মোহনদাস কৰমচান্দ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

187 নং শাৰী:
গান্ধীয়ে [[গুজৰাটী ভাষা]]ত ভাগৱত গীতাৰ সম্পৰ্কে এটি ধাৰাভাষ্য লিখিছিল। গুজৰাটী পাণ্ডুলিপিটো ইংৰাজী ভাষালৈ অনুবাদ কৰে মহাদেৱ দাসে। দাসে ইয়াতে এটা অতিৰিক্ত পাতনি আৰু ধাৰাভাষ্য যোগ কৰে, আৰু ই গান্ধীৰ এটি ভূমিকাসহ ১৯৪৬ চনত প্ৰকাশ পায়।<ref>Desai, Mahadev. The Gospel of Selfless Action, or, The Gita According To Gandhi. (Navajivan Publishing House: Ahmedabad: First Edition 1946). Other editions: 1948, 1951, 1956.</ref><ref>A shorter edition, omitting the bulk of Desai's additional commentary, has been published as: Anasaktiyoga: The Gospel of Selfless Action. Jim Rankin, editor. The author is listed as M.K. Gandhi; Mahadev Desai, translator. (Dry Bones Press, San Francisco, 1998) ISBN 1-883938-47-3.</ref>
গান্ধীয়ে বিশ্বাস কৰিছিল যে, সকলো ধৰ্মৰে মূলতে আছে সত্য আৰু প্ৰেম (কৰুণা, অহিংসা আৰু সোণালী শাসন)। তেওঁ এজন ক্লান্তিহীন সমাজ সংস্কাৰক আছিল আৰু সকলো ধৰ্মৰে ভণ্ডামি, অপকৰ্ম আৰু অন্ধবিশ্বাসৰ বিপক্ষে মাত মাতিছিল। ধৰ্ম সম্পৰ্কে মন্তব্য কৰি তেওঁ কৈছিল:
{{quote|যদি খ্ৰীষ্টান ধৰ্মক নিখুঁত আৰু সৰ্বশ্ৰেষ্ঠ বুলি মানি ল'ব নোৱাৰি, তেন্তে হিন্দু ধৰ্মকো নিখুঁত আৰু সৰবশ্ৰেষ্ঠ বুলি ক'ব নোৱাৰি। হিন্দু ধৰ্মৰ ত্ৰুটিবিলাক মোৰ দৃষ্টিগোচৰ হৈছে। যদি অস্পৃশ্যতা হিন্দু ধৰ্মৰে অংশ হয়, ই এই ধৰ্মৰ এটি বেয়া অংশ। বেদবাক্যবিলাক ঈশ্বৰৰ অনুপ্ৰাণিত উক্তি বোলাৰ কাৰণ কি? যদি এইবিলাক ঈশ্বৰ অনুপ্ৰাণিত হয়, তেন্তে [[বাইবেল]] বা [[কোৰাণ]] কিয় নহয়? খ্ৰীষ্টান বন্ধুৱে যেনেদৰে মোক ধৰ্মান্তৰিত কৰাৰ প্ৰবল চেষ্টা কৰিছিল, ঠিক তেনেদৰে মুছলিম বন্ধুৱেও কৰিছিল। আব্দুল্লা শেঠে ইছলাম ধৰ্ম চৰ্চা কৰিবলৈ মোক প্ৰৰোচিত কৰিছিল আৰু সকলো সময়তে এই ধৰ্মৰ সৌন্দৰ্য বৰ্ণনা কৰি থাকে।
 
যেতিয়া আমাৰ নৈতিক ভিত্তি হেৰাই যায়, তেতিয়া ধাৰ্মিক হৈ একো লাভ নাই। উদাহৰণস্বৰূপে মিছলীয়া, নিৰ্দয় আৰু আত্মসংযমহীন লোকে ঈশ্বৰ তেওঁৰ সৈতে আছে বুলি দাবী কৰিব নোৱাৰে।}}