মোহনদাস কৰমচান্দ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

139 নং শাৰী:
 
জৱাহৰলাল নেহৰুৰ সভাপতিত্বত ১৯৩৬ চনত লক্ষ্নৌত অনুষ্ঠিত কংগ্ৰেছ অধিবেশনত গান্ধীয়ে আকৌ সক্ৰিয় ৰাজনীতিত অংশ গ্ৰহন কৰে। ভাৰতৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে গুণা-গঁথা কৰি থকাৰ সলনি গান্ধীয়ে পূৰ্ণ স্বাধীনতাৰ বাবে কাৰ্য্যসূচী লোৱাৰ পোষকতা কৰিছিল, কিন্তু তেখেতে কংগ্ৰেছে সমাজবাদক নিজৰ লক্ষ্য হিচাপে গ্ৰহন কৰাত আপত্তি কৰা নাছিল। ১৯৩৮ চনত কংগ্ৰেছৰ সভাপতিৰ পদত অধিস্থিত হোৱা [[সুভাষ চন্দ্ৰ বসু]ৰ লগত গান্ধীৰ মতানৈক্য ঘটিছিল। সুভাষ বসুৱে অহিংস প্ৰতিবাদৰ নীতিত বিশ্বাস ৰখা নাছিল।<ref>Ghose, Sankar (1992). ''Jawaharlal Nehru, A Biography'', [http://books.google.com/books?id=MUeyUhVGIDMC&pg=PA137&dq&hl=en#v=onepage&q=&f=false p. 137]. Allied Publishers Limited.</ref> মহাত্মা গান্ধীয়ে সমৰ্থন নকৰিলেও সুভাষ চন্দ্ৰ বসু দ্বিতীয় বাৰৰ বাবেও কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয়। মহাত্মা গান্ধীৰ সমৰ্থিত প্ৰাৰ্থী [[ডা. পট্টভি সীতাৰামায়া]] সুভাষ বসুৰ হাতত পৰাজিত হয়। কিন্তু গান্ধীৰ নীতি অমান্য কৰাৰ বাবে কংগ্ৰেছ দলৰ নেতাসকলে সুভাষ বসুৰ বিৰোধিতা কৰি সদস্য পদৰপৰা ইস্তাফা দিয়ে। এই প্ৰতিবাদৰ ফলস্বৰূপে সুভাষ চন্দ্ৰ বসুৱে পদত্যাগ কৰে।{{sfn|Gandhi|1990|pp=277–281}}<ref name="Sarkar2006">Sarkar, (2006).</ref> পট্টভি সীতাৰামায়াৰ পৰাজয় গান্ধীয়ে নিজৰ পৰাজয় বুলি উল্লেখ কৰে।<ref>{{cite web|last=Dash|first=Siddhartha|title=Orissa Review|url=http://orissa.gov.in/e-magazine/Orissareview/jan2005/englishPdf/Gandhi_subhas.pdf|accessdate=12 April 2012}}</ref>
 
