জয়ন্ত হাজৰিকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
30 নং শাৰী:
১৯৭১ চনত '[[বনৰীয়া ফুল]]' ছবিত প্ৰথম বাৰৰ বাবে জয়ন্ত হাজৰিকাই স্বাধীন ভাৱে সংগীত পৰিচালনা কৰে। ইয়াৰ পাছতে [[নিয়তি]], [[বৃষ্টি]], [[ধৰ্মকাই]], [[নতুন আশা]] (অসমাপ্ত সংগীতৰ কাম মণীষা হাজৰিকাই সম্পূৰ্ণ কৰে) বোলছবিত সংগীত পৰিচালনা কৰে।<ref name=dulal />কাহিনী-চিত্ৰৰ লগত কেবাখনো [[তথ্য-চিত্ৰ]]ৰো সংগীত পৰিচালনা কৰে।
 
মঞ্চনাটৰ সংগীত পৰিচালনাৰ লগতো জয়ন্ত হাজৰিকা জড়িত হৈ আছিল। [[ফণী শৰ্মা]]ৰ '[[ছিৰাজ (নাটক)|ছিৰাজ]]', প্ৰফুল্ল বৰাৰ [[বান (নাটক)|বান]] আদিৰ দৰে নাটকত সংগীত দিয়াৰ লগতে গুৱাহাটীৰ [[প্ৰগতি শিল্পী সংঘ]]ৰ দ্বাৰা নিবেদিত কেবাখনো নাটকত জয়ন্ত হাজৰিকাই সংগীত পৰিচালনা কৰিছিল। [[গোৱালপাৰা]]ৰ '[[লখিমী থিয়েটাৰ]]' নামৰ এটি ভ্ৰাম্যমান নাট্যগোষ্ঠীৰ বাবেও তেওঁ সংগীত পৰিচালনা কৰিছিল।<ref name=shiv /> মৃত্যুৰ সময়লৈ জড়িত হৈ থকা এই গোষ্ঠীৰ বাবে পাঁচখন নাটকৰ ১৫-টা গানত তেওঁ সুৰ দিছিল।<ref name=dulal /> ১৯৭৭ চনত গোৱালপাৰা জিলাত প্ৰমথেশ বৰুৱাৰ সোঁৱৰণত আৰম্ভ হোৱা লখিমী থিয়েটাৰৰ বাবে জয়ন্ত হাজৰিকাই নিৰ্মল প্ৰভা বৰদলৈৰ লগত লগ লাগি পাঁচখন নাটকৰ বাবে মুঠ সোতৰটি গীতৰ সৃষ্টি কৰে। গোটেই গীতখিনি লিখা আৰু সুৰ দিয়াৰ কাম সম্পন্ন হৈছিল ১৩ ছেপ্তেম্বৰৰ পৰা ১৬ ছেপ্তেম্বৰৰ ভিতৰত। [[আকাশবাণী, গুৱাহাটী]]-ৰ লগত দিয়া এক সাক্ষাৎকাৰত তেওঁ কৈছিল যে "মঞ্চ-নাটৰ সংগীত পৰিচালনাকৰি মই বেছি ভাল পাওঁ.."<ref name=dulal />
 
চলচ্চিত্ৰ, মঞ্চনাট আদিত সংগীত পৰিচালনা আৰু গায়কীৰ কামত ব্যস্ত থকাৰ উপৰিও বিভিন্ন মঞ্চত জয়ন্ত হাজৰিকাই গান গাই ফুৰিছিল। ১৯৭২ চনৰ ১৪ ফেব্ৰুৱাৰীত [[অক্টোবৰ ক্লাব]]ৰ আহ্‌বানত [[বাৰ্লিন]]ত অনুষ্ঠিত 'ৰাজনৈতিক সংগীতৰ আন্তৰ্জাতিক সন্মিলনী'ত (International Conference of Political Songs) ভাতৃ ভূপেন হাজৰিকাৰ সৈতে জয়ন্ত হাজৰিকাইও যোগ দিছিল। ভূপেন হাজৰিকাৰ সৈতে সংগীত পৰিবেশনৰ বাবে তেওঁ বাংলাদেশ ভ্ৰমণ কৰিছিল।<ref name=dulal /><!---japan tour--->