মোহনদাস কৰমচান্দ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

127 নং শাৰী:
[[File:Mahadev Desai and Gandhi 2 1939.jpg|thumb|ভাইচৰয়ে দিয়া চিঠি [[মহাদেৱ দেশায়|মহাদেৱ দেশায়ে]] গান্ধীক পঢ়ি শুনাইছে। বিৰলা হাউছ, বোম্বে, ৭ এপ্ৰিল ১৯৩৯]]
অৱশেষত ব্ৰিটিছ চৰকাৰে মহাত্মা গান্ধীৰ লগত আলোচনাত মিলিত হ'বলৈ মান্তি হয়। এই আলোচনাৰ মৰ্মে [[লৰ্ড এডৱাৰ্ড আৰউইন]] আৰু মহাত্মা গান্ধীৰ মাজত মাৰ্চ, ১৯৩১-ত [[গান্ধী-আৰউইন চুক্তি]] সম্পাদিত হয়। এই চুক্তি মৰ্মে ব্ৰিটিছ চৰকাৰে আইন অমান্য আন্দোলন বন্ধ কৰাৰ বিনিময়ৰ সকলো ৰাজনৈতিক বন্দীকে মুকলি কৰি দিবলৈ সন্মত হয়। এই চুক্তিৰ আধাৰতে মহাত্মা গান্ধীক লণ্ডনত অনুস্থিত [[ঘূৰণীয়া মেজমেল]]লৈ আমন্ত্ৰণ কৰা হয়। এই মেলত মহাত্মা গান্ধী ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি আছিল। অৱশ্যে এই ঘূৰণীয়া মেজমেলৰপৰা গান্ধী আৰু জাতীয়তাবাদী নেতাসকলে হতাশ হৈ উভতিব লগীয়া হয়। এই মেলত ক্ষমতাৰ সালসনিৰ কোনো আলোচনা হোৱাৰ সলনি ভাৰতত থকা ৰাজ্যসমূহৰ ৰাজপুত্ৰ আৰু সংখ্যালঘূসকলৰ বিষয়েহে আলোচনা কৰা হৈছিল। [[লৰ্ড ৱেলিংটন|লৰ্ড ৱেলিংটনে]] ভাৰতৰ জাতীয়তাবাদী নেতাসকলৰ প্ৰতি উগ্ৰ মোনোভাৱ প্ৰদৰ্শন কৰে আৰু জাতীয়তাবাদী আন্দোলন মষিমূৰ কৰাৰ বাবে নতুন পন্থা গ্ৰহন কৰ। মহাত্মা গান্ধীক আকৌ গ্ৰেপ্তাৰ কৰি অনুগামীসকলৰপৰা আঁতৰত ৰখাৰ প্ৰয়াস কৰে। কিন্তু চৰকাৰৰ এই চেষ্টা সফল নহ'ল।<ref name="Herman2008">Herman (20080. [http://books.google.com/books?id=tquxD6dk914C&pg=PA375 pp. 375–377].</ref>
 
===অস্পৃশ্যতাৰ বিৰুদ্ধে===
দলিত সম্প্ৰদায়ৰ নেতা [[বি. আৰ. আম্বেদকাৰ]]ৰ প্ৰচাৰাভিযানৰ ফলশ্ৰুতিত ১৯৩২ চনত চৰকাৰে 'অস্পৃশ্য' সকলৰ বাবে পৃথক নিৰ্বাচন মণ্ডলী গঠন কৰি দিয়ে। মহাত্মা গান্ধীয়ে ইয়াৰ প্ৰতিবাদত ছেপ্টেম্বৰ মাহত ছয় দিনীয়া অনশন পালন কৰে। পৰিণতিত গঠিত হোৱা জনমতলৈ লক্ষ্য ৰাখি চৰকাৰে আপোচলৈ আহিবলৈ বাধ্য হয়। [[পালৱাওকাৰ বালু]]য়ে এই আপোচ আলোচনাত মুখ্য ভূমিকা লৈছিল। এই কাৰ্যৰে গান্ধীয়ে সমাজৰ অস্পৃশ্য বুলি পৰিচিত সম্প্ৰদায়সমূহৰ লোকৰ জীৱন যাপনৰ মান উন্নত কৰিবলৈ এক অভিযানৰ আৰম্ভণি কৰে। গান্ধীয়ে সমাজৰ অস্পৃশ্য বুলি পৰিচিতসকলক '[[হৰিজন]]' (হৰিৰ পুত্ৰ) বুলি আখ্যা দিছিল।<ref name="Coward2003">Coward, (2003). [http://books.google.com/books?id=GGGudMuE4PIC&pg=PA53 pp. 52–53].</ref>
 