===দ্বিতীয় বিশ্বযুদ্ধ আৰু "ভাৰত ত্যাগ আন্দোলন"===
{{Main|ভাৰত ত্যাগ আন্দোলন}}
[[File:Gandhi and Nehru 1942.jpg|thumb|190px|গান্ধী আৰু নেহৰু, ১৯৪২ চনত]]
১৯৩৯ চনত আৰম্ভ হোৱা [[দ্বিতীয় বিশ্বযুদ্ধ]]ত মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ প্ৰতি প্ৰথমে "অহিংস নৈতিক সমৰ্থন" আগবঢ়াইছিল। কিন্তু কংগ্ৰেছৰ অন্যান্য নেতাসকলে ব্ৰিটিছসকলে নিজাববীয়াকৈ ভাৰতকো বিশ্বযুদ্ধৰ অংশীদাৰ কৰাত আপত্তি কৰিছিল। কাৰণ ব্ৰিটিছে ভাৰতৰ প্ৰতিনিধিৰ মতামত অবিহনেই ভাৰতক বিশ্বযুদ্ধৰ অংশীদাৰ কৰিছিল। ইয়াৰ প্ৰতিবাদত সকলো কংগ্ৰেছ নেতাই বিধায়িনী সদস্য পদৰপৰা ইস্তাফা দিয়ে।{{sfn|Gandhi|1990|pp=283–286}} দিঘলীয়া মন্থনৰ পাছত গান্ধীয়ে ঘোষণা কৰে যে ভাৰত এই যুদ্ধৰ অংশীদাৰ হ'ব নোৱাৰে, কাৰণ জাতীয় স্বাধীনতা অক্ষুণ্ণ ৰখাৰ বাবে হোৱা এই বিশ্বযুদ্ধত লিপ্ত ইংলেণ্ডে ভাৰতৰ স্বাধীনতাৰ দাবী মানি লোৱা নাই। যুদ্ধ আগবঢ়াৰ লগে লগে গান্ধীয়ে স্বাধীনতাৰ দাবীও প্ৰবল কৰি তোলে আৰু ব্ৰিটিছে 'ভাৰত ত্যাগ' কৰিব লাগিব বুলি 'গোৱালিয়া পুখুৰী মৈদান'ত অনুষ্ঠিত এখন সভাত ঘোষণা কৰে। '[[ভাৰত ত্যাগ আন্দোলন]]' কংগ্ৰেছ দল আৰু মহাত্মা গান্ধীৰ চূড়ান্ত আন্দোলন আছিল য'ত ভাৰতৰপৰা ব্ৰিটিছক সম্পূৰ্ণৰূপে খেদি পঠিওৱাৰ আহ্বান জনোৱা হৈছিল।{{sfn|Gandhi|1990|p=309}}
 
কংগ্ৰেছ দলৰ বাহিৰত আৰু ভিতৰতো গান্ধীয়ে যুদ্ধৰ প্ৰতি লোৱা স্থিতিক বহুতে সমালোচনা কৰিছিল। কিছু সংখ্যকে বিশ্বাস কৰিছিল যে নাজী জাৰ্মানীৰ বিৰূদ্ধে ব্ৰিটিছক সমৰ্থন নিদিয়াটো নৈতিক ভাৱে উচিত নাছিল। আন কিছুমানে আকৌ বিশ্বযুদ্ধত ব্ৰিটিছক সমৰ্থন নিদিয়াৰ ক্ষেত্ৰত গান্ধীয়ে শক্তিশালী আৰু নিৰ্দিষ্ট মনোভাৱ প্ৰকাশ কৰা নাছিল বুলি আপত্তি কৰিছিল। আনফালে ইংলেণ্ডে এই নাজীবাদৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱাৰ সময়তে ভাৰতৰ স্বাধীনতাৰ দাবী প্ৰত্যাখান কৰিছিল। এনে অৱস্থাতে 'ভাৰত ত্যাগ' আন্দোলন তীব্ৰ হৈ উঠে, বহুতো লোকক গ্ৰপ্তাৰ কৰা হয় আৰু ঠায়ে ঠায়ে হিংসাত্মক কাৰ্যকলাপ সংঘটিত হয়।{{sfn|Gandhi|1990|p=318}}
 
