মোহনদাস কৰমচান্দ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

26 নং শাৰী:
 
== জীৱনৰ প্ৰথমচোৱা ==
[[File:Birth place of Mahatma Gandhi.jpg|thumb|right|180px|[[Kirtiপোৰবন্দৰৰ Mandir,কীৰ্তি Porbandar]]মন্দিৰ, the birth place of Mahatmaগান্ধীৰ Gandhi.জন্মস্থান]]
[[File:Young Gandhi.jpg|upright|thumb|মহাত্মা গান্ধীৰ বিষয়ে এতিয়ালৈ আৱিষ্কৃত প্ৰথম আলোকচিত্ৰ, ৭ বছৰ বয়সত, চন: ১৮৭৬]]
মোহনদাস কৰমচান্দ গান্ধীৰ<ref>Gandhi means "grocer" in Gujarati (''L. R. Gala, Popular Combined Dictionary, English-English-Gujarati & Gujarati-Gujarati-English, Navneet''), or "perfumer" in Hindi (''Bhargava's Standard Illustrated Dictionary Hindi-English'').</ref> জন্ম হৈছিল ১৮৬৯ চনৰ অক্টোবৰ মাহৰ ২ তাৰিখে, [[গুজৰাট]]ৰ [[পোৰবন্দৰ]] (বৰ্তমান [[কীৰ্তি মন্দিৰ]]) নামে স্থানত। [[হিন্দু]] ধৰ্মাৱলম্বী [[মোধ]] সম্প্ৰদায়ৰ, পিতাক কৰমচান্দ গান্ধীয়ে (১৮২২ - ১৮৮৫) [[পোৰবন্দৰ]] ৰাজ্যৰ এজন [[দেৱান]] হিচাবে [[কাথিৱাৰ এজেন্সি]] নামে বৃটিছ প্ৰশাসনীয় বিভাগত কাম কৰিছিল<ref name=fischer1954>{{Cite document|title=Gandhi:His life and message for the world|last= Fischer|first= Louis|year= 1954|publisher=Mentor|ref= harv}}</ref>। বৈষ্ণব ধৰ্মাৱলম্বী মাতৃ পুতলীবাই আছিল কৰমচান্দ গান্ধীৰ চতুৰ্থা স্ত্ৰী, এখেতৰ আগৰ কেইগৰাকীৰ সন্তান জন্মৰ সময়ত মৃত্যু ঘটিছিল। [[জৈন ধৰ্ম]]ৰ পৰিবেশত এগৰাকী ধাৰ্মিক মাতৃৰ সান্নিধ্যত ডাঙৰ-দীঘল হোৱা গান্ধীৰ জীৱনত ভবিষ্যতলৈ গভীৰ প্ৰভাব পেলায়। সহজ-সৰল জীৱন যাপন, নিৰামিষ আহাৰ, ব্ৰত আৰু অনশন, পাৰস্পৰিক সহনশীলতা আদি পাছলৈ তেখেতৰ জীৱনৰ অভিন্ন অংগ হৈ পৰে।<ref>{{cite web
|last = Sannuti
Line 34 ⟶ 35:
|url = http://www.ivu.org/history/gandhi/road.html}}</ref>
[[চিত্ৰ:Gandhi and Kasturbhai 1902.jpg|left|thumb|240px|গান্ধী আৰু তেওঁৰ স্ত্ৰী [[কস্তুৰবা গান্ধী|কস্তুৰবা]] (১৯০২)]]
[[১৮৮৩]] চনত ১৩ বছৰ বয়সত মহাত্মা গান্ধীয়ে পিতৃ-মাতৃৰ পছন্দ অনুসৰি [[কস্তুৰবা গান্ধী|কস্তুৰবা মাখাঞ্জীৰ]] (কাস্তুবাইকস্তুৰবাই নামেও পৰিচিত আছিল) লগত বিবাহ-পাশত আবদ্ধ হয়। তেওঁলোকৰ চাৰি গৰাকী পুত্ৰ সন্তান ক্ৰমে: [[হৰিলাল গান্ধী]] (জন্ম ১৮৮৮), [[মণিলাল গান্ধী]] (জন্ম ১৮৯২), [[ৰামদাস গান্ধী]] (জন্ম ১৮৯৭) আৰু [[দেৱদাস গান্ধী]] (জন্ম ১৯০০)। মহাত্মা গান্ধীয়ে শৈশৱত পোৰবন্দৰ আৰু ৰাজকোটত পঢ়া-শুনা কৰিছিল। ছাত্ৰ হিচাপে তেওঁ মধ্যমীয়া আছিল। গুজৰাটৰ ভৱনগৰৰ ছামালদাস কলেজৰ পৰা মহাত্মা গান্ধীয়ে সাধাৰণভাৱে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। কলেজত অধ্যয়ন কালত তেওঁৰ পৰিবাৰৰ ইচ্ছা আছিল তেখেতে বেৰিষ্টাৰীৰ বাবে পঢ়ক।
 
