ’ব , সেই বিষয়ে আলচনা কৰি সিদ্ধান্ত ল’বালাগি এই সভা আহ৩ান কৰিছোং৷ সেকান্তে আপুনালোকে আলচনা কৰি বিষয়টো অতিশীঘ্ৰে সমাধান কৰ৷”

সৰ্পৰাজৰ কথা শুনি সৰ্পসকলে কথাতো ঠিকেই  বুলি হয়ভৰ দিলে৷

খকুৱা ধোৰা সাপে লগে লগে কথাটোৰ আঁত ধৰি ক’লে - “ হয় মহাৰাজা৷ অতিশীঘ্ৰে আমাৰ আধাৰ নিদ্দিৰ্ষ্ট কৰা উচিত৷ নহ’লি মৰ ভখত প্ৰাণ যাবু আৰু৷”

সৰ্পৰাজে ক’লে - “ তিতা হ’লি আপুনালোকে ঠিৰাং কৰ  আমি কি ভক্ষন কৰা উচিত হ’বু?”

ধোৰা সাপে ল’গে ল’গে উত্তৰ দিলে -- “ মহাৰাজ, সৰু-সুৰা বস্তু খালি সন্‌কালে পেট নুভুৰ্‌বু৷ আৰু বৰ বিছি ডাঙাৰ বস্তুও আমি খাবা নুৰিম৷ চিকাৰ কৰাত অসুবিধা হ’বু৷ গতিকে মধ্যম প্ৰজাতিৰ জীৱ হিচাপে মনুষ্য ভক্ষন কৰাই উত্তম হ’বু যেন পাং৷”

ধোৰা সৰ্পৰ কথাত অধিকাংশ প্ৰজাতিৰ সৰ্পই হয়ভৰ দিলে৷ ক’লে - “ এৰা মনুষ্যৰ মাংছই উত্তম খাদ্য হ’বু৷”

প্ৰজাসকলৰ সন্মতি দেখি ৰজাই সন্তুষ্টি লাভ কৰি ক’লে -- “ তেনেহ’লি সেয়াই হক৷ মনুষ্যৰ মাংছই ভক্ষণ কৰা যাক৷”

গোটেই কথাখিনি বামুনী সৰ্পই মনে মনে শুনি আছিলে ৷ তেওঁ কোনো সিদ্ধান্ততে হয়ভৰ দিয়া নাছিল৷ তেওঁৰ চাল চলন, আচাৰ ব্যৱহাৰ যথেষ্ট ধীৰ গম্ভীৰ৷ যা তা সিদ্ধান্ত তেওঁৰ পচন্দ নহয়৷ তেওঁ কথাটো চিন্তা কৰিলে৷  আমি যদি মনুষ্য মাংস খোৱা আৰম্ভ কৰো পৃথিৱীত দেখো মনুষ্য এটা সময়ত নোহোৱা হৈ যাব৷ আৰু মনুষ্য নোহোৱা হ’লে এই সমগ্ৰ পৃথিৱীয়ে এদিন নিঃশেষ হৈ যাব ৷ গতিকে এই সিদ্ধান্তটো উচিত নহ’ব বুলিয়ে তেওঁ ভাবিলে৷ সেয়ে তেওঁ থিয় হৈ বিনম্ৰভাৱে সেৱা জনাই ক’লে - “ মহাৰাজ , যুদি অনুমতি প্ৰদান কৰেই তেনেহুলি মই এটা কথা ক’বা খুজিছুং৷”

মহাৰাজে বামুনী সৰ্পলৈ চাই  ক’লে - “নি(য়, ইয়াত সকলৰে মতামত দিয়াৰ আধিকাৰ আছে৷ সেকান্তে এই সভাৰ আহ৩ান কৰা হুছি৷ ক’৷”

বামুনী সাপে ক’বলৈ ধৰিলে -- “ মহাৰাজ, এংকে ঘপ্‌কে এটা সিদ্ধান্ত ল’লি পিছুত আমি পস্তাৱা লাগবু নিকি? কিয়াþনু কাৰ কি সৱাদ আমিতু একোৱে নাজ্‌নং৷ পিছত যুদি গম পাৱা যায় যে মনুষ্য তেজৰ সৱাদ বেয়া , তিতাহ’লি কথাতু বেয়া হ’বু৷ সদায় আমি বেয়া খাদ্যকে ভক্ষন কৰি থাক্‌বা লাগবু৷”

সৰ্পৰাজে কথাটো চিন্তা কৰি দেখিলে৷ হয়, বামুনী সৰ্পই ঠিকেই কৈছে৷ সেয়ে সৰ্পৰাজে পুনৰ ক’লে -- “ এৰা, কথাটু ন’হৱা নহয়৷ কি জীৱক আমি খাদ্য হিচাপে ল’ম সেই সিদ্ধান্তটু ভালদৰে ভাবি-চিন্তি  লৱাতু উচিত হ’বু৷ নহ’লি পিছুত পস্তাৱা লাগ্‌বু৷ বাৰু বামুনী ভাই আপুনিয়েই ক’চোন কি কৰ্‌লি সমস্যাটু সমাধান হ’বা পাৰেই৷”

বামুনী সৰ্পই আদেশ পাই ক’লে - “ প্ৰথমতে এটা কাম কৰা যাক মহাৰাজ৷ কোন জীৱৰ কেনেকুৱা সৱাদ, তাক প্ৰমাণ কৰি লৱা যাক৷ তাৰ পিছত আমি সিদ্ধান্ত কৰিম যে যিবিধ জীৱৰ তেজ মস্ত  সৱাদ,সেই বিধকে আমি খাদ্য হিচাপে গ্ৰহণ কৰিম৷”

বামুনী সৰ্পৰ কথাটোত সকলো সৰ্পই হয়ভৰ দি ক’লে -- “ তেখেতে উচিত কথাকে কছি৷ আগতে আমি সৱাদ প্ৰমাণ কৰি লং৷ নহ’লি সৱাদ নহৱা জীৱ এটাকে আজীৱণ খাই থাক্‌বা পাৰা নাযাবু৷”

সৰ্পৰাজে ক’লে - “ সিদ্ধন্তটু ভালেই হছি৷ কিন্তু সমস্যা হ’ল এই সৱাদৰ প্ৰমাণ আমি কেন্‌কে ল’ম৷ গটাই জীৱকে খাবা আৰম্ভ কৰাটু অন্যায় হ’বু৷ ভগৱানে এই কথাটো ক্ষমা নকৰ্‌বু৷ কিয়ানো গটাই জীৱকে  যিকোনো এবিধ খাদ্যহে গ্ৰহণ কৰ্‌বালাগি তেওঁ আদেশ দিছি৷”

সৰ্পৰাজৰ কথাত সকলোৱে পুনৰ চিন্তাত পৰিল৷ কেনেকৈ এই সমস্যাৰ সমাধান কৰা যায়৷ বহু সময় মৌনতাৰে পাৰ হৈ গ’ল৷ বহু সময়ৰ মূৰত ফেটি সৰ্পই মাত লগালে- “ মহাৰাজ, এই সমস্যাৰ এটা সমাধান মই  ভাবি উলাছুং৷”

সকলোৰে মুখত যেন পানী আহিল ৷ সেয়ে উদগ্ৰীৱ হৈ সকলোৱে একেস্বৰে সুধিলে -- “ কি সমাধান?”

ফেটি সৰ্পই ক’বলৈ ধৰিলে -- “ আমাৰ গটাইৰে মাহী দা পকাকে এই কামৰ ভাৰ অৰ্পন কৰ্‌লি কেন্‌কা হয়৷ কিয়ানো তেওঁ প্ৰায় ভাগ জন্তুৰে তেজ খাই পাছি৷ তেওঁ নি(য় ক’বা পাৰ্‌বু যে কোনবিধ জীৱৰ তেজৰ সৱাদ বিছি৷”

ফেটি সৰ্পৰ কথাটো সকলোৱে পচণ্ড কৰিলে৷ মহাৰাজে লগে লগে মাহীয়েক দা পৰুৱাক মাতি আনিবলৈ কটকী পঠিয়ালে৷  কিছু সময়ৰ অন্তত কটকীয়ে দা পৰুৱাক মাতি আনিলত৷ দা পৰুৱা আহি সভাত উপস্থিত হ’ল৷ সৰ্পৰাজক সেৱা জনাই সুধিলে -- “ ভাগিনহাঁত ম’ক বা কি কাৰণত ইম্‌মান খৰখেদাকে মাতি আনা হ’ল?”

সৰ্পৰাজে ক’লে -- “ কথা হ’ল মাহী তুমি আমাক ক’বা লাগে কোনবিধ জীৱৰ তেজৰ সৱাদ বিছি৷ আমি সেইবিধ জীৱকে ভক্ষন কৰ্‌বালাগি সিদ্ধান্ত লুছুং৷”

কথা শুনি দা পৰুৱাই ক’লে -- “ মইতু গটাইবিধ জীৱৰে তেজ খাই পাৱা নাই, যি কেইবিধৰ খাই পাছুং৷ ম’ৰ নিজৰে ভাল লাগা নাই৷ কিন্তু উপায় নাই ৷ সৱাদ নহ’লিও তাকেই খাবা ভগৱানে আদেশ দিছি৷”

সৰ্প সকলে ক’লে --“ আমাৰো সেই একেই ভয়৷ এতিয়া যিকোনো এবিধ জীৱ খাম বুলি সিদ্ধান্ত ল’ম পিছুত যুদি সৱাদ নহ’ৱা হয়৷ পস্তাৱা লাগ্‌বু৷”

সৰ্পৰাজে ক’লে -- “তুমি এটা কাম আমাক কৰি দিবা লাগ্‌বু মাহী৷ তুমি এসপ্তাহৰ ভিতৰত পৃথিৱীৰ গটাই জীৱৰে তেজ খাই প্ৰমাণ কৰি আমাক জনাবা লাগ্‌বু যে কোনবিধ জীৱৰ তেজ সৱাদময়৷ এই কাম তোমাৰ বাহিৰে ইমান স’নকালে কায়’ কৰ্‌বা নৰে৷”

সৰ্পৰাজ আৰু ভাগিনীয়েক হঁতৰ কথা পেলাৱ নোৱাৰি দা পৰুৱাই সন্মতি দিলে৷ আৰু তাৰ পৰা গুচি আহিল৷ সৰ্পৰাজেও এসপ্তাহৰ বাবে সভাখন স্থগিত ৰাখিলে৷ আৰু ক’লে যে এসপ্তাহ পিছত পুনৰ এই একেই স্থানতে সভাখন আৰম্ভ কৰা হ’ব৷

হাতত সময় কম বাবে সিদিনাই কাৰ তেজ সোৱাদ সেই কথা প্ৰমাণিত কৰিবলৈ দা পৰুৱাই কামটো আৰম্ভ কৰিবলৈ উদ্যত হ’ল৷ সেয়ে তাই পৃথিৱীলৈ উৰা মাৰিলে৷ উৰি যাওঁতে বাটত এটা গাঁতৰ সন্মুখত কেকোঁৰা এজনীয়ে চিকাৰৰ বাবে ৰখি আছিল৷ কেকোঁৰাজনীয়ে দেখিলে দা পৰুৱাই খুউব যোৰেৰে পৃথিৱীলৈ উৰা মাৰিব ধৰিছে৷ কথাটোনো কি জানিবলৈ কেকেঁৰাজনীয়ে মাত লগালে - “ হেৰা দা ভণ্টি৷ ইম্‌মান খৰকে  উৰা মাৰি ক’লাগি যাবা ওলাছা ৷ অলপ জিৰণি লৈ যাচুন৷ পাতালৰ পৰা আইছা ৷ ভাগাৰ লাগা নাই৷”