১৯৪২ চনত গান্ধীয়ে অহিংস আন্দোলনৰ পোষকতা কৰিও মন্তব্য দিয়ে যে টুকুৰা-টুকুৰ ভাৱে সংঘটিত হিংসাত্মক কাৰ্যকলাপে আন্দোলনটোক স্থবিৰ কৰি নোতোলে, প্ৰকৃত অৰাজকতাতকৈ ব্ৰিটিছ প্ৰশাসনে সৃষ্টি কৰা 'নিয়মাধীন অৰাজকতা' (ordered anarchy) বেছি ভয়াবহ।(''"ordered anarchy"'' of ''"the present system of administration"'' was ''"worse than real anarchy."'')<ref>{{cite book |title=The Mahatma and mother India: essays on Gandhiʼs non-violence and nationalism |last=Brock |first=Peter |year=1983 |publisher=[[Navajivan Publishing House]] |page=34 |url=http://books.google.com/books?id=vRduAAAAMAAJ&q=%22anarchy+to+the+present+system+of+administration+because+this+ordered+anarchy+is+worse+than+real+anarchy%22&dq=%22anarchy+to+the+present+system+of+administration+because+this+ordered+anarchy+is+worse+than+real+anarchy%22&hl=en&sa=X&ei=tZTsT_u2KMLdqgGVoKDqBQ&ved=0CEAQ6AEwAw}}</ref><ref>{{cite book |title=Mahatma Gandhi and Jawaharlal Nehru: a historic partnership |last=Limaye |first=Madhu |authorlink1=Madhu Limaye |isbn=8170185475 |publisher=B. R. Publishing Corporation |year=1990 |page=11 |url=http://books.google.com/books?id=WVIwAQAAIAAJ&q=%22anarchy+to+the+present+system+of+administration+because+this+ordered+anarchy+is+worse+than+real+anarchy%22&dq=%22anarchy+to+the+present+system+of+administration+because+this+ordered+anarchy+is+worse+than+real+anarchy%22&hl=en&sa=X&ei=tZTsT_u2KMLdqgGVoKDqBQ&ved=0CEUQ6AEwBA}}</ref> ইয়াৰ পাছতেই গান্ধীয়ে সকলো কংগ্ৰছকৰ্মী আৰু ভাৰতীয়ক পূৰ্ণ স্বাধীনতাৰ দাবীত অহিংস পন্থা অৱলম্বন কৰি 'কৰো য়া মৰোঁ' নীতিৰে আগবাঢ়িবলৈ আহ্বান জনায়।<ref>{{cite book|author=Wilhelm von Pochhammer|title=India's Road to Nationhood: A Political History of the Subcontinent|url=http://books.google.com/books?id=mHLB4m75pisC&pg=PA469|year=2005|publisher=Allied Publishers|page=469}}</ref>
[[File:Gandhi Jinnah 1944.jpg|thumb|মহাত্মা গান্ধী আৰু [[মহম্মদ আলি জিন্না]], বোম্বে, ১৯৪৪]]
১৯৪২ চনৰ ৯ আগষ্টত গান্ধী সমন্বিতে কংগ্ৰছৰ কৰ্মী সংস্থাৰ (Congress Working Committee) সকলো সদস্যকে গ্ৰেপ্তাৰ কৰা হয়। [[পুনা]]ৰ [[আগা খান মহল]] গান্ধীক ২ বছৰৰ বাবে বন্দী কৰি ৰখা হয়। এই বন্দী কালতেই গান্ধীৰ ৫০ বছৰৰ সচিব [[মহাদেৱ দেশাই]]ৰ মৃত্যু হয়। বন্দী দশাৰ ১৮ মাহ পাছত ১৯৪৪ চনৰ ২২ ফেব্ৰুৱাৰীত মহাত্মা গান্ধীৰ পত্নী [[কস্তুৰ বা]]ৰো মৃত্যু হয়। ইয়াৰ ছমাহ পাছত গান্ধীয়ে মেলেৰিয়া জ্বৰত ভোগে। বিশ্বযুদ্ধ শেষ হোৱাৰ আগেয়েই ১৯৪৪ চনৰ ৬ মেত স্বাস্থ্যজনিত কাৰণত তেখেতক মুক্ত কৰি দিয়া হয়। ব্ৰিটিছ ৰাজে কাৰাবন্দী হৈ থকা কালতে গান্ধীৰ মৃত্যু হোৱাটো বিচৰা নাছিল। জেলৰপৰা ওলাই গান্ধীয়ে ভাৰতৰ ৰাজনীতিত এক ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পায়--কিছু বছৰৰ আগলৈ প্ৰভাৱহীন হৈ থকা [[সদৌ ভাৰত মুছলীম লীগ]] এক শক্তিশালী ৰাজনৈতিক হিচাপে পৰিগণিত হয়<ref name="Lapping1989">Lapping, (1989).</ref>; লগতে মুছলীয় লীগৰ নেতা [[মহম্মদ আলি জিন্না]]ই তোলা '[[পাকিস্তান]]ৰ দাবী' ভাৰতৰ ৰাজনীতিৰ এক কেন্দ্ৰবিন্দু হৈ পৰে। ১৯৪৪ চনত মুম্বাইত গান্ধীয়ে জিন্নাৰ সৈতে আলোচনা কৰে, কিন্তু জিন্নাই গান্ধীয়ে জনোৱা আহ্বান আওকাণ কৰে কাৰণ আলোচনাত স্বাধীন পাকিস্তানৰ দাবী আলোচনা কৰা হোৱা নাছিল। মুছলিম সংখ্যাগৰিষ্ঠ প্ৰদেশ সমূহে গঠিত হ'বলৈ যোৱা ভাৰতৰ অংশ হোৱাৰ পৰা আঁতৰি থকাৰ অধিকাৰ পোৱাটো জিন্নাই বিচাৰিছিল।<ref>{{cite news|title=Gandhi, Jinnah Meet First Time Since '44; Disagree on Pakistan, but Will Push Peace|url=http://select.nytimes.com/gst/abstract.html?res=F30A1EFA3F58147B93C5A9178ED85F438485F9|accessdate=25 March 2012|newspaper=[[The New York Times]]|date=7 May 1947}}{{subscription needed}}</ref><ref>{{cite news|last=Jalil|first=Azizul|title=When Gandhi met Jinnah|url=http://www.thedailystar.net/magazine/2006/11/04/history.htm|accessdate=25 March 2012|newspaper=[[The Daily Star (Bangladesh){{!}}The Daily Star]]|year=1944}}</ref>
 
