শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox Mandir |name = শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ |image =আঠখেলীয়া...
 
47 নং শাৰী:
 
==নামঘৰৰ কাৰ্যসূচী==
পুৰুষ সংহতিৰ পৰা [[একশৰণ নাম ধৰ্ম]]ৰ ১৪ প্ৰসংগৰ প্ৰচলন হৈছে। এই প্ৰসংগ অনুসৰি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত দৈনিক নাম-প্ৰসংগৰ আয়োজন কৰা হয়। ইয়াৰ উপৰিও আঠখেলীয়া নামঘৰত বিভন্ন উৎসৱ পালন কৰা হয়। ইয়াৰে কিছুমান তলত উল্লেখ কৰা হ’ল<ref name="কাৰ্য্যসূচী">{{cite web | url=http://athkhelianamghar.org/programs.php | title=শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ কাৰ্য্যসূচী | publisher=শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | work=Merrylook Technologies Private Limited | accessdate=November 03, 2012}}</ref>:
 
{| class="wikitable"
|-
! উৎসৱৰ নাম !! বিশেষত্ব
|-
| ''বাৰ সবাহ'' || [[ব’হাগ মাহ]]ৰ পূৰ্ণিমাৰ দিনা এই উৎসৱ পালন কৰা হয়। “পাঠকে” গোৱা [[নাম-প্ৰসংগ]], [[থিয় নাম]] হৈছে এই উৎসৱৰ মূল বিষয়বস্তু।<ref name="কাৰ্য্যসূচী" />
|-
| ''পানী-তোলা সবাহ আৰু পানী ভাওনা'' || [[জেঠ মাহ]]ত পানী তোলা সবাহ আৰু পানী ভাওনা উৎসৱ পালন কৰা হয়। সেই দিনা “কুমাৰী” ছোৱালীহঁতে তিনিটা বিশেষ নদী ঘাটৰ পৰা পানী তুলি আনে আৰু “সিংহাসন”ত দিয়ে।<ref name="কাৰ্য্যসূচী" />
|-
| ''ভাদ নাম'' || [[ভাদ মাহ]]টো অসমীয়া সমাজৰ বাবে এটা পৱিত্ৰ মাহ। নামঘৰত শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথিৰ লগতে ভাদ মাহৰ সকলো দিনতে নাম-প্ৰসংগৰ আয়োজন কৰা হয়।<ref name="কাৰ্য্যসূচী" />
|-
| ''ৰাস মহোৎসৱ'' || [[সংস্কৃত ভাষা|সংস্কৃত]] শব্দ “নৱ ৰাস”ৰ পৰা “ৰাস” শব্দটো আহিছে। শৰৎ কালৰ পূৰ্ণিমাৰ আগদিনা [[শ্ৰী কৃষ্ণ|কৃষ্ণ]]ই গোপীসকলৰ লগত নৃত্য কৰে। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত এই ৰাস মহোৎসৱৰ উলহ-মালহেৰে আয়োজন কৰা হয়।<ref name="কাৰ্য্যসূচী" />
|-
| ''ন চাউলৰ সবাহ'' || [[আঘোণ মাহ]]ত ধান খেতি চপোৱাৰ পাছত এই উৎসৱ পালন কৰা হয়। শ্ৰী কৃষ্ণৰ নামত নতুন চাউল নামঘৰত দিয়াৰ এক পৰম্পৰা অসমীয়া সমাজত আছে।<ref name="কাৰ্য্যসূচী" />
|}
 
==তথ্য সংগ্ৰহ==