কোকোঁৰাৰ কথা শুনি দা পৰুৱাই কিছু থমকি ৰ’ল৷ আৰু ক’লে হাঁহি  মাৰি - “ কাঁক্‌ৰা বাই আজি ৰ’বালাগি সময় নাই ৷ এটা বিশেষ জৰুৰী কামত পাঁচদিনৰ বাবে পৃথিৱীলাগি যাবা বিচাৰছুং৷ পিছুত কিতাবা সোমাম দে৷”

“ এ বাদ দিহে তোমাৰ জৰুৰী কাম৷ অলপ জিৰণি লৈ যাচুন৷ অলপ দেৰিকে গি’লিওতু কামতু কৰ্‌বা পাৰ্‌বি৷ তাৰোপৰি মকো জান্‌বা দিচুন তোমাৰনো কি ইম্‌মান জৰুৰী কাম৷” - কোকোঁৰাই ক’লে৷

কোকোঁৰাৰ কথা শুনি কথা চহকী দা পৰুৱাৰ কোকোঁৰাক কথাতো কৈ যোৱাই ভাল হ’ব বুলি মনতে ভাবিলে৷ সেয়ে তাই উভতি আহিল গাঁতৰ মুখলৈ৷ কেকোঁৰাই তাইক বহিবলৈ ঘাই ঠেং এখন মেলি দিলে৷ দা পৰুৱাই তাতেই বহি পৰিল৷

“ইতা ক’চুন কি সকামতনো ইমান তাৰাতাৰিকে যাবা ওলাইছা৷”- কেকোঁৰাই লাহেকৈ সুধিলে৷

কোকোঁৰাৰ প্ৰশ্নত দা পৰুৱাই সকলো কথা আদ্যোপান্ত বিৱৰি ক’লে৷ কেনেকৈ সৰ্পসকলে তাইক কোনবিধ জীৱৰ তেজ  সোৱাদ বেছি তাৰ প্ৰমাণ কৰিবলৈ দায়িত্ব দিছে সকলো কথা৷ দা পৰুৱাৰ কথা শুনি কেকোঁৰাই ক’লে - “কথাতু কিন্তু বেয়া নহয়৷ আমি তেন্‌কা প্ৰমাণ নক্‌ৰাকে আধাৰ নিদ্ধৰ্াৰণ কৰা বাবেই আজি সৱাদৰ কথা ভাব্‌বই নৰং৷”

অন্যান্য ভালেমান কথা-বতৰাৰ অন্তত দা পৰুৱাই যাবলৈ ওলাল৷ কেকোঁৰাই যোৱাৰ আগে আগে দা পৰুৱাক জোৰ দি ক’লে- “ দা ভুণ্টি তুমি প্ৰমাণ কৰি ঘূৰি আহংত কিন্তু ম’ৰ তাত জিৰণি নলৱাকে নাযাবি৷ ময়ো জান্‌বা বিচাৰছুং কাৰ তেজনো বিছি সৱাদ সেইকথা৷ গতিকে ম’ক তুমি জনাই থৈ যাবা  লাগ্‌বু৷” কোকোঁৰাৰ কথাত দা পৰুৱাই হ’ব দে বুলি শলাগি বিদায় ল’লে৷ কোকোঁৰাও নিজৰ চিকাৰৰ অপেক্ষাত বহি থাকিল৷

দা পৰুৱাই সমগ্ৰ পৃথিৱীৰ সকলো জীৱকে কামুৰি তেজৰ সোৱাদ ল’বলৈ আৰম্ভ কৰিলে৷ এটা এটা কৈ সকলো জীৱৰে তেজ খাই চাওতে দা পৰুৱাৰ পাঁচটা দিন গ’ল৷ ছয় দিনৰ দিনা মাত্ৰ কেইটামান জীৱৰহে তেজৰ খাবলৈ বাকী থাকিল৷ তাৰে ভিতৰত মনুষ্যও থাকিল৷ ছয় দিনাৰ দিনা সকলো জীৱৰে তেজ খাই প্ৰমাণ কৰি অৱশেষত মনুষ্যৰ তেজ খালে৷ সকলোৰে তেজ খাই দা পৰুৱাই গম পালে যে মনুষ্যৰ তেজেই আটাইতকৈ সোৱাদ৷ সেয়েহে সি সঠিক সিদ্ধান্ত উপনীত হৈ পৃথিৱীৰ পৰা উভতি পাতাললৈ যাবলৈ উদ্যত হ’ল৷ দা পৰুৱাই  ভাবিলে এনেকৈ ইমান দূৰ উৰি যাওঁতে হয়তো সি পাহৰি যাব পাৰে ৷ সেয়ে নাপাহৰক বুলি মনুষ্য মনুষ্য বুলি আউৰাই পাতাল অভিমূখে উৰি আহিবলৈ ধৰিলে৷

উভতি অহাৰ পথত কেকোঁৰাৰ গাতৰ ওচৰ পোৱাত তাই বেছি সময় ৰবলৈ চেষ্টা নকৰিলে৷ জানোচা পাহৰি যায়৷ সেয়ে মনুষ্য মনুষ্য বুলি কেঁকোৰাক ক’বলৈ ধৰিলে৷ দা পৰুৱাৰ কথা শুনি কেকোঁৰাৰ চিন্তা হ’ল৷ তাৰমানে মনুষ্য তেজই সকলোতকৈ সোৱাদ৷ এতিয়া কথাতো বিষম হ’ব সৰ্পসকলে মনুষ্যক খোৱা আৰম্ভ কৰিব৷ তেতিয়া দেখোন পৃথিৱীত মনুষ্যৰ সংখ্যা কমিবলৈ আৰম্ভ কৰিব৷ আৰু মনুষ্য শেষ হ’লে পৃথিৱীয়ে বা থাকিব ক’ত ৷ এতিয়া কি কৰা যায়৷ বুধিয়ক কেকোঁৰাই সেয়ে বুদ্ধি পাঙি দা পৰুৱাক পুনৰ ক’লে -- “দা ভুণ্টি এইবাৰো ইম্‌মান ভাগাৰে -জুগাৰে উলতি আইছা অলপ ম’ৰ তাত জিৰণি লৈ যা৷”

“ নাই নাই সন্‌কালে সৰ্প ভাগিনহাঁতক সংবাদটু দিবা লাগ্‌বু৷ নহ’লি ম’ৰ  বৰ ব’জা হৈ আছে৷ আজি আৰু জিৰণি নলংদে৷”- দা পুৰুৱাই আপত্তি কৰিলে৷

কোকোঁৰা নাচোৰবান্দা৷ জোৰ দি ধৰিলত৷ দা পৰুৱাই জিৰণি ল’বলৈ বাধ্য হ’ল৷ আগৰ দৰেই কোকোঁৰাই ঘাই ঠেংখন মেলি তাইক বহিবলৈ দিলে৷ তাই বহিলত৷ মুখেৰে কিন্ত মনুষ্য মনুষ্য শব্দটো উচ্ছাৰণ কৰিয়ে থাকিল৷ যাতে পাহৰি নাযায়৷ কেকোঁৰাই ক’লে- “ তোমাৰ মুখৰ শব্দৰ পৰা বুজিলুং৷ তাৰমানে মনুষ্য তেজই সকলোতকৈ সৱাদ৷ নহয়না দা ভুণ্টি৷” দা পৰুৱাই শলাগিলে আৰু ক’লে -- “ এৰা৷ সকলো জীৱৰ তেজৰ ভিতৰত মই মনুষ্য তেজ খাই বৰ সৱাদ পালুং৷ গতিকে সৰ্প ভাগিনহাঁতেও বৰ ভাল পাবু৷ আমাৰহে  ভাগ্য বেয়া গৰু মুইহৰ সেই সৱাদ নহ’ৱা তেজ খাই থাক্‌বা লাগ্‌বু৷”

“ কিন্তু কথাটু সিমান ভাল নহ’ল৷ মনুষ্যক সৰ্প গিলাই খাবা আৰম্ভ কৰ্‌লি পৃথিৱীয়ে নিঃশেষ হৈ যাবু৷ গতিকে তুমি এটা কাম কৰা ৷ সৰ্পগিলাক বেলেগ জীৱ এটাৰ নাম কৱাগে৷ যাতে মনুষ্য সকল বাচেই৷”- কোকোঁৰাই আপত্তি কৰিলে৷

দা পৰুৱা আকোঁৰগোজ ৷ নাই তাই মিছামাতি ৰোষত নপৰে৷ মিছা  কথাৰ ঠেং ছুটি৷ এদিন যেতিয়া সৰ্পসকলে গম পাব যে তাই মিছা মাতি সিহঁতক বেলেগ জীৱ এটা কথা কৈছে৷ তেতিয়া তাইৰ নিষ্টাৰ নহ’ব৷ দা পৰুৱাৰ কথাত কোকোঁৰাই ভাবিলে কথা বিষম৷ গতিকে বেলেগ এটা ব্যৱস্থা কৰিব লাগিব৷ তথাপি মনুষ্যক এই বিপদৰ পৰা বচাব লাগিব৷ সেয়ে সি ঘাই ঠেঙেৰে দা পৰুৱাক চেপি ধৰিলে৷ কেকোঁৰাৰ চেপাত দাঁ পৰুৱাই দুখ পাই মনুষ্য মনুষ্য কৰি থকাৰ সলনি বেং বেং কৰি উঠিল৷ তেতিয়া কেকোঁৰাই এৰি দিয়াত দা পৰুৱাই খং আৰু দুখত একো নাই হৈ বেং বেং কৰি উৰি গুচি গ’ল পাতাল অভিমুখে৷ বিষত দা পৰুৱাই পাহৰি গ’ল মনুষ্য শব্দটো ৷ তাৰ ঠাইত× তাইৰ মুখত বেং বেং শব্দটোহে উচ্ছাৰিত হ’বলৈ ধৰিলে৷

ইতিমধ্যে পাতালত পূৰ্বৰ কথা অনুসৰি সাতদিনৰ দিনা সৰ্প সকলৰ পুনৰ সভা বহিলত৷ সকলোৱে মাহীয়েক দা পৰুৱাৰ অপেক্ষাত ৰৈ আছে৷ সকলোৰে মনত উৎসুকতা ৷ কি জীৱৰ বা তেজ সোৱাদ৷ এনেদৰে উৎসুকেৰ ৰৈ থাকোতে এটা সময়ত দা পৰুৱাই বেং বেং কৰি উপস্থিত হ’ল৷ তেতিয়া সকলোৱে বুজি পালে যে বেঙৰ তেজেই সকলোতকৈ সোৱাদ৷ দা পৰুৱায়ো সৰ্প সকলক মনুষ্যৰ কথা পাহৰি  বেং বুলিয়ে ক’লে৷

