অসম দিৱস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তথ্যপেৰা, সজ্জা
চিত্ৰ যোগ
30 নং শাৰী:
 
==অসম দিৱসৰ উৎপত্তি==
[[Image:chaolungsukaphaSukapha.jpg|thumb|right|200px|শিল্পীৰ তুলিকাত চাওলুং চ্যুকাফা]]
১৯৭২ চনত ছৈখোৱা অঞ্চলৰ সমাজকৰ্মী ভীমকান্ত বুঢ়াগোহাঁইয়ে ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস হিচাপে উৎযাপন কৰাৰ উদ্দেশ্যে বিষয়টো শদিয়াৰ মৌজাদাৰ আৰু শদিয়া আঞ্চলিক ছাত্ৰসন্থাৰ লগত আলোচনা কৰে আৰু সকলোৰে সহমতত শদিয়াৰ পাটিদৈ নগাঁৱৰ ৰাজগড় প্ৰথমিক বিদ্যালয়ত এই দিৱস উৎযাপন কৰা হয়। ১৯৭৩ চনত একে ঠাইতে অনুষ্টুপীয়াকৈ চ্যুকাফা দিৱস পতা হয় যদিও সেই একে ঠাইতে ১৯৭৪ চনত এই দিৱস অতি ধুমধামেৰে পতা হয়। ভীমকান্ত বুঢ়াগোঁহাই, শদিয়াৰ তেতিয়াৰ মৌজাদাৰ আৰু বৰঞ্জীবিদ ভবানন্দ বুঢ়াগোঁহাইৰ উদ্যোগত পতা সভাখনত শদিয়াৰ সকলো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে সহযোগ কৰে। সভাখনৰ উদ্বোধক আছিল [[অসম সাহিত্য সভা]]ৰ সভাপতি [[মহেন্দ্ৰ বৰা]]। নিৰ্দিষ্ট বক্তা আছিল ড° [[নগেন শইকীয়া]] আৰু সভাখনৰ সভাপতি আছিল ড° [[লীলা গগৈ]]। বক্তৃতা প্ৰসংগত ড° লীলা গগৈয়ে ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস হিচাপে চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ দাবি জনাব লাগে বুলি প্ৰস্তাৱ আগবঢ়ায়।
 
"https://as.wikipedia.org/wiki/অসম_দিৱস"ৰ পৰা অনা হৈছে