জয়ন্ত হাজৰিকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

30 নং শাৰী:
১৯৭১ চনত '[[বনৰীয়া ফুল]]' ছবিত প্ৰথম বাৰৰ বাবে জয়ন্ত হাজৰিকাই স্বাধীন ভাৱে সংগীত পৰিচালনা কৰে। ইয়াৰ পাছতে [[নিয়তি]], [[বৃষ্টি]], [[ধৰ্মকাই]], [[নতুন আশা]] (অসমাপ্ত সংগীতৰ কাম মণীষা হাজৰিকাই সম্পূৰ্ণ কৰে) বোলছবিত সংগীত পৰিচালনা কৰে।<ref name=dulal />কাহিনী-চিত্ৰৰ লগত কেবাখনো [[তথ্য-চিত্ৰ]]ৰো সংগীত পৰিচালনা কৰে।
 
মঞ্চনাটৰ সংগীত পৰিচালনাৰ লগতো জয়ন্ত হাজৰিকা জড়িত হৈ আছিল। [[ফণী শৰ্মা]]ৰ '[[ছিৰাজ (নাটক)|ছিৰাজ]]', প্ৰফুল্ল বৰাৰ [[বান (নাটক)|বান]] আদিৰ দৰে নাটকত সংগীত দিয়াৰ লগতে গুৱাহাটীৰ [[প্ৰগতি শিল্পী সংঘ]]ৰ দ্বাৰা নিবেদিত কেবাখনো নাটকত জয়ন্ত হাজৰিকাই সংগীত পৰিচালনা কৰিছিল। [[গোৱালপাৰা]]ৰ '[[লখিমী থিয়েটাৰ]]' নামৰ এটি ভ্ৰাম্যমান নাট্যগোষ্ঠীৰ বাবেও তেওঁ সংগীত পৰিচালনা কৰিছিল।<ref name=shiv /> ১৯৭৭ চনত গোৱালপাৰা জিলাত [[প্ৰমথেশ বৰুৱা]]ৰ সোঁৱৰণত আৰম্ভ হোৱা লখিমী থিয়েটাৰৰ বাবে জয়ন্ত হাজৰিকাই [[নিৰ্মলপ্ৰভা বৰদলৈ]]ৰ লগত লগ লাগি পাঁচখন নাটকৰ বাবে মুঠ সোতৰটি গীতৰ সৃষ্টি কৰে। গোটেই গীতখিনি লিখা আৰু সুৰ দিয়াৰ কাম সম্পন্ন হৈছিল ১৩ ছেপ্তেম্বৰৰ পৰা ১৬ ছেপ্তেম্বৰৰ ভিতৰত।<ref name=him>হাজৰিকা , মনীষা (২০০৫). ''তেওঁৰ বেদনা মধুৰ স্মৃতিৰে'', অসমীয়া সা ৰে গা মা (অক্টোবৰ, ২০০৫), পৃ: ৯</ref> [[আকাশবাণী, গুৱাহাটী]]-ৰ লগত দিয়া এক সাক্ষাৎকাৰত তেওঁ কৈছিল যে "মঞ্চ-নাটৰ সংগীত পৰিচালনাকৰি মই বেছি ভাল পাওঁ.."<ref name=dulal />
 
চলচ্চিত্ৰ, মঞ্চনাট আদিত সংগীত পৰিচালনা আৰু গায়কীৰ কামত ব্যস্ত থকাৰ উপৰিও বিভিন্ন মঞ্চত জয়ন্ত হাজৰিকাই গান গাই ফুৰিছিল। ১৯৭২ চনৰ ১৪ ফেব্ৰুৱাৰীত [[অক্টোবৰ ক্লাব]]ৰ আহ্‌বানত [[বাৰ্লিন]]ত অনুষ্ঠিত 'ৰাজনৈতিক সংগীতৰ আন্তৰ্জাতিক সন্মিলনী'ত (International Conference of Political Songs) ভাতৃ ভূপেন হাজৰিকাৰ সৈতে জয়ন্ত হাজৰিকাইও যোগ দিছিল। ভূপেন হাজৰিকাৰ সৈতে সংগীত পৰিবেশনৰ বাবে তেওঁ বাংলাদেশ ভ্ৰমণ কৰিছিল।<ref name=dulal /><!---japan tour--->