১৯৩৩ চনৰ ৮ মে তাৰিখে গান্ধীয়ে আত্মাশুদ্ধিৰ বাবে ২১ দিনীয়া অনশন কৰে, আৰু এবছৰ জোৰা হৰিজন আন্দোলনৰ আৰম্ভণি কৰে।{{sfn|Gandhi|1990|pp=230–232}} অৱশ্য [[দলিত]] সমাজৰ সকলোৱে এই আন্দোলন সমৰ্থন কৰা নাছিল। আম্বেদকাৰে গান্ধীয়ে আখ্যা দিয়া 'হৰিজন' শব্দৰ বিৰোধিতা কৰিছিল আৰু কৈছিল যে দলিতসকল সামাজিক ভাৱে পৈণত হোৱা নাই আৰু উন্নত জাতিৰ লোকসকলে দলিত সকলৰ ওপৰত 'সদাশয় স্বৈৰাচাৰ'ৰ (paternalistic) ভূমিকা লৈ আহিছে। আম্বদেকাৰ আৰু তেখেতৰ সমৰ্থকসকলে বিশ্বাস কৰিছিল যে গান্ধীয়ে দলিতসকলৰ ৰাজনৈতিক অধিকাৰক অৱজ্ঞা কৰি আহিছে। ১৯২৪-২৫ চনত দলিতসকলে মন্দিৰত পূজা-অৰ্চনা কৰাৰ অনুমতি বিচাৰি কৰা আন্দোলনত গান্ধীয়ে সমৰ্থন কৰা নাছিল। আম্বেদকাৰে গান্ধীক 'শঠ আৰু বিশ্বাসৰ অযোগ্য' (devious and untrustworthy) বুলি অভিহিত কৰিছিল।<ref name="GreatSoulReview"/> জন্মসূত্ৰে গান্ধী বৈশ্য সম্প্ৰদায়ৰ আছিল যদিও তেওঁ নিজকে দলিতসকলৰ প্ৰতিনিধি হিচাপে যোগ্য বুলি বিবেচনা কৰিছিল।<ref>[http://books.google.com/books?id=WcLJ3aK-ZSkC&pg=PT354 100 Most Influential People of All Times]. p. 354.</ref> গান্ধী আৰু আম্বেদকাৰৰ মাজত মতবিৰোধ প্ৰায়েই হৈ থাকিছিল, কাৰণ আম্বেদকাৰে দলিতসকলক হিন্দু সম্প্ৰদায়ৰ বাহিৰলৈ নিব বিচাৰিছিল। আনহাৰে গান্ধীয়ে অস্পৃশ্যতাকে দূৰ কৰি হিন্দুত্বক শক্তিশালী কৰিবলৈ বিচাৰিছিল। আম্বেদকাৰে গান্ধীৰ আন্দোলন অত্যন্ত ধীৰ গতিৰ বুলি অভিযোগ কৰিছিল, আনহাতে হিন্দু ৰক্ষণশীল সকলে গান্ধীয়ে শাস্ত্ৰৰ বাণী অৱজ্ঞা কৰি হিন্দু ধৰ্মৰ বিপথে যোৱা বুলি অভিযোগ কৰিছিল। ৰামচন্দ্ৰ গুহই ২০১ চনত মন্তব্য দিয়ে যে "আদৰ্শবাদীসকলে এই পুৰণি শত্ৰুতাক এতিয়াও কঢ়িয়াই লৈ ফুৰিছে আৰু ইয়াৰ বাবেই বৰ্তমানৰ আম্বেদকাৰৰ অনুগামী ৰাজনৈতিক নেতাসকলে গান্ধীক খলনায়কলৈ ৰূপান্তৰ কৰিছে।" ("Ideologues have carried these old rivalries into the present, with the demonization of Gandhi now common among politicians who presume to speak in Ambedkar’s name."<ref>Ramachandra Guha, "The Other Liberal Light" [http://www.tnr.com/article/books-and-arts/magazine/104203/the-other-liberal-light ''The New Republic'' June 22, 2012]</ref> ৰামচন্দ্ৰ গুহৰ মতে গান্ধী আৰু আম্বেদকাৰৰ কৰ্মই পৰিপূৰকৰ কাম কৰিছিল। গান্ধীয়ে প্ৰায়েই আম্বেদকাৰৰ প্ৰশংসা কৰিছিল।
 
১৯৩৪ চনৰ গ্ৰীষ্ম কালত গান্ধীৰ জীৱনৰ ওপৰত তিনিটাকৈ আক্ৰমণ হৈছিল।<ref name="Pyarelal1956">Pyarelal, (1956).</ref><ref name="JonesRyan2007">Jones & Ryan (2007). [http://books.google.com/books?id=hZET2sSUVsgC&pg=PA160 p. 160].</ref>
 
== হত্যাকাণ্ড ==