সেই দিন ধৰি সৰ্পসকলৰ প্ৰধান আধাৰ হৈ পৰিল বেং৷

এটা নুতুন দিষ্টান

পুৰণি কালৰ কথা৷ এখন গাঁওত এহাল বুঢ়ী বুঢ়ী আছিল৷ সিহঁতৰ কেওঁ কিছু নাছিল৷ আনকি মাটি-বাৰী সা-সম্পত্তি বুলিবলৈও একো নাছিল৷ বুঢ়াই কাৰোবাৰ ঘৰত দিন হাজিৰা কৰি আৰু বুঢ়ীয়েও অইনৰ ঘৰত ইটো-সিটো কাম-বন কৰি কোনোমতে দুবেলা- দুমুঠি খাই চলি আছিল৷ গাঁওখনত বুঢ়া বৰ জনপ্ৰিয় লোক আছিল৷ তাৰ কাৰণ হ’ল বুঢ়াই বৰ ধুনীয়া ধুনীয়া সাঁথৰ ক’ব পাৰিছিল৷ বিশেষকৈ সৰু-সৰু ল’ৰা-ছোৱালীবোৰে বুঢ়াক দেখিলে নেৰিছিল৷ সাঁথৰ শুনাবই লাগিব৷ সেয়ে সকলোৱে তেওঁক সাঁথৰ ককা বুলিয়েই মাতিছিল৷

আনফালে সেইখন ৰাজ্যৰ ৰজাও আছিল সাঁথৰ প্ৰেমী৷ তেওঁ আকৌ অইনৰ সাঁথৰ ভাঙিহে বৰ আনন্দ পাইছিল৷ সেয়েতেওঁ বহুতো কিতাপ অধ্যয়ন কৰি জ্ঞানী হৈ পৰিছিল৷ তেওঁ নজনা কথা একোৱে নাছিল৷  ৰাজসভাত বহিলে বা অইন আজৰি পৰত তেওঁ  প্ৰায়ে মন্ত্ৰীসকলৰ লগত বহি সাঁথৰ ভঙাৰ খেল খেলি বৰ আমোদ পাইছিল৷ ৰজাই ভাঙিব নোৱাৰা সাঁথৰ প্ৰায় নাছিলেই৷ কেতিয়াবা দুই এটা মন্ত্ৰীসকলে ক’লেও পিছদিনাই কিতাপ-পত্ৰ চাই তাৰ উত্তৰটো জানি লৈছিল৷ এনেকৈয়ে ৰজাৰ নজনা সাঁথৰ প্ৰায় নোহোৱা হৈ পৰিছিল৷ যিটো সাঁথৰে কওঁক ৰজাই পটককৈ উত্তৰ দিব পাৰিছিল৷ এদিনাখন ৰজাৰ মনত এটা কথা খেলিলে৷ তেওঁ যিহেতু নজনা সাঁথৰ নায়েই৷ গতিকে তেওঁ নুশুনা নতুন সাঁথৰ শুনিব বিচাৰে আৰু তাৰ উত্তৰ ভাঙিব বিচাৰে৷ সেয়ে তেওঁ ঢোলীয়াক ঢোল পিঠি ৰাজ্যত আৰু অন্যান্য ৰাজ্যতো জনাই দিব দিলে যে যি ব্যক্তিয়ে ৰজাই নুশুনা ভাঙিব নোৱাৰা সাঁথৰ ক’ব পাৰিব, তেওঁক বহুতো ধন-ধান- আ-অলংকাৰ আদিৰে পুৰস্কৃত কৰা হ’ব৷ আৰু যদি ৰজাই সেই সাঁথৰ ভাঙিব পাৰে বা ৰজাই আগতে শুনা সাঁথৰ কয়, তেন্তে তেওঁক এবছৰৰ বাবে কাৰাবাস দিয়া হ’ব৷ কথামতে কাম ঢোলীয়াই গাঁৱে গাঁৱে কথাটো ঢোল পিটি শুনাই ফুৰিলে৷ এই খবৰ পাই বিভিন্ন ঠাইৰ পৰা বহুতো পণ্ডিত ৰাজসভালৈ ৰজাক সাঁথৰ শুনাব আহিল৷ কিন্তু কোনেও ৰজাই আগতে নুশুনা বা ভাঙিব নোৱাৰা সাঁথৰ ক’ব নোৱাৰিলে৷ সকলোবোৰ সাথঁৰ ৰজাই পটক্‌কৈ উত্তৰ দিব পাৰে৷ ফলত বহু পণ্ডিত এবছৰৰ বাবে কাৰগাৰত সোমাল৷

এই কথা শুনি এদিন ৰাতি শুৱাৰ পৰত বুঢ়ীয়ে বুঢ়ীক ক’লে-- “ েহৰি, আপ্‌নিও যাকহে ৰাজসভালাগি৷ ৰাজাক দিষ্টান্ত শুনাবা৷ কিজানি আপ্‌নি জানা দিষ্টান্তগিলা ৰাজাই নাজান্‌বও পাৰেই৷ তিতা পুৰস্কাৰ পালি আমাৰ কিজানি দুখৰ দিনৰ কিছু অন্ত পৰেই”

বুঢ়ীৰ কথাত বুঢ়াই ভেকাহি মাৰি ক’লে -- “ মৰ্‌বা আৰু ঠাই পাৱা নাই৷ ইতা অন্ততঃ  হাজ্‌ৰা কৰি দুইবেলা দুইমুঠি খাই আছুং৷ তাত যাই মই কাৰাগাৰত থাক্‌লি তুমি নাখাই মৰ্‌বা লাগ্‌বু৷ ৰাজাই নাজ্‌না নুশুনা দিষ্টান্ত কিজানি পৃথিৱীতে নাই৷ গটাই সাঁথৰ ৰাজাই জানে৷ তাৰপৰি কিমান ডাঙাৰ ডাঙাৰ পণ্ডিত ইতালাগি কাৰগাৰত সোমাছি তাৰ হিচাব নাই৷ মইনো কোন কুটা৷”

“ নহয়হে৷ এক্‌বাৰ চেষ্টা এটা কৰি চাৱাত আপুত্তি কিহৰ৷ তাৰপৰি এবছৰৰহে কাৰাবাস৷ এটা বছৰ মই কিবাকে চল্‌বা পাৰিম৷ কিন্তু কথা হ’ল সৌভাগ্যক্ৰমে যদি কিবাকে আপ্‌নি জানা দিষ্টান্ত ৰাজাই নাজনেই বা আগতে শুনা নাই, তিতাটু আমাৰ কপাল ফুলিল৷” - বুঢ়ীয়ে অলপ জোৰকৈ ধৰিলে৷

বুঢ়াই নামানে ৷ বুঢ়ীও নামানে৷ দুয়োৰো মাজত তৰ্কা-তৰ্কি আৰম্ভ হ’বলৈ ধৰিলে৷ অৱশেষত বুঢ়াই নিজেই সেও মানিলে৷ ক’লে -- “ ঠিক আছেই৷ তই ইম্‌মানকে ক’ছা যিতা মই বাৰু কালি ৰাজাৰ ওচ্‌ৰত দিষ্টান্ত শুনাবা যাম৷ তই মাথো একবছৰ এক্‌লাই কেন্‌কে কটাবি  তাৰ বাবে সাঁজু হ’৷ কাৰাবাস হ’ৱাটো নিশ্চিত কথা৷ ইম্‌মান ৰাজাই নাজানা-নুশুনা দিষ্টান্ত শুনাবা পৰা সাধ্য ম’ৰ হ’লি নাই৷” -- এইবুলি বুঢ়াই খঙেৰে সিকাটি হৈ শুই থাকিল৷

পিছদিনা ৰাতিপুৱা খং আৰু বেজাৰত বুঢ়ীৰ মনটোকে সন্তুষ্টু কৰো বুলি বুঢ়াই ৰাজসভালৈ যাবলৈ ওলাল৷ বুঢ়ীয়ে বাটত ভোক লাগিব বুলি এমুঠিমান চিৰা আৰু আঠীয়া ক’ল এটা গামোছাত বান্ধি দিলে৷ বুঢ়াও একো নামাতি সেই টোপোলাটো লৈ যাত্ৰা আৰম্ভ কৰিলে৷ সি জানে এবছৰ কাৰাবাস বৰণ কৰাটো আজি বুঢ়াৰ নিশ্চিত৷ তথাপি উপাই নাই বুঢ়ীয়ে অশান্তি কৰি থাকিব৷ সেয়ে সি ৰাজসভালৈ বুলি গোমোঠা মনেৰে খোজ ল’লে৷ কিছুদূৰ যোৱাৰ পাছত বুঢ়াৰ মনত পৰিল৷ তেওঁ যে ৰজাক সাঁথৰ শুনাবলৈ ওলাইছে৷ কোনটো সাঁথৰনো শুনাব বাৰু৷ সি মনতে গমি চালে৷ ভালেকেইটামান সাঁথৰৰ কথা মনলৈ আহিল৷ নাই ইমান সহজ-সৰল সাঁথৰ ৰজাই একেকোৱেই উত্তৰ দিব৷ নাই নাই ইমান সহজতে কাৰাবাস খটাত বুঢ়াৰ আপত্তি আছে৷ তেওঁ যিহেতু গাঁৱত সাঁথৰ ককা বুলি বিখ্যাত৷  ইমান সহজ সাঁথৰ কৈ এবাৰতেই কাৰাবাস খাটিলে বুলি জানিলে সন্মানৰ কথা আছে৷ গতিকে এটা নতুন সাঁথৰ ক’ব পাৰিলে ৰজাও অন্ততঃ কিছু চিন্তা কৰিব লাগিব বা কিতাপ পত্ৰ মেলি চাব লাগিব৷ এই ভাবি বুঢ়াই চিন্তা কৰি গৈ থাকিল৷ কি সাঁথৰ শুনাব বাৰু ৰজাক৷ এনেকৈ গৈ থাকোতে ব’হাগৰ নতুন পানী পাই চপ্‌চপীয়া হোৱা পথাৰত কেইটামান বগলীয়ে মাছ বিচাৰি থকা বুঢ়াৰ চকুত পৰিল৷  বুঢ়া কিছু সময় বগলী কেইটাৰ পিনে চাই থাকিল৷ এখোজ দুখোজকৈ বগলীকেইটাই পথাৰত মাছ বিচাৰি ফুৰিছে৷ বুঢ়াৰ মনত ফট্‌ককৈ খেলাই গ’ল- এই কথাটোৰে দেখোন সাঁথৰ এটা আৰম্ভণি কৰিব পাৰি৷ এইভাবি তেওঁ মনতে ভোৰভোৰালে- “ এক্‌খজ দুইখজ.......” ৷ এইদে্‌ৰ আউৰাই আউৰাই বুঢ়াই গৈ থাকিল৷ কিছুদূৰ যোৱাৰ পিছত বুঢ়াই এটা উদং বস্তিত দেখিলে দুজনমান লোকে খন্তিৰে খুচুৰ -খুচুৰকৈ মৰাপাট নিকাই আছে৷ বুঢ়াৰ মনত আহিল - “খুচুৰ- খাচাৰ..”৷ সি এই শব্দটো আগৰ শব্দটোৰ স’তে যোৰা লগালে- “এক্‌খজ- দুইখজ, খুচুৰ-খাচাৰ....”৷ বুঢ়াৰ মনতো কিছু ভাল লাগিল৷ তেওঁ এইবাৰ আৰু কিবা পায় নেকি অনুসন্ধান কৰিবলৈ ধৰিলে৷ এনেদৰে এই খণ্ডবাক্যফাঁকি আউৰাই আউৰাই বুঢ়া গৈ থাকিল৷ কিছুদূৰ যোৱাৰ পিছত বুঢ়াৰ চকুত পৰিল এঘৰ মানুহৰ পদূলিত এখন লাওৰ হেদালিৰ ছাঁত এজন বৰ শকত -আৱত লোক গৰমতফোঁফাই-জোফাই বহি আছে৷ ওপৰত লাও হেদালিত লাওৰ ফুলবিলাক ফুলু -ফুলু হৈ আছে৷ বুঢ়াৰ মনত লগে লগে আহিল- “লাও ফুলুং-ফুলুং...”৷ ইয়াৰ পিছত সি লোদোৰ-ফুদুৰ মানুহজনলৈ চাই ভাবিলে - “এইটো এটা পেট গাহৰি.....”৷ লগে লগে বুঢ়াৰ মনতো ফৰকাল হ’ল৷ তেওঁ আগৰ খণ্ডবাক্যটোৰ স’তে এইবাক্য দুটা যোৰা লগাই চালে- “ এক্‌খজ-দুইখজ, খুচুৰ-খাচাৰ, লাওফুলুং -ফুলুং, পেট গাহৰি...”৷ এইখিনিলৈকে হোৱাত বুঢ়া নিজৰ যাত্ৰাৰ উদ্দেশ্যৰ কথা ভাবি তাতে যোৰা লগালে এইবুলি- “ক’লৈ বলা?” বুঢ়াৰ মনতো ভাল লাগি গ’ল৷ তেওঁ বাক্যটো এবাৰ সম্পূৰ্ণকৈ আউৰাই চালে কেনে হ’ল৷- “ এক্‌খজ দুইখজ, খুচুৰ- খাচাৰ,লাও ফুলুং-ফুলুং,পেট গাহৰি ক’লৈ বলা?” এৰা ভাল হৈছে-বুঢ়াই মনতে ভাবিলে ইয়াৰ অৰ্থ তেওঁৰ বাদে আৰু আন কোনেও নাজানে৷ গতিকে এইটো ৰজাৰ বাবে এটা নতুন দিষ্টান্ত হ’ব৷ এইবুলি ভাবি বুঢ়াই নিশ্চিন্ত মনে ৰাজসভালৈ আগবাঢ়িল৷

