জয়ন্ত হাজৰিকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

19 নং শাৰী:
অসমৰ এটা প্ৰখ্যাত পৰিয়ালত জয়ন্ত হাজৰিকাৰ (ঘৰুৱা নাম ৰাণা) জন্ম হৈছিল। পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকা। ড. [[ভূপেন হাজৰিকা]] আছিল জয়ন্ত হাজৰিকাৰ জ্যেষ্ঠ ভায়েক। ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত মঙ্গলদৈত থকা কালত নীলকান্ত হাজৰিকাৰ পৰিয়ালৰ কনিষ্ঠ সন্তান জয়ন্তৰ জন্ম হয়। সৰুৰেপৰাই সংগীতত ৰাপ থকা জয়ন্তই [[গুৱাহাটী]]ৰ [[সোণাৰাম হাইস্কুল]]ত পঢ়া-শুনা কৰিছিল। ১৯৬২ চনৰ প্ৰৱেশিকা পৰীক্ষাত অকৃতকাৰ্য হৈ জয়ন্ত কলিকতালৈ যায় আৰু তাতে এইচ.এম.ভি. কোম্পানীত দুটা গীত বাণীবদ্ধ কৰে।<ref name=shiv>বৰ্মন, শিৱনাথ বৰ্মন(১৯৯২). ''অসমীয়া জীৱনী অভিধান'', চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, প্ৰথম সংস্কৰণ-১৯৯২, পৃ:১০২-৩</ref>
 
জয়ন্ত হাজৰিকাই ৯ বছৰ বয়সত প্ৰথম গানত সুৰ দিছিল। গীতটো লিখিছিল জয়ন্তৰ আন এজন ককায়েক [[নৃপেন হাজৰিকা]]ই। জয়ন্ত হাজৰিকাৰ পেছাদাৰী সংগীত জীৱন ককায়েক ভূপেন হাজৰিকাৰ লগত বাদ্য সংগত কৰি আৰম্ভ হৈছিল। ১৯৬২ চনত প্ৰৱেশিকা পৰীক্ষাত অনুত্তীৰ্ণ হৈ জয়ন্ত কলিকতালৈ গৈ এচ. এম. ভি. কোম্পানীত 'আগলি বতাহে কঁপালে কলৰে পাত' আৰু 'কৃষ্ণচূড়া কৃষ্ণচূড়া' নামৰ গীত দুটা বাণীবদ্ধ কৰে। এই গান দুটাই জয়ন্ত হাজৰিকাক সুৰকাৰ আৰু গায়ক হিচাপে প্ৰতিষ্ঠা কৰে। ইয়াৰ পাছৰ বছৰতে জয়ন্তই ককায়েক ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা [[মণিৰাম দেৱান (১৯৬৪ চলচ্চিত্ৰ)|মণিৰাম দেৱান]] বোলছবিৰ গানত কণ্ঠদান কৰে। এইখন ছবিতে জয়ন্ত হাজৰিকা আৰু [[হিমাংশু বিশ্বাস|হিমাংশু বিশ্বাসে]] সহকাৰী সংগীত পৰিচালক হিচাপেও কাম কৰিছিল।<ref>দাস, অৰুণলোচন (২০০১). ''এবাৰ উভতি চাওঁ'', শিশুসাৰথি প্ৰকাশন, গুৱাহাটী।</ref> ইয়াৰ পাছতে জয়ন্তই ভালেমান গীতত সুৰ আৰু কণ্ঠদান কৰে, লগতে বোলছবি, মঞ্চনাট আৰু তথ্যচিত্ৰৰ বাবে সংগীত পৰিচালনা কৰিবলৈ আৰম্ভ কৰে।<ref name=shiv /> জয়ন্ত হাজৰিকাই 'লটিঘটি' আৰু 'চিকমিক বিজুলী' অসমীয়া কথাছবি দুখনত অভিনয়ো কৰিছিল।<ref name=jh />
 
১৯৬৯ চনৰ ৪ আগষ্টত তেখেতে কলিকতাৰ এটা বঙালী পৰিয়ালৰ জীয়ৰী [[মণীষা হাজৰিকা]]ক বিয়া কৰায়। তেওঁলোকৰ একমাত্ৰ সন্তান [[ময়ুখ হাজৰিকা]]ৰ জন্ম হৈছিল ১৯৭১ চনৰ ১৩ জানুৱাৰীত।
 
১৯৭৭ চনত [[নতুন আশা]] বোলছবিৰ গীত বাণীবদ্ধ কৰিবলৈ যাওঁতে ১৫ অক্টোবৰত কলিকতাত জয়ন্ত হাজৰিকাৰ আচম্বিত মৃত্যু হয়।<ref name=shiv /> তেখেতৰ পত্নী মণীষা হাজৰিকাই তেখেতৰ আধৰুৱা কৰি যোৱা কামবিলাক সম্পূৰ্ণ কৰে।
 
==পেছাদাৰী সংগীত==