১৮ বছৰ বয়সত ১৮৮৮ চনৰ ৪ ছেপ্টেম্বৰ তাৰিখে বেৰিষ্টাৰি পঢ়াৰ বাবে মহাত্মা গান্ধী [[লণ্ডন]]ৰ ইউনিভাৰ্ছিটি কলেজলৈ যায়। লণ্ডনত পঢ়াৰ সময়ছোৱাত গান্ধীৰ জীৱন যাপন আছিল ছাত্ৰকালতে মাকক দিয়া শপত বাক্যৰ দ্বাৰা প্ৰভাৱিত। এগৰাকী জৈন সন্ন্যাসী বেচাৰ্জীৰ সম্মুখত তেওঁ মাকৰ আগত শপত লৈছিল যে তেওঁ মাংস, মদ আৰু উচ্ছৃঙ্খলতা ত্যাগ কৰাৰ লগতে হিন্দু নৈতিক উপদেশ পালন কৰি জীৱন যাপন কৰিব। অৱশ্যে তেওঁ ইংৰাজৰ কিছুমান আদৱ-কায়দা পৰীক্ষামূলক ভাৱে গ্ৰহণ কৰিছিল, যেনে নাচৰ শিক্ষা। কিন্তু তেওঁৰ ভাৰাঘৰৰ মালিকনীয়ে দিয়া ভেড়াৰ মাংস আৰু বন্ধাকবি তেওঁ খোৱা নাছিল। লণ্ডনত অৱস্থিত অতি কম সংখ্যক নিৰামিষ ভোজনালয়তে তেওঁ দৈনিক আহাৰ গ্ৰহণ কৰিছিল। মাকক দিয়া শপত বাক্যৰ উপৰিও নিৰামিষ ভোজনৰ উপকাৰিতা সম্বন্ধে তেওঁ পঢ়া-শুনাও কৰে আৰু একান্ত আগ্ৰহী হৈয়েই নিৰামিষাহাৰী হয়। তেখেতে ''নিৰামিষভোজী সংঘ''ত যোগ দিয়ে আৰু কাৰ্যকৰী কমিটিৰ সদস্যও নিৰ্বাচিত হয়, লগতে এই সংস্থাৰ এটা স্থানীয় শাখাও প্ৰচলন কৰে। তেখেতৰ এই অভিজ্ঞতা পৰৱৰ্তী জীৱনৰ সাংগঠনিক কাম-কাজৰ সহায়ক হয়। নিৰামিষভোজী বহুতো সদস্য ''থিওছ'ফিকেল ছ'ছাইটি'' (Theosophical Society)-ৰো সদস্য আছিল। এই ছ'ছাইটি গঠিত হৈছিল ১৮৭৫ চনত; সাৰ্বজনীন ভ্ৰাতৃত্বৰ উদ্দেশ্যে ইয়াক গঠন কৰা হৈছিল। ইয়াত ধৰ্ম শিক্ষা হিচাপে বৌদ্ধ আৰু হিন্দু ব্ৰাহ্মণ্য সাহিত্য পঢ়ুওৱা হৈছিল। ইয়াতেই গান্ধীয়ে [[ভাগৱত গীতা]] অধ্যয়ন কৰিবলৈ অনুপ্ৰেৰণা পাইছিল। ইয়াৰ আগলৈকে ধৰ্মৰ কাৰণে গান্ধীয়ে বিশেষ উৎসাহ অনুভৱ কৰা নাছিল যদিও এই সময়তে তেওঁ হিন্দু, খ্ৰীষ্টান, বৌদ্ধ, ইছলামসহ অন্যান্য ধৰ্ম সম্পৰ্কে আৰু বিভিন্ন ৰীতি-নীতি সম্পৰ্কে অধ্যয়ন কৰে।