কিছুবেলি যোৱাৰ পিছত বুঢ়া গৈ ৰাজ দৰবাৰৰ সন্মুখত হাজিৰ হ’ল৷ দুৱৰীক গৈ ক’লে যে তেওঁ ৰজাক সাথঁৰ শুনাব আহিছে৷ দুৱৰীয়ে প্ৰথমতে বুঢ়াক বাধা দিলে যে এই বয়সত মিছাতে পোতাশালত সোমাব নালাগে৷ ক’ত ডাঙৰ ডাঙৰ পণ্ডিত ইতিমধ্যে পোতাশালৰ ভাত খাইছে৷ কিন্ত বুঢ়া আকোঁৰগোজ৷ অৱশেষত দুৱৰীয়ে ৰাজসভাত সোমাব দিলে আৰু ৰজাক বুঢ়াৰ আগমণৰ কথা জনালে৷ ৰজাই বুঢ়াক মাতি পঠিয়ালে৷ বুঢ়া গৈ ৰজাৰ সন্মুখত হাজিৰ হ’ল৷ বুঢ়াক দেখি ৰজাৰ হাঁহি উঠিল৷ ৰজাই বুঢ়ালৈ চাই ক’লে- “ হেৰা আতা, তই ঘৰত যাগেই যা৷ এই বুৰা বয়সত আৰু পোতাশালৰ ভাত খাবা নাল্‌গেই৷ তই কি দিষ্টান্ত শুনাবি মোৰ জানা আছে৷” কিন্তু বুঢ়া আকোঁৰগোজ৷  তেওঁ এবাৰ অনুৰোধ কৰি ক’লে- “ মহাৰাজ, পোতাশালৰলাগি মৰ ভয় নাই৷ ভয় থাকলিনো আহং না ৷ মাত্ৰ মই জানা দিষ্টান্ত এটা মহাৰাজক শুনাবাৰ বৰ ইচ্ছা আছেই৷ অনুগ্ৰহ কৰি শুনাবা দিলি মৰাৰ সময়তো সুখ পালুং হয়৷” বুঢ়াৰ অনুনয় বিনয়ত অৱশেষত ৰজাই বুঢ়া দিষ্টান্ত শুনোৱাৰ অনুমতি দিলে৷ অনুমতি পাই বুঢ়া বৰ ৰং লাগিল৷ তেওঁ সবিনয়ে হাতযোৰ কৰি ৰজাৰ আগত তেওঁৰ দিষ্টান্তটো গালে - “ মহাৰাজ মৰ দিষ্টানটো শুনক - ‘এক্‌খজ দুইখজ, খুচুৰ- খাচাৰ,লাও ফুলুং-ফুলুং,পেট গাহৰি ক’লৈ বলা?’ এই দিষ্টান্তটোৰ উত্তৰ মহাৰাজে নি(য় দিব পাৰিব?” বুঢ়াৰ মুখত দিষ্টান্ত শুনি ৰজা খন্তেক চিন্তা কৰিলে৷ তাৰ পিছত বুঢ়াক পুনৰ দিষ্টান্তটো আকৌ এবাৰ শুনাবলৈ ক’লে৷ বুঢ়া পুনৰ দিষ্টান্তটো ৰজাক শুনালে৷ এইবাৰ ৰজা হতভ ম্ব হ’ল৷ এৰা! এনে দিষ্টান্ত ৰজাই কাহানিও শুনা নাই৷ তেওঁ যিমান দিষ্টান্ত থকা কিতাপ পত্ৰ আছে মেলি চালে৷ নাই ক’তো নাই এই দিষ্টান্তটো৷ ৰজাই বহুত সময় চিন্তা কৰি বহি থাকিল৷ কি হ’ব এই দিষ্টান্তৰ উত্তৰ? নাই অৱশেষত ৰজাই একো ভাবি উলিয়াব নোৱাৰিলে৷ তাৰ পিছত ৰজাই ক’লে - “হেৰা আতা, মই এই দিষ্টান্ত কাহানিও শুনা নাই আৰু ইয়াৰ উত্তৰো মই নাজানো৷ গতিকে তই জয়ী হ’লি৷ তোক মই কৰা ঘ’ষণা অনুসৰি যি পুৰস্কৃত কৰিব লাগে কৰিলো৷ ৰাজভৰাঁলৰ পৰা লৈ যাবি৷ কিন্তু অনুগ্ৰহ কৰি উত্তৰটো মক ক’লে সুখী হ’ম৷” তেতিয়া বুঢ়া তেওঁৰ দিষ্টান্তটোৰ কথা বিবৰি উত্তৰটো দিলে যে এটা বগলী পানীত একোজ দুখোজকৈ মাছ বিচাৰি আছে, একেসময়তে এজন খেতিয়াকে খুচুৰ-খাচাৰকৈ মৰাপাট নিকাই আছে আৰু একেসময়তে এজন বৰ পেটুৱা গাহৰিৰ দৰে লোকে লাও ফুলুং পুলুং অৱস্থাত থকা লাও হেদালিৰ তলত গৰমত জিৰণি লৈ আছে৷ গতিকে সেই সময়তে বুঢ়াই বাৰু ক’লৈ গৈ আছে?

বুঢ়াৰ দিষ্টান্তৰ উত্তৰ শুনি আৰু তেওঁৰ উপস্থিত বুদ্ধিৰ শলাগ লৈ ৰজাই বুঢ়াক পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি  বহুত ধন -সোণ, টকা-পইচাৰে পুৰস্কৃত কৰি আদৰ-সাদৰ কৰি বিদায় দিলে৷ গোটেই ধন-সোণ, টকা -পইচাৰে বুঢ়াৰ এখন বৰ ডাঙৰ ভাৰ হ’ল৷ সেই ভাৰ লৈ বুঢ়াই আনন্দ মনেৰে ঘৰলৈ উভতিল৷ উভতি আহোতে বাটত যাওঁতে দেখা গাহৰিৰ দৰে মানুহজনে বুঢ়াক দেখা পালে৷ তেতিয়া মানুহজনে বুঢ়াক সুধিলে-“ হেৰা আতা যাংতে সুন্‌দা মানু যাৱা দিখ্‌ছিলুং৷ আহংতে দেখুন এখান মস্ত দাংবা নৰা ভাৰ৷ কথাটো কি?” বুঢ়া কেনেকৈ ৰজাই নুশুনা দিষ্টান কৈ এই পুৰস্কাৰ পাই আহিছে বিৱৰি ক’লে আৰু বৰ বেছি দেৰি নকৰি বিদায় লৈ ঘৰমুৱা হ’ল৷ বুঢ়াৰ ধন সোণৰ ভাৰখন দেখি গাহৰিৰ দৰে চেহেৰাৰ মানুহজনৰ লোভ লাগিল৷ লগে লগে তেওঁ চিপৰাং আৰু বস্তা এটা লৈ বুঢ়াক পিছা কৰিলে৷ উদ্দেশ্য ৰাতি হ’লে বুঢ়াৰ ঘৰত সিন্দি খান্দি গোটেই ধন সোণ চুৰি কৰি আনিব৷ বুঢ়া ঘৰ গৈ পাওঁতে কানিমুনি আন্ধাৰ হৈছিল৷ বুঢ়াৰ মস্ত ভাৰ এখনেৰে সৈতে দেখি বুঢ়ীৰ বৰ আনন্দ লাগিল৷ ক’লে - “দিখ্‌লিনা ইটা৷ যাবা নুখুজা৷ মই জানং নহয় তই পাৰ্‌বি বুলি৷ দিষ্টান্ত কৱাত তৰ এই অঞ্চলত এটা নাম আছে৷ তৰ দিষ্টান্ত ৰজাই কিয়া ভগবানেও ভাঙবা নৰেই৷ ক’ চোন ক’ কিনো দিষ্টান কলি ৰজাক?” বুঢ়ীৰ সাতখন আঠখন গা দেখি বুঢ়াই ধমক দিলে- “ ৰ চোন ৰ৷ আগতে অলপ জিৰাই ল’বা দি৷ ইম্‌মান দুখে ভাগাৰে আছুং৷ পানী হলি এক্‌বাতি দিবাৰ ত’ত পাৱা নাই৷” তেতিয়াহে বুঢ়ীয়ে চেতনা পাই বুঢ়াক পানী এক্‌ঘটি আনি দিলে৷ বুঢ়াই ঘৰৰ পিৰালিতে বহি পানী ঘটি কোৎ কোৎ কৈ পি খালে৷ বুঢ়ীয়ে আকৌ সুধিলে- “ হেৰি কচোন ক কিনো ইমান ৰজাই নাজ্‌না দিষ্টান কলি? ময় শুনুং৷” বুঢ়া উত্তৰ দিলে - হেৰা, ৰ’বাহে৷ শুন্‌বি নহয় লাহে ধীৰে৷ আগতে খাৱা-লৱাৰ য’গাৰ কৰ যা৷ পিছত শুৱাৰ পৰতো শুন্‌বা পাৰ্‌বি৷” বুঢ়াৰ কথা শুনি মনৰ আগ্ৰহ মনতে ৰাখি বুঢ়ীয়ে ভাত-পানীৰ যোগাৰ কৰিলেগৈ৷