কংগ্ৰেছৰ নেতাসকল জেলত বন্দী হৈ থকাৰ সময়ত অন্যান্য দলসমূহে বিশ্বযুদ্ধৰ প্ৰতি সমৰ্থন আগবঢ়ায় আৰু অধিক সংগঠিত হয়। ক্ষুদ্ৰ ৰাজনৈতিক নেতাসকলে কংগ্ৰেছ নেতাসকলৰ অনুপস্থিতিত মুখ্য ভূমিকা লৈছিল যদিও সমগ্ৰ পৰিস্থিতৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা তেওঁলোকৰ নাছিল।<ref name="BhattacharyaStudies2001">{{cite book|last1=Bhattacharya|first1=Sanjoy|title=Propaganda and information in Eastern India, 1939-45: a necessary weapon of war|url=http://books.google.com/books?id=M2GI26jditsC&pg=PA33|year=2001|publisher=Psychology Press|isbn=978-0-7007-1406-3|page=33}}</ref> বিশ্বযুদ্ধৰ পাছতেই ইংৰাজে চৰকাৰে ভাৰতৰ শাসনভাৰ ভাৰতীয়লৈ হস্তান্তৰিত কৰাৰ সপক্ষে মত দিয়ে। ইয়াৰ ভিত্তিত গান্ধীয়ে সংগ্ৰাম সমাপ্ত হোৱাৰ কথা ঘোষণা কৰে। কংগ্ৰেছৰ নেতা সমন্বিতে প্ৰায় ১০০,০০০ ৰাজনৈতিক বন্দীক মুকলি কৰি দিয়া হয়।<ref name=autogenerated2>{{cite book|author=S. S. Shashi|title=Encyclopaedia Indica: India, Pakistan, Bangladesh|url=http://books.google.com/books?id=Wv0vAQAAIAAJ|accessdate=28 February 2012|year=1996|publisher=Anmol Publications|isbn=978-81-7041-859-7|page=13}}</ref>
 
== হত্যাকাণ্ড ==