জয়ন্ত হাজৰিকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

41 নং শাৰী:
 
===সুৰ বাহিনী===
১৯৭৭ চনত [[গোলাঘাট|গোলাঘটীয়া]] ৰাইজৰ সহযোগত জয়ন্ত হাজৰিকাই '[[সুৰ-বাহিনী]]' নামে এটা অনুষ্ঠান গঠন কৰি অসমৰ বানপীড়িত লোকৰ সাহায্যাৰ্থে বাটত গান পৰিবেশন কৰি ধন আহৰণ কৰিছিল।<ref name=shiv /><ref name=dulal /> তেখেতৰ এই বাহিনীত কেবাজনো সংগীতজ্ঞই যোগ দিছিল। `সুৰ বাহিনী'ৰ বাবে ৮টা গীত সৃষ্টি কৰা হৈছিল- "লুইতৰ বলীয়া বান", "দুৰ্যোগ লগ্নৰ দেখোঁ হাহাকাৰ", "আজি প্ৰাণৰ মেলা পাতিছোঁ", ভয় নাই ভয় নাই", "একো নাই শূন্য হাঁয়", "এতিয়াও ৰাতি নাই", "অভিযাত্ৰী দূৰৈৰ যাত্ৰী" আৰু "এইটো প্ৰহৰ শূন্য প্ৰহৰ"। সুৰবাহিনী সৃষ্টি কৰাৰ পাছত জয়ন্ত হাজৰিকাই কৈছিল, " মই এতিয়া কথা কম। কথা কম মোৰ সুৰেৰে, মোৰ গীতেৰে। মই গীত গাবলৈ ওলাই আহিম আলিবাটলৈ, মঞ্চলৈ নহয়। মোৰ এই সুৰ বাহিনীৰ উদ্দেশ্য হ'ল ৰাইজৰ বিপদৰ সময়ত, দুৰ্যোগৰ সময়ত সুৰ বাহিনীয়ে ৰাইজৰ কাষত সদায়ে থিয় দিবগৈ। সংস্কৃতিৰ নামৰ দুষ্কৃতিৰ পোহাৰ মেলাসকলক সুৰ বাহিনীয়ে বাধা দিব সুৰেৰে গীতেৰে।" ১৯৭৭ চনৰ ১৩ আগষ্টত মঘাই ওজাৰ চিকিৎসাৰ খৰছ গোটাবলৈ সুৰ বাহিনীয়ে ডিব্ৰুগড় বাসী ৰাইজৰ কাষ চাপিছিল।<ref name=jh>বৰা, মৃণাল কুমাৰ বৰা (২০০৫). ''সোঁৱৰণি কুৱলীয়ে চিঞৰি চিঞৰি কয়", অসমীয়া সা ৰে গা মা , পৃ:১১</ref>
 
==কৰ্ম-ৰাজী==