ইফালে গাহৰি পেটুৱাই গৈ বুঢ়াহঁতৰ ঘৰৰ পিছফালে  বুঢ়া- বুঢ়ীয়ে কেতিয়া শোৱে আৰু টোপনি যায় তাৰ বাবে অপেক্ষা কৰি চোপ দি বহি থাকিল৷ ভাত-পানী খোৱা-লোৱা কৰি বুঢ়া-বুঢ়ী শোৱা পাটীত উঠিল৷ বুঢ়াৰ বৰ ভাগৰ লাগিছিল৷ সেয়ে কিছুসময় মনে মনে থাকি চকুহাল মুদাৰ লগে লগে টোপনিয়ে হেচি ধৰিলে৷ বহু সময় কোনো সাৰ-সুৰ নাপাই গাহৰি পেটুৱাই ভাবিলে বুঢ়া-বুঢ়ী নি(য় টোপনি গ’লে৷ সেয়ে সি চিপ্‌ৰাংখন উলিয়াই খুচুৰ-খাচাৰকৈ সিন্দি খন্দা আৰম্ভ কৰিলে৷ বুঢ়ীৰ টোপনি অহা নাই৷ মনতো উগুল-থুগুল -কি দিষ্টান্ত ক’লে বাৰু বুঢ়া ৰজাৰ আগত৷ সেয়ে তাই বুঢ়াক হেচুকি সুধিলে - “হেৰি, কচোন কিনো দিষ্টান কলি ৰজাৰ আগত?” বুঢ়াৰ চিলমিলকৈ টোপনি আহিছিল৷ বুঢ়ীৰ কথাত সি টোপনিৰ আলজালতে মুখেৰে আউৰালে -- “শুন, খুচুৰ-খাচাৰ......”৷ ঘৰৰ পিছফালে সিন্দি খান্দি থকা গাহৰি পেটুৱাই বুঢ়াৰ মুখত খুচুৰ-খাচাৰ শব্দটো শুনি উচপ খাই উঠিল৷ সি ভাবিলে বুঢ়াই তাৰমানে সি খুচুৰ-খাচাৰকৈ সিন্দি খান্দি থকাটো গম পাইছে নেকি বাৰু? কিছুসময় সি খন্দা বাদ দি একে ঠাইতে কাণ ওলাই থাকিল৷ বহুসময় বুঢ়াই একো নোকোৱা বাবে বুঢ়ী পুনৰ হেচুকি দি সুধিলে - “তাৰপিছত...” ৷ বুঢ়ীৰ মুখত কিবা এটা গুণগুণনি শুনি গাহৰি পেটুৱাই ভাবিলে হয় বুঢ়ী-বুঢ়ীয়ে তাৰ কথা গম পাইছে৷ কিবা আলোচনা কৰিছে৷ গতিকে সি যোৱাই ভাল হ’ব৷ নহ’লে ধৰা পৰিব৷ এই ভাবি সি এখোজ-দুখোজকৈ যাবলৈ আৰম্ভ কৰিলে৷ ইফালে বুঢ়ীৰ হেচুকনিত তন্দ্ৰা পাই  বুঢ়াই টোপনিৰ আলজালতে কিছু তত পাই পুনৰ আউৰালে - “ এক্‌খজ-দুইখজ....”৷ বুঢ়াৰ মুখত কিছু জোৰেৰে কোৱা এক্‌খজ-দুইখজ শব্দটো শুনি গাহৰি পেটুৱা বেছিকৈ ভয় খালে৷ ভাবিলে হয় সি অহাটো বুঢ়াই ইতিমধ্যে গম পাইছে৷ নহ’লে সি এখোজ-দুখোজকৈ যাবলৈ ধৰা কথাটো বুঢ়াই কিয় ক’ব৷ এই বুলি ভাবি গাহৰি পেটুৱা কিছু থমকি ৰ’ল৷  ইফালে বিচনাত বুঢ়ীৰ পুনৰ হেচুকি দি  তাৰপিছত বুলি কৰা প্ৰশ্নত বুঢ়াই পিছৰ ফাঁকিটো আউৰালে - “লাও ফুলুং পুলুং পেট গাহৰি...”৷ এইবাৰ গাহৰি পেটুৱাৰ আৰু বুজিবলৈ বাকী নাথাকিল যে সি চোৰ কৰিবলৈ অহাটো বুঢ়াই গম পোৱাটো খাটাং৷ এই বুলি ভাবি সি বেগাবেগিকৈ পলাবলৈ খোজোতেই ইফালে বুঢ়াই দিষ্টান্তটোৰ শেষৰ চোৱা আওৰালে - “ ক’লৈ যোৱা..?” বুঢ়াৰ মুখত ‘ক’লৈ যোৱা’ শব্দটো শুনি গাহৰি পেটুৱা থমকি ৰ’ল৷ ভাবিলে তাৰ আৰু নিষ্টাৰ নাই৷ সি বুঢ়াৰ হাতত ধৰা পৰিল৷ গতিকে বেছিকৈ দায় জগৰ লগাৰ আগেয়ে আত্মসমৰ্পন কৰাই ভাল৷ সেয়ে সি চিঞৰি উঠিল - “ হেৰা আতা, মইহে.......৷ আছো ইয়াতে পলোৱা নাই৷” বাহিৰত কাৰোবাৰ মাত শুনি বুঢ়া-বুঢ়ী বিচনাৰ পৰা উঠি বহিল৷ সিহঁতে গম পালে যে সিহঁতৰ ঘৰলৈ চোৰ আহিছে৷ সেয়ে দুয়ো গাঁৱৰ ৰাইজক উদ্দেশ্যি চিঞৰিবলৈ ধৰিলে- চোৰ চোৰ বুলি৷ বুঢ়া-বুঢ়ীৰ চোৰ চোৰ চিঞৰ শুনি গাঁৱৰ ৰাইজ দৌৰি ওলাই আহিল৷ আৰু বুঢ়াৰ ঘৰৰ পাছত গাহৰি পেটুৱাক হাতেলুটে ধৰিলে৷ ৰাইজে  বুঢ়াৰ পৰা গম পালে যে তেওঁ ৰজাঘৰৰ পৰা ৰজাই নুশুনা দিষ্টান শুনাই ধন সোণ পাই অহা এই গাহৰি পেটুৱাই দেখিছিল৷ আৰু সি সঁচাকৈয়ে চোৰ কৰিবলৈ আহিছিল৷ ৰাইজে উপযুক্ত প্ৰমাণ পাই গাহৰি পেটুৱাক মাৰ-পিট কৰি ৰাতিটো বান্ধি থলে৷

পিছদিনা পুৱাই পুলিছক মাতি ৰাইজে গাহৰি পেটুৱাক থানাত গটাই দিলে৷ ইফালে কাকো পৰিল তালো সৰিল ধৰণৰ ঘটনাটো শুনি বুঢ়া-বুঢ়ীৰ লগতে ৰাইজেই হাঁহি হাঁহি বৰ আনন্দ পালে৷ সেইদিনাৰ পৰা বুঢ়া আৰু বুঢ়ীৰ দুখৰ দিন উকলিল৷ দুয়ো ৰজাঘৰৰ পৰা পোৱা ধন-সোণ, টকা-পইচাৰে বৰ সুখেৰে বেপাৰ-বাণিজ্য কৰি দিন নিয়াবলৈ ধৰিলে৷

ৰাইক আৰু খাইক

পুৰণি কালৰ কথা৷ এখন গাঁওত এহাল অন্ধ আৰু খোৰা লোক আছিল৷ তেওঁলোক দুয়ো বৰ নলেগলে লগা বন্ধু আছিল৷ তেওঁলোকৰ কোনো-কিছু নাছিল বাবে দুয়োজনে মিলি অৰঙে -দৰঙে ভিক্ষা খুজি মাগি বৰ দুখ- কষ্টৰ মাজেৰে জীৱন নিৰ্বাহ কৰিছিল৷ ভিক্ষা খুজিবলৈ খোৰাই অন্ধৰ কান্ধত উঠি বাট দেখুৱাই গৈছিল৷ এনেকৈয়ে ভিক্ষা খুজি-মাগি আনি বৰ আনন্দেৰে দুয়ো বন্ধু খাই একেলগে থাকিছিল৷ এদিন দুয়ো বন্ধুৱে অৰ্থাৎ খেৰাই অন্ধৰ কান্ধত উঠি অইন দিনাৰ দৰেই ভিক্ষা খুজিবলৈ গাঁওলৈ ওলাল৷ সেইদিনা ওচৰৰ-পাজৰৰ গাওঁবোৰত তেওঁলোকে ভিক্ষা নোপোৱাত কিছু দূৰনিৰ গাঁও এখনলৈ গ’ল৷ গাঁওখনত ভিক্ষা খুজি ফুৰোতে সিঁহতৰ  বেলি ভাটি দিলে৷ এটাসময়ত সিঁহত ঘৰলৈ বুলি উভতিল৷ উভতাৰ পথত আহি থাকোতে অন্ধই ভৰিৰে কিবা এটা লঠিয়াই পালে৷ সি খোৰাক ক’লে - ভাই ,এইটো কি লাঠিয়াই পালুংহে? চাচোন চা?”

