বিউটিফুল লাইভ্‌জ (চলচ্চিত্ৰ)

অসমীয়া চলচ্চিত্ৰ (২০১৭)

বিউটিফুল লাইভছ হৈছে ২০১৭ চনৰ ১৭ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। কংকন ডেকাৰ কাহিনী আৰু পৰিচালনাৰে এই ছবিখনে ২০০৮ চনৰ ৩০ অক্টোবৰত হোৱা বোমা বিষ্ফোৰণৰ ফলত এটা পৰিয়ালে সন্মুখীন হ'ব লগীয়া পৰিস্থিতিসমূহৰ কথা বৰ্ণনা কৰে।[1] চেন্সৰ বোৰ্ডৰ পৰা প্ৰাপ্তবয়স্কৰ 'এ' চাৰ্টিফিকেট পোৱা ছবিখনে সপ্তম ৰাজ্যিক চলচ্চিত্ৰ বঁটা সমাৰোহত শ্ৰেষ্ঠ নৱাগত নিৰ্দেশক আৰু শ্ৰেষ্ঠ মেকআপৰ বঁটা লাভ কৰে।[2]

বিউটিফুল লাইভ্জ

চলচ্চিত্ৰখনৰ প'ষ্টাৰ
পৰিচালক কংকন ডেকা
কাহিনী কংকন ডেকা
প্ৰযোজক কংকন ডেকা
ভাস্কৰ লেখাৰু
ৰাজীৱ ফুকন
কাৰ্ণেল ফিল্ম প্ৰডাকছন
অভিনয়ত পাকিজা বেগম
বলোৰাম দাস
চিত্ৰগ্ৰহণকাৰী মিথুন চন্দ্ৰা
সম্পাদনা ৰূপম কলিতা
সংগীত পৰিচালক ভগৱৎ প্ৰীতম
মুক্তি
১৭ ফেব্ৰুৱাৰী, ২০১৭
দৈৰ্ঘ্য
১২৩ মিনিট
দেশ  ভাৰত
ভাষা অসমীয়া

কাহিনী সম্পাদনা কৰক

আঠাইশ বছৰীয়া অজয় এজন ৰিক্সাচালক। এক বোমা বিস্ফোৰণত অজয়ে হাত আৰু ভৰিৰ কাৰ্যক্ষমতা হেৰুৱাই পেলোৱাৰ পিছত সি সন্মুখীন হ'বলগীয়া শাৰীৰিক আৰু মানসিক প্ৰতিবন্ধকতাসমূহক লৈ ছবিখনৰ কাহিনী আগবাঢ়িছে। শাৰীৰিকভাৱে অক্ষম হ'লেও অজয়ৰ যৌন জীৱনৰ দাবীসমূহ তীব্ৰতৰ হৈ পৰাত অজয় মানসিক অন্তৰ্দন্দ্বত ভোগে। বিষ্ফোৰণৰ প্ৰেয়সীৰ লগত হোৱা বিচ্ছেদৰ ফলশ্ৰুতিত অজয় প্ৰ্ত্যাহ্বানৰ সন্মুখীন হয়। চিকিৎসা, খোৱা-লোৱাৰ যোগান ধৰি থকা অজয়ৰ মাক দশমীয়ে অজয়ৰ স্পৃহা পূৰণৰ বাবে স্বামীৰ দ্বাৰা পৰিত্যাক্ত মহিলা এজনীক অজয়ৰ লগত শাৰীৰিক সম্বন্ধ কৰিবলৈ নিমন্ত্ৰণ কৰে। কিন্তু সমাজে এই কাৰ্যকলাপত অসন্তোষ প্ৰকাশ কৰে। শেষত দশমীয়ে পুত্ৰক বিহ খুৱাই আৰু নিজেও খাই আত্মঘাতী হয়।