খোৰাই কান্ধৰ ওপৰৰ পৰা তললৈ হাউলি চাই ক’লে-“ এ.. বেলেগ ইকো নহয়, এডাল ৰুচিহে৷”

“ হয় নিকি? হেৰি কৰং খোৰা ভাই৷ ৰুচিডাল ম’নাত ভৰাই লং৷ আমাৰ কিতাবা কামত আইভু নহয়না?”- অন্ধই ক’লে৷

“ লৱা লৱা৷ এই সাধাৰণ বস্তুগিলাও কিতাবা কামত আহেই৷”- খোৰাই শলাগিলে৷ অন্ধই ৰচিডাল বুটলি সিঁহতৰ মোনাত ভৰাই ল’লে৷ তাৰপিছত আকৌ আগবাঢ়িল দুয়ো বিভিন্ন কথা -বতৰা পাতি পাতি৷ এনেদৰে  কিছুদূৰ যোৱাৰ পিছত সিহঁতে এইবাৰ ৰাস্তাত এটা টোপোলা পালে৷ খুলি চাই দেখিলে তাত ভালেখিনি চূণ আছে৷ চূণখিনি পাই দুয়ো ভালেই পালে৷ এনেদৰে আৰু কিছুদূৰ যোৱাত এইবাৰ ৰাস্তাৰ দাঁতিত এখন বিন্ধা পৰি থকা দেখা পাই দুয়ো বুটলি ল’লে৷ বিশেষকৈ সিঁহতৰ খৰিৰ বৰ অভাৱ৷ এইখন অন্ততঃ খৰি হ’ব৷  এনেদৰে আৰু কিছুদূৰ যোৱাৰ পিছত এইবাৰ ৰাস্তাৰ কাষৰ দোং এটাৰ পাৰত এটা বৰ ডাঙৰ কেঁকোৰা দেখি খোৰাই চিঞৰি উঠিল- “ অন্ধ ভাই, ৰ’বা ৰ’বা৷ এইটো বৰ ডাঙাৰ কাক্‌ৰা৷ লৱা লৱা৷ ৰাতি অন্ততঃ এইটোৰে আমি ভাতকিটা খাবা পাৰিম জুতি লাগাকে৷” খোৰাই দেখুৱাই দিয়া মতে অন্ধই কেঁকোৰাটো ধৰি মোনাত সোমোৱাই ল’লে৷ এইদৰেই গৈ থকাত কিছু দূৰ যোৱাৰ পিছত সিঁহতে এটা গৰু এৰাল দিয়া বাঁহৰ খুটি পালো৷ তাকো বুটলি মোনাত ভৰাই ল’লে৷ এনেদৰে গৈ থাকোতে  বহুদূৰ পালেগৈ৷ তেতিয়াহে খোৰাৰ ত’ত আহিল নি(য় সিঁহতৰ ৰাস্তা কেণা লাগিছে৷ নহ’লে সিঁহতৰ গাঁওখনটো ইমান দূৰত নহয়৷ এতিয়ালৈকে যিমান বাটকুৰি বাই আহিলে৷ সিঁহতেটো কাহানিবাই নিজৰ ঘৰ পাব লাগিছিল৷ এঠাইত কিছুসময় ৰৈ দুয়ো কিছু গুণা-গঁথা কৰিলে৷ খোৰাই বহু সময় চিন্তা কৰিলে সিঁহতৰ ঘৰলৈ যোৱা ৰাস্তা কোনপিনে হ’ব পাৰে৷ নাই একো উৱাদিহ উলিয়াব নোৱাৰিলে৷ কোনটো ৰাস্তাৰে আহিছিল তেওঁ তলকিব নোৱাৰিলে৷ তথাপি দুয়ো কাৰোবাক লগ পালে সুধি ল’ব লাগিব বুলি আলোচনা কৰি আগবাঢ়িয়ে থাকিল৷ এনেকৈ গৈ থাকোতে এইবাৰ সিঁহতে গৈ এখন বৰ ডাঙৰ হাবিতহে প্ৰৱেশ কৰিলেগৈ৷ ইতিমধ্যে পৃথিৱীৰ বুকুলৈ আন্ধাৰ নামি আহিছিল৷ দুই বন্ধু বৰ সমস্যাত পৰিল৷ কি কৰা যায় এতিয়া৷ ইমান গভীৰ অৰণ্য ৷ তাতে ৰাতিও হ’ল৷ দুয়ো কিছুসময় গুণা-গঁথা কৰি সিদ্ধান্ত কৰিলে যে এতিয়া আৰু ঘৰলৈ যোৱা ৰাস্তা বিচাৰি পোৱাটো কঠিন হ’ব৷ গতিকে ইয়াত কৰবাত সুৰক্ষিত ঠাই অকণ বিচাৰি ৰাতিটো কটোৱাৰ কথাকে ঠিৰাং কৰি আৰু কিছুদূৰ অৰণ্য মাজেৰে আগুৱাই গ’ল৷  ভাগ্য নি(য় সিঁহতৰ বাৰে সুপ্ৰসন্ন আছিল৷ কিছুু দূৰৈত খোৰাই এটা ঘৰ দেখিলি৷ খোৰাই ল’গে ল’গে চিঞৰি উঠিল - “ অন্ধ ভাই সেইটো ঘৰ দিখ্‌চুং৷ যৌ যৌ৷ তাতে ৰাতিটো কেন্‌বাকে পাৰ কুৰ্‌বা লাগ্‌বু৷ নহ’লে বাঘে-ঘোঙে আমাৰ অৱস্থা নহা কুৰ্‌বু৷”

“ এৰা, এৰা৷ যৌ যৌ৷ তাতে ৰাতিটো পাৰ কুৰ্‌বা লাগবু৷”- অন্ধই শলাগিলে৷

খোৰাই দেখুৱাই দিয়া মতে দুয়ো গৈ ঘৰটোৰ ওচৰ পালেগৈ৷ এটা বহুদিনীয়া পুৰণা ঘৰ৷ ঘৰটোৰ বেৰবোৰত বিভিন্ন্‌ লতাই আগুৰি লৈছে৷ কাঠৰ খুটাৰে সজা ঘৰটোৰ খেৰেৰে চিঁয়া চালবোৰ ঠায়ে ঠায়ে উৱলি গৈছে যদিও বেৰবোৰ এতিয়াও ঠিকেই  আছে৷ গতিকে সিঁহতৰ বাবে ৰাতিটো কটোৱাত এয়াই সুৰক্ষিত ঠাই হ’ব বুলি দুয়ো সিদ্ধান্ত কৰিলে৷  দুয়ো ঘৰটোৰ দুৱাৰৰ ওচৰ চাপি গ’ল৷  অন্ধই লাহেকৈ দুৱাৰখন খুলি  খোৰাক কান্ধত লৈ ভিতৰলৈ সোমাই গ’ল৷ ভিতৰ সোমাই খোৰা চমকি উঠিল৷ ভিতৰত বহুতো বস্তু-বাহানি৷ ফল-মূল, কাপোৰ কানি, চাউল দাইলৰ পৰা আৰম্ভ কৰি মাছ মাংস, ধন-সোণ পৰ্য্যন্ত  অ’ত-ত’ত জমা কৰি থোৱা আছে৷ কিছুমান বস্তু পচি গৈছে৷ কিছুমান ভালেই আছে৷ আনকি ৰন্ধা- বঢ়া কৰা বাচন-বৰ্তন পৰ্য্যন্ত আছে খৰি-খেৰলৈকে৷ খোৰাই অন্ধক সকলো বিৱৰি ক’লে৷ দুয়ো আলোচনা কৰিলে নি(য় ইয়াত কোনোবা থাকে৷ গতিকে ইয়াৰ গৃহস্থ আহিলে সিঁহতক খেদি পঠিয়াব পাৰে৷ গতিকে দুয়ো বুদ্ধি সাজি দুৱাৰখন ভালকৈ বন্ধ কৰিহেঁচা দি ল’লে ৷ যাতে কোনেও সোনকালে খুলিব নোৱাৰে৷ তাৰপিছত দুয়ো কিছুসময় বহি লৈ জিৰণি ল’লে৷ বিশেষকৈ ইমান দূৰ খোজকাঢ়ি ফুৰা অন্ধৰ বৰ ভাগৰ লাগিছিল৷ কিছুসময় জিৰণি লোৱাৰ পিছত দুয়ো আলোচনা কৰি খোৰাই ৰন্ধা-বঢ়া কৰাৰ কথা ক’লে৷ কাৰণ দিনটো দুয়োজনে একো এটা খোৱা নাই৷ দুয়োৰো বৰ ভোক লাগিছে৷ কথামতে কাম৷ খোৰাই তাত থকা ভাল ভাল বস্তুবোৰ বাচি লৈ ৰন্ধা-বঢ়াত লাগিল৷  সিহঁতে আলোচনা কৰিলে৷ কাইলৈ ৰাতিপুৱা ইয়াৰ পৰা ভালেমান বস্তু সিঁহতে লৈ যাব পাৰিব৷ অন্ততঃ কেইদিনমানলৈকে ভিক্ষা খুজিবলৈ যোৱাৰ পৰা সিঁহতৰ শ্ৰম লাঘৱ হ’ব৷ আৰু যদি ইয়াত কোনো মালিক বৰ্তমানে নাহে৷ তেনেহ’লে এইখিনি সিঁহতৰে হ’ব৷ এনেদৰে কথা-বতৰাৰ মাজেৰে সিঁহতৰ ৰন্ধা-বঢ়া শেষ হোৱাত দুয়ো ইচ্ছামতে উদৰ পূৰাই খাই ল’লে৷ তাৰপিছত বৰ ভাগৰ অনুভৱ কৰাত দুয়ো বিচনা পাতি ঠিক কৰি শুৱলৈ ওলাল৷

দুয়োৰো চিলমিলকৈ টোপনি আহিছিল মাথো৷ এনেতে কাৰোবাৰ দুৱাৰত ঢকিওৱাৰ শব্দত দুয়ো সাৰ পালে৷ দুয়োৰো বৰ ভয় লাগিল৷ নি(য় এই ঘৰৰ গৃহস্থ আহিছে৷ কি হ’ব এতিয়া৷  বাহিৰত চাৰি-পাঁচজন মানুহৰ পদশব্দ সিহঁতে শুনিলে৷ সিঁহতে ভাবিলে৷ এয়া নি(য় কোনোবা ডকাইতৰ আড্ডা৷ সিহঁতক এনেদৰে পালে সিঁহতে এতিয়া কিবা অৱস্থা কৰে৷ এনেতে বাহিৰত কাৰোবাৰ গুৰু গম্ভীৰ মাত শুনা গ’ল - ‘‘ ঐ ভিতৰত কায় আছা৷ দুৰ্‌জা খুলি দে৷ মৰ্‌বা জাগা বিচ্‌ৰি পাৱা নাই৷”

অন্ধ আৰু খোৰাৰ বৰ ভয় লাগিল৷ কি হ’ব এতিয়া৷ অন্ধই খোৰাৰ কাণে কাণে ক’লে - “ ভয় নাখাবি৷ বিপদৰ সময়ত ভয় খালি কথা বেয়া হুবু৷ বিপদত ধৈৰ্য্যধৰি কিবা এটা বুদ্ধি কুৰ্‌লিহে বাচ্‌বা পাৰা যাবু৷” কথাটো খোৰাই শলাগিলে৷ দুয়ো কিবা এটা বচাৰ বুদ্ধি উলিয়াব পাৰি নেকি ভাবিলে৷ পুনৰ বাহিৰৰ পৰা গলগলীয়া মাতেৰে সুধিলে-- “ ঐ নাম্‌তা কিয়া৷ ঘৰত কায় আছা হা৷ এইটো আমাৰ ঘৰ বুলি নাজ্‌না৷ মৰ্‌বা জাগা পাৱাহি নাই নহয়?”

এইবাৰ অন্ধই সাহস কৰি মাত দিলে - “ আমি জুনেই নহও কিয়া লাগে তন্‌থক? তন্‌থে আগতে কওঁ তন্‌থে কায়?  আমাক যে এই ৰাতি দিষ্টাব কুৰ্‌ছা আহি৷”

“ হা ইমম্‌ান সাহ তনন্থৰ? আমাক প্ৰশ্ন কৰা৷ আমি কায় নাজনা? আমি ৰাইক৷ এই ঘৰটো আমাৰ৷”- বাহিৰৰ পৰা উত্তৰ আহিল৷

“ ৰাইক! ” - ৰাক্ষস বুলি জানি দুয়ো ভয়তে পিপুৱা লাগিল৷ কি হ’ব এতিয়া সিঁহতৰ৷ এইটো তাৰমানে ৰাক্ষসৰ ঘৰ৷ এই ৰাক্ষসে পালে এতিয়া সিহঁতক কেঁচাই কেঁচাই খাই পেলাব৷ কি কৰা যায় এতিয়া৷ এই বুলি ভাবি দুয়ো থৰথৰ কৈ কঁপিবলৈ ধৰিলে৷ তথাপি পিছমূহুৰ্ততে দুয়ো কিছু সুস্থিৰ হ’বৰ যত্ন কৰিলে৷ নাই এনে িবপদত ভয় খালে নহ’ব৷ এতিয়া বচাৰ কিবা এটা বুদ্ধি কৰিব লাগিব৷ এনেকৈ ভাবি থাকোতেই পুনৰ বাহিৰৰ পৰা মাতিলে - “ঐ কি হ’ল মনে মনে থাক্‌লিযে৷ কায় তন্‌থে?”

এইবাৰ মৰ সাহ কৰি খোৰাই গলগলীয়া মাতেৰে উত্তৰ দিলে - “তন্‌থে যদি ৰাইক আমি তেন্তে খাইক৷”

“খাইক! ”- কিছু উচপ খোৱাৰ দৰে মাতিলে বাহিৰৰ পৰা৷ -“ কায় খাইক?”

“ তন্থৰ ডাঙাৰ ভাই৷” - অন্ধই ক’লে৷

“ আমাৰ ডাঙাৰ ভাই?”

“ অ’ তন্‌থে ৰাইকহে৷ আমাক কি কৰিবি৷ আমি খাইক৷ দৰ্‌জা খুলি যাবা লাগিলি তন্থক শেষ কৰি দিম৷ ভালে ভালে গুচি যা৷”- খোৰাই উত্তৰ দিলে৷

“ তন্‌থে কি আমাতকেও শক্তিশালী নেকি?”

“ এৰা৷ তন্‌থে ৰাইক কি ডাঙাৰ ৷ আমি তাৰ চাৰিগুণতকৈও ডাঙাৰ বুজি পালিতো৷”

“ নাই আমি বিশ্বাস নকৰং৷ কি প্ৰমাণ আছে? তন্‌থে যে খাইক? আমাতকে বলবান? ”- ৰাক্ষসবোৰে সুধিলে৷

“ কিহৰ প্ৰমাণ লাগে তন্থক? ” - অন্ধই গলগলীয়া মাতেৰে উত্তৰ দিলে৷

“ প্ৰমাণ৷ বাৰু তন্থৰ চুলি কেনেকুৱা দেখুৱাচুন?” - ৰাক্ষসবোৰে ক’লে৷

“ আগতে তন্থে দেখুৱা৷” - খোৰাই ক’লে৷ ৰাক্ষসবোৰে বৰ দীঘল দীঘল চুলি বেৰাৰ ওপৰেৰে পেলাই দিলে৷ চুলি দেখি অন্ধ আৰু খোৰাৰ বৰ ভয় লাগিল৷ ইমান দীঘল চুলি৷ সঁচাকৈয়ে ইহঁত ৰাক্ষসেই হয়৷ আজি আৰু সিঁহতৰ নিস্তাৰ নাই৷ তথাপি কিবা এটা বুদ্ধি কৰিব লাগিব৷ নহ’লে বাচিব কেনেকৈ৷ এনেতে বাহিৰৰ পৰা সুধিলে- “ ক’ত তন্থৰ খাইকৰ চুলি? কি হ’ল এতিয়া?”

কি কৰা যায় এতিয়া দুয়ো ভয়ে ভয়ে আলোচনা কৰিলে মনে মনে৷ সিঁহতৰ চুলিটো ইমান দীঘল নহয়৷ এই চুলি দেখিলে ৰাক্ষসহঁতে গম পাই যাব যে সিঁহত মানুহ৷ এনেতে হঠাৎ অন্ধৰ মনত বুদ্ধি খেলালে৷ আহোতে বাটত পাই অহা ৰচিডাল সি মোনাৰ পৰা উলিয়ালে৷ আৰু খোৰাক ফোচঁফোচাই ক’লে - “ খ’ৰা ভাই এইডালকে দিওঁ আমাৰ চুলি বুলি৷ কিজানি কাম আহেই?” এইবুলি অন্ধই বেৰাৰ ওপৰেৰে ৰচিডাল বাহিৰলৈ দলিয়াই দি ক’লে - “ ঐ ৰাইকহঁত চা এইডাল আমাৰ চুলি৷ খাইকক চিনি পোৱা নাই বেটা৷”

ৰচিডাল দেখি ৰাক্ষসবোৰ তাকে খাক্ষসৰ চুলি বুলি ভাবি চমকি উঠিল৷ বাঃ ইমান ডাঙৰ আৰু দীঘল চুলি৷ ইহতৰ শৰীৰটো কম ডাঙৰ হ’বনৈ? ৰাক্ষসবোৰে কিছু ভয় খালে৷ তথাপি কিছু অবিশ্বাসেৰে ক’লে -“ বাৰু ঠিক আছে চুলি চালুং৷ এই প্ৰমাণেদি নহ’বু৷ আৰু প্ৰমাণ লাগবু?”

“ আৰু কি প্ৰমাণ লাগে?”- খোৰাই সুধিলে৷

“এইবাৰ তন্থৰ মূৰত থকা ওক্‌নি চাং কেনেকুৱা?” -ৰাক্ষসবোৰে সুধিলে৷

“ আগতে তন্থৰ দেখুৱা৷” - অন্ধৰ কথাত ৰাক্ষসবোৰে সিহঁতৰ মূৰৰ ওকনি কেইটামান বেৰৰ ওপৰেৰে দলিয়াই পঠিয়ালে৷ বৰ মস্ত মস্ত ওকনি৷ দেখি অন্ধ আৰু খোৰাৰ ভয় লাগি গ’ল৷ তথাপি ভয়কো পাছ কৰি এইবাৰ বাটত পাই অহা কেঁকোৰাটো বেৰৰ ওপৰেৰে বাহিৰলৈ দলিয়াই দি ক’লে - “এইটো চা আমাৰ মূৰত থাকা ওক্‌নি?” কেঁকোৰাটোকে ওকনি বুলি ভাবি ৰাক্ষসবোৰ চমকি উঠিল৷ বাপৰে ইম্‌মান ডাঙৰ ওকনি৷ সিঁহতে এইবাৰ সঁচাকৈ ভয় খালে৷ তথাপি আকৌ সুধিলে - “ নাই আমাৰ বিশ্বাস হোৱা নাই৷ আৰু প্ৰমাণ লাগিব৷ এইবাৰ তন্থৰ মূৰ ফনিওৱা ফনি চাং কেনেকুৱা?”

অন্ধ আৰু খোৰাই এইবাৰ বাটত পাই অহা বিন্ধাখন বাহিৰলৈ দলিয়াই দিলে তাকে দেখি ৰাক্ষসহঁতে বৰ ভয় খালে৷ ইমান ডাঙৰ ফনি৷ ইহঁত দেখুন আৰু কিমান ডাঙৰ হ’ব লাগিব৷ তথাপি ভয় খালেও আৰু প্ৰমাণ চাব বিচাৰি ক’লে- “ বাৰু ফনী দেখিলো এবাৰ তন্থৰ দাঁত চাং কেনেকুৱা?” এইবুলি ৰাক্ষসহঁতে সিঁহতৰ নিজৰ দাঁত ভাঙি ভিতৰলৈ দলিয়াই দি ক’লে - “এয়া আমাৰ দাঁত৷”

ৰাক্ষসৰ দীঘল দীঘল দাঁত দেখি অন্ধ আৰু খোৰা চমকি উঠিল৷ তথাপি ভয়কো পাছ কৰি এইবাৰ বাটত পাই অহা গৰু এৰাল দিয়া খুটিটোত চূণখিনি পানীৰে গলাই বগাকৈ সানি দি বাহিৰলৈ দলিয়াই দি ক’লে - “ এইটো চা আমাৰ দাঁত৷” খাক্ষসহঁতৰ দাঁত দেখি ৰাক্ষসহঁতে আৰু বেছি ভয় খালে৷ ইমান দীঘল আৰু ডাঙৰ দাঁত৷ ইহঁত বৰ ডাঙৰ প্ৰাণী হ’ব৷ তথাপি পুনৰ আৰু এটা শেষ প্ৰমাণ চাব বিচাৰিলে ৰাক্ষস হঁতে৷ ক’লে “ ঠিক আছে এইবাৰ শেষ প্ৰমাণ চাম৷ তন্থৰ থু দেখুৱা৷”

অন্ধ আৰু খোৰাই এইবাৰ বাটত পাই অহা চূণখিনি গলাই বেৰৰ ওপৰেৰে বাহিৰত ঢালি দিলে৷ চূণখিনিকে সিঁহতৰ থু বুলি ভাবি ৰাক্ষসহঁতে বৰ ভয় খালে আৰু সিহঁতকৈ যে খাক্ষসহঁত বৰ ডাঙৰ প্ৰাণী হ’ব সেয়া ভাবি ৰাক্ষসবোৰ ভয়তে দৌৰি পলাই গ’ল৷ অন্ধ আৰু খোৰাই ৰাক্ষসহঁতে ভয় খাই পলোৱাত দুয়ো স্বস্তিৰ নিশ্বাস এৰিলে৷ তাৰপিছত দুয়ো সিঁহতৰ বুদ্ধিয়ে কাম দিয়াত আৰু বাটত পাই অহা অলাগতিয়াল বস্তুবোৰে যে সিহঁতক আজি ৰাক্ষসৰ হাতৰ পৰা বচালে সেই ভাবি ভগৱাণৰ ওচৰত সাতসেৱা কৰিলে৷ সিঁহতে বুজিলে মানুহে অলাগতিয়াল বুলি বাবি পেলায় দিয়া সাধাৰণ বস্তুবোৰো কেতিয়াবা বৰ লাগতিয়াল বস্তুত পৰিণত হয়৷

দুয়ো বন্ধুৱে ৰাতিটো ঘৰটোত বৰ শান্তিৰে কটালে৷ পিছদিনা পুৱা দুয়ো সিদ্ধান্ত কৰিলে৷ আজিৰ পৰা  আৰু সিঁহতে ভিক্ষা মাগিবলৈ নগ’লেও চলিব ৷  দুয়ো ঘৰটোত ৰাক্ষসহঁতে গোটাই থোৱা সকলোবোৰ খাদ্যবস্ত , কাপোৰ-কানি, ধন-সোণ লৈ নিজৰ ঘৰলৈ উভতিল৷ সেইদিনাৰ পৰা অন্ধ আৰু খোৰাৰ দুখৰ দিন কিছু পাতলিল আৰু মহা সুখেৰে দুয়ো জীৱন -যাপন কৰিবলৈ ধৰিলে৷

প্ৰসংগ গ্ৰন্থ ও প্ৰৱন্ধাৱলীঃ

অসমীয়া ঃ ৰ৷ নলিনী ডেকা - শৰণীয়া কছাৰী সমাজ আৰু সংস্কৃতি [২০০২]৷

২৷ সোণবৰ বৰুৱা - বাম্বোল পিটা গীত, আনন প্ৰকাশ,গোৰেশ্বৰ [২০১১]

৩৷  বাবু ৰাভা হাকাচাম- শৰণীয়া কছাৰী সংস্কৃতি আৰু লোক সাহিত্য, শৰণীয়া কছাৰী উন্নয়ন পৰিষদ [২০১৩]৷