নিৰ্মাণ সম্পাদনা কৰক

বিউটিফুল লাইভ্জ ছবিখন ২০১৭ বছৰটোৰ এখন চৰ্চিত ছবি। স্ত্ৰী-পুৰুষৰ শাৰীৰিক মিলন, চুম্বন আদি দেখুওৱা বাবে ছবিখন বিতৰ্কৰ আৱৰ্ততো সোমাইছে। ১২৩ মিনিট দৈৰ্ঘ্যৰ ছবিখনৰ চিত্ৰগ্ৰহণ গুৱাহাটী, মঙলদৈ, কাজিৰঙা আৰু মাজুলীত সম্পূৰ্ণ কৰা হৈছে। ছবিখনৰ নিৰ্মাণৰ পূৰ্বে পৰিচালকে নিউৰ'ছাৰ্জনৰ পৰা বোমা বিষ্ফোৰণৰ দৰে দুৰ্ঘটনাৰ সন্মুখীন হোৱা লোকৰ মানসিক স্থিতি সম্পৰ্কে অধ্যয়ন কৰে।[3]

অভিনয়ত সম্পাদনা কৰক

কলা-কুশলী সম্পাদনা কৰক

  • প্ৰযোজনা - কংকন ডেকা, ভাস্কৰ লেখাৰু, ৰাজীৱ ফুকন কাৰ্ণেল ফিল্ম প্ৰডাকছন
  • পৰিচালনা/কাহিনী - কংকন ডেকা
  • মুখ্য সহ পৰিচালনা - ৰাজীৱ দত্ত
  • সহ পৰিচালনা - অনিন্দিতা কলিত, লিজা পেগু, প্ৰিয়াংকু বৰুৱা
  • চিত্ৰনাট্য - কংকন ডেকা
  • চিত্ৰগ্ৰহণ - মিথুন চন্দ্ৰা
  • কলা নিৰ্দেশনা - জ্যোতি ভট্টাচাৰ্য
  • সংগীত পৰিচালনা - ভগৱ্ৎ প্ৰীতম
  • সংগীত ব্যৱস্থাপনা - অমৃত প্ৰীতম দত্ত
  • মেক-আপ - বিশ্ব কলিতা[2]

সংগীত সম্পাদনা কৰক

ছবিখনৰ সংগীত পৰিচালনা ভগৱ্ৎ প্ৰীতমৰ আৰু সংগীত ব্যৱস্থাপনা শব্দযন্ত্ৰী অমৃত প্ৰীতম দত্তৰ।

বঁটা সম্পাদনা কৰক

  • সপ্তম অসম ৰাজ্যিক চলচ্চিত্ৰ পুৰস্কাৰত শ্ৰেষ্ঠ নৱাগত পৰিচালক আৰু শ্ৰেষ্ঠ মেকআপৰ বঁটা
  • প্ৰাগ চিনে এৱাৰ্ড, ২০১৭ ত শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ সাজ-সজ্জা(বিশ্ব কলিতা), শ্ৰেষ্ঠ অভিনেত্ৰী(পাকিজা বেগম) আৰু শ্ৰ্ৰেষ্ঠ সংগীত ব্যৱস্থাপনা( অমৃত প্ৰীতম দত্ত) বঁটা লাভ[4]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. লাইমলাইট (১০ ফেব্ৰুৱাৰী). "বিউটিফুল লাইভছ্". দৈনিক অসম. http://www.assamtribune.com/scripts/spd.asp?id=2017/feb1017/BigPage16.jpg। আহৰণ কৰা হৈছে: 22 April 2020. [সংযোগবিহীন উৎস]
  2. 2.0 2.1 নিপন শৰ্মা (২৪ ফেব্ৰুৱাৰী, ২০১৭). "বিউটিফুল লাইভ্ছ ৰিয়েলি নট বিউটিফুল". দৈনিক অসম. http://www.assamtribune.com/scripts/spd.asp?id=2017/feb2417/BigPage16.jpg। আহৰণ কৰা হৈছে: 22 April 2020. [সংযোগবিহীন উৎস]
  3. Manash Pratim Dutta (18.02.17). "Aftermath of a tragedy on silver screen Director Kangkan Deka's film on blast victims releases across state amid controversy". দ্য টেলিগ্ৰাফ. https://www.telegraphindia.com/states/north-east/aftermath-of-a-tragedy-on-silver-screen/cid/1427519#.WKgjCf-6Ywg। আহৰণ কৰা হৈছে: 22 April 2020. 
  4. "facebook page of beautiful lives". https://www.facebook.com/BeautifulLives.movie/। আহৰণ কৰা হৈছে: 22 April 2020. 

বাহ্যিক সংযোগ সম্পাদনা কৰক