চ্ছ্ৰ৷ ধীৰেন মহলীয়া [সংকলক]- শৰণীয়া কছাৰী জনগোষ্ঠীৰ ৰূপৰেখা, শৰণীয়া কছাৰী উন্নয়ন পৰিষদ [২০১২]৷

প্ত৷ ইছমাইল হোছেইন - তোমালোকৰ বাবে শৰণীয়া কছাৰী সমাজ , নন্দন প্ৰকাশ,[২০১৩]৷

৬৷ অতুল চন্দ্ৰ বৰুৱা -সাহিত্যৰ ৰূপৰেখা [১৯৬৮]৷

জ্জ৷ ড॰ বিৰিঞ্চি কুমাৰ বৰুৱা - অসমীয়া কথা সাহিত্য, জাৰ্ণাল এম্প’ৰিয়াম [১৯৯২]৷

জ্জ্ব৷ ড॰ বিৰিঞ্চি কুমাৰ বৰুৱা - অসমীয়া লোক -সংস্কৃতি৷

জ্ঝ৷ ড॰ হেমন্ত কুমাৰ শৰ্মা - অসমীয়া লোক-সাহিত্য৷

জ্জ্ব৷ স্মৃতিগ্ৰন্থ, ৫০০ বছৰীয়া জয়ন্তী সমাৰোহ, মহাপ্ৰভু শ্ৰীশ্ৰীগোপাল আৰু জগন্নাথ থান, কছুবাৰী, নলবাৰী [২০০০]৷

জ্ঝ৷ স্মৃতিগ্ৰন্থ, ওদালগুৰি জিলা আৰু মাজিকুছি আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ নৱম দ্বি- বাৰ্ষিক অধিবেশন , গৰংপাৰা, ওদালগুৰি [২০০৮]৷

১০৷ স্মৃতিগ্ৰন্থ, সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ নৱম দ্বি- বাৰ্ষিক অধিবেশন, তামুলপুৰ, বাক্সা,[২০০৫]৷

ৰৰ৷ বাম্বোল পিটিবা যাং, স্মৰণিকা, শৰণীয়া কছাৰী উন্নয়ণ পৰিষদ আৰু ছাত্ৰ সন্থাৰ বাম্বোল পিটা নৃত্য-গীতৰ প্ৰতিযোগিতামূলক উৎসৱ, গোৰেশ্বৰ, বাক্সা [২০১২]

১২৷ শৰণী , স্মৰণিকা, সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশন, গোৰেশ্বৰ, বাক্সা,[২০০২]৷

১৩৷ স্মৃতিগ্ৰন্থ, বাক্সা জিলা শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ তৃতীয় দ্বি-বাৰ্ষিক অধিবেশন, মহৰিপাৰা , বাক্সা,[২০১৪]৷

১৪৷ কেচাঁইখাঁতী , স্মৃতিগ্ৰন্থ, কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱ, ঝাৰগাঁও, ওদালগুৰি [২০১৪]৷

১৫৷ স্মৃতিগ্ৰন্থ, সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ দ্বাদশ দ্বি-বাৰ্ষিক অধিবেসন, গোৰেশ্বৰ, বাক্সা [২০১১]৷

১৬৷  স্মৃতিগ্ৰন্থ, সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিবেশন, বৰমা, বাক্সা [২০১২]৷

১৭৷  স্মৃতিগ্ৰন্থ, সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ ১৪ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন, তামুলপুৰ, বাক্সা [২০১৫]৷

১৮৷ কেঁচাইখাঁতী, স্মৃতিগ্ৰন্থ, কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱ, টংলা, ওদালগুৰি [২০১৫]৷

সমল ব্যক্তি ঃ ব্ৰজনাথ ডেকা, বেটাগাঁও ,নাওকাটা, বাক্সা৷

ঃ উপেন দাস, বৰমচাৰী,  বাক্সা৷

ঃ মিনাক্ষী দাস, বৰমচাৰী, বাক্সা৷

ঃ  বীৰেন্দ্ৰ কুমাৰ ডেকা, টংলা, ওদালগুৰি৷

ঃ নিৰঞ্জন শৰণীয়া, পূৱ নাওকাটা, বাক্সা৷

ঃ পতিৰাম ডেকা, ঝাৰগাঁও, খৈৰাবাৰী, ওদালগুৰি৷

ঃ কৃষ্ণ চৌধুৰী, ৰামচা, গোৰেশ্বৰ, বাক্সা৷

ঃ দিপক কুমাৰ ডেকা, গৰংপাৰা, ওদালগুৰি৷

ঃ চিপ্‌টি শইকীয়া,  ৩ নং গোৰেশ্বৰ [বেঙেনাহাটী], বাক্সা৷

ঃ ৰীণা ডেকা, পাণিশেলী, ওদালগুৰি৷

ঃ অজয় চন্দ্ৰ দাস, বেটাগাঁও ,নাওকাটা, বাক্সা৷

ঃ দীনবন্ধু শৰণীয়া, পাণিশেলী, ওদালগুৰি৷

ঃ বিক্ৰম শৰণীয়া, নিজঝাৰগাঁও, বাক্সা৷

ঃ চন্দ্ৰাবালা মহলীয়া, পাণিশেলী, ওদালগুৰি৷

ঃ ফিচ্‌ৰি শৰণীয়া , কঠালবাৰী, ওদালগুৰি৷



প্ৰসংগ গ্ৰন্থ ও প্ৰৱন্ধাৱলীঃ

ইংৰাজী ঃ ৰ. ড্ডব্জ. Upendra nath Goswami - ট্ট study on Kamrupi জ্ঞ ট্ট dialect ofAssamese শ্চ১৯৭০গ্গ

২. ড্ডব্জ. Banikanta Kakti - Assamese -its formation and development শ্চ১৯৬২)

৩. ড্ডব্জ. Suniti Kumar Chetarji - The place of Assam in the History and Civlisation of India শ্চ১৯৯১গ্গ

চ্ছ্ৰ. Lakshmi Nath Pangging - (Complited by) Sarania Kachari (Vol. I) , Published by- Centre For Tribal Studies , Assam (২০০৮গ্গ

অসমীয়া ঃ ৰ৷ ড॰ নগেন ঠাকুৰ - পালি, প্ৰাকৃত, অপভ্ৰংশ ভাষা আৰু সাহিত্য৷

২৷ ড॰ নগেন ঠাকুৰ-পৃথিৱীৰ বিভিন্ন ভাষা [১৯৮৪]৷

৩৷ ড॰ উপেন্দ্ৰ নাথ গোস্বামী - ভাষা বিজ্ঞান [১৯৭০]

চ্ছ্ৰ৷ নৰনাৰায়ণ শৰ্মা - অসমীয়া ভাষাৰ আতিগুৰি আৰn ¸বিকাশ [২০০৬]

প্ত৷ বিশ্বেশ্বৰ হাজৰিকা -অসমীয়া ভাষাৰ উৎস আৰু বিকাশ৷

৬৷ জগত বৰা - গোৰেশ্বৰ অঞ্চলৰ ভাষাগত বৈশিষ্ট্য, [প্ৰৱন্ধ] বাম্বোল পিটিবা যাং, স্মৰণিকা [১০১২]

জ্জ৷ নিৰদ দাস- ভেৰগাঁও অঞ্চলৰ স্থানীয় সংযোগী উপভাষা আৰু ইয়াৰ বৈশিষ্ট্য [প্ৰৱন্ধ], স্মৃতিগ্ৰন্থ, সোণালী জয়ন্তী বৰ্ষ,ভেৰগাঁও উচ্ছ বিদ্যাপীঠ [২০০৭]৷

জ্জ্ব৷ মলয় কুমাৰ ডেকা - ভাষাৰ সোঁতত শৰণীয়া কছাৰী উপভাষা আৰু শব্দ সম্ভাৰ [প্ৰবন্ধ] স্মৃতিগ্ৰন্থ, ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিবেশন,বৰমা, শৰণীয়া কছাৰী ছাত্ৰ সন্থা [২০১২]

জ্ঝ৷ ড॰ উপেন্দ্ৰ নাথ গোস্বামী- বড়ো শব্দমালাত এভূমুকি ,[প্ৰৱন্ধ], প্ৰৱন্ধ সংকলন, চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয় [১৯৮৮]

১০৷ ড॰ নগেন ঠাকুৰ - আমাৰ থলুৱা ভাষাসমূহৰ অধ্যয়নৰ প্ৰয়োজনীয়তা , [প্ৰৱন্ধ], প্ৰৱন্ধ সংকলন,চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয় [১৯৮৮]

ৰৰ৷ বিশ্বেশ্বৰ হাজৰিকা - শৰণীয়া সকলৰ ভাষা , [প্ৰৱন্ধ], স্মৃতিগ্ৰন্থ, সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ নৱম দ্বি-বাৰ্ষিক অধিবেশন [২০০৫]

১২৷ গোলকেশ্বৰ গোস্বামী- বজালীৰ স্থানীয় উপভাষা , বজালী দৰ্পণ [স্মৃতিগ্ৰন্থ], অসম সাহিত্য সভাৰ ত্ৰিপঞ্চাশত্তম অধিবেশন [১৯৮৭]৷

১৩৷ নলিনী ডেকা - শৰণীয়া কছাৰী সমাজ আৰু সংস্কৃতি [২০০২]৷

১৪৷ ধীৰেন মহলীয়া - শৰণীয়া কছাৰী জনগোষ্ঠীৰ ৰূপৰেখা, শৰণীয়া কছাৰী উন্নয়ন পৰিষদ [২০১২]৷

১৫৷ সোণবৰ বৰুৱা - বাম্বোল পিটা গীত, আনন প্ৰকাশ,গোৰেশ্বৰ [২০১১]

১৫৷ বাবু ৰাভা হাকাচাম- শৰণীয়া কছাৰী সংস্কৃতি আৰু লোক সাহিত্য, শৰণীয়া কছাৰী উন্নয়ন পৰিষদ [২০১৩]৷

১৬৷ সুমন্ত চলিহা [সংকলক]- আধুনিক অসমীয়া শব্দকোষ, বাণী মন্দিৰ [১৯৯১]

@ৰাতুল দাস শৰণীয়া: দাদা, তথ্যসূত্ৰ উল্লেখ কৰা থাকিলও পৰিষ্কাৰ নহয় লগতে নিজ মত যেন লগা ভাষ্য বেছি দেখা গৈছে৷ সেয়ে মূল প্ৰবন্ধটোৰ পৰা আঁতৰাই অনা হ’ল৷ ধন্যবাদ৷ কুলধৰ ৰাভা(আলোচনা) 13:42, 5 September 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

অসমীয়া উচ্চতৰ সাহিত্য সংকলন সম্পাদনা কৰক

ৰাভা 2401:4900:38C5:85DC:202:A647:1E76:CBC4 15:16, 1 February 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

গা - বান্ধনি মন্ত্ৰ কেতিয়া মাৰে 2401:4900:12D5:E47:C05:523E:C80D:EEC2 11:44, 10 January 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

বনাই জনগোষ্ঠী বিষয় সম্পাদনা কৰক

লিখা 2409:4065:E04:C8E4:0:0:68C9:1406 13:11, 23 January 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

"শৰণীয়া কছাৰী" পৃষ্ঠালৈ উভতি যাওক।